Chapter: 3

 নৱজাগৰণ


MODEL QUESTION & ANSWER

১। কনষ্টান্টিন’পল চহৰখনৰ  পুৰণি নাম কি ?

উত্তৰঃ  কনষ্টান্টিন'পল চহৰখনৰ পুৰণি নাম হল বাইজানটিয়াম ।

২। কনষ্টান্তিল’পলৰ ৰাজকীয় গ্ৰন্থালয়ত কিমান গ্ৰন্থ সংৰক্ষিত হৈ আছিল ?

উত্তৰঃ কনষ্টান্তিন'পলৰ ৰাজকীয় গ্ৰন্থালয়ত ১,০০,০০০ গ্ৰন্থ সংৰক্ষিত হৈ আছিল । 

৩। ভাৰ্জিল ৰচিত মহাকা্ব্যখনৰ নাম কি ?

উত্তৰঃ ভাৰ্জিল ৰচিত মহাকাব্যখনৰ নাম হল ঈনীড ।

৪। ছপাশালৰ আৱিস্কাৰক কোন  ?

উত্তৰঃ  ছপাশালৰ আবিস্কাৰক হল জোহানেছ গুটেনবাৰ্গ । 


৫। বাইবেল গ্ৰন্থখন কোনে প্ৰথমে জাৰ্মান ভাষাত ছপা কৰি উলিয়াইছিল ?

উত্তৰঃ মাৰ্টিন লুথাৰে প্ৰথমে বাইবেল গ্ৰন্থখন জাৰ্মান ভাষাত ছপা কৰি উলিয়াইছিল । 


৬। আধুনিক দৰ্শনৰ পিতৃ কাক কয়   ?

উত্তৰঃ ফৰাচীৰ বিখ্যাত দাৰ্শনিক আৰু গণিতজ্ঞ ৰেনে ডেছকাৰটেছক আধুনিক দৰ্শনৰ পিতৃ বুলি কোৱা হয় । 


৭। ‘’ পৃথিৱী নহয়, সূয্যহে সৌৰজগতৰ কেন্দ্ৰ ।‘’ কোনে প্ৰথমে কৈছিল ।

উত্তৰঃ পোলেণ্ডৰ বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ নিকোলাছ কপাৰনিকাছে পৃথিৱী নহয় সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ বুলি প্ৰথমে কৈছিল । 


৮। ‘পেৰাডাইজ লষ্ট’   গ্ৰন্থৰ লেখক কোন ?

উত্তৰঃ  পেৰাডাইজ লষ্ট গ্ৰন্থৰ লেখক হল জন মিল্টন । 


৯। মধ্যযুগৰ এথেন্স’ ---  কাক কোৱা হয় ?

উত্তৰঃ  ফ্লৰেন্স নগৰীক মধ্যযুগৰ এথেন্স বুলি কোৱা হয় । 


১০। মনালিছা চিত্ৰখনৰ শিল্পীগৰাকীৰ নাম কোৱা ।

উত্তৰঃ মনালিছা চিত্ৰখনৰ শিল্পীগৰাকীৰ নাম হল নিওনাৰ্ড দা ভিন্সি ।


১১। উৰণীয়া যন্ত্ৰৰ চিত্ৰ অংকন কৰা শিল্পীগৰাকীৰ নাম কোৱা ।

উত্তৰঃ উৰণীয়া যন্ত্ৰৰ চিত্ৰ অংকন কৰা শিল্পীগৰাকীৰ নাম হল নিওনাৰ্ডো দা ভিন্সি ।


১২। কুমাৰী মেৰীৰ চিত্ৰ কোনে অংকন কৰিছিল ।

উত্তৰঃ কুমাৰী মেৰীৰ চিত্ৰ বিখ্যাত চিত্ৰশিল্পী ৰাফেলে অংকন কৰিছিল । 

১৩। নৱজাগৰণৰ শিল্প-ভাস্কৰ্যত নগ্নতা সংযোজন কৰা প্ৰথমগৰাকী শিল্পীৰ নাম কোৱা ।

উত্তৰঃ নৱজাগৰণৰ শিল্প ভাস্কৰ্যত নগ্নতা সংযোজন কৰা প্থমগৰাকী শিল্পীৰ নাম হল ডনাটেলো । 


১৪। কোনজন পোপক নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ ধুৰন্ধৰ পোপ বুলি জনা যায় ?

উত্তৰঃ ষষ্ঠ আলেকজেণ্ডাৰক নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ ধুৰন্ধৰ পোপ বুলি জনা যায় । 


১৫। মিলানৰ শাসক পৰিয়ালটোৰ মান কি ?

উত্তৰঃ মিলানৰ শাসক পৰিয়ালটোৰ নাম হল ছফৰজাছ পৰিয়াল ।


চমু প্ৰশ্নঃ

১। ৰেনেছাঁ শব্দটি কৰ পৰা অহা ?  ইয়াৰ অৰ্থ কি ?

উত্তৰঃ ৰেনেছাঁ শব্দটি ফৰাচী ভাষাৰ পৰা অহা ইয়াৰ অৰ্থ হল পুনৰজন্ম । 


২। নৱজাগৰণৰ সময়ছোৱাত কেনেকুৱা সাহিত্য অধ্যয়নত গুৰুত্ব দিয়া হৈছিল ?

উত্তৰঃ নৱজাগৰণৰ সময়ছোৱাত ধ্ৰুপদী যুগৰ ৰোমান সংস্কৃতিৰ সাহিত্য অধ্যয়নত গুৰুত্ব দিয়া হৈছিল ।


৩। ইউৰোপৰ কোন দেশৰ কি চহৰত প্ৰথম নৱজাগৰণ সংঘটিত হৈছিল ।

উত্তৰঃ ১৩ শতিকাৰ শেষৰভাগত ইটালীৰ নগৰৰাষ্ট্ৰ তাস্কেনিৰ ৰাজধানী ফ্লৰেন্স চহৰত প্ৰথম নৱজাগৰণ সংঘটিত হৈছিল ।

৪। নৱজাগৰণৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ।

উত্তৰঃ ক) নৱজাগৰণৰ সময়ছোৱাত ইটালীয় সমাজখনক প্ৰধানকৈ পাঁচটা সামাজিক শ্ৰেণীত বিভক্ত আছিল । সেইবোৰ হল --- ৰাজকীয় শাসক শ্ৰেণী, ৰাজবিষয়া, ব্যৱসায়ী, শ্ৰমিক বা বণিক আৰু কৃষক অদক্ষ শ্ৰমিক ।

খ) নৱজাগৰণৰ সময়ছোৱাত প্ৰত্যেকখন নগৰ ৰাষ্ট্ৰতে এজনকৈ শাসক আছিল । যেনে-- ৰোমৰ শাসক পোপ, ফ্লৰেন্সৰ শাসক মেডিচি পৰিয়াল, ফেৰৰৰাৰ শাসক ইষ্টে পৰিয়াল আদি বিশেষভাৱে উল্লেখযোগ্য । এই ৰাজপৰিয়ালসমূহৰ মাজত অন্তহীন কাজিয়া আৰু অৰিয়া-অৰি অহৰ্নিশে চলি আছিল । যুদ্ধ নোহোৱা সময়খিনিত আৰ্থিক আৰু শৈল্পশৈলী আৰু কাৰিকৰী দিশৰে এখনে আনখন চেৰ পেলোৱাত সদায় ব্যস্ত হৈ আছিল । 

৫। ‘নৱজাগৰণ শব্দটি কোনে, কেতিয়া প্ৰথম ব্যৱহাৰ কৰিছি্ল ।

উত্তৰঃ নৱজাগৰণ শব্দটি ১৮৫৮ চনত ফৰাচী ইতিহাসবিদ জুলছ মিচেলেটে প্ৰথমে ব্যৱহাৰ কৰিছিল । 


৬। নৱজাগৰণৰ দুগৰাকী মানৱতাবাদী পণ্ডিতৰ নাম লিখা ।

উত্তৰঃ নৱজাগৰণৰ দুগৰাকী মানৱতাবাদী পণ্ডিতৰ নাম হল 

ক) ফ্ৰেন্সেকো প্ৰেট্ৰাক ।

খ) কলুচিত্ত শলুতাটি ।

৭।  মানৱতাবাদী আদৰ্শ প্ৰচাৰৰ কেন্দ্ৰ দুখন প্ৰধান চহৰৰ নাম লিখা ।

উত্তৰঃ মানৱতাবাদী আদৰ্শ প্ৰচাৰৰ কেন্দ্ৰ দুখন প্ৰধান চহৰৰ নাম হল 

ক) ফ্লৰেন্স ।

খ) নেপলচ ।

৮। ইটালীয় নৱজাগৰণ বুলিলে কি বুজা ?

উত্তৰঃ অন্ধকাৰ যুগৰ সময়ছোৱাত ইটালীয় চিত্ৰকলা সম্পূৰ্ণভাৱে ধৰ্মীয়মূলক আছিল । এই সময়ছোৱাত জড়িত চিত্ৰ বা খোদিত কৰা মূৰ্তিবোৰত ধৰ্মীয় বিশ্বাস ফুটি উঠিছিল । কিন্তু ১৩ শতিকাৰ পৰা ফ্লৰেন্স নগৰত বাস কৰা ইটালীয় শিল্পীসকলে সেই এটা বিশেষ শৈলীৰ চিত্ৰ অংকন কৰা পদ্ধতিসমূহ পৰিত্যাগ কৰি চিত্ৰসমূহ 

৯। ৰাফেলৰ দুখন বিখ্যাত চিত্ৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ৰাফেলৰ দুখন বিখ্যাত চিত্ৰৰ নাম হল 

ক) দি স্কুল অৱ এথেন্স ।

খ) দি চিচটিনে মেডোনা ।

১০।নৱজাগৰণৰ সময়ছোৱাৰ দুগৰাকী বিখ্যাত স্থাপত্যবিদৰ নাম কোৱা ।

উত্তৰঃনৱজাগৰণৰ সময়ছোৱাৰ দুগৰাকী বিখ্যাত স্থাপত্যবিদৰ নাম হল 

ক) ফিলিপ্পো ব্ৰুনেল্লেছি 

খ) এনদ্ৰিঅ' পল্লাডিও 

১১। ইটালীৰ মহিলাই নৱজাগৰণত কেনেদৰে প্ৰভাৱ পেলাইছিল ?

উত্তৰঃ

১২। দুগৰাকী ইটালীৰ মহিলা মানৱতাবাদকাৰীৰ নাম লিখা ।

উত্তৰঃ দুগৰাকী ইটালীৰ মহিলা মানৱতাবাদকাৰীৰ নাম হল 

ক) কাছান্দ্ৰা ফেদেল ।

খ) লৌৰা চেৰেটা ।

১৩। জুলিয়াচ চিজাৰে লিখা গ্ৰন্থ দুখনৰ নাম লিখা ।

উত্তৰঃ জুলিয়াচ চিজাৰে লিখা গ্ৰন্থ দুখনৰ নাম হল 

ক) কমেন্ট্ৰি দি বেলেগা গালিকো ।

খ) কমেন্ট্ৰি দি ৰেলো চিভিলি ।

১৪। নৱজাগৰণৰ সময়ছোৱাত ইটালীৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম কোৱা .

উত্তৰঃ নৱজাগৰণৰ সময়ছোৱাত ইটালীৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম হল 

ক) পিছা বিশ্ববিদ্যালয় ।

খ) পদুৱা বিশ্ববিদ্যালয় ।

চমু টোকা লিখা 

১। ছপাশাল বিপ্লৱ

উত্তৰঃ ১৪৪০ চনৰ আশে-পাশে জাৰ্মানীত জোহানেছ গুটেনবাৰ্গ নামৰ এজন স্বৰ্ণকাৰে পোন প্ৰথমে ছপাশাল আৱিস্কাৰ কৰিছিল । তেওঁ ছপাশাল আৱিস্কাৰ কৰাৰ পিছতে ছপাশালৰ বিপ্লৱ হয় । 

২। ডেছিডেৰিয়াছ ইৰাছমাছ 

উত্তৰঃ ডেছিদেৰিয়াছ ইৰাছমাছৰ জন্ম হৈছিল ১৪৬৬ খ্ৰীঃত ।উত্তৰ ইউৰোপত মানৱতাবাদী আন্দোলনৰ সূচনা কৰা হলেণ্ডৰ এগৰাকী বিখ্যাত পণ্ডিত আছিল । তেওঁৰ অতি উল্লেখযোগ্য গ্ৰন্থখন আছিল গ্ৰীক ভাষালৈ অনুবাদ কৰা বাইবেলৰ দ্বিতীয় অংশ নিউ টেষ্টামেন্ট ।তেওঁৰ মৃত্যু হৈছিল ১৫৩৬ খ্ৰীঃত ।


৩। নিকোলাছ কপাৰনিকাছ 

উত্তৰঃ নিকোলাছ কপাৰনিকাছৰ জন্ম হৈছিল ১৪৭৩ খ্ৰীঃত । তেওঁ বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিদগৰাকী আছিল পোলেণ্ডৰ নাগৰিক । তেওঁ ঘোষণা কৰিছিল যে পৃথিৱী নহয়, সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ ।

৪। উইলিয়াম শ্বেইক্সপীয়াৰ

উত্তৰঃ উইলিয়াম শ্বেইক্সপীয়াৰ জন্ম হৈছিল ১৫৬৪ খ্ৰীঃত । তেওঁক ইংলেণ্ডৰ ৰাষ্ট্ৰীয় কবি বুলি জনা যায় । তেওঁ কেবাখনো কালজয়ী বিখ্যাত নাটকৰ ৰচয়িতা । তেওঁৰ উল্লেখযোগ্য ১৪ শাৰীৰ কবিতা ছনেট আৰু নাটক যেনে ঃ ৰোমিঅ জুলিয়েটৰ বাবে বিশেষ সু-খ্যাতি লাভ কৰিছিল । 

৫। মেডিচি পৰিয়াল ।

উত্তৰঃ  

৬। নৱজাগৰণৰ সময়ছোৱাৰ ছাত্ৰৰ পাঠ্যক্ৰম ।

উত্তৰঃ  নৱজাগৰণৰ যুগত লৰাবোৰক ঘৰতে শিক্ষা প্ৰদান কৰা হৈছিল । আজিকালিৰ দৰে ৰাজহুৱা শিক্ষানুষ্ঠান সেই সময়ত বহুতো কম আছিল । অভিজাত শ্ৰেণীৰ সন্তানসকলক ঘৰুৱা শিক্ষকৰ দ্বাৰাই পাঠদান কৰা হৈছিল । এনেদৰে পাঠদান কৰা শিক্ষকসকলক সমাজে যথেষ্ট সন্মান কৰিছিল । পাঁচ বছৰ বয়সতে ল'ৰাবোৰক লেটিন ব্যাকৰণৰ শিক্ষা প্ৰদান কৰা হৈছিল বা শিক্ষা  দিয়া হৈছিল । লেটিন ব্যাকৰণৰ বাদে আন বিষয়ৰ ওপৰত আলোচনা কৰা হোৱা নাছিল । স্থানীয় বা কথিত ভাষাত কোনো কাৰণতে শিকোৱা হোৱা নাছিল । লেটিন ব্যাকৰণ শিকোৱাৰ মূলতে আছিল ই বৈপ্লৱিক প্ৰথম ভাষা । এই ভাষাটোৰ দ্বাৰা জীৱনৰ সকলো দিশত সৃষ্টি  ৰখাৰ উপৰিও সমমৰ্যাদাৰ লোকৰ লগত কথোপকথন কৰাৰ উপৰিও শীৰ্ষ চিন্তা আৰু উচ্চ ক্ৰীড়া কৰ্ম কৰিব লাগিব । ৰোমৰ প্ৰচলিত যুগৰ চতুৰ্থ শতিকাৰ মাজভাগৰ লেটিন ব্যাকৰণবিদ আৰু তৰ্কবিদ্যাৰ এজন বিখ্যাত পণ্ডিত ডনাটুছ আৰু ষষ্ঠ শতিকাৰ ৰোমৰ আন এগৰাকী বিখ্যাত লেটিন ব্যাকৰণবিদ প্ৰিচিআনুছ চিজাৰিইনছিৰ দৰে নৱজাগৰণ যুগৰ ছাত্ৰসকলক শিক্ষকসকলে প্ৰাচীন ৰোমান পদ্ধতিৰে শিক্ষা দিয়াৰ কাৰ্যসূচী লৈছিল । এই পাঠ্যক্ৰমসমূহ এলানি খণ্ডবাক্য, বাক্য ৰচনা, আৰু শব্দ গঠন ছাত্ৰসকলক কৰিবলৈ দিয়া হৈছিল । যাতে আৰম্ভণিৰ পাঠ্যক্ৰমৰ ভিতৰত জুলিয়াছ চিজাৰে নিজে লিখা দুখন গ্ৰন্থ কমেন্ট্ৰি দি বেলেগা-গালিকো আৰু কমেন্ট্ৰি দি বেলো চিভিলি । তুলনামূলকভাৱে সহজ এই পাঠ্যক্ৰমৰ ওপৰত ভালদৰে জ্ঞান অৰ্জন কৰা পিছত লাহে-লাহে ছাত্ৰসকল জটিল পাঠ্যক্ৰম অধ্যয়ন কৰিব দিয়া হৈছিল । 

৭। নৱজাগৰণৰ সময়ত সঙ্গীত চৰ্চা ।

উত্তৰঃ  নৱজাগৰণৰ প্ৰথম সময়ছোৱাত লেটিন ভাষাতে সাহিত্য-সংস্কৃতিৰ চৰ্চাত গুৰুত্ব দিছিল যদিও নৱজাগৰণৰ শেষৰফালে পণ্ডিতসকলে স্থানীয় ভাষাতো গ্ৰন্থ লিখিবলৈ আগ্ৰহী কৰি তুলিছিল । তাৰ ফলত স্পেনীয়, ফৰাচী , জাৰ্মানী, আদি ভাষাত বহুতো গ্ৰন্থ প্ৰকাশ হবলৈ ধৰে । তাৰ লগে-লগে খ্ৰীষ্টান ধৰ্মৰ মূল বা প্ৰধান গ্ৰন্থ বাইবেলখনো স্থানীয় ভাষাত অনুমোদিত কৰিছিল । মাৰ্টিন লুথাৰে প্ৰথমে বাইবেল গ্ৰন্থখন জাৰ্মান ভাষাত ছপা কৰি উলিয়াইছিল । 

৮। ভেনিচ গণৰাজ্য 

উত্তৰঃ ভেনিচ হল পৃথিৱীৰ ভিতৰতে অতি সমৃদ্ধিশালী নগৰ ৰাষ্ট্ৰ আছিল আৰু এই দেশৰ নৌ-বাহিনীয়ে ভূ-মধ্যসাগৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । এই নৌবাহিনীয়ে এড্ৰিয়াটিক উপকুল আৰু গ্ৰীক দ্বীপসমূহত থকা ভেনিচিয়ান ঔপনিৱেশ আৰু বাণিজ্যিক জাহাজসমূহক নিৰাপত্তা দিছিল । তাৰোপৰি চুবুৰীয়া আৰু বাণিজ্যিক সম্পৰ্ক থকা সকলো দেশতে কুটনীতিক নিয়োগ কৰা ভেনিচ আছিল বিশ্বৰ প্ৰথমখন নগৰ ৰাষ্ট্ৰ । সমসাময়িক সকলো লোকে ভেনিচ ৰাজ্যখনক মৌ-বাহৰ লগত তুলনা কৰিছিল । ইয়াৰ সকলো আবাসীয়ে দায়িত্ব নিৰ্বাহ কৰিব লাগিছিল । সাধাৰণ জনতাই জাহাজ নিৰ্মাণ আৰু চলাইছিল । মধ্যবিত্ত শ্ৰেণীটোৱে পৃথিৱীৰ বিভিন্ন চহৰৰ লগত ব্যৱসায়ত নিয়োজিত হৈছিল । শাসক পৰিয়ালৰ লগত জড়িত ব্যক্তিসকলে জাহাজ পৰিচালনা কৰিছিল আৰু ৰাজদূত দায়িত্ব নিৰ্বাহ কৰিছিল । শেষত এই ধনী অভিজাত শ্ৰেণীটোৱে লণ্ডনৰ পৰা বাগদাদলৈ সকলো গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি সম্পাদন কৰিছিল । 

৯। পোপ নগৰী ।

উত্তৰঃ চেইন্ট পিটাৰ বা চিমন পিটাৰ আছিল প্ৰভূ যীশুখ্ৰীষ্টৰ বাৰজন শিষ্যৰ ভিতৰৰ এজন আৰু প্ৰাৰম্ভিক খ্ৰীষ্টান ধৰ্মৰ এজন প্ৰধান ধৰ্মগুৰু । খ্ৰীষ্টান ধৰ্মৰ পৰম্পৰা অনুসৰি পিটাৰে ৰোমৰ সম্ৰাট নিৰোৰ নিৰ্দেশত ক্ৰছবিদ্ধ হৈছিল । তেওঁক পৰম্পৰাগতভাৱে ৰোমৰ প্ৰথম বিছপ বা পোপ বুলি গণ্য কৰা হৈছিল বা মানি লোৱা হৈছিল । এই পোপৰ এলেকা ভূ-খণ্ডখিনি তেতিয়াৰ পৰা তেওঁৰ উত্তৰাধিকাৰী পোপসকলে শাসন কৰি আহিছিল । মধ্য ইটালিত অৱস্থিত এই অঞ্চলটো ইউৰোপৰ আটাইতকৈ ধাৰ্মিক ভদ্ৰ ৰাজকুমাৰ -- যিয়ে চুবুৰীয়া দেশসমূহৰ লগত ৰাজনৈতিক ক্ষমতাৰ খেলত লিপ্ত হৈ পৰিছিল ।  আৰু ইউৰোপ মহাদেশ আৰু ইউৰোপৰ বাহিৰৰ ৰজা আৰু সম্ৰাটৰ লগত বিভিন্ন বিষয়ত দৰ-দাম, বুজা-বুজিত উপনীত হৈ পৰিছিল । নৱজাগৰণৰ সময়ছোৱাত আটাইতকৈ ধুৰন্ধৰ পোপ আছিল ষষ্ঠ আলেকজেণ্ডাৰ আৰু তেওঁৰ বৰগিয়া পৰিয়াল । পোপ ষষ্ঠ আলেকজেণ্ডাৰ শাসনকালত এই পৰিয়ালৰ সদস্যসকলে যৌন কেলেংকাৰী, ধনৰ বিনিময়ত দয়া, ক্ষমা, বেচা-কিনা কৰ, চুৰি, ঘোচ লোৱা আৰু হত্যাকে আদি কৰি বিভিন্ন অপৰাধত জড়িত হৈ পৰিছিল । ইয়াৰ উপৰিও আন আন বহুতো পোপ আছিল, যি কিছুমান ধাৰ্মিক আৰু আন কিছুমান ক্ষমতা বলিয়া আছিল-- যিসকলে খ্ৰীষ্টান সাম্ৰাজ্যৰ শত্ৰুৰ বিৰুদ্ধে নতুনকৈ ধৰ্মযুদ্ধ সূচনা কৰাৰ সপোন দেখিছিল । 

ৰচনাধৰ্মী প্ৰশ্নঃ

১। নৱজাগৰণৰ কাৰণ আৰু ফলাফলসমূহ চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ খ্ৰীষ্টান ধৰ্ম সংস্কৃতিৰ কেন্দ্ৰ হৈ পৰা এই চহৰখনত৬২২ চনত নতুনকৈ জন্ম লাভ কৰা ইছলাম ধৰ্মই অতি কম সময়ৰ ভিতৰতে ব্যাপক প্ৰসাৰ লাভ কৰিছিল । ইছলাম ধৰ্মই এই অঞ্চলত এটা প্ৰধান ধৰ্ম হৈ পৰাৰ ফলত খ্ৰীষ্টানসকলৰ কাৰণে এটা প্ৰধান  ভাবুকি কাৰণ হৈ পৰিছিল । ইতিমধ্যে এই দুয়োটা ধৰ্মৰ লোকে পৰস্পৰক প্ৰতিদ্বন্দ্বী হিচাপে গ্ৰহণ কৰিছিল । সেই সময়ত অটমান সাম্ৰাজ্যৰ ২১ বছৰীয়া চুলতান দ্বিতীয় মহম্মদে ১৪৫৩ চনৰ ৬ এপ্ৰিলত বাইজানটাইন সাম্ৰাজ্যৰ ৰাজধানী আক্ৰমণ কৰি অৱৰোধ কৰে । শেষত ৫৩ দিনৰ কঠোৰ বাধা আৰু অৱৰোধৰ অন্ত পেলাই ১৪৫৩ চনৰ ২৯ মেত তেওঁ কনষ্টান্তিনোপল দখল কৰাৰ ফলত ইউৰোপ আৰু এছিয়া মাইনৰৰ মাজত এটা বিভাজন বা ভাগ আহি পৰিছিল । তাৰ ফলতে গ্ৰীক আৰু পূব ইউৰোপীয় খ্ৰীষ্টানসকলে তেওঁলোকৰ পৱিত্ৰ চহৰখন হেৰুৱাই পেলাইছিল আৰু চহৰখন তুৰ্কীৰ হাতলৈ গল । হত্যা,ধৰ্ষণ,অত্যাচাৰ-নিৰ্যাতনৰ বলি হৈ বহুত প্ৰজাৰ মৃত্যু হল । ইয়াৰ কিছুমানে তুৰ্কীসকলৰ লগত সহযোগ কৰি বাচি থাকিল যদিও বিশেষকৈ গ্ৰীকসকলৰ পণ্ডিত আৰু শিল্পীসকলে লগত প্ৰাচীন ধ্ৰুপদী যুগৰ গ্ৰন্থ-সাহিত্য আৰু শিল্পকলা বা শিল্পৰ বিষয়ে জ্ঞান লৈ পশ্চিম ইউৰোপ, ইটালিৰ ভেনিচ, ফ্লৰেন্স আৰু ৰোমলৈ পলাই আহি আশ্ৰয় ললে । ধৰ্মক লৈ খ্ৰীষ্টান আৰু মুছলমানসকলৰ মাজত চলা ধৰ্মযুদ্ধ বা ক্ৰছেদৰ সময়ৰ পৰা  মাজে-মাজে কিছুমান লোক এইদৰে পশ্চিম ইউৰোপলৈ পলাই আহিছিল । সি যি নহওক , বহুতো পণ্ডিতৰ মতে এনেদৰে কনষ্টান্তিনোপলৰ পৰা বহুতো গ্ৰীক পণ্ডিতে পলাই অহাৰ  ফলত ইউৰোপ মহাদেশত মধ্যযুগৰ শেষ হয় আৰু নৱজাগৰণৰ আৰম্ভণি হয়। 

প্ৰথমে, নৱজাগৰণে ইউৰোপ মহাদেশত মধ্যযুগৰ অন্ত পেলাই আধুনিক যুগৰ সূচনা কৰিছিল । এই সময়ছোৱাত পুৰণি আৰু প্ৰতিক্ৰিয়াশীল মনোভাৱৰ অন্ত পৰে আৰু বিজ্ঞান, যুক্তি আৰু পৰীক্ষাৰ মাজেৰে নতুন মনোভাৱ গ্ৰহণ কৰাৰ মানসিকতাৰ উত্থান হয় । ইয়াৰ ফলত ৰাজতন্ত্ৰ অধিক শক্তিশালী হৈ পৰিছিল। তাৰ ফলত সামন্তবাদৰ পতন হয় । 

দ্বিতীয়তে ১৪ শতিকাত ইউৰোপ মহাদেশত সংঘটিত হোৱা প্ৰলয়ংকাৰী মহামাৰীত যথেষ্ট  মানুহৰ মৃত্যু হয় । ফ্লৰেন্স চহৰকে ধৰি ইটালীৰ বহু নগৰ আৰু আৰু বহুত লোকৰ মৃত্যু হৈছিল । স্বাভাৱিকতে এই দুৰ্যোগ অতিক্ৰম কৰি যিসকল বাচি আছিল তেওঁলোক বহুতো সা-সম্পত্তিৰ গৰাকী হল । শ্ৰমিকসকলে বহুতো মজুৰি বা হাজিৰা লাভ কৰিছিল । সেইকাৰণে তেওঁলোকৰ জীৱনৰ মানদণ্ড বহুতো উন্নত হল । তাৰ ফলত নৱজাগৰণে আনি দিয়া পৰিৱৰ্তনসমূহ মানুহে মুক্তভাৱে মানি লৈছিল ।

তৃতীয়তে, খ্ৰীষ্টান ধৰ্মৰ লোকসকল সু-সংস্কৃতিবান হৈ পৰিছিল । নৱজাগৰণে পোপ আৰু গিৰ্জাৰ স্থান অৱনমিত কৰে । মধ্যযুগত মানুহে বিনা প্ৰশ্নে পোপসকলৰ কথা মানি লৈছিল । কিন্তু এতিয়াৰ পৰা কোনোজন পোপৰকাৰ্য বা ব্যক্তব্য যুক্তিসংগত নহলে তেওঁলোকে তাৰ কাৰণটো বিচাৰিবলৈ ধৰিলে আৰু কোনো উত্তৰ দিব নোৱাৰিলে তাৰ প্ৰতিবাদ কৰিছিল । 

চতুৰ্থতে, নৱজাগৰণে কলা, স্থাপত্য-ভাস্কৰ্য, জ্ঞান আৰু সাহিত্য উন্নতিৰ চৰম দিশসৈ লৈ গৈছিল । সেইদৰে ই মানুহক প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ পুৰণি সাহিত্য আৰু স্থাপত্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা ভাৱৰ জন্ম দিছিল । তাৰোপৰি নৱজাগৰণৰ শেষৰফালে স্থানীয় ভাষা-সাহিত্যৰ উন্নতিত অশেষ প্ৰেৰণা যোগাইছিল । সেইকাৰণে এই সময়ছোৱাত ইটালীয়, ফৰাচী,  জাৰ্মান, স্পেনীয় আৰু ইংৰাজী ভাষাৰ প্ৰচুৰ বিকাশ হৈছিল । শেষত নৱজাগৰণে ইউৰোপ মহাদেশত সংঘটিত হোৱা প্ৰটেষ্টান্ট সংস্কাৰ আন্দোলনক শক্তিশালী কৰি তুলিছিল । নৱজাগৰণে আনি দিয়া যুক্তিবাদী চিন্তাৰ ফলতে অশেষ প্ভাৱ পেলোৱা বৈজ্ঞানিক আৱিস্কাৰ আৰু ভৌগলিক আৱিস্কাৰসমূহ সম্ভৱপৰ হৈছিল । এইদৰে নৱজাগৰণৰ সময়ত এখন আধুনিক বিশ্বৰ বীজ ৰোপণ কৰা হৈছিল আৰু ই লাহে-লাহে বৃদ্ধি হব খুজিছিল । 


২। নৱজাগৰণীয় মানৱতাবাদ মানে কি বুজা ?  এই সময়ছোৱাৰ মানৱতাবাদী পণ্ডিতসকলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ইউৰোপ মহাদেশত ১৪ শতিকাৰ প্ৰথম ভাগতেই নৱজাগৰণৰ সূচনা হৈছিল । আধুনিক যুগত মানৱতাবাদে সকলো প্ৰকাৰৰ মানবীয় গুণৰ পূৰ্ণ বিকাশক বুজায় । যদিও আধুনিক অৰ্থত মানৱতাবাদে বুজা-বুজি, পৰোপকাৰিতা, দয়া, ক্ষমা আদি বুজোৱাৰ লগতে বিপদ বা দুখত ভাগি নপৰা, পূৰ্ণ বিকাশক বুজায় । নৱজাগৰণৰ সময়ছোৱাৰ মানৱতাবাদী শব্দই প্ৰাচীন ধ্ৰুপদী যুগৰ ৰোমান আৰু গ্ৰীক সাহিত্যই যোগান ধৰা জ্ঞান  আৰু চিন্তা-ধাৰা বা নতুনকৈ অনুবাদিত পাণ্ডলিপিসমবহে সন্ধান দিয়া জ্ঞান আৰু আদৰ্শসমূহকে বুজাইছিল । নৱজাগৰণৰ মানৱতাবাদী পণ্ডিতসকলৰ বাবে এৰিষ্টটল, চিচেৰ, বা লিভিৰ লিখনিসমূহ পুৰণিধৰণৰ বা অপ্ৰাসংগিক নাছিল । অকল এৰিষ্টটলে নহয়, তাৰোপৰি প্লেটোৰ লিখনিসমূহেও নৱজাগৰণক বহুত প্ৰভাৱ পেলোৱা দেখা গৈছিল । মানৱতাবাদী পণ্তিতসকলে ধ্ৰুপদী সাহিত্যৰ শুদ্ধ জ্ঞান লাভ কৰাৰ বাবে লেটিন ভাষাৰ ব্যাকৰণ, কবিতা, বাকপটুতা, ইতিহাস আৰু নৈতিক দৰ্শনৰ ওপৰত জ্ঞান লাভ কৰি মানুহে সকলো বাধা অতিক্ৰম কৰি বৌদ্ধিক আৰু  শাৰীৰিক দক্ষতাৰ সংযোগ ঘটাই যিকোনো পৰিস্থিতিতে সুন্দৰ আৰু সন্মানজনকভাৱে নিজৰ দায়িত্ব সম্পন্ন কৰিব পাৰিব । নৱজাগৰণ যুগৰ কেইগৰাকীমান মানৱতাবাদী পণ্ডিত হল ফ্ৰেন্সেকো প্ৰেট্টাক, জিওভান্নী বকাচিও , কলুচিত্ত শলুতাটি। ধ্ৰুপদী গ্ৰীক আৰু ৰোমান সাহিত্যৰ লানি-নিছিগা  অধ্যয়নত নিজকে উসৰ্গা কৰা এইজন পণ্ডিত বা ফ্ৰেন্সেকো প্ৰেট্টাকক মানৱাবাদৰ পিতৃ-পুৰুষ বুলি কোৱা হয় । দেখা যায় যে মানৱতাবাদে প্ৰথম অৱস্থাত এটি সাহিত্যিক আন্দোলন হিচাপে আৰম্ভ হৈ সেই সময়ৰ সাংস্কৃতিক জীৱনক খুব সোনকালে স্পৰ্শ কৰে আৰু ধ্ৰুপদী গ্ৰীক আৰু ৰোমান সাহিত্য -কলাৰ ধাৰা পুনৰ প্ৰৱৰ্তন কৰি নৱজাগৰণৰ উন্মেষ হোৱাত সহায় কৰিছিল । মানৱতাবাদীসকলে বিশ্বাস কৰিছিল যে অতি প্ৰাচীন যুগতে মানৱ জাতিয়ে কৰ্ম আৰু চিন্তাৰ দ্বাৰা সম্পূৰ্ণতা লাভ কৰিছে । 

৩। ইটালীয় চিত্ৰশিল্পৰ বিকাশৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ইটালীয় চিত্ৰশিল্পৰ বিকাশৰ নৱজাগৰণৰ সময়ছোৱাক  চাৰিটা ভাগত ভগাব পাৰি । সেইবোৰ হল 

ক) প্ৰাৰম্ভিক নৱজাগৰণৰ যুগ । এই  সময়ছোৱাত ভৱিষ্যতৰ  বিখ্যাত কৰ্মৰ পৰিৱেশ আৰু শিল্পী সৃষ্টিৰ বীজ ৰোপণ কৰা  হৈছিল ।

খ) প্ৰথম নৱজাগৰণৰ যুগ ।

গ) শীৰ্ষ নৱজাগৰণৰ যুগ ।

ঘ) আচৰণৰ যুগ ।

এই গোটেইকেইটা যুগৰ ভিতৰত শীৰ্ষ নৱজাগৰণৰ যুগৰ প্ৰভাৱ আছিল আটাইতকৈ স্থায়ী । এই সময়ছোৱাৰ কেইগৰাকীমান বিখ্যাত চিত্ৰশিল্পী ভাস্কৰ্যকাৰ আৰু স্থপতিবিদ হল লিওনাৰ্ড দা ভিন্সি , মাইকেল এঞ্জেলো, ৰাফেল , আৰু ডনাটেলো । লিওনাৰ্ড দা ভিন্সিৰ এখন অমৰণশীল বিখ্যাত চিত্ৰকৰ্ম হল মনালিছা । আন দুখন চিত্ৰকৰ্ম হল অন্তিম ভোজন আৰু ভিট্টুভিয়ান মানুহ । 


৪। ইটালীয় নৱজাগৰণৰ কলা-কুশলীৰ কৰ্মৰ ওপৰত এখন ৰচনা লিখা ।

উত্তৰঃ ইটালীয় নৱজাগৰণৰ সময়ত বা সময়ছোৱাৰ কেইগৰাকীমান বিখ্যাত চিত্ৰশিল্পী, ভাস্কৰ্যকাৰ আৰু স্থাপত্যবিদ হল লিওনাৰ্ড দা ভিন্সি, মাইকেল এঞ্জেলো, ৰাফেল, চানজিও দা ইউৰবিনো বা  ৰফেল, চান্দ্ৰো বট্টিচেলি আৰু ডনাটেলো । লিওনাৰ্ড দা ভিন্সিৰ দুখন অমৰণশীল বিখ্যাত চিত্ৰকৰ্ম হল মনালিছা আৰু আন দুখন চিত্ৰকৰ্ম হল অন্তিম ভোজন আৰু ভিট্ৰুভিয়ান মানুহ । তাৰোপৰি তেওঁ সেইখিনি সময়তে মানুহে আকাশত উৰিব পৰা সপোন দেখিছিল আৰু উৰণীয়া যন্ত্ৰৰ চিত্ৰ অংকন কৰিছিল । যি আছিল মানুহৰ কল্পনাৰ শক্তিৰ এটা বাস্তৱ ৰূপ । ঠিক সেইদৰে এঞ্জেলোৱে মাৰ্বল শিলৰ এটি টুকুৰাতে অতি সুন্দৰকৈ এখন প্ৰাণৱন্ত স্থাপত্য খোদিত কৰিছিল । তেওঁৰ চিত্ৰকৰ্মৰ আটাইতকৈ সুন্দৰ নিদৰ্শন আছিল আছিল ভেটিকান নগৰত থকা ৰোমৰ পোপৰ আৱাসস্থল । ছিচটাইন চাপেলৰ ১৭ ফুট উচ্চতাত থকা চিলিংত বাইবেলৰ কাহিনীৰ ওপৰত ভিত্তি কৰি অংকন কৰা এলানি চিত্ৰকৰ্ম ।

বিখ্যাত চিত্ৰশিল্পী ৰাফেলেও বহুতো বিখ্যাত চিত্ৰ অংকন কৰিছিল । তেনে কেইখনমান অতি উল্লেখযোগ্য চিত্ৰকৰ্ম হল দি স্কুল অৱ এথেন্স । দি চিচটিনে মেডোনা,দা ট্ৰইমফ অৱ গালাটি আদি । এই চিত্ৰকৰ্মসমূহৰ ভিতৰত কুমাৰী মেৰীৰ চিত্ৰখন হল বিশেষভাৱে উল্লেখযোগ্য। সেইদৰে বাট্টিচেলিৰ হাততো চিত্ৰসমূহ প্ৰাণৱন্ত হৈ পৰিছিল । সেইবোৰৰ ভিতৰত ভেনাছৰ জন্ম, মাচ আৰু ভেনাচ, মেডোনা আৰু শিশু আদি অতি উল্লেখযোগ্য । বাট্টিচেলিয়ে মধ্যযুগৰ উত্তৰ ফ্ৰান্সৰ গঠিক চিত্ৰশৈলীৰ লগত নতুনকৈ উদ্ভৱ হোৱা মানবীয় বাস্তৱতাবাদৰ সংমিশ্ৰণ ঘটাই নতুন নতুন ধৰণেৰে চিত্ৰ অংকন কৰিছিল । এই চাৰিগৰাকী শিল্পীৰ উপৰিও আন এগৰাকী সমসাময়িক চিত্ৰকৰ আছিল ডনাটেলো । তেওঁৰ শিল্পকৰ্মত ফ্লৰেন্সত হৈ থকা বিজ্ঞান, গণিত, আৰু স্থাপত্যৰ দিশবোৰ মূৰ্তিমান হৈ উঠিছিল । তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যত শৰীৰৰ প্ৰতিটো অংগ হুবহু ৰূপত প্ৰতিফলিত হৈছিল । তেৱেঁই আছিল নৱজাগৰণ যুগৰ প্ৰথম শিল্পী --- যি স্থাপত্য ভাস্কৰ্যত নগ্নতা পুনৰ প্ৰৱৰ্তন কৰিছিল । তেওঁ শিল, ব্ৰঞ্জ, কাঠ প্লাষ্টাৰৰ প্ৰলেপ মাটি আৰু মামৰে বিভিন্ন শিল্পকৰ্ম সৃষ্টি কৰাত পাকৈত আছিল । তেওঁৰ নিৰ্মিত ডেভিদ , জুকন, পেনিটেন্ট নগদালেনে আদি উল্লেখযোগ্য মূৰ্তি শিল্প আছিল ।

৫ ।  ইটালীয় নৱজাগৰণে শিক্ষাব্যৱস্থাৰ  ওপৰত  কেনেকুৱা প্ৰভাৱ পেলাইছিল,  সেই বিষয়ে চমুকৈ  লিখা   ।

উত্তৰঃ  ইটালীয় নৱজাগৰণ বা ইউৰোপীয় নৱজাগৰণৰ জন্মভূমি হল তাস্কেনিৰ  নগৰ ৰাষ্ট্ৰৰ ৰাজধানী ফ্লৰেন্স নগৰ । মধ্যযুগৰ ইউৰোপৰ বাণিজ্য আৰু বিত্তীয় বা টকা-পইচাৰ লেনদেনৰ কেন্দ্ৰভূমি ফ্লৰেন্স সেই সময়ৰ এখন অতি সমৃদ্ধিশালী নগৰ আছিল  আৰু ইয়াক  মধ্যযুগৰ এথেন্স বুলি কোৱা হৈছিল । তাৰোপৰি উত্তৰ ইটালীৰ আন কেইখনমান শক্তিশালী নগৰৰাষ্ট্ৰ আছিল ভেনিচ, জেনোৱা, ৰোম, মিলান । নৱজাগৰণ যুগৰ পণ্ডিতসকলে প্ৰাচীন গ্ৰীক আৰু ৰোমান ধ্ৰুপদী সাহিত্যৰ শিকনীৰ যোগেদি সমসাময়িক ইউৰোপ মহাদেশৰ জনসাধাৰণক জ্ঞানী আৰু সু-শিক্ষিত কৰি তুলিব পৰা যায় বুলি প্ৰাচীন লেটিন ভাষাত এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । কিয়নো লেটিন ভাষা ইউৰোপৰ প্ৰায় সকলো পাঠকে বুজি পাইছিল । আনকি বিখ্যাত হব নিবিচৰা বহু লেখকৰ বাবে লেটিন এটা পচন্দৰ ভাষা আছিল । এই ভাষাত লিখা গ্ৰন্থবোৰে কৃৰ্তিত্ব আৰু গুৰুত্ব লাভ কৰিছিল । একমাত্ৰ ৰোমান লেখক চিচেৰ, ভাৰ্জিল, অভিড, আৰু  হৰাচেই নহয় কিন্তু ৰোমান সাম্ৰাজ্যৰ পতন হোৱাৰ পিছত আন ইউৰোপীয় লেখক যেনে ধৰ্মীয় গ্ৰন্থ লেখক অকুইনাছ,ৰ পৰা আৰম্ভ কৰি বাৰুচ স্পিনজা আৰু আইজাক নিউটন আদিৰ লিখনীয়ে সমাজত যথেষ্ট প্ৰভাৱ প্লাইছিল । তাৰোপৰি ৱেটিন ভাষা ইউৰোপৰ আন ভাষাসমূহৰ দৰে পৰিৱৰ্তন হৈ থকা নাছিল । সেইকাৰণে পৰৱৰ্তী প্ৰজন্মই এই ভাষা সহজে বুজিব পাৰিছিল । ধৰ্মৰ বিষয়ক কেন্দ্ৰ কৰি তুৰ্কীৰ অটমান সাম্ৰাজ্য আৰু ইউৰোপীয়সকলৰ মাজত বহু বছৰ ধৰি এখন ক্ৰছেদ বা ধৰ্মযুদ্ধ হৈছিল । সেই সময়ৰ খ্ৰীষ্টান ধৰ্ম সংস্কৃতিৰ কেন্দ্ৰস্থল পূব ৰোমান সাম্ৰাজ্যৰ ৰাজধানী কনষ্টান্তিনপলত পঞ্চম শতিকাত কনষ্টান্তিনপল বিশ্ববিদ্যালয় স্থাপন কৰিছিল । এই বিশ্ববিদ্যালয়খনত বহুতো মূল্যবান গ্ৰন্থ সংৰক্ষিত হৈ আছিল । এই বিশ্ববিদ্যালয়ৰ ৰাজকীয় গ্ৰন্থালয়ত প্ৰায় ১,০০,০০০ প্ৰাচীন গ্ৰন্থ সংৰক্ষিত আছিল । নৱজাগৰণৰ সময়ৰ মানৱতাবাদী পণ্ডিতসকলে ধ্ৰুপদী যুগৰ সাহিত্য অনুকৰণ কৰি লেটিন ভাষাত গ্ৰন্থ লিখা আৰু শিকনিসমূহৰ কোনোৱে বিৰোধিতা কৰা নাছিল । কিন্তু কোনো লেখকক উত্তম আদৰ্শ হিচাপে ধৰিব --- এই বিষয়টো লৈ পণ্ডিতসকলৰ মাজত মতবিৰোধ আছিল । কিছুমান পণ্ডিত বিশেষকৈ ইটালিৰ বিদ্ভান লৰেনজ  ভালাই প্ৰাচীন গ্ৰন্থসমূহত লিখা বিভিন্ন বিষয়ৰ সকলোবোৰ দিশ সামৰি লোৱাটো বিচাৰিছিল । তেওঁ ১৪৪০ চনত লিখা বিখ্যাত গ্ৰন্থ ছিক্স বুকচ অৱ দা ইলিগেনছ অৱ দা লেটিন লেংগুৱেজত প্ৰাচীন ৰোমান সাহিত্যৰ ওপৰত বিশেষ সমাধানতাৰে এক অধ্যয়নৰ লিখনি সন্নিৱিষ্ট কৰিছিল । এই গ্ৰন্থখন অধ্যয়নৰ যোগেদি নৱজাগৰণৰ সময়ছোৱাৰ পণ্ডিতসকলক কেনেদৰে উদাৰভাৱে লেটিন ভাষা ব্যৱহাৰ কৰি প্ৰাচীন লেখকসকলৰ অতি উন্নতমানৰ দিশসমূহ সংগ্ৰহ কৰিব পাৰি তাৰে দিহা দিয়া হৈছিল । আনহাতে নৱজাগৰণৰ আন এচাম পণ্ডিত বা লেখকে প্ৰাচীন ৰোমৰ সুবক্তা- তাৰ্কিক পণ্ডিত চিচেৰৰ লিখনিসমূহ নৱজাগৰণৰ লিখনিৰ বাবে একমাত্ৰ উত্তম আদৰ্শ বুলি মতপোষণ কৰিছিল । তাৰোপৰি নৱজাগৰণ যুগৰ বহুতো পণ্ডিতে ধ্ৰুপদী যুগৰ বহু গ্ৰন্থ প্ৰণেতাক তেওঁলোকৰ আদৰ্শ আৰু অনুপ্ৰেৰণা বুলি মানি লৈছিল ।



Type: Apurba KaKati

Answer Type- Ali rani kakati