প্ৰশ্নাৱলী
অতি চমু প্রশ্ন (Very Short questions ) :
১। প্রাচীন অসমত শাসনৰ সৰ্ব্বোচ্চ ক্ষমতা কাৰ হাতত আছিল?
(Who was the supreme authority of administration in ancient Assam).
Answerঃপ্ৰাচীন অসমত শাসনৰ সৰ্বোচ্চ ক্ষমতা ৰজাৰ হাতত আছিল ।
২। প্রাচীন অসমৰ ‘বিষয়’ শাসনকৰ্তাজন কি নামেৰে জনা গৈছিল? (By which name the administration of Visaya was known)
Answerঃ প্ৰাচীন অসমৰ বিষয় শাসনকৰ্তাজন বিত্তমন্ত্ৰী বা ৰাজমন্ত্ৰী নামেৰে জনা গৈছে ।
৩। ‘পুৰ’ শব্দৰদ্বাৰা কি বুজোৱা হৈছে? (What do you know by 'Pura'?)
Answerঃ পুৰ শব্দৰদ্বাৰা নগৰীয়া প্ৰশাসনক বুজোৱা হৈছে ।
৪। ‘মহা প্ৰতিহ’ৰৰ দায়িত্ব কি আছিল? (What was the responsibility of Mahapratihara?)
Answerঃ মহা প্ৰতিহৰৰ দায়িত্ব আছিল ৰাজপ্ৰসাদৰ চোৱা-চিতা কৰা ।
৫। উৎক্ষেতক মানে কি? (What is Utkhetek?)
Answerঃ উৎক্ষেতক মানে হল বিশেষ কাৰণত জৰুৰীকালীনভাৱে লোৱা কৰ ।
৬। উপৰিকৰ মানে কি বুজা? (What is Uparikara?)
Answerঃউপৰিকৰ মানে হল স্থায়ী বা অস্থায়ীভাৱে সকলো শ্ৰেণীৰ খেতিয়কৰ পৰা আদায় কৰা এবিধ অতিৰিক্ত ৰাজহ ।
৭। ক্ষেত্রভূমি মানে কি? (What is Khetrabhumi?) দিয়া গাওঁসমূহক কি নামেৰে জনা গৈছিল?
Answerঃ ক্ষেত্ৰভূমি মানে আবাদী মাটি বা উখেতিৰ বাবে উপযুক্ত মাটি ।
৮। ব্রাহ্মণক দান দিয়া গাওঁসমূহক কি নামেৰে জনা গৈছিল?
(By which name the villages donated to the Brahmanas were known?)
Answerঃ ব্ৰাহ্মণক দান দিয়া গাওঁসমূহক অগ্ৰহাৰ নামেৰে জনা গৈছিল ।
৯। দেবোত্তৰ ভূমি কি? (What is devottara land?)
Answerঃ ৰজাক দান দিয়া ভূমি ।
১০। ‘কালিকাপুৰাণ’ ক’ত ৰচিত হৈছিল?
(In which place did Kalikapurana written ? )
Answerঃ প্ৰাচীন অসমত কালিকাপুৰাণ ৰচিত হৈছিল ।
১১। প্রাচীন অসমৰ প্ৰশাসন ব্যৱস্থা কিমানটা ভাগত বিভক্ত আছিল?
(The administration of ancient Assam was divided into how
many divisions?)
Answerঃ প্ৰাচীন অসমৰ প্ৰশাসন ব্যৱস্থাটো ৬ টা ভাগত বিভক্ত আছিল ।
১২। অগ্ৰহাৰ মানে কি? (What is 'agrahara'?)
Answerঃ অগ্ৰহাৰ মানে হল ব্ৰাহ্মণসকলক দান দিয়া মাটি ।
১৩। প্রাচীন অসমৰ এটা মণ্ডলৰ নাম লিখা।
(Write the name of our Mandala of ancient Assam?)
Answerঃ প্ৰাচীন অসমৰ এটা মণ্ডলৰ নাম হল হাপিয়কা মণ্ডল ।
১৪। প্রাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোটটোৰ নাম কি?
(What was the smallest unit of administration in ancient Assam?)
Answerঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোটটোৰ নাম হল গ্ৰাম ।
১৫। প্রাচীন অসমৰ প্ৰথমজন ৰজাৰ নাম কি আছিল?
(What was the name of the first king of ancient Assam?)
Answerঃ প্ৰাচীন অসমৰ প্ৰথমজন ৰজাৰ নাম আছিল মহীৰঙ্গ দানৱ ।
১৬। নৰকে কাক বধ কৰি প্ৰাগ্জ্যোতিষৰ সিংহাসনত উঠিছিল?
(By killing whom, Naraka became the king of Pragjyotisa?)
Answerঃনৰকে ঘটক কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ সিংহাসনত উঠিছিল ।
১৭। প্রাচীন অসমৰ এজন ৰাজ পুৰোহিতৰ নাম কি?
(Mention one Royal Priest of ancient Assam?))
Answerঃ প্ৰাচীন অসমৰ এজন ৰাজ পুৰোহিতৰ নাম হল মুৰাৰী ।
১৮। অশ্বমেধ যজ্ঞ মানে কি? (What do you mean by "Aswamedtha Sacrifice"?
Answerঃ অশ্বমেধ যজ্ঞ মানে হল আৰ্যধৰ্মৰ বিভিন্ন ৰীতি-নীতি আৰু পুজা-পাতল ইত্যাদি ।
১৯। প্রাচীন অসমত ৰাজহৰ প্ৰধান উৎস কি আছিল?
(What was the main source of revenue in ancient Assam?)
Answerঃপ্ৰাচীন অসমত ৰাজহৰ প্ৰধান উৎস হল মাটি ।
২০। 'কৰ' আৰু 'ভাগ'ৰ মাজত পাৰ্থক্য কি?
(What is the difference between "Kara" and "Bhaga"?
Answerঃ
কৰ আৰু ভাগৰ মাজত পাৰ্থক্য হল ভাগ ব্যৱস্থাত কেৱল উৎপাদিত দ্ৰব্যৰ দ্বাৰাহে ৰাজহ পৰিশোধ কৰিব পাৰি । আনহাতে কৰ ব্যৱস্থাত উৎপাদিত দ্ৰব্য অথবা নগদ ধনৰ দ্বাৰাও ৰাজহ দিব পৰা যায় । কিন্তু প্ৰাচীন অসমত ভূমি ৰাজহৰ ক্ষেত্ৰত কৰ শব্দটিহে ব্যৱহাৰ হৈছিল ।
২১। প্রাচীন অসমত প্ৰচলিত এবিধ অতিৰিক্ত কৰৰ নাম লিখা।
(Mention one extra-tax of ancient Assam?)
Answerঃ প্ৰাচীন অসমত প্ৰচলিত এবিধ অতিৰিক্ত কৰৰ নাম হল উপৰিকৰ কৰ ।
২২। প্রাচীন অসমত ৰাজকোষৰ দায়িত্বত থকা বিষয়াজন কি নামেৰে জনা গৈছিল? (Mention the official in-charge of Royal treasury.)
Answerঃ প্ৰাচীন অসমত ৰাজকোষৰ দায়িত্বত থকা বিষয়াজন কোষ্ঠাগাৰিক নামেৰে জনা গৈছিল ।
২৩। প্রাচীন অসম ৰাজহ সংগ্ৰহৰ লগত জড়িত বিষয়া উল্লেখ কৰা।
(Mention one official related to tax collection in ancient Assam?)
Answerঃ প্ৰাচীন অসমৰ ৰাজহ সংগ্ৰহৰ লগত জড়িত বিষয়া হল ঔপৰিকাৰিক ।
২৪। প্রাচীন অসমত বিচাৰৰ ক্ষেত্ৰত সর্বোচ্চ ক্ষমতা কাৰ হাতত আছিল? (Who was the supreme 'Judicial Power in ancient Assam?)
Answerঃ প্ৰাচীন অসমত বিচাৰৰ ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা ৰজাৰ হাতত আছিল ।
২৫। প্রাচীন অসমত কি নিয়মৰ ওপৰত ভিত্তি কৰি বিচাৰসমূহ কৰা হৈছিল? (The judicial procedure of ancient Assam was based on which rule?)
Answerঃ প্ৰাচীন অসমত সাক্ষীৰ ওপৰত ভিত্তি কৰি বিচাৰসমূহ কৰা হৈছিল ।
২৬। প্রাচীন অসমত ৰচিত এখন পুৰাণৰ নাম লিখা। (Mention one purana written in ancient Assam?)
Answerঃ প্ৰাচীন অসমত ৰচিত এখন পুৰাণৰ নাম হল কালিকা পুৰাণ ।
২৭। ‘মুদ্ৰাৰাক্ষস’-ৰ ৰচক কোন? (Who was the author of -"Mudrarakshwa"?
Answerঃ মুদ্ৰাৰাক্ষসৰ ৰচক হল বিশাখাদত্ত ।
চমু প্রশ্ন (Short questions ) :
২৮। ৰজা হ’বৰ বাবে থাকিবলগীয়া দুটা গুণ উল্লেখ কৰা।
(Mention two qualities of a king.)
Answerঃ ৰজা হবৰ বাবে থাকিবলগীয়া দুটা গুণ হল
ক) ৰজা হবৰ বাবে যুৱৰাজ অৱস্থাতে সকলো বিষয়ৰ জ্ঞান লাভ কৰি সকলো প্ৰকাৰৰ প্ৰশিক্ষণ লৈ নিজকে ৰজা হোৱাৰ লগতে যোগ্য হিচাপে গঢ়ি তুলিব লাগিব ।
খ) শাৰীৰিক শক্তি, বুদ্ধিমত্তা আদিৰ লগতে ৰজাজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হব লাগিছিল ।
২৯। প্রাচীন অসমৰ ৰজাসকলে গ্ৰহণ কৰা দুটা উপাধি লিখা।
(Mention two titles adopted by the kings of ancient Assam?)
Answerঃ প্ৰাচীন অসমৰ ৰজাসকলে গ্ৰহণ কৰা দুটা উপাধি হল
ক) পৰমভট্টাৰক পৰমেশ্বৰ ।
খ) মহাৰাজাধিৰাজ ।
৩০। প্রাচীন অসমত অশ্বমেধ যজ্ঞ সম্পাদন কৰা দুজন ৰজাৰ নাম উল্লেখ কৰা। (Mention two kings who peformed asvamedha sacrifice in ancient Assam.)
Answerঃ প্ৰাচীন অসমত অশ্বমেধ যজ্ঞ সম্পাদন কৰা দুজন ৰজাৰ নাম হল
ক) মহেন্দ্ৰ বৰ্মন ।
খ) ভূতি বা মহাভূত বৰ্মন ।
৩১। প্রাচীন অসমত সৰু সৰু বিচাৰৰ বাবে কি শাস্তি বিহা হৈছিল?
(Mention two punishment.)
Answerঃ প্ৰাচীন অসমত সৰু-সৰু বিচাৰৰ বাবে জৰিমনা লোৱা হৈছিল ।
৩২। চৌৰধাৰণ, চাট আৰু ভাটৰ দায়িত্ব কি আছিল?
(What were the responsibilities of Chauradharan chata and Bhata.)
Answerঃ চাট আৰু ভাটৰ দায়িত্ব হল চোৰাংচোৱা কৰি ৰজাক খবৰ দি থকা ।।
৩৩। । প্রাচীন অসমৰ দুজন স্মৃতিকাৰৰ নাম লিখা। (Mention two "Smritikaras" of ancient Assam.)
Answerঃ প্ৰাচীন অসমৰ দুজন স্মৃতিকাৰৰ নাম হল
ক) নীলাম্বৰাচাৰ্য ।
খ) বেদচাৰ্য ।
চমু টোকা (Short Notes) :
৩৪। ৰজাৰ যোগ্যতা (Qualities of king);
Answerঃ প্ৰাচীন অসমত যি ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল তাত শাসনৰ মুৰব্বী আছিল ৰজা । বংশানুক্ৰমিক ৰাজতন্ত্ৰৰ প্ৰচলন আছিল যদিও ৰজা হবৰ বাবে কিছুমান বিশেষ জ্ঞান তথা যোগ্যতা থকাটো অতি প্ৰয়োজনীয় আছিল । কালিকা পুৰাণত ৰজা হবৰ বাবে আৱশ্যকীয় গুণসমূহৰ বৰ্ণনা পোৱা যায় । শাৰীৰিক শক্তি, বুদ্ধিমত্তা আৰু আদিৰ লগতে ৰজাজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হব লাাগিছিল । তাৰোপৰি ৰজাজন নম্ৰ আৰু সৰল মনৰ হোৱাটো প্ৰজাই আশা কৰিছিল । ৰাজনীতিৰ ব্যৱহাৰিক জ্ঞানৰ লগতে ূেদ-বেদান্তৰ জ্ঞান থকাটো প্ৰয়োজনীয় আছিল । হাতী, ঘোৰা, আদিৰ পৰিচালনা আৰু সমৰকলাত পাকৈত হোৱা ৰাজকুমাৰসকলৰ ৰাজ-পাটৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছিল । ধৰ্মশাস্ত্ৰৰ জ্ঞান আৰু সত্যনিষ্ঠ ৰজাৰ গুণসমূহৰ ভিতৰত অন্যতম আছিল । ৰজা হবৰ বাবে যুৱৰাজ অৱস্থাতে তেওঁ সকলো যোগ্যতা অৰ্জন কৰিব লাগিছিল । তেওঁ যুৱৰাজ হৈ থকা অৱস্থাতে সকলো বিষয়ৰ জ্ঞান লাভ কৰি সকলো প্ৰকাৰৰ প্ৰশিক্ষণ লৈ নিজকে ৰজা হোৱাৰ বাবে যোগ্য হিচাপে গঢ়ি তুলিব লাগিব । প্ৰাচীন অসমৰ বহুকেইজন ৰজাই পৰমভট্টাৰক, পৰমেশ্বৰ আৰু মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছিল ।
ভাস্কৰ বৰ্মনৰ ডুবি তাম্ৰশাসনত উল্ল্লেখ থকামতে ৰজা সমুদ্ৰ বৰ্মন সকলো ৰাজোচিত গুণৰ অধিকাৰী আছিল আৰু ৰজা ভাস্কৰ বৰ্মন নিজে শাস্ত্ৰজ্ঞ পণ্ডিত আছিল । হৰ্জৰ বৰ্মনৰ তেজপুৰ লিপিত তেওঁক যুধিষ্ঠিৰৰ দৰে ধৰ্মপৰায়ণ আৰু ভীম আৰু অৰ্জুনৰ দৰে সাহসী আছিল বুলি উল্লেখ কৰা হৈছে । বনমাল বৰ্মনক তেওঁৰ সত্যনিষ্ঠা , শক্তি আৰু সামৰ্থৰ বাবে যুধিষ্ঠিৰ , কৰ্ণ আৰু অৰ্জুনৰ লগত তুলনা কৰা হৈছে ।
৩৫। ৰজাৰ ক্ষমতা আৰু কৰ্তব্য (Duties and responsibilities of king);
Answerঃ প্ৰাচীন অসমৰ ৰজাৰ প্ৰধান ক্ষমতা আছিল
ক) ৰাজ আজ্ঞা জাৰি কৰা ।
খ) কৰ আৰোপ কৰা ।
গ) ব্ৰাহ্মণক ভূমিদান কৰা আৰু অন্যান্য দ্ৰব্য দান কৰা ।
ঘ) জৰিমণা বিহা ।
ঙ) কোনো কামত নিষেধাজ্ঞা জাৰি কৰা ইত্যাদি ।
ৰজা নিজে সুৰক্ষিত হোৱাৰ লগতে প্ৰজাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম-কৰাটো প্ৰধান কৰ্তব্য আছিল । সামাজিক শৃংখলা বজাই ৰখাৰ লগতে জনকল্যাণমূলক কাম কৰাটো ৰজাৰ এক অন্যতম কৰ্তব্য । অন্যান্য প্ৰশাসনিক বিভাগসমূহৰ কাম-কাজৰ পৰ্যবেক্ষণ আৰু তত্ত্বাৱধান কৰাটো ৰজাৰ কৰ্তব্যৰ ভিতৰত পৰিছিল । সামাজিক শৃংখলা ৰক্ষাৰ বাবে বৰ্ণাশ্ৰম ধৰ্ম ৰক্ষা কৰা ৰজাৰ কৰ্তব্য আছিল । ধৰ্মৰ লগতে শিক্ষা আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আছিল ৰজাৰ ওপৰত । সকলো প্ৰজাকে পুত্ৰৰ দৰে পালন কৰা , শোষণ-অত্যাচাৰ নিবাৰণ কৰা, ধৰ্ম ৰক্ষা আৰু প্ৰজাৰ সুৰক্ষা আছিল উল্লেখযোগ্য কৰ্তব্য । ৰজা বনমাল বৰ্মনৰ বৰ্মনৰ ফলিসমূহত ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ ৰক্ষণাবেক্ষণ দিয়া আৰু প্ৰজা সাধাৰণৰ জীৱন ৰক্ষা কৰাটো ৰজাৰ প্ৰধান কৰ্তব্য বুলি উল্লেখ কৰা হৈছে । ৰজা মহেন্দ্ৰ বৰ্মনে প্ৰজাসকলক নিজৰ সন্তানৰ দৰে পালন কৰিছিল । প্ৰাচীন অসমৰ অন্য এজন ৰজা চন্দ্ৰমুখ বৰ্মনে প্ৰজাসকলক চোৰ-ডকাইতৰ উপদ্ৰৱ, দুৰ্ভিক্ষ আৰু অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল বুলি তথ্য পোৱা গৈছে ।
৩৬। প্রাচীন অসমৰ প্ৰশাসনৰ বৈশিষ্ট (Characteristic of administration of ancient Assam);
Answerঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ বৈশিষ্ট্যসমূহ হল
ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন । জনজাতীয় আৰ্হিত গঢ়ি উঠা প্ৰাচীন অসমৰ সমাজত জনজাতীয় নেতাৰ উত্তৰণ ঘটি ৰজাৰ সৃষ্টি হৈছিল বুলি বেছিভাগ ঐতিহাসিকে মতপোষণ কৰিছে ।
২। প্ৰাচীন অসমৰ ৰাজতন্ত্ৰত ভগৱানৰ প্ৰভাৱ পোৱা যায় । ৰজাসকলে নিজকে ইশ্বৰ প্ৰেৰিত দূত বা উচ্চ বংশজাত বুলি প্ৰতিপন্ন কৰিব বিচাৰিছিল । কিংবদন্তী অনুসৰি ৰজা নৰকক ভগৱান বিষ্ঞুৱে প্ৰাগজ্যোতিষৰ সিংহাসনত অধিষ্ঠিত কৰিছিল । তেওঁ ঘটক কিৰাতক বধ কৰি নৰকক ৰজা পাতিছিল ।
গ) ৰজাৰ পদবীটো বংশানুক্ৰমিক হোৱা দেখা গৈছিল ।
ঘ) বিশেষ পৰিস্থিতিত ৰজাক মনোনীত বা নিৰ্বাচিত কৰাও হৈছিল । শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগসিংহ নিঃসন্তান হোৱাৰ বাবে তেওঁৰ পৰৱৰ্তী শাসন হিচাপে ব্ৰহ্মপালক নিৰ্বাচিত কৰা হৈছিল । ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম হল পালবংশ ।
ঙ) খ্ৰীঃ সপ্তম শতিকাৰ পৰা শালস্তম্ভ ৰজাসকলৰ ৰাজত্বৰ সময়ৰ পৰা ৰাজতন্ত্ৰত সামন্তবাদী প্ৰভাৱ দেখা যায় ।
৩৭। প্রাচীন অসমৰ সাহিত্য ৰাজি (Literature of ancient Assam.) ৰচনাধৰ্মী প্রশ্ন (Essay Type questions ) :
Answerঃপ্ৰাচীন অসমত ৰচনা কৰা সাহিত্যৰাজীৰ ভিতৰত আটাইতকৈ প্ৰাচীনতম গ্ৰন্থখন হল মুনি পালকাপ্যই ৰচনা কৰা হস্তাৰ্য়ুবেদ নামৰ গ্ৰন্থখন । এইখন হাতীৰ চিকিৎসা গ্ৰন্থ আছিল । সংস্কৃত ভাষাত লিখা এই গ্ৰন্থখন হিমালয়ৰ পাদদেশৰ কোনোবা লৌহিত্যৰ পাৰত ৰচনা কৰা হৈছিল বুলি উল্লেখ আছে । মুনি পালকাপ্য আছিল মুনি সামগায়নৰ পুত্ৰ । পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে এই গ্ৰন্থৰ ৰচনাকাল খ্ৰীঃপূঃ ষষ্ঠ শতিকা আছিল বুলি মতপোষণ কৰিছে । আনহাতে, মুকুন্দ মাধৱ শৰ্মাই এই গ্ৰন্থৰ ৰচনা কৰা সময় প্ৰথম শতিকা আছিল বুলি ঠাৱৰ কৰিছে ।
মুদ্ৰাৰাক্ষস নামৰ সংস্কৃত নাটকখন প্ৰাচীন অসমত জড়িত, কাৰণ এই গ্ৰন্থখনৰ ৰচক বিশাখাদত্ত প্ৰাগজ্যোতিষৰ বাসিন্দা আছিল বুলি বেছিভাগ পণ্ডিতেই মতপোষণ কৰিছে এই গ্ৰন্থত বৰ্ণিত ৰজা অৱন্তিবৰ্মাক বহুতে প্ৰাগজ্যোতিষৰ ভৌমবংশীয় ৰজা বুলি কৈছে ।
ৰত্নাৱলী নামৰ সংস্কৃত নাটকখন প্ৰাচীন অসমত ৰচিত । এই নাটকৰ ৰচক শ্ৰীহৰ্ষক বহু পণ্ডিতে ৰজা শ্ৰীহৰ্ষদেৱ বুলি কৈছে ।
পুৰাণসমূহৰ বহুতো উপপুৰাণ ৰচিত হৈছিল । প্ৰাচীন অসমত ৰচিত এনে এখন পুৰাণ হল কালিকাপুৰাণ । খ্ৰীঃ নৱম-দশম শতিকাত সংস্কৃত ভাষাত ৰচনা কৰা এই গ্ৰন্থত শাক্ত ধৰ্মৰ বিভিন্ন মতবাদ, দৰ্শন আৰু ৰীতি-নীতি পোৱা যায় । প্ৰাচীন অসম তন্ত্ৰ উপাসনাৰো স্থান আছিল । বৌদ্ধতান্ত্ৰিক গ্ৰন্থও এই অঞ্চলত ৰচিত হৈছিল । সেইসমূহৰ ভিতৰত মীননাথৰ দ্বাৰা ৰচিত কৌলজ্ঞান নিৰ্ণয়, আকুলবীৰ তন্ত্ৰ আৰু কামাখ্যাগুহ্যসিদ্ধি উল্লেখনীয় । অনংগব্ৰজই ৰচনা কৰা প্ৰজ্ঞোপায় বিনিশ্চয়সিদ্ধি আৰু হেব্ৰজতন্ত্ৰ নামৰ গ্ৰন্থ দুখন অসমত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে । কাৰণ বহুতো পণ্ডিতৰ মতে অনংগব্ৰজ আছিল পালবংশৰ ৰজা গোপালৰ পুত্ৰ ।
৩৮। প্রাচীন অসমৰ শাসন ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰি ৰজাৰ যোগ্যতা,ক্ষমতা আৰু কৰ্তব্য আৰু ৰাজকীয় যজ্ঞ সমূহৰ বিষয়ে আলোচনা কৰা।
(Discuss about the advinistrative Characteristic of ancient Assam and the qualities, duties and responsibilities of a king.)
Answerঃ প্ৰাচীন অসমৰ শাসন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হল
ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন । জনজাতীয় আৰ্হিত গঢ়ি উঠা প্ৰাচীন অসমৰ সমাজত জনজাতীয় নেতাৰ উত্তৰণ ঘটি ৰজাৰ সৃষ্টি হৈছিল বুলি বেছিভাগ ঐতিহাসিকে মতপোষণ কৰিছে ।
খ) প্ৰাচীন অসমৰ ৰাজতন্ত্ৰত ভগৱানৰ প্ৰভাৱ দেখা যায় । ৰজাসকলে নিজকে ইশ্বৰপ্ৰেৰিত দূত বা উচ্চবংশজাত বুলি প্ৰতিপন্ন কৰিব বিচাৰিছিল । কিংবদন্তী অনুসৰি ৰজা নৰকক ভগৱান বিষ্ণুৱে প্ৰাগজ্যোতিষৰ সিংহাসনত প্ৰতিষ্ঠিত কৰিছিল । তেওঁ ঘটক কিৰাতক বধ কৰি নৰকক ৰজা পাতিছিল । ডুবি তাম্ৰলিপিত উল্লেখ থকামতে ৰজা পুষ্যবৰ্মন আৰু ব্ৰজদত্তক ইন্দ্ৰৰ লগত তুলনা কৰা হৈছে ।
গ) ৰজাৰ পদবীটো বংশানুক্ৰমিক হোৱা দেখা গৈছিল ।
ঘ) বিশেষ পৰিস্থিতিত ৰজাক মনোনীত বা নিৰ্বাসিত কৰা হৈছিল । শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগসিংহ নিঃসন্তান হোৱাৰ বাবে তেওঁৰ পৰৱৰ্তী শাসন হিচাপে ব্ৰহ্মপালক নিৰ্বাচিত কৰা হৈছিল । ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম আছিল পালবংশ ।
ঙ) খ্ৰীঃ সপ্তম শতিকাৰ পৰা শালস্তম্ভ ৰজাসকলৰ ৰাজত্বৰ সময়ৰ পৰা ৰাজতন্ত্ৰত সামন্তবাদী প্ৰভাৱ দেখা যায় ।
প্ৰাচীন অসমত যি ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল তাত শাসনৰ মুৰব্বী আছিল ৰজা । বংশানুক্ৰমিক ৰাজতন্ত্ৰ প্ৰচলন আছিল যদিও ৰজা হবৰ বাবে কিছুমান বিশেষ জ্ঞান তথা যোগ্যতা থকাটো অতি প্ৰয়োজনীয় আছিল । কালিকাপুৰাণত ৰজা হবৰ বাবে আবশ্যকীয় গুণসমূহৰ বৰ্ণনা পোৱা যায় । শাৰীৰিক শক্তি, বুদ্ধিমত্তা আদিৰ লগতে ৰজাজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হব লাগিছিল । তাৰোপৰি ৰজাজন সৰল মনৰ হোৱাটো প্ৰজাই আশা কৰিছিল । ৰাজনীতিৰ ব্যৱহাৰিক জ্ঞানৰ লগতে বেদ-বেদান্তৰ জ্ঞান থকাটোও অধিক প্ৰয়োজনীয় আছিল । হাতী, ঘোৰা আদি পৰিচালনা আৰু সমৰকলাত পাকৈত হোৱা ৰাজকুমাৰসকলৰ ৰাজপাটৰ বাবে উপযুক্ত বুলি গণ্য কৰা হৈছিল । ধৰ্মশাস্ত্ৰৰ জ্ঞান আৰু সত্যনিষ্ঠ ৰজাৰ গুণসমূহৰ ভিতৰত অন্যতম আছিল । ৰজা হবৰ বাবে যুৱৰাজ অৱস্থাতে তেওঁ সকলো জ্ঞান লাভ কৰিব লাগিছিল । প্ৰাচীন অসমৰ বহুকেইজন ৰজাই পৰমভট্টাৰক, পৰমেশ্বৰ আৰু মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছিল ।
ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ তাম্ৰশাসনত উল্লেখ থকামতে ৰজা সমুদ্ৰ বৰ্মন সকলো ৰাজোচিত গুণৰ অধিকাৰী আছিল আৰু ৰজা ভাস্কৰ বৰ্মন নিজে শাস্ত্ৰজ্ঞ পণ্ডিত আছিল । হৰ্জৰ বৰ্মনৰ তেজপুৰ লিপিত তেওঁক যুধিষ্ঠিৰৰ দৰে ধৰ্মপৰায়ণ আৰু ভীম আৰু অৰ্জুনৰ দৰে সাহসী আছিল বুলি উল্লেখ কৰা হৈছে । বনমাল বৰ্মনক তেওঁৰ সত্যনিষ্ঠা শক্তি, আৰু সামৰ্থৰ বাবে যুধিষ্ঠিৰ, কৰ্ণ আৰু অৰ্জুনৰ লগত তুলনা কৰা হয় ।
ৰজাৰ ক্ষমতা আৰু কৰ্তব্যঃ প্ৰাচীন অসমৰ ৰজাৰ প্ৰধান ক্ষমতা আছিল
ক) ৰাজ আজ্ঞা জাৰি কৰা ।
খ) কৰ আৰোপ কৰা ।
গ) ব্ৰাহ্মণক ভূমিদান কৰা আৰু অন্যান্য দ্ৰব্য দান কৰা ।
ঘ) জৰিমণা বিহা ।
ঙ) কোনো কামত নিষেধাজ্ঞা জাৰি কৰা ইত্যাদি ।
ৰজা নিজে সুৰক্ষিত হোৱাৰ লগতে প্ৰজাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে দান কৰাটো প্ৰধান কৰ্তব্য আছিল । সামাজিক শূংখলা বজাই ৰখাৰ লগতে জনকল্যাণমূলক কাম কৰাটো ৰজাৰ এটা অন্যতম কৰ্তব্য আছিল । অন্যান্য প্ৰশাসনিক বিভাগসমূহৰ কাম-কাজৰ পৰ্যবেক্ষণ আৰু তত্ত্বাৱধান কৰাটো ৰজাৰ কৰ্তব্যৰ ভিতৰত পৰিছিল । সামাজিক শৃংখলা ৰক্ষাৰ বাবে বৰ্ণাশ্ৰম ধৰ্ম ৰক্ষা কৰা ৰজাৰ কৰ্তব্য আছিল । ধৰ্মৰ লগতে শিক্ষা আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আছিল প্ৰজাৰ ওপৰত । সকলো প্ৰজাকে পুত্ৰৰ দৰে পালন কৰা, শোষণ-অত্যাচাৰ নিবাৰণ কৰা, ধৰ্ম ৰক্ষা আৰু প্ৰজাৰ সুৰক্ষা আছিল উল্লেখযোগ্য কৰ্তব্য । ৰজা বনমাল বৰ্মনৰ ফলিসমূহত ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ ৰক্ষণাবেক্ষণ দিয়া আৰু প্ৰজা সাধাৰণৰ জীৱন ৰক্ষা কৰাটো ৰজাৰ প্ৰধান কৰ্তব্য বুলি উল্লেখ কৰা হৈছে । ৰজা মহেন্দ্ৰ বৰ্মনে প্ৰজাসকলক নিজৰ সন্তানৰ দৰে মৰম আৰু লালন-পালন কৰিছিল । প্ৰাচীন অসমৰ অন্য এজন ৰজা চন্দ্ৰমুখ বৰ্মনে প্ৰজাসকলক চোৰ-ডকাইতৰ উপদ্ৰব, দুৰ্ভিক্ষ আৰু অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল বুলি তথ্য পোৱা গৈছে ।
ৰাজকীয় যজ্ঞ ঃ প্ৰশাসনৰ লগত জড়িত দুটা উল্লেখযোগ্য যজ্ঞ আছিল ৰাজসূয় যজ্ঞ আৰু বাজপেয় যজ্ঞ । এজন ব্যক্তি ৰজা হবৰ বাবে ৰাজসূয় যজ্ঞ আৰু সম্ৰাট হবৰ বাবে বাজপেয় যজ্ঞ সম্পাদন কৰিব পাৰিছিল । কিন্তু প্ৰাচীন অসমৰ এনে ৰাজকীয় যজ্ঞ সম্পন্ন কৰাৰ তথ্য এতিয়ালৈকে পোৱা হোৱা নাই ।
প্ৰাচীন অসমৰ ৰজাসকলে সম্পাদন কৰা এক উল্লেখযোগ্য যজ্ঞ আছিল ৰাজসূয় যজ্ঞ । সেই সময়ৰ ৰজাসকলে সমসাময়িক অন্যান্য ৰজাসকলৰ ওপৰত নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে এই যজ্ঞ কৰিছিল । এই যজ্ঞৰদ্বাৰা দিগবিজয়ৰ পূৰ্বেই বৈদিক নিয়মমতে যজ্ঞ পাতি সেই যজ্ঞৰ ঘোঁৰা মেলি দি চুবুৰীয়া ৰজাসকলৰ ওপৰত নিজৰ একছত্ৰী শাসন প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছিল । প্ৰাচীন অসমৰ ৰজা মহেন্দ্ৰবৰ্মনে দুটা, ভূতিবৰ্মনে এটা আৰু স্থিতবৰ্মনে দুটা অশ্বমেধ যজ্ঞ সম্পাদন কৰাৰ তথ্য পোৱা নাই ।
৩৯। প্রাচীন অসমৰ প্ৰাদেশিক প্ৰশাসনৰ ওপৰত এটি টোকা লিখা। (Write a note on the provincial administrational ancient
Assam.)
Answerঃ প্ৰাচীন অসমৰ ৰাজতন্ত্ৰৰ প্ৰচলন আছিল যদিও ৰাজ্যৰ সম্প্ৰসাৰণৰ লগে লগে প্ৰশাসনিক বিভাজন আৱশ্যকীয় হৈ পৰিছিল । প্ৰশাসনৰ ক্ষেত্ৰত ক্ষমতাৰ কেন্দ্ৰীয়কৰণ, বিকেন্দ্ৰীকৰণ আৰু স্থায়ী শাসনৰ মাজত ভাৰসাম্য ৰক্ষা কৰা দেখা গৈছিল ।
প্ৰাচীন অসমৰ প্ৰশাসনৰ সুবিধাৰ বাবে কিছুমান প্ৰশাসনিক ভাগ কৰা হৈছিল । এই ভাগসমূহৰ ওপৰত এক নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই । কিছুমান লিপিত উত্তৰকূল আৰু পশ্চিমকূল আৰু দক্ষিণকূল শব্দদুটা ব্যৱহাৰ হোৱালৈ চাই এই দুটা প্ৰশাসনিক বিভাগ যেন অনুমান হয় । কিছুমান লিপিত উল্লেখ থকা ভূক্তি, বিষয় মণ্ডল, পূৰ, গ্ৰাম, অগ্ৰহাৰ আদি প্ৰশাসনিক বিভাগ আছিল বুলি ঐতিহাসিকসকলে মতপোষণ কৰিছে । প্ৰাচীনকালত অসমৰ বিস্তৃত পূৰ্ববংগৰ পৰা ভূটানপৰ্যন্ত হোৱা দেখা গৈছিল ।
প্ৰাচীন অসমত ৰচিত সাহিত্য কালিকা-পুৰাণত কামৰূপ ৰাজ্যৰ সোমাজত কামাখ্যা দেৱীৰ মন্দিৰ আছিল বুলি উল্লেখ আছে । বিঞ্মু পুৰাণত উল্লেখ থকামতে কামাখ্যা মন্দিৰৰ চাৰিওদিশে এশ যোজনা জুৰি কামৰূপ ৰাজ্য বিস্তৃতি আছিল ।
প্ৰাচীন অসমৰ প্ৰশাসনিক ভাগবোৰ তলত থূলমূলকৈ আলোচনা কৰা হল
ক) ভূক্তি ঃ প্ৰাচীন অসমৰ প্ৰশাসনৰআটাইতকৈ ডাঙৰ ভাগটোৰ নাম আছিল ভূক্তি । বৈদ্যদেৱৰ কমৌলি লিপিত প্ৰাগজ্যোতিষক এটা ভূক্তি বুলি উল্লেখ কৰিছে । প্ৰাচীন অসমৰ এন্য এখন ভক্তিৰ নাম আছিল পুন্দ্ৰবৰ্দ্ধন । অৱশ্যে এই ভূক্তিৰ সমূহৰ অৱয়ববোৰ সময়ে সময়ে সলনি হোৱা দেখা যায় । উচ্চ প্ৰাদেশিক শাসনকৰ্তাই এই প্ৰাদেশিক ভূক্তিসমূহ শাসন কৰিছিল ।
মণ্ডল ঃ কমৌলি লিপিত উল্লেখ থকা কামৰূপ মণ্ডল শব্দৰ পৰা মণ্ডলসমূহো বিষয়ৰ সমপৰ্যায়ৰ প্ৰশাসনিক বিভাগ আছিল বুলি অনুমান কৰা হৈছে । কেইবাখনো বিষয় লগ-লাগি মণ্ডলসমূহ গঠিত হৈছিল । বল্লভদেৱৰ লিপিত হাপিয়কা নামৰ এটা মণ্ডলৰ বিষয়ে উল্লেখ আছে । পৰৱৰ্তী সময়ৰ ইন্দ্ৰপালৰ লিপিত উল্লেখ উল্লেখ থকা হাপিয়কা মণ্ডলকেই হাপিমমা মণ্ডল বুলি চিনাক্ত কৰিছে ।
বিষয় ঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ অন্য এটা ভাগ আছিল বিষয়সমূহ । বিষয়সমূহহৰ শাসনকৰ্তাৰ বা শাসনৰ অধিপতিজনক বিষয়পতি হিচাপে জনা গৈছিল বিষয়ৰ অধীনত অগ্ৰহাৰসমূহ ৰখা হৈছিল । প্ৰাচীন অসমৰ কেইখনমান উল্লেখযোগ্য বিষয় আছিল চন্দ্ৰপুৰী, দিজ্জিনা, মান্দি, পৰিজি ইত্যাদি ।
পুৰঃ প্ৰাচীন অসমত নগৰসমূহ পূৰ হিচাপে জনা গৈছিল । পূৰ শব্দৰ দ্বাৰা নগৰীয়া প্ৰশাসন বুজায় । প্ৰাচীন লিপিসমূহৰ পৰা প্ৰাগজ্যোতিষপুৰ, হাৰুপেশ্বৰ, দুৰ্জয়া নগৰী, কামৰূপ নগৰ আদি নগৰসমূহৰ কথা জানিব পাৰি ৰাজধানী নগৰৰ শাসন কেন্দ্ৰীয়ভাৱে চলিছিল । ৰাজধানী নগৰৰ চাৰিওফালে পহৰা দিবৰ বাবে সৈন্য-সামন্ত ৰখা হৈছিল । নগৰৰ শাসনকৰ্তাজন অধিকৰণ হিচাপে জনা গৈছিল ।
গ্ৰামঃ প্ৰাচীন অসমৰ প্ৰশাসনৰ আটাইতকৈ সৰু গোটটো আছিল গ্ৰাম । গ্ৰাম শব্দৰ দ্বাৰা গাওঁ বুজোৱা হৈছে । বস্তু,ক্ষেত্ৰ, খিলা, গোপচাৰ ভূমি, বনভূমি, জলাশয় আদিক গৈ গাওঁসমূহ গঠন কৰিছিল । গাওঁৰ প্ৰশাসনৰ দায়িত্বত থকা লোকজনক গাওবুঢ়া হিচাপে জনা গৈছিল ।
৪০। প্রাচীন অসমৰ ৰাজহ ব্যৱস্থাৰ ওপৰত বৰ্ণনা কৰি ৰাজহৰ উৎস আৰু ৰাজসংগ্ৰহৰ লগত জড়িত বিষয়া সকলৰ আলোচনা আগবঢ়োৱা।
(Describe revenue administration of ancient Assam with special reference to the source of revenue and revenue officials.)
Answerঃ ৰাজহ প্ৰশাসন ঃ প্ৰশাসন ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ হৈছে ৰাজহ প্ৰশাসন । ৰাজহৰ ওপৰতে ৰাজ্য এখনৰ উন্নয়ন আৰু সামাজিক শান্তি-শৃংখলা নিৰ্ভৰ কৰে । প্ৰাচীন কালত ৰজাৰ প্ৰধান কাম আছিল ধৰ্ম-অৰ্থ কাম এই ত্ৰিবৰ্গ সাধন আৰু পালন কৰা । ৰজাই বিভিন্ন ব্যৱস্থাৰ দ্বাৰা অৰ্থ সংগ্ৰহ কৰি ৰাজভৰাল টনকিয়াল কৰি ৰাখিব লাগিছিল । ৰাজহৰ পৰা ন্যায় অনুসৰি ৰজাই ৰাজহ সংগ্ৰহ কৰিছিল আৰু সেইসমূহ প্ৰজাৰ উন্নয়নৰ কামত খৰচ কৰিছিল । প্ৰাচীন অসম ৰাজহ প্ৰশাসনৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰি । সমসাময়িক লিপিসমূহে এই ক্ষেত্ৰত বহু তথ্যৰ যোগান ধৰিছে । তলত প্ৰাচীন অসমৰ ৰাজহ সংগ্ৰহ , আৰু ৰাজহ সংগ্ৰহকাৰী বিষয়াসকল আৰু ভূমি বন্দোবস্তিৰ বিষয়ে আলোচনা কৰা হল
ৰাজহ উৎস ঃ প্ৰাচীন অসমত ৰাজহৰ প্ৰধান উৎ,স হল ভূমি । সেইসময়ত সকলো ভূমিৰ মালিক আছিল ৰজা নিজে । সেয়েহে ৰজাই প্ৰজাৰ পৰা ভূমি ৰাজহ সংগ্ৰহ কৰিছিল । খেতিয়কসকলৰ দখলত থকা ভূমি সমূহৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি সেই ভূমিৰ ওপৰত ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল । প্ৰজাই ব্যৱহাৰ কৰা ভূমিৰ বাবদ ৰজাক নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্ধাৰিত কৰ পৰিশোধ কৰিব লাগিছিল । এনেদৰে নিয়মিতভাৱে ভূমি ৰাজহ আদায় দিয়া লোকজন বংশানুক্ৰমিকভাৱে মাটি ভোগ কৰি থাকিব পাৰিছিল । সাধাৰণতে উৎ,পন্ন দ্ৰব্যৰ দ্বাৰা বা নগদ ধনেৰে আদায় দিয়া এই ভূমি ৰাজহক কৰ হিচাপে জনা গৈছিল । অৰ্থাৎ, প্ৰাচীন অসমত ভূমিৰ ওপৰত নিয়মিতভাৱে আৰোপ কৰা ৰাজহৰ নাম আছিল কৰ । এই কৰৰ পৰিমাণ সম্বন্ধে নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই । নিধানপুৰ লিপি আৰু কমৌলি লিপিত কৰ সংগ্ৰহৰ কথা উল্লেখ আছে যদিও তাৰ নিৰ্দিষ্ট পৰিমাণ বিষয়ে উল্লেখ নাই । প্ৰাচীন ভাৰততো ভূমিৰ বাবদ কৰ লোৱাৰ ব্যৱস্থা আছিল আৰু ইয়াক ভাগ হিচাপে জনা গৈছিল । বৰ্তমানৰ ঐতিহাসিকসকলৰ মাজত কৰ আৰু ভাগ সম্পৰ্কে মতবিৰোধ দেখিবলৈ পোৱা যায় । বেছিভাগ ঐতিহাসিকৰ মতে যদিও দুয়োবিধ ভূমি ৰাজহেই আছিল, তথাপি কৰ আৰু ভাগৰ মাজত পাৰ্থক্য আছিল । তেওঁলোকৰ মতে ভাগ ব্যৱস্থাত কেৱল উৎ,পাদিত দ্ৰব্যৰ দ্বাৰাহে ৰাজহ পৰিশোধ কৰিব পাৰি । আনহাতে কৰ ব্যৱস্থাত ৎ,পাদিত দ্ৰব্য অথবা নগদ ধনৰ দ্বাৰা ৰাজহ দিব পৰা যায় । কিন্তু প্ৰাচীন অসমত ভূমি ৰাজহৰ ক্ষেত্ৰত কৰ শব্দটিহে ব্যৱহাৰ হৈছিল আৰু এই উৎ,পাদিত দ্ৰব্য, নগদ ধন সেৱাৰ দ্বাৰা পৰিশোধ কৰিব পাৰিব লাগিছিল ।
প্ৰাচীন অসমত ৰজা যিহেতুকে ৰাজ্যৰ সকলো ভূমিৰ মালিক আছিল, সেয়েহে তেওঁ ই
চ্চা অনুসৰি ব্ৰাহ্মণ বা অন্যান্য মন্দিৰ আদিলৈ দান কৰিব পাৰিছিল । এনেদৰে ৰজাই দান কৰা মাটি আৰু সমূহৰ কৰমুক্ত আছিল । কমৌলি লিপিত উল্লেখ থকামতে শাস্তি পাতক আৰু মন্দৰাৰ দুখন গাও ৰজাই ব্ৰাহ্মণক দান কৰিছিল আৰু এই দুখন কৰমুক্ত আছিল ।
নিয়মিতভাৱে দিয়া কৰসমূহৰ উপৰিও অন্যান্য কিছুমান উৎ,সৰ পৰাও ৰাজহ সংগ্ৰহ কৰা হৈছিল । এইসমূহ হল সাময়িক কৰ, বাণিজ্যিক কৰ, জৰিমণা , সম্পত্তি কৰ, সামন্তসকলৰ পৰা পোৱা কৰ আদি । বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ কৰ প্ৰজাৰ ওপৰত সাময়িকভাৱে আৰোপ কৰা হৈছিল । এই কৰসমূহ অনিয়মিত আৰু সাময়িক বা অতিৰিক্ত কৰ হিচাপে জনা গৈছিল । এনে কিছুমান কৰৰ উদাহৰণ হল
উপৰিকৰঃ স্থায়ী বা অস্থায়ীভাৱে সকলো শ্ৰেণীৰ খেতিয়কৰ পৰা আদায় কৰা এবিধ অতিৰিক্ত কৰ ।
উৎ,ক্ষেটনা ঃ বিশেষ কাৰণত জৰুৰীকালীনভাৱে লোৱা কৰ ।
চৌৰধৰণ ঃ চোৰ-ডকাইতৰ পৰা ৰক্ষা কৰিবলৈ গাওঁবাসীয়ে প্ৰতিৰক্ষাৰ নামত আদায় দিয়া কৰ ।
সামগ্ৰীকৰ ঃ প্ৰাচীন অসমৰ ৰাজহৰ এক গুৰুত্বপূৰ্ণ উৎ,স আছিল সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ । নাৱেৰে বেপাৰ কৰা সামগ্ৰীসমূহৰ পৰা কৰা সংগ্ৰহ কৰা হৈছিল । মাছমৰীয়াসকলৰ পৰাও কৰ সংগ্ৰহ কৰা হৈছিল । তামৰ খনিসমূহৰ পৰাও কৰ সংগ্ৰহ কৰা হৈছিল । এই কৰক কমলাকৰ হিচাপে জনা গৈছিল ।
ৰাজহ সংগ্ৰহকাৰী বিষয়া ঃ প্ৰাচীন অসমত ৰাজহ প্ৰশাসনৰ মুৰব্বী আছিল ৰজা । ৰাজ্যৰ সকলো আয়-ব্যয়ৰ ওপৰত ৰজাই চকু ৰাখিছিল । ৰাজ্যৰ বিত্তমন্ত্ৰীজনে এই ক্ষেত্ৰত ৰজাক সহায় কৰিছিল । ৰাজহ সম্পৰ্কীয় সকলো নথি-পত্ৰ সংৰক্ষণ কৰা হৈছিল । ৰাজহ নিৰ্ধাৰণৰ প্ৰণালী আৰু ৰাজহ আদায়ৰ হিচচাপো ৰখা হৈছিল । স্থানীয় প্ৰশাসনৰ জৰিয়তে ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল । সংগ্ৰহীত ৰাজহ ৰাজকোষত জমা কৰা হৈছিল । ৰজাই ৰাজকোষৰ ধন খৰচ কৰাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা কৰা দেখা গৈছিল । কাৰণ আয়ৰ এক নিৰ্দিষ্ট অংশ ব্যয় কৰাৰ বিপৰীতে সকলো সময়তে ৰাজকোষ সম্পূৰ্ণ কৰি ৰখাতো ৰজাৰ প্ৰধান কাম আছিল ।
ৰাজহৰ প্ৰশাসনৰ বিভিন্ন পৰ্যায়ত সহায় কৰিবৰ বাবে বহুতো বিষয়া নিয়োগ কৰা হৈছিল । প্ৰাচীন অসমৰ ৰাজহ প্ৰশাসনৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য বিষয়া আছিল
ভণ্ডগাৰাধিকৃত ঃ জমাকক্ষৰ দায়িত্ববাহী বিষয়া ।
কোষ্ঠাগাৰিক ঃ ৰাজকোষৰ দায়িত্বত থকা বিষয়া ।
মহাসামন্ত ঃ ভাণ্ডাগাৰৰ নেতৃত্বত থকা বিষয়া ।
উৎ,ক্ষেটক ঃ উৎ,ক্ষেটন নামৰ অতিৰিক্ত কৰ সংগ্ৰহ বাবে নিয়োজিত বিষয়া ।
ঔপৰিকাৰিক ঃ উপৰিকৰ নামৰ অতিৰিক্ত কৰ সংগ্ৰহৰ বাবে নিয়োজিত বিষয়া ।
হস্তীবন্ধিক ঃ হস্তীপূপবিলাক লীজত দিবৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত বিষয়া ।
নৌকাবন্ধিক ঃ নাৱত বেপাৰ কৰা সামগ্ৰীসমূহৰ কৰা আদায়ৰ দায়িত্বত থকা বিষয়া ।
কেৰাণী, গাণনিক, লিখক ঃ ৰাজহ বিভাগৰ হিচাপ দায়িত্ব ।
৪১। প্রাচীন অসমৰ বিচাৰ ব্যৱস্থাৰ বিষয়ে লিখা। (Write on the judicial system of ancient Assam)
Answerঃ প্ৰাচীন অসমৰ বিচাৰ ব্যৱস্থাৰ বিষয়ে বৰ বেছি তথ্য পোৱা হোৱা নাই । প্ৰাচীন লিপিসমূহত উল্লেখ থকা কিছুমান পদবী আৰু বিষয়াৰ নামৰ ওপৰত ভিত্তি কৰি সেইসকল বিচাৰৰ লগত জড়িত আছিল বুলি অনুমান কৰা হৈছে । কিন্তু বিচাৰ বিভাগৰ সংগঠন আৰু কাৰ্যপ্ৰণালীৰ ওপৰত স্পষ্ট ধাৰণা কৰিব পৰা নাযায় । তলত বিচাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হল
ক) দোষীৰ বিচাৰ ঃ প্ৰাচীন অসমত বিচাৰৰ ক্ষেত্ৰত ৰজাই আছিল সৰ্বেসৰ্বা । ৰজাই নিজকে ন্যায় আৰু ধৰ্মৰ ৰক্ষক বুলি বা ধৰ্মৰ ৰক্ষক হিচাপে চিনাকি দিছিল । অৱশ্যে গাওঁ অঞ্চল আৰু জনজাতীয় বসতিৰ এলেকাসমূহত পৰম্পৰাগত ভাৱে চলি থকা নিয়ম আৰু গোষ্ঠীগত নিয়ম-কানুনৰ দ্বাৰা বিচাৰ হৈছিল । এনে বিচাৰসমূহত সামাজিক বিশ্বাস আৰু প্ৰচলিত প্ৰবাদৰ প্ৰভাৱ আছিল । কালক্ৰমত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত প্ৰাচীন হিন্দু ধৰ্মশাস্ত্ৰ সমূহৰ ওপৰত ভিত্তি কৰি এক বিচাৰ ব্যৱস্থা গঢ়ি উঠা দেখা গৈছিল । এই ব্যৱস্থাৰ দ্বাৰা ৰজাই বিচাৰকাৰ্য সম্পাদন কৰিছিল । ৰজাৰ অধীনত বিচাৰ বিভাগটোক সাংগঠনিক ৰূপ দিয়া হৈছিল । প্ৰাদেশিক আৰু জিলা পৰ্যায়ত একোজন শাসনকৰ্তাৰ তলত একোখন বিচাৰসভা আছিল । বিচাৰসভা বিলাকত দোষীক বিচাৰ কৰোতে সাক্ষী লোৱাৰ ব্যৱস্থা আছিল ।
শাস্তি ঃ বিচাৰ কৰাৰ শেষত দোষীক শাস্তি প্ৰদান কৰা হৈছিল । প্ৰাচীন অসমৰ বিচাৰ ব্যৱস্থাত শাস্তিসমূহৰ কেনেধৰণৰ আছিল তাক সঠিক তথ্য পোৱা হোৱা নাই । সৰু সৰু দোষৰ কাৰণে জৰিমনা লোৱা হৈছিল । প্ৰয়োজনসাপেক্ষে মৃত্যুদণ্ড পৰ্যন্ত দিয়া হৈছিল । শাস্তিসমূহ অতি কঠোৰ আছিল আৰু তাৰ দ্বাৰা সমাজত পুনৰবাৰ যাতে দোষীৰ কাৰ্যবৃদ্ধি নাপায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । বিচাৰৰ দায়িত্বত থকা বিষয়াসকল আছিল
ধৰ্মাধিকাৰ ঃ বিচাৰক ।
বিষয়ধীকৰণ ঃ জিলাৰ মুখ্য কাৰ্যালয়ৰ বিষয়া ।
দণ্ডপাশিক আৰু দণ্ডিক ঃ পুলিচ বিষয়া ।
চাট আৰু ভাট ঃ চোৰাংচোৱা ।
type Suman Kakati
Author Ali rani Kakati ( Ba in History Major)
Post ID :DABP005246