নৱম অধ্যায় 

খ্ৰীঃ অষ্টদশ শতিকাৰ পৰা আহোম শাসনৰ শেষলৈ অসম



MODEL QURESTION ANSWER

প্ৰশ্নাৱলী

 

● অতি চমু প্রশ্ন (Very Short Questions ) :

 

 ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল? (Who is the Ahom name of Rudra Singha?)

 Answerঃ  ৰুদ্ৰ সিংহৰ আহোম নাম আছিল চুখ্ৰাংফা । 

 ৰুদ্ৰ সিংহ কোন বংশৰ লোক আছিল? (Rudra Singha belonged to which family?)

 Answerঃ  ৰুদ্ৰ সিংহ তুংখুঙীয়া বংশৰ লোক আছিল । 


 কৃষ্ণৰাম ভট্টাচার্য ন্যায়বাগীশ কোন আছিল? (Who was Krishnaram Bhattarchrya Nyabagish?)

 Answerঃ  কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বাগীশ এজন শাক্ত পণ্ডিত আছিল । 


 চতুর্ভুজ মহন্ত কোন সত্ৰৰ সত্ৰাধিকাৰ আছিল? (Chaturbhuj Mahanta was the Satradhikar of which Satra?)

 Answerঃ চতুৰ্ভূজ মহন্ত মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ আছিল । 

 অসমৰ শেষৰজন স্বাধীন ৰজা কোন আছিল? (Who was the last independent King of Assam?)

 Answerঃ অঅসমৰ শেষৰজন স্বাধীন ৰজাৰ নাম আছিল পুৰন্দৰ সিংহ । 

 ইয়াণ্ডাবু সন্ধি কোন ঠাইত স্বাক্ষৰিত হৈছিল? (Yandaboo treaty was signed in which Place?)

 Answerঃ  ইয়াণ্ডাবু সন্ধি ইয়াণ্ডাবু নামৰ ঠাইখনত স্বাক্ষৰিত হৈছিল । 


চমু প্রশ্ন (Short Questions ) :

 

 ৰুদ্ৰ সিংহৰ সময়ৰ দুটা স্থাপত্য উল্লেখ কৰা (Mention two archi tecture of Rudra Singha's Period.)

 Answerঃ  ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ দুটা স্থাপত্য হল 

ক) নামদাঙৰ শিলৰ সাঁকো ।

খ) জয়সাগৰ পুখুৰী । 

 মোৱামৰীয়া বিদ্ৰোহৰ দুটা কাৰণ লিখা (Write two cause of the Moamoria uprising)

 Answerঃ মোৱামৰীয়া বিদ্ৰোহৰ দুটা কাৰণ হল 

ক) 

 মানৰ আক্ৰমণৰ দুটা কাৰণ লিখা (Mention two cause of Burmise inavsion)

 Answerঃ 

৪।  ৰাধা আৰু ৰুক্মিণী কোন আছিল আৰু তেওঁলোকে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল?

 (Who was Radha and Rukmini and against whom they fought?)

 Answerঃ  ৰাধা আৰু ৰুক্মিণী মোৱামৰীয়া সত্ৰৰ শিষ্য নাহৰ খোৰাৰ পত্নী আছিল আৰু তেওঁলোকে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল । 


→ চমু টোকা (Short Notes) :

 

  ৰুদ্ৰ সিংহৰ প্ৰশাসনিক সংস্কাৰ (Administrative reforms of Rudra Singha)

 Answerঃ  প্ৰশাসনিক দিশত ৰুদ্ৰ সিংহই পাচটা নতুন খেলৰ সৃষ্টি কৰিছিল । প্ৰশাসনৰ অংগ এই খেলসমূহ আৰু তেওঁলোকৰ কাৰ্যাবলী আছিল 

কটকী ঃ ৰজাৰ পত্ৰবাহক হিচাপে আন দেশৰ ৰজা, নবাব বা ৰাজ্যৰ ভিতৰত অন্যান্য বিষয়াৰ লগত যোগাযোগ কৰা ।

কাকতি ঃ ৰজাঘৰৰ আয়-ব্যয়ৰ লগতে পাইকৰ হিচাপ ৰখা ।

বৈৰাগী ঃ ছদ্মবেশেৰে ঘুৰি বিভিন্ন স্থানৰ ধৰ্মীয় তথা সাংস্কৃতিক জীৱনৰ অধ্যয়নৰ লগতে দেশ বিদেশৰ বাতৰি ৰখা ।

খাউণ্ড ঃ বিদেশলৈ গৈ ৰজাৰ বয়-বস্তু ক্ৰয় কৰা আৰু ৰাজ পৰিয়ালৰ ধৰ্মীয় কাম কৰা ।

দলৈ ঃ জ্যোতিষ শাস্ত্ৰমতে গণনা কৰি দেশ, ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ ভাল বেয়া বিচাৰ কৰা । 


 পূৰ্ণানন্দ বুঢ়াগোহাঁই (Purnananda Buragohain)

 Answerঃ  

 ইয়াণ্ডাবু সন্ধি (Treaty of Yandaboo)

 Answerঃ ইয়াণ্ডাবু সন্ধিৰ ফলত প্ৰথম ইংগ-বাৰ্মী যুদ্ধৰ অন্ত পৰিছিল । খ্ৰীঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু বাৰ্মীজৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল ।  এই চুক্তিত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হৈ জেনেৰেল ছাৰ অৰ্কিবল্ড কেম্পবেৱ আৰু আভা বা বাৰ্মী পক্ষৰ হৈ লিগিয়াঙৰ গৱৰ্ণৰ মহা-মিন-লাযাও -টিনে স্বাক্ষৰ কৰিছিল । ব্ৰহ্মদেশ আভাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দুৰত্বত ইয়াণ্ডাবু নামৰ ঠাইত এই চুক্তিখন স্বাক্ষৰিত হৈছিল ।

এই ইয়াণ্ডাবু সন্ধি অনুসৰি ব্ৰিটিছ আৰু বাৰ্মী বা মানসকলৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পৰে । এই চুক্তিয়ে দুয়োপক্ষৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল । এই চুক্তিৰ কেইটামান উল্লেখযোগ্য চৰ্ত আছিল 

ক) ব্ৰহ্মৰাজে ব্ৰিটিছক উপযুক্ত ক্ষতিপূৰণ দিব ।

খ) ব্ৰহ্মদেশৰ ৰজাই অসম আৰু ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ ওপৰত থকা সকলো অধিকাৰ পৰিত্যাগ কৰিব ।

গ) গম্ভীৰ সিঙক মণিপূৰৰ শাসক হিচাপে স্বীকৃতি দিয়া হয় ।

ঘ) আৰাকান, টেনাচেৰিম, য়েহ, আদি অঞ্চল কোম্পানীক এৰি দিয়া হয় ।

ঙ) ব্ৰহ্মদেশত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখাৰ ব্যৱস্থা ।

চ) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত বাৰ্মীৰ হস্তক্ষেপ বন্ধ ইত্যাদি ।

ইয়াণ্ডাবু সন্ধিৰ ফলত অসমত বাৰ্মীসকলৰ অধিকাৰ লুপ্ত হয় । এই চুক্তিৰ পাছত বাৰ্মী বা মানসকলে অসম আক্ৰমণ কৰা নাছিল । ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰ কৰোতে আহোম ৰজাৰ কোনো প্ৰতিনিধি তাত উপস্থিত নাছিল । অথচ এই চুক্তিখন সম্পাদনৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাত এক ক্ষমতাশূন্য পৰিস্থিতিৰ সৃষ্টি হৈছিল । এই পৰিস্থিতিৰ সুবিধা লৈ লাহে-লাহে ব্ৰিটিছে অসমখন অধিকাৰ কৰিবলৈ সক্ষম হৈ পৰিছিল । 

ঘ) আৰাকান, টেনচৰিম , য়েহ আদি অঞ্চল কোম্পানীক এৰি দিয়া হয় ।

ঙ) ব্ৰহ্মদেশত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখাৰ ব্যৱস্থা । 

চ) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত বাৰ্মীৰ হস্তক্ষেপ বন্ধ ইত্যাদি । 

ইয়াণ্ডাবু সন্ধিৰ ফলত অসমত বাৰ্মীসকলৰ অধিকাৰ লুপ্ত হয় । এই চুক্তিৰ পাছত বাৰ্মী বা মানসকলে অসম আক্ৰমণ কৰা নাছিল । 



● ৰচনাধৰ্মী প্রশ্ন (Essay type Questions ) :

 

 মোৱামৰীয়া বিদ্ৰোহৰ ওপৰত এটা টোকা (Write a note on Moamoria uprising) (A)

 Answerঃ  আহোম ৰাজ্যৰ পতনৰ এটা প্ৰধান কাৰণ আছিল মোৱামৰীয়া বিদ্ৰোহ । মোৱামৰীয়া হল এক ধৰ্মীয় সম্প্ৰদায় । এই ধৰ্মীয় সম্প্ৰদায়ৰ মূল বা প্ৰধান ভেটি হল মায়ামৰা বা মোৱামৰীয়া সত্ৰ । মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ এজন সম্পৰ্কীয় অনিৰুদ্ধদেৱে এই মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰখন প্ৰতিষ্ঠা কৰিছিল । এই সত্ৰখন কাল-সংহতিৰ অন্তৰ্গত আছিল । অসমত কাল-সংহতি ধাৰাৰ প্ৰতিষ্ঠা কৰিছিল গোপালদেৱে । তেোঁ নৈৱ বৈষ্ণৱবাদৰ গণতান্ত্ৰিক আদৰ্শসমূহ অনুধাৱন কৰাৰ লগতে জনজাতীয় লোকসকলকো এই ধাৰাত শৰণ দিয়াৰ ব্যৱস্থা কৰিছিল । শূদ্ৰ-মহন্তৰ এই কাল-সংহতিৰ সত্ৰসমূহ পৰিচালিত হৈছিল । অসমত সৰ্বমুঠ বাৰখন কাল-সংহতিৰ সত্ৰ আছিল । তাৰ ভিতৰত অন্যতম আছিল মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰ ।


নৱবৈষ্ণৱবাদৰ আদৰ্শৰে প্ৰতিষ্ঠিত মোৱামৰীয়া সত্ৰত সকলো শ্ৰেণী-বৰ্ণ আৰু গোত্ৰৰ সকলো লোকেই সদস্য হব পাৰিছিল । তদুপৰি জাতি-বৰ্ণ উভয়ে সকলো সদস্যকে সমমৰ্যাদা প্ৰদান কৰা হৈছিল । এই সত্ৰৰ সদস্যসকলে ব্ৰাহ্মণ পূজাৰীৰ লগত কোনোধৰণৰ সম্পৰ্ক ৰখা নাছিল । হৰিনাম আৰু হৰিভক্তিৰ মাধ্যমেৰে চলা এই সত্ৰৰ গুৰু বা মহন্তসকলে কোনোধৰণৰ ৰাজসাহাৰ্য্য গ্ৰহণ কৰা নাছিল । তেওঁলোকে সম্পূৰ্ণ স্বাধীনভাৱে তথা গণতান্ত্ৰিক নীতিৰে সত্ৰ পৰিচালনা কৰিছিল । ফলত আহোম, কছাৰী, চুতীয়া, কৈৱৰ্ত্য, ব্ৰাহ্মণ, কলিতা আদি সকলো জনগোষ্ঠীৰ লোক এই সত্ৰৰ সদস্য আছিল । অৱশ্যে এই সত্ৰৰ সংখ্যাগৰিষ্ঠ লোক আছিল মৰাণ সম্প্ৰদায়ৰ । ইয়াৰ সদস্যসকলক মটক বুলিও জনা গৈছিল । মটক শব্দই একে মত বা ঐক্যমত্যৰ অৰ্থ বুজাইছিল । আহোম ৰাজত্বৰ শেষৰফালে হোৱা কিছুমান ঘটনাই এই মোৱামৰীয়া নামৰ ধৰ্মীয় সম্প্ৰদায়টোক এক সামৰিক তথা যুজাৰু শ্ৰেণীলৈ পৰিৱৰ্তন হবলৈ বাধ্য কৰাইছিল । শাসক শ্ৰেণীসকলৰ অত্যাচাৰৰ আৰু আৰ্থিক বৈষম্য বা সমস্যা দূৰ কৰিবলৈ এই মোৱামৰীয়া সম্প্ৰদায়ৰ লোকসকল মাৰ বান্ধি থিয় দিছিল । আহোম স্ূপ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মোৱামৰীয়াসকলে আহোম ৰাজত্বৰ বিৰুদ্ধে প্ৰথম বাৰৰ বাবে বিদ্ৰোহ আৰম্ভ কৰিছিল  স্বৰ্গদেউ গোৰীনাথ লিংহৰ ৰাজত্বকালত দ্বিতীয় আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল । এই বিদ্ৰোহ দমনৰ বাবে আহোমৰ প্ৰশাসনে ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ওচৰত সহায় ভিক্ষা কৰিবলৈ বাধ্য হৈছিল । মোৱামৰীয়া বিদ্ৰোহ দমন দমন কৰাৰ বাবে কলিকতাৰ পৰা ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কেপ্তেইন ৱেলছক অসমলৈ পঠাইছিল । 


 বাৰ্মী আক্ৰমণ আৰু অসমৰ ৰাজনীতিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপৰ ওপৰত আলোচনা কৰা৷

(Discuss about Burmise in vasion and the Interfere of British East India Company in Assam's Politics.)

Answerঃ  স্বৰ্গদেই গৌৰীনাথ সিংহৰ পাছত ক্ৰমে কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ আহোমৰ সিংহাসনত আৰোহণ কৰিছিল । চন্দ্ৰকান্ত সিংহৰ শাসনকালত পূৰ্ণানন্দ বুঢ়াগোহাই শাসনৰ সৰ্বেসৰ্বা হৈ উঠিছিল । সেই সময়ত আহোম ৰাজ্যত অন্য এজন শক্তিশালী বিষয়া আছিল গুৱাহাটীৰ বদনচন্দ্ৰ বৰফুকন । চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজত হোৱা বিবাদৰ ফলত বাৰ্মী বা মানসকলে অসম আক্ৰমণ কৰিবলৈসুবিধা পায় । পূৰ্ণানন্দ আৰু বদনৰ মাজৰ এই বিবাদৰ প্ৰধান কাৰণ আছিল 

ক) কেপ্তেইন ৱেলছৰ প্ৰত্যাৱৰ্তনৰ  পাছত নামনি অসমত হোৱা ৰাজনৈতিক পৰিস্থিতিক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত হোৱা বিবাদ । খ্ৰীঃ ১৭৯৫ত নামনি অসমত হোৱা দন্দুৱা দ্ৰোহৰ বাবে পূৰ্ণানন্দই বদন বৰফুকনক জগৰীয়া কৰি বৰফুকন পদৰ পৰা নিলম্বিত কৰি কলিয়াভোমোৰাক বৰফুকন পাতে । অৱশ্যে বদনচন্দ্ৰৰ কন্যা পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুত্ৰই বিয়া কৰোৱাত দুয়োজনৰ মাজত বিবাদ সাময়িকভাৱে শাম কাটে । কলিয়াভোমোৰাৰ মৃত্যুৰ পাছত বদনচন্দ্ৰ বৰফুকন পতা হয় ।

খ) এবাৰ সৎৰাম চাৰিংগীয়া ফুকনৰ লগ-লাগি বদন বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাইক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল । পূৰ্ণানন্দই এই ষড়যন্ত্ৰ ধৰা পেলাই সৎৰামক হত্যা কৰে ।

গ) বদনচন্দ্ৰ বৰফুকনে কৰ সংগ্ৰহৰ নামত নামনি অসমৰ প্ৰজাৰ ওপৰত অত্যাচাৰ চলাইছিল । তদুপৰি তেওঁৰ পুত্ৰই হাতীক ভাং খুৱাই বলিয়া কৰি নিৰীহ প্ৰজাৰ ঘৰ ভাঙিবলৈ এৰি দিছিল । 

ঘ) চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত কানি নিষিদ্ধ কৰাৰ লগতে আফু খেতি নিষিদ্ধ কৰা হৈছিল । কিন্তু বদনচন্দ্ৰ বৰফুকনে নামনিত এই আদেশ অমান্য কৰি বুঢ়াগোহাইৰ বিৰুদ্ধচৰণ কৰিছিল । 

পূৰ্ণানন্দ বুঢ়াগোহাইৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাই অহাত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ভিতৰি ভাল পোৱা নাছিল । সেয়ে তেওঁ বৰপাত্ৰ গোহাই আৰু বদন বৰফুকনৰ লগ-লাগি পূৰ্ণানন্দ বুঢ়াগোহাইক হত্যা কৰাৰ ষড়যন্ত্ৰ  কৰে । পূৰ্ণানন্দ বুঢ়াগোহায়ে এই ষড়যন্ত্ৰৰ বাতৰি পোৱাত স্বৰ্গদেৱে নজনাৰ ভাও জোৰে । ফলত কেৱল বদনচন্দ্ৰৰ শত্ৰু বুলি ভাবি পূৰ্ণানন্দই বদনক ধৰিবৰ বাবে মহেশ্বৰ পৰ্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিয়ায় । কিন্তু জীয়ৰী পিজৌ গাভৰুৰ পৰা এই বাতৰি আগতীয়াকৈ পাই বদনচন্দ্ৰ কলিকতালৈ পলাই যায় । পূৰ্ণানন্দ বুঢাগোহাইক অপসাৰণৰ বাবে বদনে কলিকতাৰ কোম্পানীৰ ওচৰত সহায় বিচাৰি বিফল হোৱাত তাৰ পৰা বাহিৰে বাহিৰে ব্ৰহ্মদেশলৈ গৈ ব্ৰহ্ম ৰজাৰ ওচৰত সহায় ভিক্ষা বিচাৰে । 

ব্ৰহ্মদেশৰ মান ৰজা বদৌপায়াই অসম আক্ৰমণৰ বাবে সুযোগৰ সন্ধানত আছিল । ব্ৰহ্মদেশৰ ৰাণী ৰঙিলী আইদেউ সম্বন্ধত বদনৰ পেহীয়েক আছিল । তেওঁ বদনক সহায় কৰিবৰ বাবে মান ৰজাক খাটনি ধৰাত খ্ৰীঃ ১৮১৭ত ব্ৰহ্মদেশৰ ৰজাই আঠ হেজাৰমান মান সেনা অসমলৈ পঠায় ।  খ্ৰীঃ ১৮১৭ত ঘিলাধাৰীত হোৱা যুদ্ধত বাৰ্মী সৈন্যই আহোম সেনাক পৰাস্ত কৰিছিল । এইবাৰ আহোম সৈন্যই মৰাণ, কোচ, চুতীয়া, কলিতা, কৈৱৰ্ত আদি সকলো লোকক একত্ৰিত কৰি বাৰ্মীৰ বিৰুদ্ধে যুজিবলৈ আগুৱাই আহিছিল । সেই সময়তে বাৰ্মী সেনা ৰাজধানী যোৰহাটত প্ৰৱেশ কৰি চন্দ্ৰকান্ত সিংহক ৰজা হিচাপে ৰাখি বদনচন্দ্ৰক ৰাজমন্ত্ৰী বা বুঢ়াগোহাই পাতিলে । 

ইয়াণ্ডাবু সন্ধিৰ ফলত প্ৰথম ইংগ-বাৰ্মী যুদ্ধৰ অন্ত পৰিছিল । খ্ৰীঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু বাৰ্মীজৰ মাজত েই চুক্তিখন স্বাক্ষৰিত হৈছিল । এই চুক্তিত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হৈ জেনেৰেল ছাৰ অৰ্কিৱল্ড কেম্পবেল আৰু আভা বা বাৰ্মী পক্ষৰ হৈ লিগিয়াঙৰ গৱৰ্ণৰ মহা-মিন-লা-য়াউ টিনে স্বাক্ষৰ কৰিছিল । ব্ৰহ্মদেশ আভাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দুৰত্বৰ ইয়াণ্ডাবু নামৰ ঠাইত এই চুক্তিখন স্বাক্ষৰিত হৈছিল । এই ইয়াণ্ডাবু সন্ধি অনুসৰি ব্ৰিটিছ আৰু ূাৰ্মী বা মানসকলৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাত বা যুদ্ধৰ অন্ত পৰে । এই চুক্তিয়ে দুয়ো শক্তিৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল । এই চুক্তিৰ কেইটামান উল্লেখযোগ্য চৰ্ত আছিল 

১। ব্ৰহ্মৰাজে ব্ৰিটিছক উপযুক্ত ক্ষতিপূৰণ দিব ।

২। ব্ৰহ্মদেশৰ ৰজাই অসম আৰু ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ ওপৰত থকা সকলো অধিকাৰ পৰিত্যাগ কৰিব ।

৩। গম্ভীৰ সিঙক মণিপূৰৰ শাসক হিচাপে স্বীকৃতি দিয়া হয় ।

৪। আৰাকান, টেনাচেৰিম, য়েহ আদি অঞ্চল কোম্পানীক এৰি দিয়া হয় ।

৫। ব্ৰহ্মদেশত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখাৰ ব্যৱস্থা ।

৬। কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত বাৰ্মীৰ হস্তক্ষেপ বন্ধ ইত্যাদি । 

ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ বাৰ্মীসকলৰ অধিকাৰ ক্ষুব্ধ হয় । এই চুক্তিৰ পাছত বাৰ্মী বা মানসকলে অসম ৰাজ্যখন আক্ৰমণ কৰিব পৰা নাছিল । 




Type Himanku Bora

Author_ Ali rani Kakati ( Ba in History Major)