অধ্যায়-27
অসমৰ কৃষিকাৰ্য আৰু শিল্প উদ্যোগ:
(১) অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অন্নশস্যবোৰ কি কি ?
উত্তৰঃ অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অন্নশস্যবোৰ হ'ল- ধান, মাকৈ, ঘেঁহু আৰু জোৱাৰ।
(২) অসমত উৎপাদিত তৈলবীজ শস্য বোৰৰ নাম লিখা ?
উত্তৰঃ অসমত উৎপাদিত তৈলবীজ শস্যবোৰৰ নাম হ'ল- তিল, সৰিয়হ, এড়াগুৰি আৰু নাৰিকল।
(৩) অসমত উৎপাদিত আঁহ-জাতীয় শস্যবোৰৰ নাম লিখা ?
উত্তৰঃ অসমত উৎপাদিত আঁহ-জাতীয় শস্যবোৰৰ নাম হ'ল- কপাহ, মৰাপাট আৰু সন।
(৪) অসমত উৎপাদিত শাক-পাচলি আৰু ফলৰ নাম লিখা ?
উত্তৰঃ অসমত উৎপাদিত শাক-পাচলি নাম হ'ল- অমিতা, আলু,ৰঙা-আলু, টপিওকা, পিয়াজ, অন্যান্য পাচলি আৰু ফলৰ নাম হ'ল- আম, সুমথিৰা আৰু মাটিকঁঠাল।
(৫) অসমৰ সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি নাম কি ?
উত্তৰঃ অসমৰ সংগঠিত খণ্ডত বাণিজ্যিক কৃষি নাম হ'ল- চাহ।
(৬) অসমত পৰম্পৰাগতভাৱে কেইবিধ কৃষি প্ৰচলন দেখা যায় আৰু কি কি ?
উত্তৰঃ অসমৰ পৰম্পৰাগতভাৱে তিনি ধৰণৰ কৃষি প্ৰচলন দেখা যায় আৰু সেইকেই বিধ হ'ল- অন্তৰণ কৃষি, কৃষক, পৰিচালিত পোষক কৃষি আৰু ৰোপণ কৃষি।
(৭) অসমৰ পাৰ্বত্য এলেকাত কিমান কিলোমিটাৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুমখেতিৰ কাৰণে মুকলি কৰা হৈছে ?
উত্তৰঃ অসমৰ পাৰ্বত্য এলেকাত ৭০০ বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ৭০, ০০০ হেক্টৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুমখেতিৰ কাৰণে মুকলি কৰা হৈছে।
(৮) অসমত কৃষকে পৰিচালিত কৰা কৃষি ভূমিৰ পৰিমাণ কিমান ?
উত্তৰঃ অসমত কৃষকে পৰিচালিত কৰা কৃষি ভূমিৰ পৰিমাণ মুঠতে ২৮.১১ লাখ হেক্টৰ।
(৯) অসমত ২০১১-১২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ কিমান ?
উত্তৰঃ অসমৰ ২০১১-১২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ ( ২৮.১১ লাখ হেক্টৰ ) ৯৭.৫৯ শতাংশ ।
(১০) শস্য চপোৱাৰ ঋতুভিত্তিত অসমত কেই প্ৰকাৰৰ ধান খেতি পোৱা যায় আৰু কি কি ?
উত্তৰঃ শস্য চপোৱাৰ ঋতুভিত্তিক অসমত তিনি প্ৰকাৰৰ ধান খেতি পোৱা যায় আৰু সেইবোৰ হ'ল শৰৎকালীন, শীতকালীন আৰু গ্ৰীষ্মকালীন ধানৰ খেতি।
(১১) অসমৰ অন্যতম বাণিজ্যিক শস্যৰ নাম লিখা ?
উত্তৰঃ অসমৰ অন্যতম বাণিজ্যিক শস্যৰ নাম হ'ল- মৰাপাট আৰু সন।
(১২) ২০০৩-০৪ বাণিজ্যিক বৰ্ষত ভাৰতবৰ্ষই উৎপাদন কৰা মুঠ মৰাপাট কিমান ?
উত্তৰঃ ২০০৩-০৪ বাণিজ্যিক বৰ্ষত ভাৰতবৰ্ষই উৎপাদন কৰা মুঠ মৰাপাটৰ ১১২ লাখ গাঁথ অৰ্থাৎ ২০.১৮ লাখ টন।
(১৩) ২০০৩-০৪ অসমত কিমান মৰাপাট উৎপাদন হৈছিল ?
উত্তৰঃ ২০০৩-০৪ অসমত মাত্ৰ ৬.১৯ শতাংশ মৰাপাট উৎপাদন হৈছিল।
(১৪) অসমত মৰাপাট উৎপাদনকাৰী প্ৰধান জিলাসমূহৰ নাম লিখা ?
উত্তৰঃ অসমত মৰাপাট উৎপাদনকাৰী প্ৰধান জিলাসমূহৰ নাম হ'ল- ধুবুৰী, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, কাছাৰ আৰু কৰিমগঞ্জ।
(১৫) চাহগছ স্বাভাৱিকতে কিমান মিটাৰ পৰ্যন্ত উচ্চতা আৰু ই কি গছ ?
উত্তৰঃ চাহগছ স্বাভাৱিকতে ৩-৫ মিটাৰ পৰ্যন্ত উচ্চতা আৰু ই এজাতি বৰ্ষানুবৰ্ষী গছ।
(১৬) চাহ গছৰ গড় জীৱনকাল কিমান বছৰ ?
উত্তৰঃ ইয়াৰ গড় জীৱনকাল ৫০ বছৰ।
(১৭) চাহ গছবোৰ কলম দি কিমান উচ্চতাত জােপোহা অৱস্থাত ৰখা হয়?
উত্তৰঃ চাহ গছবোৰ কলম দি ১০০-১১০ চেন্টিমিটাৰ উচ্চতাত জোপোহা অৱস্থাত ৰখা হয়।
(১৮) চাহগছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ আদৰ্শ পৰিৱেশ কিমান ?
উত্তৰঃ চাহগছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ আদৰ্শ পৰিৱেশ ২০-৩৫° চে. উত্তাপ।
(১৯) কিমান চে. পৰিসৰৰ বাহিৰত তাপমান বেছি হ'লে চাহগছ অত্যন্ত ক্ষতিকৰ হয় ?
উত্তৰঃ ১০°-৩৫° চে. পৰিসৰৰ বাহিৰত তাপমান বেছি হ'লে চাহগছ অত্যন্ত ক্ষতিকৰক হয়।
(২০) চাহবাগিছাৰ বাবে কি পৃষ্ঠ দেখা যায় ?
উত্তৰঃ চাহবাগিছাৰ বাবে তৰংগাকৃতিক পৃষ্ঠতহে দেখা যায়।
(২১) চাহগছৰ পুষ্টিৰ উদ্দেশ্য প্ৰচুৰ পৰিমানে কিহৰ প্ৰয়োজন ?
উত্তৰঃ চাহগছৰ পুষ্টিৰ উদ্দেশ্য প্ৰচুৰ পৰিমানে হাইড্ৰজেন আৰু নাইট্ৰজেনৰ প্ৰয়োজন।
(২২) চাহ বাগিছাত কি সাৰ সঘনাই প্ৰয়োগ কৰিব লাগে ?
(২৩) ৰাজ্যখনৰ ভিতৰত উৎকৃষ্ট সুবৃহৎ চাহবাগিছা ক'ত পোৱা যায় ?
উত্তৰঃ ৰাজ্যখনৰ ভিতৰত উৎকৃষ্ট সুবৃহৎ চাহবাগিছা তিনিচুকীয়াত পোৱা যায়।
(২৪) অসম আৰু ভাৰতত মুঠ উৎপাদন কিমান শতাংশ উৎপন্ন হয় ?
উত্তৰঃ অসম আৰু ভাৰতত মুঠ উৎপাদন ৫৫ শতাংশ উৎপন্ন হয়।
(২৫) নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ কিমানখন চাহবাগিছা আছে ?
উত্তৰঃ নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ ২১৩ খন চাহবাগিছা আছে।
(২৬) অসমৰ কোন জিলাত বৃহৎ চাহবাগিছা নাই ?
উত্তৰঃ অসমৰ ডিমা হাছাও জিলাত বৃহৎ চাহবাগিছা নাই।
(২৭) অসমত উৎপাদনৰ লেখেৰে কোনকেইটা ফলে প্ৰথম স্থান অধিকাৰ কৰিছে?
উত্তৰঃ অসমত উৎপাদনৰ লেখেৰে কল, কঁঠাল, মাটিকঁঠাল আৰু অমিতাই প্ৰথম স্থান অধিকাৰ কৰিছে।
(২৮) ঔদ্যোগিক গোটৰ সংখ্যাভিত্তিত অসমতকৈ তলৰ অৱস্থানত থকা ৰাজ্যসমূহৰ নাম লিখা ?
উত্তৰঃ ঔদ্যোগিক গোটৰ সংখ্যাভিত্তিত অসমতকৈ তলৰ অৱস্থানত থকা ৰাজ্যসমূহৰ নাম হ'ল- চিকিম, গোৱা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু উত্তৰাঞ্চল।
(২৯) ২০১১ চনত অসমত সৰু-ডাঙৰ কিমান টা ফেক্টৰীত আছে ?
উত্তৰঃ ২০১১ চনত অসমত সৰু-ডাঙৰ ১১,৭১৭ টা পঞ্জীকৃত ফেক্টৰী আছে।
(৩০) ফেক্টৰীত মকৰলপ্ৰাপ্ত কৰ্মীৰ সংখ্যা কিমান ?
উত্তৰঃ ফেক্টৰীত মকৰলপ্ৰাপ্ত কৰ্মীৰ সংখ্যা আছিল ১,৬০,৫৫১ জন।
(৩১) অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত কিমানটা ফেক্টৰী আছে ?
উত্তৰঃ অসমৰ তিনিচুকীয়া জিলাত ৫৭২ টা আৰু ডিব্ৰুগড় জিলাত ৪১৯ টা ফেক্টৰী আছে।
(৩২) ২০০৭-২০১২ চনৰ মাজত পাঁচটা বছৰত ৰাজ্যৰ উদ্যোগ খণ্ডটোত উৎপাদনৰ পৰিমাণ কিমান শতাংশ বৃদ্ধি ঘটিছিল ?
উত্তৰঃ ২০০৭-২০১২ চনৰ মাজত পাঁচটা বছৰত ৰাজ্যৰ উদ্যোগ খণ্ডটোত উৎপাদনৰ পৰিমাণ ৪৭.৭৫ শতাংশ বৃদ্ধি ঘটিছিল।
(৩৩) অসমত এতিয়ালৈকে প্ৰতিষ্ঠা কৰা শিল্প-উদ্যোগ কেইটা পৃথক শিতানত ভগাব পাৰি আৰু কি কি ?
উত্তৰঃ অসমত এতিয়ালৈকে প্ৰতিষ্ঠা কৰা শিল্প-উদ্যোগ দুটা পৃথক শিতানত ভগাব পাৰি। সেইকেইটা হ'ল- কাৰিকৰী উদ্যোগ আৰু কুটীৰ শিল্প নামে।
(৩৪) বনজ সম্পদক কেন্দ্ৰ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে কি কি লঘূ উদ্যোগ গঢ়ি উঠিছে লিখা ?
উত্তৰঃ বনজ সম্পদক কেন্দ্ৰ কৰি ৰাজ্যৰ ঠায়েঠায়ে কাগজৰ কল, কাঠ-ফল, কলা আৰু প্লাইউদ্ কাৰখানাৰ দৰে কিছুমান লঘূ উদ্যোগ গঢ়ি উঠিছে।
(৩৫) ৰাজ্যখনৰ কৃষিভিত্তিক লঘূ উদ্যোগ সমূহৰ নাম লিখা ?
উত্তৰঃ ৰাজ্যখনৰ কৃষিভিত্তিক লঘূ উদ্যোগ সমূহৰ নাম হ'ল- চেনি, মৰাপাট ( বয়ন ), চাহ আৰু খাদ্যসামগ্ৰী প্ৰস্তুত কৰা ক্ষুদ্ৰ আৰু মজলীয়া ঔদ্যোগিক গোটসমূহ।
(৩৬) ৰাজ্যৰ ৰাসায়নিক উদ্যোগ সমূহৰ নাম লিখা ?
উত্তৰঃ ৰাজ্যৰ ৰাসায়নিক উদ্যোগ সমূহৰ নাম হ'ল- সাৰ উদ্যোগ, প্লাষ্টিক, ৰাসায়নিক আঁহ, মম আৰু জুইশলা।
(৩৭) অসমৰ পৰম্পৰাগত কুটীৰ শিল্পৰ খণ্ডটোত কি কি আছে ?
উত্তৰঃ অসমত পৰম্পৰাগত কুটীৰ শিল্পৰ খণ্ডটোত আছে ঘাইকৈ বয়ন ( ৰেচম আৰু কপাহী ), ধাতু আৰু মাটিৰ সা-সজুঁলি নিৰ্মাণ, বাঁহ-বেঁতৰ সজুঁলি প্ৰস্তুতকৰণ, কৃষিকাৰ্যৰ সজুঁলি প্ৰস্তুত, অলংকাৰ গঢ়ন আৰু পশুজাত দ্ৰব্যৰে নানাবিধ আচ-বাব প্ৰস্তুকৰণ
(৩৮) অসমৰ অপৰম্পৰাগত কুটীৰ শিল্পৰ ভিতৰত কি কি আছে ?
উত্তৰঃ অসমৰ অপৰম্পৰাগত কুটীৰ শিল্পৰ ভিতৰত আছে বাইচাইকেল মেৰামতি, চিমেন্টৰ আচবাব প্ৰস্তুত, লোৰ লঘূ সামগ্ৰী নিৰ্মাণ, আচাৰ, পানীয় প্ৰভৃতি খাদ্যদ্ৰব্য প্ৰস্তুত ইত্যাদি।
(৩৯) অসমৰ চাহবাগিছাত থকা ক্ষুদ্ৰ কাৰখানাক সচৰাচত কি শব্দৰে বা কি নামেৰে জনা যায় ?
উত্তৰঃ অসমৰ চাহবাগিছাত থকা ক্ষুদ্ৰ কাৰখানাক সচৰাচত 'কলঘৰ' নামেৰে জনা যায়।
(৪০) ২০১১-২০১২ চনৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ বিভিন্ন বাগিছাত অৱস্থিত কেইটামান কলঘৰ আছে ?
উত্তৰঃ ২০১১-২০১২ চনৰ পৰিসংখ্যা অনুসৰি ৰাজ্য়ত বিভিন্ন বাগিছাত অৱস্থিত ৬০০ টা মান কলঘৰ আছে।
(৪১) ৰাজ্যত কৰ্মৰত জনশক্তিৰ কিমান শতাংশ চাহ শিল্পত নিযুক্ত হয় ?
উত্তৰঃ ৰাজ্যত কৰ্মৰত জনশক্তিৰ ৬.৩২ শতাংশই চাহ শিল্পত নিযুক্ত হয়।
(৪২) ২০১২ চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰাম অসমৰ চাহপাতৰ বজাৰত দৰ গড়ে কিমান আছিল ?
উত্তৰঃ ২০১২ চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰাম অসমত চাহপাতৰ বজাৰত দৰ আছিল গড়ে ১০৮ টকা।
(৪৩) অসমৰ তেল কোম্পানীৰ অধীনত একাদিক্ৰমে তেল শোধনাগা সমূহৰ নাম লিখা ?
উত্তৰঃ অসমৰ তেল কোম্পানীত অধীনত একাদিক্ৰমে তেল শোধনাগাসমূহৰ নাম হ'ল - ডিগবৈ শোধনাগাৰ, নুনমাটি শোধনাগাৰ, বঙাইগাওঁ তেল-শোধনাগাৰ আৰু পেট্ৰ-ৰাসায়নিক প্ৰকল্প আৰু নুমলীগড় তেল শোধানাগৰ।
(৪৪) ডিগবৈ তেল শোধানাগাৰ বিষয়ে লিখা ?
উত্তৰঃ ১৮৯০-১৯০০ চনত দশকত তৈলক্ষেত্ৰৰ পৰা নিষ্কাশণ কৰা খাৰুৱা তেল শোধানৰ উদ্দেশ্যে তেতিয়াৰ অসমত কোনো শোধানাগাৰ নাছিল। কাৰণ তেতিয়া পৃথিৱীৰ একমাত্ৰ তেল শোধনাগাৰটো আছিল যুক্তৰাষ্ট্ৰৰ টেক্সাছ অঞ্চলতহে। গতিকে ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শোধন কৰাৰ উদ্দেশ্যে অসম তেল কোম্পানীয়ে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো তেল শোধানাগাৰ প্ৰতিষ্ঠা কৰে। আৰম্ভণিতে দিনে ৫০০ বেৰেল অৰ্থাৎ প্ৰায় ৪০ টন উৎপাদন ক্ষমতাযুক্ত এইটো শোধনাগাৰত কেৰাচিন, পেট্ৰল আৰু মম প্ৰভৃতি সীমিত পৰিসৰৰ দ্ৰব্যহে উৎপাদন কৰা হৈছিল। পৰৱৰ্তী কালত শোধন ক্ষমতা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ পেট্ৰলজাত সামগ্ৰী উৎপাদনৰ উদ্দেশ্যে ১৯৩২ আৰু ১৯৪০ চনত ইয়াৰ ব্যাপক সংস্কাৰ সাধন কৰা হ'ল। বৰ্তমান এই শোধানাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা ৭.৫ লাখ টন অৰ্থাৎ প্ৰাৰম্ভিক পৰ্যায়ৰ ক্ষমতাৰ প্ৰায় দহ হাজাৰ গুণ। ১৯৫৮ চনলৈকে ইয়েই ভাৰতৰ একমাত্ৰ শোধানাগাৰ আছিল। এশ সাত বছৰত ভৰি দিয়া এই তেল শোধানাগাৰত আজিও কেৰাচিন, পেট্ৰল, ডিজেল, স্নেহক দ্ৰব্য, মম, ক'ক, দাহ্য গেচ, বিটুমেন প্ৰভৃতি দ্ৰব্যসমূহৰ উৎপাদন অব্যাহত আছে।
(৪৫) কিমান চনৰ পাছত মৰাণ, নাহৰকটীয়া আৰু হুগ্ৰীজানত খাৰুৱা তেলৰ নিষ্কাষণ আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৫১ চনৰ পাছত মৰাণ, নাহৰকটীয়া আৰু হুগ্ৰীজানত খাৰুৱা তেলৰ নিষ্কাষণ আৰম্ভ হৈছিল।
(৪৬) বিহাৰৰ বৰৌনী আৰু গুৱাহাটীৰ তেল শোধনাগাৰ দুটা বৰ্তমান ক্ষমতা কিমানলৈ বৃদ্ধি পাইছে ?
উত্তৰঃ বিহাৰৰ বৰৌনী আৰু গুৱাহাটীৰ তেল শোধনাগাৰ দুটা বৰ্তনাম ক্ষমতা ১.৫ নিযুত টনলৈ বৃদ্ধি পাইছে।
(৪৭) নুনমাটি শোধনাগাৰটােৱে কি কি উৎপাদন কৰি আছে ?
উত্তৰঃ নুনমাটি শােধনাগাৰটােৱে পেট্ৰল, ডিজেল, কেৰাচিন, মম, স্নেহক দ্ৰব্য, ক'ক প্ৰভৃতিৰ লগতে শেহতীয়াভাৱে সীহযুক্ত পেট্ৰল উৎপাদন কৰি আছে।
(৪৮) বাঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ-ৰাসায়নিক প্ৰকল্পত উৎপাদন কৰা দ্ৰব্যসমূহৰ নাম লিখা ?
উত্তৰঃ বাঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ-ৰাসায়নিক প্ৰকল্পত উৎপাদন হোৱা দ্ৰব্যসমূহৰ নাম হ' ল- পেট্ৰল, নেপথা, এভিয়ন ( আকাশীযানৰ ইন্ধন ), কেৰাচিন, কেলচিয়ামযুক্ত পেট্ৰল, ক'ক, ডিজেল, বিটুমেন প্ৰভৃতি ভিন্নধৰ্মী সামগ্ৰী।
(৪৯) অসমৰ চতুৰ্থ আৰু সৰ্ববৃহৎ তেল শোধানাগাৰটো নাম কি ?
উত্তৰঃ অসমৰ চতুৰ্থ আৰু সৰ্ববৃহৎ তেল শোধানাগাৰটো নাম হ'ল- নুমলীগড় তেল শোধানাগাৰ।
(৫০) নুমলীগড় তেল শোধানাগাৰটো কেতিয়া আৰম্ভ কৰা হৈছিল ?
উত্তৰঃ নুমলীগড় তেল শোধানাগাটো ১৯৯৭ চনত আৰম্ভ কৰা হৈছিল।
(৫১) নুমলীগড় তেল শোধানাগাৰটোত উৎপাদন হোৱা দ্ৰব্যসমূহৰ নাম লিখা ?
উত্তৰঃ নুমলীগড় তেল শোধানাগাৰটোত উৎপাদন হোৱা দ্ৰব্যসমূহৰ নাম হ'ল- ৰন্ধন-গেছ, এভিয়ন, নেপথা, ক'ক, উচ্চক্ষমতাৰ ডিজেল, কেৰাচিন, চালফাৰ ( গন্ধক) ইত্যাদি।
(৫২) অসমৰ একমাত্ৰ কলটো কিমান চনত আৰু ক'ত স্থাপন কৰা হৈছিল ?
উত্তৰঃ অসমৰ একমাত্ৰ কলটো ১৯৭০ চনত নগাঁও জিলাৰ শিলঘাটত সমবায়ৰ ভিত্তিত স্থাপন কৰা হৈছিল।
(৫৩) নগাঁও মিলত কিমান খন বয়ন-শাল আছিল ?
উত্তৰঃ নগাঁও মিলত ৩০০ খন বয়ন-শাল আছিল।
(৫৪) নগাঁও কলটোত থকা ১০০ খন শালে চট প্ৰস্তুত কৰিছিল আৰু বাকী কেইখনে কি প্ৰস্তুত কৰিছিল ?
উত্তৰঃ নগাঁও কলটোত থকা ১০০ খন শালে চট প্ৰস্তুত কৰিছিল আৰু বাকী কেইখনে বস্তা প্ৰস্তুত কৰিছিল।
(৫৫) অসম চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠিত অন্য দুটা পাটকলৰ নাম লিখা ?
উত্তৰঃ অসম চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠিত অন্য দুটা পাটকলৰ নাম হ'ল- প্ৰথমটাে গুৱাগাছা ( বৰপেটা ) আৰু আনটো দলগাঁও ( দৰং জিলা ) ।
(৫৬) অসমত কেইপ্ৰকাৰৰ ৰেচম সূতা ব্যৱহাৰ কৰা হয় আৰু কি কি ?
উত্তৰঃ অসমত তিনি প্ৰকাৰৰ ৰেচম সূতা ব্যৱহাৰ কৰা হয় আৰু সেইকেইটা হ'ল- এড়ী, মুগা আৰু পাট।
(৫৭) অসমত উৎপাদিত মুঠ এড়ী সূতা কিমান শতাংশ উৎপাদন হয় ?
উত্তৰঃ অসমত উৎপাদিত মুঠ এড়ী সূতা (১০৬২ টন ) প্ৰায় ষাঠি শতাংশ উৎপাদন হয়।
(৫৮) অসমত কোন কোন জিলাত সূতা উৎপাদনৰ সমূলি নাই ?
উত্তৰঃ অসমত ডিমা হাছাও, কাৰ্বি আংলং আৰু বঙাইগাঁও জিলাত সূতা উ ৎপাদনৰ সমূলি নাই।
(৫৯) ২০১১-১২ বৰ্ষত অসমৰ কোন কোন জিলাত ৫০ শতাংশ পাট সূতা উৎপাদন হোৱা দেখা যায় ?
উত্তৰঃ অসমৰ লখিমপুৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, শিৱসাগৰ, গোলাঘাট আৰু দৰং জিলাত ৫০ শতাংশ পাট সূতা উৎপাদন হোৱা দেখা যায়।
(৬০) 'জাগীৰোড স্পান মিল' নামৰ এই বয়ন প্ৰতিষ্ঠানটোত সৰ্বমুঠ কিমান হাজাৰ মহুৰা কাম কৰে ?
উত্তৰঃ 'জাগীৰোড স্পান মিল' নামৰ এই বয়ন প্ৰতিষ্ঠানটোত সৰ্বমুঠ ষোল্ল হাজাৰৰ অধিক মহুৰা কাম কৰে।
(৬১) বাঁহ আৰু বেতৰ আন এক উমৈহতীয়া গুণ কি ?
উত্তৰঃ বাঁহ আৰু বেতৰ আন এক উমৈহতীয়া গুণ হ'ল- ইয়াৰ অতি মিহি কাঠী অথবা সূঁত প্ৰস্তুত কৰিব পাৰি। অৰ্থাৎ বাঁহ-বেত ফালিবলৈ অতি সহজ।
(৬২) কৃষি-সৰঞ্জাম নাম কি কি লিখা ?
উত্তৰঃ কৃষি-সৰঞ্জাম নাম হ'ল- জুৱলি, মৈ, হোলাং, অৰ্থাৎ ডাঙৰী কঢ়িওৱা লাঠি, প্ৰায় সকলোধৰণৰ সঁজুলি ( দা, কোৰ ইত্যাদি) আৰু অস্ত্ৰ-শস্ত্ৰৰ নাল, মোখোৰা, টোম ( ধানৰ থোৱা যঁতন ) প্ৰভৃতি।
(৬৩) মাছ ধৰা যঁতনৰ নাম লিখা ?
উত্তৰঃ মাছ ধৰা যঁতনৰ নাম হ'ল- জাকৈ, জুলুকী, পল, চেপা, খোকা, খালৈ, লাহনি, খৰা, ( বহল মুখৰ খালৈ ), বান ইত্যাদি।
(৬৪) গৃহস্থালিৰ সৰঞ্জামৰ নাম কি কি লিখা ?
উত্তৰঃ গৃহস্থালিৰ সৰঞ্জামৰ নাম হ'ল- চকী-মেজ, পাচি-খৰাহি, দলা, কুলা, দোণ ( শস্য জোখা পাত্ৰ ), কড়িয়া (গাখীৰ খিৰোৱা পাত্ৰ ), ঢাৰি, বিছনী, জাপি ডুলি, জপা প্ৰভৃতি।
(৬৫) নুমলীগড় তেল শোধনাগাৰ বিষয়ে লিখা ?
উত্তৰঃ অসমৰ চতুৰ্থ আৰু সৰ্ববৃহৎ তেল শোধনাগাৰটো গোলাঘাট জিলাত ধনশিৰী নদীৰ পাৰৰ নুমলীগড় নামে ঠাইত অৱস্থিত। ১৯৯৩ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ১৯৯৭ চনৰ পৰা ইয়াত তৈল-শোধন আৰম্ভ হৈছিল। ই দেশৰ ভিতৰতে অন্যতম্ অত্যাধুনিক মানৰ তেল শোধনাগাৰ। এই শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা তিনি নিযুত টন যদিও এতিয়ালৈকে বছৰি উচ্চক্ষমতাৰ ডিজেল, কেৰাচিন, চালফাৰ (গন্ধক) প্ৰভৃতি কিছুমান বিশেষ ধৰণৰ দ্ৰব্যও সৰ্বসাধাৰণতে শোধনাগাৰত প্ৰস্তুত হোৱা দ্ৰব্যসমূহৰ অতিৰিক্তভাৱে উৎপাদন কৰা হয়।
(৬৬) বাঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ-ৰাসায়নিক প্ৰকল্প বিষয়ে লিখা ?
উত্তৰঃ ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত এই শোধনাগাৰটো ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয়। ষাঠিৰ দশকৰ পৰা উজনি অসমৰ ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী, বৰহোলা প্ৰভৃতি ঠাইবোৰত নতুনকৈ তেলৰ পুং আৱিস্কাৰ হোৱাত অসমত তৃতীয় এটা শোধনাগাৰৰ দাবী সজোৰে উত্থাপিত হৈছিল। সেয়েহে সেই অসময়ত ব্ৰডগজ ৰে'লপথৰ প্ৰান্তীয় অৱস্থানৰ ( নিউ বঙাইগাঁও ) ওচৰত এই শোধনাগাৰৰ স্থান নিৰ্বাচন কৰা হয়। উজনি অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা প্ৰায় ৬০০ কি.মি. আঁতৰত এই শোধনাগাৰলৈকো পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয়। এই শোধনাগাৰৰ বৰ্তমান শোধন ক্ষমতা বছৰি ২.৫ নিযুত টন। এই শোধনাগাৰৰ প্ৰধান উৎপাদিত দ্ৰব্যসমূহৰ ভিতৰত আছে পেট্ৰল, নেপথা, এভিয়ন ( আকাশীযানৰ ইন্ধন ), কেৰাচিন, কেলচিয়ামযুক্ত পেট্ৰল, ক'ক, ডিজেল, বিটুমেন প্ৰভৃতি ভিন্নধৰ্মী সামগ্ৰী।
খাৰুৱা তেলৰ শোধন কাৰ্যৰ উপৰিও এই প্ৰকল্পৰ এটা খণ্ডই পেট্ৰলজাত সামগ্ৰীক, ঘাইকৈ উপজ দ্ৰব্যক কেঁচামাল হিচাবে ব্যৱহাৰ কৰি ৰাসায়নিক পদ্ধতিৰে ৰাসায়নিক আঁহ ( Synthetic Fibre ), সুগন্ধি দ্ৰব্য, ৰঞ্জক দ্ৰব্য প্ৰভৃতি উৎপাদন কৰে। ইয়াত উৎপাদিত ৰাসায়নিক সূতা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ কলসমূহত মানবিশিষ্ট সূতা হিচাবে ব্যৱহাৰ হোৱাৰ উপৰিও একাংশ বিদেশলৈকো ৰপ্তানি কৰা হয়।
(৬৭) বাঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ-ৰাসায়নিক প্ৰকল্প এই শোধনাগাৰটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰঃ বাঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ-ৰাসায়নিক প্ৰকল্প এই শোধনাগাৰটো ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
(৬৮) কিমান চনত পৃথিৱীৰ দ্বিতীয়টো তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছে ?
উত্তৰঃ ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Author : Himashree Bora.
Post ID : DABP005158