No subjects found. Create Your Profile

অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব | Chapter 5 | Aggannasutta (Dighi Nikaya): Theory of Kingship | Gauhati University BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব পঞ্চম অধ্যায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Important Question Answer Solution Assamese Medium | GU TDC 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Questions Paper Free Download PDF | Complete (Bhabesh) অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব | Chapter 5 | Aggannasutta (Dighi Nikaya): Theory of Kingship | Gauhati University BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব পঞ্চম অধ্যায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Important Question Answer Solution Assamese Medium | GU TDC 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Questions Paper Free Download PDF |

পঞ্চম অধ্য়ায় 

অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব

১.''অগ্গন্নসুত্তা'' কি ?

উত্তৰঃ 'সুত্তা পিটক'ৰ এক অংশ 

২. তৃতীয়খন পিটকক অন্য কি নামেৰে জনা যায় ?

উত্তৰঃ 'অভিধৰ্ম পিটক' নামেৰে জনা যায়

৩.''ত্ৰিপিটক'' বুলিলে কি বুজা ?

উত্তৰঃ বুদ্ধৰ উপদেশপূৰ্ণ  উক্তি আৰু আন আন কথোপকথনসমূহৰ সংগ্ৰহক ''ত্ৰিপিটক'' বুলি বুজা যায়

৪. 'সুত্তা পিটক'ৰ অৰ্থ কি ?

উত্তৰঃ 'Basket of Discourses' অথাৎ বুদ্ধৰ মুখৰপৰা ওলোৱা জ্ঞানবোৰৰ খৰাহী

৫. পিটকসমূহ কি ভাষাত লিখা হৈছে ?

উত্তৰঃ পালি ভাষাত লিখা হৈছে

৬. কলা আৰু বিজ্ঞান শিক্ষাৰ প্ৰেৰণাৰ উৎস কি ?

উত্তৰঃ বৌদ্ধধৰ্ম

৭. পালি ভাষাটো কৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ সংস্কৃত ভাষাৰ পৰা উৎপত্তি হৈছে

৮. ধৰ্ম্মপদৰ ভাষ্য মতে, মগধ ৰাজ্যত কিমান জনসংখ্যা আছিল ?

উত্তৰঃ ১৮ কোটি জনসংখ্যা আছিল 

৯. মগধৰ ৰজা বিম্বিসাৰে কিমানখন নগৰৰ ওপৰত তেওঁৰ সাৰ্বভৌমত্ব ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ৮০,০০০ খন নগৰৰ ওপৰত তেওঁৰ সাৰ্বভৌমত্ব ব্যৱহাৰ কৰিছিল 

১০. বুদ্ধৰ ৰাষ্ট্ৰৰ কেই ধৰণে আলোচনা কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ দুই ধৰণে আলোচনা কৰিব পাৰি । সেইকেইটা হ'ল- ১) ৰাষ্ট্ৰৰ উৎপত্তি

   ২) ৰাষ্ট্ৰৰ শাসক আৰু তেওঁলোকৰ গুণ বা অৰ্হতা

১১. ৰাষ্ট্ৰৰ উপাদানসমূহ কি কি উল্লেখ কৰা ।

উত্তৰঃ ১) ৰজা   ২) ভূখণ্ড  ৩) মন্ত্ৰী আৰু আমোলাতন্ত্ৰ   ৪) সেনাবাহিনী   ৫) কোষাগাৰ   

৬) মিত্ৰতা   ৭) জনসাধাৰণ

১২. ভূখণ্ডক কেইটা ভাগত ভাগ কৰিছে ।

উত্তৰঃ ৫টা ভাগত ভাগ কৰিছে

১৩. ভূখণ্ড কেইটা উল্লেখ কৰা ।

উত্তৰঃ ১) গাওঁ    ২) নিগম   ৩) জনপদ    ৪) নগৰ    ৫) সীমান্ত

১৪. শাসকৰ কৰ্তব্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ ১) সত্য আৰু ধৰ্মৰ পালন

২) সত্য আৰু ধৰ্মৰ ৰক্ষক হিচাপে কাম কৰা,

৩) সত্য আৰু ধৰ্মৰ পথ-প্ৰদৰ্শক হোৱা,

৪) প্ৰজাক সুৰক্ষা দিয়া,

৫) ৰাজ্যত কোনো ধৰণৰ কুকৰ্ম হবলৈ নিদিয়া,

৬) দুখীয়াক সম্পত্তি প্ৰদান কৰা, 

১৫. বৌদ্ধধৰ্মীয় সংঘ-অনুষ্ঠানৰ উল্লেখনীয় বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰঃ ১) ই বিধি বা ৰীতি-নীতিৰে শাসিত, কোনো ব্যক্তিৰদ্বাৰা শাসিত নহয়,

২) ই সমতাৰ ওপৰত প্ৰতিষ্ঠিত,

৩) ই ভাতৃত্ববোধ আৰু অখণ্ডতা বা স্বজাতীয়তাবোধেৰে উদ্বুদ্ধ,

৪) অ-কেন্দ্ৰীয় চৰকাৰ ব্যৱস্থা,

৫) সাম্যবাদৰ কিছুমান বৈশিষ্ট্য প্ৰাদুৰ্ভাৱ ।

১৬. বৌদ্ধধৰ্মীসকলে কি শব্দৰদ্বাৰা তেওঁলোকৰ ধৰ্মক বৰ্ণনা কৰে ।

উত্তৰঃ ''ধৰ্ম'' শব্দৰদ্বাৰা তেওঁলোকৰ ধৰ্মক বৰ্ণনা কৰে

১৭. আইন হিচাপে ধৰ্মক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ দুটা ভাগত ভগাব পাৰি

১৮. আইন হিচাপে ধৰ্ম দুই শ্ৰেণী কি কি ?

উত্তৰঃ প্ৰাকৃতিক আইন আৰু নৈতিক আইন

১৯. প্ৰাকৃতিক আইন কি ?

উত্তৰঃ ই এনে এক প্ৰক্ৰিয়া যি মানৱ জীৱন আৰু অস্তিত্বক কোনো স্ৰষ্টা বা আলৌকিক শক্তিৰ অবিহনে নিয়ন্ত্ৰণ কৰি থাকে

২০. প্ৰাকৃতিক আইনৰ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ১) কোনো অস্থায়ী বা আনিত্য বস্তুৱেই সত্য নহয়

২) মানুহক মৃত্যুৰপৰা কোনো শক্তিয়ে ৰক্ষা কৰিব নোৱাৰে 

৩) সকলো বস্তুৱেই অস্থায়ী


Type by: Junmoni Das

Post ID : DABP004434


Technology

MY CLASS

No subjects found. Create Your Profile

Daily Assam

We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.

dailyassamofficial@gmail.com

We share educational news & study materials on social platforms.

Follow us

© 2025 All Rights Reserved – dailyassam.com