অধ্যায় 2 

ব্ৰঞ্জৰ যুগৰ সভ্যতা- অৰ্থনীতি, সামাজিক বিভাগ, ৰাষ্ট্ৰ গঠন, ধৰ্ম( Bronze Age Civilization- Economy, Social Stratification, State Structure, Religion)



MODEL QUESTION & ANSWER

অতি চমু প্ৰশ্ন 

১। আদিম মানৱে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধ কি ?

উত্তৰঃ আদিম মানৱে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধৰ নাম হল তাম ।

২। নীল নদী ক'ত অৱস্থিত ?

উত্তৰঃ  নীল নদী ইজিপ্তত অৱস্থিত ।

৩। ইজিপ্তক 'নীল নদী অৱদান' বুলি কোনে কৈছিল ?

উত্তৰঃ প্ৰাচীন গ্ৰীচ ইতিহাসবিদ হিৰোডটাছে ইজিপ্তক নীল নদী অৱদান বুলি কৈছিল ।

৪। ইজিপ্তৰ প্ৰাচীন লিপিৰ নাম কি ?

উত্তৰঃ  ইজিপ্তৰ প্ৰাচীন লিপিৰ নাম হল হাইৰ'গ্লিফ । 

৫। ফাৰাও মানে কি?

উত্তৰঃ ফাৰাও মানে হল ইজিপ্তৰ ৰজা ।

৬। মেছোপটেমিয়া শব্দৰ অৰ্থ কি ?

উত্তৰঃ মেছোপটেমীয়া শব্দৰ অৰ্থ হল দুই নদীৰ মধ্যৱৰ্তী অংশ ।

৭। চীনৰ প্ৰথমটো ৰাজবংশৰ নাম কি ?

উত্তৰঃ চীনৰ প্ৰথমটো ৰাজবংশৰ নাম হৈছে হিচা বংশ ।

চমু প্ৰশ্ন

১। টাইগ্ৰীচ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰ উল্লেখ কৰা।

উত্তৰঃ  টাইগ্ৰীচ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰ হল 

ক) অক্কাড ।

খ) আছুৰ ।

২। ইউফেট্ৰিছ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ ইউফেট্ৰিছ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰৰ নাম হল 

ক) লাগাছ ।

খ) এৰিডু ।

৩। মেছোপটেমিয়াৰ দুজন নগৰ দেৱতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ  মেছোপটেমিয়াৰ দুজন নগৰ দেৱতাৰ নাম হল নিনগিৰছু আৰু নানগৰ ।

৪। চীনৰ দুটা ৰাজবংশৰ নাম লিখা।

উত্তৰঃ  চীনৰ দুটা ৰাজবংশৰ নাম হল হিচা বংশ আৰু ছুই বংশ ।

৫। দৈৱবাণীৰ হাড় মানে কি বুজা ?

উত্তৰঃ  কাছৰ খোলা বা গৰুৰ হাড়ৰ ওপৰত বিভিন্ন প্ৰশ্ন লিখা হৈছিল। সেই হাড়সমূহ দৈৱবাণীৰ হাড় হিচাপে জনা যায়।


চমু টোকা 

১। ইজিপ্তৰ সামাজিক বিভাগ ।

উত্তৰঃ  সভ্যতাৰ আৰম্ভণিৰ পৰা বহু শতিকাজুৰি ইজিপ্তৰ সমাজখন দুটা ভাগত বিভক্ত আছিল 

ক) উচ্চ স্তৰ ।

খ) নিম্ন স্তৰ 

উচ্চ স্তৰত দেশৰ অভিজাত লোকসকল আছিল । বাকীসকলো লোককে নিম্ন স্তৰত ধৰা হৈছিল । পাচলৈ ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰৰ লগে লগে বহুতো চহৰ -নগৰ গঢ়ি উঠিছিল । নগৰীয়া জীৱন আৰু বাণিজ্যক কেন্দ্ৰ কৰি সমাজত মধ্যভোগী শ্ৰেণীৰ এটাৰ সৃষ্টি হৈছিল । ফলত ইজিপ্তৰ সমাজখন তিনিটা শ্ৰেণীত বিভক্ত হয় ।

১। প্ৰথম শ্ৰেণী ।

২। দ্বিতীয় শ্ৰেণী ।

৩। নিম্ন স্তৰ বা দাসসকল ।

ইজিপ্তৰ ৰজা বা ফাৰাও , সম্ভ্ৰান্ত বংশৰ লোকসকল আৰু পুৰোহিতসকল প্ৰথম শ্ৰেণীৰ অন্তৰ্গত আছিল । এওঁলোকৰ প্ৰচুৰ পৰিমাণে মাটি-সম্পত্তি আছিল । এই উচ্চ স্তৰৰ লোকসকলে অত্যন্ত বিলাসী জীৱন-যাপন কৰিছিল । তেওঁলোকৰ ঘৰ-দুৱাৰসমূহ অতি আহল-বহল, ডাঙৰ হোৱাৰ লগতে বিভিন্ন ধৰণেৰে সৌন্দৰ্যবৰ্ধন কৰা হৈছিল । এই শ্ৰেণীৰ লোকসকলে লিনেন কাপোৰৰ বস্ত্ৰ পৰিধান কৰিছিল । ডিঙি, বাহু আৰু হাতত সোণ আৰু অন্যান্য বহুমূলীয়া মণি-মুকুতাৰ অলংকাৰ পৰিধান কৰিছিল । তেওঁলোকে শিক্ষা, খেলা-ধূলা, চিকাৰ, সাঁতোৰা, নাও চলোৱা আদি সকলো কাৰ্য কৰিব পাৰিছিল ।  ইজিপ্তৰ সমাজৰ দ্বিতীয় শ্ৰেণীৰ লোক আছিল ৰাজ কৰ্মচাৰী, লেখক, বণিক, শিল্পী আৰু অন্যান্য সম্পত্তিৱান খেতিয়কসকল ।

দাসসকল সমাজৰ একেবাৰে নিম্নস্তৰৰ লোক আছিল । তেওঁলোকৰ বেছিভাগেই যুদ্ধবন্দী আছিল । দাস ব্যৱসায় চলিছিল । দাসসকল প্ৰায়বোৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা শোচনীয় আছিল । 

২। মেছোপটেমিয়া ধৰ্ম।

উত্তৰঃ  মেছোপটেমিয়া সভ্যতাৰ ধৰ্মৰো বিকাশ হোৱা দেখা গৈছিল । সেই সভ্যতাৰ মন্দিৰসমূহ আছিল ধৰ্মীয়, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক জীৱনৰ প্ৰধান কেন্দ্ৰবিন্দু । মন্দিৰসমূহ ওখ ঠাইত নিৰ্মাণ কৰা হৈছিল আৰু জিগগুৰাট বা ইশ্বৰৰ পাহাৰ হিচাপে সেই ঠাইক জনা গৈছিল । প্ৰাকৃতিক বিভিন্ন কাৰকক দেৱত্ব আৰোপ কৰি সেইসমূহক উপাসনা কৰা পদ্ধতি সমসাময়িক অন্যান্য সভ্যতাৰ দৰে মেছোপটেমিয়া সভ্যতায়ো আছিল । চুমেৰীয়সকলৰ প্ৰধান দেৱতা বা স্বৰ্গৰ দেৱতা আছিল আনু । বৰুণ দেৱতা আছিল এনলিন আৰু পৃথিৱীৰ দেৱতা আছিল এনকি । প্ৰতিখন নগৰৰ দেৱতা বেলেগ বেলেগ আছিল । যেনে লাগাছৰ নগৰ দেৱতা আছিল নিনগিৰছু । আৰৰ নগৰ দেৱতা আছিল নানগৰ ইত্যাদি । দেৱীসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ঈনানা । বেবিলনীয় সভ্যতা বা বেবিলনীয় যুগত মাৰ্ডুক মেছোপটেমিয়াৰ জাতীয় দেৱতা হিচাপে পৰিগণিত হয় । মন্দিৰৰ মূল পূজাৰিণী আছিল নাৰী । মন্দিৰ পূজাৰিণী পদটো বহু উচ্চ পৰ্যায়ৰ আছিল আৰু ৰাজকুমাৰীসকলো মন্দিৰৰ পূজাৰিণী হোৱা দেখা গৈছিল । উদাহৰণস্বৰূপে ৰজা ছাৰগন আৰু ৰজা নবোনিডাছৰ কন্যা পূজাৰিণী আছিল । মন্দিৰক কেন্দ্ৰ কৰি মেছোপটেমিয়া সভ্যতাত দেৱদাসী প্ৰথাও গঢ়ি উঠিছিল । 

৩। চাঙ যুগৰ অৰ্থনীতি ।

উত্তৰঃ চাং যুগৰ সময়ছোৱা চীনৰ সভ্যতাৰ এটা গৌৰৱোজ্জল অধ্যায় । চাংসকলৰ সময়ত চীনৰ অৰ্থনীতিৰ প্ৰধান ভেটি আছিল কৃষি । তেওঁলোকে কণীধান, গম আৰু যৱৰ খেতি কৰিছিল । কৃষিৰ ওপৰত নিয়ন্ত্ৰণ ৰজাৰ আছিল । কৃষকসকলে শস্য সিঁচা আৰু চপোৱাৰ ক্ষেত্ৰত ৰজাই তদাৰক কৰিছিল । চান্দ্ৰমাহৰ হিচাপত চীনৰ পঞ্জিকা তৈয়াৰ কৰা হৈছিল আৰু সেই পঞ্জিকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্যসমূহ কৰা হৈছিল । কৃষিৰ উপৰি পশুপালন ব্যৱস্থাৰো প্ৰচলন আছিল । তেওঁলোকে গাঁহৰি , কুকুৰ, ভেড়া, ছাগলী, আদি পালন কৰিছিল । তাৰোপৰি ঘোৰা আৰু হাতীৰো ঘৰচীয়াকৰণ কৰিছিল । চীনৰ লোকসকলে পাটপলু পুহিছিল আৰু তাৰ পৰা উৎপাদিত কাপোৰ বিশ্বৰ বিভিন্ন দেশলৈ ৰূপান্তৰিত কৰিছিল । কৃষি আৰু পশুপালনৰ উপৰি চাং যুগৰ চীনৰ লোকসকলে কাৰিকৰ আৰু শিল্পী হিচাপে জীৱন-নিৰ্বাহ কৰিছিল । তেওঁলোকে শিল, পোৰামাটি, ব্ৰঞ্জ আদিৰ বিভিন্ন নিত্য ব্যৱহাৰ্য বস্তু তৈয়াৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, প্ৰসাধন সামগ্ৰী, আদিও উৎপাদন কৰিছিল । বিশেষকৈ চাং যুগত নিৰ্মাণ কৰা কাঁহী-বাটি, কাপ-প্লেট আৰু অন্যান্য আহিলাসমূহৰ মান যথেষ্ট উন্নতমানৰ আছিল । 

ৰচনাধৰ্মী প্ৰশ্ন

১। অৰ্থনীতি, সমাজ বিভাজন, ৰাষ্ট্ৰ গঠন আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি ইজিপ্তৰ সভ্যতাৰ বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰাচীনতম সভ্যতাসমূহৰ ভিতৰত এটা উল্লেখযোগ্য সভ্যতা আছিল ইজিপ্তৰ সভ্যতা । ইজিপ্তৰ নীল নদীৰ পাৰত এই সভ্যতাৰ বিকাশ হৈছিল । ইজিপ্ত দেশখন আফ্ৰিকা মহাদেশৰ উত্তৰ-পূব অংশত অৱস্থিত । ইজিপ্তৰ মাজেৰে বৈ যোৱা নীল নদীখন আফ্ৰিকাৰ মাজভাগত থকা পৰ্বতমালাৰ পৰা উৎপত্তি হৈ উত্তৰলৈ বৈ গৈ ভূমধ্য সাগৰত পৰিছে । এই নীল নদীৰ উপত্যকাতে প্ৰাচীন কালত আদিম অঘৰী লোকসকলে লাহে-লাহে স্থায়ী বসতি আৰম্ভ কৰিছিল । পাচলৈ নীল নদীক কেন্দ্ৰ কৰিয়েই এই লোকসকলৰ সামাজিক, ৰাজনৈতিবক, অৰ্থনৈতিক ধৰ্মীয় আদি চিন্তাৰ বিকাশ হৈ এক উচ্চমানৰ সভ্যতাৰ সৃষ্টি হয় । নীল নদ০ীৰ পাৰত বিকাশ হোৱাৰ বাবে ইজিপ্তৰ সভ্যতাৰ অন্য নাম নীল নদীৰ পাৰৰ সভ্যতা । গ্ৰীচৰ লোকসকলে নীল নদীৰ উত্তৰ-পূব অঞ্চলক এজিপ্তছ বুলি কৈছিল ।  এই এজিপ্তছৰ পৰাই পাছলৈ ইজিপ্ত নামটোৰ উৎপত্তি হয় বুলি অনুমান কৰা হৈছে । গ্ৰীচৰ ইতিহাসবিদ হিৰোডটাছে ইজিপ্তক নীল নদীৰ অৱদান হিচাপে অভিহিত কৰিছে । আৰৱসকলে ইজিপ্তৰ মিচৰ নামেৰে অভিহিত কৰিছিল । সেয়েহে ইজিপ্তৰ সভ্যতাৰ অন্য এটা নাম হল মিচৰীয় সভ্যতা । সামাজিক, ৰাজ-নৈতিক, আদি দিশত বিকাশৰ লগতে ইজিপ্তৰ সভ্যতাৰ আন এক অৱস্থান আছিল লিখন পদ্ধতিৰ বিকাশ আৰু জ্ঞান-বিজ্ঞানৰ বিকাশ । ইজিপ্তৰ প্ৰাচীন লিপিক হাইৰ'গ্লিফ হিচাপে জনা যায় । ইজিপ্ত পিৰামিডসমূহৰ বাবেও বিশ্ববিখ্যাত । 

ক) অৰ্থনীতিঃ ইজিপ্তৰ সভ্যতাৰ সময়ত অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি । নীল নদীৰ সাৰুৱা উপত্যকাত প্ৰচুৰ পৰিমাণে কৃষিকাৰ্য উৎপাদন কৰা হৈছিল । তেওঁলোকৰ প্ৰধান উৎপাদিত শস্য আছিল গম, বাৰ্লি, কণীধান ইত্যাদি । বিভিন্ন ফল-মূল আৰু শাক-পাচলি যেনে -নেমু, পিচফল, ডালিম, খেজুৰ আদিৰ খেতিও কৰা হৈছিল । খেতিৰ কাৰণে প্ৰথম অৱস্থাত তেওঁলোকে কাঠৰ নাঙল ব্যৱহাৰ কৰিছিল । পাচলৈ দুটা গৰুৱে টানিব পৰা নাঙলৰ ব্যৱহাৰ কৰে । কৃষিকাৰ্যত ব্যৱহাৰ কৰা অন্যান্য সজুঁলিসমূহ আছিল চিপ্ৰাং, কাঁচি, নাঙলৰফাল ইত্যাদি । প্ৰথম অৱস্থাত ব্যৱহাৰ কৰা কাঠৰ  নাঙলসমূহত পাচলৈ তাম আৰু ব্ৰঞ্জৰ ফাল ব্যৱহাৰ কৰিছিল । ইজিপ্তৰ কৃষিৰ লগত জলসিঞ্চন ব্যৱস্থাৰ প্ৰচলন  দেখা যায় । দূৰৰ অঞ্চলবোৰলৈ তেওঁলোকে নলা খান্দি পানী বোৱাই নিছিল । তদুপৰি নদীৰ পৰা পানী সিচি দি সংৰক্ষণৰ ব্যৱস্থাও কৰিছিল । কৃষিৰ লগতে ইজিপ্তবাসীয়ে পশুপালনো কৰিছিল । তেওঁলোকৰ প্ৰধান ঘৰচীয়া জন্তুসমূহ আছিল ভেৰা, ছাগলী, গাহৰি, কুকুৰ, হাঁহ, কুকুৰা, ঘোৰা, উট ইত্যাদি । ৰাজহৰ ক্ষেত্ৰত খেতিয়কসকলে শস্য বা অন্য জন্তুৰ দ্বাৰা ৰজাঘৰত খাজনা দিব লাগিছিল । নিয়মিত খাজনাৰ উপৰিও বান্ধ নিৰ্মাণ, খাল খন্দা, সমাধি বা মন্দিৰ নিৰ্মাণৰ কাৰণে পাথৰ সংগ্ৰহৰ বাবেও কৃষকসকলে কৰ দিব লাগিছিল ।ফলত কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা ভাল নাছিল । কৃষিৰ উপৰিও ব্যৱসায়-বাণিজ্যও ইজিপ্তৰ সভ্যতাত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছিল । আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্যৰ প্ৰসাৰ ঘটিছিল । খ্ৰীঃপূঃ ২০০০ চন মানৰপৰা ইজিপ্তে বৈদেশীক বাণিজ্যত অগ্ৰগতি লাভ কৰিছিল । ইজিপ্তৰ লগত বাণিজ্যিক সম্পৰ্ক গঢ়ি উঠা অন্যান্য দেশসমূহ আছিল ক্ৰিট, ফিনিচিয়া, পেলেষ্টডাইন আৰু চিৰিয়া । ইজিপ্তৰ সভ্যতাৰ প্ৰধান ৰূপ্তানি সামগ্ৰীসমূহ হল কাপোৰ, কাগজ, মাটিৰ শিল্প, ধান, সোণ,  আদি । প্ৰধান আমদানিকৃত সামগ্ৰীসমূহ আছিল ৰূপ, হাতীৰ দাঁত, আৰু ফলা কাঠ ।

সামাজিক বিভাগঃ সভ্যতাৰ আৰম্ভণিৰ পৰা বহু শতিকাজুৰি ইজিপ্তৰ সমাজখন দুটা ভাগত বিভক্ত আছিল 

ক)উচ্চ স্তৰ ।

খ) নিম্ন স্তৰ ।

উচ্চ স্তৰত দেশৰ অভিজাত লোকসকল আছিল । বাকী সকলো লোকলে নিম্ন স্তৰত ধৰা হৈছিল । পাচলৈ ব্যৱসায়-বাণিজ্যৰপ্ৰসাৰৰলগে-লগে বহুতো চহৰ-নগৰ গঢ়ি উঠিছিল । নগৰীয়া জীৱন আৰু বাণিজ্যক কেন্দ্ৰ কৰি সমাজত মধ্যভোগী শ্ৰেণীৰ এটা সৃষ্টি হৈছিল । ফলতইজিপ্তৰ সমাজখন তিনিটা শ্ৰেণীত বিভক্ত হয় । 

ক) প্ৰথম শ্ৰেণী ।

খ) দ্বিতীয় শ্ৰেণী ।

গ) নিম্ন স্তৰ বা দাসসকল ।

ইজিপ্তৰ ৰজা বা ফাৰাও, সম্ভ্ৰান্ত বংশৰ লোকসকল আৰু পুৰোহিতসকল প্ৰথম শ্ৰেণীৰ অন্তৰ্গত আছিল । এওঁলোকৰ প্ৰচুৰ পৰিমাণে মাটি-সম্পত্তি আছিল । এই উচ্চ স্তৰৰ লোকসকলে অত্যন্ত বিলাসী জীৱন-যাপন কৰিছিল । তেওঁলোকৰ ঘৰ-দুৱাৰসমূহ অতি আহল-বহল, ডাঙৰ হোৱাৰ লগতে বিভিন্ন ধৰণেৰে সৌন্দৰ্যবৰ্ধন কৰা হৈছিল । এই শ্ৰেণীৰ লোকসকলে লিনেন কাপোৰৰ বস্ত্ৰ পৰিধান কৰিছিল । ডিঙি, বাহু, আৰু হাতত সোণ আৰু অন্যান্য বহুমূলীয়া মণি-মুকুতাৰ অলংকাৰ পৰিধান কৰিছিল । তেওঁলোকে শিক্ষা, খেলা-ধূলা, চিকাৰ, সাতোঁৰা নাও চলোৱা আদি সকলো কাৰ্য কৰিব পাৰিছিল । 

ৰাষ্ট্ৰ গঠন ঃ প্ৰথম অৱস্থাত নীল নদীৰ পাৰৰ জনবসতিপূৰ্ণ অঞ্চলসমূহক কেন্দ্ৰ কৰি একো একোখন সৰু ৰাজ্যৰ সৃষ্টি হৈছিল । এনেকুৱা প্ৰায় চল্লিছখনমান ৰাজ্য থকাৰ কথা জানিব পৰা হৈছে । এই সৰু সৰু ৰাজ্যসমূহৰ মাজত কোণোধৰণৰ একতা নাছিল । প্ৰতিখন ৰাজ্যই ইখনে সিখনৰ লগত সততে যুঁজ-বাগৰত লিপ্ত হৈছিল । পাচলৈ নীল নদীৰ উত্তাঞ্চলত এখন শক্তিশালী ৰাজ্য আৰু দক্ষিণাঞ্চলত আন এখন শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা হয় । অৱশ্যে এই দুয়োখন ৰাজ্যৰ মাজত কোনোধৰণৰ সম্পৰ্ক নাছিল । 

আনুমানিক খ্ৰীঃপূঃ চতুৰ্থ সহস্ৰাব্দত ইজিপ্তৰ ঐক্য স্থাপন হয় । মিনিজ নামৰ লোকজনে পোন প্ৰথমবাৰৰ বাবে ইজিপ্তত ৰাজনৈতিক ঐক্য প্ৰতিষ্ঠা কৰি এক শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা কৰে । এই মিনিজ হল ইজিপ্তত ৰাজবংশৰ প্ৰতিষ্ঠাতা । মিনিজে মেম্ফিছ নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰি ইজিপ্তৰ ৰাজধানী পাতে । প্ৰায় পোন্ধৰশ বছৰজুৰি মেম্ফিছ ইজিপ্তৰ ৰাজধানী আছিল ।

ইজিপ্তৰ প্ৰাচীন ইতিহাসক তিনিটা ভাগত ভাগ কৰা হৈছে । 

১। পুৰণি ৰাজ্য 

২।মধ্য ৰাজ্য 

৩। নতুন ৰাজ্য

পুৰণি ৰাজ্যৰ সময়খিনিক পিৰামিডৰ যুগ হিচাপেও জনা যায় । ইজিপ্তৰ ৰজাজনক ফাৰাও নামেৰে জনা যায় । ফাৰাও শব্দটো হিব্ৰু ভাষাৰ পৰা আহিছে । আৰু ইয়াৰ অৰ্থ হৈছে ডাঙৰ ঘৰ বা অট্টালিকা । ৰজাসকলে ডাঙৰ অট্টালিকাত বাস কৰিছিল বাবে তেওঁলোক কালক্ৰমত ফাৰাও হিচাপে পৰিচিত হৈ পৰে । ইজিপ্তত ফাৰাও আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী । তেওঁক দেৱতা হিচাপে গণ্য কৰা হৈছিল  । ফাৰাওক সহায় কৰিবৰ বাবে অন্যান্য সম্ভ্ৰান্ত লোকসকল আৰু  পুৰোহিতসকল আছিল । তাৰোপৰি শাসনত সহায় কৰিবৰ বাবে অন্যান্য বিষয়া-কৰ্মচাৰীও নিয়োগ  কৰা হৈছিল । 

ধৰ্মঃপ্ৰাচীন বিশ্বৰ অন্যান্য লোকসকলৰদৰেই ইজিপ্তৰ লোকসকলৰ ধৰ্মীয় বিশ্বাস আছিল । প্ৰথম অৱস্থাত তেওঁলোক প্ৰকৃতিৰ উপাসক আছিল । প্ৰকৃতিৰ বিভিন্ন কাৰকক তেওঁলোকে দেৱ-দেৱী আখ্যা দি উপাসন কৰিছিল । প্ৰথম অৱস্থাত তেওঁলোকৰ মূল দেৱতা আছিল সূৰ্য বা ৰা বা আমন-ৰা । আন দুজন উল্লেখযোগ্য দেৱ-দেৱী আছিল নীল নদীৰ দেৱতা  অছিৰিছ । আৰু পৃথিৱীৰ দেৱী আছিল ইছিছ । খ্ৰীঃপূঃ চতুৰ্দশ শতিকাত ফাৰাও ইখনাচলৈ ধৰ্মৰ সংস্কাৰ কৰি একেশ্বৰবাদ সৃষ্টি কৰিছিল যদিও পাচলৈ বহু দেৱ-দেৱীৰ পূজাই চলে । ইজিপ্তৰ লোকসকলে মানুহৰ অমৰত্ব আৰু মৃত্যুৰ পাছত জীৱন থকা কথাটিত বিশ্বাস কৰি মৃতদেহসমূহ সংৰক্ষণ কৰি ৰাখিছিল ।এই ব্যৱস্থাক মামি হিচাপে জনা যায় । 

Author_ Ali rani Kakati ( Ba in History Major)