প্ৰথম অধ্যায় 


উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূ প্ৰকৃতি, জলবায়ু, মাটি আৰু পৰম্পৰৰ সম্পৰ্ক

অনুশীলনী

১। (ক) উত্তৰ-পূব পৰিষদ কোন চনত গঠন হয়?
উত্তৰঃ  ১৯৭১ চনত উত্তৰ-পূব পৰিষদ গঠন হয়।

(খ) উত্তৰ-পূৰ্বাঞ্চলত ছিকিম ৰাজ্যক কেতিয়া অর্ন্তভুক্ত কৰা হয় ?
উত্তৰঃ ২০০২ চনত উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিম ৰাজ্য়ক অৰ্ন্তভূক্ত কৰা হয়

(গ) অসম ৰাজ্য কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত?
উত্তৰঃ অসমৰ ৰাজ্য সেমেকা উপক্ৰান্তীয় জলবায়ুত অন্তৰ্গত।

(ঘ) ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? 
উত্তৰঃ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে  ৩১,২০৫,৫৭৬ জন।

(ঙ) ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ কিমান শতাংশ এলেকা অসমৰ ভিতৰত পৰিছে?
উত্তৰঃ ভাৰতবৰ্ষৰ পৰিসীমা ভিতৰত থকা ব্ৰহ্মপুত্ৰ অৱবাহিকা ৩৬.৩৩% শতাংশ পৰিছে ।

(চ) অসমৰ মাটি কেইপ্ৰকাৰৰ?
উত্তৰঃ অসমৰ মাটি চাৰিপ্ৰকাৰৰ আৰু এইববোৰ হৈছে-  পলসুৱা, পাহাৰীয়া আৰু লেটেৰাই মাটি ।

২। (ক) উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ কেইখন আৰু কি কি?
উত্তৰঃ  উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ ৮ খন । এইবোৰ হল -
                ১) অসম 
                ২) অৰুণাচল প্ৰদেশ 
                ৩) মণিপুৰ
                ৪) মিজোৰাম 
               ৫) মেঘালয় 
               ৬) নাগালেণ্ড
               ৭) ত্ৰিপুৰা 
               ৮) ছিকিম

(খ) উত্তৰ-পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি?
উত্তৰঃ উত্তৰ-পূব পৰিষদৰ মূল লক্ষ্য়  হৈছে  সৰ্বাংঙ্গীন উন্নয়ন আৰু অৰ্থনাতিক উন্নয়ন আৰু উদ্দেশ্য হ'ল- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ মাজত সমন্বিয় সহযোগিতা আৰু ঐক্য বৃদ্ধি কৰা।

(গ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? 
উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি  ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হৈছিল।

(ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্য ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আছিল?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য় কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আছিল।

(ঙ) উত্তৰ-পূৰ্বাঞ্চলক কোন কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলক আগুৰি থকা ৰাষ্ট্ৰকেইখনৰ নাম হল- নেপাল, ভূটান, চীন, ম্য়ানমাৰ আৰু বাংলাদেশ।

(চ) ব্ৰহ্মপুত্ৰক পূর্বৱৰ্তী নদী বুলি কিয় কোৱা হয় ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ এখন পূৰ্বৱতী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে ।  

৩। (ক) ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া।
 
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াৰলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলোমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায়। প্ৰায় ২৭৮ কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছঘাটৰ পৰা ৫২ কিলোমিটাৰ নামনিত ছিয়াঙৰ নামনি অংশ অৰ্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীৰ পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলধাৰাই ব্ৰহ্মপুত্ৰ।

(খ) অসমৰ জলবায়ু নিয়ন্ত্ৰণত হিমালয়ৰ প্ৰভাৱ ব্যাখ্যা কৰা ।
উত্তৰঃ সুউচ্চ হিমালয় পৰ্বত-মালাই সমগ্ৰ অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্ৰৱল শীতৰ পৰা ৰক্ষা কৰিছে। হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিখাতবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখিছে। গোটেই বছৰ পানী থকাৰ বাবে নদ-নদীবোৰত বিভিন্ন প্ৰজাতিৰ বহুতো উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ সমাহাৰ ঘটিছে; সকলো ঋতুতে প্ৰয়োজন অনুসৰি খেতি মাটিত পানী যোগান ধৰা সম্ভৱ হৈছে। 

(গ) মাজুলীৰ বিশেষত্বসমূহৰ বৰ্ণনা দিয়া।
উত্তৰঃ  ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আছে । ৬৪৫ বৰ্গ কিলোমিটাৰ এলেকা আবৰি থকা নদীদ্বীপ মাজুলীত ১৫৫ খন বসতিপূৰ্ণ গাওঁ আছে । জৈৱবিচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী । নদী দ্বীপ মাজুলিৰ কিছু বিশেষত্ব এনেধৰণৰ-

    ১। মাজুলিৰ সত্ৰীয়া সংস্কৃতি প্ৰাণকেন্দ্ৰ।
    ২। মাজুলিৰ মুখা শিল্প বিশ্ববিখ্যাত।
    ৩। এই নদী দ্বীপত বিৰল প্ৰজাতিৰ শিহু পোৱা যায়।
   ৪। পৃথিৱীৰ ভিতৰত কেৱল চাৰিটা প্ৰজাতিৰ নিৰ্মল পানীত থকা বিৰল শিহু পোৱা যায়। তাৰ ভিতৰত প্লেটানিছ গেঞ্জেটিকা নামৰ লুপ্তপ্ৰায় বিহু বিধ ব্ৰহ্মপুত্ৰত আছে।  এই বিৰল প্ৰজাতিৰ শিহু বিধ গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণ বিন্দু।


(ঘ) ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় নদীপথ হিচাপে এটি চমু ব্যাখ্যা দিয়া ।
উত্তৰঃ মহাবাহুব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ, অর্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱনধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম৷ ব্ৰহ্মপুত্ৰৰ উৎস হিমালয়ৰ উত্তৰে। এই নদী অৰুণাচল-হিমালয়ৰ মাজেৰে দক্ষিণলৈ আহি অসম উপত্যকাত প্ৰৱেশ কৰিছে। ব্ৰহ্মপুত্ৰ এখন পূর্বৱৰ্তী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। ই পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী। ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চল ৫,৮০,০০০ বর্গ কিলোমিটাৰ৷ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ ৫০.৫ শতাংশ চীন দেশত, ৩৩.৬ শতাংশ ভাৰতবৰ্ষত, ৮.১ শতাংশ বাংলাদেশত আৰু ৭.৮ শতাংশ ভূটানত পৰিছে। ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চলৰ শতকৰা ৪১.৮৮ ভাগ অৰুণাচলত, ৩৬.৩৩ ভাগ অসমত ৬ ভাগ মেঘালয়ত, ৫.৫৫ ভাগ নাগালেণ্ডত, ৩.৭৫ ভাগ চিকিমত আৰু ৬.৪৭ ভাগ পশ্চিমবঙ্গত পৰিছে। ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াৰলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলেমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায়।


    ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আছে। ৬৪৫ বর্গ কিলোমিটাৰ এলেকা আৱৰি থকা নদীদ্বীপ মাজুলীত ১৫৫ খন বসতিপূর্ণ গাঁও আছে। জৈৱবিচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী। এই নদীদ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ৷ মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত। ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াত পোৱা বিৰল প্ৰজাতিৰ শিহু। গোটেই পৃথিৱীত কেৱল চাৰিটা প্ৰজাতিৰ নিৰ্মল পানীত থকা শিহু আছে। তাৰ ভিতৰত প্লেটানিছ গেঞ্জেটিকা  নামৰ লুপ্তপ্রায় শিহুবিধ ব্ৰহ্মপুত্ৰত আছে। অৱশ্যে এই শিহু বর্তমান প্রায় ২০০ টা মানহে আছেগৈ। বিৰল প্ৰজাতিৰ এই শিহু বহুতো গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণ বিন্দু।

ব্ৰহ্মপুত্ৰ নদী পৰিভ্ৰমী চৰাইৰ এটা সুদীৰ্ঘ আৰু গুৰুত্বপূৰ্ণ ভ্ৰমণ পথ। সুদূৰ ইউৰোপ, চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্ৰ পথেৰে দক্ষিণ-পূব এছিয়ালৈকে উৰি আহে। তাৰে বহুতো পক্ষী অসমৰ বিল, জলাহবোৰত আশ্রয় লয়। সাধাৰণতে শীতকালত এনে পৰিভ্ৰমী চৰাই অসমত দুই তিনি মাহৰ বাবে আশ্রয় লয় আৰু পুনৰ নিজ স্থানলৈ গতি কৰে।


(ঙ) জলবায়ুৰ দিশৰ পৰা অসমক কেইটা আৰু কি কি ঋতুত ভাগ কৰা হৈছে বৰ্ণনা কৰা।
উত্তৰঃ জলবায়ুৰ দিশৰ পৰা অসমক চাৰিটা ঋতুত ভাগ কৰিছে। আৰু সেইকেইটা হৈছে- বৰ্ষা, শীত, শৰৎ আৰু বসন্ত। এই চাৰিটা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীতৰ  মাজত শৰৎ ঋতু। এই দুই ঋতুকাল যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল। এই সময়ত গড় উত্তাপ ১৫॰ ছেলছিয়াছতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলি কুঁৱলী পৰা দেখা যায়। মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয়। লগতে ধূলি-ধুমুহাৰ প্ৰকোপ বাঢ়ে। মাৰ্চ মাহৰ শেষৰ পৰা প্ৰায় গোটেই এপ্ৰিল মাহত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়। এই সময়ছোৱাত গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে। তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ  মাহ পৰ্যন্ত প্ৰৱল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে আগে প্ৰধানকৈ মে' মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ ৩০॰ ছেলছিয়াছৰ পৰা ৩৫॰ ছেলছিয়াছ পৰ্যন্ত হয়গৈ। ছেপ্টেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্ত পৰে। ক্ৰমে আকাশ ফৰকাল হয়।
    নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সময়ছোৱা হ'ল শৰৎকাল যিটো ঋতু যথেষ্ট চুটি। লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা সৰ্বনিম্ন হয়গৈ। এই সময়ত গড় উত্তাপ ১৩॰ ছেলছিয়াছমান হয় যদিও মাজে মাজে তাপমাত্ৰা ৮॰ ছেলছিয়াছলৈ হ্ৰাস হয়।

(চ) অসমত মৌচুমী বতাহৰ প্ৰভাৱ কেনেকুৱা ব্যাখ্যা কৰা। 
উত্তৰঃঅসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। বতৰৰ অৱস্থা একোটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক চাৰিটা ঋতুত ভগোৱা হৈছে। বর্ষা, শীত, শৰৎ আৰু বসন্ত। এই চাৰিটা } ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীতৰ মাজত শৰৎ ঋতু। এই দুই ঋতুকাল যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল। এই সময়ত গড় উত্তাপ ১৫° ছেলছিয়াছতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলি কুঁৱলী পৰা দেখা যায়। মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয়। লগতে ধূলি-ধুমুহাৰ প্ৰকোপ বাঢ়ে। মাৰ্চ মাহৰ শেষৰ পৰা প্রায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়। এই সময়ছোৱাতে গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে। তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ মাহ পর্যন্ত প্ৰৱল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে আগে প্রধানকৈ মে’ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ ৩০° ছেলছিয়াৰ পৰা ৩৫° ছেলছিয়াছ পর্যন্ত হয়গৈ। ছেপ্টেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্তপৰে। ক্ৰমে আকাশ ফৰকাল হয়।নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সময়ছোৱা হ’ল শৰৎকাল যিটো ঋতু যথেষ্ট চুটি। লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা সর্বনিম্ন হয়গৈ। এই সময়ত গড় উত্তাপ ১৩° ছেলছিয়াছমান হয় যদিও মাজে মাজে তাপমাত্র ৮° ছেলছিয়াছলৈ হ্ৰাস হয়।

(ছ) অসমৰ লেটাৰাইট বা ৰঙা মাটিৰ বিতৰণ আৰু বিশেষত্বৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ লেটাৰাইট বা ৰঙা মাটিত লৌহকণা আৰু এলুমিনিয়াম বেছিকৈ থাকে। এই মাটি সাধাৰণতে সেমেকা ক্ৰান্তীয় অঞ্চলত পোৱা যায়। লৌহকণা বেছিকৈ থকাৰ বাবে এই মাটিৰ ৰং ৰঙচুৱা। ডিমাা হাচাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেণ অঞ্চলত প্ৰধানকৈ এই মাটি পোৱা যায়। তদুপৰি গোলাঘাট জিলাৰ দক্ষিণ প্ৰান্তত আৰু বৰাক উপত্যকাৰ বৰাইল পাহাৰৰ পাদভূমিত লেটাৰাইট পোৱা যায়। এই মাটিৰ ৰং গাঢ় কিন্তু নাইট্ৰ'জেন, পটাচ, ফছফৰিক এছিড আৰু চূণৰ পৰিমাণ অতি কম।

৪। (ক) অসম জৈৱবৈচিত্ৰ্যত চহকী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা ।
উত্তৰঃ উত্তৰ পূৱ ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ আঠখন প্ৰদেশৰ ভিতৰত অসম এখন উল্লেখযোগ্য প্ৰদেশ। সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চল ইণ্ডো মালয়ান, ইন্দোচীন আৰু ইণ্ডিয়ান জৈৱ ভৌগোলিক অঞ্চলৰ সংগমস্থলত অৱস্থিত। অঞ্চলটো প্ৰধানকৈ সেমেকা উপক্ৰান্তীয় জলবায়ু অঞ্চলৰ অন্তৰ্গত। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ ভূ-প্ৰকৃতি আৰু জলবায়ু নিম্নোক্ত কাৰকৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। এই কাৰকসমূহ হ'ল - 
    (১) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতি আৰু অৱয়ৱসমূহ।
    (২) সুউচ্চ হিমালয় পৰ্বতমালাৰ অৱস্থিতি আৰু
    (৩) মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰা আৰু ইয়াৰ প্ৰভাৱ।
    
অসমৰ অৱস্থিতি আৰু ইয়াৰ ভূ অৱয়ৱৰ বৈশিষ্ট্যই অসমৰ প্ৰাকৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। ভূ-গোলকৰ ২৪॰০৭/ উত্তৰ অক্ষাংশ আৰু ২৮॰০/ উত্তৰ অক্ষাংশ আৰু ৮৯॰১/ পূব দ্ৰাঘিমাংশ আৰু ৯৬॰১/ পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত হোৱাৰ বাবে আৰু অসমৰ প্ৰায় চৌপাশ গিৰিবেষ্টত হোৱাৰ কাৰণে জলবায়ু তথা জৈৱবৈচিত্ৰতা ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰতকৈ বেলেগ হৈ পৰিছে। জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায় গ্ৰীষ্মকালত এচাম বেলেগ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় যাৰ বাবে অসম জৈৱবিচিত্ৰতাৰ এক চহকী অঞ্চলত পৰিণত হৈছে।

(খ) অসমৰ পলসুৱা মাটিৰ গুণাগুণ আৰু বিতৰণৰ এটা টোকা লিখা।
উত্তৰঃ অসমৰ মাটিত সাধাৰণতে অম্লতাৰ পৰিমাণ বেছি। গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ মাটিক চাৰিটা ভাগত বিভক্ত কৰা হৈছে- এই চাৰিবিধ মাটি হ'ল - পলসুৱা মাটি, পাহাৰীয়া মাটি, পৰ্বত-পাহাৰৰ পাদদেশত উপলব্ধ কংকৰীয় মাটি আৰু ৰঙা মাটি বা লেটাৰাইট।

    ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকা প্ৰধানকৈ নদীগঠিত পলসুৱা মাটিৰে গঠিত। এই পলসুৱা মাটিক দুটা ভাগত ভগাব পাৰি। নতুন পলসুৱা আৰু পুৰণি পলসুৱা মাটি। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে সঘনে বানপানী হোৱা অঞ্চল প্ৰধানকৈ নতুন পলসুৱা মাটিৰ। এই মাটিৰ ৰং সাধাৰণতে মধ্যমীয়াৰ পৰা গাঢ় ধোঁৱা বৰণীয়া।
    পুৰণি পলসুৱা মাটি কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লক্ষীমপুৰ আৰু অংশ বিশেষে ধেমাজি জিলাত প্ৰধানকৈ পোৱা যায়। নদীকাষৰীয়া নতুন পলসুৱা আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজভাগত প্ৰধানকৈ পুৰণি পলসুৱা মাটি দেখা যায়। ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ পুৰণি পলসুৱা মাটিভাগ তুলনামূলকভাৱে উত্তৰপাৰতকৈ ঠেক। কিন্তু মানকাচৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, হোজাই জিলাত পুৰণি পলসুৱা মাটিভাগ যথেষ্ট বহল।
    বৰাক উপত্যকাত নিজোৰামৰ পাহাৰবোৰৰ সমান্তৰালকৈ কেইবাটাও পুৰণি পলসুৱা মাটিৰ ঠেক কিন্তু দীঘলীয়া অঞ্চল আছে। পুৰণি পলসুৱা মাটিৰ ৰং গাঢ় মটীয়াৰ পৰা মটীয়া-হালধীয়া হোৱা দেখা যায়। 

(গ) অসমৰ ভূপ্রকৃতি প্ৰধানকৈ সমতলীয় হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত কি কি সুবিধা হৈছে আলোচনা কৰা।
উত্তৰঃ অসমক গছ-গছনিৰে ভৰা পাহাৰীয়া প্ৰদেশ কেইখনে বেৰি থকাৰ বাবে অসমৰ জলবায়ু একে অক্ষাংশত থকা ভাৰতৰ আন আন প্ৰদেশবোৰৰ জলবায়ুতকৈ বহুত বেলেগ; গ্রীষ্মকালত উষ্ণতাৰ পৰিমাণ তুলনামূলকভাৱে কম। কিন্তু অসমৰ বায়ুমণ্ডলত জলীয়বাষ্প বেছিকৈ থকাৰ বাবে গৰমৰ দিনত প্ৰকৃত উত্তাপতকৈ অনুভূত উত্তাপৰ পৰিমাণ কিছু বেছি। চিকিমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত হোৱা প্ৰবল বৃষ্টিপাতৰ অধিকাংশ পানীয়েই ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈলৈ বিভিন্ন উপনদীয়ে কঢ়িয়াই আনে। থিয় পাহাৰৰ ঢালেদি অসমৰ বিভিন্ন অঞ্চলৰ ভূ-ভাগৰ সুউচ্চ হিমালয় পর্বত-মালাই সমগ্ৰ অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্ৰৱল শীতৰ পৰা ৰক্ষা কৰিছে। হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিখাতবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখিছে। হিমালয়ৰ বৰফ গলা পানীয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ বাহিনীৰ প্ৰায়বোৰ উপনদীক গোটেই বছৰ পানীৰে পৰিপুষ্ট কৰি ৰাখিছে। গোটেই বছৰ পানী থকাৰ বাবে নদ-নদীবোৰত বিভিন্ন প্রজাতিৰ বহুতো উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ সমাহাৰ ঘটিছে; সকলো ঋতুতে প্রয়োজন অনুসৰি খেতি মাটিত পানী যোগান ধৰা সম্ভৱ হৈছে। অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ পাহাৰ-পৰ্বতবোৰে ব্ৰহ্মপুত্ৰ তথা বৰাক উপত্যকাক বেৰি ৰাখিছে। বর্ষা ঋতুত যেতিয়া মৌচুমী বায়ু উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ এই পাহাৰ-পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয়। ইয়াৰ ফলত নদ-নদীবোৰ পানীৰে উপচি পৰি ঠায়ে ঠায়ে প্ৰৱল বানৰ সৃষ্টি কৰে যদিও প্ৰাকৃতিকভাৱে পোৱা এই পানী হাবি জংঘলবোৰ বৰ্তি থকাত আৰু খেতি-বাতি কৰাত যথেষ্ট সহায় হৈছে।

(ঘ) উত্তৰ-পূৰ্বাঞ্চলত অসমৰ অৱস্থিতিৰ বৈশিষ্ট্যই ৰাজ্যখনৰ গুৰুত্ব কেনেদৰে বঢ়াইছে আলোচনা কৰা।
উত্তৰঃ ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল প্ৰধানকৈ পূব হিমালয় আৰু ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰে গঠিত। ব্ৰহ্মপুত্ৰ, বৰাক আৰু এই দুই নদীৰ উপনৈসমূহে সৃষ্টি কৰা বিস্তীৰ্ণ উপত্যকা অঞ্চল, মণিপুৰ উপত্যকা আৰু মেঘালয় আৰু মিজোৰামৰ পাহাৰবোৰৰ মাজত অৱস্থিত। কিছু সমতল ভূমিৰ বাহিৰে সমগ্ৰ পূৰ্বাঞ্চলৰ দুই-তৃতীয়াংশৰ ভূ-অৱয়ব পাহাৰীয়া। সাগৰৰ পৃষ্ঠৰ কেইমিটাৰমান উচ্চতাৰ পৰা ৭০০০ মিটাৰতকৈও বেছি উচ্চতাৰ অঞ্চল উত্ত-পূৰ্বাঞ্চলত পোৱা যায়।

    অসমৰ অৱস্থিতি আৰু ইয়াৰ ভূ অৱয়ৱৰ বৈশিষ্ট্যই অসমৰ প্ৰাকৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। অসমৰ প্ৰায় চৌপাশ গিৰিবেষ্টত হোৱাৰ কাৰণে জলবায়ু তথা জৈৱবৈচিত্ৰতা ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰতকৈ বেলেগ হৈ পৰিছে। জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায় গ্ৰীষ্মকালত এচাম বেলেগ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় যাৰ বাবে অসম জৈৱবিচিত্ৰতাৰ এক চহকী অঞ্চলত পৰিণত হৈছে। 

    অসম উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত একমাত্ৰ সমতলীয় প্ৰদেশ। ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা পাহাৰীয়া। বাকীবোৰ জিলা প্ৰায় সমতলীয়। অৱশ্যে কামৰূপ মহানগৰ, দক্ষিণ মৰিগাওঁ আৰু ভূটান আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া অঞ্চলত কিছুমান পাহাৰ আৰু টিলা আছে। অসমক গছ-গছনিৰে ভৰা পাহাৰীয়া প্ৰদেশ কেইখনে বেৰি থকাৰ বাবে অসমৰ জলবায়ু একে অক্ষাংশত থকা ভাৰতৰ আন আন প্ৰদেশবোৰৰ জলবায়ুতকৈ বহুত বেলেগ; গ্ৰীষ্মকালত উষ্ণতাৰ পৰিমাণ তুলনামূলকভাৱে কম। কিন্তু অসমৰ বায়ুমণ্ডলত জলীবাষ্প বেছিকৈ থকাৰ বাবে গৰমৰ দিনত প্ৰকৃত উত্তাপতকৈ অনুভূত উত্তাপৰ পৰিমাণ কিছু বেছি। সুউচ্চ হিমালয় পৰ্বত-মালাই সমগ্ৰ অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্ৰৱল শীতৰ পৰা ৰক্ষা কৰিছে। হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিখাতবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখিছে।

    বৰ্ষা ঋতুত যেতিয়া মৌচুমী বায়ু উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ এই পাহাৰ-পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয়। ইয়াৰ ফলত নদ-নদীবোৰ পানীৰে উপচি পৰি ঠায়ে ঠায়ে প্ৰৱল বানৰ সৃষ্টি কৰে যদিও প্ৰাকৃতিকভাৱে পোৱা এই পানী হাবি জংঘলবোৰ বৰ্তি থকাত আৰু খেতি-বাতি কৰাত যথেষ্ট সহায় হৈছে। নদী, উপনদী আৰু আন আন জলাশয়সমূহত মাছ, কাছকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে অসমক জৈৱবিচিত্ৰতাৰে চহকী অঞ্চলত পৰিণত কৰিছে। পশ্চিমে চিকিমৰ পৰা আৰম্ভ কৰি পূবে অৰুণাচলৰ বিভিন্ন অংশৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতিশয় মনোমোহা। ইয়াৰে কেইটামান এলেকাহে বৰ্তমানলৈকে পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰা হৈছে। পৰ্যাপ্ত পৰিবহণ আৰু থকা মেলাৰ সুবিধা কৰিব পাৰিলে নতুন নতুন বহুতো অঞ্চল অতিশয় আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পৰা হ'ব আৰু ইয়াৰ দ্বাৰা অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নিবনুৱাৰ নিযুক্তিৰ লগতে বিদেশী মুদ্ৰা উপাৰ্জনৰ বাট মুকলি হ'ব।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Question Type: Priyam Jyoti Patar

Answer Type : Pompi Hazarika