প্ৰথম অধ্যায়ঃ

সমলসমূহৰ চমু পৰ্যালোচনা ঃ সাহিত্যিক আৰু পুৰাতাত্ত্বিক 


MODEL QUESTION & ANSWER

অতি চমু প্ৰশ্ন( Very short Questions)

১। মহাকাব্যৰ যুগত প্ৰাচীন অসম কি নামেৰে জনা গৈছিল ?

( Ancient Assam was known by which name during the age of the epics)

উত্তৰঃ   মহাকাব্যৰ যুগত প্ৰাচীন অসম প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল । 


২। আচম কথাৰ অৰ্থ কি ? ( What is the meaning of the word Acham'') 

উত্তৰঃ  আচম কথাৰ অৰ্থ হল অপৰাজেয় বা অতুলনীয় । 


৩। প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম কি আছিল ?

( What is the name of the historical dynasty of Assam?)

উত্তৰঃ প্ৰাচীন  অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম হল বৰ্মন বংশ ।


৪। প্ৰাচীন অসমৰ তথ্য যোগান ধৰা এখন ব্ৰাহ্মণ গ্ৰন্থ উল্লেখ কৰা । 

( Mention the Brahmana literature which contains information about ancient Assam )

উত্তৰঃ  প্ৰাচীন অসমৰ তথ্য যোগান ধৰা এখন ব্ৰাহ্মণ গ্ৰন্থ হল গো-পথ ব্ৰাহ্মণ । 


৫। অৰ্থশাস্ত্ৰৰ ৰচক কোন ? 

( Who was the author of Arthasastra?

উত্তৰঃ অৰ্থশাস্ত্ৰৰ ৰচক হল কৌটিল্য । 


৬। বৃহৎ সংহিতাৰ ৰচক কোন ? 

( Who was the author of Brihat Sanhita)

উত্তৰঃ বৃহৎ সংহিতাৰ ৰচক হল বৰাহমিহিৰ । 

৭। ৰাজতৰঙ্গিণীত উল্লেখ থকা জীয়ৰীগৰাকীৰ নাম কি ? 

( What was the name of the Assam girl mentioned in the Rajtarangini?)

উত্তৰঃ ৰাজতৰঙ্গিণীত উল্লেখ থকা জীয়ৰীগৰাকীৰ নাম হল অমৃতপ্ৰভা ।

৮। হিউৱেন-চাঙৰ গ্ৰন্থখনৰ নাম কি ?

( What is the name of the book writers by Hiuen Tsang ?

উত্তৰঃ  হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম হল চি.ইউ. কি । 

৯। তবকাত-ই-নচিৰিৰ ৰচক কোন ?

( Who was the author of Tabqat -i -Nasiri )

উত্তৰঃ তবকাত-ই-নচিৰিৰ ৰচক হল মিনহাজউদ্দিন চিৰাজ । 

১০। এপিগ্ৰাফী মানে কি ?

( What is Epigraphy ?)

উত্তৰঃ  ইতিহাসৰ সমল হিচাপে লিপিসমূহৰ যি গুৰুত্ব আছে সেই লিপিসমূহৰ অধ্যয়নকে এপিগ্ৰাফী হিচাপে জনা যায় । 

চমু প্ৰশ্ন ( Short answer)

১। প্ৰাচীন অসমত ৰচিত দুখন ধৰ্মীয় গ্ৰন্থৰ নাম লিখা ।

( Write the name of two religious texts written ancient Assam.)

উত্তৰঃ প্ৰাচীন অসমত ৰচিত দুখন ধৰ্মীয় গ্ৰন্থৰ নাম হল 

ক) হৰ-গৌৰী সংবাদ ।

খ) হৰ-গৌৰী বিলাস । 

২। প্ৰাচীন অসমৰ বিষয়ে উল্লেখ থকা দুখন বৌদ্ধ সাহিত্যৰ নাম লিখা ।

( Write the name of two Buddhist texts which contain information about ancient Assam )

উত্তৰঃ প্ৰাচীন অসমৰ বিষয়ে উল্লেখ থকা দুখন বৌদ্ধ-সাহিত্যৰ নাাম হল 

ক) হেবজ্ৰতন্ত্ৰ ।

খ) চন্দ্ৰগৰ্ভসূত্ৰ ।


৩। প্ৰাচীন অসমৰ দুখন লিপি উল্লেখ কৰা ।

(Mention two inscriptions of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ দুখন লিপি হল 

ক) উমাচল লিপি ।

খ) তাম্ৰঘন্টা লিপি ।


৪। ভাস্কৰ বৰ্মনৰ দুখন লিপি উল্লেখ কৰা ।

( Mention two inscriptions of Bhaskar barman)

উত্তৰঃ  ভাস্কৰ বৰ্মনৰ দুখন লিপি হল 

ক) ডুবি তাম্ৰলিপি ।

খ) নিধানপুৰ তাম্ৰলিপি । 

৫। হৰ্জৰ বৰ্মনৰ দুখন লিপি উল্লেখ কৰা ।

(Mention two inscription Harjar varman )

উত্তৰঃ হৰ্জৰ বৰ্মনৰ দুখন লিপি হল 

ক) কুৰুৱাবাহী তাম্ৰশাসন ।

খ) হয়ুন্ঠাল তাম্ৰশাসন । 


৬। প্ৰাচীন অসমৰ দুটা জনগোষ্ঠীৰ নাম লিখা ।

(Write the name of two tribes ancient Assam)_

উত্তৰঃ  প্ৰাচীন অসমৰ দুটা জনগোষ্ঠীৰ নাম হল 

ক) মংগোলীয়সকল ।

খ) নেগ্ৰিট'সকল । 


৭। মঙ্গোলীয়সকলৰ বিষয়ে উল্লেখ থকা দুখন প্ৰাচীন সাহিত্যৰ নাম লিখা ।

( Write the name of two ancient literature where mentions of mongoloid has found )

উত্তৰঃ মঙ্গোলীয়সকলৰ বিষয়ে উল্লেখ দুখন প্ৰাচীন সাহিত্যৰ নাম হল 

ক) ৰামায়ণ ।

খ) কালিকা পুৰাণ । 

৮। অসম( ডিমা হাচাও) আৰু দক্ষিণ পূৱ এছিয়াৰ মাজত থকা দুটা সাংস্কৃতিক সাদৃশ্য উল্লেখ কৰা ।

( Mention two cultural similarites between Assam and south east Asia.)

উত্তৰঃ  অসম ( ডিমা হাচাও) আৰু দক্ষিণ-পূব এছিয়াৰ মাজত থকা দুটা সাংস্কৃতিক সাদৃশ্য হল 

ক) সাংস্কৃতিক দিশত বহুক্ষেত্ৰত এই দুই অঞ্চলৰ মাজত বহু সাদৃশ্য দেখিবলৈ পোৱা যায় । দুয়োখন দেশ প্ৰাকৃতিকভাৱে বা ৰাজনৈতিকভাৱে একে নহয় যদিও সাংস্কৃতিক ক্ষেত্ৰত বহু ৰীতি-নীতি, ঐতিহ্য পৰম্পৰাৰ মাজত বহু মিল দেখিবলৈ পোৱা যায় ।

খ) উৎসৱ-পাৰ্বনৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ ৰঙালী বিহু বা বহাগ বিহু, অৰুণাচলৰ চেংকেন উৎসৱ , লাওপিডিয়াৰ পি মাই উৎসৱ , থাইলেণ্ডৰ সংক্ৰণ উৎসৱৰ আতিগুৰি আৰু পৰম্পৰাৰ মাজত সাদৃশ্য থকা দেখিবলৈ পোৱা যায় । 

চমু টোকা ( Short notes)

ক) ধৰ্মীয় সাহিত্য 

( Religious literature)

 উত্তৰঃ তান্ত্ৰিক বৌদ্ধ সাহিত্যসমূহৰ পৰা প্ৰাচীন অসমৰ বিষয়ে বহুতো কথা জানিব পাৰি । এই তন্ত্ৰ সাহিত্যসমূহ উত্তৰ পূৰ্বাঞ্চল আৰু চুবুৰীয়া দেশসমূহত ৰচিত হৈছিল । তান্ত্ৰিক উপাসনাৰ এক অন্যতম স্থান আছিল প্ৰাচীন কামৰূপ ।  প্ৰাচীন অসমৰ কামাখ্যাকে ধৰি আন আন পীঠস্থানসমূহৰ বৰ্ণনা এই তান্ত্ৰিক সাহিত্যসমূহৰ পৰা পোৱা যায় । খ্ৰীঃ সপ্তম-অষ্টম শতিকাত ৰচিত কেইখনমান উল্লেখযোগ্য তান্ত্ৰিক সাহিত্য হেব্ৰজতন্ত্ৰ, চন্দ্ৰগৰ্ভসূত্ৰ আদিত এই পীঠস্থানসমূহৰ বৰ্ণনা পোৱা যায় । হেব্ৰজতন্ত্ৰত ভাৰতৰ চাৰিখন পীঠৰ ভিতৰত কামাখ্যা অন্যতম বুলি উল্লেখ কৰিছে । টিকসাকল্প নামৰ অন্য এখন তান্ত্ৰিক গ্ৰন্থত তাৰাৰ পূজা আৰু প্ৰাচীন কামৰূপৰ ভৌগোলিক বিৱৰণ পোৱা যায় ।  যোগিনীতন্ত্ৰৰ ৰচনাকাল ১৫ শ শতিকা বুলি ঠাৱৰ কৰা হৈছে যদিও এই গ্ৰন্থত প্ৰাচীন অসমৰ বহুতো তথ্য সন্নিবিষ্ট হৈছে । এই গ্ৰন্থত প্ৰাচীন অসমৰ ভৌগোলিক বিৱৰণৰ লগতে সাংস্কৃতিক দিশৰো বহু তথ্য পোৱা গৈছে । আন্য এখন তান্ত্ৰিক পুথি দীপিকাচন্দ্ৰৰ ৰচক পুৰষোত্তম গজপতিয়ে প্ৰাচীন অসমৰ ৰজাসকলৰ বৰ্ণনা সুন্দৰকৈ লিপিবদ্ধ কৰিছে ।  

প্ৰাচীন অসমৰ 

খ) লিপি ( Epigraphy)

উত্তৰঃ  ইতিহাসৰ সমল হিচাপে লিপিসমূহৰ গুৰুত্ব আছে এই লিপিসমূহৰ অধ্যয়নক এপিগ্ৰাফী হিচাপে জনা যায় । এপিগ্ৰাফিক অধ্যয়নে সমসাময়িক বহু তথ্যৰ যোগান ধৰে । প্ৰাচীন অসমৰ ইতিহাসৰ পুনৰ নিৰ্মাণৰ বাবে তথ্য যোগান ধৰা লিপিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি 

ক) স্থানীয় লিপি বা প্ৰাচীন অসমৰ ৰজাই জাৰি কথা লিপি ।

খ) প্ৰাচীন অসমৰ বাহিৰত তথা ভাৰতৰ অন্যান্য স্থানত প্ৰাপ্ত কিন্তু অসমৰ তথ্য সম্বলিত লিপি ।

লিপিসমূহ বিভিন্ন মাধ্যমৰ ওপৰত খোদিত কৰা হৈছিল । যেনে শিল, তাম, ব্ৰঞ্জৰ মূৰ্তি, পোৰামাটি, বিভিন্ন বাচন-বৰ্তন, আহিলা-পাতি, অস্ত্ৰ-শস্ত্ৰ, আচবাব ইত্যাদি । লিপিসমূহত সাধাৰণতে খোদিত কৰোৱাজনৰ নাম, চন, তাৰিখ, স্থান, উদ্দেশ্য, বিভিন্ন চিহ্ন, প্ৰতীক চিত্ৰ আদি খোদিত কৰা থাকে । এই সমূহ সঠিক বিশ্লেষণৰ জৰিয়তে সমসাময়িক সমাজখনৰ বিষয়ে বহুতো তথ্য পাব পাৰি । লিপিসমূহ কেনেকুৱা মাধ্যমৰ ওপৰত খোদিত কৰা হৈছিল, ভাষা, সময়কাল আৰু ভৌগোলিক পৰিসীমাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভাগত ভাগ কৰিব পাৰি । তাৰোপৰি লিপি সমূহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিও বিভিন্ন ভাগত ভাগ কৰিব পৰা যায় । লিপিসমূহ কি উদ্দেশ্যৰে খোদিত কৰা হৈছিল তাৰ ওপৰত নিৰ্ভৰ কৰিও বিভিন্ন ভাগত ভগাব পাৰি । উদাহৰণস্বৰূপে ধৰ্মীয় আৰু উপদেশমূলক , প্ৰশাসনিক ,দানমূলক, সোঁৱৰণীমূলক, ব্যৱসায়িক, প্ৰশস্তিমূলক ইত্যাদি । 

প্ৰাচীন অসমৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় ইতিহাস ৰচনাৰ বাবে তথ্য যোগান ধৰা বহুতো লিপি উদ্ধাৰ কৰা হৈছে । এই লিপিসমূহৰ অধ্যয়ন আৰু সমসাময়িক অন্যান্য লিপি তথা অন্যান্য সমলসমূহৰ লগত তুলনা কৰি বহু ঐতিহাসিক তথ্য পোহৰলৈ আহিছে । 

গ) প্ৰাচীন অসমৰ প্ৰব্ৰজনৰ পথ ( Migration routes of ancient Assam)

উত্তৰঃ বৰ্তমানৰ অসম বুলি কলে পূবে শদিয়াৰ পৰা পশ্চিমে ধুবুৰীলৈ আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ পাদদেশৰ পৰা দক্ষিণ -পশ্চিমে কাছাৰলৈকে বিস্তৃত অঞ্চলটোক বুজায় । কিন্তু প্ৰাচীন অসমৰ ভৌগোলিক পৰিসীমাৰ লগত বৰ্তমান অসমৰ ভৌগোলিক সীমাৰ পাৰ্থক্য দেখা যায় । প্ৰাচীন অসমৰ সঠিক ভৌগোলিক পৰিসীমা সম্পূৰ্ণ নিৰ্ভূলভাৱে এতিয়াও তৈয়াৰ কৰিব পৰা যোৱা নাই । আনহাতে, প্ৰাচীন অসমৰ ভৌগোলিক বিস্তৃতি সময়ে সময়ে পৰিৱৰ্তিত হৈ থকাৰ কথাও প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । প্ৰাচীন কালত অসম বুলি কলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে সামৰি লোৱা দেখা গৈছিল । অৱশ্যে সেই সময়ত অসম নামটোৰ প্ৰচলন নাছিল ।  পূৰ্বতে প্ৰাগজ্যোতিষ আৰু পৰৱৰ্তী সময়ত কামৰূপ, কামৰূপ-কমতা আদি নামেৰেহ্ এই ভূ-খণ্ড পৰিচিত আছিল । ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত গঢ়ি উঠা এই ৰাজ্যখনৰ ক্ৰমবিকাশ হৈছে বৰ্তমানৰ অসমখনৰ ৰূপ পাইছে । 

প্ৰাচীন অসম প্ৰাকৃতিকভাৱে সুৰক্ষিত আছিল । উত্তৰে হিমালয় পৰ্বতমালাৰ অন্তৰ্গত বিভিন্ন পাহাৰৰাজি আৰু উত্তৰ-পূৱত পাটকাই পৰ্বতে এই অঞ্চলটোৰ দক্ষিণ-পূৱ-এছিয়াৰ পৰা প্ৰাকৃতিকভাৱে বিচ্ছিন্ন কৰি ৰাখিছে । দক্ষিণফালে সময়ে সময়ে সাগৰলৈ বিস্তৃত হোৱা এই ৰাজ্যখনৰ সাগৰীয় পথেৰেও দক্ষিণ-পূব-এছিয়াৰ বিভিন্ন দেশৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল । চাৰিওফালে পৰ্বত-পাহাৰ আৰু নদ-নদীয়ে প্ৰাচীন অসমখনক প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰি ৰাখিছিল ।  

ঘ) প্ৰাচীন অসমৰ জনগাঠনি ( People of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ জনগাঠনিত বিশ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদান লক্ষ্য কৰা যায় । নৃতত্ত্ববিদসকলে এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিপূৰ্ণ যাদুঘৰ আখ্যা দিছে । এই জনগোষ্ঠীসমূহে কেতিয়াৰ পৰা কেনেকৈ অসমত বসতি আৰম্ভ কৰিলে তাৰ সঠিক তথ্য পোৱা নাই । বেছিভাগ পণ্ডিতৰ মতে অসমখন প্ৰব্ৰজনৰ পথত অৱস্থিত , ভৌগোলিকভাৱে উত্তৰ -পূৰ্বাঞ্চললৈ চাৰিওফালৰ পৰা জনপ্ৰব্ৰজনৰ সংযোগী পথ সৃষ্টি হৈছিল । সেয়েহে বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰব্ৰজনৰ সময়ত বহু জনগোষ্ঠীৰ উপাদান মিলিত হৈ বৃহত্তৰ সমাজখনৰ সৃষ্টি হৈছে । প্ৰাচীন অসমৰ জনগাঠনিৰ সৃষ্টিত অৰিহণা যোগোৱা প্ৰধান জনগোষ্ঠীসমূহ আছিল 

ক) অষ্ট্ৰিক গোষ্ঠী ।

খ) নেগ্ৰিট গোষ্ঠী ।

গ) মঙ্গোলীয়সকল ।

ঘ) ককেচীয়সকল ।

ঙ) অলপাইনসকল ।

চ) দ্ৰাবিড়সকল ।

ছ) আৰ্যসকল ।

অসমৰ জনগোষ্ঠীসকলৰ মাজত অষ্ট্ৰিক গোষ্ঠীৰ উপাদান দেখিবলৈ পোৱা যায় । এই অষ্ট্ৰিক গোষ্ঠীৰ মানুহসকলক শৰীৰত দীঘলীয়া আকৃতিৰ মূৰ , বহুল নাকৰ লগতে শৰীৰৰ উচ্চতা কম হোৱা দেখা যায় । তেওঁলোকৰ গাৰ বৰণ মুগাবৰণীয়া । 


ঙ) ডিমা হাচাওৰ শিলৰ জাৰ( Stone jar of Dima Hasao)

উত্তৰঃ  পুৰাতাত্ত্বিক সমলসমূহেও প্ৰাচীন অসম আৰু দক্ষিণ পূব এছিয়াৰ মাজত থকা সাংস্কৃতিক সংযোগৰ সাক্ষ্য বহন কৰিছে । এই দুই অঞ্চলৰ মাজত সাংস্কৃতিক সংযোগৰ সাক্ষ্য বহন কৰা প্ৰধান সমলসমূহ হল ডিমা হাচাওত আৱিস্কৃত শিলৰ জাৰসমূহ । অসমৰ দক্ষিণ অঞ্চলত অৱস্থিত পূৰ্বৰ উত্তৰ কাছাৰ জিলা বা বৰ্তমানৰ ডিমা-হাচাও জিলাত প্ৰাগ ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি মধ্যযুগৰ সাক্ষ্য বহন কৰা বহুতো পুৰাতাত্ত্বিক সমল উদ্ধাৰ হৈছে । এই সমলসমূহৰ ভিতৰত শিলৰ জাৰসমূহ বিশেষভাৱে উল্লেখযোগ্য । পূৰ্বতে ১৯৩২ চনতে জে. পি. মিলচ আৰু জে.এইচ. হাটনে এই জাৰসমূহৰ বিষয়ে উল্লেখ কৰিছিল ।তেওঁলোকে এনে জাৰসমূহ প্ৰত্যক্ষ কৰা স্থানসমূহ আছিল উত্তৰ কাছাৰ জিলাৰ ব'লাচেন , ডেৰেব'ৰে, মলংগপা, ক'বাক, কাৰ্টং, আৰু নুডলগে, ডিমা হাচাওৰ বাহিৰে ভাৰতৰ অন্য কোনো স্থানৰ পৰা এই জাৰসমূহ উদ্ধাৰ কৰা হোৱা নাই । 

এই জাৰসমূহ কোনো প্ৰাচীন জনগোষ্ঠীয়ে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ হাড় সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হৈছে । মিল আৰু হাটনে এই জাৰসমূহৰ মাজৰ এটা জাৰত এডাল হাড় উদ্ধাৰ কৰিছিল । পাচত মিষ্টাৰ কলভাৰ্টে এইডাল মানুহৰ হাড় বুলি চিনাক্ত কৰিছে । এই চিনাক্তকৰণে ডিমা-হাচাওৰ অঞ্চলত অতীজত মানুহৰ বসতিৰ প্ৰমাণ কৰিছে । এই অঞ্চলটো পাহাৰৰ একেবাৰে ওখ ঠাইত অৱস্থিত হোৱাৰ লগতে মেঘালয়ৰ সমীপৱৰ্তী অঞ্চল ।  বৰ্তমানৰ খাছী পাহাৰত বসতি কৰা লোকসকলৰ মাজত পূৰ্বপুৰুষৰ হাড় সংৰক্ষণৰ পৰম্পৰা প্ৰচলিত আছে । খাচীসকলৰ মৰাশ সংস্কাৰ পদ্ধতিৰ লগত এই জাৰসমূহৰ সম্পৰ্ক থকা বুলি বহুতো পণ্ডিতে মতপোষণ কৰিছে । 


ৰচনাধৰ্মী প্ৰশ্ন ( Essay type questions)

১। প্ৰাচীন অসমৰ সাহিত্যৰ সমলসমূহৰ বিষয়ে আলোচনা কৰা ।

( Discuss about the literacy source of ancient Assam)

উত্তৰঃ ইতিহাস ৰচনাৰ বাবে প্ৰধান উপাদান হল বিভিন্ন সমল বা প্ৰধান বস্তুবোৰ । ঐতিহাসিক সাক্ষী এই সমলবোৰৰ অবিহনে কোনো এখন দেশৰ, এটা জাতিৰ বা কোনো এটা ঘটনাৰ বিষয়ে লিখাটো সম্ভৱ নহয় ।  যিকোনো এখন দেশৰ ইতিহাস লিখিবলৈ যাওতে সেই দেশৰ লিখিত বুৰঞ্জীৰ উপৰিও সাহিত্য, মুদ্ৰা, লিপি, বিদেশী পৰ্যটকৰ বিৱৰণ , বিভিন্ন নথিপত্ৰ ইত্যাদিৰ অধ্যয়নো অপৰিহাৰ্য । ইতিহাস চৰ্চাৰ ক্ষেত্ৰত নতুন নতুন তথ্য সংগ্ৰহৰ বাবে অনুসন্ধান কৰাটো যিমান জৰুৰী, তথ্যসমূহৰ নেপথ্যত থকা ঐতিহাসিক অৰ্থসমূহৰ বিশ্লেষণ কৰাটোও সমানেই জৰুৰী । প্ৰফেচাৰ গ্যাটচাল্কে বিজ্ঞাননিৰ্ভৰ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত চাৰিটা প্ৰধান দিশৰ ওপৰত গুৰুত্ব দিছে-- তথ্যসমূহৰ সংগ্ৰহ, , প্ৰকৃত বুলি ধৰিব নোৱাৰা তথ্যসমূহ বৰ্জন, বিশ্বাসযোগ্য তথ্যসমূহ বিচাৰি উলিওৱা আৰু সেই নিৰ্ভৰযোগ্য তথ্যসমূহৰ সঠিক বিশ্লেষণ । ইতিহাস এখনৰ যুক্তিযুক্ততা আৰু গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে বুৰঞ্জীবিদৰ দৃষ্টিভঙ্গী আৰু ৰচনাৰীতিৰ ওপৰত । ঐতিহাসিক ই.এইচ.কাৰে কৈছে যে অকল সঠিক তথ্যসংগ্ৰহ আৰু উপস্থাপনেই ইতিহাস নহয় বা অকল সঠিক তথ্যস্থাপনকেই ইতিহাস বুলি কোৱা নহয় । এটা সময়ত Positive নামৰ ধাৰাৰ সমৰ্থকসকলে ইতিহাসক তথ্যসৰ্বস্ব পৰিসংখ্যাৰ নিৰস বিষয় কৰি তুলিছিল । তেওঁলোকে কব খুজিছিল যে পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞানৰ দৰে ইতিহাসকো বিশুদ্ধ বিজ্ঞাননিৰ্ভৰ কৰি তুলিব পাৰি-- তাৰবাবে প্ৰয়োজন অপৰ্যাপ্ত ঐতিহাসিক তথ্যৰ ইতিহাসবিদসকলৰ প্ৰধান কৰ্তব্যই হল এনে তথ্য সংগ্ৰহ আৰু উপস্থাপন কৰা । তেওঁলোকৰ মতে ইতিহাস ৰচনাৰ বাবে তথ্যৰ ব্যাখ্যাৰ প্ৰয়োজন নাই , 

২। প্ৰাচীন অসমৰ পুৰাতাত্ত্বিক সমলসমূহৰ বিষয়ে এটি টোকা লিখা ।

( Write a note on the archeological sources of ancient Assam)

উত্তৰঃ পুৰাতত্ত্ব মানে হল অতীতৰ চিন -মোকাম । এই অতীতৰ চিন-মোকামসমূহৰ অধ্যয়নেই হল পুৰাতাত্ত্বিক অধ্যয়ন । আদিম যুগৰ পৰা মানুহৰ বিৱৰ্তনৰ ইতিহাস পুনৰ নিৰ্মাণৰ বাবে তথ্যৰ যোগান ধৰা পুৰাতাত্ত্বিক উৎস আৰু আহিলাসমূহ হল জীৱ-জন্তুৰ হাড়, মাছৰ কাঁইট, বিভিন্ন উদ্ভিদ আৰু শস্যৰ অৱশিষ্ট , শৈলচিত্ৰ আদিম মানৱে ব্যৱহাৰ কৰা বিভিন্ন শিলৰ আহিলা, মাটিৰ পাত্ৰ, ধাতুৰ আহিলা, আচবাব, অস্ত্ৰ-শস্ত্ৰ, প্ৰাচীন ধ্বংসাৱশেষসমূহ ইত্যাদি । আদিম সময়ৰ কংকাল , হাড়, জীৱৰ জীৱাশ্ম আৰু বিভিন্ন প্ৰাচীন জীৱৰ সন্ধান দিব পৰা উৎসসমূহ অধ্যয়ন কৰা বিভাগটো হল প্ৰত্ন-প্ৰাণীবিজ্ঞান । প্ৰত্নপ্ৰাণীবিজ্ঞানে হল'চেন যুগৰ আগৰ জীৱৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰে । যিসকল বিজ্ঞানীয়ে প্ৰাচীন প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নপ্ৰাণীবিদ্যাবিদ আৰু যিসকল বিজ্ঞানীয়ে প্ৰাচীন উদ্ভিদৰ ওপৰত অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নউদ্ভিদবিদ্যাবিদ হিচাপে জনা যায় । তেওঁলোকে বিভিন্ন জীৱৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বিকাশৰ বিভিন্ন স্তৰ ওপৰত অধ্যয়ন কৰে । 

পুৰাতাত্ত্বিক অধ্যয়নসমূহে আদি প্ৰস্তৰ যুগৰ পৰা  মানুহৰ বিভিন্ন কাৰ্যকলাপ আৰু বিকাশৰ বিষয়ে অনুসন্ধান চলায় । ইতিহাসৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত এই আদিম মানৱে ব্যৱহাৰ কৰা আহিলাসমূহ হল প্ৰাথমিক উৎস । এই আহিলাসমূহৰ পৰা আদিম মানৱৰ জীৱন-ধাৰণ প্ৰণালী , খদ্যাভ্যাস, পাৰস্পৰিক সম্পৰ্ক, সামাজিক সম্পৰ্ক আদিৰ বিষয়ে জানিব পৰা যায় ।ইতিহাসৰ পুনৰ নিমাৰ্ণৰ বাবে পুৰাতাত্ত্বিক উৎস আৰু আহিলাসমূহ সংগ্ৰহৰ ক্ষেত্ৰত সাধাৰণতে তিনিধৰণৰ উপায় অৱলম্বন কৰা দেখা যায় 

ক) ক্ষেত্ৰ অধ্যয়ন ।

খ) খননকাৰ্য্য ।

গ) তথ্যৰ বিশ্লেষণ ।  

এই পুৰাতাত্ত্বিক উৎস আৰু আহিলাসমূহ অধ্যয়নৰ দ্বাৰা ইতিহাসক পুনৰনিৰ্মাণ কৰিবলৈ যাওতে ইতিহাসে অন্যান্য বিভাগসমূহৰো সহায় লব লাগে । ইতিহাসৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত পুৰাতাত্ত্বিক উনস আৰু আহিলাসমূহৰ তথ্য আহৰণ কৰাৰ ক্ষেত্ৰত ইতিহাসক সহায় কৰা অন্যান্য বিভাগসমূহৰ হল নৃতত্ত্ব , জাতিবিজ্ঞান, ভূগোল, ভূতত্ত্ব, সাহিত্য, ভাষাতত্ত্ব, পদাৰ্থবিদ্যা, ৰসায়নবিদ্যা, পৰিসংখ্যা, প্ৰত্ন পৰিস্থিতিবিজ্ঞান, , লিপিবিজ্ঞান, প্ৰত্নপ্ৰাণীবিজ্ঞান, তথ্যপ্ৰযুক্তিবিদ্যা ইত্যাদি । 

প্ৰাচীন অসমৰ ইতিহাসৰ পুনৰ নিৰ্মাণৰ বাবে তথ্য যোগান ধৰা পুৰাতাত্ত্বিক সমলসমূহক তিনি ভাগত বিভক্ত কৰিব পাৰি 

ক) লিপি ।

খ) মুদ্ৰা 

গ) কোনোবস্তুৰ অৱশিষ্ট । 


৩। প্ৰাচীন অসমৰ ভূ-ভাগ আৰু ্অধিবাসীসকলৰ বিষয়ে এখনি ৰচনা লিখা ।

(   Write on essay on the land and people of ancient Assam)

উত্তৰঃ বৰ্তমানৰ অসম বুলি কলে পূবে শদিয়াৰ পৰা পশ্চিমে ধুবুৰীলৈ আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ পাদদেশৰ পৰা দক্ষিণ-পশ্চিমে কাছাৰলৈকে বিস্তৃত অঞ্চলটোকে বুজায় । কিন্তু প্ৰাচীন অসমৰ ভৌগোলিক পৰিসীমাৰ লগত বৰ্তমান অসমৰ ভৌগোলিক পৰিসীমাৰ পাৰ্থক্য দেখা যায় । প্ৰাচীন অসমৰ সঠিক ভৌগোলিক পৰিসীমা সম্পূৰ্ণ নিৰ্ভূলভাৱে এতিয়াও তৈয়াৰ কৰিব পৰা যোৱা নাই । আনহাতে, প্ৰাচীন অসমৰ ভৌগোলিক বিস্তৃতি সময়ে-সময়ে পৰিৱৰ্তিত হৈ থকাৰ কথাও প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । প্ৰাচীন কালত অসম বুলি কলে গোটেই উত্তৰ-পূৰ্বাঞ্চলকে সামৰি লোৱা দেখা গৈছিল । অৱশ্যে সেই সময়ত অসম নামটোৰ প্ৰচন নাছিল । আদিতে প্ৰাগজ্যোতিষ আৰু পৰৱৰ্তী সময়ত কামৰূপ, কাৰূপ-কমতা আদি নামেৰেহে এই ভূ-খণ্ড পৰিচিত আছিল । ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত গঢ়ি উঠা এই ৰাজ্যখনৰ ক্ৰমবিকাশ হৈছে বৰ্তমানৰ অসমখনৰ ৰূপ পাইছে । 

প্ৰাচীন অসম প্ৰাকৃতিকভাৱে সুৰক্ষিত আছিল । উত্তৰে হিমালয় পৰ্বতমালাৰ অন্তৰ্গত বিভিন্ন পাহাৰৰাজি আৰু উত্তৰ পূৱত পাটকাই পৰ্বতে এই অঞ্চলটোৰ দক্ষিণ-পূব এছিয়াৰ পৰা প্ৰাকৃতিকভাৱে  বিচ্ছিন্ন কৰি ৰাখিছে । 00দক্ষিণফালে সময়ে-সময়ে সাগৰলৈ বিস্তৃত হোৱা এই ৰাজ্যখনৰ সাগৰীয় পথেৰেও দক্ষিণ-পূবএছিয়া বিভিন্ন দেশৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল । চাৰিওফালে পৰ্বত-পাহাৰ আৰু নদ-নদীয়ে প্ৰাচীন অসমখনক প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰি ৰাখিছিল । এই অঞ্চলটো অতীজৰ পৰাই প্ৰাকৃতিক সম্পদত চহকী আছিল । বিভিন্ন নদ-নদী, হাবি-জংঘলেৰে ভৰা এই অঞ্চলটোত বহুতো মূল্যবান গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু আদি পোৱা গৈছিল ।

অসমৰ মূলভূ-খণ্ডত দুটা ভাগত ভাগ কৰা হৈছে ।

ক) ব্ৰহ্মপুত্ৰ উপত্যকা ।

খ) বৰাক উপত্যকা ।

মানস সৰোবৰৰ পৰা ওলোৱা মাতচাং চাংপো বা টমচক খামবোব নদীখন পাছলৈ চাংপো নামেৰে পৰিচিত হৈছিল । ভূ-তাত্ত্বিক দিশৰ পৰা বিজ্ঞানীসকলে পাহাৰ-ভৈয়ামেৰে ভৰা উত্তৰ-পূৰ্বাঞ্চল অংশটো টাৰচিয়াৰী যুগত গঠন হোৱা বুলি কৈছে । এই অঞ্চলটোত যথেষ্ট পৰিমাণে খনিজ সম্পদো পোৱা যায় । এই অঞ্চলত প্ৰাপ্ত প্ৰধান সম্পদসমূহ হল সাৰুৱা তেল, কয়লা, চূণশিল ইত্যাদি ।  

প্ৰাচীন অসমৰ জনগাঠনিত বিশ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদান লক্ষ্য কৰা যায় । নৃতত্ত্ববিদসকলে এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিপূৰ্ণ যাদুঘৰ আখ্যা দিছে । এই জনগোষ্ঠীসমূহে কেতিয়াৰ পৰা কেনেকৈ অসমত বসতি আৰম্ভ কৰিলে তাৰ সঠিক তথ্য পোৱা নাই । বেছিভাগ পণ্ডিতৰ মতেই অসমখন প্ৰব্ৰজনৰ পথত অৱস্থিত । ভৌগোলিকভাৱে উত্তৰ-পূৰ্বাঞ্চললৈ চাৰিওফালৰ পৰা জনপ্ৰব্ৰজনৰ সংযোগী পথ সৃষ্টি হৈছিল । সেয়েহে বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰব্ৰজনৰ সময়ত বহু জনগোষ্ঠীৰ উপাদান মিলিত হৈ বৃহত্তৰ সমাজখনৰ সৃষ্টি হৈছে । প্ৰাচীন অসমৰ জনগাঠনিৰ সৃষ্টিত অৰিহণা যোগোৱা প্ৰধান জনগোষ্ঠীসমূহ আছিল 

ক) অষ্টিক গোষ্ঠী ।

খ) নেগ্ৰিট' গোষ্ঠী ।

গ) মঙ্গোলীয়সকল ।

ঘ) ককেচীয়সকল ।

ঙ) অল-পাইনসকল ।

চ) দ্ৰাবিড়সকল ।

ছ) আৰ্যসকল । 

অসমৰ জনগোষ্ঠীসকলৰ মাজত অষ্ট্ৰিক গোষ্ঠীৰ উপাদান বেছিকৈ দেখিবলৈ পোৱা যায় । এই অষ্ট্ৰিক গোষ্ঠীৰ মানুহসকলক শৰীৰত দীঘলীয়া আকৃতিৰ মূৰ, বহল নাকৰ লগতে শৰীৰৰ উচ্চতা কম হোৱা দেখা যায় । তেওঁলোকৰ গাৰ বৰণ মুগাবৰণীয়া । মনখমেৰ ভাষী, খাচী চিনটেংসকলক এই জনগোষ্ঠীৰ প্ৰতিনিধি বুলি কোৱা হয় । এই লোকসকলৰ আদি বাসস্থান এছিয়া আৰু ভাৰতীয় উপদীপ অঞ্চলৰ লগতে প্ৰশান্ত মহাসাগৰীয় ফিলিপাইন অঞ্চলো আছিল বুলি পণ্ডিতসকলে মতপোষণ কৰিছে । 



Type: Apurba Kakati

Author- Ali rani Kakati ( Ba in History Major) 


Post ID : DABP003292