অধ্যায় 3

মধ্য আৰু পশ্চিম এছিয়াৰ অঘৰীসকল
( Nomadic Groups in Central and West Asia)

Model Question & Answer 

অতি চমু প্ৰশ্ন 

১।  মধ্য এছিয়াৰ এটি অঘৰী জাতিৰ নাম লিখা।

উত্তৰঃ  মধ্য এছিয়াৰএটি অঘৰী জাতিৰ নাম হল স্কাইথিয়ানসকল ।

২। পশ্চিম এছিয়াৰ এটি অঘৰী জাতিৰ নাম লিখা।

উত্তৰঃ  পশ্চিম এছিয়াৰ এটি অঘৰী জাতিৰ নাম হল হিট্টিসকল ।

৩। তু্ৰ্কীসকল কোন আছিল ?

উত্তৰঃ তুৰ্কীসকল আছিল মধ্য এছিয়াৰ এটা যাযাবৰী জাতি ।

৪। ইৰাণী যাযাবৰসকলৰ আদি জীৱিকা কি আছিল ?

উত্তৰঃ  ইৰাণী যাযাবৰসকলৰ আদি জীৱিকা আছিল পশুপালন । 

৫। ইউচিসকলৰ আদি বাসস্থান ক'ত ?

উত্তৰঃ ইউচিসকলৰআদি বাসস্থান হল তুৰ্কীস্থানৰ কান-চু অঞ্চল ।

৬। এনাট'লিয়াৰ বৰ্তমান নাম কি ?

উত্তৰঃ এনাট'লিয়াৰ বৰ্তমান নাম হল তুৰ্কী ।

৭। মিন'ৱান সভ্যতা ক'ত বিকশিত হৈছিল ?

উত্তৰঃ   মিন'ৱান সভ্যতা ইজিয়ান সাগৰত অৱস্থিত দ্বীপ ক্ৰীটক বিকশিত হৈছিল।

চমু উত্তৰ

১। মধ্য এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম লিখা ।

উত্তৰঃ  মধ্য এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম হল তুৰ্কী আৰু শকসকল ।

২। পশ্চিম এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম লিখা ।

উত্তৰঃ  পশ্চিম এছিয়াৰ দুটা যাযাবৰী জাতিৰ নাম হল হিট্টি আৰু কাছাইটসকল । 

৩। ইজিয়ান সভ্যতাৰ দুটা ভাগ উল্লেখ কৰা ।

উত্তৰঃ  ইজিয়ান সভ্যতাৰ দুটা ভাগ হ'ল- ক্ৰীটৰ সভ্যতা আৰু চাইক্লেড।

৪। মিন'ৱান সভ্যতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃমিন'ৱান সভ্যতাৰ দুটা বৈশিষ্ট্য হ'ল- ১। উচ্চ মানৰ গৃহ নিৰ্মাণশৈলীৰ বিকাশ আৰু ২। ঘৰৰ একেবাৰে ওপৰৰ মহলালৈকে পানী উঠাব পৰা প্ৰযুক্তিৰ বিকাশ হৈছিল। 

৫। মিন'ৱান সভ্যতাৰ নাৰীসকলৰ দুটা ভাগ উল্লেখ কৰা ।

উত্তৰঃ মিন'ৱান সভ্যতাৰ নাৰীসকলৰ দুটা ভাগ হ'ল- ১। অভিজাত মহিলা আৰু ২। সাধাৰণ মহিলা।

চমুটোকা

১। মধ্য এছিয়াৰ অঘৰীসকল

উত্তৰঃ   মধ্য এছিয়াৰ ঘাঁহনি অঞ্চলসমূহ বিভিন্নধৰণৰ যাযাবৰী লোকৰ বাসভূমি আছিল । তেওঁলোকৰ ভিতৰত হুনসকল, তুৰ্কীসকল, পাৰ্ছীয়ানসকল, স্কাইথিয়ানসকল, শকসকল, ইউচিসকল, য়ুচুনসকল আৰু বিভিন্ন গোটৰ মংগোলসকল প্ৰধান । আনহাতে পশ্চিম এছিয়াৰ উল্লেখযোগ্য লোক আছিল হিট্টি আৰু কাছাইটসকল । এই সকলো লোকৰ ভাষিক আৰু জাতিগত তাৰতম্য থাকিলেও সেই অঞ্চলৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ বাবে তেওঁলোকৰ সাংস্ীকৃতিূক ঐক্য সাধন হৈছিল । 

খ্ৰীঃপূঃ ৩০০০ ৰ পৰা খ্ৰীঃপূঃ ২০০০ ৰ ভিতৰত মধ্য এছিয়াৰ এক উল্লেখযোগ্য অঘৰী জনজাতি আছিল স্কাইথিয়ানসকল । তেওঁলোকৰ উপভাগ আফনাচসকলে খ্ৰীঃ পূঃ ২০০০ ৰ পৰা খ্ৰীঃপূঃ ১৭০০,ৰ ভিতৰত, এন্দ্ৰনিয়ানসকলে খ্ৰীঃপূঃ ১৭০০ ৰ পৰা ১২০০লৈ আৰু কাৰাচুকসকলে খ্ৰীঃপূঃ ১৩০০ ৰ পৰা খ্ৰীঃপূঃ ৮০০ৰ ভিতৰত সপ্তনদ আৰু আলটাই অঞ্চলত বসতি কৰিছিল । এই উপজাতিসমূহ স্কাইথিয়ানসকলৰ উপৰিপুৰুষ আছিল বুলি ধাৰণা কৰা হৈছে । খ্ৰীঃপূঃ সপ্তম শতিকাৰ পৰা স্কাইথিয়ানসকল মধ্য এছিয়াৰ উত্তৰাঞ্চলত সিচৰিত  হৈ আছিল । তাৰ পৰা তেওঁলোক অক্সাচ উপত্যকা পৰ্যন্ত বিস্তাৰিত হৈছিল । তেওঁলোকৰ দক্ষিণ অঞ্চলত দহা নামৰ অন্য এটা অঘৰী জাতিৰ বসতি আছিল । তেওঁলোকে পাৰ্থিয়ানসকলৰ উপৰিপুৰুষ  আছিল । সেই সময়ত আলটাই অঞ্চলত বসতি কৰা আন এটা অঘৰী জাতি আছিল য়ুচানসকল । হোৱাংহো নদীৰ পাৰত থকা অঘৰী জাতিটো আছিল ইউচি । খ্ৰীঃপূঃ সপ্তম শতিকাত টেৰিম উপত্যকাত থকা স্কাইথিয়ানসকলৰ অন্য এটা ভাগ খাছসকলে কাৰাকৰম পৰ্বত অতিক্ৰম কৰি গিলগিট আৰু কাশ্মীৰলৈকে বিস্তাৰিত হৈ পৰিছিল । তাৰ পৰা তেওঁলোকে নেপালপৰ্যন্ত বসতি বিস্তাৰ কৰি সমগ্ৰ হিমালয় অঞ্চলটো খাছসকলৰ বসতিপূৰ্ণ এলেকাত পৰিণত কৰিছিল । এই অঘৰী লোকসকল ব্ৰঞ্জৰ যুগৰ পৰা খ্ৰীঃ পূঃ পঞ্চম শতিকালৈ আছিল । প্ৰাচীন কালৰ মধ্য এছিয়াৰ অন্য এক যাযাবৰী জাতিৰ লোক আছিল হুনসকল । আদিতে চীনৰ উত্তৰাঞ্চলত এই পশুপালক অঘৰীসকলৰ বসতি আছিল । হুনসকলৰ বহুতো উপজাতি আছিল আৰু প্ৰত্যেকেই নিজ নিজ চৰ্দাৰ বা মুখিয়ালৰ দ্বাৰা পৰিচালিত হৈছিল । 

২। এনাট'লিয়া 

উত্তৰঃ পূৰ্বৰ এছিয়া মাইনৰ বা বৰ্তমানৰ তুৰ্কী অঞ্চলটো আদিতে এনাট'লিয়া হিচাপে জনা গৈছিল । এই অঞ্চলটো এছিয়া মহাদেশৰ একেবাৰে পশ্চিম অঞ্চলত অৱস্থিত । এই অঞ্চলটো পশ্চিমে ইজিয়ান সাগৰ উপকূল অঞ্চলৰ পৰা পূবে আমেনিয়া উচ্চভূমি আৰু উত্তৰে কৃষ্ণ সাগৰৰ পৰা দক্ষিণে তুৰুচ পৰ্বত আৰু ভূমধ্য সাগৰৰ উপকূললৈকে বিস্তৃত হৈ আছে । এনাট'লিয়া নামটো গ্ৰীকসকলে দিয়ে । ইয়াৰ অৰ্থ হল সূৰ্যোদয়ৰ দেশ । এনাটলিয়াৰ অৱস্থিতি গ্ৰীচৰ পূবত হোৱাৰ বাবে সেই অঞ্চলক গ্ৰীটে সূৰ্য উদয়ৰ দেশ হিচাপে অভিহিত কৰিছিল । 

এনাটলিয়াৰ ইতিহাস অতি প্ৰাচীন । প্ৰাগ-ঐতিহাসিক যুগৰ পৰা এই অঞ্চলৰ ইতিহাসৰ তথ্য পোৱা গৈছে । এই অঞ্চলটোত প্ৰস্তৰ যুগৰ পৰা বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি খ্ৰীঃপূঃ ১০০০ মানত এক উচ্চ পৰ্যায়ৰ সভ্যতাই বিকাশ লাভ কৰিছিল । 

এনাটলিয়াৰ প্ৰাচীন ইতিহাসক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি 

১. প্ৰস্তৰ যুগ ।

২. ব্ৰঞ্জৰ যুগ ।

৩। লৌহ যুগ ।

অৱশ্যে প্ৰস্তৰ যুগআৰু ব্ৰঞ্জৰ যুগৰ মাজৰ সময়ছোৱা বুজাবলৈ তাম্ৰ যুগ বা চেলকলিথিক যুগ হিচাপেও বহুতে অন্য এটা ভাগ কৰা দেখা যায় । উত্তৰ এনাটলিয়াৰ বাৰদূৰ অঞ্চলৰ পৰা প্ৰস্তৰ যুগৰ বিভিন্ন আহিলা, জীৱ-জন্তু আৰু উদ্ভিদৰ জীৱাশ্ম আদি উদ্ধাৰ হৈছে । এনাটলিয়া অঞ্চলৰ প্ৰস্তৰ যুগৰ বিষয়ে বৰ বেছি তথ্য উদ্ধাৰ হোৱা নাই । ব্ৰঞ্জৰ সাংস্কৃতিক সময়ৰ পৰা এনাটলিয়াৰ ইতিহাসৰ বহু তথ্য পোৱা গৈছে । সেই সময়ৰ এনাটলিয়াৰ প্ৰধান অধিবাসী আছিল হিট্টিসকল , অক্কা়ীয়সকল আৰু এছিৰীয়সকল । খ্ৰীঃপূঃ ৩০০০ ৰ পৰা খ্ৰীঃপূঃ ১২০০ ৰ সময়ছোৱাক এনাটলিয়াৰ ইতিহাসৰ ব্ৰঞ্জৰ যুগ হিচাপে জনা যায় । 

৩। লোৰ ওপৰত বিতৰ্ক 

উত্তৰঃ  খ্ৰীঃপূঃ দ্বাদশ শতিকাৰ পৰা খ্ৰীঃপূঃ নৱম শতিকালৈ দক্ষিণ লেভেন্ট অঞ্চলৰ লৌহযুগৰ সময়সীমা ক্ৰম অনুসৰি সজোৱা আৰু ৰেডিঅ কাৰ্বন ডেটিংৰ ওপৰত অক্সফোৰ্ড অধিৱেশনত যি তৰ্ক-বিতৰ্ক আৰম্ভ হৈছিল তাৰ প্ৰতি বিশ্বৰ বিভিন্ন পণ্ডিতৰ দৃষ্টি আকৰ্ষিত হৈছিল । গ্ৰীচ, চাইপ্ৰাচ আৰু লেভেন্টৰ পুৰাতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰত এই বিতৰ্কই যথেষ্ট  গুৰুত্ব লাভ কৰিছে । এই ভূমধ্যসাগৰীয় আৰু ইজিয়ান সাগৰীয় দ্বীপসমূহ আৰু উপকূল অঞ্চলৰ লগতে পশ্চিম এছিয়া আৰু ইজিপ্তৰ বিভিন্ন অংশত সমাজ গঠন আৰু বিভিন্ন ভৌগোলিক পৰিসীমাৰ ভিতৰত ৰাজ্য গঠনৰ ক্ষেত্ৰত এই বিতৰ্কই বহু নতুন তথ্য পোহৰলৈ আনিছে । বিশেষকৈ বাইবেলৰ বৰ্ণিত কাহিনী আৰু পুৰাতাত্ত্বিক অধ্যয়নৰ মাজত সামঞ্জ্যসৰ ক্ষেত্ৰত এই বিতৰ্ক প্ৰয়োজনীয় হৈ উঠিছিল । এই অঞ্চলসমূহত প্ৰাপ্ত বিভিন্ন পুৰাতাত্ত্বিক সমল, যেনে প্ৰাচীন ধ্বংসাৱশেষ, বিভিন্ন অঞ্চলত খননকাৰ্যত উদ্ধাৰ হোৱা বসতিৰ বিভিন্ন স্তৰসমূহ, মাটিৰ পাত্ৰসমূহৰ ওপৰত আঞ্চলিক প্ৰভাৱ আদিৰ অধ্যয়নৰ দ্বাৰা এই বিতৰ্কৰ ওৰ পেলাবলৈ চেষ্টা চলোৱা দেখা গৈছে । দক্ষিণ লেভেন্ট অঞ্চলকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লৌহযুগৰ ইতিহাসৰ অনুসন্ধান, ক্ৰম অনুসৰি ঘটনাসমূহ সজোৱাৰ চেষ্টা, সাহিত্যিক সমলসমূহৰ লগত পুৰাতাত্ত্বিক সমলসমূহৰ বৈজ্ঞানিক বিশ্লেষণ কৰি লৌহ যুগৰ ইতিহাসৰ নিৰপেক্ষ ব্যাখ্যা দিয়াই হল এই বিতৰ্কৰ মূল লক্ষ্য । 

ৰচনাধৰ্মী প্ৰশ্ন

১। ব্ৰঞ্জৰ যুগৰ পৰা লৌহ যুগলৈ সভ্যতাৰ বৰ্ণনা কৰা।

উত্তৰঃ  গ্ৰীচ ভূমধ্য সাগৰত অৱস্থিত এটি সৰু উপদ্বীপ । গ্ৰীকসকলে নিজকে হেলেন নামৰ এজন কাল্পনিক লোকৰ পূৰ্বপুৰুষ হিচাপে বিশ্বাস কৰিছিল । এই হেলেন শব্দৰ পৰা তেওঁলোকে হেলেনীজ হিচাপে পৰিচিত হয় । খ্ৰীঃপূঃ অষ্টম শতিকাৰমানৰ পৰা খ্ৰীঃপূঃ তৃতীয় শতিকামানলৈ গ্ৰীচক কেন্দ্ৰ কৰি অন্যান্য সৰু সৰু দ্বীপসমূহত এক সভ্যতাৰ বিকাশ হৈছিল । এই প্ৰাচীন সভ্যতা গ্ৰীচ, ইজিয়ান সাগৰ আৰু টেৰেন্টাইন উপসাগৰীয় অঞ্চলত থকা দ্বীপসমূহ আৰু এছিয়া মাইনৰ তথা বল্কান অঞ্চললৈকে বিয়পি পৰিছিল । গ্ৰীক সভ্যতাক হেলেনীজ সভ্যতা হিচাপে জনা যায় । ৰোমানসকলে গ্ৰীচ, দ্বীপ আৰু অন্যান্য সৰু সৰু দ্বীপসমূহৰ নগৰ ৰাজ্য  পাতি বাস কৰা লোকসকলক গ্ৰীক নাম দিছিল । গতিকে গ্ৰীক আৰু হেলেনীজ দুয়োটা শব্দই গ্ৰীক সভ্যতাৰ লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয় । গ্ৰীচৰ মূল ভূ-খণ্ডত সভ্যতাৰ বিকাশ হোৱাত বহু শতিকা পূৰ্বে ইজিয়ান সাগৰ দ্বীপসমূহক কেন্দ্ৰ কৰি এক উচ্চমানৰ সভ্যতাৰ বিকাশ হৈছিল । ব্ৰঞ্জৰ যুগত বিকাশ হোৱা এই সভ্যতা ইজিয়ান সভ্যতা হিপাৰে পৰিচিত । এই ইজিয়ান সভ্যতা হল প্ৰথম ইউৰোপীয় সভ্যতা । খ্ৰীঃপূঃ ৩০০০ ৰ পৰা খ্ৰীঃপূঃ ১২০০ মানলৈ বৰ্তী থকা এই সভ্যতাৰ মূল কেন্দ্ৰসমূহ আছিল ক্ৰিট, ট্ৰয় মিচিনি, আৰু টিকিনছ । ব্ৰঞ্জৰ যুগৰ সভ্যতা গ্ৰীচৰ বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে পৰিচিত আছিল যদিও এই সকলোবোৰৰ মাজত সাদৃশ্য দেখা গৈছিল । সময় আৰু বৈশিষ্ট্যৰাজিৰ ফালৰ পৰা ব্ৰঞ্জৰ যুগত গ্ৰীচত তিনিধৰণৰ সভ্যতাৰ বিকাশ দেখিবলৈ পোৱা যায় । গ্ৰীচত উদ্ধাৰ হোৱা বিভিন্ন পুৰাতাত্ত্বিক সমলৰ পৰা ব্ৰঞ্জৰ যুগৰ সময়ৰ গ্ৰীচৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক আদি দিশৰ বিষয়ে জানিব পাৰি । উল্লেখযোগ্য যে গ্ৰীচৰ সকলো অঞ্চলতে একে সময়তে ব্ৰঞ্জৰ যুগৰ আৰম্ভণি হোৱা নাছিল । খ্ৰীঃপূঃ ৩০০০ মানৰ পৰা গ্ৰীচত ব্ৰঞ্জৰ ব্যৱহাৰ হৈছিল যদিও কিছুমান ঠাইৰ অধিবাসীসকলে কিছু দেৰীকৈহে ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছিল । নৱপ্ৰস্তৰ যুগৰ শিল, হাড়, বা কাঠেৰে তৈয়াৰ কৰা হাতিয়াৰসমূহ বা আহিলাসমূহ ব্ৰঞ্জৰ ব্যৱহাৰৰ লগে লগে ব্ৰঞ্জৰ দ্বাৰা তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে ।  ফলত ছুৰী, তৰোৱাল আদি অস্ত্ৰবোৰ আগতকৈ বহুত কম কষ্টতে আৰু সুবিধাজনকভাৱে তৈয়াৰ কৰিব পৰা যায় । ব্ৰঞ্জৰ লগে লগে গ্ৰীচত সোণ,ৰূপ, লীড আদি অন্যান্য ধাতুৰ ব্যৱহাৰ আৰম্ভ হৈছিল । ধাতুৰ ব্যৱহাৰৰ লগে লগে সমাজত সামাজিক শ্ৰেণী বিভাজন আহি পৰা পৰিলক্ষিত হয় । ধাতুসমূহ অধিক ব্যয়বহুল হোৱাৰ বাবে ধনী শ্ৰেণীয়ে অধিক ব্যৱহাৰ কৰাৰ বিপৰীতে দুলীয়া শ্ৰেণীৰ লোকসকলে কম পৰিমাণে ধাতুৰ আহিলা ব্যৱহাৰ কৰিছিল । মৃতকৰ সমাধিসমূহত প্ৰাপ্ত পুৰাতাত্ত্বিক সমলসমূহে ব্ৰঞ্জৰ যুগত গ্ৰীচত থকা শ্ৰেণী বিভাজনৰ সাক্ষ্য বহন কৰিছে । ব্ৰঞ্জৰ যুগত গ্ৰীচত মৰাশ দাহ কৰাৰ পদ্ধতিৰ ক্ষেত্ৰত পৰিৱৰ্তন আহি পৰিছিল । পূৰ্বৰ বোকামাটিৰ পৰিৱৰ্তে সমাধিসমূহ শিলেৰে ঘেৰি দিয়া হৈছিল । এই সমাধিসমূহ কেক বা সমূহীয়া দাহ কৰাৰ বাবে ব্যৱহাৰ কৰিছিল । সমাধিসমূহত বিভিন্ন আহিলা, অস্ত্ৰ-শস্ত্ৰ. আদি ৰখাৰ পৰা গ্ৰীক ধৰ্মীয় বিশ্বাসৰ উমান পাব পাৰি । 0

২। ব্ৰঞ্জৰ যুগৰ পৰা লৌহ যুগলৈ এনাট'লিয়াৰ সভ্যতাৰ বৰ্ণনা কৰা।

উত্তৰঃ  ব্ৰঞ্জৰ সংস্কৃতিৰ সময়ৰ পৰা এনাটলিয়াৰ ইতিহাসৰ বহু তথ্য পোৱা গৈছে । সেই সময়ৰ এনাটলিয়াৰ প্ৰধান অধিবাসী আছিল হিট্টিসকল, অক্কাডীয়সকল আৰু এছিৰীয়সকল । খ্ৰীঃপূঃ ৩০০০ ৰ পৰা খ্ৰীঃপূঃ ১২০০ৰ সময়ছোৱাক এনাটলিয়াৰ ইতিহাসৰ ব্ৰঞ্জৰ যুগ হিচাপে জনা যায় । 

খ্ৰীঃপূঃ ৩০০০ মানত এনাটলিয়াৰ বুধক্কায়া, অঞ্চলক কেন্দ্ৰ কৰি বসতি গঢ়ি উঠিছিল । পাচলৈ হাট্টচা নগৰখন এই সভ্যতাৰ কেন্দ্ৰবিন্দু হয় । এই অঞ্চলটো পাচলৈ বঘাজকই নামেৰে পৰিচিত হৈছিল । এই অঞ্চলত সভ্যতাৰ পাতনি মেলা লোকসকল আছিল হিট্টিসকল । এই সভ্যতাৰ অন্যতম বৈশিষ্ট্য হল ধাতুবিদ্যাৰ বিকাশ । বঘাজকইৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত থকা অলকা হায়ুক নামৰ ঠাইত খ্ৰীঃপূঃ ২৪০০ ৰ পৰা খ্ৰীপূঃ ২২০০ ৰ ভিতৰত সজা ৰজাৰ মৈদাম আৱিস্কৃত হৈছে । এই সভ্যতাৰ অন্য কেইখনমান উল্লেখযোগ্য স্থান হল হাচ্চুম, কানেচ, পুৰুচন্দা আৰু জালৱাৰ । এনাটলিয়াবাসী এই হিট্টিসকলৰ চুমেৰীয়া নগৰ ৰাজ্যৰ লগত বাণিজ্যিক সম্পৰ্ক গঢ়ি উঠিছিল । 

এনাটলিয়া অঞ্চলৰ ছাৰগন নামৰ এজন ৰণনেতাই খ্ৰীঃপূঃ ২৬৫০ত চুমেৰ অঞ্চলৰ সৰু সৰু নগৰ ৰাষ্ট্ৰবোৰক পৰাস্ত কৰি একছত্ৰী শাসন প্ৰতিষ্ঠা কৰে । ছাৰগনে প্ৰতিষ্ঠা কৰা এই সাম্ৰাজ্যখন চুমেৰ -অক্কাডসাম্ৰাজ্য হিচাপে জনা যায় । এই চুমেৰ-অক্কাড সাম্ৰাজ্যৰ সীমা পূবে এলেমৰ পৰা পশ্চিমে ভূমধ্য সাগৰপৰ্যন্ত বিস্তাৰিত হৈ পৰিছিল । ব্যৱসায়  আৰু যাতায়ৰ উন্নয়ন এই সময়ছোৱাত যথেষ্ট হৈছিল । কিন্তু জলবায়ুৰ পৰিৱৰ্তন আৰু অন্যান্য বহু কাৰকৰ বাবে খ্ৰীঃপূঃ ২১৫০ ত গুটিয়ানসকলৰ হাতত চুমেৰ-অক্কাড সাম্ৰাজ্য পতন ঘটে । 

খ্ৰীঃপূঃ ২৫০০ ৰ পৰা খ্ৰীঃপূঃ ২০০০ ৰ ভিতৰত এনাটলিয়া অঞ্চলত হিট্টিসকলৰ আধিপত্য আছিল । ব্ৰঞ্জৰ যুগৰ সভ্যতাৰ এই দ্বিতীয় ঢাপত এনাটলিয়াৰ লগত ক্ৰীটৰ মিনোৱান সভ্যতাৰ লোকসকলৰ সম্পৰ্ক ঘটিছিল । এনাটলিয়াৰ সভ্যতাৰ ওপৰত সেইছোৱা সময়ত মিনোৱান সভ্যতাৰ প্ৰভাৱ দেখা যায় ।  শেষ ব্ৰঞ্জৰ যুগত হিট্টিসকলৰ মেছোপটেমিয়াৰ এছিৰীয় বণিকসকলৰ বাণিজ্যিক সম্পৰ্ক ঘটিছিল । 

৩। মিন'ৱান সভ্যতাৰ বিষয়ে সবিশেষ আলোচনা কৰা।

উত্তৰঃ  ইজিয়ান সাগৰত অৱস্থিত দ্বীপ ক্ৰীটক কেন্দ্ৰ কৰি 0ব্ৰঞ্জৰ যুগত গ্ৰীচত যি সভ্যতা গঢ় লৈ উঠিছিল সেই সভ্যতাটোকে মিন'ৱান সভ্যতা হিচাপে জনা যায় । কিংবদন্তী ক্ৰিটান ৰজা মিন'চৰ নাম অনুসৰি এই সভ্যতা মিন'ৱান সভ্যতা হিচাপে নামাকৰণ কৰা হৈছিল । এই সভ্যতাৰ প্ৰধান কেন্দ্ৰসমূহ আছিল নছাছ, ফাইষ্টছ, মালিয়া আৰু জৰকছ। ব্ৰঞ্জৰ যুগত ক্ৰীটক কেন্দ্ৰ কৰি মিন'ৱান সভ্যতা গঢ়ি উঠাৰ সময়তে চাইক্লিডক কেন্দ্ৰ কৰি চাইক্ৰেডিক সভ্যতা আৰু গ্ৰীচৰ মূল ভূ-খণ্ড হেল'ডিক সভ্যতাই গঢ় লৈ উঠিছিল । এই সভ্যতাসমূহৰ বিকাশ ইজিয়ান সাগৰস্থ দ্বীপসমূহত হৈছিল বাবে ইজিয়ান সভ্যতা হিচাপে জনা যায় । এই ইজিয়ান সভ্যতাৰ মূল কেন্দ্ৰসমূহ আছিল ক্ৰিট, ট্ৰয়, মিচিনি, আৰু টিৰিনছ । খ্ৰীঃপূঃ ৩০০০ৰ পৰা খ্ৰীঃপূঃ ১৫০০ লৈ ইজিয়ান সভ্যতাৰ সময়ছোৱাক পৰৱৰ্তী ইজিয়ান সভ্যতা বা মিচিনীয় সভ্যতা হিচাপে জনা যায় । ক্ৰিটক কেন্দ্ৰ কৰি গঢ়ি উঠা মিন'ৱান সভ্যতাৰ সময়সীমালৈ ঐতিহাসিকসকলৰ মাজত মতবিৰোধ দেখা যায় । এই সময়ত লিখন পদ্ধতিৰ বিকাশ হৈছিল যদিও এতিয়ালৈকে প্ৰাপ্ত লিখনসমূহৰ পাঠোদ্ধাৰ হোৱা নাই । সেয়েহে সমসাময়িক অন্যান্য সভ্যতাসমূহ যেনে- ইজিপ্ত, মেছোপটেমীয়া, এনাটলিয়া আদিৰ লগত তুলনা কৰি এই সভ্যতাৰ সময়কাল নিৰ্ণয় কৰিবলৈ চেষ্টা চলোৱা হৈছে । বৰ্তমানলৈকে উদ্ধাৰ হোৱা এই সভ্যতাৰ বিভিন্ন পুৰাতাত্ত্বিক সমলৰ অধ্যয়ন কৰিও এই সভ্যতাৰ সময় নিৰূপণ কৰিবৰ চেষ্টা চলোৱা দেখা গৈছে । 

এই সভ্যতাৰ ধ্বংসাৱশেষ, বিভিন্ন আহিলা-পাতি, শিল্পকলা, লিখন পদ্ধতি আৰু বহিৰ্দেশৰ লগত থকা বাণিজ্যিক সম্পৰ্কৰ পৰা মিন'ৱান সভ্যতাৰ বিষয়ে জানিব পাৰি । এই সভ্যতাৰ অন্যতম বৈশিষ্ট্য হল উচ্চ মানৰ গৃহ নিৰ্মাণশৈলীৰ বিকাশ । এই সময়ৰ ৰাজপ্ৰাসাদসমূহ চাৰি মহলাপৰ্যন্ত ওখ আছিল । ঘৰৰ একেবাৰে ওপৰৰ মহলালৈকে পানী উঠাব পৰা প্ৰযুক্তিৰ বিকাশ হৈছিল । নগৰসমূহৰ মাজেদি সৰু সৰু ৰাস্তাবিলাক আছিল । ৰাস্তাৰ লগত নলা সংলগ্ন আছিল । নলাসমূহেদি পানী ওলাই যাব পৰাৰ ব্যৱস্থাৰ লগতে নলাসমূহ চাফা কৰিবৰ বাবে ব্যৱস্থা কৰা হৈছিল । নগৰ আৰু গাওঁসমূহৰ মাজত গৃহ নিৰ্মাণ পদ্ধতি আৰু প্ৰযুক্তিৰ পাৰ্থক্য দেখা যায় । নগৰৰ ঘৰসমূহ কেইবামহলীয়া হোৱাৰ লগতে বিভিন্ন কাৰুকাৰ্যখচিত কৰা  হৈছিল । ঘৰবোৰত বহুমূলীয়া আচবাব, আহিলা আদি ৰখা হৈছিল । ইয়াৰ বিপৰীতে গাওঁ অঞ্চলৰ ঘৰসমূহ সাধাৰণ অৱস্থাৰ দেখা গৈছিল । 



Author_ Ali rani Kakati ( Ba in History Major) 


Post ID : DABP004135