অধ্যায় 4
প্ৰাচীন গ্ৰীচৰ দাস সমাজ
(Slave Society in ancient Greece)
অতি চমু প্ৰশ্ন
১। কোন সভ্যতা সময়ৰ পৰা গ্ৰীচত দাস প্ৰথা প্ৰচলনৰ তথ্য পোৱা গৈছে ?
উত্তৰঃ মিচিনীয় সভ্যতাৰ সময়ৰ পৰা গ্ৰীচত দাস প্ৰথা প্ৰচলনৰ তথ্য পোৱা গৈছে ।
২। এৰিষ্টট'লে দাস প্ৰথাৰ বিষয়ে কি বুলি মন্তব্য কৰিছে ?
উত্তৰঃ এৰিষ্টট'লে দাস প্ৰথাক স্বাভাৱিক আৰু প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে ।
৩। হেল'টসকল কোন ?
উত্তৰঃ খ্ৰীঃপূঃ অষ্টম আৰু খ্ৰীঃ পূঃ সপ্তম শতিকাত মিছিমীয় যুদ্ধত স্পাৰ্টাৰ প্ৰায় বেছিসংখ্যক লোকেই দাসলৈ পৰিণত হোৱা বুলি বেছিভাগ পণ্ডিতে মতপোষণ কৰিছে । এই লোকসকলক হেল'ট হিচাপে জনা গৈছিল ।
৪। বন্ধা শ্ৰমিক কাক কোৱা হয় ?
উত্তৰঃ বিভিন্ন ধৰণেৰে এজন মানুহ দাসলৈ পৰিৱৰ্তিত হব পাৰে । উদাহৰণস্বৰূপে কোনো লোকে ঋণ লৈ সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে ঋণ দিওঁতাজনৰ ওচৰত দাস হিচাপে থাকিবলগীয়া হয় । এনেধৰণৰ দাসসকলক বন্ধা শ্ৰমিক হিচাপে জনা যায় ।
৫। 'পলিটিক্চ' গ্ৰন্থখনৰ ৰচক কোন ?
উত্তৰঃ পলিটিকচ[ গ্ৰন্থখনৰ ৰচক হল দাৰ্শনিক এৰিষ্টট'ল
৬। 'ৰিপাব্লিক' গ্ৰন্থখনৰ ৰচক কোন ?
উত্তৰঃ ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক হল .প্লেটো ।
৭। প্ৰাচীন গ্ৰীচত উৎপাদিত এবিধ শস্যৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন গ্ৰীচত উৎপাদিত এবিধ শস্যৰ নাম হল বন্ধাকবি ।
৮। প্ৰাচীন গ্ৰীচৰ এবিধ ৰপ্তানি সামগ্ৰীৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন গ্ৰীচৰ এবিধ ৰপ্তানি সামগ্ৰীৰ নাম হল জলফাই তেল ।
৯। প্ৰাচীন গ্ৰীচৰ এবিধ আমদানি সামগ্ৰীৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন গ্ৰীচৰ এবিধ আমদানি সামগ্ৰীৰ নাম হল গাহৰি ।
১০। 'অৰ্কিমিডিয়ান স্কু' কি ?
উত্তৰঃ আৰ্কিমিডিয়ান স্কু হল এবিধ সঁজুলি ।
চমু প্ৰশ্ন
১। প্ৰাচীন কালত দাস প্ৰথাৰ প্ৰচলন থকা দুটা সভ্যতাৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন কালত দাস প্ৰথাৰ প্ৰচলন থকা দুটা সভ্যতাৰ নাম হল
ক) মিচিনীয় সভ্যতা ।
খ) ছমেৰীয় সভ্যতা ।
২। দাসসকল সৃষ্টি হোৱাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ দাসসকল সৃষ্টি হোৱাৰ দুটা কাৰণ হল
ক) যুদ্ধবন্দী ।
খ) অভিভাৱকে ত্যাগ কৰা শিশুসকল ।
৩। দাসসকলৰ দুটা নিয়োগস্থলী উল্লেখ কৰা ।
উত্তৰঃ দাসসকলৰ দুটা নিয়োগস্থলী তলত উল্লেখ কৰা হল
ক) শিলৰ কুৱেৰী আৰু বিভিন্ন খনিসমূহ ।
খ) বিভিন্ন শিল্পকৰ্ম আৰু ব্যৱসায়ত জড়িত
৪। মিচিনীয় সভ্যতাৰ সময়ৰ দুই প্ৰকাৰৰ দাস কি কি আছিল ?
উত্তৰঃ মিচিনীয় সভ্যতাৰ সময়ৰ দুই প্ৰকাৰৰ দাস হল
ক) দাস ।
খ) ভগৱানৰ দাস ।
চমুটোকা
১। দাস প্ৰথাৰ উৎপত্তি।
উত্তৰঃ গ্ৰীচত দাসসকলৰ ইতিহাস এক দীঘলীয়া ইতিহাস । কেতিয়াৰ পৰা কেনেকৈ এই দাসসকলৰ সৃষ্টি হল বা সমাজত দাস প্ৰথাৰ প্ৰচলন হল তাৰ সঠিক ইতিহাস এতিয়াও উদ্ধাৰ হোৱা নাই । অৱশ্যে দাসসমূহৰ উত্থানৰ লগে লগে এই দাসসকল সমাজ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হবলৈ ধৰে । মিচিনীয় সভ্যতাৰ সময়ৰ পৰাই গ্ৰীচত দাসকলৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা গৈছে । প্ৰাচীন গ্ৰীচৰ লগতে সমসাময়িক অন্যান্য সভ্যতাসমূহতো সমাজত দাসসকল আছিল । প্ৰাচীন কালৰ বহুতো পণ্ডিতে দাস ব্যৱস্থাৰ সপক্ষে মাত মাতি গৈছে । গ্ৰীচৰ বিখ্যাত দাৰ্শনিক এৰিষ্টটলে দাস ব্যৱস্থাক স্বাভাৱিক আৰু প্ৰয়োজনীয় হিচাপে মন্তব্য কৰি থৈ গৈছে । অৱশ্যে খ্ৰীঃপূঃ চতুৰ্থ শতিকাত গ্ৰীচত ৰচিত কিছুমান কাৰ্যত দুখ-সুখৰ প্ৰতি নিৰ্বিকাৰ কষ্টসহিষ্ণু লোকসকলৰ প্ৰতি সহানুভূতি দেখুওৱা হৈছে ।
বিভিন্ন কাৰণত সমাজত দাসসকলৰ সৃষ্টি হোৱা দেখা যায় । উদাহৰণ হিচাপে
ক) বন্ধকী শ্ৰমিক ।
খ) দোষৰ শাস্তিস্বৰূপে হোৱা দাস ।
গ) যুদ্ধবন্দী ।
ঘ) অভিভাৱকে ত্যাগ কৰা শিশুসকল ।
ঙ) দাসৰ ঘৰত জন্ম লোৱা দাসৰ সন্তানসকল ইত্যাদি ।
খ্ৰীঃপূঃ অষ্টম আৰু খ্ৰীঃপূঃ সপ্তম শতিকাত হোৱা মিচিনীয় যুদ্ধত স্পাৰ্টাৰ প্ৰায় বেছিসংখ্যক লোকেই দাসলৈ পৰিণত হোৱা বুলি বেছিভাগ পণ্ডিতে মতপোষণ কৰিছে । এই লোকসকলক হেলট হিচাপে জনা গৈছিল । প্ৰখ্যাত ঐতিহাসিক হিৰোডটাছৰ মতে সমাজত হেলছসকলৰ সংখ্যা অত্যন্ত বেছি আছিল । অৱশ্যে বৰ্তমানৰ বহু পণ্ডিতে এই হেলছসকলক মুক্ত লোক আৰু দাসসকলৰ মাজত থকা অন্য এটা শ্ৰেণী বুলিহে অভিহিত কৰিছে । এসময়ত এই হেলটসকলৰ বিদ্ৰোহ দমন কৰিবৰ বাবে গ্ৰীচৰ বহু নগৰৰাষ্ট্ৰ সামৰিক ৰাষ্ট্ৰলৈ পৰিণত হবলগীয়া হৈছিল । প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ ত্ৰিছ শতাংশ লোক দাস আছিল । নগৰসমূহৰ উত্থানৰ পাচত দাসসকল সমাজ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্চেদ্য অংগ হৈ উঠিছিল । এথেন্সৰ প্ৰায়বোৰ নাগৰিকৰে কমেও এজনকৈ দাস আছিল বুলি প্ৰাপ্ত তথ্যসমূহে সাক্ষ্য বহন কৰিছে । খ্ৰীঃপূঃ ষষ্ঠ শতিকাৰ পৰা খ্ৰীঃপূঃ পঞ্চম শতিকাৰ ভিতৰত এথেন্সত দাসৰ সংখ্যা সৰ্বাধিক আছিল । সেই সময়ত সমাজৰ ৮০,০০০ লোক দাস আছিল আৰু দুখীয়াসকলক বাদ দি প্ৰায়বোৰ ঘৰতে প্ৰায়ে তিনিৰ পৰা চাৰিজনকৈ দাস থকা দেখা গৈছিল ।
প্ৰাচীন গ্ৰীচত দাসসকলে ৰাজনীতি বাদ দি অন্যান্য কিছুমান সুবিধা লাভ কৰিছিল । দাসসকলৰ প্ৰধান নিয়োগস্থলী আছিল
ক) কৃষি ।
খ) শিলৰ কুৱেৰী আৰু বিভিন্ন খনিসমূহ ।
গ) গৃহভৃত্য ।
ঘ) বিভিন্ন শিল্পকৰ্ম আৰু ব্যৱসায়ত জড়িত ।
প্ৰাচীন গ্ৰীচত দাসসকলক প্ৰধানকৈ কৃষিকাৰ্যত লগোৱা হৈছিল । প্ৰাচীন গ্ৰীকসকলৰ লেখনিত সঘনে দাসসকলৰ উল্লেখ পোৱা যায় । ডাঙৰ খেতিয়কসকলৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ খেতিয়ক সকলোৱে কৃষিকাৰ্যত দাসসকলক ব্যৱহাৰ কৰিছিল । বিভিন্ন খনিসমূহ আৰু শিলৰ কুৱেৰীসমূহতো দাসসকল অপৰিহাৰ্য আছিল । লুৰিয়ামৰৰ ৰূপৰ খনিত কেইবাহাজাৰ দাস থকাৰ কথা প্ৰাচীন সাহিত্যসমূহৰ পৰা জানিব পৰা গৈছে । সেই সময়ত প্ৰতিজন নাগৰিকে অতি কমেও তিনিজনকৈ দাস ক্ৰয় কৰিব পাৰিছিল । কাৰখানাসমূহতো সৰ্বাধিক দাস নিয়োগ কৰা হৈছিল । লিছিয়াচৰ শৈমুকৰ কাৰখানাত প্ৰায় এশ বিছজন দাস থকাৰ কথা জানিব পৰা গৈছে । ব্যক্তিগত ঘৰত ব্যৱহাৰ কৰা দাসসকলে তেওঁৰ গৰাকী বা প্ৰভূৰ বিভিন্ন কামত সহায় কৰিব লাগিছিল । পুৰুষ দাসসকলে মালিকক ব্যৱসায়ত সহায় কৰাৰ লগতে প্ৰতিটো কামতে মালিকৰ লগত ঘুৰি ফুৰিবলগীয়া হৈছিল । মহিলা দাসসকলে ঘৰৰ অন্যান্য কাম-কাজ কৰাৰ লগতে বোৱা-কটা,খাদ্য প্ৰস্তুত আদি কাম কৰিব লাগিছিল । কেৱল অতি দুখীয়া লোকসকলৰ ঘৰতহে দাস ৰখা দেখা নগৈছিল । এতিয়ালৈকে উদ্ধাৰ হোৱা মিচিনীয় সভ্যতাৰ বিভিন্ন পুৰাতাত্ত্বিক সমলত দাসসকলৰ তথ্য পোৱা গৈছে । পিলচৰ পৰা সংগৃহীত প্ৰাচীন লিপিৰ টেবলেটসমূহত পোৱা তথ্যৰ ভিত্তিত দুই প্ৰকাৰৰ দাসৰ বিষয়ে জানিব পাৰি
১। দাস ।
২। ভগৱানৰ দাস
২। দাস প্ৰথাৰ ওপৰত বিতৰ্ক।
উত্তৰঃ দাসসকলক লৈ অতীজৰ পৰা এই পৰ্যন্ত বিতৰ্কৰ ওৰ পৰা নাই । দাসসকলক অমুক্ত শ্ৰমিক বা দাসত্বত পৰিণত কৰা লোক হিচাপে অভিহিত কৰালৈও পণ্ডিতসকলৰ মাজত বিভিন্ন মত দেখা যায় । বহুতো ঐতিহাসিকে দাস শব্দটো অমানৱীয় হিচাপে আখ্যা দিছে । কাৰণ, এই শব্দটোৱে দাস এজনক মানুহৰ পৰিৱৰ্তে সম্পত্তি হিচাপেহে গ্ৰাহ্য কৰে । কিন্তু অন্য এচাম ঐতিহাসিকৰ মতে পূৰ্বৰে পৰা চলি অহা দাস শব্দটোৰ সলনি কৰাৰ প্ৰয়োজন নাই । বৰ্তমান পৃথিৱীৰ সকলো দেশতে যিহেতু দাস প্ৰথাৰ অৱলুপ্তি ঘটিছে , গতিকে অতীতৰ দাসসকলৰ বিষয়ে উল্লেখ কৰিবলৈ দাস শব্দৰ সলনি অন্য শব্দ ব্যৱহাৰ কৰাৰ যুক্তিযুক্ততা নাই বুলি এইসকল ঐতিহাসিকে মতপোষণ কৰিছে । বিভিন্ন ধৰণেৰে এজন মানুহ দাসলৈ পৰিৱৰ্তিত হব পাৰে । উদাহৰণস্বৰূপে কোনো লোকে ঋণ লৈ সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলে ঋণ দিওঁতাজনৰ ওচৰত দাস হিচাপে থাকিবলগীয়া হয় । এনেধৰণৰ দাসসকলক বন্ধা শ্ৰমিক হিচাপে জনা যায় । এনেধৰণৰ বন্ধা শ্ৰমিকসকলৰ ঋণ পৰিশোধ কৰাৰ কোনো ধৰাবন্ধা সময় নাথাকে । কেতিয়াবা ঋণ পৰিশোধ নকৰাপৰ্যন্ত কোনো লোকৰ পুৰুষানুক্ৰমে বন্ধা শ্ৰমিক খটাৰ বহু উদাহৰণ পোৱা যায় । কিছুমান দাসক মালিকৰ ব্যক্তিগত সম্পত্তি হিচাপে গণ্য কৰা হৈছিল । এনে দাসক মালিকে নিজ ইচ্ছানুসৰি ব্যৱহাৰ আৰু বেচা-কিনা কৰিব পাৰিছিল । এনে দাসৰ সন্তানসকলেও জন্মসূত্ৰে দাসত্ব লাভ কৰিছিল । কিছুমান আইন অনুসৰি আনৰ ওপৰত নিৰ্ভৰশীল লোককো দাস হিচাপে জনা গৈছিল । জোৰ-জবৰদস্তি কৰা দাস আৰু অমুক্ত শ্ৰমিকসকলক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল । তেওঁলোকক আনকি বিভিন্ন শাস্তি, ভাবুকি আদিৰ জৰিয়তে শ্ৰম কৰিবলৈও বাধ্য কৰাইছিল । দাসসকলৰ বিষয়ে বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে । হোমাৰকে ধৰি তেওঁৰ সমসাময়িক লেখক তথা পণ্ডিতসকলে দাসসকলৰ যুদ্ধৰ এক আৱশ্যকীয় ফল হিচাপে আখ্যা দিছে । হেৰাক্লিটাছৰ মতে যুদ্ধৰ ফলতেই দাসসকলৰ সৃষ্টি হয় আৰু যুদ্ধৰ ফলতেই কিছুমান দাসে মুক্তি লাভ কৰে । এৰিষ্টটলেও এনে মতৰ সপক্ষে যুক্তি আগবঢ়োৱা দেখা গৈছে । তেওঁৰ মতে যুদ্ধ এখন সংঘটিত হোৱা কাৰণ যিয়ে নহওক কিয়, যুদ্ধত পৰাজিতসকলক বিজয়ীসকলে দাস হিচাপে লব পাৰে । অৰ্থনৈতিক কাৰণতে দাসসকলৰ সৃষ্টি হৈছিল বুলি পাছৰ বা পৰৱৰ্তী সময়ৰ দাৰ্শনিকসকলে ব্যাখ্যা আগবঢ়াইছিল । এৰিষ্টটলে তেওঁৰ পলিটিকছ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে কিছুমান মানুহ স্বাভাৱিকতে দাস হয় আৰু আন কিছুমানক আইন অনুসৰি বা চুক্তি বা সন্ধিৰ দ্বাৰা দাস কৰা হয় । দাসত্ব স্বাভাৱিক হয়নে বা ই প্ৰকৃতিৰ পৰিপন্থী আৰু কোনো লোক দাস হৈ থকাটো বেছি ভাল নেকি , এনেধৰণৰ প্ৰশ্ন, তেওঁ জনসাধাৰণৰ বাবে আগবঢ়াইছিল ।
তেওঁৰ প্ৰকৃতিগত দাসসকলৰ অৱস্থিতি আৰু বৈশিষ্ট্য সুন্দৰকৈ বৰ্ণনা কৰিছে । তাৰোপৰি এই দাসসকলে তেওঁলোকৰ গৰাকীৰ লগত সম্পৰ্ক আৰু সামাজিক সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰিছে । এৰিষ্টটলৰ মতে দাসসকলৰ প্ৰধান বৈশিষ্ট্য হল
ক) তেওঁলোক একো একোটা সম্পত্তিৰ অংশ ।
খ) কামৰ আহিলা
গ) আনৰ বাবে উছৰ্গিত ।
দাৰ্শনিক তথা পণ্ডিত এৰিষ্টটলৰ এই মন্তব্যক বৰ্তমানৰ পণ্ডিতসকলে যথেষ্ট সমালোচনা কৰা দেখা গৈছে । বহু পণ্ডিতে এৰিষ্টটলৰ মন্তব্যক সমৰ্থন কৰাৰ বিপৰীতে আন এচামে তেওঁৰ বিৰোধিতা কৰি তুমুল বিতৰ্কত লিপ্ত হৈছে । এৰিষ্টটলে দাসসকল গৰাকীৰ সম্পত্তি হিচাপে ব্যাখ্যা কৰাৰ লগতে দাসত্বৰ সপক্ষে যুক্তি আগবঢ়াইছিল । তেওঁৰ মতে দাসত্ব হল স্বাভাৱিক বা প্ৰকৃতিগত আৰু এই প্ৰথাৰ দ্বাৰা গৰাকী আৰু দাস দুয়োজনে লাভান্বিত হয় । তেওঁৰ মতে দাসসকলৰ কোনোধৰণৰ যুক্তিযুক্ততা বিচাৰ কৰিব পৰা শক্তি নাথাকে । তেওঁলোকে কেৱল গৰাকীৰ নিৰ্দেশ বুজি পায় আৰু সেইমতে কাম কৰে । এৰিষ্টটলে দাসত্বৰ সপক্ষে মাত মতাৰ প্ৰধান কাৰণ আছিল ।
১। তেওঁৰ মতে দাসত্ব হল স্বাভাৱিক পক্ৰিয়া । যিসকল লোক শ্ৰেষ্ঠ বা উচ্চমানৰ তেওঁলোকে তেওঁলোকে তলৰসকলক নিয়ন্ত্ৰণ কৰে । যিসকল লোকৰ বিচাৰপূৰ্বক সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে তেওঁলোকে নিম্নমানৰ বিচাৰ ক্ষমতা থকাসকলক শাসন কৰে ।
২। তেওঁৰ মতে দাস প্ৰথা প্ৰয়োজনীয় । কাৰণ, দাসসকলে কাম কৰাৰ ফলত মালিকসকলে চিন্তা-চৰ্চা আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ কথা চিন্তা কৰিবৰ বাবে আজৰি সময় পায় ।
৩। তেওঁৰ মতে গ্ৰীচৰ সমাজ ব্যৱস্থা আৰু অৰ্থনৈতিক অৱস্থাৰ বাবে দাস প্ৰথা সুবিধাজনক । দাস প্ৰথাৰ বাবেই গ্ৰীচৰ সমাজত বিশৃংখলাৰ স্থান নাই । দাস ব্যৱস্থাই মালিকপক্ষ আৰু দাস উভয়কে নিয়ম-শৃংখলাৰ মাজত বান্ধি ৰাখে ।
৩। প্ৰাচীন গ্ৰীচৰ বাণিজ্য।
উত্তৰঃ প্ৰাচীন গ্ৰীচৰ কৃষি অৰ্থনীতিৰ লগত ওচৰৰ অন্যান্য ৰাজ্যসমূহো জড়িত হৈ পৰিছিল । কাৰণ গ্ৰীচৰ ভূমিভাগৰ ভৌগোলিক অৱয়ৱ সীমিত হোৱাৰ লগতে সকলো কৃষিৰ বাবে বিশেষ উপযোগীদেখা নগৈছিল । গতিকে আন দেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰতো গ্ৰীচৰ কৃষি অৰ্থনীতি নিৰ্ভৰ কৰিবলগীয়া হৈছিল । প্ৰাচীন গ্ৰীচৰ শতকৰা আশীভাগ লোকেই কৃষিকাৰ্যৰ লগত জড়িত আছিল । বিভিন্ন শস্য আৰু শাক-পাচলিৰ লগতে আঙুৰ, জসফাই, আৰু বিভিন্নশস্যৰ লগত জড়িত হৈ পৰিছিল । ঘেঁহু প্ৰধানকৈ এছিয়া মাইনৰৰ পৰা আমদানি কৰা হৈছিল । বছৰৰ বিভিন্ন ঋতুৰ লগত সংগতি ৰাখি তেওঁলোকে বিভিন্ন খাদ্য শস্য কৰিছিল । গ্ৰীচৰ অধিক অঞ্চল অভিজাত লোকসকলত দখলত থকাৰ কাৰণেই মাটিৰ মালিক আৰু কৃষকসকলে মাজত বহু সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল । কৃষিৰ লগত জড়িত হৈ থকা পশুপালনৰো গ্ৰীচত গুৰুত্ব থকা দেখা গৈছিল । তেওঁলোকে প্ৰধানকৈ ভেড়া আৰু ছাগলী পালন কৰিছিল । মৌ-পালন আৰু মৌজোল প্ৰস্তুত কৰাৰ কথাও প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । হোমাৰৰ ওডিচি নামৰ গ্ৰন্থত উল্লেখ থকামতে গ্ৰীকসকলৰ প্ৰধান খাদ্য আছিল ঘেঁহু আৰু বাৰ্লি । গ্ৰীচৰ মাটি এই খেতিৰ বাবে বিশেষ উপযোগী নোহোৱাত অন্য অঞ্চলৰ পৰা আমদানি কৰিবলগীয়া হৈছিল । কিন্তু আঙুৰ আৰু জলফাই গ্ৰীচত প্ৰচুৰ পৰিমাণে কৰা হৈছিল । প্ৰাচীন গ্ৰীচৰ প্ৰধান কৃষিসমূহ আছিল
বন্ধাকবি, পিয়াজ, নহৰু, মটৰমাহ, বীন, পদিনাজাতীয় শাক, বিভিন্ন প্ৰজাতিৰ অৰ্কিড, আপেল, তেল প্ৰস্তুত কৰা শস্য, আঙুৰ, জলফাই ইত্যাদি ।
মিচিনীয় সভ্যতাৰ সময়ত গ্ৰীচত গৰু পালন কৰা হৈছিল যদিও পাছলৈ ভেৰা আৰু ছাগলীপালনতহে অধিক জনপ্ৰিয় হোৱা দেখা গৈছিল । কাৰণ, ইয়াৰপৰা গাখীৰ, মাংস, ঊণ, আদি সকলো প্ৰস্তুত হৈছিল । কুকুৰা পালন আৰু গাহৰি পালনো দেখা গৈছিল । কৃষি আৰু যাতায়তব্যৱস্থাত সহায় কৰিবৰ বাবে প্ৰাচীন গ্ৰীচত ষাঁড়, গাধ, আৰু উট পালনো কৰা হৈছিল । থেছাৰি আৰু আৰদালি অঞ্চলত ঘোঁৰা পালন কৰিছিল । প্ৰাচীন গ্ৰীচত বিভিন্ন উদ্ভিদ আছিল যদিও অত্যাধিক ব্যৱহাৰৰ ফলত বনাঞ্চলসমূহ ধ্বংস হৈ পৰা দেখা গৈছিল । ঘৰ সজাৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰীৰ বাবে কাঠসমূহ ব্যৱহাৰ কৰা হৈছিল ।
কৃষি অৰ্থনীতিৰ লগত মাটিৰ মালিকীস্বত্ব জড়িত হৈ আছে । খ্ৰীঃপূঃ পঞ্চম শতিকালৈকে গ্ৰীচৰ ভূমিসমূহ ধনী মালিকসকলৰ হাতত আছিল । খ্ৰীঃপূঃ অষ্টম শতিকামানৰ পৰা মাটিৰ মালিক আৰু কৃষকৰ মাজত বিভিন্ন কাৰণত বিবাদ লগা দেখা গৈছিল । সেই সময়ত গ্ৰীচত জনসংখ্যা বৃদ্ধিৰ লগতে মৃত্যুৰ হাৰ কমি আহিছিল ।
আনহাতে কৃষিভূমিসমূহ খেতিয়কসকলক কম পৰিমাণে ভাগ কৰি দিয়াৰ ফলত সাধাৰণ কৃষকৰ অৱস্থা হাহাকাৰ হৈ উঠিছিল । এথেন্সত ছলনৰ শাসনকালৰ সময়ৰ পৰা এই সমস্যাৰ কিছু শাম কাটিছিল । ছলনে বন্ধা -শ্ৰমিক ব্যৱস্থাৰ উপশম ঘটাইছিল । তাৰোপৰি কৃষকসকলৰ সুবিধা আৰু উন্নয়নৰ বাবে বহুতো ব্যৱস্থা লৈছিল । তেওঁ মাটিৰ মালিকৰ অধিক পৰিমাণৰ ভূমিভাগৰ কিছু পৰিমাণ কমাই ভূমিৰ সমবিতৰণৰ চেষ্টা চলাইছিল ।
ৰচনাধৰ্মী প্ৰশ্ন
১। প্ৰাচীন গ্ৰীচত দাস প্ৰথাৰ ওপৰত এখন ৰচনা লিখা ।
উত্তৰঃ গ্ৰীচত দাসসকলৰ ইতিহাস এক দীঘলীয়া ইতিহাস । কেতিয়াৰ পৰা কেনেকৈ এই দাসসকলৰ সৃষ্টি হল বা সমাজত দাস প্ৰথাৰ প্ৰচলন হল তাৰ সঠিক ইতিহাস এতিয়াও উদ্ধাৰ হোৱা নাই । অৱশ্যে নগৰসমূহৰ উত্থানৰ লগে লগে এই দাসসকল সমাজ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হবলৈ ধৰে । মিচিনীয় সভ্যতাৰ সময়ৰ পৰাই গ্ৰীচত দাসসকলৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা গৈছে । প্ৰাচীন গ্ৰীচৰ লগতে সমসাময়িক অন্যান্য সভ্যতাসমূহতো সমাজ ব্যৱস্থাত দাসসকল আছিল । প্ৰাচীন কালৰ বহুতো পণ্ডিতে দাস ব্যৱস্থাৰ সপক্ষে মাত মাতি গৈছে । গ্ৰীচৰ বিখ্যাত দাৰ্শনিক এৰিষ্টটলে দাস ব্যৱস্থাক স্বাভাৱিক আৰু প্ৰয়োজনীয় হিচাপে মন্তব্য কৰি থৈ গৈছে । অৱশ্যে খ্ৰীঃপূঃ চতুৰ্থ শতিকাত গ্ৰীচত ৰচিত কিছুমান কাৰ্যত সুখ-দুখৰ প্ৰতি নিৰ্বিকাৰ কষ্টসহিষ্ণু লোকসকলৰ প্ৰতি সহানুভূতি দেখুওৱা হৈছে । বিভিন্ন কাৰণত সমাজত দাসসকলৰ সৃষ্টি হোৱা দেখা যায় । উদাহৰণ হিচাপে
ক) বন্ধকী শ্ৰমিক ।
খ) দোষৰ শাস্তিস্বৰূপে হোৱা দাস ।
গ) যুদ্ধবন্দী ।
ঘ) অভিভাৱকে ত্যাগ কৰা শিশুসকল ।
ঙ) দাসৰ ঘৰত জন্ম লোৱা দাসৰ সন্তানসকল ইত্যাদি ।
খ্ৰীঃপূঃ অষ্টম আৰু খ্ৰীঃপূৰ্ব সপ্তম শতিকাত হোৱা মিচিনীয় যুদ্ধত স্পাৰ্টাৰ প্ৰায় বেছিসংখ্যক লোকেই দাসলৈ পৰিণত হোৱা বুলি বেছিভাগ পণ্ডিতে মতপোষণ কৰিছে । এই লোকসকলক হেলট হিচাপে জনা গৈছিল । বিখ্যাত ঐতিহাসিক হিৰোডটাছৰ মতে সমাজত হেলঢসকলৰ সংখ্যা অতন্ত্য বেছি আছিল । বৰ্তমানৰ বহু পণ্ডিতে এই হেলটসকলক মুক্ত লোক আৰু দাসসকলৰ মাজত আন এটা শ্ৰেণী বুলিহে অভিহিত কৰিছে । এসময়ত এই হেলটসকলৰ বিদ্ৰোহ দমন কৰিবৰ বাবে গ্ৰীচৰ বহু নগৰৰাষ্ট্ৰ সামৰিক ৰাষ্ট্ৰলৈ পৰিণত হবলগীয়া হৈছিল । প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ ত্ৰিছ শতাংশ লোক দাস আছিল । নগৰসমূহৰ উত্থানৰ পাছত দাসসকল সমাজ জীৱন আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ উঠিছিল । এথেন্সৰ প্ৰায়বোৰ নাগৰিকৰে কমেও এজনকৈ দাস আছিল বুলি প্ৰাপ্ত তথ্যসমূহে সাক্ষ্য বহন কৰিছে । খ্ৰীঃপূঃ ষষ্ঠ শতিকাৰ পৰা খ্ৰীঃ পূঃ পঞ্চম শতিকাৰ ভিতৰত এথেন্সত দাসৰ সংখ্যা সৰ্বাধিক আছিল । সেই সময়ত সমাজৰ ৮০,০০০ লোক দাস আছিল আৰু দুখীয়াসকলৰ সংখ্যা বাদ দি প্ৰায়বোৰ ঘৰতে প্ৰায়ে তিনিৰ পৰা চাৰিজনকৈ দাস থকা দেখা গৈছিল ।
প্ৰাচীন গ্ৰীচত দাসসকলে ৰাজনীতি বাদ কি অন্যান্য কিছুমান সুবিধা লাভ কৰিছিল ।
দাসসকলৰ প্ৰধান নিয়োগস্থলীসমূহ আছিল
ক) কৃষি ।
খ) শিলৰ কুৱেৰী আৰু বিভিন্ন খনিসমূহ ।
গ) গৃহভৃত্য ।
ঘ) বিভিন্ন শিল্পকৰ্ম আৰু ব্যৱসায়ত জড়িত ।
প্ৰাচীন গ্ৰীচত দাসসকলক প্ৰধানকৈ কৃষিকাৰ্যত লগোৱা হৈছিল । প্ৰাচীন গ্ৰীকসকলৰ লেখনিত সঘনাই দাসসকলৰ উল্লেখ পোৱা যায় । খেতিয়কসকলৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ খেতিয়ক সকলোৱে কৃষিকাৰ্যত দাসসকলক ব্যৱহাৰ কৰিছিল । বিভিন্ন খনিসমূহ আৰু শিলৰ কুৱেৰীসমূহতো দাসসকল অপৰিহাৰ্য আছিল । লুৰিয়ামৰ ৰূপৰ খনিত কেইবাহাজাৰ দাস থকাৰ কথা প্ৰাচীন সাহিত্যসমূহৰ পৰা জানিব পৰা গৈছে । সেই সময়ত প্ৰতিজন নাগৰিকে অতি কমেও তিনিজনকৈ দাস ক্ৰয় কৰিব পাৰিছিল । কাৰখানাসমূহতো সৰ্বাধিক দাস নিয়োগ কৰা হৈছিল । লিছিয়াচৰ শামুকৰ কাৰখানাত প্ৰায় এশ ত্ৰিছজন দাস থকাৰ কথা জানিব পৰা গৈছে । ব্যক্তিগত ঘৰত ব্যৱহাৰ কৰা দাসসকলে তেওঁৰ গৰাকী বা প্ৰভূৰ বিভিন্ন কামত সহায় কৰিব লাগিছিল । পুৰুষ দাসসকলে মালিকক ব্যৱসায়ত সহায় কৰাৰ লগতে প্ৰতিটো কামতে মালিকৰ লগত ঘুৰি ফুৰিবলগীয়া হৈছিল । মহিলা দাসসকলে ঘৰৰ অন্যান্য কাম-কাজ কৰাৰ লগতে বোৱা-কটা, খাদ্য প্ৰস্তুত কৰা আদি কামবোৰ কৰিব লাগিছিল ।
২। দাস প্ৰথাৰ ওপৰত এৰিষ্টট'ল আৰু প্লেটোৰ ব্যাখ্যা বৰ্ণনা কৰা।
উত্তৰঃ এৰিষ্টটলৰ মতে দাসসকলৰ প্ৰধান বৈশিষ্ট্য হল
ক) তেওঁলোক একো একোটা সম্পত্তিৰ অংশ ।
খ) কামৰ আহিলা ।
গ) আনৰ বাবে উছৰ্গা কৰা ।
দাৰ্শনিক তথা পণ্ডিত এৰিষ্টটলৰ এই মন্তব্যক বৰ্তমানৰ পণ্ডিতসকলে যথেষ্ট সমালোচনা কৰা দেখা গৈছে । বহু পণ্ডিতে এৰিষ্টটলৰ মন্তব্যক সমৰ্থন কৰাৰ বিপৰীতে আন এটামে তেওঁৰ বিৰোধিতা কৰি তুমুল বিতৰ্কত লিপ্ত হৈছে । এৰিষ্টটলে দাসসকল গৰাকীৰ সম্পত্তি হিচাপে ব্যাখ্যা কৰাৰ লগতে দাসত্বৰ সপক্ষে যুক্তি আগবঢ়াইছিল । তেওঁৰ মতে দাসত্ব হল স্বাভাৱিক বা প্ৰকৃতিগত আৰু এই প্ৰথাৰ দ্বাৰা গৰাকী আৰু দাস দুয়ো লাভান্বিত হয় । তেওঁৰ মতে কোণোধৰণৰ যুক্তিযুক্ততা বিচাৰ কৰিব পৰা শক্তি নাথাকে । তেওঁলোকে কেৱল গৰাকীৰ নিৰ্দেশ বুজি পায় আৰু সেইমতে কাম কৰে । এৰিষ্টটলে দাসত্বৰ সপক্ষে মাত মতাৰ প্ৰধান কাৰণ আছিল ।
ক) তেওঁৰ মতে দাসত্ব হল স্বাভাৱিক প্ৰক্কিয়া । যিসকল লোক শ্ৰেষ্ঠ বা উচ্চমানৰ তেওঁলোকে তলৰসকলক নিয়ন্ত্ৰণ কৰে । যিসকল লোকৰ বিচাৰপূৰ্বক সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে তেওঁলোকে নিম্নমানৰ বিচাৰ ক্ষমতা থকাসকলক শাসন কৰে । তেওঁ দাসসকলতকৈ প্ৰভূ বা গৰাকীসকল শাৰীৰিকভাৱে আৰু মানসিকভাৱে সবল বুলি মন্তব্য কৰিছে ।
খ) তেওঁৰ মতে দাস প্ৰথা প্ৰয়োজনীয় । কাৰণ, দাসসকলে কাম কৰাৰ ফলত মালিকসকলে চিন্তা-চৰ্চা আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ কথা চিন্তা কৰিবৰ বাবে আজৰি সময় পায় ।
গ) তেওঁৰ মতে গ্ৰীচৰ সমাজ ব্যৱস্থা আৰু অৰ্থনৈতিক অৱস্থাৰ বাবে দাস প্ৰথা অতি সুবিধাজনক । দাস প্ৰথাৰ বাবেই গ্ৰীচৰ সমাজত বিশৃংখলাৰ স্থান নাই । দাস ব্যৱস্থাই মালিকপক্ষ আৰু দাস উভয়কে নিয়ম-শৃংখলাৰ মাজত বান্ধি ৰাখে ।
এৰিষ্টটলে তলত দিয়াধৰণেৰে দাস প্ৰথাক সমৰ্থন জনাইছে ।
ক) যিসকল লোক মানসিকভাৱে দুৰ্বল বা দুৰ্বল বিচাৰ-বুদ্ধিৰ ।
খ) অত্যাচাৰী আৰু নিষ্ঠুৰ মালিকসকলক আইনগত শাস্তি প্ৰদান কৰা উচিত ।
গ) যিসকল দাসৰ বিচাৰপূৰ্বক সিদ্ধান্ত গ্ৰহণ ক্ষমতা আছে আৰু নেতৃত্ব দিব পৰা ক্ষমতা আছে তেওঁলোকক দাসত্বৰ পৰা অব্যাহতি দিব লাগে ।
ঘ) সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে দাসসকল প্ৰয়োজনীয় । কিন্তু তেওঁলোকক গৰাকীৰ সহকাৰী হিচাপে গণ্য কৰা উচিত । পদদলিত হিচাপে নহয় ।
দাসসকলক গৰাকীয়ে অপব্যৱহাৰ কৰাৰ কোনোধৰণৰ অধিকাৰ নাই ।
দাসসকলৰ ওপৰত এৰিষ্টটলে কৰা মন্তব্যক লৈ পণ্ডিতসকলে বিভিন্নধৰণেৰে তৰ্কত লিপ্ত হৈ পৰা দেখা গৈছে । তেওঁলোকৰ মতে এৰিষ্টটলে মানুহৰ ধাৰণ ক্ষমতাৰ ওপৰত ভিত্তি কৰি মালিক আৰু দাসৰ বিভাজন কৰিছে যদিও এনে বিভাজন নিৰ্ধাৰণৰ বাবে কোনোধৰণৰ নীতি-নিৰ্দেশনা দেখুৱাই দিয়া নাই । তেওঁ দাসসকলক লৈ নিৰ্বিকাৰ হোৱা দেখা গৈছে । বৰংদাসত্বৰ সপক্ষে যুক্তি দাঙি ধৰিছে । বহু পণ্িডিতে দাসত্বৰ সপক্ষে এৰিষ্টটলৰ যুক্তিক তেওঁৰ গোড়ামি আৰু পুৰণিকলীয়া বিচাৰ হিচাপেহে মন্তব্য দিছে । গ্ৰীচৰ এজন বিখ্যাত দাৰ্শনিকৰ নাম হল প্লেটো । প্লেটোৰ দৰ্শনতো দাসত্বই স্থান পাইছে । অৱশ্যে প্লেটোৱে প্ৰত্যক্ষভাৱে দাসত্বৰ বিষয়ে উল্লেখ কৰা নাই তথা দাসত্বৰ ওপৰত প্ৰত্যক্ষ মন্তব্যও আগবঢ়োৱা নাই । কিন্তু তেওঁৰ লিখনিসমূহত দাসসকলৰ বিষয়ে পৰোক্ষভাৱে উল্লেখ আছে । তেওঁৰ এজন সাধাৰণ নাগৰিক আৰু এজন দাসৰ বৰ্ণনা আছে । ইয়াত দুয়োজনেই বেমাৰৰ কাৰণেই ডাক্তৰৰ ওচৰলৈ আহিছিল যদিও দুয়োজনৰ প্ৰকাশভংগী, চিন্তা-চৰ্চা, সামাজিক চেতনা তথা দায়িত্ববোধ আদিৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায় । এই দুয়োটা চৰিত্ৰৰ বৰ্ণনা কৰি প্লেটোৱে উল্লেখ কৰিছে যে দাসজনৰ বিচাৰ যুক্তি আনজনতকৈ বহুত তলৰখাপৰ ।
৩। প্ৰাচীন গ্ৰীচৰ কৃষি অৰ্থনীতি, নগৰীকৰণ আৰু বাণিজ্যত দাসসকলৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ প্ৰাচীন গ্ৰীচৰ কৃষি অৰ্থনীতিৰ লগত ওচৰৰ অন্যান্য ৰাজ্যসমূহো জড়িত হৈ পৰিছিল । কাৰণ গ্ৰীচৰ ভূমিভাগৰ ভৌগোলিক অৱয়ৱ সীমিত হোৱাৰ লগতে সকলো কৃষিৰ বাবে বিশেষ উপযোগী দেখা নগৈছিল । গতিকে অন্য দেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ গ্ৰীচৰ কৃষি অৰ্থনীতি নিৰ্ভৰ কৰিবলগীয়া হৈছিল । প্ৰাচীন গ্ৰীচৰ শতকৰা আশীভাগ লোকেই কৃষিৰ লগত জড়িত হৈ আছিল । বিভিন্ন শস্য আৰু শাক-পাচলিৰ লগতে আঙুৰ, জলফাই, আৰু বিভিন্ন অৰ্কিডৰ খাদ্য শস্য প্ৰস্তুত কৰা হৈছিল ঘেঁহু প্ৰধানকৈ এছিয়া মাইনৰৰ পৰা আমদানি কৰা হৈছিল । বছৰৰ বিভিন্ন ঋতুৰ লগত সংগতি ৰাখি তেওঁলোকে বিভিন্ন খাদ্যশস্য প্ৰস্তুত কৰিছিল । গ্ৰীচৰ অধিকাংশ অঞ্চল অভিজাত লোকসকলৰ দখলত থকাৰ কাৰণেই মাটিৰ মালিক আৰু কৃষকসকলৰ মাজত বহু সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল । কৃষিৰ লগত জড়িত হৈ থকা পশুপালনৰো গ্ৰীচত গুৰুত্ব থকা দেখা গৈছিল । তেওঁলোকে প্ৰধানকৈ ভেড়া আৰু ছাগলী পালন কৰিছিল । মৌ-পালন আৰু মৌজোল প্ৰস্তুত কৰা কথাও প্ৰাপ্ত তথ্যসমূহৰ পৰা জানিব পৰা গৈছে । হোমাৰৰ ওডিচি নামৰ গ্ৰন্থখনত উল্লেখ থকামতে গ্ৰীকসকলৰ প্ৰধান খাদ্য আছিল ঘেঁহু আৰু বাৰ্লি । গ্ৰীচৰ মাটি এই খেতিৰ বাবে বিশেষ উপযোগী নোহোৱাত অন্য অঞ্চলৰ পৰা আমদানি কৰিবলগীয়া হৈছিল । কিন্তু আঙুৰ আৰু জলফাই গ্ৰীচত প্ৰচুৰ পৰিমাণে কৰা হৈছিল । প্ৰাচীন গ্ৰীচৰ প্ৰধান কৃষিসমূহ আছিল
বন্ধাকবি, পিয়াজ, নহৰু, মটৰমাহ, বীন পদিনাজাতীয় শাক, বিভিন্ন প্ৰজাতিৰ অৰ্কিড, আপেল, আঙুৰ, জলফাই ইত্যাদি ।
মিচিনীয় সভ্যতাৰ সময়ত গ্ৰীচত গৰু পালন কৰা হৈছিল যদিও পাচলৈ ভেৰা আৰু ছাগলী পালনহে অধিক জনপ্ৰিয় হোৱা দেখা গৈছিল । কাৰণ, ইয়াৰ পৰা গাখীৰ, মাংস, ঊণ, আদি সকলো বস্তু প্ৰস্তুত কৰা হৈছিল । কুকুৰা পালন আৰু গাহৰি পালনো দেখা গৈছিল । কৃষি আৰু যাতায়ত ব্যৱস্থাত সহায় কৰিবৰ বাবে প্ৰাচীন গ্ৰীচত ষাঁড়, গাধ, আৰু উট পালনো কৰা হৈছিল । থেছাৰি আৰু আৰদালি অঞ্চলত ঘোৰা পালন কৰিছিল । প্ৰাচীন গ্ৰীচত বিভিন্ন উদ্ভিদ আছিল যদিও অধিক ব্যৱহাৰ কৰাৰ ফলত বনাঞ্চলসমূহ ধ্বংস হৈ পৰা দেখা গৈছিল । ঘৰ সজাৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰীৰ বাবে কাঠসমূহ ব্যৱহাৰ কৰিছিল ।
কৃষি অৰ্থনীতিৰ লগত মাটিৰ মালিকীস্বত্ব জড়িত হৈ আছে । খ্ৰীঃপূঃ পঞ্চম শতিকালৈকে গ্ৰীচৰ ভূমিসমূহ ধনী মালিকসকলৰ হাতত আছিল । খ্ৰীঃপূঃ অষ্টম শতিকামানৰ পৰা মাটিৰ মালিক আৰু কৃষকৰ মাজত বিভিন্ন কাৰণত বিবাদ লগা দেখা গৈছিল । সেই সময়ত গ্ৰীচত জনসংখ্যা বৃদ্ধিৰ লগতে মৃত্যুৰ হাৰ কমি আহিছিল । আনহাতে কৃষিভূমিসমূহ খেতিয়কসকলক কম পৰিমাণে ভাগ কৰি দিয়াৰ ফলত সাধাৰণ কৃষকৰ অৱস্থা হাহাকাৰ হৈ উঠিছিল ।এথেন্সত ছলনৰ শাসনকালৰ সময়ৰ পৰা এই সমস্যাৰ কিছু শাম কাটিছিল ।
Author - Ali rani Kakati ( Ba in History Major)
Post ID : DABP004084