অধ্যায় 5

প্ৰাচীন গ্ৰীচৰ নগৰ ৰাষ্ট্ৰ/পলিচ ৰাষ্ট্ৰ

   (Polis in ancient Greece) 


MODEl QUESTION & ANSWER

অতি চমু প্ৰশ্নঃ

১। পলিচ মানে কি ?

উত্তৰঃ  পলিচ মানে হল নগৰ ৰাষ্ট্ৰ ।

২। বলকান অঞ্চলৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ বলকান অঞ্চলৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম হল ইপিৰাছ । 

৩। মধ্য গ্ৰীচৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ মধ্য গ্ৰীচৰ এখন প্ৰাচীন নগৰৰাষ্ট্ৰৰ নাম হল আকাৰনেনিয়া । 

৪। গ্ৰীচৰ এটা প্ৰাচীন জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ  গ্ৰীচৰ এটা প্ৰাচীন জনগোষ্ঠীৰ নাম হল ইজিয়ান । 

৫। এথেন্সৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰঃ  এথেন্সৰ প্ৰথম ৰজা আছিল ছক্ৰপছ । 

৬। এথেন্সৰ শেষৰজন ৰজা কোন আছিল ?

উত্তৰঃ  এথেন্সৰ শেষৰজন ৰজা হল ক'ড্ৰাছ । 

৭। এথেন্সৰ প্ৰথমজন আৰ্কন কোন আছিল ?

উত্তৰঃ  এথেন্সৰ প্ৰথমজন আৰ্কন আছিল একাষ্টাছ । 

৮। ইক্লেছিয়া কি ?

উত্তৰঃ  ইক্লেছিয়া হল সাধাৰণ নাগৰিকৰ সভা ।

৯। লেক'নিয়ানসকল কোন আছিল ?

উত্তৰঃ  ডৰিয় নামৰ ইণ্ডো-ইউৰোপীয় গোষ্ঠীৰ কিছুমান মানুহে লেক'নিয়া নামৰ ঠাইখন জয় কৰি স্পাৰ্টা নগৰখন প্ৰতিষ্ঠা কৰিছিল । লেক'নিয়া অঞ্চলটো জয় কৰাৰ কাৰণেই তেোঁলোকক লেক'নিয়ান বা লেকিডেমোনিয়ন হিচাপে জনা  যায় । 

১০। হেল'টসকল কোন আছিল ?

উত্তৰঃ  ডৰিয় লোকসকলে মিচিনীয় অঞ্চল জয় কৰি স্পাৰ্টাৰ লগত চামিল হয়। এই যুদ্ধত পৰাজিত হোৱা মিচিনিয়াৰ লোকসকলক স্পাৰ্টাৰ লোকসকলৰ দাসত পৰিণত হয়। এই দাসসকলক হেল'ট হিচাপে জনা যায়।

চমু প্ৰশ্নঃ

১। আৰ্কনসকলৰ দুটা দায়িত্ব উল্লেখ কৰা ।

উত্তৰঃ   আৰ্কনসকলৰ দুটা দায়িত্ব হল 

ক) দেৱানী বিচাৰৰ মুখ্য বিচাৰক ।

খ) উৎসৱসমূহৰ দায়িত্ব । 

২। এৰিয়গেৰাছ পৰিষদ কি আৰু ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ এৰিয়গেৰাছ পৰিষদ হ'ল জ্যেষ্ঠ নাগৰিকৰ সভা য'ত গুৰুতৰ অপৰাধসমূহৰ বিচাৰৰ লগতে ৰাষ্ট্ৰৰ অইন সম্পৰ্কীয় বিষয়সমূহ আলোচনা হৈছিল। এৰেছ নামৰ এক পাহাৰত এই পৰিষদ অনুষ্ঠিত হৈছিল।

৩। ছ'ল'নে ভাগ কৰা সমাজৰ দুটা ভাগ উল্লেখ কৰা।

উত্তৰঃ  ছ' ল' নে ভাগ কৰা সমাজৰ দুটা ভাগ হল 

ক) যুগিটি ।

খ) থেটিছ । 

৪। ছ'ল'নৰ পাচৰ এথেন্সৰ দুজন শাসকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ছ'ল'নৰ  পাচৰ এথেন্সৰ দুজন শাসকৰ নাম হল 

ক) থেমিষ্ট' ক্লিছ ।

খ) পেৰিক্লিড । 

৫। ছক্ৰেটিছৰ দুজন শিষ্যৰ নাম লিখা । 

উত্তৰঃ  ছক্ৰেটিছৰ দুজন শিষ্যৰ নাম হল 

ক) প্লেটো ।

খ) এৰিষ্টটল । 

চমুটোকাঃ

১। ছফিষ্ট দৰ্শন ।

উত্তৰঃ  গ্ৰীক সভ্যতাৰ সময়তে গ্ৰীচত এক উচ্চমানৰ দৰ্শনৰ বিকাশ ঘটিছিল । খ্ৰীঃপূঃ পঞ্চম শতিকামানৰ পৰা গ্ৰীচত এই বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল । এই চিন্তাধাৰাৰ মূল কেন্দ্ৰ আছিল এথেন্স । এথেন্সত গণতন্ত্ৰৰ বিকাশ আৰু নাগৰিকত্বৰ ধাৰণাৰ বিকাশৰ ফলতে মানুহৰ বৌদ্ধিক দিশত বহুতো নতুন জ্ঞানৰ সঞ্চাৰ হৈছিল । এই বৌদ্ধিক বিকাশৰ ফযলত এচাম লোকে পূৰ্বৰে পৰা চলি অহা কথাবিলাকৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত অধ্যয়ন অধ্যয়ন আৰম্ভ কৰে । পূৰ্বৰ ৰীতি-নীতিসমূহৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই এইসমূহৰ প্ৰয়োজনীয়তা বা অপ্ৰয়োজনীয়তা বিচাৰ কৰাৰ বাবে এচাম লোক আগবাঢ়ি আহে । মানুহৰ মানসিক জগতখনলৈ পূৰ্ণতা আনিবৰ বাবে মানুহক উচ্চশিক্ষা দিবলৈ এই লোকসকল আগবাঢ়ি আহিছিল । এনে লোকসকলক ছফিষ্ট হিচাপে জনা গৈছিল । জ্ঞানী বা কোনো বিষয়ত কাৰণ থকা লোকক বুজাবলৈ এই ছফিষ্ট শব্দটি ব্যৱহাৰ কৰা হৈছিল । তেওঁলোকে লগ হৈ এখন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষা ব্যৱস্থা তৈয়াৰ কৰিছিল যদিও তেওণলোকৰ শিক্ষাদানৰ নিৰ্দিষ্ট স্থান বা কেন্দ্ৰ নাছিল । তেঁওলোক আছিল ভ্ৰাম্যমাণ শিক্ষক আৰু কোনো ৰাজহুৱা স্থানত পইচাৰ বিনিময়ত তেওঁলোকে ডেকাচামক শিক্ষা দিছিল । এই ছফিষ্ট গোষ্ঠীৰ প্ৰতিষ্ঠাতা আছিল থ্ৰেছৰ এডবেৰাত জন্মগ্ৰহণ কৰা কৰা প্ৰটাগোৰাছ । তেওঁ সমগ্ৰ গ্ৰীচ দেশ ভ্ৰমণ কৰি শিক্ষাদান কৰিছিল যদিও বেছিভাগ সময় এথেন্সতে কটাইছিল । তেওঁ আছিল ইউৰোপত ব্যাকৰণৰ ভেটি প্ৰতিষ্ঠাতা । প্ৰটাৰাছে বহু গ্ৰন্থ লিখি উলিয়াইছিল  যদিও উল্লেখযোগ্য তথা বিতৰ্কৰ সৃষ্টি কৰা গ্ৰন্থখন আছিল নিৰীশ্বৰবাদ সম্পৰ্কে । এই গ্ৰন্থত তেওঁ দেৱতাৰ অস্তিত্ব সম্পৰ্কে প্ৰশ্ন তোলাৰ লগতে ধৰ্মীয় দেৱতাসকল জ্ঞানৰ লগত জড়িত নহয় বুলি ব্যাখ্যা আগবঢ়াইছিল । কিন্তু ধৰ্ম আৰু দেৱতাৰ ওপৰত বিশ্বাস ৰখা এথেন্সবাসী আৰু অন্যান্য গ্ৰীচবাসীসকলে তেওঁৰ এই কাৰ্য ৰাষ্ট্ৰৰ পৰিপন্থী হিচাপে গণ্য কৰি প্ৰটাগোৰাছৰ এই গ্ৰন্থখন পুৰি পেলাইছিল । জনৰোষত পৰি জীৱনলৈ শংকা অহাত তেওঁ চিচিনলৈ পলায়ন কৰোতে খ্ৰীঃপূঃ ৪১০ত পানীত ডুবি মৃত্যুমুখত পৰে । ছফিষ্ট দৰ্শনৰ মূল তত্ত্ব আছিল মানুহেই হৈছে সকলো বস্তুৰ মানদণ্ড । আন কেইজনমান উল্লেখযোগ্য ছফযিষ্ট দাৰ্শনিক আছিল লিয়োনটিনি, গৰ্গিয়াছ, ইলিছ, হিপিয়াছ, কেয়ছ, প্ৰডিকাছ, ইত্যাদি । এই ছফিষ্টসকলে বিভিন্ন বিষয়ৰ শিক্ষাদানৰ ৱগতে সামাজিক, ৰাজনৈতিক আদি সমস্যাৱলীৰ বিষয়েও আলোচনা কৰিছিল । সত্যানুসন্ধান কৰাটোৱেই আছিল তেওঁলোকৰ মূল লক্ষ্য । 

২। ছক্ৰেটিছৰ দৰ্শন।

উত্তৰঃ গ্ৰীক দৰ্শনক এক উচ্চস্তৰত উপনীত কৰোৱাত প্ৰধান ভূমিকা লৈছিল ছক্ৰেটিছ আৰু তেওঁৰ দুজন শিষ্য প্লেটো আৰু এৰিষ্টটলে । গ্ৰীচৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক ছক্ৰেটিছৰ দৰ্শনৰ মূল বিষয়বস্তু  আছিল মানুহ । তেওঁ কোনো দৰ্শন প্ৰতিষ্ঠা কৰা নাছিল যদিও তেওঁ আছিল প্ৰকৃততে এজন নীতিবিদ । জ্ঞান অৰ্জন আৰু সত্য উদঘাটনেই আছিল তেওঁৰ জীৱনৰ প্ৰকৃত লক্ষ্য । তেওঁ কোনোধৰণৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা নাছিল ।  ছফিষ্টসকলৰ দৰে ধনৰ বিনিময়ত তেওঁ শিক্ষাদানো কৰা নাছিল । অৱশ্যে ছফিষ্টসকলৰ দৰেই তেওঁ জ্ঞানৰ জৰিয়তে সত্যত উপনীত হবলৈ যুক্তিতৰ্কৰ অৱতাৰণা কৰিছিল । তেওঁ জনসমাগমৰ স্থানসমূহ, হাট-বজাৰ, ৰাস্তা-ঘাট, আদি সকলোকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আগবঢ়াবৰ বাবে অনুপ্ৰাণিত কৰিছিল । তেওঁ শিক্ষা দিয়াৰ পৰিৱৰ্তে বিভিন্ন বিষয়সমূহ জনসাধাৰণৰ মাজলৈ আলোচনাৰ বাবে এৰি দিছিল । সকলোৰে লগত কৰা আলোচনাৰ অন্তত তেওঁ এটা সিদ্ধান্তত উপনীত হব বিচাৰিছিল । ছক্ৰেটিছৰ মতে এজন লোক বৃদ্ধ হলেই শ্ৰদ্ধাৰ পাত্ৰ হব নোৱাৰে । শ্ৰদ্ধাৰ পাত্ৰ হবলৈ হলে লোক এজন জ্ঞানীও হব লাগিব । তেওঁৰ মতে অজ্ঞ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ পৰা আনুগত্য দাবী কৰিব নোৱাৰে । মানৱ জীৱনক সু-শৃংখলিত কৰিবৰ বাবে ভৌতিক জ্ঞানৰ প্ৰয়োজন । তেওঁ প্ৰতিটো বস্তুৰ সংজ্ঞা নিৰ্ধাৰণ কৰি সত্য উদঘাটনৰ বাবে চেষ্টা চলোৱাত গুৰুত্ব দিছিল । তেওঁৰ মতে সুখ-শান্তি পাবৰ বাবে মানুহে ভাল কাম কৰিব লাগে । ভাগ্য পৰীক্ষাৰ জৰিয়তে এথেন্সৰ শাসন ব্যৱস্থাত বিচাৰকসকলৰ মনোনীত কৰা কাৰ্য এথেন্সৰ বাবে বিপদজনক বুলি তেওঁ মন্তব্য কৰিছিল । ছক্ৰেটিছৰ নীতি-বচনসমূহে সমাজৰ ৰক্ষণশীল মানুহসকলক আঘাত কৰিছিল । কাৰণ তেওঁৰ নীতিসমূহ আছিল সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰচলিত ধ্যান-ধাৰণাৰ সম্পূৰ্ণ বিপৰীত । ছক্ৰেটিছৰ এজন সংগী এলকিবিয়াডিছ ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থত অধিক আগ্ৰহী আছিল আৰু তেওঁ এথেন্সৰ বিৰুদ্ধাচৰণ কৰিছিল । তেওঁৰ অন্য এজন সংগী ক্ৰিটিয়াছে গণতন্ত্ৰৰ বিৰুদ্ধে গ্ৰন্থ ৰচনা কৰাৰ উপৰি থেছালিলৈ গৈ বিদ্ৰোহ কৰিছিল । পেলপনেছাছ যুদ্ধত এথেন্সৰ পৰাজয়ৰ পাছতো তাত ত্ৰিশজন শাসকৰ যি স্বৈৰাচ্ছাৰী শাসন প্ৰৱৰ্তন হৈছিল তাৰ এক অন্যতম শাসক আছিল ক্ৰিছিয়াছ । ছক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটোৱে এথেন্সতকৈ অন্য ৰাষ্ট্ৰতহে গৈ অধিক সেৱা আগবঢ়াইছিল । ছক্ৰেটিছৰ এনে সহযোগী আৰু শিষ্য সকলৰ কাৰ্যৰ বাবে বহুলোকে ছক্ৰেটিছৰ শিকনিসমূহক জগৰীয়া কৰিছিল । ছক্ৰেটিছৰ শিক্ষাসমূহে এথেন্সৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আৰু ভৱিষ্যতে বিপদত পেলাব পাৰে বুলি অৱশেষত ছক্ৰেটিছৰ ওপৰত বিচাৰ আৰম্ভ হৈছিল । এই বিচাৰৰ গোচৰত ৰাজনৈতিক ক্ষেত্ৰতকৈ ধৰ্মৰ দিশটোত অধিক গুৰুত্ব দিয়া হৈছিল । তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কোৱা হৈছিল যে ছক্ৰেটিছে এথেন্সৰ পূৰ্বৰে পৰা প্ৰচলিত দেৱ-দেৱীসকলক স্বীকাৰ নকৰি নিজেই দেৱতাৰ সৃষ্টি কৰিছে আৰু এথেন্সৰ নৱপ্ৰজন্মক বিপথে পৰিচালনা কৰিছে । বিচাৰৰ শেষত খ্ৰীঃপূঃ ৩৯৯ ত ছক্ৰেটিছক বিষপান কৰোৱাই মুৃত্যুদণ্ড দিয়া হৈছিল । 

৩। নাগৰিকত্বৰ ধাৰণা। 

উত্তৰঃ ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বুজাবৰ বাবে নাগৰিকত্ব শব্দটোৰ ব্যৱহাৰ কৰা হয় । নাগৰিকত্বৰ দ্বাৰা এজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ পৰা সুৰক্ষা পোৱাৰ লগতে তেওঁৰো ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব-কৰ্তব্য আদি পালন কৰা হয় । নাগৰিকত্বৰ দ্বাৰা এজন স্বাধীন মানুহৰ ৰাজনৈতিক ক্ষমতা নিৰ্ধাৰণ কৰা হয় । নাগৰিক এজনৰ প্ৰধান দায়িত্ব হল ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য । তাৰ লগতে ৰাষ্ট্ৰক দিব পৰা কৰ সময়মতে পৰিশোধ কৰা আৰু সামৰিক বাহিনীত সেৱা আগবঢ়োৱা প্ৰাচীন কালত নাগৰিক এজনৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰা হৈছিল । 

প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত প্ৰথমে নাগৰিকত্ব ধাৰণাৰ আৰম্ভণি হৈছিল । সেই সময়ৰ গ্ৰীক নগৰৰাষ্ট্ৰসমূহত সম্পত্তিবান পুৰুষসকলক নাগৰিক হিচাপে গণ্য কৰা হৈছিল । আনহাতে মহিলা, দাস আৰু সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলক নাগৰিক হিচাপে গণ্য কৰা হোৱা নাছিল । গ্ৰীক নগৰৰাষ্ট্ৰ বা পলিচসমূহৰ নাগৰিকসকলে ভোট দিব পৰা অধিকাৰ পাইছিল । কৰ আদায় দিয়া আৰু সামৰিক সেৱা আছিল তেওঁলোকৰ প্ৰধান দায়িত্ব ।  প্ৰাচীন গ্ৰীচত নাগৰিকত্বৰ ধাৰণা কেনেকৈ গঢ় লৈ উঠিছিল তাৰ ওপৰত ইতিহাসবিদসকলে ব্যাখ্যা আগবঢ়াইছে । প্ৰকৃতঅৰ্থত কবলৈ গলে প্ৰাচীন কালত গ্ৰীচ নামেৰে কোনো নিৰ্দিষ্ট  দেশ বা ৰাজ্য থকা দেখা নগৈছিল । তাৰ পৰিৱৰ্তে বহুতো সৰু সৰু নগৰ অঞ্চল গঢ়ি উঠিছিল । ব্যৱসায়িক কাৰণ আৰু প্ৰতিৰক্ষাৰ বাবে লাহে-লাহে নগৰসমূহত জনসংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছিল । ভূমধ্য সাগৰ অঞ্চলত এই নগৰসমূহৰ ব্যৱসায়িক সম্প্ৰসাৰণ ঘটাৰ লগে লগে এই নগৰসমূহৰ অৰ্থনৈতিক বিকাশ হৈছিল । এই নগৰসমূহৰ পৰিচালনাৰ বাবে ক্ৰমে ৰাজনৈতিক দিশতো বিকাশ হৈছিল আৰু এই সৰু সৰু নগৰসমূহ একো একোটা নগৰৰাষ্ট্ৰলৈ পৰিৱৰ্তিত হৈ পৰিছিল । এই নগৰৰাষ্ট্ৰসমূহক প্ৰাচীন গ্ৰীচৰ লোকসকলে পলিচ হিচাপে অভিহিত কৰিছিল । এই পলিচসমূহ তেওঁলোকৰ প্ৰধান ঠিকনা হৈ  উঠিছিল । এজন লোক যিখন পলিচৰ বাসিন্দা তেওঁক সেইখন পলিচৰ নামেৰে জনা গৈছিল । উদাহৰণস্বৰূপে এথেন্সৰ বাসিন্দাজন এথেনিয়ান হিচাপে, স্পাৰ্টাৰ বাসিন্দাজন স্পাৰ্টান হিচাপে পৰিগণিত বা পৰিচিত হৈ উঠিছিল । প্ৰতিখন নগৰৰাষ্ট্ৰৰ লোকক অন্য নগৰৰাষ্ট্ৰৰ অধিকাৰীসকলৰ পৰা পৃথক কৰি এক নিজস্ব পৰিচয় দিবৰ বাবে প্ৰতিখন নগৰৰাষ্ট্ৰই নিজ নগৰৰ বাসিন্দাক এক নিৰ্দিষ্ট চিনাকি দিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পৰাই নাগৰিকৰ ধাৰণা সৃষ্টি হৈছিল বুলি বেছিভাগ পণ্ডিবতে মতপোষণ কৰিছে । 


৪। প্ৰাচীন গ্ৰীচৰ ধৰ্ম।

উত্তৰঃ  প্ৰাচীন গ্ৰীচৰ সমাজ আৰু সাংস্কৃতিক জীৱনত ধৰ্মই এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে । অন্যান্য প্ৰাচীন সভ্যতাসমূহৰ দৰে গ্ৰীচতো বিভিন্ন দেৱ-দেৱীক পূজা উপাসনা কৰা হৈছিল । গ্ৰীচত বহুতো সৰু সৰু নগৰৰাষ্ট্ৰ থকাৰ লগতে সেই নগৰৰাষ্ট্ৰসমূহত পৃথক ৰাজনৈতিক ব্যৱস্থা আছিল । কিন্তু ধৰ্মীয় দিশত এই সকলোবোৰ অঞ্চলৰ মাজত সাদৃশ্য দেখা গৈছিল । দেৱ-দেৱীসকলক মানৱীয় গুণ প্ৰদান, বিভিন্ন বলি-বিধান, দৈৱবাণীৰ ব্যৱস্থামতে কাৰ্য সম্পাদন আদি সকলোতে এই সাদৃশ্যসমূহ দেখা গৈছিল । প্ৰাচীন গ্ৰীচৰ দেৱতাসকল আছিল । 

জিউছ - স্বৰ্গৰ দেৱতা আৰু অলিম্পাছৰ ৰজা ।

হেৰাঃ বিবাহৰ দেৱী আৰু অলিম্পাছৰ ৰাণী ।

প'ছ'ইডনঃ সাগৰৰ দেৱতা ।

হাডেছঃ মৃত্যুৰ দেৱতা ।

এফ্ৰডাইটঃ প্ৰেম আৰু সৌন্দৰ্যৰ দেৱী ।

এপল'ঃ সংগীত আৰু ৰোগ নিৰাময়ৰ দেৱতা ।

এৰেছঃ যুদ্ধৰ দেৱতা ।

আৰ্চিমিছ ঃ চিকাৰ আৰু সন্তান প্ৰসৱৰ সময়ত নাৰীৰ ত্ৰাণকৰ্তা দেৱতা ।

এথেনা ঃ জ্ঞানৰ দেৱী ।

হেফাইচটাছ ঃ অগ্নিদেৱতা ।

হেচটিয়া ঃ জুহালৰ দেৱতা ।

হাৰমেছ ঃ ইশ্বৰৰ দূত ।

ডেমেটাৰ ঃ শস্যৰ দেৱী । 

দেৱ-দেৱীসকলৰ পূজা -উপাসনাৰ বাবে বিভিন্ন মঠ-মন্দিৰ স্থাপন কৰা হৈছিল । গ্ৰীচৰ বিখ্যাত মন্দিৰ আছিল ডেলফিত অৱস্থিত এপল' মন্দিৰ । এই মন্দিৰসমূহত বিভিন্ন দেৱ-দেৱীক স্থাপন কৰা হৈছিল । আন এক উল্লেখযোগ্য মন্দিৰ হল এক্ৰপলিছত অৱস্থিত পাৰ্থেনেন মন্দিৰ । আয়তাকাৰ এই মন্দিৰটো পাথৰেৰে নিৰ্মাণ কৰা হৈছিল । প্ৰাচীন গ্ৰীচৰ মন্দিৰসমূহ কেৱল ধৰ্মীয় উপাসনাথলীয়েই নাছিল । এইসমূহ এবিধ কলা-সংস্কৃতি আৰু স্থাপত্য-ভাস্কৰ্যৰ প্ৰধান উদাহৰণ আছিল । প্ৰাচীন গ্ৰীচৰ কেইটামান উল্লেখযোগ্য মন্দিৰ আছিল নক্সাছত অৱস্থিত খ্ৰীঃপূঃ ষষ্ঠ শতিকাৰ এপল' মন্দিৰ, কৰিষ্ঠৰ এপল', খ্ৰীঃপূঃ ৫৫০-খ্ৰীঃপূঃ ৫৩০ খ্ৰীঃপূঃৰ ভিতৰত নিৰ্মিত, খ্ৰীঃপূঃ পঞ্চম শতিকাত নিৰ্মিত ছেলিনাছৰ হেৰাৰ মন্দিৰ, খ্ৰীঃ দ্বিতীয় শতিকাত নিৰ্মিত এথেন্সৰ অলিম্পিয়ান জিউচ মন্দিৰ, খ্ৰীঃপূঃ পঞ্চম শতিকাত নিৰ্মিত এগ্ৰিজেনটৰ কনকৰডিয়া মন্দিৰ, খ্ৰীঃপূঃ পঞ্চম শতিকাত নিৰ্মিত চৌনিয়নৰ পছেইডন মন্দিৰ, খ্ৰীঃপূঃ পঞ্চম শতিকাত নিৰ্মিত ছেগেষ্টাৰ ডৰিক মন্দিৰ ইত্যাদি । 

প্ৰাচীন গ্ৰীচত মন্দিৰসমূহ পৰিচালনৰ বাবে এম্ফিকটিয়ানিক ধৰ্ম পৰিষদ নামৰ এক পৰিষদ গঠন কৰা হৈছিল । বিভিন্ন অঞ্চলৰ পৰা অহা বাৰজন প্ৰতিনিধিয়ে এই পৰিষদখন পৰিচালনা কৰিছিল । বছৰত দুবাৰ ইয়াৰ অধিৱেশন পতা হৈছিল । গ্ৰীচৰ ধৰ্মৰ আন এটা বৈশিষ্ট্য আছিল দৈৱবাণীত বিশ্বায় । যিকোনো অভিযানৰ আগতে দৈৱবাণী গ্ৰহণ কৰাটো বাধ্যতামূলক আছিল । 



ৰচনাধৰ্মী প্ৰশ্নঃ

১। এথেন্সত গণতন্ত্ৰৰ বিকাশৰ ওপৰত এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ মধ্য গ্ৰীচৰ দক্ষিণ-পূব অংশত অৱস্থিত এটিকা প্ৰদেশক কেন্দ্ৰ কৰি এথেন্স নামৰ নগৰৰাষ্ট্ৰখনৰ উত্থান হয় । এটিকা প্ৰদেশৰ ৰাজধানী আছিল এথেন্স । এক্ৰ'পলিছ নামৰ এখন পাহাৰক কেন্দ্ৰ কৰি এই নগৰৰাষ্ট্ৰখন গঢ়ি উঠিছিল । প্ৰথম অৱস্থাত এথেন্সত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল । এথেন্সৰ প্ৰথমজন ৰজা আছিল ছেক্ৰপছ । চেক্ৰপছৰ উত্তৰাধিকাৰীসকলে বহু বছৰ ধৰি এথেন্স শাসন কৰিছিল । এথেন্সৰ এজন পৰাক্ৰমী ৰজা থেছিয়াচৰ ৰাজত্বকালত এথেন্সৰ সম্প্ৰসাৰণ ঘটে । পাছত পেল'পনেছাছৰ ডৰিয়সকলে এথেন্স আক্ৰমণ কৰি পৰাজিত কৰাৰ ফলত এথেন্সত ৰাজতন্ত্ৰৰ অৱসান ঘটে । এথেনীয় ৰাজতন্ত্ৰৰ শেষৰজন ৰজাৰ নাম আছিল ক'ড্ৰাছ । 

ডৰিয়সকলৰ আক্ৰমণত এথেন্সৰ ৰজা ক'ড্ৰাছৰ মৃত্যুৰ লগে-লগে এথেন্সত ৰাজতন্ত্ৰৰ অন্ত পৰিছিল । তাৰ পৰিৱৰ্তে অভিজাতসকলে এক গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠাৰ দিশত আগবঢ়া পৰিলক্ষিত হয় । তেওঁলোকে এথেন্সত ৰাজতন্ত্ৰ সম্পূৰ্ণৰূপে উচ্ছেদ নকৰি ৰজাক অভিজাতসকলৰ নিয়ন্ত্ৰণলৈ আনে । আনুমাণিক খ্ৰীঃপূঃ সপ্তম শতিকামানৰ পৰা এথেন্সৰ শাসনত গণতান্ত্ৰিক উপাদান দেখিবলৈ পোৱা যায় । কাৰণ, এই সময়ৰ শাসন ব্যৱস্থাৰ লগত জড়িত তিনিজন প্ৰধান বিষয়া আছিল 

ক) বেছিলাছ ।

খ) আৰ্কন ।

গ) প'লমাৰ্ক ।

এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰজাৰ পদবী বিলুপ্ত নকৰি ৰাজ পৰিয়ালৰ লোকৰ হাতত সেই পদবী ৰখা হৈছিল । তেতিয়াৰ পৰা ৰজা বেৰিলাছ হিচাপে পৰিগণিত বা পৰিচিত হৈছিল । ৰজাৰ ক্ষমতাক সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনা হৈছিল । ৰজাৰ প্ৰধান দায়িত্ব আছিল ৰাষ্ট্ৰৰ ধৰ্ম পৰিচালনা কৰা আৰু ধৰ্মবিষয়ক বিচাৰসমূহ সমাধান কৰা । ৰজাৰ ৰাজপ্ৰসাদ এগৰাত অৱস্থিত আছিল । তাৰ পৰাই তেওঁ নিজৰ কৰ্তব্যসমূহ পালন কৰিছিল । এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ অন্য এক পদক্ষেপ হিচাপে শাসনকাৰ্যত সহায় কৰিবৰ বাবে আৰ্কন বা ৰাজ-প্ৰতিনিধি নামৰ এক নতুন পদবীৰ সৃষ্টি কৰা হয় । এই আৰ্কনজনৰ ক্ষমতা প্ৰায় ৰজাৰ সমানেই আছিল । এথেন্সৰ প্ৰথমজন আৰ্কন আছিল একাষ্টাছ । তেওঁ এথেন্সৰ মেড'নটিড নামৰ এক বিখ্যাত পৰিয়ালৰ লোক আছিল । কেৱল মেড'নটিড পৰিয়ালৰ লোককহে এই পদবীত নিযুক্তি দিয়া আছিল । প্ৰথম অৱস্থাত আৰ্কনৰ প্ৰধান দায়িত্ব আছিল দেৱানী বিচাৰৰ মুখ্য বিচাৰক । পাচলৈ তেওঁক উৎসৱসমূহৰ দায়িত্বও দিয়া হয় । প্ৰথম অৱস্থাত আৰ্কনজনক গোটেই জীৱনৰ বাবে নিযুক্তি দিয়া হৈছিল । আনুমানিক খ্ৰীঃপূঃ অষ্টম শতিকামানৰ পৰা আৰ্কনৰ কাৰ্যকাল দহ বছৰ স্থিত কৰা হয় । 

এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ এক উল্লেখযোগ্য পদক্ষেপ আছিল প'লমাৰ্ক নামৰ এজন বিষয়াক নিযুক্তি । অভিজাতসকলৰ মাজৰ পৰা এই বিষয়াজনক নিযুক্তি দিয়া হৈছিল আৰু তেওঁ আছিল ৰাষ্ট্ৰৰ সৰ্বাধিনায়ক । পলমাৰ্কে সৈন্যবাহিনীৰ দায়িত্বৰ লগতে অসামৰিক আৰু বিদেশী লোকসকলৰ বিচাৰকাৰ্য সম্পাদন কৰিছিল । প্ৰাৰম্ভিক পৰ্যায়ত এথেনীয় গণতন্ত্ৰৰ আন এক অংগ আছিল এৰিয়'পেগাছ পৰিষদ । এৰেছ নামৰ এক পাহাৰত অনুষ্ঠিত হোৱা সভাক এই নামেৰে জনা গৈছিল । এই পাহাৰটো এথেন্সবাসীয়ে দেৱতাৰ পাহাৰ হিচাপে গণ্য কৰিছিল । এই সভাত হত্যাকাৰীসকলৰ বিচাৰ কৰা হৈছিল । পাছত অভিজাতসকলৰ নেতৃত্বত এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ যি প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছিল তাত এই সভাই মন্ত্ৰণা পৰিষদ সভাৰ দৰে কাম কৰিছিল । এই সভাক বহুতে জেষ্ঠ নাগৰিকৰ সভা হিচাপে অভিহিত কৰিছে । এই পৰিষদৰ সভাপতি আছিল বেছিলাছ বা এথেন্সৰ ৰজা । গুৰুতৰ অপৰাধসমূহৰ বিচাৰৰ লগতে ৰাষ্ট্ৰৰ আইন সম্পৰ্কীয় বিষয়সমূহৰ এই সভাত আলোচনা হৈছিল । 

এথেন্সত গণতন্ত্ৰ প্ৰতিষ্ঠাত সহায় কৰা অন্য এক উপাদান হল ইক্লেছিয়া বা সাধাৰণ নাগৰিকৰ সভা । দেশৰ সৰ্বসাধাৰণ লোকক লৈ গঠিত এই সভাই শাসনত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব নোৱাৰিলেও পৰোক্ষভাৱে বহু উদাহৰণ দিয়াৰ লগতে শযাসনৰ প্ৰকৃতি আৰু ৰজাৰ তথা অভিজাতসকলৰ গতিবিধিৰ ওপৰত চকু ৰাখিছিল ।এথেন্সত ৰাজতন্ত্ৰৰ সলনি যি অভিজাততন্ত্ৰৰ শাসন গঢ়ি উঠিছিল সেই শাসন ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজৰ বিশেষ সন্তুষ্টি দেখা নগৈছিল । সেয়েহে জনসাধাৰণক সন্তুষ্ট কৰিবৰ বাবে এথেন্সত বিচাৰকাৰ্যৰ বাবে আৰু দুজন লোকক নিযুহকহ্তি দিয়া হয় । কিন্তু এই ব্যৱস্থাই এথেন্সৰ শাসনৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন ঘটোৱা নাছিল । তাৰ ফলত আনুমানিক খ্ৰীঃপূঃ ৬৩২ ত কাইলন নামৰ এজন সম্ভ্ৰান্ত বংশীয় লোকে এথেন্সৰ শাসন হস্তগত কৰিব বিচাৰিছিল । কিন্তু তেওঁ সফল হব নোৱাৰিলে । 

 ২। প্ৰাচীন গ্ৰীচৰ বিজ্ঞান আৰু দৰ্শনৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ    বিজ্ঞানঃ পৃথিৱীৰ প্ৰাচীনতম সভ্যতাসমূহৰ ভিতৰত এক উল্লেখযোগ্য সভ্যতা হল গ্ৰীক সভ্যতা । খ্ৰীঃপূঃ পঞ্চম চতুৰ্থ শতিকামানত এই সভ্যতাই পূৰ্ণ বিকশিত ৰূপ পাইছিল । পৃথিৱীৰ অন্যান্য সভ্যতাৰ ওপৰতো গ্ৰীক সভ্যতাই প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় ।

বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত গ্ৰীক সভ্যতাৰ সময়ছোৱাত যথেষ্ট অগ্ৰগতি হৈছিল । বিজ্ঞানৰ বহু নতুন নতুন তথ্যৰ উদ্ভাৱন গ্ৰীচত হৈছিল বুলি বৰ্তমানলৈকে প্ৰাপ্ত তথ্যসমূহে প্ৰমাণ কৰিছে । গ্ৰীচত জন্মগ্ৰহণ কৰা তথা বিজ্ঞানলৈ অৱদান আগবঢ়োৱা উল্লেখযোগ্য ব্যক্তিসকল আছিল ডেম'ক্ৰিটাছ, ইউক্লিড, পাইথাগোৰাছ, হিপ'ক্ৰেটিছ, এৰিষ্টাৰকাছ, ইৰাট'স্থেনিছ, আৰ্কিমিডিছ ইত্যাদি । খ্ৰীঃপূঃ ৪৬০ ত এথেন্সত জন্মগ্ৰহণ কৰা ডেম'ক্ৰিটাছ আছিল প্ৰকৃতি বিজ্ঞানী ।   তেওঁ পৃথিৱীখন অণুৰ দ্বাৰা গঠিত বুলি প্ৰথম ঘোষণা কৰিছিল । তেওঁৰ মতে অণুসমূহ হল অতি ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তুপুঞ্জ, এনেকুৱা অণুসমূহ লগ হৈয়ে সমগ্ৰ বিশ্বখনৰ সৃষ্টি কৰিছে বুলি তেওঁ মত আগবঢ়াইছিল । অংকশাস্ত্ৰ আৰু জ্যামিতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা গ্ৰীচৰ দুজন বিজ্ঞানী হল ইউক্লিড আৰু পাইথাগোৰাছ । জ্যামিতিৰ ক্ষেত্ৰত পাইথাগোৰাছৰ হিচাপ আছিল সম্পূৰ্ণ নিৰ্ভূল । তেওঁ ত্ৰিভূজৰ জোখ-মাখ সম্বন্ধে হিচাপ উলিয়াইছিল । পাইথাগোৰাছে নিজে একো লিখি থৈ যোৱা নাছিল । পৰৱৰ্তী সময়ত তেওঁৰ ছাত্ৰসকলে তেওঁ আৱিস্কাৰ কৰা সুত্ৰসমূহ লিপিবদ্ধ কৰিছিল । পাইথাগোৰাছে উলিওৱা জ্যামিতিৰ এই আৱিস্কাৰসমূহ পাইথাগোৰাছৰ সূত্ৰ হিচাপে জডনা গৈছিল । এইজন বিখ্যাত গ্ৰীচৰ গণিতজ্ঞ আৰু দাৰ্শনিক পাইথাগোৰাছৰ অনুগামীসকলে অপৰিমেয় সংখ্যাৰ ওপৰত ব্যাখ্যা আগবঢ়াইছিল । সেই সময়ৰ আন এজন গণিতজ্ঞ আছিল ইউক্লিড । ইউক্লিডৰ জন্মস্থান আৰু কৰ্মস্থান লৈ ঐতিহাসিকসকলৰ মাজত মতবিৰোধ দেখা যায় । এচাম ঐতিহাসিকৰ মুতে ইউক্লিডৰ জন্মস্থান আছিল ইজিপ্তৰ আলেকজেন্দ্ৰিয়া । আন এচামৰ মতে তেওঁৰ জন্মস্থান টাইবেত আছিল যদিও কৰ্মস্থান আছিল গ্ৰীচ । ইউক্লিড আছিল এজন বিখ্যাত গণিতজ্ঞ । তেওঁ ৰচনা কৰা গণিতৰ পুথিখন হল এলিমেন্টছ । গণিত আৰু জ্যামিতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয় ।  

দৰ্শনঃ গ্ৰীক সভ্যতাৰ সময়তে গ্ৰীচত এক উন্নতমানৰ দৰ্শনৰ বিকাশ ঘটিছিল । খ্ৰীঃপূঃ পঞ্চম শতিকামানৰ পৰা গ্ৰীচত এই বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল । এই চিন্তাধাৰাৰ মূল কেন্দ্ৰ আছিল এথেন্স । এথেন্সত গণতন্ত্ৰৰ বিকাশ আৰু নাগৰিকত্বৰ ধাৰণাৰ বিকাশৰ ফলতে মানুহৰ বৌদ্ধিক দিশত বহুতো নতুন নতুন জ্ঞানৰ সঞ্চাৰ হৈছিল । এই বৌদ্ধিক বিকাশৰ ফলত এচাম লোকে পূৰ্বৰে পৰা চলি অহা কথাবিলাকৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত অধ্যয়ন আৰম্ভ কৰে । পূৰ্বৰ ৰীতি-নীতিসমূহৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই এইসমূহৰ প্ৰয়োজনীয়তা বা অপ্ৰয়োজনীয়তা বিচাৰ কৰাৰ বাবে এচাম লোক আগবাঢ়ি আহে । মানুহৰ মানসিক জগতখনলৈ পূৰ্ণতা আনিবৰ বাবে মানুহক উচ্চশিক্ষা দিবলৈ এই লোকসকল আগবাঢ়ি আহিছিল । এনে লোকসকলক ছফিষ্ট হিচাপে জনা গৈছিল । জ্ঞানী বা কোনো বিষয়ত গভীৰভাৱে অধ্যয়ন কৰি থকা লোকক বুজাবলৈ এই ছপিষ্ট শব্দটি ব্যৱহাৰ কৰা হৈছিল । তেওঁলোক লগ হৈ এখন বিশ্ববিদ্যায়ৰ দৰে শিক্ষা ব্যৱস্থা তৈয়াৰ কৰিছিল যদিও তেওঁলোকৰ শিক্ষাদানৰ নিৰ্দিষ্ট স্থান বা কেন্দ্ৰ নাছিল । তেওঁলোক আছিল ভ্ৰাম্যমাণ শিক্ষক আৰু কোনো ৰাজহুৱা স্থানত পইচাৰ বিনিময়ত তেওঁলোকে ডেকাচামক শিক্ষা দিছিল । এই ছপিষ্ট গোষ্ঠীৰ প্ৰতিষ্ঠাতা আছিল থ্ৰেছৰ এডবেৰাত জন্মগ্ৰহণ কৰা পাইথাগোৰাছ । তেওঁ সমগ্ৰ গ্ৰীচ দেশ ভ্ৰমণ কৰি শিক্ষাদান কৰিছিল যদিও বেছিভাগ সময় এথেন্সত কটাইছিল । তেওঁ আছিল ইউৰোপত ব্যাকৰণৰ ভেটি প্ৰতিষ্ঠাতা, পাইথাগোৰাছে বহু গ্ৰন্থ লিখি উলিয়াইছিল যদিও উল্লেখযোগ্য তথা বিতৰ্কৰ সৃষ্টি কৰা গ্ৰন্থখন আছিল নিৰীশ্বৰবাদ সম্পৰ্কে ।  এই গ্ৰন্থত তেওঁ দেৱতাৰ অস্তিত্ব সম্পৰ্কে প্ৰশ্ন তোলাৰ লগতে ধৰ্মীয় দেৱতাসকল জ্ঞানৰ লগত জড়িত নহয় বুলি ব্যাখ্যা আগবঢ়াইছিল । কিন্তু ধৰ্ম আৰু দেৱতাৰ ওপৰত বিশ্বাস ৰখা এথেন্সবাদী আৰু অন্যান্য গ্ৰীচবাসীসকলে তেওঁৰ এই কাৰ্য ৰাষ্ট্ৰৰ পৰিপন্থী হিচাপে গণ্য কৰি পাইথাগোৰাচৰ এই গ্ৰন্থখন পুৰি পেলাইছিল । জনৰোষত পৰি জীৱনলৈ শংকা অহাত তেওঁ চিচিনলৈ পলায়ন কৰোতে খ্ৰীঃপূঃ ৪১০ত পানীত ডুবি মৃত্যুমুখত পৰে । 

৩। প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ উত্থানৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰাচীন গ্ৰীচত ৰাজনৈতিক বিকাশৰ এক উল্লেখযোগ্য দিশ হল নগৰৰাষ্ট্ৰৰ উত্থান । কম জনসংখ্যা থকা সৰু সৰু অঞ্চল একোটাক কেন্দ্ৰ কৰি এই নগৰ ৰাষ্ট্ৰসমূহ গঢ় লৈ উঠিছিল । প্ৰাচীন গ্ৰীচৰ বাসিন্দাসকলে এই নগৰৰাষ্ট্ৰসমূহক পলিচ হিচাপে অভিহিত কৰিছিল । এই পলিচ বা নগৰৰাষ্ট্ৰসমূহৰ মূল কেন্দ্ৰ আছিল একো একোখন নগৰ । এই নগৰসমূহ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশৰে মূল কেন্দ্ৰস্থল আছিল । এই সৰু সৰু নগৰসমূহক কেন্দ্ৰ কৰি বাণিজ্যৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নো আৰম্ভ হয় । তাৰ ফলত নগৰসমূহ পৰিচালনাৰ বাবে এক শ্ৰেণীৰ লোকৰ প্ৰয়োজনীয়তা আহি পৰে । এনেকৈয়ে ক্ৰমে ৰাজনৈতিক ধাৰণা তথা নগৰসমূহৰ নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি নগৰ ৰাষ্ট্ৰসমূহৰ উত্থান হয় । এই নগৰসমূহত বিভিন্ন প্ৰশাসনিক গৃহ, বজাৰ আৰু সভা-সমিতি পাতিব পৰা মুকলি ঠাই থকাৰ লগতে ধৰ্মীয়-উপাসনাৰ বাবে স্থানো ৰখা হৈছিল । এই নগৰ এলেকাৰ চাৰিওফালে গাঁৱলীয়া আৱাসিক অঞ্চলসমূহ থকাৰ লগতে কৃষিভূমি আৰু চৰণীয়া পথাৰসমূহ আছিল । প্ৰাক-ধ্ৰুপদী যুগতেই গ্ৰীচত নগৰৰাষ্ট্ৰৰ বিকাশ হৈছিল বুলি প্ৰাপ্ত পুৰাতাত্ত্বিক সাহিত্যিক সমলসমূহে তথ্য যোগান ধৰিছে । 

গোষ্ঠীগত গ্ৰাম্য সমাজক কেন্দ্ৰ কৰি এই  নগৰৰাষ্ট্ৰবোৰৰবিকাশ হৈছিল। প্ৰথম  অৱস্থাতনগৰৰাষ্ট্ৰসমূহজনজাতীয় আৰ্হিৰ আছিল । কিন্তু জনসংখ্যা বৃদ্ধি আৰু বাণিজ্যিকসম্প্ৰসাৰণৰ ফলত এই নগৰৰাষ্ট্ৰসমূহতবিভিন্ন পৰিৱৰ্তন আহি পৰা পৰিলক্ষিত হয়। বজাৰ অঞ্চলককেন্দ্ৰ কৰি গঢ়লোৱা এইনগৰসমূহে ব্যৱসায় বাণিজ্যৰ নিয়ন্ত্ৰণকৰিছিল ।বহিঃবাণিজ্যৰবাবে তেওঁলোকে বন্দৰসমূহনিজৰনিয়ন্ত্ৰণতৰাখিছিল,কাৰণ,অৰ্থনৈতিক উন্নয়নৰকাৰণে বহিঃবাণিজ্য অতি প্ৰয়োজনীয়হৈ উঠিছিল। অৰ্থনৈতিক বিকাশৰলগে-লগে এইনগৰঅঞ্চলসমূহতডাঙৰ ঘৰ-দুৱাৰ সজাৰ লগতে নগৰপ্ৰতিৰক্ষাৰবাবে বিভিন্ন অঞ্চলত দূৰ্গ নিৰ্মাণ কৰা হৈছিল । এনেদৰে গ্ৰাম্য জীৱনক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যৱসায়িক কেন্দ্ৰসমূহ  নগৰলৈ পৰিৱৰ্তন হোৱাৰ লগতে ৰাজনৈতিক বিকাশ আৰম্ভ হয় । প্ৰথম অৱস্থাত প্ৰতিখন নগৰক কেন্দ্ৰ কৰি নগৰৰাষ্ট্ৰসমূহ গঢ়ি উঠাৰ ফলত গ্ৰীচত নগৰৰাষ্ট্ৰৰ সংখ্যা শতাধিক দেখা গৈছিল । পাচলৈ প্ৰাচীন গ্ৰীচত নগৰৰাষ্ট্ৰৰ সংখ্যা হ্ৰাস পাইছিল । প্ৰাচীন গ্ৰীচৰ কেইখনমান উল্লেখযোগ্য নগৰৰাষ্ট্ৰ আছিল ।

১। বলকান অঞ্চলৰ নগৰৰাষ্ট্ৰ 

ক) থেছালি আৰু 

খ) ইপিৰাছ ।

২। মধ্য গ্ৰীচৰ নগৰৰাষ্ট্ৰ 

ক) আকাৰনেনিয়া ।

খ) এটিকা ।

গ) এয়িটলিয়া ।

ঘ) ডৰিছ ।

ঙ) ফকিচ 

চ) পূব লক্ৰিছ 

ছ) পশ্চিম লক্ৰিছ 

জ) বোয়েচিয়া 

ঝ) মেগাৰিছ 

৩। দক্ষিণ গ্ৰীচৰ নগৰৰাষ্ট্ৰ 

ক) কৰিষ্ঠ 

খ) একেয়া 

গ) এলিছ 

ঘ) আৰ্কেডিয়া ।

ঙ) মেছেনিয়া ।

চ) আৰ্গেলিছ 

ছ) লেক'নিয়া 

জ) পেল'পনেয়াছ 

প্ৰথম অৱস্থাত প্ৰাচীন গ্ৰীচৰ এই নগৰৰাষ্ট্ৰসমূহত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল । এই নগৰৰাষ্ট্ৰসমূহত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল ৰজা । তেওঁ বিধায়িনী, প্ৰশাসনীয়, ন্যায়িক বা বিচাৰ সম্পৰ্কীয়, সামৰিক আৰু ধৰ্মীয় ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল । অৱশ্যে ৰজাৰ সকলো কাৰ্যৰ ওপৰত সকলো নাগৰিকে চকু দিব পাৰিছিল । ক্ৰমে নাগৰিকসকলৰ মাজত কিছু দক্ষ আৰু অভিজ্ঞ লোকৰ প্ৰসাৰ ঘটাত ক্ষমতাৰ বিভাজন ঘটাবলৈ আৰম্ভ হৈছিল । ফলত খ্ৰীঃপূঃ অষ্টম শতিকামানত এই নগৰৰাষ্ট্ৰসমূহৰ শাসন ক্ষমতা ৰজাৰ হাতৰ পৰা এই অভিজাত শ্ৰেণীটোৰ হাতলৈ যায় । এক শতিকামান নগৰৰাষ্ট্ৰসমূহ এই অভিজাতসকলৰ নিয়ন্ত্ৰণত আছিল । তাৰ পাছত টাইৰেন্ট নামেৰে জনাজাত  এচাম লোকে নগৰৰাষ্ট্ৰসমূহৰ শাসনৰ ক্ষমতা হস্তগত কৰে । এই সময়ছোৱাত প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত এই টাইৰেন্টসকলে অত্যাচাৰী শাসন প্ৰৱৰ্তন কৰিছিল । খ্ৰীঃপূঃ নৱম শতিকাত প্ৰাচীন গ্ৰীচৰ এই নগৰৰাষ্ট্ৰসমূহত প্ৰজাতান্ত্ৰিক শাসন প্ৰতিষ্ঠা হয় । অৱশ্যে স্পাৰ্টাত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাই অব্যাহত আছিল । 

প্ৰাচীন গ্ৰীচত বহুতো সৰু সৰু নগৰৰাষ্ট্ৰ আছিল যদিও এনে নগৰৰাষ্ট্ৰসমূহৰ  মাজত বহুখিনি সাদৃশ্য থকাৰ লগতে একতাৰ ভাব থকাও পৰিলক্ষিত হৈছিল । বিচিত্ৰ জনগাঁথনি, অৰ্থনৈতিক বিকাশ, বহিঃদেশৰ লগত সম্পৰ্ক আদিৰ ওপৰত নিৰ্ভৰ কৰি এই নগৰৰাষ্ট্ৰসমূহৰ স্বকীয় বৈশিষ্ট্য গঢ় লৈ উঠিছিল যদিও তেওঁলোকৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল । গ্ৰীচৰ বিভিন্ন জনগোষ্ঠীসমূহ আছিল পেলাছগি, ইজিয়ান, আয়'নিয়ান, একেয়ান, ডৰিয়ান ইওলিয়ান আদি । কিন্তু সকলো নৃ-গোষ্ঠী আছিল গ্ৰীকভাষী আৰু আৰ্য গোষ্ঠীৰ লোক । তেওঁলোক সকলোৱে হেলেন নামৰ এজন কাল্পনিক পুৰুষক নিজৰ পূৰ্বপুৰুষ বুলি গণ্য কৰিছিল । ফলত গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহৰ মাজত বহু সাদৃশ্য দেখা হৈছিল । ইলিয়াড আৰু ওডিচিৰ প্ৰভাৱত গ্ৰীচৰ লোকসকলৰ মাজত একতাৰ ভাৱ সঞ্চাৰিত হৈছিল । 

Author- Ali rani kakati ( Ba in History Major) 



Post ID : DABP004052