মিচিংসকল

 

প্ৰশ্নাৱলীঃ

১।  'মিচিং' জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা।

উত্তৰঃ অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো হল মিচিং। মিচিং সকলক মিৰি নামেৰও জনা যায়। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলৰ অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাবে মিৰি নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ এক শ্ৰেণী মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। 

        মিচিং সকলৰ পূৰ্ব বাসস্থান হিচাপে অসমৰ উত্তৰলানি পাহাৰকে চিহ্নিত কৰা হৈছে। বৰ্তমানৰ অৰুণাচলৰ আবৰ পাহাৰৰ পৰাই সুচল জীৱিকা সন্ধানত অসমৰ সমতললৈ নামি আহিছিল। বহুত লোকৰ মতে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা আগৰে পৰাই মিচিংসকল সভ্যতাৰ সংস্পৰ্শলৈ আহি অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল। 

কৃষিয়ে মিচিংসকলৰ জীৱিকাৰ সম্বল। মিচিংসকলৰ জাতীয় উৎসৱ হৈছে আলি-আঃয়ে লৃগাং। ইয়াৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু পালন কৰে। 

        মিচিং ভাষা লোক-সাহিত্যৰ দিশত অত্যন্ত চহকী। অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত-মাতবোৰক সম্প্ৰতি লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। মিচিং ভাষা চীন-তিব্বতীয় ভাষা-পৰিযালৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত। 

মিচিং সমাজ স-শৃংখলিত সমাজ। ইয়াৰ প্ৰধান কাৰণ হৈছে শ্ৰেণী-বৈষম্যহীনতা। পুৰুষৰ দৰেই মিচিং মহিলাইও কৃষি-কৰ্ম, গৃহ-কৰ্মাদিত সমানভাৱেই অংশ গ্ৰহণ কৰে। কেতবোৰ সমূহীয়া কাম-কাজতো মিচিং মহিলাই অংশ গ্ৰহণ কৰে।


২। মিচিংসকলৰ তিনিবিধ সাজ পাৰৰ নাম লিখা?

উত্তৰঃ মিচিং সকলৰ তিনিবিধ সাজপাৰৰ নাম হল-মিবু গালুগ, গনৰ, উগন।

৩। মিচিংসকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা?

উত্তৰঃ মিচিংসকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে দঞি-পল মিচিংসকলৰ মূল ধৰ্ম। লোক বিশ্বাসত মিচিংসকল অত্যন্ত বিশ্বাসী।কুকুৰাক সততেই বিপদ-আপদৰ ৰক্ষা কৱচ হিচাপে বিশ্বাস কৰে। ধৰ্মীয় উৎসৱ দবুৰ পূজা তাৎপৰ্যপূৰ্ণ। বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগবঢ়োৱা হয়। ঘৰখনৰ শুচি-অশুচি আৰু ুন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি বিশ্বাস কৰে। জন্মৰে পৰা মৃত্যুলৈকে জীৱনটোক দঞি-পল বা সূৰ্য -চন্দ্ৰই পৰিচালনা কৰে বুলি বিশ্বাস আছে।


৪। আলি-আঃয়ে লৃগাং কিয় আৰু কেতিয়া পতা হয়?

উত্তৰঃ আলি-আঃয়ে লৃগাং বীজ ৰোপনৰ শুভাৰম্ভ কাৰণে আৰু ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনা পতা হয়।


৫। আলি-আঃয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা?

উত্তৰঃ আলি-আঃয়ে-লৃগাং তিনিটা পদৰ সমষ্টি। আলি, আঃয়ে আৰু লৃগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হল গা-গছৰ ওপৰত হোৱা ফল বা গুটি, লৃগাং মানে হল ৰোপন কাৰ্যৰ শুভাৰম্ভ। অৰ্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ।


৬। চমুটোকা লিখাঃ 

ক) ভৃগুমুনি কাগয়ুংঃ অসমৰ সাহিত্যিক সমৃদ্ধ কৰা এগৰাকী সু-সাহিত্যিক আৰু প্ৰসিদ্ধ কবি হৈছে ভৃগুমুনি কাগয়ুং। ১৯৩২চনত আলিমূৰ গাঁৱত জন্মা কাগয়ুঙে গাঁৱত প্ৰাথমিক শিক্ষা  আৰম্ভ কৰিছিল। দিনৰ ভাগত নিজে উপাৰ্জন কৰি ৰাতিৰ ভালকৈ পঢ়ি বি.বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১৯৯২ চনত মহীশূৰ Institute of Indian Language ত মিচিং প্ৰাপ্ত বয়স্কঃ পাঠ্য পুথি প্ৰণয়নৰ বাবে প্ৰক্ষিক্ষণ গ্ৰহণ কৰে।

    হাইস্কুল পঢ়ি থাকোতেই দিখৌমুখ এম.ই স্কুলত বিনা বেতনে শিক্ষকতাৰ সেৱা আগবঢ়াইছিল। ১৯৯০ চনত চাকৰি জীৱনৰ পৰা অৱসৰ লয়।

তেওঁৰ ৰচিত অসমীয়া কাব্যগ্ৰন্থ কেইখন হল -কবিতাকলি, অনাহুত, মন বননিৰ জুই আৰু কবিতা কুসুম। অনাহুত কাব্যগ্ৰন্থৰ বাবে ১৯৭১ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰপতিৰদ্বাৰা পুৰস্কৃত কৰিছিল। আৰু ১৯৯৪ চনত মন বননিৰ জুই কাব্যৰ গ্ৰন্থ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰে পুৰস্কিত কৰিছিল। 

তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা মুঠ ২৭ খন। মিচিং ভাষাত লিখা তেও কাব্য সংকলন হল কঃকাং মৌতম দঃঞি। কাগয়ুং কেৱল কবিয়েই নহয়, তেওঁ এগৰাকী সফল গদ্য লেখক আৰু লোক-সংস্কৃতি প্ৰসিদ্ধ গৱেষক। তেওঁৰ প্ৰায় পাঁচশৰো অধিক গৱেষণামূলক আৰু চিন্তাগধুৰ প্ৰৱন্ধ বিভিন্ন কাকত-আলোচনী আদিত সিচঁৰিত হৈ আছে। এইগৰাকী সাহিত্যিক মৃত্যু হয় ২০১১ চনৰ ২৭ মাৰ্চত।


খ) শ্বহীদ কমলা মিৰিঃ নিজৰ দেশমাতৃক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰিবলৈ যিসকলে জীৱনকো তুচ্ছ জ্ঞান কৰি জলাঞ্জলি দি গল সেইসকলক নমস্য ব্যক্তিক সমাজত দেৱতাৰ আসনত স্থান দি পূজা কৰা দেখা যায়। দেশ মাতৃক স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি জ্ঞান কৰা তেনে মহান শ্বহীদ সকলৰ অনবদ্য অৱদান উত্তৰ পুৰুষৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ পৰে। তেনে ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল কমল চন্দ্ৰ লইং, যি কমলা মিৰি নামেৰে পৰিচিত।

১৮৯৪ চনৰ শিৱসাগৰ জিলাৰ(বৰ্তমান গোলাঘাট জিলাৰ) ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত কমলা মিৰি জন্ম হৈছিল। ওপৰ টেমেৰা কালক্ৰমত কেইবাখনো গাঁৱত বিভক্ত হল আৰু কমলা মিৰি জন্ম হোৱা গাঁওখনক এতিয়া গুলুং টেমেৰা নামেৰে জনা যায়। কমলা মিৰি পিতৃ নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী লইং। নিজ গাঁৱত শিক্ষানুষ্ঠান নথকা বাবে ভোলাগুৰিলৈ গৈছিল শিক্ষা গ্ৰহণৰ বাবে।

মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনৰ জোৱাৰ সমগ্ৰ দেশতে বিয়পিছিল। এই ঢৌৱে তেখেতকো উটুৱাইনিছিল। তেওঁ নেতৃত্বতেই মহুৰা মৌজাৰ বহু লোক আন্দোলনত জপিয়াই পৰিছিল। 

সেইসময়ত ওপৰ টেমেৰাৰ পৰা আৰম্ভ কৰি গেলাবিলৰ উত্তৰ অংশৰ গাঁও সমূহত কানি, ভাং আদি মাদ্ৰক দ্ৰব্যৰে ভৰপূৰ হৈ আছিল। এই বৰ বিহৰ পৰা গাঁওখনক কমলা মিৰি আৰু তেওঁ সহযোগী সকলে ৰক্ষা কৰিছিল। 

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত ভাগ লবলৈ গোলাঘাটত যাওঁতে কমলা মিৰিকে আদি কৰি তেওঁৰ সহকৰ্মী সকলক বৃটিচচিপাহীয়ে বন্দী কৰে আৰু যোৰহাটৰ কেন্দ্ৰীয় কাৰাগালৈ প্ৰেৰণ কৰে। কাৰাগাৰৰ ভিতৰত গোপীনাথ বৰদলৈ ওচৰত কমলা মিৰিয়ে হিন্দী শিকিছিল আৰু যতৰত কপাহী সূতা কাটিছিল। 

তেখেত ১৯৪৩ চনৰ ২২ এপ্ৰিলত মৃত্যু হয়।


গ) ঐৰাম বৰিঃ মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰি জন্ম হৈছিল ব্ৰিটিছ প্ৰশাসনৰ নেফা ৰ অন্তৰ্গত অয়ান গাঁৱত। তেখতৰ পিতৃ-মাতৃ নাম আছিল তাকিৰ বৰি আৰু মঙলী বৰি।

সেই সময়ত গাঁওখনৰ আশে-পাশে বিদ্যালয় নথকা বাবে নামনিৰ পুৰণা মুৰ্কংচেলেকৰ অন্তৰ্গত মেচাকী প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰে। 

ঐৰাম বৰি দেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বৰ্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম ১৯৫০ চনৰ বহু আগৰ পৰাই আৰম্ভ কৰিছিল। ১৯৫২ চনৰ কৃষ্টিপ্ৰাণ এচাম যুৱক-যুৱতী লগত লৈ মিচিংৰ মূল্যৱান ঐনিঃতম, চৌল্লয়া, লৌৰৌলি, লঃলে, কাবান, তৌবঃ, তৌকাং, বৃনি, মিবু আঃবাং ইত্যাদিবোৰৰ চৰ্চা, সংৰক্ষণ, সংবৰ্ধন কামত হাতে কামে লাগে। তেওঁ তত্ত্বাৱধানত পোন্ধৰ গৰাকীৰো অধিক যুৱক-যুৱতীৰ এটা দলে অসমৰ বিভিন্ন অঞ্চললৈকে মিচিং কৃষ্টি-সংস্কৃতি প্ৰসাৰ ঘটালে। তদুপৰি তাহানিৰ মুৰ্কংচেলেক  অঞ্চলৰ পিছপৰা মিচিং গাঁওসমূহত পঢ়া-শুনা,পৰিষ্কাৰ-পৰিচ্ছন্নতা, গ্ৰাম্য সমাজত আন্তঃসহযোগিতাৰে কৰ্ম সম্পাদন কৰা, প্ৰচলিত হৈ থকা সামাজিক ব্যাধিসমূহ দূৰ কৰা ইত্যাদিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজখন সুস্থ-সবল ৰূপত জীয়াই ৰখা  আদি নানা দিশত কৰ্ম-আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনতো সহযোগ কৰিছিল।

তাহানি নেফা প্ৰসাশনৰ বিষয়া আৰ্নল্ড চাহাব আৰু মাথুৰ চাহাবৰ পৰিকল্পনাত, ঐৰাম বৰি নেতৃত্বত অয়ান চাৰিআলী পৰা চিয়াং ব্ৰহ্মপুত্ৰলৈকে স্থানীয় ৰাইজে পথ এটি নিৰ্মান কৰে। ১৯৫৮ চনত নেফা প্ৰসাশনে উক্ত পথছেৱাৰ শেষাংশত মিলিত চিয়াং-ব্ৰহ্মপুত্ৰ ঘাটখন ঐৰাম ঘাটেৰে নামাকৰণ কৰে।   

ঘ) যাদব পায়েংঃ যোৰহাটৰ ককিলামুখৰ ১ নং মিচিং গাঁৱৰ নিবাসী মাত্ৰ দশম শ্ৰেণীলৈকে পঢ়া শ্ৰীযাদৱ মোলাই পায়েঙ। প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশকৰ্মী ভাৰতৰ 'অৰণ্য মানৱ' যাদৱ পায়েঙৰ ককিলামুখৰ বৰঘোপ গাঁৱত ১৯৫৯ চনৰ ৩০ অক্টোবৰ তাৰিখে জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। পিতৃ-মাতৃৰ ১১-টা সন্তানৰ ভিতৰত যাদৱ পায়েং তৃতীয় সন্তান।

        প্ৰখৰ খৰাঙত মৃত্যুৰ ক্ষণ গণি থকা অসহায় এপাল সাপ তেওঁৰ চকুত পৰিছিল। তেতিয়া দৰদী হৃদয়ৰ গৰাকী পায়েঙে সাপবোৰ ৰক্ষা কৰাৰ নিমিত্ৰে ওচৰ-পাজৰৰ গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ পৰা পৰামৰ্শ লৈ ৫০-জোপা বাঁহ ৰোপণ কৰিছিল। তাৰ পিছত প্ৰতি বছৰে গছ-বিৰিখ  ৰোপণ কৰা কাৰ্য তেওঁৰ অভ্যাসত পৰিণত হ'ল। কালক্ৰমত ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বিশাল কাঠনি গঢ়ি তুলিলে। যাক আজি বিশ্বই 'মোলাই কাঠনি' বুলি তিনি পোৱা যায়।