CHAPTER: 1


 কথনগত দক্ষতাঃ ভাষা জ্ঞান, যতিজ্ঞান উচ্চাৰণ


অনুশীলনীঃ


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ


১। কথন কি ?

উত্তৰ ঃ মানুহে জন্মৰ পৰা মৃত্যুলৈ কথনৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আহিছে । কথন এক স্বাভাৱিক প্ৰক্ৰিয়া । ই একপ্ৰকাৰ বাচিক শিল্প ।


২ । কথনৰ মূল উপাদান কি ?

উত্তৰ ঃ শব্দ ।


৩ । প্ৰচীন কালত ঋষি-মুনিসকলে শব্দক কি বুলি কৈছিল ?

উত্তৰ ঃ শব্দব্ৰহ্ম ।


৪ । দক্ষতা কি ?

উত্তৰ ঃ দক্ষতা হ'ল কোনো এটা ভাষা কওঁতাসকলৰ বিমূৰ্ত আৰু সূক্ষ্ম দৃষ্টিসম্পন্ন জ্ঞান, যি জ্ঞানৰ দ্বাৰা তেওঁলোকে ভাষা শুদ্ধকৈ ব্যৱহাৰ কৰে ।


৫ । কথন দক্ষতাৰ ক্ষেত্ৰত থকা কিছুমান মৌলিক বিষয়ৰ জ্ঞান আছে । তেনে কিছু জ্ঞানৰ নাম লিখা ।

উত্তৰ ঃ বিষয়বোৰ হৈছে--- 

            (ক) শব্দজ্ঞান

            (খ) শব্দ প্ৰয়োগৰ কৌশল

            (গ) ভাষা জ্ঞান

            (ঘ) যতি জ্ঞান

            (ঙ) কথনগত অভ্যাস

            (চ) প্ৰকাশভংগীৰ সৰলতা

            (ছ) শুদ্ধ উচ্চাৰণ ।


৬ । কথনৰ মহত্ত্ব কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ ঃ কথনৰ মহত্ত্ব কথা কোৱা ধৰণৰ ওপৰত নিৰ্ভৰ কৰে ।


৭ । ৰজা উপাধি কোনে আৰু কেনেকৈ পাইছিল ?

উত্তৰ ঃ কথনৰ কৌশল বা দক্ষতা জনা বাবেই বীৰবলে আকবৰৰ ৰাজসভাৰ পৰা 'ৰজা' উপাধি পাইছিল ।


৮ । কালিদাসে কি গুণৰ বাবে 'নৱৰত্নৰ' ভিতৰত শ্ৰেষ্ঠ আসন পাইছিল ?

উত্তৰ ঃ কালিদাসে বিক্ৰমাদিত্যৰ ৰাজসভাত কোৱা কথাখিনি সুন্দৰকৈ বাকভংগীৰে কোৱাৰ গুণতেই 'নৱৰত্নৰ' ভিতৰত শ্ৰেষ্ঠ আসন পাইছিল ।


৯ । কথন দক্ষতাৰ অভ্যাস কৰিবলৈ কি শিকিব লাগিব ?

উত্তৰ ঃ কথা আৰু ইয়াৰ কোৱাশৈলী শিকিব লাগিব ।


১০ । বক্তাৰ কথনৰীতি কেনে হোৱা উচিত ?

উত্তৰ ঃ বক্তাৰ কথনৰীতি এনে হোৱা উচিত, যাতে কোনো শ্ৰোতাই কথাখিনি শুনি অভিভূত হয় ।


১১ । কথনৰীতিত মুগ্ধ হৈ শংকৰদেৱৰ ওচৰত মাধৱদেৱে কি গ্ৰহণ কৰিছিল ?

উত্তৰ ঃ শিষ্যত্ব ।


১২ । অসমৰ জনগণ কিহৰ ওপৰত মোহিত হৈ পৰিছিল ?

উত্তৰ ঃ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সাধকসকলৰ কথন ৰীতিত ।


১৩ । কথন প্ৰক্ৰিয়াত কথাৰ স্বাভাৱিক সৌন্দৰ্য বজাই ৰাখিবলৈ হ'লে কি কৰিব লাগে ?

উত্তৰঃ কথন প্ৰক্ৰিয়াত কথাৰ স্বাভাৱিক সৌন্দৰ্য বজাই ৰাখিবলৈ হ'লে সৎ কথাৰেই উদাহৰণ দিয়া উচিত, নহ'লে অপ্ৰাংগিক কথাই স্বাভাৱিক কথাৰ সৌন্দৰ্য ব্যাহত কৰিব । 


১৪ । শিক্ষক বা অভিভাৱকৰ নৈতিক দায়িত্ব কি ?

উত্তৰ ঃ বয়সত ডাঙৰ বা সৰুজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে ঠিক তেনে কথা শিক্ষক বা অভিভাৱকসকলে সময়ত শিকোৱাটো নৈতিক দায়িত্ব ।


১৫ । মানুহৰ মন কেনেকৈ মুগ্ধ কৰি তুলিব পাৰি ?

উত্তৰঃ জনা-নজনা কথা সজাই-পৰাই বা অলংকাৰপূৰ্ণ কৰি ক'লে সকলো মানুহৰ মন মুগ্ধ কৰি তুলিব পাৰে ।


১৬ । কেতিয়াবা ৰসযুক্ত বা কৌতূহলপূৰ্ণ কথা শুনি আমনি লগাৰ কাৰণ কি ?

উত্তৰঃ মাধুৰ্যতাৰে ক'ব নাজানিলে ৰসযুক্ত বা কৌতূহলপূৰ্ণ কথা শুনি আমনি লাগে ।


১৭ । ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি কেনেকৈ পায় ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত পাঠদান কৰোতে বা ছাত্ৰ-ছাত্ৰীৰ লগত শিক্ষকসকলে কথা-বতৰা পাতোতে বৰ্ণমালা, শব্দ, বাক্য শুদ্ধ উচ্চাৰণ কৰাৰ লগতে মান্য ভাষা ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধি পায় । 


১৮ । কথন কি ?

উত্তৰঃ কথন একপ্ৰকাৰৰ বিদ্যা ।


১৯ । ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন কেনেকৈ হয় ?

উত্তৰঃ কথন বিদ্যা শুদ্ধ আৰু শ্ৰতিমধুৰকৈ শিকিলে ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন হয় ।


২০ । কথন বিদ্যাই ছাত্ৰ-ছাত্ৰীসকলক কিহৰ প্ৰতি আগ্ৰহী কৰি তোলে ?

উত্তৰঃ কথন বিষয়ৰ ভাব তথা ভাষাৰ সংযমৰ বিষয়ে আগ্ৰহী কৰি তোলে ।


২১ । ভাষা কি ?

উত্তৰ ঃ ভাষা হ'ল মানুহৰ মনৰ ভাব বিনিময়ৰ উৎকৃষ্ট মাধ্যম । ভাষা মানুহৰ অন্যতম আপুৰুগীয়া সম্পদ ।


২২ । মানুহ কি প্ৰাণী ?

উত্তৰ ঃ মানুহ সামাজিক তথা বিচাৰ-বুদ্ধিসম্পন্ন প্ৰাণী । মানুহ কথা কোৱা প্ৰাণী ।


২৩ । জীৱ-জন্তুবোৰক ভাষাৰ শ্ৰেণীত কিয় অন্তৰ্ভুক্ত কৰিব নোৱাৰি ?

উত্তৰ ঃ জীৱ-জন্তুৰ মাজত মাত বা চিঞৰত কোনো নতুনত্ব নাই । একেধৰণে মাত মাতি আহিছে । তাতোকৈ ডাঙৰ কথা হৈছে সিহঁতৰ বিচাৰ-বিবেচনা, চিন্তা-ভাবশক্তি, চেতনা নাই কাৰণে সেইবোৰক ভাষাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব নোৱাৰি । 


২৪ । ভাষা শ্বটো কিহৰ পৰা আহিছে ? ইয়াৰ অৰ্থ কি ?

উত্তৰ ঃ সংস্কৃত 'ভাষ ধাতুৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ'ল ব্যক্তবাণী ।


২৫ । ভাষা কিহৰ ক্ষেত্ৰত প্ৰযোজ্য ?

উত্তৰ ঃ শব্দ প্ৰয়োগৰ ক্ষেত্ৰত ।


২৬ । ভাষাৰ দুটা প্ৰধান ফালৰ কি ?

উত্তৰ ঃ ধনন আৰু শ্ৰৱণ ।


২৭ । ছাপিৰৰ মতে ভাষা কি ?

উত্তৰ ঃ স্বয়ংসিদ্ধ প্ৰকাশৰ সামূহিক কলা, হেজাৰজনৰ ব্যক্তিগত জ্ঞানৰ সংক্ষিপ্ত বৰ্ণনা ।' কোনো জনসমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰ পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনত কাৰ্য চলোৱা প্ৰথাৰ নামেই ভাষা ।


২৮ । ভাষাৰ প্ৰণালীটো কি ?

উত্তৰ ঃ প্ৰতীকৰ প্ৰণালী ।

 

২৯ । প্ৰতীক মানে কি ?

উত্তৰ ঃ ধ্বনি ।


৩০ । ভাষা জ্ঞানক কি কলা হিচাপে অভিহিত কৰা হৈছে ?

উত্তৰ ঃ মানুহৰ এক মহত্বম কলা হিচাপে অভিহিত কৰা হৈছে ।


৩১ । ভাষা কিহৰ সমাহাৰ ?

উত্তৰঃ জ্ঞানৰ ।


৩২ । ভাষা কিহৰ মাধ্যম ?

উত্তৰঃ ভাৱ বিনিময়ৰ মাধ্যম ।


৩৩ । ভাষাৰ পদ্ধতি কি ?

উত্তৰঃ বুদ্ধিগ্ৰাহ্য ।


৩৪ । ভাষাৰ প্ৰকৃতি কি ?

উত্তৰঃ প্ৰণালীগত ।


৩৫ । ভাষাৰ আধাৰ কি ?

উত্তৰঃ ধ্বনি প্ৰতীক ।


৩৬ । ভাষাক কি বুলি কোৱা হয় ?

উত্তৰঃ সামাজিক আৰু ব্যক্তিগত পৰিঘটনা বুলি কোৱা হয় ।


৩৭ । ভাষা জ্ঞানত তাৎপৰ্যপূৰ্ণ দিশটো কি ?

উত্তৰঃ বোধগম্যতা ।


৩৮ । ভাষা এটাৰ মূলবস্তু কি ?

উত্তৰঃ প্ৰকাশভংগী ।


৩৯ । ভাষা জ্ঞান লাভ বা প্ৰদানৰ ক্ষেত্ৰত কেইটা কৌশল প্ৰয়োগ কৰা হয় আৰু কি কি ?

উত্তৰঃ চাৰিটা কৌশল প্ৰয়োগ কৰা হয় । যেনেঃ শ্ৰৱণ, কথন, পঠন আৰু লিখন ।


৪০ । ভাষা শিক্ষণত কিহৰ গুৰুত্ব বেছি ?

উত্তৰঃ পঠনৰ ।


৪১ । কিহৰ অবিহনে অনুভৱৰ জন্ম নহয় ?

উত্তৰঃ অভিজ্ঞতা বা জ্ঞানৰ অবিহনে ।


৪২ । অভিজ্ঞ নহ'লে কি উপলব্ধি কৰিব নোৱাৰি ?

উত্তৰঃ আমাৰ ভাষাজ্ঞানৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰি ।


৪৩ । মানৱ অভিব্যক্তি কাক বোলে ?

উত্তৰ ঃ ভাষা অবিহনে কোনো প্ৰচেষ্টাযোগ্য চিন্তাধআৰা সম্ভৱ হৈ নুঠে । ভাৱ, চিন্তা আদি নাথাকিলে ভাষা প্ৰকাশ নহয় । ইয়াক মানৱ অভিব্যক্তি বুলি কোৱা হয় ।

৪৪ । ভাষাজ্ঞান কাক বোলে ?

উত্তৰ ঃ ভাষাৰ অবিহনে ভাৱ প্ৰকাশ সম্ভৱপৰ নহয় ভাষা যদি প্ৰকাশ কৰিবলৈ বিচৰা হয় । তেতিয়াহ'লে ভাষাটোৰ জ্ঞান আহৰণ কৰিব লাগিব । ইয়াকে মুঠতে ভাষাজ্ঞান বুলি কোৱা হয় ।


৪৫ । ভাষাৰ ক্ষুদ্ৰতম একক কি ?

উত্তৰ ঃ ধ্বনি ।


৪৬ । ধ্বনিতত্ত্ব কি ?

উত্তৰ ঃ ধ্বনিৰ বিষয়ে বিজ্ঞানসন্মতভাৱে বিচাৰ-বিশ্লেষণ কৰা প্ৰক্ৰিয়াই ধ্বনিতত্ত্ব ।


৪৭ । ধ্বনিত্ত্বৰ প্ৰধান দুটা শাখা কি কি ?

উত্তৰ ঃ (ক) ধ্বনিবিজ্ঞান (Phonetics) 

             (খ) বিশিষ্ট ধ্বনিবিজ্ঞান বা বৰ্ণ বিজ্ঞান (Phonomics) ।


৪৮ । ধ্বনিৰ উচ্চাৰণত কোনে কি ভূমিকা গ্ৰহণ কৰে ?

উত্তৰ ঃ সক্ৰিয় ভূমিকা গ্ৰহণ কৰে বাগিন্দ্ৰিয়ই ।


৪৯ । ধ্বনি বিজ্ঞানত বাকধ্বনিসমূহক কেইটা দিশৰ পৰা আলোচিত কৰা হয় আৰু কি কি ?

উত্তৰঃ তিনিটা দিশৰ পৰা আলোচিত হয় । যেনে ঃ (ক) উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান

(খ) ধ্বনি তৰংগ বিজ্ঞান বা শ্ৰুতি বিজ্ঞান

(গ) শ্ৰৱণাত্মক ধ্বনিবিজ্ঞান


৫০ । তৰংগত কম্পন জোখা যন্ত্ৰপাতিবোৰ কি কি ?

উত্তৰ ঃ পেলোটোগ্ৰাফ কাইমোগ্ৰাফ, স্পেক্টোগ্ৰাফ আদি ।


৫১ । এইবোৰৰ সহায়ত কি আলোচনা কৰা হয় ?

উত্তৰঃ ভাষাৰ সুৰ, দীৰ্ঘতা, অনুনাসিকতা আদিৰ অধ্যয়ন বিষয়ক আলোচনা কৰা হয় ।


৫২ । ধ্বনি বিজ্ঞানৰ মূল উপাদান কি ?

উত্তৰ ঃ ধ্বনি ।


৫৩ । ধ্বনিবিজ্ঞান কি ?

উত্তৰ ঃ ধ্বনিৰ বিশ্লেণাত্মক বা বিজ্ঞানসন্মত আলোচনাই ধ্বনি বিজ্ঞান ।


৫৪ । ধ্বনিসমূহ কিহৰ সহায়ত উচ্চাৰিত হয় ?

উত্তৰঃ ধ্বনিসমূহ বাক-যন্ত্ৰৰ বা বাগিন্দ্ৰিয়ৰ সহায়ত উচ্চাৰিত হয় । হাওঁফআওঁৰ পৰা ওলাই অহা বায়ু প্ৰৱাহক বাকযন্ত্ৰ সহায়ত নিয়ন্ত্ৰণ কৰি ধ্বনি উচ্চাৰণ কৰা হয় ।


৫৫ । বাগিন্দ্ৰিয় অংগবোৰ কি কি ?

উত্তৰঃ ওঁঠ, দাঁত, তালু, জিভা, নাসিকা, আলজিভা, গলকোষ, ঘটিকা, স্বৰতন্ত্ৰী এই সকলোবোৰ অংগক বাগিন্দ্ৰিয় অংগ বোলে ।


৫৬ । ধ্বনি কাক বোলে ?

উত্তৰঃ হাওঁফআওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহৰ নাদ বা লহৰৰ নামেই ধ্বনি ।


৫৭ । ধ্বনি বিভাজন পদ্ধতি কেইটা আৰু কি কি ?

উত্তৰঃ দুটা । যেনে ঃ (ক) উচ্চাৰণ কৰণ (Points of Articulator) ।

(খ) উচ্চাৰণ স্থান (Points of Articulator) ।


৫৮ । উচ্চাৰণকৰণ অংগ কাক বোলে ? 

উত্তৰঃ যিবোৰ অংগ অতি সহজে সঞ্চালন কৰিব পাৰি সেইবোৰ অংগত উচ্চাৰণকৰণ বোলা হয় ।


৫৯ । উচ্চাৰণ স্থান কাক বোলে ?

উত্তৰ ঃ বাগিন্দ্ৰিয়ৰ যিবোৰ অংগ সহজে সঞ্চালন কৰিব নোৱাৰি অৰ্থাৎ তালু, আলজিভা, কন্ঠনলী, নাসিক্যাবিবৰ আদি লৰচৰ কৰিব নোৱাৰি কাৰণে এইবোৰ অংগক উচ্চাৰণ স্থান বুলি কোৱা হয় ।


৬০ । ঔষ্ঠ্য ধ্বনি কাক বোলে ?

উত্তৰ ঃ দুয়োটা ওঁঠৰ সহায়ত উচ্চাৰিত ধ্বনিক ঔষ্ঠ্য ধ্বনি বোলে ।


৬১ । দন্তৌষ্ঠ ধ্বনি কাক বোলে ?

উত্তৰঃ তলৰ ওঁঠে ওপৰৰ পাৰি দাঁত স্পৰ্শ কৰি উচ্চাৰণ কৰা ধ্বনি দন্তৌষ্ঠ ধ্বনি বুলি কোৱা হয় ।


৬২ । জিভাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ তিনি ভাগত ভাগ কৰা হৈছে । যেনে ঃ আগজিভা, মধ্যজিভা, আৰু পশ্চজিভা ।


৬৩ । দন্ত্য ধ্বনি কাক বোলে ?

উত্তৰঃ জিভাৰ আগটো ওপৰলৈ দাং খাই ওপৰৰ পাৰি দাঁতত স্পৰ্শ কৰি ধ্বনি উচ্চাৰণ কৰা কাৰ্যক দন্ত্য ধ্বনি বোলে ।


৬৪ । আগতালু কাক কোৱা হয় ?

উত্তৰঃ দন্তমূলৰ পাছৰ অংশটো অলপ বেঁকা হৈ ভিতৰলৈ সোমোৱা । ই কঠিন অংশ । তালুৰ এই কঠিন অংশটোক আগতালু বুলি কোৱা হয় ।


৬৫ । মূৰ্ধণ্য ধ্বনি কাক বোলে ?

উত্তৰঃ আগ তালুত জিভাৰ আগটো গৈ যি ধ্বনি উচ্চাৰিত হয় তাক মূৰ্ধণ্য ধ্বনি বোলে ।


৬৬ । তালব্য ধ্বনি কাক বোলে ?

উত্তৰঃ আগঝিভাৰে কঠিন তালুকত স্পৰ্শ কৰি উচ্চাৰণ কৰা ধ্বনি তালব্য ধ্বনি ।


৬৭ । পশ্চতালব্য ধ্বনি কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ জিভাৰ পাছ অংশ ওপৰলৈ দাং খাই পশ্চ তালু বা কোমল তালুত স্পৰ্শ কৰি যিবোৰ ধ্বনি উচ্চাৰণ হয় সেইবোৰক পশ্চতালব্য ধ্বনি বোলে । যেনে ঃ অসমীয়া ভাষাৰ ক, খ, গ, ঘ আদি ।


৬৮ । আলজিভা কাক বোলে ?

উত্তৰ ঃ কোমল তালু বা পশ্চ তালুৰ শেষৰফালে  ওলমি থকা অংশটোক আলজিভা বোলে ।


৬৯ । গলকোষ কাক কোৱা হৈছে ?

উত্তৰ ঃ শ্বাসনলী আৰু খাদ্যনলী সমান্তৰালকৈ ওপৰলৈ আহি ডিঙিৰ ভিতৰফালে মিলিত হৈ এটা নলীত পৰিণত হৈছে । সেই স্থানকেই গলকোষ বোলে ।


৭০ । কন্ঠনলীয় ধ্বনি কাক বোলে ?

উত্তৰ ঃ গলকোষ ঘৰ্ষণৰ ফলত যি ধ্বনিৰ সৃষ্টি হয় তাক কন্ঠনলীয় ধ্বনি বোলে ।


৭১ । নাসিক্য ধ্বনি কাক বোলে ?

উত্তৰ ঃ অনুনাসিক নাদৰ ফলত যি ধ্বনি উচ্চাৰিত হয় তাকে নাসিক্য ধ্বনি বোলে ।


৭২ । অনুনাসিক ধ্বনি কাক বোলে ?

উত্তৰঃ নাসিকা আৰু মুখবিবৰ খোলা থাকি দুয়োফালেদি বতাহ ওলাই আহিলে যি ধ্বনি উচ্চাৰিত হয় তাক অনুনাসিক ধ্বনি বোলে ।


৭৩ । ঘটিকা কাক বোলে ? ই কিহেৰে গঠিত ?

উত্তৰঃ গলকোষৰ পৰা অলপ তললৈ নামিলে শ্বাসনলীৰ মাজত যিটো অংশ অলপ বাহিৰফালে ওলাই অহা তাক ঘটিকা বোলে । ই উপাস্থিৰে গঠিত ।


৭৪ । স্বৰতন্ত্ৰী কাক বোলে ?

উত্তৰঃ গলগ্ৰন্থি উপাস্থি শ্বাসনলীৰ সন্মুখৰ ফালৰ পৰা নলীৰ দুয়োফালে দুভাগ হৈ পাছলৈ গৈছে । এই গলগ্ৰন্থি উপাস্থিৰ দুয়োটা মূৰে দুখন অতি পাতল পৰ্দাৰ দৰে আৱৰণে ধৰি ৰাখিছে । এই আৱৰণটোৱেই হৈছে স্বৰতন্ত্ৰী ।


৭৫ । ভুৱা স্বৰতন্ত্ৰী কাক বোলে ?

উত্তৰঃ স্বৰতন্ত্ৰী দুখনৰ ওপৰত দুয়োফালে দুখন পাতল তন্ত্ৰী থাকে, এই তন্ত্ৰী দুখন ভুৱা 


৭৬ । উপজিহ্বা কাক বোলে ?

উত্তৰঃ শ্বাসনলীৰ ওপৰৰ মূৰত জিভাৰ দৰে এছটা সৰু মাংসপেশী আছএ । ইয়াৰ এটা মূৰ জিহ্বা মূলৰ ভিতৰফালৰ লগত যুক্ত । ইয়াক উপজিহ্বা বোলে ।


৭৭ । অঘোষ ধ্বনি আৰু সঘোষ ধ্বনি কাক বোলে ?

উত্তৰঃ স্বৰতন্ত্ৰী দুটা যেতিয়া পৰস্পৰৰ পৰা আঁতৰা-আঁতৰিকৈ থাকে তেতিয়া কন্ঠনলীৰে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহে স্বৰতন্ত্ৰীত কোনো কম্পনৰ সৃষ্টি কৰিব নোৱাৰে , তেতিয়া যিবোৰ ধ্বনি উচ্চাৰণ হয়, সেইবোৰক অঘোষ ধ্বনি বোলে ।

         আনহাতে, স্বৰতন্ত্ৰী দুচটা ওচৰা-উচৰিকৈ চাপিলে কন্ঠনলী ঠেক কৰা হয়, তেতিয়া সেই পথেৰে বায়ুপ্ৰৱাহ ওলাই আহোতে স্বৰতন্ত্ৰীত কম্পনৰ সৃষ্টি হয় আৰু এই কম্পনত সৃষ্টি হয় আৰু এই কম্পনত সৃষ্টি হোৱা ধ্বনিক সঘওষ ধ্বনি বোলে ।


৭৮ । বিশিষ্ট স্বৰ ধ্বনি কাক বোলে ?

উত্তৰঃ কোনো এটা শব্দৰ ধ্বনিৰ পৰিবেশ বা সদৃশ একে ৰাখি এটা স্বৰ ধ্বনিৰ ঠাইত আন এটা স্বৰ ধ্বনি ব্যৱহাৰ কৰিলে যদি উচ্চাৰণ অথবা অৰ্থৰ পৰিৱৰ্তনে দেখা দিয়ে, তেন্তে সেই স্বৰ ধ্বনিক বিশিষ্ট স্বৰ ধ্বনি বোলে ।


৭৯ । অল্পপ্ৰাণ ধ্বনি কাক বোলে ?

উত্তৰঃ শ্বাসহীন বায়ু প্ৰৱাহৰ সহায়ত উচ্চাৰিত ধ্বনি অল্পপ্ৰাণ ধ্বনি বোলে ।


৮০ । বাগযন্ত্ৰৰ জৰিয়তে উচ্চাৰিত ধ্বনিসমূহৰ প্ৰধান দুটা শ্ৰেণী কি কি ?

উত্তৰঃ (ক) স্বৰ ধ্বনি 

            (খ) ব্যঞ্জন ধ্বনি


৮১ । যতি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ দুই প্ৰকাৰৰ । যেনেঃ অৰ্ধযতি আৰু পূৰ্ণ যতি ।


৮২ ।  অৰ্ধযতি আৰু পূৰ্ণযতি কাক বোলে ?

উত্তৰঃ য'ত অতি কম সময় স্থায়ী হয় তাকে অৰ্ধযতি বোলে ।

    আনহাতে, পদৰ য'ত যদি বেছি সময় স্থায়ী হয় তাক পূৰ্ণ যতি বোলে ।



অতি চমু প্ৰশ্নঃ

১। কথন কি?
উত্তৰঃ কথন হৈছে ভাব প্ৰকাশৰ সহজ পদ্ধতি।

২। কথন প্ৰক্ৰিয়াক কি বুলি কোৱা হয়?
উত্তৰঃ কথন প্ৰক্ৰিয়াক একপ্ৰকাৰৰ বাচিক শিল্প বুলি কোৱা হয় ।


৩। কথনৰ মূল উপাদান কি?
উত্তৰঃ কথনৰ মূল উপাদান হৈছে শব্দ।

৪। শব্দক কিহৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ শব্দক 'শব্দব্ৰক্ষ্ম' লগত তুলনা কৰা হৈছে ।

৫। কথন দক্ষতাত কি কি মৌলিক জ্ঞানৰ প্ৰয়োজন?
উত্তৰঃ কথন দক্ষতাত প্ৰয়োজন মৌলিক জ্ঞান সমূহ হল-শব্দৰ প্ৰয়োগ কৌশল, ভাষা জ্ঞান, যতি জ্ঞান, কথনগত আভ্যাস, প্ৰকাশ ভংগীৰ সৰলতা আৰু শুদ্ধ উচ্চাৰণ।

৬। কথন দক্ষতাৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ কথন দক্ষতা এটি বৈশিষ্ট্য হল-কথনগত ৰীতি।

৭। নৱৰত্নৰ বিশিষ্ট এগৰাকী  কবিৰ নাম লিখা।
উত্তৰঃ কালিদাস । 

৮। 'ড়' বৰ্ণটোৰ শুদ্ধ উচ্চাৰণৰ ৰূপ কি?
উত্তৰঃ  ড়' বৰ্ণটোৰ শুদ্ধ উচ্চাৰণৰ ৰূপটো ডবিন্দুৰ।

৯। ভাষা জ্ঞান মানুহৰ জন্মগত হয়নে?
উত্তৰঃ নহয়।

১০। যোগাযোগৰ উত্তম মাধ্যম কি ?
উত্তৰঃ ভাষাজ্ঞান । 

১১। ভাষাজ্ঞান অৰ্জনৰ এটি আদৰ্শ গুণ কি?
উত্তৰঃ ভাষাজ্ঞান অৰ্জনৰ এটি আদৰ্শ গুণ হৈছে নিৰ্ভুলতা।

১২। যতি কাক বোলে?
উত্তৰঃ সু নিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ সাময়িক বিচ্ছেদক যতি বোলে।

১৩। যতি প্ৰধানকৈ কেই প্ৰকাৰৰ?
উত্তৰঃ যতি প্ৰধানকৈ ২ প্ৰকাৰৰ।

১৪। যতিয়ে বাক্যক কি দান কৰে?
উত্তৰঃ যতিয়ে বাক্যক পূৰ্ণতা দান কৰে।

১৫। ক'মা কি?
উত্তৰঃ কমা হৈছে যতি চিন।

১৬। ঊৰ্ধ্ব ক'মাৰ ব্যৱহাৰ কেতিয়া হয়?

১৭। আমাৰ ভাষাত বৰ্ণ বিন্যাস কেইপ্ৰকাৰে হয়? 
উত্তৰঃ ২প্ৰকাৰৰ। 

১৮। 'ব’ আৰু ‘ৱ'ৰ উচ্চাৰণ একেনে? 
উত্তৰঃ নহয়। 

১৯। ভাৰতীয় ভাষা সংস্থাৰ কাৰ্যালয় ক’ত?  

২০। স্বৰাস্ত আৰু ব্যঞ্জনান্ত শব্দৰ পাৰ্থক্য থকা শব্দ এটি লিখা।  

২১। বাকযন্ত্র কি? 
উত্তৰঃ ওঁঠ, দাঁত, তালু, জিভা, নাসিকা, আলজিভা, গলকোষ, ঘটিকা, স্বৰতন্ত্ৰী এই সকলোবোৰ অংগক বাকযন্ত্ৰ বোলে । 

২২। 'ভাষা' শব্দটোৰ অৰ্থ কি?  
উত্তৰঃ ভাষা শব্দটো অৰ্থ ব্যক্তবাণী।

চমু প্রশ্নঃ 

১। কথন দক্ষতাৰ মৌলিক বিষয়সমূহ কি কি? 
উত্তৰঃ কথন দক্ষতাৰ মৌলিক বিষয়সমূহ হল-
            ক) শব্দজ্ঞান
            খ) শব্দ প্ৰয়োগৰ কৌশল।
            গ) ভাষা জ্ঞান।
            ঘ) যতি জ্ঞান।
            ঙ) কথনগত অভ্যাস।
            চ) শুদ্ধ উচ্চাৰণ।

২। কথন দক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।  
উত্তৰঃ  কথন দক্ষতাৰ দুটা বৈশিষ্ট্য হল-ক) কথনগত ৰীতি, খ) কথনৰ স্বাভাৱিকতা।

৩। কথন বিদ্যাৰ উদ্দেশ্যে কি? 
উত্তৰঃ কথন বিদ্যাৰ উদ্দেশ্য হল-
ক) কথন বিদ্যা শুদ্ধ আৰু শ্ৰুতিমধুৰকৈ শিকিলে ছাত্ৰ-ছাত্ৰী সকলৰ ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন হয়।তদুপৰি কথন বিদ্যাত পাৰ্গত হলে যিকোনো পৰিৱেশ-পৰিস্থিতিত তেওঁ লোকে নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ কেতিয়াও শংকা বা ভয় নাথাকে।
খ) কথন বিদ্যাই ছাত্ৰ-ছাত্ৰী সকলক কথন বিষয়ৰ ভাব তথা ভাষাৰ সংযমৰ বিষয়ে আগ্ৰহী কৰি তোলে।
গ) কথন বিদ্যাই সঠিক অভ্যাস কৰিলে শব্দ উচ্চাৰণ সময় বাগিন্দ্ৰীয় বা বাকযন্ত্ৰ বিভিন্ন অংগৰ সঞ্চালনত ধ্বনি বা শব্দ উচ্চাৰণ হয়তাৰ জ্ঞান ছাত্ৰ-ছাত্ৰীসকলে পায়, লগতে বিৰাম, যতি আদিত ক'ত ,কেনেদৰে ৰব লাগিব তাৰ জ্ঞান পায়।
ঘ) কথন বিদ্যাৰ শুদ্ধ অনুশীলন থাকিলে ছাত্ৰ-ছাত্ৰী তথা অন্য শিক্ষিত ব্যক্তিয়ে কুইজ, তৰ্ক প্ৰতিযোগিতা, সভা-সমিতি আদিত অংশ লবলৈ কোনোধৰণৰ দ্বিধাবোধ নকৰে।   

৪। ভাষা বুলিলে কি বুজা?  
উত্তৰঃ  মানুহে মনৰ ভাব বিনিময় কৰিবলৈ যি অৰ্থৱহ ধ্বনি সমষ্টি ব্যৱহাৰ কৰে সিয়ে ভাষা। 

৫। ভাষাৰ এটি সংজ্ঞা দিয়া। 
উত্তৰঃ দাৰ্শনিক এৰিষ্টলৰ মতে - ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে।

৬। চাৰ্লছ বাৰবাৰে ভাষা সম্পর্কে কি কৈছিল? 
উত্তৰ- চাৰ্লছ বাৰবাৰে ভাষা সম্পৰ্কে এনেদৰে কৈছে- ' ভাষা হল এক ইংগিত পূৰ্ণ মাধ্যম- যাৰ দ্বাৰা কোনো লোক সমষ্টিয়ে একপ্ৰকাৰৰ প্ৰতীকী ধ্বনি ব্যৱহাৰ কৰি যোগাযোগ আৰু সামাজিক বুজাপৰা ৰক্ষা কৰি চলিব পাৰে। 

৭। ভাষাৰ প্ৰকৃতি কেনে হোৱা উচিত?  
উত্তৰঃ ভাষাৰ প্ৰকৃতি কেনে হোৱা উচিত তলত দিয়া হল-
ক) ভাষা ভাৱ বিনিময় কাৰ্যত লিখিত আদিৰ মাধ্যমেৰে সম্ভৱ।
খ) ভাষা জ্ঞান বিশুদ্ধ মানৱীয় আৰু সহজাত প্ৰবৃতি মাধ্যম।
গ) ভাষা ভাৱ বিনিময়ৰ মাধ্যম। প্ৰত্যেক জাতি-জনগোষ্ঠীৰ ভাৱ বিনিময়ৰ মূল বিষয়বস্তু হল ভাষা। সেয়ে ভাষা জ্ঞান অতি আৱশ্যকীয়।
ঘ) ভাষা হল বুদ্ধিগ্ৰাহ্য পদ্ধতি।
ঙ) ভাষাৰ প্ৰকৃতি হৈছে প্ৰণালীগত।
চ) ভাষাৰ আধাৰ হল ধ্বনি প্ৰতীক।

৮। ভাষাজ্ঞান কি কি আদৰ্শ গুণৰ ওপৰত নিৰ্ভৰ কৰে?  
উত্তৰঃ ভাষাজ্ঞান নিৰ্ভুলতা, বোধগম্যতা, প্ৰকাশভংগী আদি আদৰ্শ গুণৰ ওপৰত নিৰ্ভৰ কৰে।

৯। যতি কাক বোলে? এটি উদাহৰণেৰে বুজাই দিয়া।  
উত্তৰঃ সুনিয়ন্ত্ৰিত ধ্বনি প্ৰৱাহৰ সাময়িক বিচ্ছেদক যতি বোলে।
যেনেঃ 'ভৈলা পৰশুৰাম নামে অৱতাৰ।।
            নিক্ষত্ৰিয় কৰিলাহা তিনি সাত বাৰ।।' 

১০। যতি চিনৰ ব্যৱহাৰে বাক্যৰ অৰ্থৰ পৰিৱৰ্তন কৰিব পাৰেনে? লিখা।  
উত্তৰঃ যতি চিনৰ ব্যৱহাৰে বাক্যৰ অৰ্থৰ পৰিৱৰ্তন কৰিব পাৰে । 
    বাক্যবোৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ্থে আৰু কথন বা বাক্যৰ মাধুৰ্য বা লয় প্ৰকাশকৰাৰ অৰ্থে যতি চিন ব্যৱহাৰ কৰা হয়। যতিৰ প্ৰয়োগে শব্দ বা বাক্যৰ অৰ্থৰ স্পষ্টতা বহন কৰে। আনহাতে অৰ্থৰ প্ৰতি লক্ষ্য নাৰাখি বিৰাম ল’লে ক'ব খোজা কথাখিনিৰ অর্থ প্রকাশ নাপাব আনকি তাৰ বিপৰীত অৰ্থহে প্ৰকাশ পাব। তলৰ বাক্যকেইটালৈ মন কৰিলেই কথাটো প্রতীয়মান হ'ব।

সি পাৰলৈ গ'ল।

সিপাৰলৈ গ'ল।

সি পাৰ লৈ গ'ল।

বা

তুমি ভাত খালা।

তুমি ভাত খালা।

    ওপৰৰ বাক্যবোৰত ধ্বনি একেই অথচ বিৰাম অনুসৰি তাৰ অৰ্থ সুকীয়া সুকীয়া হৈছে। এইটো কথা মনত ৰখা ভাল হ’ব আমি কথা কওঁতে য'ত বিৰাম লওঁ, সেই একেটা কথাকে লিখোতে তাত বিৰাম নহ'বও পাৰে। বাক্যত যতি চিনৰ ব্যৱহাৰৰ কিছুমান নিয়ম আছে।

১১। কথন ভাষাত শুদ্ধ উচ্চাৰণ শিকোৱাৰ তিনিটা উদাহৰণ দিয়া। 
উত্তৰঃ কথন ভাষাত শুদ্ধ উচ্চাৰণ শিকোৱাৰ তিনিটা উদাহৰণ হ'ল 
১। শিক্ষকৰ ধ্বনিতত্ত্ব  আৰু বাকযন্ত্ৰৰ জ্ঞান ।
২। সমস্বৰ কথন।
৩। ভাষা উচ্চাৰণৰ ধৰণ । 

ৰচনাধৰ্মী প্রশ্নঃ  

১। কথন দক্ষতা বুলিলে কি বুজা? কথন দক্ষতাৰ মৌলিক জ্ঞানৰ  বিষয়সমূহৰ বিষয়ে লিখা।  
উত্তৰঃ কথন এক স্বাভাৱিক প্ৰক্ৰিয়া। ই একপ্ৰকাৰৰ বাচিক শিল্প। 
দক্ষতা হ'ল কোনো এটা ভাষা কওঁতাসকলৰ বিমূৰ্ত আৰু সূক্ষ্ম দৃষ্টিসম্পন্ন জ্ঞান, যি জ্ঞানৰ দ্বাৰা তেওলোকে ভাষা শুদ্ধকৈ ব্যৱহাৰ কৰে । 
    কথন দক্ষতাৰ মৌলিক জ্ঞানৰ বিষয়সমূহ হ'ল 
১। শব্দজ্ঞান
২। শব্দ প্ৰয়োগৰ কৌশল
৩। ভাষা জ্ঞান
৪। যতি জ্ঞান
৫। কথনগত অভ্যাস
৬। প্ৰকাশভংগীৰ সৰলতা
৭। শুদ্ধ উচ্চাৰণ ।


২। কথন দক্ষতাৰ বৈশিষ্ট্যসমূহ কি কি বহলাই লিখা। 
উত্তৰঃ কথন দক্ষতাৰ বৈশিষ্ট্যসমূহ হল-
ক) কথনগত ৰীতিঃ বক্তাৰ কথনৰীতি এনে হোৱা উচিত, যাতে কোনো শ্ৰোতাই কথাখিনি শুনি অভ্ভূত হয়। এই ক্ষেত্ৰত বক্তাৰ কথাৰ ধৰণ কৰণ পোণপটীয়া হোৱা বাঞ্ছনীয়। কথনৰীতি সটিক হলে বহুতেই বহুতৰ ওচৰত হাৰ মানিব লগা হয় অথবা তেওঁৰ কথনৰীতি মুগ্ধ হয় আৰু তেওঁৰ কথনৰীতি শৈলী গ্ৰহণ কৰিবলৈ আগবাঢ়ি যায়।

খ) কথনৰ স্বাভাৱিকতাঃ কথন স্বাভাৱিক হোৱা উচিত। কওঁতাজনে কথা কওঁতে যাক যেনেদৰে কথা কলে শুৱাই, ঠিক তেনেদৰে কথাৰ পাতনি তৰা আৰু সামৰণি মাৰিব লাগে।

গ) সামাজিক আচৰণঃ কথন দক্ষতাত সামাজিক আচৰণ মানি চলা প্ৰয়োজন। কোনো অপৰিচিত লোক বা পৰিচিত লোকৰ লগত কথা-বতৰা পাতোতে সামাজিক মৰ্যাদাৰে আলোচনা আগবঢ়াব লাগে।

ঘ) মানদণ্ডতাঃ কথন ক্ষেত্ৰত মানদণ্ডতা বজাই কথা কোৱা প্ৰয়োেজন। বয়সত ডাঙৰ বা সৰু জনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে ঠিক তেনে কথা শিক্ষক বা অভিভাৱক সকলে সময়ত শিকোৱাটো নৈতিক দায়িত্ব।
ঙ) সঠিক প্ৰয়োগঃ কথনৰ সময় সঠিক শব্দ -বাক্যাদিৰ প্ৰয়োগ বিশেষ কথা। কাৰণ প্ৰয়োগৰ ইফাল-সিফাল হলেই বক্তাৰ কবলৈ যোৱাৰ কথাৰ গূঢ়াৰ্থ উপলব্ধি কৰাটো টান হৈ পৰে। কেতিয়াবা সুৰ-লহৰৰ তাৰতম্যতাৰ ফলত কথনৰ অৰ্থৰ সাল-সলনি হোৱা দেখা যায়।সঠিক কথনৰ প্ৰয়োগে সঠিক অৰ্থ বহন কৰে। নহলে ছাত্ৰ-ছাত্ৰী মাজত ভুল বুজাবুজি হব পাৰে।  
চ) মাৰ্ধুযতাঃ কথন দক্ষতা ক্ষেত্ৰত মাৰ্ধুযতা অন্যতম বৈশিষ্ট্য। কথা-বতৰাত মধুৰতা থাকিলে তেনে কথাই সহজে সকলোকে আকৰ্ষণ কৰিব পাৰে। জনা-নজনা কথা সজাই-পৰাই বা অলংকাৰপূৰ্ণ কৰি কলে মানুহৰ মন মুগ্ধ কৰি তুলিব পাৰে। কেতিয়াবা এনেকুৱাও হয় ৰসযুক্ত বা কৌতূহলপূৰ্ণ কথা মাধুৰ্যতাৰে কব নাজানিলে শুনি আমনি পোৱা যায়। কথন বিনম্ৰ, স্পষ্টতা আৰু শ্ৰুতিমধুৰ অলংকাৰপূৰ্ণ হলেই আনক সহজেই মুগ্ধ কৰিব পাৰি।


৩। ভাষাজ্ঞানৰ আদৰ্শ গুণসমূহৰ বিষয়ে লিখা।
উত্তৰঃ ভাষাজ্ঞানৰ আদৰ্শ গুণসমূহ হল-
ক) নিৰ্ভূলতাঃ ভাষাৰ কথনগত দিশ যাতে নিৰ্ভূল হয় তালৈ বক্তাৰ গৰাকীয়ে লক্ষ্য কৰিব লাগিব। মানুহৰ কথন প্ৰায়ে ভুল-ক্ৰটি হোৱা দেখা যায়। এই ভুল-ক্ৰটিবোৰ আঁতৰাবৰ বাবে বক্তাৰগৰাকী শব্দ, বৰ্ণ, বাক্য আদি স্পষ্ট উচ্চাৰণ কৰিব লাগিব লগতে যতি, বিৰাম আদিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰয়োজন বোধে কথন দক্ষতা ব্যক্তিৰ কথন ভংগী অনুসৰণ কৰিব পাৰে। তেওঁ ক'ত কিদৰে যতি, বিৰাম,ক'মা, ছন্দ, সুৰ-লহৰ আদি প্ৰয়োগ কৰিছে তাৰ প্ৰতি লক্ষ্য দিয়া উচিত। কেৱল সেয়াই নহয়, শুদ্ধ উচ্চাৰণৰ ওপৰতহে অধিক মনোযোগ দিব লাগিব,অন্যথা তাৰ শুদ্ধ অৰ্থও প্ৰকাশ নাপাব।
খ) বোধগম্যতাঃ ভাষা জ্ঞানত বোধগম্যতা এটি তাৎপৰ্য পূৰ্ণ দিশ। কথনভংগীত তাৰ  উপলব্ধি কৰিব নোৱাৰিলে ভাষা জ্ঞানত কোনো মূল্য নাথাকিব। কওঁতাগৰাকীয়ে কি ক'বলৈ যাব তাৰ বিষয়ে বোধজ্ঞান আগতে অৰ্জন কৰিব লাগিব, ন'হলে কথন প্ৰণালীত আউল লাগিব পাৰে। তেওঁ এইটো লক্ষ্য ৰাখিব লাগিব যাতে শ্ৰোতাই তেওঁৰ কথাখিনি হৃদয়ংগম কৰিব পাৰে।
গ) প্ৰকাশভংগীঃ ভাষা এটাৰ মূলবস্তু হ'ল প্ৰকাশ ভংগী।ভাষাৰ সাৱলীলতা থাকিলেও কেতিয়াবা প্ৰকাশভংগীৰ স্পষ্টাতা নাথাকিলে যিমানেই বক্তাৰগৰাকী কথন ৰীতি প্ৰকাশ নকৰক কিয় সি মানৱ সমাজত বিশেষ সঁহাৰি নাপায়। প্ৰকাশভংগীৰ দুৰ্বলতাৰ কাৰণে কোৱা কথাখিনিৰ পৰা কোনো আনন্দ নাহে। যাৰফলত হৃদয়ত গভীৰ সাঁচ বহুৱাব নোৱাৰে। শুদ্ধ উচ্চাৰণত শুদ্ধ প্ৰকাশভংগীৰ প্ৰকাশ পায়। 

৪। অসমীয়া ভাষাত যতি জ্ঞানৰ প্ৰয়োজনীয়তা আছেনে নাই? আলোচনা কৰা।  

উত্তৰঃ অসমীয়া ভাষাত যতি জ্ঞানৰ প্ৰয়োজনীয়তা আছে।
            কথন দক্ষতা আৰু মহত্ব ক্ষেত্ৰত যতি জ্ঞানৰ প্ৰয়োজন। কথনৰ দক্ষতা আৰু মহত্ব যতি জ্ঞানৰ ওপৰতে যথেষ্ট নিৰ্ভৰ কৰে। কথনত পাৰ্গত হলেও যতি জ্ঞান নাথাকিলে তেওঁৰ কথনে শ্ৰোঁতাৰ মাজত  বিশেষ সঁহাৰি নাপায়। যাৰ বাবে শ্ৰোঁতাসকলে মনত কোনোধৰণৰ আনন্দ নাপায়। যতি জ্ঞান থকা ব্যক্তিয়ে নিজৰ বক্তব্যখিনি অতি সন্মোহিনী ৰূপত কৈ অনেক শ্ৰোতাৰ মন মুগ্ধ কৰিব পাৰে। যতি অবিহনে ভাষাৰ বাক্যাংশৰ কোনো তাৎপৰ্য অৰ্থহীন হোৱাৰ দৰে হব। যতিয়ে বাক্যক পূৰ্ণতা দান কৰে।

৫। অসমীয়া ভাষাত যতি চিনৰ বিষয়ে লিখা।  
উত্তৰঃবাক্যবোৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ্থে আৰু কথন বা বাক্যৰ মাধুৰ্য বা লয় প্ৰকাশকৰাৰ অৰ্থে যতি চিন ব্যৱহাৰ কৰা হয়। যতিৰ প্ৰয়োগে শব্দ বা বাক্যৰ অৰ্থৰ স্পষ্টতা বহন কৰে। আনহাতে অৰ্থৰ প্ৰতি লক্ষ্য নাৰাখি বিৰাম ল’লে ক'ব খোজা কথাখিনিৰ অর্থ প্রকাশ নাপাব আনকি তাৰ বিপৰীত অৰ্থহে প্ৰকাশ পাব। তলৰ বাক্যকেইটালৈ মন কৰিলেই কথাটো প্রতীয়মান হ'ব।

সি পাৰলৈ গ'ল।

সিপাৰলৈ গ'ল।

সি পাৰ লৈ গ'ল।

বা

তুমি ভাত খালা।

তুমি ভাত খালা।

    ওপৰৰ বাক্যবোৰত ধ্বনি একেই অথচ বিৰাম অনুসৰি তাৰ অৰ্থ সুকীয়া সুকীয়া হৈছে। এইটো কথা মনত ৰখা ভাল হ’ব আমি কথা কওঁতে য'ত বিৰাম লওঁ, সেই একেটা কথাকে লিখোতে তাত বিৰাম নহ'বও পাৰে। বাক্যত যতি চিনৰ ব্যৱহাৰৰ কিছুমান নিয়ম আছে।

    ক’‘মা লঘু যতি (,) ঃ একে জাতীয় বা ধৰণৰ তিনিটা বা তাতোকৈ বেছি শব্দ একেলগে ব্যৱহাৰ কৰিলে, সেই শব্দবোৰৰ একেবাৰে শেষৰ শব্দটোৰ বাহিৰে বাকী শব্দবোৰত লঘু্যুতি (,) ব্যৱহাৰকৰা হয়। লঘু যতিত সামান্য বিৰাম হয়। যেনে— নৰেনে আলু, বেঙেনাস, পটল আদি কিনিছে।

    সংযোজক অব্যয় ‘আৰু'ৰে বাক্য সংযোগ কৰিলে সংযোজিত শব্দ দুটাৰ বাহিৰে বাকী শব্দবোৰৰ লঘু যতি বা কমা বহিব। যেনে— ৰাম, হৰি, যদু আৰু ৰাধা গুৱাহাটীলৈ গ'ল।

    কেতিয়াবা সম্বোধন কৰি কথা ক'লেও লঘু যতি বা ক’মা ব্যৱহাৰ কৰা হয়। যেনে— খুৰা, তুমি আহিবা জানো?

    গুৰু যতি বা চেমিক'লন (;) ঃ দুটা বাক্যৰ মাজত যদি পৰস্পৰ সম্বন্ধ থাকে, তেন্তে বাক্য দুটাৰ মাজত গুৰু যতি বা চেমিক’লন বহে। এনেক্ষেত্ৰত প্রথম বাক্যটো সমাপিকা ক্রিয়াৰে শেষ হ'ল অথচ সম্পূর্ণ অর্থটো প্রকাশ নাপায় আৰু পিছৰ বাক্যটোৰ লগত অৰ্থপূর্ণতাৰ সম্বন্ধ থাকে। এনে বাক্যৰ ক্ষেত্ৰত লঘু যতিতকৈ অলপ স্থায়ী বেছি বিৰাম গুৰু যতিত দিব লাগে। যেনে— মোৰ বৰ ভোক লাগিছে৷ মোক ভাত দিয়া। তোমাৰ জীৱন স্থায়ী নহয়; সেয়ে ভাল কাম কৰিবা।

    দাৰি বা ছেদ (।) ঃ কোনো এটা বাক্য সম্পূর্ণ বা শেষ হোৱা বুজালে দাৰি বা ছেদ (1) ব্যৱহাৰ হয়। দাৰি চিহ্নই বক্তব্য ভাবটোক সম্পূর্ণ হোৱা বুজায়। দাৰি চিন ব্যৱহাৰ কৰিলে গুরু যতিতকৈও বেছি সময় ৰ'ব লাগে। অর্থাৎ বিৰাম বেছি হয়। যেনে- মই অহাকালি গুৱাহাটীলৈ যাম। প্রাচীন অসমীয়া কবিতা বা পদ্য ৰচনাত দুডাল দুডাল দাবি বা ছেদ দিয়া দেখা যায়। যেনে—


তুমি নিৰঞ্জন পাতক ভঞ্জন। 
দানৱ গঞ্জন গোপিকাৰঞ্জন।।

    প্রশ্নবোধক চিন (?) ঃ কাৰোবাক কিবা সুধিলে বা প্রশ্ন কৰিলে এই যতি চিন ব্যৱহাৰ কৰা হয়। যেনে

তোমাৰ ঘৰ ক’ত?

ভাত খালানে?

    ভাববোধক চিন (!) ঃ হর্ষ, বিষাদ, আশ্চর্য, শোক, ভয়, অর্থাৎ মনৰ তীব্র অনুভূতি, আৱেগ আদি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যৰ শেষত এই যতি চিন ব্যৱহাৰ কৰা হয়। যেনে—

উঃ কি অসহ্য গৰম !
 উঃ কি বীভৎস দৃশ্য !
কি ধুনীয়া দৃশ্য ! ইত্যাদি। 
    
    ডেছ চিহ্ন (—) ঃ কিবা কথা কৈ থাকোতে বা লিখি থাকোতে ভাবৰ গতি সলনি হ'লে ‘ডেছ' চিন ব্যৱহাৰ কৰা হয়। যেনে— নতুন বছৰটো হওক সুৰভিৰে ভৰা, তোমাৰ আশাবোৰ হওক স্বপ্ন ৰঙীন— এয়ে মোৰ কামনা।
 
    ক’লন (ঃ) আৰু ক’লনডেছ (ঃ) : কিবা কথাৰ উল্লেখ চকুত পৰাকৈ কৰি, তাৰ লগতে ব্যাখ্যা কৰিলে ক’লন ব্যৱহাৰ কৰা হয়। বাক্যত সূত্র লিখিলে বা আগৰ কথাখিনিৰ অৰ্থত এই যতি চিন ব্যৱহাৰ কৰা হয়। যেনে পৰিকল্পনা ঃ নৱ গোস্বামী, প্রকাশক : মা লক্ষ্মী পাব্লিকেচন। কেতিয়াবা শব্দৰ শেষৰ অংশ লোপ পালেও এই যতি চিন ব্যৱহাৰ কৰা হয়।

যেনে— পৃঃ। কেতিয়াবা ক’লন ডেছ চিনি ব্যৱহাৰ কৰা হয়। যেনে— ভাল মনৰ মানুহে সজ চিন্তা কৰে।

    হাইফেন বা যোগাযোগ (—) ঃ সমাসৰ দ্বাৰা লগ লগা বা সংযুক্ত শব্দৰ মাজত এই যতি চিন ব্যৱহাৰ হয়। বিপৰীত শব্দ যোৰা বুজাবলৈ, অনুৰূপ, অনুকাৰ শব্দ বুজাবলৈও এই চিন ব্যৱহাৰ হয়। যেনে— হাতে-কটা, মাছ-তাছ ভাত-কাপোৰ, পিতা-মাতা, বুঢ়া-বুঢ়ী। উল্লেখনীয় কথা যে আধুনিক অসমীয়া ভাষাত হাইফেনৰ ব্যৱহাৰ প্ৰায়ে কমি আহিছে।

    ঊর্ধ্বক'মা (') ঃ আমাৰ স্বৰবৰ্ণমালাত অ’ স্বৰটো লিখিবলৈ সুকীয়া বৰ্ণ বা আখৰ নাই। সেই বাবে অ-স্বৰৰকাষতে ওপৰত ঊর্ধ্বকমা (') দি স্বৰবৰ্ণটো বুজোৱাৰ যত্ন কৰা হৈছে। অ’ এটা সুকীয়া স্বৰধ্বনি। সেইকাৰণে তাক অ-ত ঊর্ধ্বকমা নিলিখিলে শব্দবোৰ ভুল হ’ব। ঊর্ধ্ব ক’মা ব্যৱহাৰ হোৱা শব্দৰ কথন উচ্চাৰণ শুদ্ধ বা সঠিকভাৱে কৰিব লাগিব।

যেনে— ব’দ, ক'ত, য'ৰা, ল'ৰা, বলা, গ'ল, ম'হ ইত্যাদি। এনেধৰণৰ শব্দত অ' স্বৰটো লিখিবলৈ সুকীয়া বর্ণ বা আখৰ নাই। 

ঊর্ধ্বক'মা ব্যৱহাৰৰ কেইটামান মন কৰিবলগীয়া বিষয়—

    (১) ঊর্ধ্ব ক'মা য'ত লাগে তাত ব্যৱহাৰ নকৰিলে কিছুমান শব্দৰ অৰ্থ বেলেগ হৈ পৰিব আৰু কথন বা লিখন প্ৰক্ৰিয়াত সঠিক উচ্চাৰণৰ লিখনৰ প্রয়োজন।

যেনে-

ক'ত                      কত

ব’ল                       বল

য'ত                       যত ইত্যাদি


(২) ঊর্ধ্ব কমা লগা শব্দত ঊর্ধ্বক মা নিদিলে কিছুমান শব্দ তেনেই
অৰ্থহীন হৈ পৰে। যেনে

ব'হাগ                      বহাগ

ব’ৰাগী                     বৰাগী

ৰ'দালি                     বদালি ইত্যাদি।

(৩) ক, থ, ব, যা (গ হয়) ৰ, আৰু হ এই ধাতুকেইটাৰ পৰা পোৱা সকলোবোৰ ইলভাগান্ত ৰূপত ঊর্ধ্বক 'মা সদায় লিখিব লাগে। যেনে

ক-ধাতু : ক'লা, ক’লি, ক’লে

থ-ধাতু : থ'লা, থ’লি, থ'লে

ব-ধাতু :  ব'লা, ব’লি, ব'লে

যা-ধাতু : গ'লা, গলি, গ'লে

ৰ-ধাতু : ৰ'লা, ৰলি, ৰ'লে

ল-ধাতু : ল'লা, ললি, ল'লে

হ ধাতু : হ’লা, হলি, হ'লে 

প্রক্ষেপ চিন ("-") (বা উদ্ধৃতি ঊর্ধ্বক মা) ঃ নিজৰ লিখনিৰ মাজত আনৰ কথাৰ হুবহু উদ্ধৃতি দিলে এই যতি চিন ব্যৱহাৰ কৰা হয়। প্রত্যক্ষ উক্তিতো এনে চিন ব্যৱহাৰ কৰা হয়। যেনে— ‘তেওঁ ক'লে, ‘মই আজি স্কুললৈ নাযাওঁ।’ দুর্গাবৰৰ গীতি ৰামায়ণৰ বিষয়ে ড° মহেশ্বৰ নেওগে লিখিছে, ‘কিংকিন্ধ্যা কাণ্ডৰ গীত-পদ কন্দলিৰ পৰা বৰ বেছি পৃথক নহয়। সুন্দৰাকাণ্ডও যেন কন্দলিৰ চমু তাঙৰণ।”

    কথন প্রক্রিয়াত যতি জ্ঞান অতি আৱশ্যকীয় উপাদান। ব্যক্তি এজন যিমানেই কথকী নহওক কিয়, যদি তেওঁৰ কথনত একেলেথাৰিকৈ কৈ যায় সেই কথাই শ্রোতা বা পাঠকৰ মন আকৰ্ষিত কৰিব নোৱাৰে। আনকি অৰ্থৰূপৰো ব্যতিক্রম ঘটিব।


৬। কথন ভাষাৰ উচ্চাৰণৰ দোষৰ কাৰণসমূহ বৰ্ণনা কৰা। 
উত্তৰঃ কথন ভাষাৰ উচ্চাৰণৰ দোষৰ কাৰণঃ বিভিন্ন কাৰণত কথন ভাষা প্ৰক্ৰিয়াত ল'ৰা-ছোৱালীৰ উচ্চাৰণৰ দোষ ঘটিব পাৰে। তেনে কিছুমান দোষৰ বিষয়ে আলোচনা আগবঢ়োৱা হল-
১) উচ্চাৰণ ৰীতি-নীতি পদ্ধতিৰ বিষয়ে বহু সময়ত অজ্ঞাত হোৱাৰ বাবেও উচ্চাৰণৰ দোষ বা ক্ৰটি ঘটিব পাৰে। সাধাৰণতে উচ্চাৰণৰ ভিন্নতা থকা শব্দবোৰ শুদ্ধকৈ  শিক্ষক বা অভিভাৱকে মাতি নুশুনোৱাৰ ফলত এনে উচ্চাৰণৰ দোষ ৰৈ যায়।
২) কওঁতাৰ বক্তব্যখিনি মনোযোগেৰে নুশুনিলে বা অন্যমনস্ক ভাৱে শুনিলে আৰু শুনোতে শুদ্ধকৈ নুশুনিলে উচ্চাৰণৰ বিভ্ৰাট ঘটাৰ সম্ভাৱনা থকিব পাৰে।
৩) আমাৰ সমাজত এনে কিছুমান লৰা-ছোৱালী আছে যিয়ে শুনা আৰু কিছুমানৰ শ্ৰৱণ যন্ত্ৰৰ বিকৃতি থাকে। এনে লৰা-ছোৱালীৰ কিম্বা প্ৰাপ্তবয়স্ক লোকসকলে শিক্ষক বা কোনোবাই কলেও তেওঁলোকৰ শুদ্ধ উচ্চাৰণ তৎক্ষণাত আহৰণ কৰিব নোৱাৰে।
৪) শব্দৰ বানানৰ ৰূপ নাজানিলে ভাষা বা শব্দৰ উচ্চাৰণত জটিলতাই দেখা দিয়ে।
৫) প্ৰাথমিক পৰ্যা.ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ ভাষাৰ শুদ্ধ উচ্চাৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱৰ কাৰণে লৰা-ছোৱালীয়ে শুদ্ধ উচ্চাৰণ লাভ কৰিব পৰা নাই।  

বা, 

 (১)কওঁতাৰ বক্তব্যখিনি মনোযোগোৰে নুশুনিলে বা অন্যমনস্কভাৱে শুনিলে আৰু শুনোতে শুদ্ধকৈ নুশুনিলে উচ্চাৰণত বিভ্ৰাট ঘটাৰ সম্ভাৱনা থাকিব পাৰে ।

(২) আমাৰ সমাজত এনে কিছুমান লৰা-ছোৱালী আছে যিয়ে খোনা আৰু কিছুমানৰ শ্ৰৱণ যন্ত্ৰৰ বিকৃতি থাকে । এনে লৰা-ছোৱালী কিম্বা প্ৰাপ্তবয়স্ক লোকসকলে শিক্ষক বা কোনোবাই কলেও তেওঁলোকৰ শুদ্ধ উচ্চাৰণ তৎক্ষণাত আহৰণ কৰিব নোৱাৰে ।

(৩) শিক্ষক বা অন্য কওঁতাজনৰ প্ৰতি বিভিন্ন কাৰণজনিত ভয়, শংকা, দ্বিধা, সংকোচ আদি লৰা-ছোৱালীৰ থাকিলে, তেতিয়াও উচ্চাৰণৰ খেলিমেলি ঘটিব পাৰে ।

(৪) শব্দৰ বানানৰ ৰুপ নাজানিলে ভাষা বা শব্দৰ শুদ্ধ উচ্চাৰণত জটিলতাই দেখা দিয়ে ।

(৫) প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ ভাষাৰ শুদ্ধ উচ্চাৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱৰ কাৰণে লৰা-ছোৱালীয়ে শুদ্ধ উচ্চাৰণ লাভ কৰিব পৰা নাই ।

৭। কথন ভাষা শুদ্ধ উচ্চাৰণ শিকোৱাৰ উপায়সমূহ কি কি?

উত্তৰঃ কথন ভাষা শুদ্ধ উচ্চাৰণ শিকোৱাৰ উপায়সমূহ হল-
১) সমস্বৰঃ বহু সময়ত কঠিন শব্দ বা বাক্যবোৰ ছাত্ৰ-ছাত্ৰীয়ে কওঁতে বা পঢ়োতে বিপাঙত পৰে। তেনে পাঠ ছাত্ৰ-ছাত্ৰীসকলে পঢ়িবলৈ বা কবলৈ দিয়াৰ আগতে শিক্ষকে শুদ্ধ উচ্চাৰণৰ প্ৰক্ৰিয়াৰে মাতি শুনাব লাগে আৰু তাৰ পিচত ছাত্ৰ-ছাত্ৰী সকলক দিব লাগে।
২) বক্তৃতা দিয়াৰ অভ্যাসঃ বৰ্ণ বা শব্দৰ শুদ্ধ উচ্চাৰণৰ বাবে মাজে-সময়ে ছাত্ৰ-ছাত্ৰী মাজত বক্তৃতা অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক মনৰ ভয়, শংকা, দ্বিধাবোধ আঁতৰি যায়। যাৰ ফলত তেওঁলোকৰ শুদ্ধ উচ্চাৰণৰ অভ্যাস গঢ়ি উঠিব পাৰে।
৩) আবৃতিৰ অনুশীলনঃ মানুহৰ বচন ভংগীৰ সুন্দৰ কৰিবলৈ আবৃত্তিৰ দৰকাৰ। আবৃত্তি এনে এক সুন্দৰ কলা যাৰ দ্বাৰা কবিতা বা গদ্যৰ যিকোনো বচন বা সংলাপেৰে সম্পূৰ্ণ অৱয়বটো আমাৰ কাণত বাজি উঠে।ছাত্ৰ-ছাত্ৰীয়ে আবৃত্তি কৰোতে প্ৰতিটো ধ্বনি, শব্দ, যতি চিন আৰু সুস্পষ্ট উচ্চাৰণে ৰে পঢ়িব পাৰে, তাৰ বাবে আবৃত্তি কলাৰ প্ৰয়োজন। 

বা এনেদৰে লিখিব পাৰিবঃ

(১) শিক্ষকৰ ধ্বনিতত্ত্ব আৰু বাকযন্ত্ৰৰ জ্ঞান 
            (২) সমস্বৰ কথন
            (৩) ভাষা উচ্চাৰণৰ ধৰণ
            (৪) বৰ্ণৰ উচ্চাৰণ
            (৫) বক্তিতা দিয়াৰ অভ্যাস 
            (৬) আবৃত্তিৰ অনুশীলন
            (৭) পুনৰাবৃত্তিৰ অনুশীলন
            (৮) শ্বাসাঘাতৰ অনুশীলন 
            (৯) উচ্চাৰণৰ গুৰুত্ব
            (১০) স্বৰাঘাত উচ্চাৰণৰ অনুশীলন
            (১১) অভিভাৱকজনিত উচ্চাৰণৰ দোষ   


Author: Geetanjali Bora