Lesson - 2

বৰগীত কীৰ্তনঘোষা

১। বৰগীত কাক বোলে? 

উত্তৰ: অসমীয়া সাহিত্য,সমাজ, সংস্কৃতিত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ নৈতিক আৰু আধ্যাত্মিক ভাবসম্পন্ন গীতসমূহক বৰগীত বোলে।

২। বৰগীতৰ মূল ৰস কি? 

উত্তৰ:  ভক্তি ৰস।

৩। বৰগীত ৰচনাৰ উদ্দেশ্য কি আছিল?

উত্তৰ: বৰগীতসমূহ ৰচনাৰ মূল উদ্দেশ্য আছিল ভগৱানৰ ধৰ্মীয় আদৰ্শ প্ৰচাৰ কৰা।

 ৪। শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটি কি আৰু ক’ত ৰচনা কৰিছিল? 

উত্তৰ: শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটি 'মন মেৰি ৰাম চৰণেহি লাগু'। বদৰিকাশ্ৰমত ৰচনা কৰিছিল।

৫। শংকৰদেৱৰ সময়ত ধৰ্মক্ষেত্ৰত অসমৰ সামাজিক পৰিৱেশ কেনেকুৱা আছিল? 

উত্তৰ: শংকৰদেৱৰ সময়ত ধৰ্মক্ষেত্ৰৰ অসমৰ সামাজিক পৰিৱেশ বৰ ভআল আছিল। দেৱী কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি শক্তি সাধনা তথা তন্ত্ৰ যোগৰ প্ৰচাৰ হৈছিল। এই পূজাত মদ্য, মাংস, মৎস্য, মুদ্ৰা আৰু মৈথুন এই পঞ্চমকাৰ উপচাৰ ৰূপে আগবঢ়োৱা হৈছিল। 

৬। বৰগীতৰ বিষয়বস্তু সম্পর্কে এটি চমু আলোচনা কৰা৷ 

উত্তৰ:বৰগীত শ্ৰী কৃষ্ণৰ নাম আৰু গুণৰ বাবে গোৱা হয়। ইয়াৰ দ্বাৰা শিশু কৃষ্ণৰ সমস্ত লীলাৰ কথা গম পোৱা যায়। এই বৰগীতৰ বাবে খোল,তাল আদি বাদ্যযন্ত্ৰৰ প্ৰয়োজন হয়। 

৭। নাৰায়ণ কাহে ভকতি কৰো বৰগীতটিৰ তাৎপৰ্য ব্যাখ্যা কৰা৷

 উত্তৰ: পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ভক্তিৰ ধাৰা গঢ় লৈ উঠিছে আৰু সেই নিৰাকাৰ পৰম শক্তিক বিভিন্ন নামেৰে যদিও সম্বোধন কৰে তথাপি সেই মহাশক্তি এটাই। নাৰায়ণৰ লগত যি সাংসাৰিক সম্পৰ্ক স্থাপন কৰি মালিক-দাস, পিতা-পুত্ৰ, মাতৃ-পুত্ৰ কতি-পত্নী, প্ৰমিক-প্ৰেমিকা, বন্ধু-বৰ্গ আদি বিভিন্ন ৰূপত ভক্তই কল্পনা কৰিছে। 

৮। সাৰংগপাণি বৰগীতটিৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ: ধনশ্ৰী ৰাগত গোৱা মহাপুৰুষ শংকৰদেৱ বিৰচিত এই বৰগীতটি হৰিৰ নাম ল'বলৈ অৱহেলা কৰা, সংসাৰ আসক্ত পাপমতি মানুহৰ কথা কৈছে। শাৰং ধনু ধাৰণ কৰে কাৰণে বিষ্ণু বা কৃষ্ণৰ আন এটা নাম হৈছে শাৰংপাণি। সাংসাৰৰ নানা প্ৰলোভনৰ মাজত পৰি, অকাৰ্য, অকৰ্ম আৰু মনুষ্য জীৱনক, পৰিত্ৰাণ কৰিব পাৰে ঈশ্বৰৰ শাৰণাগতিয়ে। মহাপুৰুষ শংকৰদেৱে নিজকে পাপমতি বুলি অভিহীত কৰি নিজকে কৃষ্ণৰ চৰণত সমৰ্পণ কৰি, দুখ যন্ত্ৰণা স্বৰূপ নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। গীতিকাৰে বুজি পাইছে, ঈশ্বৰৰ বাহিৰে এই সংসাৰ সাগৰ তথা নিৰয় নামৰ নৰকৰ পৰা আন কোনোৱে উদ্ধাৰ কৰিব নোৱাৰে।

৯। গজেন্দ্ৰ উপাখ্যানৰ কাহিনী ভাগ ক'ৰ পৰা গ্ৰহণ কৰা হৈছে?

 উত্তৰ: গজেন্দ্ৰ উপাখ্যানৰ কাহিনী ভাগ ভাগৱতৰ অষ্টম স্কন্ধৰ পৰা গ্ৰহণ কৰা হৈছে।

১০।গজেন্দ্ৰ উপাখ্যানৰ কাহিনীভাগ কোনে কাৰ আগত কৈছে? 

 উত্তৰ: গজেন্দ্ৰ উপাখ্যানৰ কাহিনীভাগ শুক মুনিয়ে ৰজা পৰীক্ষিতৰ আগত কৈছিল।

১১। বৈষ্ণৱ ধৰ্মৰ আৰাধ্য দেৱতা কোন? 

উত্তৰ: বৈষ্ণৱ ধৰ্মৰ আৰাধ্য দেৱতা ভগৱান বিষ্ণু।

১২। গজেন্দ্ৰ উপাখ্যানৰ কাহিনী ভাগ চমুকৈ বৰ্ণনা কৰা৷ 

উত্তৰ: এখন ফলে-ফুলে জাতিস্কাৰ উপবন আছিল। সেই উপবনখনত গজেন্দ্ৰ নামৰ এটা হাতী আছিল। সি আগত পোৱা গছ-গছনি ভাঙি খায় অৰণ্য নষ্ট কৰি ফুৰিছিল। সেই অৰণ্য খনত থকা এতা সৰোবৰত স্নান কৰিবলৈ ধৰিলে। সিহতে সৰেবৰত আনন্দ মনেৰে স্নান কৰি থাকোতে তাত থকা মহাগ্ৰাস অৰ্থাৎ কুম্ভীৰে গজেন্দ্ৰৰ ওপৰত আক্ৰমন কৰিলে। গ্ৰাহে গজেন্দ্ৰক সৰোবৰৰ ভিতৰলৈ টানি লৈ যাবলৈ চেষ্টা কৰিলে। আৰু গজেন্দ্ৰই গ্ৰাহক বামলৈ টালি আনিবলৈ প্ৰাণপণ চেষ্টা কৰিলে। এইদৰে দুয়োটাৰে মাজত বহুদিন যুদ্ধ চলিল, আকাশৰ পৰা দেৱতাই গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ বিস্মিত হৈ চাই আছে। গজেন্দ্ৰই ভাগৰি অন্য হাতীবোৰক চিঞৰিবলৈ ধৰিলে, কিন্তু কোনো নাহিল। অৱশেষত গজেন্দ্ৰৰ মৃত্যু ওচৰ চাপি অহাত পৰম বিষ্ণুৰ চৰণ চিন্তা কৰিলে। এই বিপদৰ পৰা তেওঁক মহাপ্ৰভু বিষ্ণুৱে ৰক্ষা কৰিব পাৰিব।  মৃত্যুৰ সময়ত গজেন্দ্ৰই শুঁৰেৰে মেৰাই এটা সুবৰ্ণ পদুম তুলি লৈ মাধৱক স্তুতি কৰিব ধৰিলে। হৰি প্ৰসন্ন হৈ তাৰ ওচৰলৈ আহি  তাক সৰোবৰৰ পৰা তুলি জীৱন দান দিলে। 

১৩। গজেন্দ্ৰ উপাখ্যানৰ আধ্যাত্মিক তাৎপর্য সম্পর্কে চমুকৈ আলোচনা কৰা। 

উত্তৰ:গজেন্দেৰ উপাখ্যানৰ মাধ্যমেৰে, মানৱজীৱনৰ ক্ষণভংগুৰতা, সংসাৰৰ ধন, জন, ক্ষমতা, শৰীৰৰ শক্তি আদিৰ বাবে গৰ্ব অহংকাৰত অন্ধ হৈ আত্ম পৰিচয় পাহৰি, ভোগ, বিলাসত মত্ত হৈ, জীৱনৰ প্ৰকৃত অৰ্থ আৰু উদ্দেশ্য পাহৰি যোৱাৰ কথা কৈছে। মানুহে ধৰ্ম, ভক্তি আদি পাহৰি যোৱা ব্যক্তিক গজেন্দ্ৰ বোলে। 

১৪। গজেন্দ্র উপাখ্যানত অসমীয়া সমাজৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। 

উত্তৰ:মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ, মাধৱ কন্দলি, অনন্ত কন্দলি আদি কবিসকলে ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণ আদি গ্ৰন্থৰ পৰা কাহিনী বা বিষয়বস্তু গ্ৰহণ কৰি  অনুবাদ কৰিছিল। অসমীয়া সমাজৰ পটভূমিত তাক বৰ্ণনা কৰা হৈছে। গজেন্দ্ৰ উপাখ্যানৰ কাহিনী ভাগৱতৰ পৰা গ্ৰহণ কৰিছে যদিও কবিয়ে অসমীয়া সমাজৰ ভালেমান দিশৰ চিত্ৰ ইয়াত সন্নিবিষ্ট হৈছে।

১৫। গজেন্দ্ৰ উপাখ্যানৰ সাহিত্যিক সৌন্দর্য সম্পর্কে চমুকৈ আলোচনা কৰা৷ 

উত্তৰ:মহাপুৰুষ শংকৰদেৱৰ যি  অনন্য কাব্যশৈলীৰ সৌন্দৰ্য সেয়া গজেন্দ্ৰ উপাখ্যানৰ মাজতো প্ৰকাশিত হৈছে। সঠিক শব্দ, অৰ্থ ঘন বাক্য, উপমা-অলংকাৰ, উৎকৃষ্ট ছন্দসজ্জা আদিৰে শংকৰদেৱে গজেন্দ্ৰ উপাখ্যানৰ কাহিনীভাগ মনোৰমভাৱে বৰ্ণনা কৰাৰ লগতে অভিষ্ট আধ্যাত্মিক সত্যৰো সুন্দৰ প্ৰকাশ কৰিছে। 

১৬। শিশুলীলা খণ্ডটিৰ মূল কৰ পৰা গ্ৰহণ কৰা হৈছে?

উত্তৰ:শিশুলীলা খণ্ডটিৰ মূল ভাগৱতৰ পৰা গ্ৰহণ কৰা হৈছে।

১৭। কীৰ্তন ঘোষাৰ খণ্ডসমূহ মহাপুৰুষ শংকৰদেৱে কি উদ্দেশ্যত ৰচনা কৰিছিল?

উত্তৰ:কীৰ্তন ঘোষাৰ খণ্ডসমূহ মহাপুৰুষ শংকৰদেৱে শ্ৰী কৃষ্ণৰ ৰূপ, গুণৰ বৰ্ণনাৰ বাবে ৰচনা কৰিছিল। 

 ১৮। নৱবিধ ভক্তি কি কি , ইয়াৰ ভিতৰত কাক শ্ৰেষ্ঠ স্থান দিয়া হৈছে? 

উত্তৰ: শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, পদসেৱন, দাস, সখাত্ব, বন্দন, আৰু আত্মনিবেদন। ইয়াৰ ভিতৰত শ্ৰেষ্ঠ স্থান দিয়া হৈছে কীৰ্তন।

১৯। শিশুলীলাৰ কাহিনী ভাগ চমুকৈ লেখা ৷ 

উত্তৰ:শিশুলীলা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱতে কৰা লীলা। শ্ৰী কৃষ্ণ ধৰ্ম স্থাপন আৰু কংসক বধ কৰিবৰ বাবে দৈৱকী-বসুদেৱৰ পুএ আৰু নন্দ ষশোদাৰ লালিত পুত্ৰ হিচাপে এই পৃথিৱীত জন্ম গ্ৰহণ কৰে। গকুলত কৃষ্ণই গোপ বালক সকলৰ লগত খেলা-ধূলা কৰে, গৰু চৰায়, আদি কৰি শিশুলীলা কৰে। কংসই কৃষ্ণক মাৰিবৰ বাবে বহুতো অশুৰ পঠিয়াই, কিন্তু কৃষ্ণই সেই অশুৰবোৰক বধ কৰে। কৃষ্ণই গোপ বালকসকলৰ লগত ব্ৰীজবাসিৰ ঘৰৰ পৰা মাখন চুৰি কৰি খায় আৰু বান্দৰবোৰকো সেই মাখন খাবলৈ দিয়ে। বান্দৰবোৰে মাখন নাখায়, কিন্তু পাত্ৰবোৰ ভাঙি থৈ যায়। কৃষ্ণ ডাঙৰ হোৱাৰ পাছত নিজৰ মাক-দেউতাকক কাৰাগাৰৰ পৰা মুক্ত কৰি কংসক বধ কৰে। আৰু দ্বাৰিকাৰ ৰজা হয়। 

২০। মাতৃ যশোদাক কৃষ্ণই কিদৰে বিশ্বৰূপ দৰ্শন কৰাইছিল?

উত্তৰ: কৃষ্ণই এবাৰ লগৰবোৰ আৰু ককায়েক বলোৰামৰ লগত খেলি থাকোতে কৃষ্ণই মাটি খাইছিল। কৃষ্ণই মাটি খোৱাৰ কথা গোপবালক সকলে যশোদাক লগায় দিয়াত ,যশোদায় কৃষ্ণক গালি দিলে। মাকে গালি দিয়াত কৃষ্ণই মাটি খোৱা নাই বুলি কৈছিল। তেতিয়া মাকে মুখখন চাও বুলি কোৱাত কৃষ্ণই মুখখন মেলি দিলে। আৰু যশোদাই মুখৰ ভিতৰত সমগ্ৰ পৃথিৱীখন দেখা পালে।  

 ২১। শিশু কৃষ্ণই কেনেদৰে মণিগ্ৰীৱ আৰু নল-কুবেৰক শাপমুক্ত কৰিছিল লিখা।

উত্তৰ: শ্ৰী কৃষ্ণক মাক যশোদাই কৃষ্ণক উৰলৰ সৈতে বান্ধি থৈ কাম কৰি আছিল। শ্ৰীকৃষ্ণই উৰসৰ সৈতে চুচৰি চুৰি অৰ্জুন গছ দুডালৰ মাজেৰে পাৰ হৈ যাব খোজোতে গছ দুয়োডাল ভাঙি তাৰ পৰা মণিগ্ৰীৱ আৰু নল-কুবেৰ নামৰ দুজন দেৱতা উলায় আহিল। এনেদৰে শিশু কৃষ্ণই মণিগ্ৰীৱ আৰু নল-কুবেৰক শাপমুক্ত কৰিছিল।

 ২২। কৃষ্ণৰ হাতত কেনেদৰে অঘাসুৰ নিধন হৈছিল?

উত্তৰ:   কৃষ্ণই অঘাসুৰৰ পেট ফালি অঘাসুৰৰ বধ কৰিছিল।

 ২৩। শিশুলীলা খণ্ডৰ আধ্যাত্মিক তাৎপর্য সম্পর্কে এটি চমু আলোচনা কৰা৷ 

উত্তৰ: শিশুলীলা খণ্ডৰ আৰম্ভণিতে মহাপুৰুষ শংকৰদেৱে কৈছে বৈষ্ণৱ ভক্তি ধৰ্মৰ আৰাধ্য দ্ৱতা বিষ্ণুৱে পুনৰ কৃষ্ণ ৰূপেৰে দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰিলে। সংসাৰত ভাৰসাম্য ৰক্ষাৰ বাবে ঈশ্বৰৰ সাকাৰ ৰূপ ধাৰণ কৰাৰ প্ৰয়োজন আছে। সংসাৰখন হৈছে প্ৰতিটো জীৱৰ বাবে ইচ্ছা, বাসনা পূৰণ কৰাৰ স্থলী, লগতে পৰা যাতে উপযুক্ত শিক্ষা গ্ৰহণ কৰি সংসাৰত মায়াৰ স্বৰূপ বুজি পাই জীৱনৰ প্ৰকৃত উদ্দেশ্য ঈশ্বৰ লাভ অথবা আত্ম উপলব্ধি কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। 

২৪। শিশুলীলা খণ্ডৰ সাহিত্যিক সৌন্দৰ্যৰ বিষয়ে আলোচনা কৰা৷

উত্তৰ: বৈষ্ণৱ কবিসকলে যতেই সুবিধা পাইছে তাতেই কৃষ্ণ বা বিষ্ণুৰ দিব্য ৰূপৰ বৰ্ণনা দাঙি ধৰিছে। অধ্যায়টিৰ আৰম্ভণিতে কংসৰ কাৰাগাৰত জন্ম লাভ কৰা কৃষ্ণৰ বিষ্ণুৰূপৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। সেইদৰে মানৱী ৰূপ প্ৰদৰ্শন কৰা শিশু কৃষ্ণৰ অনিন্দ্যসুন্দৰ ৰূপ মাধুৰী অতুলনীয়। এই খণ্ডটোত বহুতো বৰগীত আদি গোৱা হয়। ইয়াত সমগ্ৰ নৱৰস সন্নিহিত হৈ আছে। 



Author- Dikha Bora