দ্বিতীয় গোটঃ 

 উত্তৰ শংকৰী যুগৰ সাহিত্যঃ

 চৰিত সাহিত্য, ব্যৱহাৰিক সাহিত্য আৰু বুৰঞ্জী সাহিত্য


১। তোমাৰ ভাষাত বুৰঞ্জী পুথি সম্পৰ্কে আলোচনা কৰা?

 আহোম বিলাক অসমলৈ অহা আগতে বুৰঞ্জী বা ইতিহাস ৰচনা কৰা প্ৰথা প্ৰচলন নাছিল। আহোমৰ প্ৰথম ৰজা চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিয়েই সকলো গুৰুতৰ ঘটনা লিপিবদ্ধ কৰি যাবলৈ লগত অহা মহন বাইলুঙক নিৰ্দেশ দিছিল। বুৰঞ্জী লিখা প্ৰথাটো আহোমসকলৰ জাতিগত প্ৰথা আছিল। আহোমসকলে আহোম ভাষাতে বুৰঞ্জী লিখিছিল। 

 আহোম সকলে অসমীয়া ভাষাক মাতৃভাষাৰূপে যেতিয়াৰ পৰা স্বীকাৰ কৰিছিল আৰু ৰাজ দৰবাৰত আহোম ভাষাৰ ঠাই অসমীয়া ভাষাই লৈছিল তেতিয়া পৰাই আহোম ভাষাৰ সলনি অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰিছিল।  সপ্তদশ শতিকাৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰিছিল। আহোম বিলাক ইতিহাস প্ৰিয় আছিল আৰু তেওঁলোকে ৰাজকোঁৱৰ আৰু ডা-ডাঙৰীয়াৰ লৰাবোৰৰ কাৰণে বুৰঞ্জী শিক্ষাৰ বিশেষ প্ৰয়োজনীয় অংগ বুলি বিবেচনা কৰিছিল। 

বুৰঞ্জী শব্দটো আহোম শব্দ-ইয়াৰ অৰ্থ -মূখৰ জ্ঞানৰ ভড়াল। 

২। ব্যৱহাৰিক সাহিত্য বিষয়ে লিখা।

উত্তৰঃ ধৰ্মমূলক বৈষ্ণৱ সাহিত্যৰ লগে লগে ব্যৱহাৰিক সাহিত্যৰ চৰ্চা আৰু ৰচনা নোহোৱাকৈ নাছিল, কিন্তু ধৰ্ম সাহিত্যৰ তুলনাত এই শ্ৰেণী সাহিত্যৰ সংখ্যা সামান্য। বকুল কায়স্থই কিতাবত-মঞ্জৰী নামে গণিতৰ এখন পুথি খ্ৰীষ্টীয় ষোড়শ শতাব্দীত ৰচনা কৰে। চূড়ামণি উপাধিযুক্ত এজনে জ্যোতিষৰ পুথি অসমীয়া পদত ৰচনা কৰে। এওঁ বকুল কায়স্থতকৈ অলপ পিছৰ লেখক। কবিৰত্ন দ্বিজ নামৰ আন এজনে গণিতৰ প্ৰসিদ্ধ পুথি লীলাৱতী অসমীয়ালৈ অনুবাদ কৰে। সূৰ্যখড়ি দৈৱজ্ঞৰ দৰং ৰাজবংশাৱলীত উল্লেখ আছে যে মহাৰাজ নাৰায়ণে ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচনা কৰিবলৈ ৰাজসভাৰ পণ্ডিত নিয়োগ কৰিছিল। উক্ত বংশাৱলীত এনেদৰে আছেঃ 

শুনিয়ো শ্ৰীধৰ তুমি মোৰ বাক্য ধৰা

জৌতিষক ভাঙি তুমি খণ্ডসাধ্য কৰা।

বকুল কায়স্থ তুমি ভাঙা লীলাৱতী

অল্পতে বুজয় যেন কায়স্থ সম্প্ৰতি।।

ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত হোৱা গ্ৰন্থ উপৰিও বহুতো তন্ত্ৰ মন্ত্ৰ পুথি, বেজালিৰ পুথি, শুভঙ্কৰী গণনাৰ পুথি আদি ব্যক্তি চেষ্টাৰ ফলত ৰচিত হৈছিল বুলি অনুমান কৰিব যথেষ্ট থল আছে।

৩। ২খন চৰিত পুথি নাম লিখা?

উত্তৰঃ  ২খন চৰিত পুথি নাম হ'ল-

৪। ২খন বুৰঞ্জী পুথি নাম লিখা?

উত্তৰঃ ২খন বুৰঞ্জী পুথি নাম - পুৰণি অসম বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী।

৫। ২খন ব্যৱহাৰিক পুথি নাম লিখা?

উত্তৰঃ ২খন ব্যৱহাৰিক পুথি নাম হৈছে- ভাস্বতী, ঘোৰা-নিদান। 

৬। কথাগুৰুচৰিতৰ মতে কোনে প্ৰথমতে ভকত সমাজত চৰিত তোলা প্ৰথা প্ৰৱৰ্তন কৰে?

উত্তৰঃ কথাগুৰুচৰিতৰ মতে মাধৱদেৱে প্ৰথমতে ভকত সমাজত চৰিত তোলা প্ৰথা প্ৰৱৰ্তন কৰে।

৭। অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰে?

উত্তৰঃ অসমত বুৰঞ্জী লিখা প্ৰথা আহোমসকলে প্ৰৱৰ্তন কৰে।

৮। আহোমসকলে প্ৰথমে কি ভাষাত বুৰঞ্জী ৰচনা কৰিছিল?

উত্তৰঃ আহোমসকলে প্ৰথমে আহোমভাষাত বুৰঞ্জী ৰচনা কৰিছিল।

৯। কেতিয়াৰ পৰা আহোমসকলে অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰিবলৈ লয়?

উত্তৰঃ  সপ্তদশ শতিকাৰ পৰা আহোমসকলে অসমীয়া ভাষাত বুৰঞ্জী ৰচনা কৰিবলৈ লয়।

১০। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে প্ৰকাশ কৰা বুৰঞ্জীখনৰ নাম কি?

উত্তৰঃ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে প্ৰকাশ কৰা বুৰঞ্জীখনৰ নাম হ'ল পুৰণি অসম বুৰঞ্জী।

১১। বাঁহগড়ীয়া বুৰঞ্জী কোনে সম্পাদনা কৰে?

উত্তৰঃ বাঁহগড়ীয়া বুৰঞ্জী ডঃ সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰে।

১২। কিতাবত মঞ্জৰীৰ ৰচক কোন?

উত্তৰঃ কিতাবত মঞ্জৰীৰ ৰচক বকুল কায়স্থ ।

১৩। জ্যোতিষ চূড়ামণি কোনে ৰচনা কৰে?

উত্তৰঃ জ্যোতিষ চূড়ামণি কোনে ৰচনা চূড়ামণিয়ে কৰে ।

১৪। প্ৰসিদ্ধ গণিতৰ পুথি লীলাৱতী অসমীয়ালৈ কোনে অনুবাদ কৰে?

উত্তৰঃ প্ৰসিদ্ধ গণিতৰ পুথি লীলাৱতী অসমীয়ালৈ কবিৰত্ন দ্বিজে অনুবাদ কৰে।

১৫। হস্তীবিদ্যাৰ্ণৱ কোনে ৰচনা কৰে?

উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ সুকুমাৰ বৰকাথে ৰচনা কৰে।

১৬। কবিৰাজ চক্ৰৱৰ্তীৰ জ্যোতিষ সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তীৰ জ্যোতিষ সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ'ল ভাস্বতী।

১৭। শ্ৰীহস্তমুক্তাৱলী অসমীয়ালৈ কোনে ভাঙনি কৰে?

উত্তৰঃ শ্ৰীহস্তমুক্তাৱলী অসমীয়ালৈ সুচান্দ ওজাই ভাঙনি কৰে। 

১৮। কাৰ আদেশত হস্তীবিৰ্দ্যাণৱ পুথিখন ৰচনা কৰা হৈছিল?

উত্তৰঃ ৰজা শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ আদেশত।

১৯। ঘোঁৰাৰ জাতি, লক্ষণ, বেমাৰ আৰু প্ৰতিকাৰ বৰ্ণনা কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ঘোঁৰাৰ জাতি, লক্ষণ, বেমাৰ আৰু প্ৰতিকাৰ বৰ্ণনা কৰা গ্ৰন্থখনৰ নাম হ'ল ঘোঁৰা নিদান।

২০। অসমীয়া পদলৈ হিতোপদেশ কোনে অনুবাদ কৰে?

উত্তৰঃ অসমীয়া পদলৈ হিতোপদেশ বাগীশ দ্বিজে অনুবাদ কৰে ।