চতুৰ্থ গোটঃ

 প্ৰাক অৰুনোদই যুগ আৰু অৰুনোদই যুগৰ সাহিত্যঃ

 মণিৰাম দেৱান, কাশীনাথ তামুলী ফুকন, বিশ্বেশ্বৰ বৈদ্যাধিপ, নাথান ব্ৰাউন, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যকৃতি 

প্ৰশ্নাৱলীঃ 

১। অৰুনোদয় যুগৰ সাহিত্য বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এই কালছোৱাত যি সাহিত্যৰ সৃষ্টি হৈছিল সি অতি যৎসামন্য। শ্ৰী ৰামপুৰৰ প্ৰেছৰ পৰা ওলোৱা আত্মাৰাম শৰ্মা বাইবেলৰ অসমীয়া ভাঙনি ৰ ২য় সংস্কৰণ, শ্ৰীৰামপুৰৰ ৰবিন্সন চাহাবৰ ইংৰাজীত লেখা অসমীয়া ব্যাকৰণ, কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, আলিবৰ, টিং কাট্টাৰৰ পত্নী শ্ৰীমতী কাট্টাৰৰ অসমীয়া শব্দাৱলী  আৰু খণ্ডবাক্য, বিশ্বেশ্বৰ বিদ্যাধিপৰ বেলিমাৰৰ বুৰঞ্জী, মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ (দেৱান) ৰ বুৰঞ্জী বিৱেকৰত্ন এই কালছোৱাৰ উল্লেখযোগ্য পুথি।

        প্ৰাক অৰুনোদই কালছোৱাত শ্ৰীৰামপুৰৰ মিছনেৰীসকলৰ চেষ্টাত নিউ টেষ্টামেন্ট ১৮১৩ আৰু সমস্ত বাইবেল খন ১৮৩৩ চনত প্ৰকাশ হোৱাৰ উপৰিও অসমীয়া গদ্যত বহুতো খ্ৰীষ্টধৰ্মীয় প্ৰচাৰৰ পুস্তিকা জেমচ ৰে নামৰ প্ৰচাৰকৰ যোগেদি বিনামূল্যে অসমীয়া সমাজত বিতৰণ কৰা উল্লেখ  শ্ৰীৰামপুৰৰ মিছনেৰী সমাজৰ সাময়িক সংবাদত পোৱা যায়।

২। লেখকসকলৰ পৰিচয়ঃমণিৰাম দেৱান, কাশীনাথ তামুলী ফুকন, বিশ্বেশ্বৰ বৈদ্যাধিপ, নাথান ব্ৰাউন, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱাৰ

উত্তৰঃ ক) মণিৰাম দেৱানঃ মণিৰাম দেৱান ১৮০৬ চনত শিৱসাগৰ চাৰিঙত কলিতা কুলত জন্ম হৈছিল। তেওঁ পিতৃ নাম ৰামদত্ত বৰুৱা। তেওঁ পুৰন্দৰ সিংহৰ ৰাজত্বৰ দ্বিতীয় পৰ্য়ায়ত সভাসদ আছিল। তেওঁ ইংৰাজৰ  অধীনত মিৰমুঞ্চি আৰু পেচকাৰ হৈছিল। পাছত সেই বিষয় এৰি দি অসম চাহ কোম্পানীত দেৱান হৈছিল। অৱশেষত স্বাধীন চিতীয়া মণিৰামে নিজে চাহ বাগিচা খুলি কন্দপেৰ্শ্বৰ সিংহক পুনৰ ৰাজপটত বহুৱাবলৈ আৰু ইংৰাজ ৰাজত্বৰ অৱসান ঘটাবলৈ চেষ্টা কৰোতে চিপাহী বিদ্ৰোহত সংশ্লিষ্ট বুলি মৃত্যু দণ্ডৰে দণ্ডিত হয়। তেখেতে বুৰঞ্জী বিৱেক ৰত্ন নামৰ এখন পুথি ৰচনা কৰে যদিও এটা খণ্ডহে উদ্ধাৰ হৈছে।  এই খণ্ডত মণিৰাম দেৱানৰ অসমৰ ৰাজনৈতিক, সামাজিক, ধাৰ্মিক আৰু অৰ্থনৈতিক অৱস্থা সম্পৰ্কে গভীৰ জ্ঞানৰ পৰিচয় পোৱা যায়। এই পুথিত আহোন শাসন পদ্ধতি, বৈষ্ণৱ পন্থা আৰু সত্ৰৰ উৎপত্তি , মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ দিনৰ বিৱৰণ পোৱা যায়। জজ মিলৰ আগত দিয়া আৰ্জিখনেও মণিৰামৰ ৰাজনৈতিক জ্ঞানৰ পৰিচয় দিয়ে। তেখেতৰ মৃত্যু হয় ১৮৫৮ চনত।  

খ) কাশীনাথ তামুলী ফুকনঃ  কাশীনাথ তামুলী ফুকন জন্ম হয় ১৮১০ চনত। অসমৰ শেষ ৰজা পুৰন্দৰ সিংহ লালবন্দীকৈ লোৱা ৰাজত্ব কালত (১৮৩৪-৩৮) তেওঁ ৰাজসভাসদ আছিল। তুংখুঙীয়া বুৰঞ্জী লেখক শ্ৰীনাথ বৰুৱা পুতেক ৰাধানাথ বৰুৱা সহায়ত কাশীনাথে অসম বুৰঞ্জী লিখে আৰু এই বুৰঞ্জী প্ৰথম ছপা হয় শিৱসাগৰৰ মিছনেৰী প্ৰেছত। এই বুৰঞ্জী আলম লৈয়ে পাছত হৰকান্ত বৰুৱা সদাৰামীনে তেওঁৰ অসম বুৰঞ্জী ৰচনা কৰে। পুৰন্দৰ সিংহৰ মৃত্যুত ইংৰাজৰ অধীনত মুন্সিফ আছিল। তেখেত ১৮৮০ চনত মৃত্যু হয়।

গ) বিশ্বেশ্বৰ বৈদ্যাধিপঃ কুলত দৈৱজ্ঞ আছিল আৰু পুৰন্দৰ দ্বিতীয় আমোলত প্ৰধান বৈদ্য বা বৈদ্যাধিপ আছিল। এওঁ আন এটা নামআছিল বিকাৰাম। বিশ্বেশ্বৰে পুৰণি কাব্যৰ ৰীতিতপদ,দুলড়ী, ছবি লেছাৰি, ঝুমুৰা ছন্দত বুৰঞ্জীখন প্ৰণয়ন কৰিছে। বুৰঞ্জী খনত গৌৰীনাথ সিংহৰ পৰা চন্দ্ৰকান্ত সিংহৰ দিনলৈকে ঐতিহাসিক ঘটনা পৰম্পৰাৰ অবিকৃত অথচ কাব্য সুলভ ৰসাল বিৱৰণ আছে। এওঁৰ বুৰঞ্জীখন বেলিমাৰৰ বুৰঞ্জী। 

ঘ) ডক্টৰ নাথান ব্ৰাউনঃ নাথান ব্ৰাউনৰ জন্ম হৈছিল ১৮০৭  চনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মিছনেৰী কামত ১৮৩৬ চনত ব্ৰাউনে সপৰিয়ালে অসমত ভৰি দিয়েহি। শদিয়াত স্থিতি লৈ খামটি আৰু অসমীয়া শিকি সেই ভাষাতে পাঠ্যপুথি ৰচনা কৰি নকৈ পতা পঢ়াশালিত চলায় আৰু লগে লগে বাইবেলৰ ভাঙনিও কৰে, ১৮৩৯ চনত খামটি বিদ্ৰোহত শদিয়াত থকা বৃটিছ বাহিনীক হত্যা কৰে আৰু কৰ্ণেল আডাম হোইটক বধ কৰে। গতিকে, চিংফৌ-খামটিৰ উৎপাতত থাকিব নোৱাৰি ১৮৩৯ চনত জয়পুৰলৈ গুচি আহে। ব্ৰাউন দম্পতিয়ে জয়পুৰৰপৰা খামটি, চিংফৌ, নগা আৰু অসমীয়া ভাষাত সৰু সৰু পুস্তিকা প্ৰণয়ন কৰি প্ৰকাশ কৰে। এওঁ নিজৰ লগত সৰু প্ৰেছ ৰাখিছিল আৰু তাৰ যোগেদিয়েই প্ৰচাৰ কাৰ্য চলাইছিল। 

    নাথান ব্ৰাউনৰ অসমীয়া সাহিত্যলৈ বৰঙণিৰ ভিতৰত বাইবেলৰ নিউটেষ্টামেন্টৰ অসমীয়া ভাঙনি, বাইবেলৰ মেথিউ, লিউক, মাৰ্ক আদি চাৰিটা খণ্ড ভাঙি খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাত্ৰা নাম দি বেলেগ পুথিৰ আকাৰে ১৮৫৪ খ্ৰীষ্টাব্দত প্ৰকাশ কৰে। ১৮৪৮ খ্ৰীষ্টাব্দত এওঁৰ প্ৰসিদ্ধ অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰে। যোচেফৰ কাহিনী আৰু যিশুখ্ৰীষ্টৰ জীৱনীও ৰচনা কৰিছিল। জাত্ৰিকৰ যাত্ৰাও ব্ৰাউনৰে অনুবাদ। ৰবিন্সনৰ ব্যাকৰণৰ পাছতে ব্ৰাউনৰ খন দ্বিতীয় ব্যাকৰণ। ৰেভাৰেণ্ড কাট্টাৰৰ লগ লাগি ১৮৪৩ চনত এওঁ অৰুনোদই কাকত উলিয়াই। 

ঙ) আনন্দৰাম ঢেকিয়াল ফুকনঃ মিছনেৰীসকলৰ সাহিত্যিক প্ৰচেষ্টাত যিসকল অসমীয়া লোকে আন্তৰিকতাৰে যোগ দিছিল সেই সকলৰ ভিতৰতে আনন্দৰাম ঢেকিয়াল ফুকন সৰ্বাগ্ৰণী। ১৭৫৭ শক (ইং ১৮২৯) আহিনত গুৱাহাটী প্ৰসিদ্ধ ঢেকিয়াল ফুকনৰ ঘৰত এখেতৰ জন্ম। তেখেতৰ পিতৃ হলিৰাম ঢেকিয়াল ফুকন। তেখেতৰ পিতৃয়ে বঙলা ভাষাত অসম বুৰঞ্জী আৰু কামাখ্যা যাত্ৰাপদ্ধতি নামে দুখন পুথি ৰচনা কৰি ছপাই বিনামূল্যে বিলাই দিছিল। 

         আনন্দৰাম ঢেকিয়াল ফুকনে   ১৮৪৭ চনত অৰুনোদই কাকতত ইংলেণ্ডৰ বিৱৰণ, আৰু প্ৰায় চাৰিশ পিঠিয়া অসমীয়া লৰাৰ মিত্ৰ দুটা খণ্ডত প্ৰকাশ কৰে।  ১৮৫৫ চনত তেখেতৰ ইংৰাজীতে লিখা A few Remarks on Assamese Language নামৰ পুস্তিকা প্ৰকাশ হয়। এই পুস্তিকাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা, বঙলা জাপি দিয়াৰ বিষময় ফল আদি আলোচনা কৰে। এই পুস্তিকাত ফুকনে ৬২ খন পদ পুথি আৰু ৪০ খন নাটকৰ কথা উল্লেখ কৰিছে।     

 চ)হেমচন্দ্ৰ বৰুৱাঃ শিৱসাগৰ ৰজাবাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ ১৭৫৭ শকত (১৮৩৫) জন্ম হয়।  পিতৃৰ নাম মুক্তাৰাম বৰুৱা। 

    হেমচন্দ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে অৰুনোদইত। ১৮৫৬ চনত অৰুনোদইত সোণাৰচাঁদ নামৰ ছদ্মৰূপত তেওঁ প্ৰৱন্ধ লেখা প্ৰমাণ পোৱা যায়। ১৮৫৭ খ্ৰীষ্টাব্দত তেওঁ অসমীয়া ব্যাকৰণ, ১৮৭৩ চনত আদিপাঠ, ১৮৮৬ চনত অসমীয়া লৰা ব্যাকৰণ, আৰু ১৮৯২ চনত পঢ়াশালীয় অভিধান, আৰু তাৰ দুবছৰ পিছত সংক্ষিপ্ত হেমকোষ প্ৰকাশ পায়। তেওঁৰ জীৱন দশাত হেমকোষ প্ৰকাশ হৈ ওলোৱা দেখা নাপালে। ১৯০০ চনত হেমচন্দ্ৰ গোস্বামী আৰু গৰ্ডন চাহাবৰ চেষ্টাত তেওঁৰ কীৰ্তিস্তম্ভ হেমকোষ ছপা হৈ ওলায়। ইয়াৰ বাহিৰেও তেওঁ কানীয়া-কীৰ্তন আৰু বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী নামৰ দুখন পুথি ৰচনা কৰে। অসমীয়া পুথিৰ উপৰিও তেওঁৰ ইংৰাজীত লেখা Assamese Mariage System (অসমীয়া বিবাহ পদ্ধতি) এখন উল্লেখযোগ্য পুথি। এই পুথিয়েও তেওঁৰ পৰিছিন্ন পাণ্ডিত্যৰ পৰিচয় দিছে। তেখেত ১৮৯৬ ত মৃত্যু হয়।

৩। অসমীয়া সাহিত্যলৈ অৰুনোদই কাকতে আগবঢ়োৱা অৱদান সমূহ লিখা? 

উত্তৰঃ শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰাই ইং ১৮৪৬ চনত অৰুনোদই মাহেকীয়া আলোচনী ওলায়।এইখনেই প্ৰথম অসমীয়া আলোচনী। নাথান ব্ৰাউন, এ.এইচ.ডেনফোৰ্থ আৰু এচ.এম.হুইটিং, মাইলচ ব্ৰন্সন, ডব্লিউ ৱাৰ্ড, ৰেঃ ক্লাৰ্ক, গাৰ্নি আদিয়ে এই কালত সম্পাদনা কৰি ১৮৮০ খ্ৰীষ্টাব্দলৈকে প্ৰকাশ কৰে। এই কাকত প্ৰধানকৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰ কাৰণে উলিওৱা হৈছিল যদিও অনেক দেশৰ সংবাদ প্ৰদান, বিভিন্ন দেশৰ প্ৰসিদ্ধ ঐতিহাসিক ঘটনাৰ পৰিচয়, বাইবেলৰ কাহিনীৰ অনুবাদ, ধৰমৰ কথা, প্ৰকৃত অধ্যয়ন, নৈতিক শিক্ষা, হিন্দুস্তানৰ বিৱৰণ, পুৰণি অসম বুৰঞ্জী, অসমত সেই সময়ত ঘটা কিছুমান ঘটনা আৰু সামাজিক কথা, চুটি সাধু, জীৱনী, সাময়িক সংবাদ, ভূগোল বিষয়ক ৰচনা, বৈজ্ঞানিক আৱিস্কাৰ, স্তুতিগীত, জনজাতিৰ কিচুমানৰ বিৱৰণ, বৰ্ণনাত্মক কবিতা আদি বিবিধ বিষয়ে ইয়াত ঠাই পাইছিল। এই কাকততে ছোৱা-ছোৱাকৈ দেওধাই অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, আৰু কামৰূপৰ বুৰঞ্জী প্ৰকাশ হয়। এই কাকতে আলোচনী আৰু বাতৰি কাকত দুয়োটাৰ কাম কৰিছিল। ৰামনৱমী নাট, Pilgrim's Progress অনুবাদ আদিয়ে কাকত খন আকৰ্ষণীয় কৰিছিল। 

        অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী -বাতৰি কাকত ৰূপে সাহিত্যৰ ইতিহাসত বিশেষ স্থান দিছে।

১) এই কাকতে অসমীয়া সমাজক দেশ বিদেশৰ জ্ঞানৰ ভাণ্ডাৰ সম্ভেদ দি বহল জগতৰ লগত পৰিচয় কৰি দিয়ে। 

২) পাশ্চাত্য ভাৱধাৰাৰ বীজ সিঁচি আধুনিকতা প্ৰতিষ্ঠা কৰাত সহায় কৰে। 

৩) বঙলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি ভাষাক ন্যায্য স্থান পোৱাত সহায় কৰে। 

৪) এই কাকতে আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিক অসমীয়া সাহিত্যত দীক্ষিত কৰি উৎসাহ-উদ্দীপনা যোগায়। 

৫) অসমীয়া আলোচনী আৰু বাতৰি কাকত প্ৰৱৰ্তনৰ আদৰ্শ দাঙি বাতৰি কাকত  ব্যৱসায় তথা সাংবাদিকতা সূচনা কৰে।

            অৰুনোদইক অনুসৰণ কৰি আসাম বিলাসীনি, আসাম মিহিৰ, আসাম দৰ্পন আদি কাকত ওলায় অসমীয়াৰ সাহিত্যৰ উন্নতি আৰু বিস্তাৰত ইন্ধন যোগায়। অৰুনোদইয়ে বাট দেখুৱাই নিদিয়া হেতেন এই কাকতসমূহ সৃষ্টি ইমান সোনকালে নহলহেঁতেন।

৪। অৰুনোদই কাকত কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰঃ অৰুনোদই কাকত ১৮৪৬ চনত প্ৰকাশ হৈছিল।

৫। অৰুনোদই কাকত কোনে প্ৰথমে সম্পাদনা কৰি উলিয়াইছিল?

উত্তৰঃ অৰুনোদই কাকত নাথান ব্ৰাউনে প্ৰথমে সম্পাদনা কৰি উলিয়াইছিল।

৬। তুংখুঙীয়া বুৰঞ্জী লেখক কোন?

উত্তৰঃ তুংখুঙীয়া বুৰঞ্জী লেখক  শ্ৰীনাথ বৰুৱা আছিল।

৭। কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জী খনৰ নাম কি? এই বুৰঞ্জীখন কাৰ সহায়ত লিখে?

উত্তৰঃ কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জী খনৰ নাম অসম বুৰঞ্জী। এই বুৰঞ্জীখন ৰাধানাথ বৰুৱা সহায়ত লিখে। 

৮। বিশ্বেশ্বৰ বৈদ্যাধিপৰ আন এটা নাম কি? তেওঁ বুৰঞ্জীখনৰ নাম কি?

উত্তৰঃ বিশ্বেশ্বৰ বৈদ্যাধিপৰ আন এটা নাম বিকাৰাম। তেওঁ বুৰঞ্জীখনৰ নাম বেলিমাৰৰ বুৰঞ্জী। 

৯। বুৰঞ্জী-বিৱেকৰত্ন কাৰ বুৰঞ্জী?

উত্তৰঃ বুৰঞ্জী-বিৱেকৰত্ন মণিৰাম দেৱানৰ বুৰঞ্জী।

১০। নাথান ব্ৰাউনে ৰচনা কৰা অসমীয়া ভাষা ব্যাকৰণখনৰ প্ৰকৃত নাম কি?

উত্তৰঃ নাথান ব্ৰাউনে ৰচনা কৰা অসমীয়া ভাষা ব্যাকৰণ খনৰ প্ৰকৃত নাম ''Grammatical Notices of The Assamese Language''।

১১। আনন্দৰাম ঢেকিয়াল ফুকনৰ ইংৰাজী পুস্তিকা খনৰ নাম কি?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ ইংৰাজী পুস্তিকা খনৰ নাম '' A few Remarks on Assamese Language''।

১২। অৰুনোদয় কাকতৰ খ্ৰীষ্টীয়ান লেখক ২জনৰ নাম আৰু অখ্ৰীষ্টীয়ান লেখক দুজনৰ নাম লিখা?

উত্তৰঃ অৰুনোদয় কাকতৰ খ্ৰীষ্টীয়ান লেখক ২জন হৈছে- ডক্টৰ নাথান ব্ৰাউন, ডাক্টৰ মাইলচ ব্ৰন্সন।

২জন অখ্ৰীষ্টীয়ান লেখকৰ নাম হৈছে- আনন্দৰাম ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱা।