হাতী


প্ৰশ্নাৱলীঃ

১। 'হাতী' গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অঙ্কিত হৈছে, তাৰ এটি আভাস দিয়া।

উত্তৰঃ 'হাতী' গল্পত গল্পকাৰ হোমেন বৰগোহাঞিয়ে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰখন অতি মৰ্মস্পৰ্শী ৰূপত আৰু আন্তৰিকতাৰে অংকণ কৰিছে। পুৰণি মূল্যবোধৰ প্ৰতীক বলোৰাম মেধি আৰু তেওঁৰ মৰমৰ বাপধন নামৰ হাতীটোৰ প্ৰতি বলোৰাম বুঢ়াৰ ঘৰখনৰ নতুন মূল্যবোধৰ প্ৰতিনিধি সদস্যসকলৰ বিশেষকৈ পুতেকহঁতৰ আচৰণৰ মাজেদি এই ছবিখন স্পষ্ট হৈ জিলিকি উঠিছে।

(ক) প্ৰজন্মৰ ব্যৱধানৰ বাবে গল্পটিৰ মাজত মূল্যবোধৰ অৱক্ষয় ঘটিছে।

(খ) বলোৰামৰ বুঢ়াৰ সৰু পুতেকৰ বিয়াৰ দিনাখনো মূল্যবোধৰ অৱক্ষয়ৰ আন এক ৰূপ দেখা গৈছে।

ডেকা বয়সত বলোৰাম মেধি ধনে-ধাবে, মাটিয়ে-বাৰীয়ে মৌজাখনৰ ভিতৰতে জাকতজিলিকা হৈ পৰিছিল। সেই সময়ত হাতী-ঘোঁৰাই আছিল যানবাহনৰ মাধ্যম। ঘৰখনৰ আভিজাত্য বঢ়াবৰ বাবে চাৰিকুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি বলোৰাম মেধিয়ে হাতী এটা কিনি আনিছিল। বাপধন মেধিৰ জীৱনৰ সাফল্যৰ প্রতীকস্বৰূপ; বলোৰাম বুঢ়াৰ ঘৰৰ লক্ষ্মী। পৰৱৰ্তী সময়ত মেধিয়ে যি অগাধ সম্পত্তিৰ মালিক হ'ল সকলোবোৰৰ মূলতে বাপধন বুলিয়ে জ্ঞান কৰিছিল। আনকি জিলাৰ ডা-ডাঙৰীয়া আৰু হাকিম- বিষয়া আহিলেও বলোৰাম মেধিৰ ঘৰতে থকা হ'ল।

বলোৰাম মেধিৰ যি মূল্যবোধ সেয়া বেছিদিন স্থায়ী নহ'ল। পুতেক বৰমইনা ডাঙৰ হৈ ধনী ঠিকাদাৰ আৰু ব্যৱসায়ী হ'ল। বৰমইনাৰ দৃষ্টিত পদুলিমুখৰ গেৰেজত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে আভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয়। বৰমইনাহঁত নতুন যুগৰ প্ৰতিনিধি। সময়ৰ গতিৰ লগে মানুহৰ মন, চিন্তা, মূল্য়বোধ, সমাজ তথা সামাজিক পৰিৱেশ সলনি হয় বৰমইনাহঁতে গাড়ী কিনিবৰ বাবে বেংকত যথেষ্ট টকা আছিল যদিও গাড়ীৰ যুগত হাতীৰ ব্যৱহাৰ নোহোৱাৰ বাবে সিহঁতে হাতীটো বিক্ৰী কৰি কিছু টকা সংগ্ৰহ কৰিব বিচাৰিছিল। সিহঁতৰ বাবে হাতীটো ব্যৱহাৰৰ অযোগ্য, আওপুৰণি, মূল্যহীন। মাথোঁ বহি বহি ঘৰৰ অন্নহে ধ্বংস কৰিছে। এইখিনিতে দুয়োটা প্ৰজন্ম অৰ্থা বলোৰাম মেধি আৰু পুতেকহঁতৰ মূল্যবোধৰ অৱক্ষয় ঘটিছে। বাপেকে অভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হাতীটো নতুন চাম অৰ্থা পুতেকহঁতৰ বাবে লাজৰ কথা বুলিহে গণ্য কৰিছে।

         মূল্যবোধৰ অৱক্ষয়ৰ আন এক ৰূপ বলোৰাম মেধিৰ সৰু পুতেকৰ বিয়াৰ দিনাখন দেখা গৈছে। বলোৰাম মেধিয়ে কণমইনাক দৰা সাজি হাতীত উঠি কইনাঘৰলৈ যোৱাটো বিচাৰিছিল। কিন্তু নতুন মূল্যবোধত বিশ্বাসী কণমইনা দৰা সাজি গৈ বাপেকে সজাই থোৱা হাতীটোৰ বিপৰীতে বৰমইনাৰ এম্বেছেডৰ গাড়ীতহে ইঠিল।

২। প্ৰজন্মৰ ব্য়ৱধানে ( Generation Gap) মূল্যবোধৰ অৱক্ষয়ত কেনেধৰণৰ অৰিহণা যোগাইছে, 'হাতী' গল্পৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ প্ৰজন্মৰ ব্যৱধানে আমাৰ সমাজখন মূল্যবোধৰ অৱক্ষয়ত কেনেধৰণৰ অৰিহণা যোগাইছে তাৰ আকৰ্ষণীয় ছবি এখন 'হাতী' গল্পটোৰ মাজত প্ৰতিফলিত হৈছে।

        'হাতী' গল্পটো অন্যতম চৰিত্ৰ বলোৰাম মেধি পুৰণি সমাজখনৰ প্ৰতিনিধি আৰু তেওঁৰ পুতেকহঁত নতুন সমাজখনৰ প্ৰতিনিধি। দুয়োটা প্ৰজন্মৰ চিন্তাধাৰা, মূল্যবোধৰ মাজত অৱক্ষয় ঘটিছে সময়ৰ অৰ্থাৎ প্ৰজন্মৰ ব্যৱধানৰ বাবে। 

            পুৰণি প্ৰজন্মৰ প্ৰতিনিধি বলোৰাম মেধি ধনে-ধানে মৌজাখনৰ ভিতৰতে চহকী আছিল। তেতিয়াৰ দিনত আলি-পদূলি বা গাড়ী-মটৰৰ বিশেষ সুবিধা নাছিল। হাতী-ঘোৰাই আছিল অভিজাত বাহন। এই সময়তে ঘৰৰ পদূলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেও তেওঁৰ অভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয়। কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই চাৰি কুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু আদৰতে তাৰ নাম থ'লে বাপধন। বাপধনক অনা পিছত বলোৰাম মেধিক প্ৰাচুৰ্য আৰু বেছি বৃদ্ধি পালে। জিলাৰ পৰা কোনো ডা-ডাঙৰীয়া আৰু হাকিম-বিষয়া আহিলে বুঢ়াৰ ঘৰতে আলহী থকা হ'ল--- এইবোৰ দেখি-শুনি মানুহে ক'বলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হ'বলৈ যে বাপধনৰ যহতেই এই সকলোবোৰ হৈছে, বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী। সময়ৰ গতিৰ লগে লগে সলনি হ'ল মানুহৰ মন, চিন্তা, মূল্যবোধ, সমাজ তথা সামাজিক পৰিৱেশ।  

                   বলোৰাম মেধিয়ে জীৱনত খেতি-বাতিৰে যিমান উন্নতি কৰিছিল, তেওঁৰ পুতেক বৰমইনাহঁতে আধুনিক শিক্ষাৰে শিক্ষিত হৈ ঠিকা-ঠুকুলি তথা ব্যৱসায় কৰি বাপেকতককৈও অধিক ধন-সম্পত্তি আহৰণ কৰে। আধুনিক চিন্তাধাৰাৰ বৰমইনাহঁতে স্বচ্ছল ৰাস্তা-ঘাটত হাতীত উঠি ঘূৰি ফুৰাতকৈ মটৰ গাড়ীত অ'লৈ-ত'লৈ যোৱাটোহে সুবিধাজনক আৰু অধিক গৌৰৱৰ কথা বুলি ভাৱে। হাতীটো সিহঁতৰ মনত এটা ব্যৱহাৰৰ অযোগ্য, আওপুৰণি মূল্যহীন আৰু খৰচি জন্ত্তহে মাত্ৰ। সিহঁতৰ বাবে হাতী এটা বৰ্তমান সময়ত আভিজাত্যৰ প্ৰতীক হোৱাৰ বিপৰীতে লজ্জাৰহে কাৰণ। সেয়ে দেউতাকৰ দিনৰ হাতীটো পদূলিমুখত এনেয়ে বান্ধি ৰখাতকৈ তাক বিক্ৰী কৰাৰ  কথাহে সিহঁতে ভাৱে। 

                    বলোৰাম মেধি আৰু পুতেকহঁতৰ মাজত প্ৰজন্মৰ ব্যৱধান আছে। এই ব্যৱধানৰ ফলতে কণমইনাৰ বিয়াৰ দিনাখন মেধিৰ আশাত চেঁচাপানী ঢালি, পুৱাৰে পৰা সজাই-পৰাই থোৱা হাতীটোৰ পিঠিত উঠি বিয়া কৰাবলৈ যোৱাৰ বিপৰীতে কণমইনাই ককায়েকৰ এম্বেছেডৰ গাড়ীতহে যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। পৰম্পৰা ভংগ কৰি কণমইনা 'বাপধন'ৰ বিপৰীতে মটৰ গাড়ীত উঠি গৈছে। দুয়োটা প্ৰজন্মৰ চিন্তাধাৰা, মূল্যবোধৰ মাজত ব্যৱধান ঘটিছে আৰু ব্যৱধানেই গল্পটোৰ মাজলৈ সংঘাত নমাই আনিছে।          

 ৩। 'এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে... দুয়ো আড়ষ্ট হৈ ৰ'ল।'

        -ইয়াত 'বুঢ়া' বুলি কাৰ কথা কোৱা হৈছে? বাপধন কোন? এই সম্পৰ্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বৰ্ণনা কৰা।

উত্তৰঃ ইয়াত 'বুঢ়া' বুলি বলোৰাম মেধিৰ কথা কোৱা হৈছে। 

    বাপধন হ'ল বলোৰাম মেধিৰ অতি মৰমৰ হাতীটোৰ নাম।

         এদিন আহাৰ মাহৰ গধূলি বলোৰাম মেধিয়ে পিৰালিতে জুপুকামাৰি বহি আছিল। বয়সৰ লগে-লগে চকু কাণৰ শক্তি কমি অহাৰ কাৰণে কোনোবাই কিবা ক'ব লাগিলে চিঞৰি ক'ব লাগে; সেয়ে পৰাপক্ষত বুঢ়াৰ লগত ঘৰৰ কোনেও কথা নাপাতে। তাক লৈ বুঢ়াই নিজকে অৱহেলিত অনুভৱ কৰে। বুঢ়াৰ গাৰ কাষেৰে কোনোবা এজন পাৰ হৈ যোৱা যেন পালে আৰু হঠাৎ তেওঁ মাত লগাই উঠিল,-"কোন অ' সেইটো ? ৰাতিয়া নেকি ?" কিন্তু বুঢ়াৰ কোনো প্ৰশ্নৰে উত্তৰ নিদি হাতীৰ মাউত ৰাতিয়া তেওঁৰ গাৰ কাষেদিয়ে গম গমকৈ ভিতৰলৈ সুমাই গ'ল। ৰাতিয়াৰ হৈ বুঢ়াৰ প্ৰশ্নৰ উত্তৰ দিলে বাপধনে নিজে। শুঁৰডাল মেলি সি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে। বাপধনৰ সেই চিৰ-পৰিচিত স্নেহ-স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিৰ পৰা মূৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল। হেৰোৱা মাণিক বিচাৰি পোৱাৰ দৰে খপ কৰে বাপধনৰ শুঁৰডালত ধৰি তেওঁ পৰম আৱেগেৰে হাত বুলাবলৈ ধৰিলে, যেন বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে। বহু সময় ধৰি বাপধনৰ লগত সুখ-দুখৰ কথা-বৰ্তা চলি থাকিল। অলপ পিছতে বুঢ়াৰ পুতেক বৰমইনাৰ মটৰ গাড়ীখনৰ হেডলাইটৰ তীব্ৰ পোহৰত গোটেই চোতালখন আলোকিত কৰি দুৱাৰ মুখত আহি ৰৈ গ'ল। এন্ধাৰত নিবিড় মিলন-সম্ভাষণৰ মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে মটৰখনলৈ ঘূৰি চালে, তাৰ পিছত যেন কিংকৰ্তব্যৱিমূঢ় হৈ দুয়ো আড়ষ্ট হৈ ৰ'ল। মটৰ হেড্লাইন নুমাই গ'ল। 


৪। বাপধনক কেন্দ্ৰ কৰি বাপেক-পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল, লিখা।

উত্তৰঃ গল্পকাৰ হোমেন বৰগোহাঞিয়ে 'বাপধন' নামৰ হাতী এটাক কেন্দ্ৰ কৰি বাপেক বলোৰাম মেধি আৰু পুতেক বৰমইনাৰ মাজত এক কাজিয়া (সংঘাত)ৰ সূত্রপাত ঘটাইছে। এই সংঘাত মূলতঃ পুৰণি আৰু নতুনৰ মাজত মূল্যবোধৰ সংঘাত।

বলোৰাম মেধিৰ ঘৰখনৰ আভিজাত্য বঢ়াবলৈ চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি 'বাপধন' নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল আভিজাত্যৰ বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক স্বৰূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাবিছিল। ইয়াত হাতীটো হৈছে পুৰণি মূল্যবোধৰ প্রতীক।

আনহাতে তেওঁৰ আধুনিক শিক্ষাৰে শিক্ষিত আৰু অর্থনৈতিকভাবে সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদূলিমূখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল। সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচ। গতিকে সিহঁতে হাতীটো বিক্রি কৰি মটৰ গাড়ী এখন ক্ৰয় কৰাৰ কথা চিন্তা কৰিছিল। বৰমইনাহঁতৰ বাবে মটৰ-গাড়ী নতুন মূল্যেবোধৰ প্রতীক।

এইনতুন আৰু পুৰণি মূল্যবোধক কেন্দ্র কবি বাপেক- পুতেক দুয়োৰে মাজত সংঘাতৰ সূত্রপাত হৈছিল।

৫। বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল? হাতীটো পিছত কি হ'ল?

উত্তৰঃ বলোৰাম মেধি মৌজাখনৰ ভিতৰতে ধনে-ধানে, মাটিয়ে-বাৰীয়ে জাকত-জিলিকা ধনী খেতিয়ক।

    বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া চফল ডেকা সেই সময়তে তেওঁ হঠাৎ এদিন আৱিষ্কাৰ কৰিলে যে ধনে-ধানে মাটিয়ে-বাৰিয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে; এই সময়তে ঘৰৰ পদূলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ অভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয়। কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই চাৰি কুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু আদৰতে তাৰ নাম থ'লে বাপধন। 

       এক মৰ্মান্তিক পৰিস্থিতিত বলোৰাম মেধিয়ে তেওঁৰ বৰপুত্ৰসম  হাতীটোক পিছত  ৰাতিয়া নামৰ মাউতজনক দান দিলে। 


৬। 'সিতো কেৱল এটা হাতী নহয়, কেৱল অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক।'

         -ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ ওপৰৰ কথাখিনি বলোৰাম মেধি প্ৰসংগত কোৱা হৈছে।

                            বলোৰাম মেধি পঁচিছ বছৰীয়া চফল ডেকা, সেই সময়তে তেওঁ ঘৰৰ অৱস্থা ধানে-ধনে, মাটিয়ে-বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত-জিলিকা আছিল। এই সময়ত ঘৰৰ পদূলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ অভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয়। কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই চাৰি কুঠালীয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা আনিলে আৰু আদৰতে তাৰ নাম থ'লে বাপধন।সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই এখন আসন পাই আহিছে। কোনোদিনে তেওঁ বাপধনক ভাৰবাহী পশুৰ দৰে ব্যৱহাৰ কৰা নাই। বাপধনৰ বাবেই বলোৰাম বুঢ়াই জিলীৰ ইংৰাজ বৰচাহাবৰ প্ৰশংসা লাভ কৰবলৈ সক্ষম হৈছিল। কাৰণ সিতো কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ সাফল্যৰ প্ৰতীক। বাপধনে তেওঁৰ ঘৰলৈ আনি দিছিল অভাৱনীয় প্ৰতিপত্তি আৰু সন্মান। 
 

৭। 'শূন্য বিয়া ঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰ'ল কেৱল বলোৰাম বুঢ়া আৰু বাপধন।' বিয়াঘৰৰ পদূলিমুখত বুঢ়া আৰু বাপধন অৰ্থব হৈ ৰোৱাৰ কাৰণ কি? দুয়ো কিয় বৰযাত্ৰী নহ'ল?

উত্তৰঃ বলোৰাম মেধিয়ে সৰু পুত্ৰ কনমইনাৰ বিয়াৰ দিনাখন দৰা সাজি কইনাঘৰলৈ যাব সময়ত বাপেকৰ ইচ্ছা আগ্ৰহ আৰু পৰম্পৰাক গুৰুত্ব নিদি বৰমইনাৰ এম্ৱেছেডৰ গাড়ীত উঠি ৰাওনা হৈছিল। কনমইনাৰ বিয়াত দৰা যাবৰ বাবে বলোৰামে নিজ হাতেৰে বাপধনক সজাই-পৰাই পদুলিমুখত সাজু কৰিছিল। বুঢ়াৰ লম্ফ-জম্ফ আৰু চিঞৰ-বাখৰ দেখি ভিৰৰ মাজেতে কোনোবাই ঠাট্টা-মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে। লগে লগে বাকী বৰযাত্ৰীবোৰেও ওচৰতে ৰৈ থকা বাছ, লৰি যিহকে পাই তাতে উঠি পৰিল-আৰু মুহূৰ্তৰ ভিতৰতে বাকী গাড়ীবোৰেও দৰাৰ গাড়ী অনুসৰণ কৰিবলৈ ধৰিলে। এইদৰে বিয়াঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰ'ল কেৱল বলোৰাম বুঢ়া আৰু বাপধন। কনমইনাই সেই আকাংক্ষাত চেঁচা পানী ঢালি গুচি যোৱাৰ পিছত, সকলো বৰযাত্ৰী গুচি যোৱাৰ পিছত শূন্য বিয়াঘৰৰ পদূলিমুখত শোক-অপমানৰ হৈ বুঢ়া আৰু বাপধন অথৰ্ব হৈ ৰৈ আছিল।  

    সময়ৰ ব্যৱধানেৰে সময় সলনি কৰি পেলাইছিল। নতুন প্ৰজন্মৰ প্ৰতিনিধি বুঢ়াৰ পুতেকহঁত নতুন ৰুচিৰে গঢ়ি উঠিছিল। বলোৰাম বুঢ়া পুৰণিকালীন নীতি-নীয়ম নামানি বাপধনৰ পৰিৱৰ্তে মটৰ গাড়ীত উঠি যোৱা কথাটো বাপেকে পছন্দ কৰা নাছিল। তেনে পৰিস্থিতিত উপেক্ষিত, ক্ষুব্ধ-অপমানিত তথা পৰিৱৰ্তনৰ ধুমুহাত বিধস্ত বলোৰাম বুঢ়া আৰু বাপধন বৰযাত্ৰী হ'ব নোৱাৰিলে। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


Type - Pompi Hazarika

Answered by Himashree Bora (27.04.2022)