SVN Class 8 Social Science Chapter 17 Answer 2025 | মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলকশিক্ষাৰ ভূমিকা| অধ্যায় ১৭ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 17 Question and Answer Assamese medium | Class 8 Social Science Chapter 17 Assamese Medium Question and Answer Notes and Suggestion |
Lesson: 17
মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ
নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত
বৃত্তিমূলক শিক্ষাৰ ভূমিকা
👉Text Books PDF 👉Short Question Answer 👉MCQ Online Exam
১। চমু উত্তৰ লিখা:
ক) সম্পদ হ’বলৈ মানুহ কি কি গুণৰ অধিকাৰী হ’ব লাগিব?
উত্তৰঃকোনাে মানুহ সম্পদ হিচাপে বিবেচিত হ’বলৈ হ’লে তেওঁ শাৰীৰিক আৰু মানসিক ভাবে সক্ষম হােৱাৰ উপৰিও প্রয়ােজনীয় শিক্ষা আৰু প্রশিক্ষণ প্রাপ্ত হ’ব লাগিব । কাৰিকৰী দক্ষতা আৰু কাম কৰাৰ মানসিকতা মানৱ সম্পদৰ বিশেষ বৈশিষ্ট্য ।
খ) উৎপাদনৰ মূল উপাদান কেইটা আৰু কি কি?
উত্তৰঃ উৎপাদনৰ মূল উপাদান চাৰিটা । সেই কেইটা হ’ল — ভূমি , শ্রম , মুলধন আৰু সংগঠন ।
গ) বিশেষ প্রয়োজনসম্পন্ন লোক মানৱ সম্পদৰূপে বিবেচিত হ’ব পাৰেনে?
উত্তৰঃএজন বিশেষ প্রয়ােজন সম্পন্ন মানুহে মানৱ সম্পদ হিচাপে বিবেচিত হ’ব পাৰে যদিহে তেওঁ শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কোনাে উৎপাদনমুখী কার্যত জড়িত হ’ব পাৰে ।
ঘ) জীৱনৰ প্ৰত্যাশা কি?
উত্তৰঃ জীৱন প্রত্যাশা হৈছে মানৱ সম্পদ উন্নয়নৰ এটা নির্দেশক । এটা শিশু জন্মৰ পিছৰ পৰা কিমান বছৰলৈ সুস্থ আৰু সৱল হিচাপে জীয়াই থাকে , সেইটোৱেই হৈছে জীৱন প্রত্যাশা ।
ঙ) বৃত্তি কাক বোলে?
উত্তৰঃ মানুহে শিক্ষা – দীক্ষা লাভ কৰি উঠি জীৱিকা নির্বাহৰ বাবে যি কৰ্মক বাচনি কৰি লয় সেইটোৱে তেওঁৰ বৃত্তি ।
জন্মকালীন শিশুৰ মৃত্যুৰ হাৰজন্ম কালীন শিশুৰ মৃত্যুৰ হাৰ মানৱ উন্নয়নৰ অইন এক নির্দেশক । শিশুৰ মৃত্যুৰ হাৰে দেশৰ জনস্বাস্থ্যৰ ইংগিত বহন কৰে । স্বাস্থ্য ক্ষেত্ৰত সুব্যৱস্থাৰে শিশুৰ মৃত্যুৰ হাৰ কমাব পৰা যায় । এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হ্রাস হােৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ এটা প্রধান নির্দেশক হিচাপে বিবেচিত হয় ।
জনমুৰি আয়জাতীয় আয়ৰ ভিত্তিত দেশবােৰক উন্নত আৰু অনুন্নত শ্ৰেণীত ভাগ কৰা যায় । জনমুৰি আয় বৃদ্ধিয়ে মানৱ সম্পদ উন্নয়নৰ কথা বুজায় । সম্পদত উন্নত দেশ সমূহৰ মানৱ সম্পদো উন্নত হয় ।
বিদ্যালয়ত নাম ভৰ্ত্তি আৰু বিদ্যালয় এৰাৰ হাৰবিদ্যালয়ত নামভৰ্ত্তি আৰু বিদ্যালয় এৰাৰ হাৰৰ ওপৰতো মানৱ সম্পদ উন্নয়ন নিৰ্ভৰ কৰে । উন্নত দেশৰ তুলনাত অনুন্নত দেশ সমূহত বিদ্যালয় এৰাৰ হাৰ উচ্চ হােৱাৰ ফলত এই দেশবােৰত উপযুক্ত জন সম্পদৰ অভাৱ হােৱা দেখা যায় । শিক্ষা অবিহনে মানুহ মানৱ সম্পদ হ’ব নােৱাৰে ।
প্রতিষেধক টিকাকৰণৰ হাৰ দেশৰ জনসাধাৰণ নিৰােগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে জনস্বাস্থ্যৰ উন্নতিৰ বিভিন্ন আঁচনিসমূহ অতি প্রয়ােজনীয় । ইয়াৰ ভিতৰত প্রতিষেধক টিকাকৰণে শিশুৰ স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ সুৰক্ষা প্রদান কৰে । সেয়ে প্রতেষেধক টিকা কৰণৰ হাৰকো মানৱ সম্পদৰ নির্দেশক হিচাপে বিবেচনা কৰা হয় ।
উত্তৰঃ যিবােৰৰ বয়স এবছৰৰ তলত , সেইবােৰক শিশু বুলি কোৱা হয়।এটা বছৰত জন্ম হােৱা প্রতি হাজাৰ শিশুৰ ভিতৰত যিমান শিশুৰ মৃত্যু হয় , সেই মৃত্যুৰ সংখ্যাক শিশুৰ মৃত্যুৰ হাৰ বােলা হয় । এই হাৰ হ’ব—
মুঠ শিশুৰ মৃত্যু সংখ্যা
শিশুৰ মৃত্যুৰ হাৰ = _________________ × ১০০
মুঠ শিশুৰ জন্ম সংখ্যা
ঘ) মানব সম্পদ উন্নয়নত শিক্ষাৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ শিক্ষা জীৱনৰ বন্তি । শিক্ষা অবিহনে জীৱন কেতিয়াও পােহৰাব নােৱাৰি । মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তিয়ে হ’ল— শিক্ষা । সুস্থ শৰীৰ , সুস্থ মন মগজুৰ ব্যক্তিয়ে প্রকৃত শিক্ষা লাভ কৰি দক্ষতা অর্জন কৰি উৎপাদনমুলক কামত জড়িত হ’ব পাৰিলেহে মানৱ সম্পদ বুলি বিবেচিত হয় । মানৱ সম্পদ উন্নয়নৰ প্ৰধান কাৰকটোৱেই হৈছে শিক্ষা । জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা উপযুক্ত শিক্ষা ব্যৱস্থাৰ যােগেদি উন্নত মানৱ সম্পদ গঢ়ি তুলিব পৰা যায় । যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত আৰু শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানাে উন্নত । উদাহৰণ স্বৰূপে আমি জাপান , ইংলেণ্ড , আমেৰিকা আদিৰ নাম উনুকিয়াব পাৰো।
ঘ) উন্নত দেশৰ তুলনাত অনুন্নত দেশসমূহত বিদ্যালয় এৰাৰ হাৰ উচ্চ।
উত্তৰঃ শুদ্ধ
ঙ) বৃত্তিমূলক শিক্ষাই স্ব-নিয়োজনৰ পথ মুকলি কৰি নিবনুৱা সমস্যা সমাধানত সহায় কৰে।
উত্তৰঃশুদ্ধ
৪। খালী ঠাই পূৰ কৰা :
ক) উৎপাদনৰ চাৰিটা উপাদান হ’ল ভূমি_______,_______আৰু_______।
উত্তৰঃশ্রম , মূলধন , সংগঠন ।
খ) দেশৰ উৎপাদনত _______প্রত্যক্ষ অবদান থাকে।
উত্তৰঃমানুহৰ ।
গ) বৃত্তিমূলক শিক্ষাই _______ত বিশেষ ভূমিকা পালন কৰে।
উত্তৰঃ মানৱ সম্পদ উন্নয়ন ।
ঘ) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা_______।
উত্তৰঃ ৩,১১,৬৯,২৭২ জন ।
ঙ) আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰদ্বাৰা জনসাধাৰণৰ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষাক _______বোলা হয়।
উত্তৰঃ বৃত্তিমূখী শিক্ষা
চ) _______বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
উত্তৰঃৰাষ্ট্ৰীয় আয়ৰ ।
ছ) _______শিশুৰ স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে।
উত্তৰঃ প্রতিষেধক টিকাৰণে ।
৫। চমুটোকা লিখা :
ক) মানৱ সম্পদ
উত্তৰঃ শাৰীৰিক আৰু মানসিক ভাবে সক্ষম যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উপাদনমূলক কাম কাজত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় । মানৱ সম্পদক জন সম্পদ বুলিও কোৱা হয় । জন সম্পদ অবিহনে দেশৰ উন্নতি অসম্ভৱ । কাৰণ সকলাে প্রাকৃতিক সম্পাদক মানৱ সম্পদেহে নিয়ন্ত্রণ কৰিব পাৰে । উৎপাদন বৃদ্ধি হ’লেহে দেশৰ উন্নতি হয়।শ্রম অবিহনে আমি কোনাে বস্তু উৎপাদন কৰিব নােৱাৰাে ৷ শ্রম প্রদান কৰিব পাৰে একমাত্র মানুহে । কিন্তু মানুহ মাত্রেই মানৱ সম্পদ নহয় । সম্পদ হ’বলৈ মানুহ কিছুমান গুণৰ অধিকাৰী হ’ব লাগিব । তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হােৱাৰ উপৰিও প্রয়ােজনীয় শিক্ষা আৰু প্রশিক্ষণ প্রাপ্ত হ’ব লাগিব । কিন্তু উচ্চ শিক্ষা আৰু প্রশিক্ষণ প্রাপ্ত এজন সু – স্বাস্থ্যৰ লােককো মানৱ সম্পদ বুলি ক’ব পৰা নহ’ব যদিহে তেওঁৰ কাৰিকৰী দক্ষতা , কাম কৰাৰ আগ্ৰহ নাথাকে বা উৎপাদনমুখী কার্যত নিয়ােজিত হৈ দেশ তথা দহৰ উপকাৰ সাধিব নােৱাৰে ।
খ) বৃত্তিমূলক শিক্ষা
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা জনসাধাৰণৰ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষা বৃত্তিমূলক শিক্ষা বােলা হয় । বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত বিশেষ প্ৰভাৱ পেলায় , কাৰণ বৃত্তিমূলক শিক্ষাই স্ব – নিয়োজনৰ পথ মুকলি কৰি নিবনুৱা সমস্যা সমাধানত সহায় কৰে । আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পিছত চৰকাৰে সকলাে শিক্ষিত লােককে চাকৰি যােগান ধৰাতো সম্ভৱ নহয় । প্রচলিত শিক্ষা ব্যৱস্থাই শিক্ষিত লােকৰ সংখ্যা বৃদ্ধি কৰিলেও আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে আমাক এতিয়া বৃত্তিমূলক শিক্ষাৰ প্ৰয়ােজন হৈ পৰিছে । বৃত্তিমূলক শিক্ষাই মানুহক উপার্জনক্ষম কৰি তােলাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা সমাধানতাে সহায় কৰে । বৃত্তিমূলক শিক্ষা গ্রহণ কৰি মানুহে মটৰ মেকানিক , কাঠমিস্ত্রী , দর্জী , ৰাজমিস্ত্রী , পেইণ্টাৰ , বিউটিচিয়ান , ইলেকট্রিচিয়ান , ম’বাইল মেকানিক , কম্পিউটাৰ মেকানিক আদি কামত নিয়ােজিত হৈ স্বাৱলম্বী হ’ব পাৰে ।