Lesson: 9
নৱ্যধৰ্মীয় ভাৱধাৰাৰ উত্থান
১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :
ক) ভাৰতত কেতিয়াৰপৰা ভক্তিবাদ আন্দোলন আৰম্ভ হৈছিল?
উত্তৰঃ অষ্টম শতিকাৰ পৰা ।
খ) কবীৰে ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক কি বুলি কোৱা হৈছিল?
উত্তৰঃ দোহা
গ) ‘ৰামচৰিত মানস’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ তুলসী দাসে ।
ঘ) উত্তৰ-পূব ভাৰতত ভক্তিবাদক জনপ্ৰিয় কৰি তোলা লোকজনৰ নাম লিখা।
উত্তৰঃ চৈতন্য় দেৱে ।
ঙ) মইনুদ্দিন চিস্তিৰ দৰগাহ ক’ত আছে?
উত্তৰঃ আজমীৰত ।
২। খালী ঠাই পূৰ কৰা :
ক) _____প্রথম ভক্তি শব্দৰ উল্লেখ পোৱা যায়।
উত্তৰঃ উপনিষদত
(খ) _____আছিল বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক।
উত্তৰঃ শঙ্কৰাচাৰ্য
গ) কবীৰ এটা_____ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।
উত্তৰঃ মুছলমান
(ঘ) _____অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰিছিল।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ ।
(ঙ) _____পাঁচ পীৰৰ দৰগাহ আছে।
উত্তৰঃ ধুবুৰীত ।
৩। চমুটোকা লিখা :
ক) শংকৰাচাৰ্য
উত্তৰঃ বৈষ্ণৱ ভক্তি ধৰ্ম-প্ৰচাৰ কৰা আচাৰ্যসকলৰ ভিতৰত শঙ্কৰাচাৰ্যই হ'ল প্রথম। দক্ষিণ ভাৰতৰ কেৰেলা প্ৰদেশৰ পূৰ্ণা নদীৰ পাৰৰ এখন গাঁৱত ৭৮৮ খৃঃত শঙ্কৰাচাৰ্যই জন্ম গ্রহণ কৰিছিল। তেওঁ কম বয়সতে চাৰিওখন বেদৰ জ্ঞান আহৰণ কৰিছিল আৰু ডাঙৰ হৈ কেৰেলা ৰাজ্যত ভক্তিবাদৰ প্ৰচাৰ কৰিছিল। শঙ্কৰাচাৰ্য আছিল বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক। অদ্বৈতবাদত একৰ বাহিৰে দুই সত্ত্বাৰ অস্তিত্ব স্বীকাৰ কৰা নহয়। শঙ্কৰাচাৰ্যই প্রকৃত জ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সৎ কৰ্ম আৰু সৎ জ্ঞানৰ দ্বাৰাহে যে মানুহে মুক্তি লাভ কৰিব পাৰে এই কথা তেওঁ সমাজত প্ৰচাৰ কৰিছিল।
খ) চৈতন্য দেৱ
উত্তৰঃ দক্ষিণ ভাৰতত আলোৱাৰ সকলে আৰম্ভ কৰা ভক্তি আন্দোলন লাহে লাহে সমগ্ৰ ভাৰতত বিয়পি পৰিছিল কিছুসংখ্যক অনুৰাগীৰ জৰিয়তে। উত্তৰ পূব ভাৰতত ভক্তিবাদক জনপ্ৰিয় কৰি তুলিছিল চৈতন্যদেবে। তেওঁ বঙ্গদেশত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি ধৰ্ম্মক 'অচিন্ত্য ভেদাভেদ' নামেৰে জনা যায়। তেওঁ জাতি বিচাৰ বৰ্জন কৰিছিল; যিটো কাম মহামানৱ মহাত্মা গান্ধীয়ে উনৈশ শতিকাত 'অস্পৃশ্যতা বর্জন' নামেৰে আৰম্ভ কৰিছিল। চৈতন্যদেৱ আৰু তেওঁৰ প্ৰচাৰকসকলে ঘৰে ঘৰে গৈ 'নাম' প্ৰচাৰ কৰিছিল।
গ) কবীৰ
উত্তৰঃ কবীৰ মধ্য যুগৰ এজন ভক্ত, সাধক আৰু কবি। উত্তৰ ভাৰতৰ হিন্দীভাষী অঞ্চলত পোনপ্রথমে ভক্তি ধর্ম প্ৰচাৰ কৰা স্বামী ৰামানন্দৰ তেওঁ প্রধান শিষ্য আছিল। কবীৰৰ জন্ম আৰু মৃত্যু ৰহস্যকৰ। প্ৰকৃততে কবীৰৰ জন্মৰ কথা কোনেও নাজানে। এগৰাকী মুছলমান তাঁতীয়ে কবীৰক কেচুৱা অৱস্থাতে এক পৰিত্যক্ত অবস্থাত পাই তুলি তালি ডাঙৰ-দীঘল কৰিছিল। কবীৰ এজন কবি আছিল। কবীৰে কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক 'দোহা' বোলা হয়। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, আল্লা, খোদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। সাধাৰণলোকৰ মাজত কবীৰ ইমানেই জনপ্রিয় আছিল যে তেওঁৰ সমসাময়িক মুছলমান সকলে তেওঁক চুফি সাধক আৰু হিন্দুসকলে ৰামভক্ত বুলি স্বীকাৰ কৰিছিল। হিন্দু-মুছলমান উভয় ধৰ্মৰলোকে তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল।
ঘ) নিজামুদ্দিন আউলিয়া
উত্তৰঃ নিজামুদ্দিন আউলিয়া ইছলাম ধৰ্মৰ চুফীপন্থাৰ এজন প্রখ্যাত চুফী। চুফী পন্থাৰ অন্যতম নীতি হ'ল উদাৰতা। খৃষ্টীয় একাদশ-দ্বাদশ শতিকামানৰ পৰাই ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে মধ্য এচিয়াৰ পৰা কেইবাজনো ধৰ্ম প্ৰচাৰকৰ ভাৰতলৈ আগমন ঘটিছিল। তেওঁলোকৰ মাজত চুফী সাধকসকলো আছিল। নিজুমুদ্দিন আউলিয়া তেওঁলোকৰ মাজৰে এজন। তেওঁৰ মতে নৈতিক মূলমন্ত্ৰবোৰেই চুফীবাদৰ মূলমন্ত্র। ধৰ্মীয় আচাৰ অনুষ্ঠান পালন কৰাটোৱেই ধৰ্ম হ'ব নোৱাৰে। নীতি শিক্ষা আহৰণ কৰি ভাতৃত্ব বোধেৰে শান্তিপূর্ণ ভাবে জীয়াই থকাটোৱেই আচল কথা। ইয়াৰ কাৰণে আত্মজ্ঞান লাভ কৰিব লাগিব।চুফীবাদীসকল উদাৰ হোৱাৰ বাবে তেওঁলোকে অন্য ধৰ্মকো সম্মানৰ চকুৰে চাইছিল। তেওঁলোকৰ মূল উদ্দেশ্যে হ'ল, ভগবৎ প্রেম আৰু মানৱ প্ৰেমৰ মাজেদি জীৱন অতিবাহিত কৰা। বিস্তৃত প্রার্থনা, উপবাস, আচাৰ-অনুষ্ঠান আদি তেওঁলোকৰ মতে নিৰৰ্থক। এনে উদাৰ মনোভাৱৰ বাবে হিন্দু ধৰ্মৰ লোক সকলেও নিজামুদ্দিন আউলিয়াৰ দৰে পীৰ সকলক সন্মান কৰিছিল, আদৰি লৈছিল।
ঙ) আজান ফকীৰ
উত্তৰঃ মোৰ মনত ভেদ ভাৱ নাই অ' আল্লা/মোৰ মনত ভেদ ভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান/মোৰ মনত ভেদভাব নাই। -এনেদৰে উদাৰ দৃষ্টি ভঙ্গীৰে সকলো ধৰ্মৰ লোকক আপোন কৰি ল'ব পৰা ব্যক্তি গৰাকীয়েই হ'ল আজান ফকীৰ।১৭শতিকাত অসমলৈ আহিছিল আজান ফকীৰ। তেওঁৰ আচল নাম আছিল শ্বাহমিলন। তেওঁ মুছলমান সকলক আজান দি ভগৱানক প্রার্থনা কৰিবলৈ আহ্বান জনাইছিল বাবে তেওঁক আজান পীৰ নামে জনা যায়। তেওঁ ৰচনা কৰা গীত সমূহক জিকিৰ বুলি কোৱা হয়। এই গীত সমূহৰ দ্বাৰা তেওঁ হিন্দু মুছলমান সকলোকে একতাৰ ডোলেৰে বান্ধি সমাজত ঐক্য শান্তি প্রতিষ্ঠা কৰিবলৈ বিচাৰিছিল শিৱসাগৰ জিলাৰ শৰাগুৰি চাপৰিত।
৪। ভক্তিবাদ বুলিলে কি জানা লিখা।
উত্তৰঃ ভক্তি শব্দৰ অৰ্থ হ'ল সেৱা। ভক্তি বুলি কওঁতে ঈশ্বৰ বা ভগৱানৰ ওচৰত সেৱা বা আনুগত্য আগবঢ়োৱাকে বুজোৱা হৈছে। পণ্ডিত সকলৰ মতে বৈদিক সাহিত্যৰ উপনিষদতেই প্রথম 'ভক্তি' শব্দৰ উল্লেখ পোৱা যায়। ঈশ্বৰৰ প্ৰতি অগাধ প্রেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই "ভক্তিবাদ"।ভাৰতবৰ্ষত অষ্টম শতিকা মানৰ পৰাই এক নব্য বা নতুন ধৰ্মীয় ভাৱধাৰাৰ উত্থান হৈছিল আৰু লাহে লাহে এই ধৰ্মীয় ব্যৱস্থাই প্ৰসাৰতা লাভ কৰিছিল। এই আন্দোলনৰ ধর্ম গুৰু সকলে বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি পূজা বাদ দি একেশ্বৰ বাদত বিশ্বাস ৰাখি ভক্তিয়েই মুক্তিৰ একমাত্র পথ বুলি গণ্য কৰিছিল।
৫। আলোৱাৰ আৰু নায়নাৰসকল কোন আছিল? তেওঁলোকৰ মূল ধর্মমত কি?
উত্তৰঃ আলোৱাৰ আৰু নায়লাৰ সকল দাক্ষিণাত্যৰ তামিল ৰাজ্যৰ দুটা সম্প্রদায়। আলোৱাৰ সকল আছিল বৈষ্ণৱ পন্থী আৰু নায়নাৰসকল আছিল শৈর পন্থীলোক। আলোৱাৰ সকলে বেদ, উপনিষদ আৰু গীতাৰ ভাৱ ধাৰাকে গ্ৰহণ কৰি ভক্তি কৰ্ম আৰু জ্ঞানৰ ওপৰত প্রাধান্য দিছিল। আলোৱাৰ সকলৰ মতে ভগৱানেই হৈছে আধ্যাত্মিক জীৱনৰ পথ প্রদর্শক। তেওঁৰ চৰণত একান্ত ভক্তিয়ে মনৰ অজ্ঞানতা দূৰ কৰি মোক্ষলাভৰ পথ দিয়ে। তেওঁলোকে ভক্তি মূলক কবিতা, স্ত্ৰোত আদি ৰচনাৰ জৰিয়তে ভক্তিবাদৰ ধাৰণা প্ৰচাৰ কৰিছিল। আলোৱাৰ সকলকেই ভক্তি-বাদৰ বাটকটীয়া বুলি ক'ব পাৰি।
৬। গুৰুনানকে প্ৰচাৰ কৰা ধৰ্মটোক কি বুজি জনা গৈছিল? তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ মূল কথা কি আছিল লিখা।
উত্তৰঃ গুৰু নানকে প্ৰচাৰ কৰা ধৰ্মটোক শিখ ধর্ম বুলি জনা যায়। উত্তৰ ভাৰতত ভক্তিমাৰ্গৰ প্ৰচাৰ কৰোতা সকলৰ ভিতৰত গুৰু নানকো আছিল এজন। তেওঁৰ মতে একমাত্র সত্য পথত চলাটোৱেই হৈছে ধৰ্ম্মৰ উদ্দেশ্য। তেওঁৰ মতবাদ কবীৰৰ মতবাদৰ সৈতে একেই। নানকৰ ধৰ্ম বিচাৰত ধনী দৰিদ্ৰ, শ্ৰেণীভেদ আৰু লিংগ ভেদ নাই। তেওঁৰ মতে সকলো একেই মানুহ। ভগৱানৰ প্ৰেমেহে আমাক অর্থাৎ জীৱক ৰক্ষা কৰিব পাৰে আৰু তেওঁৰ কৰুণা বা দয়া লাভ কৰিব পাৰিলেই সকলোৱে মুক্তি লাভ কৰিব পাৰে।
৭। শংকৰদেৱে প্ৰচাৰ কৰা ভক্তিধৰ্মৰ প্ৰধান বৈশিষ্ট্য কি লিখা।
উত্তৰঃ দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলোৱাৰ সকলে আৰম্ভ কৰা ভক্তিবাদে কালক্ৰমত সমগ্ৰ ভাৰততে প্ৰসাৰ লাভ কৰিছিল কিছু সংখ্যক ভক্ত ধর্মাচাৰ্যৰ প্ৰচেষ্টাত। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন জনে ভক্তি ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰিছিল।অসমত ভক্তি ধৰ্ম প্ৰচাৰৰ কথা ক'লেই প্ৰধানকৈ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামটোৱেই মনলৈ আহে। তেওঁ অসমত নৱ বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰি এই আন্দোলন জনপ্রিয় কৰি তুলিছিল। শঙ্কৰদেৱে প্ৰচাৰ কৰা ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট্য হ'ল- (১) ঈশ্বৰ এক। তেওঁৰ বাহিৰে অইন দেৱ-দেৱীৰ স্থান নাই।
(২) সকলো মানুহেই সমান। উচ্চ নীচৰ প্ৰভেদ নাই।
(৩) 'যত জীব, তত শির'। অর্থাৎ সকলো জীৱৰে শ্ৰষ্টা ভগৱান। জীৱ-হত্যা মহাপাপ।
৮। ভাৰতবৰ্ষৰ সামাজিক-সাংস্কৃতিক দিশত নৱ্যধর্মীয় আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ দাক্ষিণাত্যৰ তামিল দেশৰ পৰা আলোৱাৰ আৰু নায়নাৰ সকলৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে নব্য ধৰ্ম্মীয় আন্দোলন প্ৰৱাহিত হ'ল। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ভক্তিবাদৰ সমৰ্থক ধর্মগুৰুসকলে সর্ব সাধাৰণৰ মাজত একেশ্বৰবাদী ভগবৎ প্রেম, ভক্তিবাদৰ ধাৰা বোৱাই দিলে। সেই সময়তে ভক্তিবাদৰ লগে লগে চুফীবাদেও সমানে প্ৰসাৰতা লাভ কৰিছিল। ভক্তিবাদ আৰু চুফীবাদ আন্দোলনে আধ্যাত্মিক দিশত বিশেষভাৱে অৰিহণা যোগোৱাৰ উপৰিও সামাজিক দিশতো প্রভাৱ পেলালে। নব্য ধর্মীয় আন্দোলনে জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলোকে জীৱনৰ মৰ্যাদা দান কৰে। নিম্ন বৰ্ণৰলোককো ধর্মীয় ক্ষেত্রত সমানে সহযোগিতা কৰাৰ সুবিধা প্ৰদান কৰে। এই আন্দোলনে হিন্দু মুছলমান সকলৰ মাজত সম্প্ৰীতিৰ ভাৱ জগাই তোলাত অৰিহণা যোগাইছিল। কিয়নো ভক্তিবাদ আৰু চুফীবাদ দুয়োটাই উদাৰ দৃষ্টি ভংগী গ্রহণ কৰিছিল। হিন্দু-মুছলমান সকলৰ বাহিৰেও গুৰু নানকৰ দ্বাৰা প্ৰৱৰ্ত্তিত শিখ ধর্মীয় লোক সকলেও ধর্মীয় তাৎপর্য বুজি পাইছিল আৰু ভাতৃত্বৰ মনোভাৱেৰে ঐক্য-সংহতি বৃদ্ধি কৰাত অৰিহণা যোগাইছিল। নব্য ধর্মীয় আন্দোলনে ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশতো অৰিহণা যোগাইছে। ধৰ্ম প্ৰচাৰক সকলে সাধাৰণ মানুহক আকৰ্ষিত কৰাৰ বাবে বহুতো গীত- মাত ৰচনা কৰিছিল আৰু ইয়াৰ ফল স্বৰূপে সুকুমাৰ কলাৰ উন্নতি সাধন হৈছিল। গীত-মাতবোৰ আঞ্চলিক ভাষাত ৰচনা কৰাৰ কাৰণে হিন্দী, বঙলা, মাৰাঠী, তামিল, ব্ৰজাৱলী আদি ভাষাৰ উন্নতি হৈছিল। উত্তৰ পূব ভাৰতত অৰ্থাৎ অসমত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি আন্দোলনৰ গইনা লৈ অসমবাসীক বৰগীত, ভাওঁনা, অংকীয়া নাট আদি উপহাৰ দি সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰিছিল।
Type by Ishan Bora
Check by - Mukesh Borah
0 Comments