Lesson: 10
মধ্যযুগৰ অসম
১। উত্তৰ দিয়া :
ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?
উত্তৰঃ ত্রয়োদশ শতিকাত।
উত্তৰঃ টাই জাতিৰ।
গ) চৰাইদেউত কোনে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল?
উত্তৰঃ চুকাফাই।
উত্তৰঃ চুডাংফা
উত্তৰঃ ১৫৩২ খৃঃত।
চ) কোনখিনি সময়ক আহোম বুৰঞ্জীৰ সংকটকাল বুলি ধৰা হয়?
উত্তৰঃ ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭০ খ্ৰীষ্টাব্দলৈ।
ছ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৮২৬ চনত।
জ) কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ নৰনাৰায়ণ।
ঝ) ভূঞা শব্দৰ অৰ্থ কি?
উত্তৰঃ মাটিৰ মালিক
ঞ) কছাৰীসকলে নিজকে কি বুলি পৰিচয় দিছিল?
উত্তৰঃ 'বড়োফিছা' বা 'বড়োৰ সন্তান' বুলি
২। ক্রম অনুযায়ী সজোৱা :
ক) তুৰ্বৰ্কৰ অসম আক্রমণ
খ) শৰাইঘাটৰ ৰণ
গ) ইয়াণ্ডাবু সন্ধি
ঘ) চৰাইদেউত ৰাজধানী স্থাপন
ঙ) ইখতিয়াৰউদ্দিন মাি উজবেগ তুমিল খা।
উত্তৰঃ
(ক) চৰাইদেউত ৰাজধানী স্থাপন
(খ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্রিলখা
(গ) তুৰ্বকৰ অসম আক্ৰমণ
(ঘ) শৰাইঘাটৰ ৰণ
(ঙ) ইয়াণ্ডাবু সন্ধি-
৩। খালী ঠাই পূৰ কৰা:
(ক) আহোমসকলে অসমত ________ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰিছিল।
উত্তৰঃ ৬০০ বছৰ।
(খ) ________ৰজাৰ দিনত________ নামৰ তৃতীয়জনা মন্ত্রীপদৰ সৃষ্টি হৈছিল।
উত্তৰঃ দিহিঙ্গীয়া, বৰপাত্ৰ গোঁহাই
উত্তৰঃ কমতা
ঘ) চুটিয়াসকলৰ শক্তিশালী ৰজা আছিল________
উত্তৰঃৰত্নধ্বজ পাল।
(ঙ) ________কছাৰীসকলৰ ৰাজধানী আছিল।
উত্তৰঃ ডিমাপুৰ।
৪। চমুটোকা লিখা (৫০ টা মান শব্দৰ ভিতৰত লিখা)
স্বৰ্গদেউ ৰুদ্ৰসিংহ,
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ: স্বৰ্গদেউ ৰুদ্ৰ সিংহ গদাপাণি বা গদাধৰ সিংহৰ পুতেক আছিল অসম বুৰঞ্জীত ৰুদ্র সিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি স্বীকৃতি দিয়া হৈছে। ৰজা হৈয়ে তেওঁ শাসনৰ সুবিধাৰ অৰ্থে ৰাজধানী ৰংপুৰলৈ তুলি নিয়ে।কদ্রসিংহ অতি বুদ্ধিমান আৰু দূৰদৰ্শী ৰজা আছিল। ৰাজ্যত হব পৰা আভ্যন্তৰীণ বিদ্রোহৰ প্রতি তেওঁ সততে নজৰ ৰাখিছিল আৰু বহিঃ শত্ৰুৰ আক্ৰমণৰ পৰা প্ৰজাক ৰক্ষা কৰাৰ বাবে সৰু বৰ সকলো চুবুৰীয়া ৰাজ্যৰ মাজত যোগাযোগ ৰখাৰ চেষ্টা কৰিছিল। তেও চুবুৰীয়া ৰাজ্যৰ পৰা সহায় লৈ মোগলৰ বিৰুদ্ধে এটা উমৈহতীয়া সৈন্য দল গঠন কৰিছিল। শাসন কাৰ্যৰ সু পৰিচালনাৰ বাবে তেওঁ কেইটামান নতুন খেল তৈয়াৰ কৰিছিল। কেৱল যুদ্ধ বিগ্রহতে ব্যস্ত নাথাকি তেওঁ ৰাজ্যত কেইবাটাও দৌল-দেৱালয় নিৰ্মাণ কৰোৱাইছিল। ১৭১৪ খৃঃত ৰুদ্ৰসিংহ স্বর্গগামী হয়।
আহোম ৰাজ্যৰ পতন,
উত্তৰঃ৬০০ বছৰ ধৰি উজলি আছিল। কিন্তু কালৰ সোঁতত আহোমৰ বেলি ডুব যোৱাৰ উপক্রম হয় স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনৰ পৰা। পৰবৰ্ত্তী আহোম স্বৰ্গদেউ সকলৰ শাসন দুর্বল হোৱাত ঘৰুৱা কন্দল, আভ্যন্তৰীণ বিদ্রোহ আৰু সৰ্বশেষত মানৰ আক্ৰমণৰ ফলস্বৰূপে বৃটিছৰ আগমন হোৱাত ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলশ্রুতিত আহোমৰ ৰাজ্যৰ পতন হয় আৰু অসম ইংৰাজৰ অধীনলৈ যায়।
চুটিয়া ৰাজ্য,
উত্তৰঃ : চুতীয়া সকলৰ আতিগুৰি সম্পৰ্কে বিশেষ জনা নাযায় যদিও কোনো কোনো অসম বুৰঞ্জীত উল্লেখ আছে যে দ্বাদশ শতিকাৰ আদি ভাগৰ পৰা ষষ্ঠদশ শতিকাৰ আদি ভাগলৈ মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। চুকাফাই আহোম ৰাজ্য অসমত স্থাপন কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে চুতীয়া ৰাজ্যখন আছিল। প্রথম চুতীয়া ৰজাজনৰ নাম আছিল বীৰপাল। চুতীয়া সকলৰ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়াসকলৰ নিজা ভাষা আৰু ধর্ম আছিল। এওঁলোক শদিয়াৰ কেচাইখাঁতী গোসাঁনীৰ উপাসক আছিল। ১৫২৩ খ্রীষ্টাব্দত আহোম চুতীয়া ৰাজ্য নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল।
অসমৰ কোচসকল,
উত্তৰঃকামৰূপ ৰাজ্যৰ পশ্চিম দিশত কমতা ৰাজ্যৰ বুকুতে কোচ নামৰ এটা জাতিয়ে ষোল শতিকাৰ আগ ভাগত এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰে। কোচ ৰাজবংশৰ
ভূঞাসকল
উত্তৰঃ প্রতিষ্ঠাতা আছিল হাড়িয়া মণ্ডলৰ বৰপুত্ৰ বিশ্ব সিংহ। বিশ্ব সিংহই কোচ বিহাৰত ৰাজধানী পাতিছিল। এওঁৰ দিনত আহোমৰ লগত সংঘর্ষ হৈছিল।কোচ ৰাজ বংশর শ্রেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। নৰনাৰায়ণে তেওঁৰ ভাতৃ সুদক্ষ সেনাপতি চিলাৰায়ৰ সহযোগত শত্রু সৈন্য নাশ কৰি বিভিন্ন ৰাজ্য দখল কৰিছিল। ১৫৬২ খ্ৰীষ্টাব্দত নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰি কোচৰ তলতীয়া কৰে। দুয়োভায়ে মহাবিক্ৰমেৰে বিভিন্ন ৰাজ্য নিজৰ তলতীয়া কৰাৰ উপৰি আলি-বাট, মঠ -মন্দিৰ আদি নিৰ্মাণ কৰি গঠনমূলক কামো কৰিছিল।
৫। শুদ্ধ/অশুদ্ধ লিখা :
ক) আহোমসকল কেঁচাইখাঁতী গোঁসানীৰ ভক্ত আছিল।
উত্তৰঃ অশুদ্ধ
খ) ৰুদ্ৰসিংহই যোৰহাটত ৰাজধানী পাতিছিল।
উত্তৰঃ অশুদ্ধ
গ) দিহিঙীয়া ৰজাই পোনপ্রথমে মধ্যযুগত অসমত লোকপিয়লৰ ব্যৱস্থা কৰিছিল।
উত্তৰঃ শুদ্ধ
ঘ) বৰৰজা ফুলেশ্বৰী শাক্তধৰ্মী আছিল।
উত্তৰঃ শুদ্ধ
ঙ) চিহাবুদ্দিন তালিছ বংগৰ নৱাব আছিল।
উত্তৰঃ অশুদ্ধ
Type by Ishan Bora
Check by - Mukesh Borah
0 Comments