অধ্যায়ঃ ১


শিক্ষাত পৰিমাপণ আৰু মূল্যায়ন

(Measutrment and Evaluation in Education)


 শিক্ষাত পৰিমাণৰ আৰু মূল্যায়নৰ অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ


প্ৰশ্নৱলীঃ

1. শৈক্ষিক পৰিমাপণৰ দুটা প্ৰকৃতি উল্লেখ কৰা।

Mention two nature of educational measurement?

উত্তৰঃ শৈক্ষিক পৰিমাপণৰ দুটা প্ৰকৃতি হ'ল

2. পৰিমাপণৰ এটা সংজ্ঞা লিখা।

Write a definition of measurement.

উত্তৰঃ পৰিমাপণৰ এটা সংজ্ঞা হ'লঃ 

ক) কেম্পৱেল (Campbell) ৰ মতে, কোনো ঘটনা বা বস্তুৰ নিৰ্ঘাৰিত নিয়ম অনুসৰি সংখ্যাগত দশমমান প্ৰদান কৰাক পৰিমাপণ বুলি কোৱা হয় (Assignment of Numerals to objects or events according to rules'')

ক) পৰিমাপণ দুই ধৰণৰ- ভৌতিক আৰু মানসিক।

খ) পৰিমাপণ বস্তুনিষ্ঠ আৰু ব্যক্তিনিৰপেক্ষ প্ৰক্ৰিয়া। 

3. ভৌতিক পৰিমাপণ কি?

 What is physical measurement?

উত্তৰঃ ভৌতিক পৰিমাপণ হ'ল ভৌতিক পৰিমাপণ শূন্য বিন্দুৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ মূল্য সকলো ঠাইতে একে থাকে। ভৌতিক পৰিমাপণ শাৰীৰিক আৰু বাহ্যিক জগতৰ লগত জড়িত। 


4. মানসিক পৰিমাপণ বা শৈক্ষিক পৰিমাপণৰ দুটা বৈশিষ্ট্য লিখা। 

Write two characteristics of mental or educational measurement.

উত্তৰঃ মানসিক পৰিমাপণ বা শৈক্ষিক পৰিমাপণৰ দুটা বৈশিষ্ট্য হ'লঃ

ক) মানসিক পৰিমাপণত কোনো নিৰ্দিষ্ট একক শূন্য নাই। 

খ) পৰিমাপণৰদ্বাৰা নিৰ্দিষ্ট গুণৰ মাত্ৰা স্বতন্ত্ৰভাৱে ধাৰণা দিব নোৱাৰে।

5. মানসিক পৰিমাপণ কি?

 What is mental measurement?

উত্তৰঃ যদি কোনো ব্যক্তিৰ ব্যক্তিত্বৰ পৰীক্ষা কৰা হয়, তেন্তে ব্যক্তিত্বৰ অভীক্ষাৰ প্ৰয়োগ কৰি তাৰ ফল আনৰ লগত তুলনা অন্ততঃ তেওঁৰ ব্যক্তিত্বৰ গুণ সম্পৰ্কে জানিব পাৰি। তাকে মানসিক পৰিমাপণ বোলে। 

6. শৈক্ষিক পৰিমাপণ কি ?

What is education measurement?

উত্তৰঃ যদি কোনো ব্যক্তিৰ ব্যক্তিত্বৰ পৰীক্ষা কৰা হয়, তেন্তে ব্যক্তিত্বৰ অভীক্ষাৰ প্ৰয়োগ কৰি তাৰ ফল আনৰ লগত তুলনা অন্ততঃ তেওঁৰ ব্যক্তিত্বৰ গুণ সম্পৰ্কে জানিব পাৰি। তাকে শৈক্ষিক  পৰিমাপণ বোলে । মানসিক পৰিমাপণক শৈক্ষিক পৰিমাপণ বোলে। 

7. পৰিমাপণ কি?

What is measurement?

উত্তৰঃ পৰিমাপণ হ'ল কোনো সামগ্ৰীৰ পৰিমান বা জোখ মাখ। 

ক) শৈক্ষিক পৰিমাপণৰ এককসমূহ কোনো শূন্য বিন্দুৰ পৰা আৰম্ভ নহয়। 

খ) শৈক্ষিক পৰিমাপনগত নহয়। ইয়াৰ ব্যক্তিৰ গুণাগুণবোৰ আচৰণৰ জৰিয়তে পৰিমাপণ কৰা হয়। সেয়ে এনে পৰিমাপণ গুণগতহে ।  

8. মূল্যায়ন কি?

What is evaluation?

উত্তৰঃ মূল্যায়ন হৈছে আধুনিক শিক্ষাজগতত বহলভাৱে প্ৰচলিত হোৱা এক ধাৰণা। 

9. মূল্যায়নৰ চাৰিটা বৈশিষ্ট্য লিখা।

Write four characteristics of evaluation.

উত্তৰঃ মূল্যায়নৰ চাৰিটা বৈশিষ্ট্য হ'লঃ 

ক) মূল্যায়ন হৈছ শিক্ষাৰ্থীৰণৰ মূল্য নিৰ্ধাৰণ বা মূল্যবোধৰ বিচাৰ । 

খ) মূল্যায়ন পৰীক্ষা আৰু পৰিমাপণতকৈ ব্যাপক আৰু বিজ্ঞানসন্মত ধাৰণা।

গ) মূল্যায়নে বিষয়বস্তুৰ পৰিমাণগত আৰু গুণগত মানৰ বিচাৰ কৰে। 

ঘ) মূল্যায়নত বৰ্ত্তমান, অতীত আৰু ভৱিষ্যতৰ আচৰণৰ বিষয়েও বিচাৰ-বিবেচনা কৰা হয়।

10. মূল্যায়নৰ দুটা নীতি উল্লেখ কৰা।

Mention two principles of evaluation.

উত্তৰঃ মূল্যায়নৰ দুটা নীতি হ'লঃ 

ক) মূল্যায়ন ব্যৱস্থাত কি কি মূল্যায়ন কৰা হ'ব সেই সম্পৰ্কে স্পষ্ট হোৱা দৰকাৰ। 

খ) মূল্যায়নৰ বাবে নিৰ্ভয়যোগ্য, বৈধ, ব্যৱহাৰিক সা-সঁজুলি ব্যৱহাৰ কৰা উচিত।


 11. পৰিমাণৰ দুবিধ মাপকাঠীৰ নাম লিখা।

Write two scale of measurement . 

উত্তৰঃ পৰিমাণৰ দুবিধ মাপকাঠীৰ নাম হ'লঃ অনুপাত মাপকাঠী (Ratio Scale), সমান্তৰ মাপকাঠী (Internal Scale)।

12. পৰিমাপণৰ দুটা বৈশিষ্ট্য লিখা। 

Write two characteristics of measurement.

উত্তৰঃ পৰিমাপণৰ দুটা বৈশিষ্ট্য হ'লঃ 

13. ভৌতিক পৰিমাণ আৰু মানসিক পৰিমাণৰ চাৰিটা পার্থক্য লিখা।

Write four points of differences between physical and mental measurement. 

উত্তৰঃ ভৌতিক পৰিমাণ আৰু মানসিক পৰিমাণৰ চাৰিটা পার্থক্য হ'লঃ 

ভৌতিক পৰিমাপণ

  মানসিক পৰিমাপণ

১। নিৰ্দিষ্ট বিন্দু শূন্য

১। কোনো শূন্য বিন্দু নাই । দলীয় পাৰৰ্শিতাই হৈছে নিৰ্দিষ্ট বিন্দু ।

২। প্ৰত্যক্ষ বিধৰ

২। পৰোক্ষ বিধৰ

৩। বস্তনিষ্ঠ

৩। ব্যক্তিনিষ্ঠ

৪। গুণাগুণ প্ৰত্যক্ষভাৱে পৰিমাপণ কৰিব পাৰি ।

৫। আনৰ আচৰণৰ সহায় বিষয়ৰ গুণাগুণ বিচাৰ কৰা হয় ।

14. অভীক্ষা, পৰীক্ষা আৰু মূল্যায়নৰ মাজত এক তুলনামূলক আলােচনা কৰা।

Make a comparative analysis between test, examination and evaluation.

উত্তৰঃ অভীক্ষাঃ  অভীক্ষা হৈছে কেতবোৰ প্ৰশ্নপদৰ সমষ্টি যাৰ পৰিমাপণৰ কৌশল বা সঁজুলি হিচাপে প্ৰয়োগ কৰা হয়।

পৰীক্ষাঃ পৰীক্ষা হৈছে বিদ্যালয় বা অন্য অনুষ্ঠানে পতা যোগ্যতা নিৰূপক কৰা এবিঝধ সঁজুলি।

মূল্যায়নঃ মূল্যায়ন হৈছে পৰিমাপণ আৰু মূল্যবোধ বিচাৰ কৰা কাৰ্য।

অভীক্ষা , পৰীক্ষা আৰু মূল্যায়নৰ মাজত এক তুলনামূলক তলত আলোচনা কৰা হ'লঃ

অভীক্ষা

পৰীক্ষা

মূল্যায়ন

১। অভীক্ষাৰ ধাৰণা অতি সংকীৰ্ণ আৰু সংক্ষিপ্ত

১। মূল্যালনৰ এক সীমিত অংশ ।

১। অভীক্ষা আ পৰীক্ষাতকৈ অধিক ব্যাপক আৰু বহল পৰিসৰৰ ।

২। অভীক্ষা পৰীক্ষাৰ অন্তৰ্গত একে সঁজুলি ।

২। পৰীক্ষা মূল্যায়নৰ এক অংশ ।

২। মূল্যায়ন অভীণা আৰু পৰীক্ষা দুয়োটাৰে প্ৰভাৱ বিৰাজমান ।

৩। অভীক্ষা প্ৰণালীগতভাৱে প্ৰস্তুত কৰা কেতবোৰ প্ৰশ্নৰ সমষ্টি ।

৩। পৰীক্ষা এক সামগ্ৰিক পৰ্যবেক্ষণ ।

৩। মূল্যায়ন হল বিস্তৃত আৰু উদ্দেশ্যভিত্তিক ।

৪। অভীণা বৰ্ত্তমান পৰিবেশ আৰু পৰিবেশ অনুযায়ী প্ৰস্তুত কৰা হয়

৪। পৰীক্ষাৰদ্বাৰা অতীতক ভিত্তি কৰি বৰ্তমানক বিচাৰ কৰা হয় ।

৪। অতীত, বৰ্তমান আৰু ভবিষ্যতৰ সম্ভাৱনাসমূহক সাঙুৰি মূল্যায়নে শিক্ষাৰ উদ্দেশ্য পূৰণত জড়িতথাকে ।

15. পৰিমাপণ আৰু মূল্যায়নৰ পার্থক্য বিচাৰ কৰা।

Justify the differences between measurement and evaluation.

উত্তৰঃ পৰিমাপণ আৰু মূল্যায়নৰ পার্থক্য হ'লঃ

পৰিমাপণ

মূল্যায়ন

১। পৰিমাপণ এক সাধাৰণ সাংখ্যিক জোখ-মাখ প্ৰক্ৰিয়া ।

১। মূল্যায়ন এক বহল ভিত্তিক মূল্যবোৰ বিচাৰ প্ৰক্ৰিয়া ।

২। পৰিমাপ এক বিশেষ উদ্দেশ্যধৰ্মী ।

২। মূল্যায়ন শিক্ষাৰ সামগ্ৰিক দিশৰ প্ৰতি ভিত্তি কৰি বহল উদ্দেশ্যৰ ওপৰত প্ৰতিষ্ঠিত ।

৩। পৰিমাপণ কেৱল পৰিমাপণতগত পৰীক্ষণত সীমাবদ্ধ ।

৩। মূল্যায়নে পৰিমানগত  আৰু গুণগত- এই দুই প্ৰকাৰৰ পৰীক্ষণ কৰে ।

৪। পৰিমাপণ বস্তুনিষ্ঠ আৰু বাহ্যিক ।

৪। মূল্যায়ন ব্যক্তিনিষ্ঠ আৰু আভ্যন্তৰীণ । ইয়াত বাহ্যিক প্ৰভাৱো পৰিলক্ষিত হয় ।

৫। পৰিমাপণ মূল্যায়নৰ এটা আংশিক দিশ ।

৫। মূল্যায়ন এক ব্যাপক পৰিসৰৰ ।

৬। পৰিমাপণৰ যোগদি কেৱল কৃতিত্ব বা দক্ষতাৰ বিচাৰ কৰা হয় ।

৬। ইয়াৰ জৰিয়তে কৃতিত্ব আৰু দক্ষতাৰ উৎকৰ্ষ সাধন কৰা হয় ।

৭। পৰিমাপণত এক সাময়িক ব্যৱস্থা । ইয়াৰ ফল পৰৱৰ্ত্তী পৰ্যায়ত গুৰুত্ব দিয়া নহয় ।

৭। মূল্যায়ন এক অবিৰত প্ৰক্ৰিয়া । ইয়াৰ ফল পিছৰ পৰ্যায়তো বিবেচিত হয় ।

৮। পৰিমাপণত শিক্ষাৰ্থীৰ নিৰ্দিষ্ট বৈশিষ্ট্য খিনি জানিৱ পাৰি ।

৮। মূল্যায়নত শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সকলো দিশ সামগ্ৰিকভাৱে জানিব পাৰি ।

৯। সকলো পৰিমাপমণেই মূল্যায়ন নহয় ।

৯।পৰিমাপণ নহলে মূল্যায়ন সম্পূৰ্ণ নহয় ।

১০। পৰিমাপণ কেৱল বৰ্ত্তমানৰ বিষয়বস্তুৰ লগত জড়িত ।

১০। মূল্যায়নত বৰ্ত্তমানৰ লগতে ভৱিষ্যত সকলো দিশৰ মূল্যবোধ বিচাৰ কৰা হয় ।


তলত বিষয় বোৰ ওপৰত বহলাই আলোচনা কৰা হ'লঃ

১। চিনাক্তকৰণ (Diagnosis): পৰিমাপণ ব্যক্তিৰ সবলতা , দুর্বলতা , সামর্থ্য - অসামর্থ্য আদিৰ চিনাক্তকৰণত জড়িত । শিক্ষার্থীসকলৰ শৈক্ষিক দিশত থকা বিভিন্ন সবলতা আৰু দুর্বলতাবােৰ চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে পৰিমাপণ অতি দৰকাৰী । সবলতাৰ দিশসমূহ বিশ্লেষণ কৰি শিক্ষার্থীসকলক নতুন বিষয় আৰু বৃত্তি নির্বাচনৰ বাবে আৰু দুর্বলতাসমূহ চিনাক্ত কৰি তাৰ প্ৰতিকাৰ হিচাপে বিশেষ প্রশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰিমাপনে ভূমিকা পালন কৰে ।

২। শ্ৰেণীকৰণ (Classification): পৰিমাপণে বিভিন্ন শিক্ষানুষ্ঠান , শিল্প অনুষ্ঠান , উদ্যোগিক প্রতিষ্ঠান , প্রশিক্ষণ বিভাগ আদিৰ শ্ৰেণীকৰণৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । বিদ্যালয়ত শিক্ষার্থীৰ সামর্থ্য বা দক্ষতাৰ ভিত্তি ভিন ভিন শ্ৰেণীত ভাগ কৰা হয় । ঠিক তেনেকৈ সৈনিক বিভাগ , প্রতিক্ষা বিভাগ আদিত ব্যক্তিক যােগ্যতাৰ ওপৰত ভিত্তি কৰি পৰিমাপণৰ সহায়ত শ্ৰেণীকৰণ কৰা হয় । গতিকে পৰিমাপণৰ জৰিয়তে শিক্ষার্থীৰ আগ্রহ , ৰুচি - অভিৰুচি আৰু সামর্থ্যৰ ওপৰত বিশ্লেষণ কৰি শ্ৰেণীকৰণ কৰা হয় ।


৩। তুলনা (Comparison): পৰিমাপণৰ আন এক উল্লেখযােগ্য কাম হল - শিক্ষার্থীসকলৰ কৃতিত্ব , যােগ্যতা , সামর্থ্য , বুদ্ধি আদিৰ ভিত্তিত তুলনামূলক অধ্যয়ন কৰা । এনে তুলনামূলক বিশ্লেষণে ছাত্র ছাত্রীৰ ব্যক্তিগত পার্থক্যসমূহ জনাত সহায় কৰে । পৰিমাপণ আৰু কেতবােৰ পৰিসাংখ্যিক পদ্ধতি ব্যৱহাৰ কৰি বিভিন্ন ব্যক্তিৰ শক্তি সামর্থ্য বা কোনাে অন্য দলৰ ব্যক্তিৰ শক্তি সামর্থ্যৰ তুলনা কৰিব পাৰি আৰু ইয়াৰদ্বাৰাই ব্যক্তি বা দলৰ গুণগত মান নির্ণয় কৰিব পাৰি । 

৪। পূর্বানুমান (Prediction): পৰিমাণৰ অন্য এক কাম হৈছে ভৱিষ্যবাণী পূর্বানুমানৰ সহায় কৰা । পৰিমাণৰ জৰিয়তে শিক্ষার্থীয়ে বর্তমানে দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে কেনে কার্যত পাৰ্গত হ'ব তাৰ পূর্বানুমান কৰাত সহায় কৰে । আনহাতে কোন শিক্ষার্থীয়ে কোন বিষয়ত অধিক সফল বা বিফল হৈছে , কোন বৃত্তিত সফলতা লাভ কৰিছে বা সন্তুষ্টি লাব কৰিছে তাক অনুমান কৰিব পাৰি । অভিক্ষমতা , বুদ্ধি আৰু অন্যান্য কেতবােৰ অভীক্ষাৰ ক্ষেত্ৰত পুর্বানুমানৰ ওপৰত ভিত্তি কৰি ফলাফলৰ মূল্য নিৰূপণ কৰা হয় । 

16. শিক্ষাত পৰিমাপণৰ কাৰ্যসমূহ আলােচনা কৰা।

Discuss the functions of measurement in education .

উত্তৰঃ শিক্ষাত পৰিমাপণৰ কাৰ্যসমূহ হ'লঃ শ্ৰেণীকৰণ (Classification), নিৰ্বাচন (Selection), তুলনা (Comparison), পূৰ্বানুমান (Prediction), চিনাক্তকৰণ (Diagnosis), নিৰ্দেশনা (Guidance), গৱেষণা (Research), প্ৰশাসন (Administration) । 


17. শিক্ষাত মূল্যায়নৰ গুৰুত্ব আলােচনা কৰা। 

Discuss the importance of evaluation. 

উত্তৰঃ শিক্ষা নহ'লে এই জীৱনত কোনো মানুহে একো কাম কৰিব নোৱাৰে । শিক্ষাৰ বিভিন্ন উদ্দেশ্য পূৰণত মূল্যায়নৰ গুৰুত্ব অপৰিসীম । মূল্যায়নৰ প্ৰঘান উদ্দেশ্য হৈছে শিভা-শিক্ষণ কাৰ্ষৰ কাৰ্ষৰ সাধন কৰা যাতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দক্ষতা সম্পূৰ্ণৰূপে বৃদ্ধি কৰিব পাৰে । 

তলত শিক্ষা সম্পৰ্কে আলোচনা কৰা হ'লঃ 

১। শিক্ষার্থী কৃতিত্বৰ মূল্যায়ন (Evaluate the achievement of the students): ছাত্র - ছাত্রীৰ বিভিন্ন দিশৰ কৃতিত্ব , যােগ্যতা , কৌশল আদি জানিবৰ বাবে মূল্যায়নৰ প্রয়ােজন । কোনাে এটা বিষয়ত বা কেতবােৰ বিষয়ত তেওঁলােকৰ অর্জিত জ্ঞানৰ মান কিমান সেই সম্পর্কে মূল্যায়নৰদ্বাৰা ঠাৱৰ কৰিব পাৰি । 

২। মূল্যায়ন আৰু শৈক্ষিক প্রশাসন ( Evaluation and educational administration ) : শৈক্ষিক পৰিকল্পনা আৰু প্রার্থীৰ বিভিন্ন নিয়ােগ কার্য নির্বাচন , শ্রেণীকৰণ , নিয়ােগ আদিত মূল্যায়ন ভূমিকা গুরুত্বপূর্ণ । এক উন্নতমানৰ শৈক্ষিক পৰিকল্পনাৰ প্রস্তুত কৰিব আৰু শিক্ষার্থীৰ ধাৰাবাহিক অগ্রগতি ৰক্ষা কৰিবলৈ মূল্যায়ন প্রয়ােজন । 

৩। মূল্যায়ন আৰু শিক্ষক ( Evaluation and teacher) : মূল্যায়নে শিক্ষকসকলক ছাত্র - ছাত্রীৰ আগ্রহ , অভিক্ষমতা , কৃতিত্ব প্রৱনতা আদি ভালদৰে অধ্যয়ন কৰাত সহায় কৰে । শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্য অনুযায়ী শিক্ষার্থীয়ে কিমান অগ্রগতি লাভ কৰিছে , তেওঁলােকৰ বিকাশত কেনেকুৱা প্রতিকামূলক ব্যৱস্থা লব পাৰি , তেওঁলােকৰ প্রয়ােজন অনুসৰি কেনেকুৱা শৈক্ষিক কাৰ্যসূচী গ্রহণ কৰিব পাৰি ইত্যাদি দিশত মূল্যায়নে শিক্ষকক সহায় কৰে । 

৪। মূল্যায়ন আৰু শিক্ষা পদ্ধতি ( Evaluation and method of teaching ) : মূল্যায়নৰ সহায়ত শ্রেণী শিক্ষাদান প্রক্রিয়াত ব্যৱহৃত হােৱা শিক্ষাপদ্ধতি , কৌশল , আৰ্হি আদিৰ ব্যৱহাৰিকতা সম্পর্কে বিশ্লেষণ কৰিব পাৰি আৰু প্রয়ােজন সাপেক্ষে সংশােধন কৰি তাৰ কার্যকাৰিতা বিচাৰ কৰা সম্ভৱ হয় । অর্থাৎ মূল্যায়নে উপযুক্ত সঁজুলি , পদ্ধতি আৰু কৌশল নির্ধাৰণত শিক্ষকক বিশেষভাৱে সহায় কৰে । 

৫৷ নিৰ্ণায়কৰ বাবে মূল্যায়ন ( Help in diagnostic): মূল্যায়ন প্রক্রিয়াই শিক্ষাদান উদ্দেশ্য ৰূপায়ণ হৈছে নে নাই অথবা যদি হৈছে তেন্তে পুনৰ উদ্দেশ্য নির্ধাৰণৰ প্রয়ােজনীয়তা সম্পর্কে যাৱতীয় তথ্যৰে সহায় কৰিব পাৰে । এনে কাৰ্যৰদ্বাৰা পাঠ্যক্ৰমৰ সংশােধনী হােৱাৰ উপৰিও বুদ্ধিমত্তা , সাধাৰণ বা পিছপৰা ছাত্র - ছাত্রীৰ বাবে বিশেষ শিক্ষা আঁচনিৰ ব্যৱস্থা কৰিব পৰা যায় । 

৬। নির্দেশনাময় সেৱা প্ৰদানত সহায় ( Help in guidance Services ) : ছাত্ৰ - ছাত্ৰীক শৈক্ষিক , বৃত্তীয় আৰু ব্যক্তিগত নির্দেশনা আৰু পৰামর্শ প্রদানত মূল্যায়নে সহায়ত কৰে । ইয়াৰ দ্বাৰাই তেওঁলােকৰ মাজত অভিপ্রায় জাগ্রত কৰি সুপ্ত প্রতিভা , আগ্রহ , দক্ষতা আদি বৃদ্ধি কৰিব পাৰি । 

৭। উচ্চ অধ্যয়নৰ বাবে মূল্যায়ন ( Evaluation for Higher Studies): মূল্যায়নৰ জৰিয়তে ছাত্র ছাত্ৰীৰ উচ্চ অধ্যয়নৰ বাবে লগা প্রয়ােজনীয় যােগ্যতা সম্পর্কে বিচাৰ কৰিব পাৰি । এনে প্রক্রিয়াৰদ্বাৰাই যােগ্যতা সম্পন্ন ছাত্ৰ - ছাত্ৰীয়ে সাধাৰণ বা বিশেষ অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে । 

৮। মূল্যায়ন আৰু অভিভাৱকসকল (Evaluation and Parents): মূল্যায়নদ্বাৰা অভিভাৱকে নিজৰ ল'ৰা - ছােৱালীৰ শৈক্ষিক অগ্রগতি আৰু সাফল্যৰ বুজ ল'ব পাৰে । ছাত্র - ছাত্রীসকলৰ মাজত থকা সুপ্ত প্রতিভা , গুণ , দক্ষতা আদি সম্পর্কে জানিবলৈ অভিভাৱকসকল মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন দিশৰ বিকাশৰ বাবে চেষ্টা কৰিব পাৰে ।

৯। নির্বাচন (Selection): পৰিমাপণ বিশেষকৈ শিক্ষানুষ্ঠানত নামভৰ্ত্তি , নির্দিষ্ট পাঠ্যক্ৰমত নির্বাচনত শিক্ষাবর্ষৰ অন্তঃত উত্তীর্ণ - অনুত্তীর্ণ প্রমাণপত্র প্রদানত , নিজৰ ৰুচি অনুযায়ী বৃত্তি নির্বাচন আদি ক্ষেত্রত অতি প্রয়ােজন । উপযুক্ত প্রার্থী বাচনিৰ ক্ষেত্ৰত পৰিমাপণে এক বিশেষ ভূমিকা পালন কৰে । এই ক্ষেত্ৰত পৰিমাণৰ কৌশল সাক্ষাৎকাৰ , কৃতিত্বৰ অভীক্ষা , বুদ্ধি অভীক্ষা , প্রক্ষেপন পদ্ধতি আদিৰ ব্যৱহাৰ কৰা হয় । 


১০। নির্দেশনা (Guidance): শিক্ষার্থীসকলৰ শৈক্ষিক , বৃত্তীয় , ব্যক্তিগত আদি দিশত পৰামর্শ প্রদান বাবে নিদের্শনাৰ প্রয়ােজন হয় । পৰিমাণৰ ভিত্তিত ছাত্র - ছাত্রী আৰু ৰুচি - অভিৰুচি , সামর্থ্য , আগ্রহ আৰু অন্যান্য দেহ - মানসিক বৈশিষ্ট্যসমূহৰ প্রতি লক্ষ্য ৰাখি নির্দেশনা প্রদান কৰা হয় । 

১১। গৱেষণা (Research): পৰিমাণৰ সহায়ত শৈক্ষিক দিশৰ বিভিন্ন ক্ষেত্ৰত , যেনে পাঠ্যক্রম , শিক্ষণ পদ্ধতি , উপযুক্ত লক্ষ্য নির্ধাৰণ , শৈক্ষিক পৰিচালনা আদিৰ উন্নয়নৰ বাবে গৱেষণা কৰিব পাৰি । পৰিমাপণৰ যােগেদি মনােবৈজ্ঞানিক গৱেষণাগাৰত ব্যক্তিৰ বিভিন্ন মানসিক বিকাশ আৰু সমস্যাৰ বিষয়ে গৱেষণাৰ সহায়ত অনুসন্ধান কৰা হয় । 

১২। প্রশাসন (Administration): পৰিমাপণে প্রশাসনীয় সিদ্ধান্ত গ্রহণৰ বাবে যথােপযুক্ত ব্যৱস্থা ল'ব পাৰে। বিভিন্ন শিক্ষামূলক উন্নয়নৰ সিদ্ধান্ত গ্রহণ, শিক্ষানীতি নির্ধাৰণ, প্রশাসনীয় ব্যৱস্থাৰ নীতি, শিক্ষার্থীৰ শৈক্ষিক অগ্রগতি প্রতিবেদন প্রস্তুত, শিক্ষানুষ্ঠানৰ নামভৰ্তিকৰণ, শিক্ষার্থী বিভিন্ন শ্রেণীত ভাগ কৰা আদি প্রশাসনমূলক কার্যত পৰিমাপণৰ গুৰুত্ব অধিক।

১৩। অনুপাত মাপকাঠী(Ratio Scale): এক উচ্চস্তৰৰ আৰু আটাইতকৈ গ্রহণযােগ্য মাপকাঠী হৈছে অনুপাত মাপকাঠী । যেতিয়া সমান্তৰ মাপকাঠীৰ সকলােবােৰ বৈশিষ্ট্য থকাৰ উপৰিও এক পৰম শূন্য বিন্দু থাকে,তেনে মাপকাঠীক অনুপাত মাপকাঠী বােলা হয় । এনে মাপকাঠীত শূন্য বিন্দুটো স্থিৰ অৱস্থাত থাকে আৰু পৰিমাপণৰ এককবােৰ অপৰিবৰ্ত্তনীয় আৰু স্বাধীন। উদাহৰণ স্বৰূপে, কোনাে বস্তুৰ দৈর্ঘ্য জুখিবৰ বাবে ব্যৱহাৰ কৰা এককবােৰ যেনে ইঞ্চি, ফুট ইত্যাদি অনুপাত মাপকাঠী। এনে মাপকাঠীৰ জৰিয়তে পৰিমাপণ কৰা বস্তুৰ তুলনা বা পার্থক্য বিচাৰ কৰিব পাৰি । ঠিক সেইদৰে ওজন জুখিবলৈ ব্যৱহাৰ কৰা গ্রাম, কিলােগ্রাম আদি অনুপাত মাপকাঠীৰ উদাহৰণ।

18. শৈক্ষিক পৰিমাণৰ পৰিসৰ সম্পর্কে আলােচনা কৰা। 

Discuss the scope of educational measurement.

উত্তৰঃ আধুনিক বিজ্ঞানৰ বিকাশৰ লগে লগে পৰিমাপণৰ পৰিসৰাে অতি দ্রুতভাৱে প্ৰসাৰিত হৈছে । অৱশ্য, বস্তুনিষ্ঠ পৰিমাপণৰ জৰিয়তেহে বিজ্ঞানে বিকাশ সাধন কৰিব পাৰে । ভৌতিক বিজ্ঞান , জৈৱিক বিজ্ঞান আৰু সমাজতাত্ত্বিক বিজ্ঞানৰ বিকাশৰ বাবে প্রয়ােজনীয় আৰু নিৰ্ভৰযােগ্য তথ্যসমূহ বস্তুনিষ্ঠ পৰিমাণৰ জৰিয়তেহে আহৰণ কৰিব পাৰি । এনে পৰিমাপণৰ জৰিয়তে সামাজিক বিজ্ঞানস্বৰূপে শিক্ষা আৰু মনােবিজ্ঞানে বর্তমান সময়ত উপযুক্ত স্থান পাইছেহি । শিক্ষা মনােবিজ্ঞানত মনৰ পৰিমাপ , মানসিক যােগ্যতাৰ পৰিমাপ অথবা ব্যক্তিৰ ক্ষমতাৰ পৰিমাপ কৰাটো শিক্ষকসকলৰ বাবে এক জটিল প্রত্যাহ্বান । সকলাে শিশুকে শিক্ষিত কৰাটো প্রয়ােজনীয় । কিন্তু সকলাে শিশুৰে মানসিক যােগ্যতা বিভিন্ন হােৱা হেতুকে সকলােৰে পৰা একে ফলাফল আশা কৰিব নােৱাৰি । পৰিমাপে কেৱল শিক্ষার্থীসকলৰ শিক্ষণ আৰু কৃতিত্বৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তা আৰু প্রত্যাশা, কৃতকার্যতা আৰু অকৃতকার্যতা আদি চিনাক্ত কৰিব পাৰে । শিক্ষণৰ পিছত আহৰণ কৰা কৃতিত্বৰ পৰিমাণক পৰিমাপণৰ সহায়ত সাংখ্যিক ৰূপত জানিব পাৰি । ই শিক্ষার্থীসকলক বিভিন্ন  শ্ৰেণীত ভাগ কৰাত সহায় কৰে আৰু শিক্ষার্থীসকলক সামাজিক স্বীকৃতি আৰু স্থিতি প্রদান কৰে । এই পৰিমাপণৰ ওপৰত ভিত্তি কৰি কোনাে বিশেষ প্রশিক্ষণৰ বাবে মানৱ সম্পদসমূহ চিনাক্ত কৰা হয় আৰু তেওঁলােকক বৃত্তিমুখী ক্ষেত্ৰৰ বাবে নির্বাচন কৰা হয় । সেয়েহে দেশৰ মানৱ সম্পদসমূহৰ ব্যৱহাৰ আৰু প্রশিক্ষণ প্রদান কৰা কাৰ্য শৈক্ষিক পৰিমাপ প্রক্রিয়াৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিব পাৰি, যিটো স্পষ্টভাৱে জটিল অথচ দায়িত্বপূর্ণ কার্য।

19. পৰিমাণৰ বিভিন্ন মাপকাঠীৰ বিষয়ে আলােচনা কৰা।

Discuss the a various scales of measurement.

উত্তৰঃ পৰিমাণৰ বিভিন্ন মাপকাঠীৰ বিষয় হ'লঃ ক) নামান্তৰ মাপকাঠী (Nominal Scale), খ) ক্ৰমসূচক মাপকাঠী (Ordinal/Ranking Scale), গ) সমান্তৰ মাপকাঠী (Internal Scale), ঘ) অনুপাত মাপকাঠী (Ratio Scale) । 

তলত সকলো বিষয়ে আলোচনা কৰা হ'লঃ

ক) নামান্তৰ মাপকাঠী (Nominal Scale): 

যেতিয়া এটা বস্তু, কোনো বৈশিষ্ট্য বা ব্যক্তিক চিনাক্ত কৰণ কৰিবলৈ কিছুমান সংখ্যা চিহ্নৰ ব্যৱহাৰ কৰা হয়, তেনে সংখ্যা বা চিহ্নক নামান্তৰ মাপকাঠী বুলি কোৱা  হয় । এই মাপকাঠীক মনোবৈজ্ঞানিক পৰিমাপণত অতি নিম্নস্তৰৰ মাপকাঠী বুলি জনা যায় । ইয়াৰ সহায়ত কোনো বস্তু বা ব্যক্তিক পৰিচয় দিয়াৰ বাবে কোনো নম্বৰ বা চিহ্নৰ ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপেঃ পুৰুষ আৰু নাৰীৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ শ্ৰেণীকৰণ, সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকৰণ আদি । এনে মাপকাঠীৰ জৰিয়তে বস্তুবোৰত এটা এটা গোটত অন্তৰ্ভুক্ত কৰি, শ্ৰেণীবিভাজন কৰা হয় আৰু প্ৰত্যেকটো গোটক নিৰ্দিষ্ট চিহ্ন প্ৰদান কৰা হয় । 

খ) ক্ৰমসূচক মাপকাঠী (Ordinal/Ranking Scale):

যেতিয়া কোনো বস্তুৰ নিৰ্দিষ্ট গুণৰ ওপৰত ভিত্তি কৰি বিষয়বস্তুক শ্ৰেণীবিভাগ কৰা হয় আৰু পৰ্যবেক্ষণ কৰি তুলনামূলক অধ্যয়ন কৰিব পাৰি তাকে ক্ৰমসূচক মাপকাঠী বোলে । গুণাগুণৰ তুলনাৰ যোগদি প্ৰদান কৰা স্থানৰ আধাৰত ক্ৰম প্ৰদান কৰা  হয় আৰু স্থান ৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰমে সজোৱা হয় বাবে স্থানাত্মক মাপকাঠী বুলিও কোৱা হয় । এনে মাপকাঠীৰ জৰিয়তে কোনো বস্তুৰ স্থান জানিব পাৰি যদিও স্থানসমূহৰ পাৰ্থক্য নিৰ্ণয় কৰিৱ নোৱাৰি । কাৰণ স্থানসমূহ সকলোবোৰ বস্তুৰ স্থান বেলেগ বেলেগ হয় । ক্ৰমসূচক মাপকাঠী সহায়ত মধ্যমা,শততম, সহ-সম্বন্ধ গুণাংক আদি নিৰ্ণয় কৰিব পাৰি । অৱশ্যে বীজগণিতীয় গণনাৰ বাবে এনে ক্ৰমসূচক মাপকাঠী উপযুক্ত নহয় । ইয়াক গড় আৰু মানক বিচ্যুতি নিৰ্ণয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয় । 

গ) সমান্তৰ মাপকাঠী (Internal Scale):

 যিবােৰ মাপকাঠিত ব্যৱহাৰ কৰা সংখ্যাবােৰে কেৱল মাত্র বিভিন্নতাক প্রতিনিধিত্ব নকৰি সকলাে .এককবােৰৰ ব্যৱধান সমান সমান ৰাখি এক অর্থপূর্ণ তথ্যৰ যােগান ধৰে তাকে সমান্তৰ মাপকাঠী বােলে । ইয়াৰদ্বাৰা দুটা বস্তুৰ মাজত কিমান ব্যৱধান বা দূৰত্ব আছে তাক নির্ণয় কৰিব পাৰি । “ সমান্তৰ ” শব্দৰ অৰ্থ হৈছে সমান অন্তৰ বা ব্যৱধান । এনে মাপকাঠীৰ সহায়ত পােৱা তথ্যসমূহত গাণিতিক গড় , মানক বিচ্যুতি সহ সম্বন্ধ আদিৰ প্রয়ােগ কৰিব পাৰি । এই কাঠীত আমি দুটা বস্তুৰ মাজৰ দূৰত্বৰ অনুপাত ল’ব পাৰাে আৰু এনেদৰেই সমান্তৰ মাপকাঠীত পৰিমাপণৰ এটা সাধাৰণ আৰু সিথৰ একক ব্যৱহাৰ কৰা হয় । 

20. শিক্ষাত মূল্যায়নৰ স্তৰসমূহ আলােচনা কৰা।

Discuss the steps of evaluation in education.

উত্তৰঃ শিক্ষাত মূল্যায়নৰ স্তৰসমূহ আলোচনা কৰা হ'লঃ 

(i) সাধাৰণ উদ্দেশ্যৰ চিনাক্তকৰণ আৰু সংজ্ঞা ( Identifying and defining general objectives ): মূল্যায়নৰ প্রথম গুৰুত্বপূৰ্ণ স্তৰ হৈছে কি মূল্যায়ন কৰা হ’ব ( What to evaluation) । ছাত্র - ছাত্রীৰ শৈক্ষিক দক্ষতা, কৌশল বিকাশৰ ওপৰত ভিত্তি কৰি কেনে উদ্দেশ্য হােৱা উচিত তাক সঠিককৈ নির্ণয় কৰা মূল্যায়ণ প্রধান কাম । উদ্দেশ্য সঠিক হ'লেহে মূল্যায়ন সঠিক হয় । গতিকে উদ্দেশ্য নির্ধাৰণৰ বাবে পাঠ্যক্ৰমৰ বিষয়সূচীৰ গুৰুত্ব দিব লাগে । তদুপৰি শিক্ষার্থী বিষয়বস্তুৰ সমাপ্তি আৰু শিক্ষার্থীৰ জ্ঞান , বােধ, কৌশল, প্রয়ােগ, আগ্রহ, অভিক্ষমতা আদিৰ প্রতি লক্ষ্য ৰাখি আচৰণ , উদ্দেশ্য ঠিৰাং কৰিব লাগে । 

(ii) সুনির্দিষ্ট শিক্ষণীয় কার্যৰ পৰিকল্পনা (Planning suitable learning activities): মূল্যায়নৰ চতুর্থ স্তৰ হৈছে শিক্ষকে শিক্ষণীয় বিশেষ বিষয় আৰু উদ্দেশ্যসমূহৰ প্রতি লক্ষ্য ৰাখি শিক্ষণীয় । কার্যৰ পৰিকল্পনা কৰা । এই প্রক্রিয়াটোত তিনিটা পর্যায় বিশেষভাৱে জড়িত- লক্ষ্য, শিক্ষণীয় বিষয় আৰু শিক্ষণীয় কার্য । শিক্ষকে লক্ষ্য আৰু শিক্ষণীয় বিষয়ৰ উপস্থাপনৰ বাবে বিভিন্ন শিক্ষণীয় কার্যৰ পদ্ধতি প্রয়ােগ কৰিব লাগে । তেওঁ শিক্ষণীয় পদ্ধতিৰ সংশ্লেষণ-বিশ্লেষণ , আগমন - নিগমন ,বক্তৃতা পদ্ধতি, আলােচনা চক্ৰ আৰু অন্যান্য কৌশল প্রয়ােজন অনুসৰি উদ্ভাৱন আৰু ব্যৱহাৰ কৰিব লাগে । 

(iii) বিশেষ উদ্দেশ্যৰ চিনাক্তকৰণ আৰু সংজ্ঞা (Identifying and defining Specific Objectives): শিক্ষণ হৈছে গ্রহণযােগ্য কার্য । শিক্ষার্থীৰ পৰা কেনেকুৱা ধৰণৰ আকাংক্ষিত শিক্ষণীয় ফল লাভ কৰিব পাৰি তাক জনাটো শিক্ষকৰ প্রধান দায়িত্ব । সেয়ে , শিক্ষকে শিক্ষার্থীৰ আচৰণ পৰিৱৰ্তনৰ লগত সংগতি বিশেষ উদ্দেশ্যও নির্ধাৰণ কৰা উচিত । শিক্ষণীয় আঁচনি আৰু শিক্ষণীয় কার্য প্রস্তুত কৰাৰ বাবে এই বিশেষ উদ্দেশ্য প্রয়ােজন হয় । বিশেষ উদ্দেশ্যই মূলত দুটা দিশৰ ওপৰত কার্য নির্ধাৰণ কৰে । প্ৰথমতে , শিক্ষকে শ্রেণী কোঠাত ছাত্র - ছাত্রীৰ বাবে বিভিন্ন আকর্ষণকাৰী শিক্ষণীয় পৰিৱেশ প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰে । দ্বিতীয়তে, শিক্ষণীয় উদ্দেশ্য আৰু অভিজ্ঞতাসমূহ মূল্যায়ক কৰিবৰ পাৰে বিভিন্ন পদ্ধতি, কৌশল ব্যৱহাৰৰ বাবে উপযুক্ত অৱস্থাৰ সৃষ্টি কৰা ।

(ix) শিক্ষণীয় বিশেষ বিষয়ৰ নির্বাচন (Selecting Teaching Point): শৈক্ষিক উদ্দেশ্যসমূহৰ সফল ৰূপায়নৰ কেতবােৰ শিক্ষণীয় বিশেষ বিষয়ৰ নির্বাচন কৰাটো মূল্যায়নৰ আন এটা স্তৰ । এবাৰ উদ্দেশ্য গঠন হােৱাৰ পিছত তাৰ পিছৰ পর্যায় হিচাপে পাঠ্যক্রম, পাঠ্যসূচী তালিকা, নির্ধাৰিত পাঠ্য আদি প্রস্তুত কৰিব লাগিব আৰু তেতিয়াহে উদ্দেশ্যসমূহৰ সফল ৰূপায়ন হ’ব ।


(v) তথ্যৰ সংৰক্ষণ (Preservation of Data): এই স্তৰত ছাত্র - ছাত্রীৰ প্রাপ্ত বা লাভ কৰা তথ্যসমূহৰ সংৰক্ষণ কৰা হয় । সংৰক্ষণৰ জৰিয়তে তথ্যসমূহৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াৰ ওপৰত ভিত্তি কৰি এক সামগ্রীক ধাৰণাৰ গঠন কৰিব পৰা যায় ।  


(vi) প্রতিপুষ্টিৰ ফলাফলৰ ব্যৱহাৰ ( Using the results of feedback): মূল্যায়নৰ শেষ পর্যায়ত তথ্যৰ ব্যাখ্যৰ আধাৰত প্ৰতিপুষ্টিৰ ফল নির্ধাৰণ কৰা হয় । ব্যাখ্যাৰ জৰিয়তে শিক্ষণীয় ফলৰ ভুল - ত্রুটি নির্ণয় কৰাৰ পিছত তথ্যৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰা হয় আৰু শিক্ষার্থীৰ হিতার্থে শিক্ষণীয় পৰিবেশ লগত জড়িত সকলাে প্রয়ােজনীয় দিশৰ উন্নতিৰ বাবে চেষ্টা কৰা হয়। এনেদৰে শিক্ষা ব্যৱস্থাত বিভিন্ন স্তৰ অতিক্রমি এক প্রণালীবদ্ধ ব্যৱস্থাৰে মূল্যায়ন কার্য সম্পাদন কৰা

(vii) তথ্যৰ ব্যাখ্যা বা তাৎপর্য নির্ণয় (Interpretation of Data): তথ্যসমূহৰ উপযুক্ততা আৰু ব্যৱহাৰিতা সম্পর্কে বিচাৰ কৰিব লগা হ'লে তাৰ ব্যাখ্যাৰ প্রয়ােজনীয়তা আহি পৰে । তথ্যসমূহৰ ভিতৰত নিহিত হৈ অর্থসমূহৰ ব্যাখ্যা কৰিলেহে তাৰ সঠিক তাৎপর্য বিচাৰ কৰিব পৰা যায় । তদুপৰি এই কার্যই ছাত্ৰ - ছাত্ৰীৰ বিকাশৰ সঠিক মূল্যায়নত সহায় ক        ৰে । বৰ্তমান মনােবৈজ্ঞানিক বা পৰিসংখ্যা বিজ্ঞানত এনে ব্যাখ্যাৰ বাবে বিভিন্ন গাণিতিক কৌশলৰ সহায় লােৱা হয় । 

 21. চমুটোকা লিখা ( Write a brief notes ) 

(a) মূল্যায়নৰ উদ্দেশ্য। (Objectives of evaluation)

উত্তৰঃ মূল্যায়নৰ হৈছে কোনো বস্তুৰ বা বিষয়ৰ ওপৰত মূল্য আৰোপ কৰা কৰা কাৰ্য । মূল্যায়নৰ দ্বাৰা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য অনুসৰি ছাত্ৰ-ছাত্ৰীৰ আচৰণ পৰিবৰ্ত্তন সাধন কৰি তাৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

তলত কেইটামান মূল্যায়নৰ প্ৰধান উদ্দেশ্য দাঙি ধৰা হ'লঃ

১। ছাত্র-ছাত্রীৰ আচৰণৰ পৰিবৰ্তন আৰু পৰিমাপণ কৰাত সহায় কৰা। 

২। শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ প্ৰয়ােজনীয়তা সম্পর্কে এখন স্পষ্ট ছবি দাঙি ধৰা । 

৩। শৈক্ষিক পৰিচালনাৰ বাবে যথােপযুক্ত আঁচনি সাংগঠনিক পৰিকল্পনা লােৱাত সহায় কৰা । 

৪। ছাত্র - ছাত্রীৰ শৈক্ষিক কৃতিত্বৰ দক্ষতা পৰিমাপণ কৰি সামগ্রিক বিকাশত সহায় কৰা । 

৫। ছাত্র - ছাত্রীৰ সবলতা আৰু দুর্বলতা সমূহৰ নির্ণয় কৰা । 

৬। ছাত্র ছাত্রীৰ মাজত সুপ্ত হৈ থকা অন্যান্য গুণ , কৌশল , অভিক্ষমতা আগ্রহ আদিৰ চিনাক্ত কৰা ।

৭। শিক্ষাৰ লক্ষ্য , পাঠ্যক্রম , শিক্ষাদান পদ্ধতি আদিৰ ক্ষেত্ৰত পৰিলক্ষিত হােৱা দোষসমূহ চিনাক্ত কৰি নিৰাময়ৰ ব্যৱস্থা কৰা । 

৮। শ্রেণীকোঠাৰ শিক্ষণীয় লক্ষ্য-উদ্দেশ্যসমূহ সফল হােৱাত সহায় কৰা । 

৯। শিক্ষক শ্রেণী শিক্ষা ব্যৱস্থাত নতুন শিক্ষাদানৰ কৌশল গ্রহণ কৰাত উৎসাহ যােগােৱা । 

১০। শিক্ষার্থীৰ সাফল্যৰ ওপৰত ভিত্তি কৰি আৰু ভৱিষ্যত অগ্রগতি সম্পর্কে বিচাৰমূলক মূল্যৰ ব্যৱস্থা কৰা ।

(b) পৰিমাপণৰ প্ৰকাৰ। (Types of measurement)

উত্তৰঃ পৰিমাপণৰ প্ৰকাৰ সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হয় সেইকেইটা হ'লঃ

ক) প্ৰত্যক্ষ পৰিমাপণ

খ) পৰোক্ষ পৰিমাপণ

গ) আপেক্ষিক পৰিমাপণ ।

ক) প্ৰত্যক্ষ পৰিমাপণঃ যেতিয়া আমি কনো শ্ৰণীকোঠাৰ চকী বা মেজৰ দৈৰ্ঘৰ প্ৰত্যক্ষভাৱে জুখি চাওঁ তাক প্ৰত্যক্ষ পৰিমাপন বোলে ।

খ) পৰোক্ষ পৰিমাপণঃ পৰোক্ষ আহিলাৰ সহায়ত কোঠাটোৰ তাপ জোখা হয় তাক পৰোক্ষ পৰিমাপণ বোলে ।

গ) আপেক্ষিক পৰিমাপণঃ যেতিয়া কোনো পৰিমাপণ পৰোক্ষভাৱে কৰাৰ পিছত তাক প্ৰাপ্ত সংখ্যা আনৰ লগত তুলনা কৰি চোৱা হয় তাক আপেক্ষিক পৰিমাপণ বোলে । 

বহল অৰ্থত পৰিমাপণক দুটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হ'ল ক) ভৌতিক পৰিমাপণ আৰু খ) মানসিক বা মনোবিজ্ঞান পৰিমাপণ । 

ক) ভৌতিক পৰিমাণঃ ভৌতিক পৰিমাপণ হ'ল ভৌতিক পৰিমাপণ শূন্য বিন্দুৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ মূল্য সকলো ঠাইতে একে থাকে । ভৌতিক পৰিমাপণ শাৰীৰিক আৰু বাহ্যিক জগতৰ লগত জড়িত । 

খ) মানসিক পৰিমাপণঃযদি কোনো ব্যক্তিৰ ব্যক্তিত্বৰ পৰীক্ষা কৰা হয়, তেন্তে ব্যক্তিত্বৰ অভীক্ষাৰ প্ৰয়োগ কৰি তাৰ ফল আনৰ লগত তুলনা অন্ততঃ তেওঁৰ ব্যক্তিত্বৰ গুণ সম্পৰ্কে জানিব পাৰি । তাকে মানসিক পৰিমাপণ বোলে । 

(e) অনুপাত মাপকাঠী (Ratio scale)

উত্তৰঃ এক উচ্চৰৰ আৰু আটাইতকৈ গ্রহণযােগ্য মাই হৈছে অনুপাত মাপকাঠী । যেতিয়া সমান্তৰ মাপকাঠীৰ সকলােবােৰ বৈশিই থকাৰ উপৰিও এক পৰম শূন্য বিন্দু ( Absolute Zero ) থাকে , তেনে মাপকাঠীক অনুপাত কাহী বােলা হয় । এনে মাপকাঠীত শূন্য বিন্দুটো স্থিৰ অৱস্থাত থাকে আৰু পৰিমাণৰ একবােৰ অপৰিবৰ্তনীয় আৰু স্বাধীন । উদাহৰণ স্বৰূপে , কোনাে বস্তুৰ দৈৰ্ঘ্য জুখিবৰ বাবে ব্যৱহাৰ কৰা বােৰ হেনে ইঞ্চি , ফুট ইত্যাদি অনুপাত মাপকাঠী । এনে মাপকাঠীৰ জৰিয়তে পরিমাপ করা বৰ তুলনা বা পার্থক্য বিচাৰ কৰিব পাৰি । ঠিক সেইদৰে ওজন জুখিবলৈ ব্যৱহাৰ কৰা গ্রাম , কিলােগ্রাম আদি অনুপাত মাপকাঠীৰ উদাহৰণ । 

(c) মানসিক পৰিমাপণ। (Mental measurement)

উত্তৰঃ  মানসিক পৰিমাপণত ব্যক্তিৰ মানসিক দিশসমূহৰ পৰিমাপণ কৰা হয় । এনে পৰিমাপণ এক জটিল ধৰণৰ । ব্যক্তিৰ মানসিক প্রক্রিয়াৰ বিভিন্ন প্রতিক্রিয়া আমি প্রত্যক্ষ কৰিব নােৱাৰে । কাৰণ ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা আচৰণৰ জৰিয়তে মানসিক কার্যসমূহৰ প্রকাশ হয়। ইয়াৰ বাবে এনে কাৰ্য্য সঠিকভাৱে প্রত্যক্ষভাৱে পৰিমাপণ কৰিব নােৱাৰি। এনে পৰিমাপণ পৰােক্ষভাৱে। কৰা হয় আৰু সেয়ে ইয়াৰ মান ব্যক্তি আৰু সময়ভেদে ভিন্ন প্রকৃতিৰ হয়। মানসিক পৰিমাপণ ব্যক্তিনিষ্ঠ, অনির্দিষ্ট আৰু সংক্ষিপ্ত। মানসিক পৰিমাপ পৰিস্থিতিৰ বিভিন্ন কাৰকৰদ্বাৰা প্ৰভাৱিত হয় । উদাহৰণস্বৰূপে, যদি কোনাে ব্যক্তিৰ ব্যক্তিত্বৰ পৰীক্ষা কৰা হয়, তেন্তে ব্যক্তিত্বৰ অভীক্ষাৰ প্ৰয়ােগ কৰি তাৰ ফল আনৰ লগত তুলনা অন্ততঃ তেওঁৰ ব্যক্তিত্বৰ গুণ সম্পর্কে জানিব পাৰি। এই মানসিক পৰিমাপক শৈক্ষিক পৰিমাপণ বুলিও জনা যায়। 

(d) অভীক্ষা আৰু পৰীক্ষা (Test and examination)

উত্তৰঃ অভীক্ষাঃ  অভীক্ষা হৈছে কেতবােৰ প্রশ্নপদৰ সমষ্টি যাৰ পৰিমাণৰ কৌশল বা সঁজুলি হিচাপে প্রয়ােগ কত ব্যক্তিজনৰ বিভিন্ন দিশৰ যােগ্যতা বিচাৰ কৰা হয় । কেতবােৰ প্রশ্নপদৰ সমষ্টিয়েই হ’ল অভীক্ষা। 

পৰীক্ষাঃ  পৰীক্ষা হৈছে বিদ্যালয় বা অন্য অনুষ্ঠানে পতা যােগ্যতা নিৰূপক কৰা এবিধ সঁজুলি । পৰীক্ষাৰ জৰিয়তে শিক্ষার্থীৰ কোনাে বিষয়ৰ ওপৰত পাৰদৰ্শিতা বা যােগ্যতাৰ বিচাৰ কৰা হয়। ই এক পৰিমাপক সঁজুলি আৰু শিক্ষার্থীৰ বিভিন্ন বিষয়ত থকা জ্ঞান , দক্ষতা, ক্ষমতা, সামর্থ্য পৰীক্ষাৰ দ্বাৰা জোখা হয়। পৰীক্ষাত শিক্ষার্থীয়ে কিমান নম্বৰ লাভ কৰিলে তাৰ ওপৰত ভিত্তি কৰি যোগ্যতা বিচাৰ কৰা হয়।


(e) শৈক্ষিক পৰিমাপণৰ প্ৰকৃতি (Nature of educational measurement)

উত্তৰঃ শৈক্ষিক পৰিমাপণৰ প্ৰকৃতি (Nature of educational measurement) হ'লঃ শৈক্ষিক পৰিমাপণ পৰিমানগত নহয় । ইয়াৰ ব্যক্তিৰ গুণাগুণবােৰ আচৰণৰ জৰিয়তে পৰিমাপণ কৰা হয় । সেয়ে এনে পৰিমাপণ গুণগতহে। শৈক্ষিক পৰিমাপণ ব্যক্তিনিষ্ঠ আৰু ব্যক্তিৰ প্ৰভাৱ বিৰাজমান। এনে কাৰণতে ব্যক্তিৰ বুদ্ধি পৰীক্ষা , ব্যক্তিত্বৰ পৰীক্ষা আদিৰ ফলাফল সময় আৰু ঠাই সাপেক্ষে বেলেগ বেলেগ হয় ।  শৈক্ষিক পৰিমাপণ পৰােক্ষ ( indirect ) বিধৰ । ব্যক্তিৰ বুদ্ধি , আগ্রহ , অভিপ্রায় , কৃতিত্ব আদিৰ প্রত্যক্ষ পৰিমাণ সম্ভৱ নহয়। এই দিশবােৰ ব্যক্তিয়ে বিভিন্ন পৰিবেশত প্ৰকাশ কৰা আচৰণৰ ওপৰত ভিত্তি কৰি পৰিমাপণ কৰা হয় ।শৈক্ষিক পৰিমাণৰ একক বিলাক নির্দিষ্ট স্থায়ী নহয় । এই এককসমূহ সময় সাপেক্ষে পৰিবৰ্ত্তন হয় আৰু সকলাে ক্ষেত্ৰতে একে নাথাকে । শৈক্ষিক পৰিমাণৰ এককসমূহ কোনাে শূন্য বিন্দুৰ পৰা আৰম্ভ নহয় । শৈক্ষিক পৰিমানত ব্যক্তিৰ মানসিক দিশৰ আংশিকখিনিহে পৰিমাপ কৰাটো সম্ভৱ । কাৰণ কোনাে ব্যক্তিৰে বুদ্ধি বা আগ্রহক সম্পূৰ্ণৰূপে জোখ মাখ কৰিব নােৱাৰি ।  শৈক্ষিক পৰিমাপণ অতি জটিল প্রক্রিয়া । অভীজ্ঞ ব্যক্তি আৰু বিচাৰ ক্ষমতা সম্পন্ন লােকে ব্যক্তি মানসিক আচৰণ সম্বন্ধে সিদ্ধান্ত ল'ব পাৰে । শৈক্ষিক পৰিমাপণৰ পৰিমাপণ সঠিক নহয় । কাৰণ ব্যক্তিৰ গুণ বা সংলক্ষণ সঠিকভাৱে পৰিমাপণ কৰিব নোৱাৰে । 

Author: Apurba Kakati