পাঠ ৬
ত্ৰিভূজ
Triangle
Exercise 6.1
1. কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা :
i. সকলোবোৰ বৃত্তই সদৃশ। (সবৰ্সম, সদৃশ)
ii. সকলোবোৰ বৰ্গই সদৃশ। (সদৃশ, সৰ্বসম)
iii. সকলো সমবাহু ত্ৰিভূজ সদৃশ (সমদ্বিবাহু, সমবাহু)
iv. সমসংখ্য়ক বাহু থকা দুটা বহুভূজ সদৃশ হব যদিহে (a) সিহঁতৰ অনুৰূপ কোনবিলাক সমান আৰু (b) সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক। (সমান, সমানুপাতিক)
2. তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া :-
(i) এযোৰ সদৃশ চিত্ৰৰ ।
(ii) এযোৰ অসদৃশ চিত্ৰৰ।
সমাধান:→ (i) এযোৰ সদৃশ চিত্ৰৰ দুটা ভিন্ন উদাহৰণ:-
সমাধান:
চতুভূজ দুটা সদৃশ নহয়। কাৰণ চতুভূজ দুটা অৰ্থাৎ ৰম্বাছ আৰু বৰ্গ অনুৰূপ বাহু কেইটা একে অনুপাতত আছে । কিন্তু কোনকেইটা সমান নহয়।
