Click Here PDF 

পাঠ ৬

ত্ৰিভূজ

Triangle

Exercise 6.1


1.   কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা :

i. সকলোবোৰ বৃত্তই সদৃশ। (সবৰ্সম, সদৃশ)

ii. সকলোবোৰ বৰ্গই সদৃশ। (সদৃশ, সৰ্বসম)

iii. সকলো সমবাহু ত্ৰিভূজ সদৃশ (সমদ্বিবাহু, সমবাহু)

iv. সমসংখ্য়ক বাহু থকা দুটা বহুভূজ সদৃশ হব যদিহে (a) সিহঁতৰ অনুৰূপ কোনবিলাক সমান আৰু (b) সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক। (সমান, সমানুপাতিক)



2.  তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া :-

(i) এযোৰ সদৃশ চিত্ৰৰ ।





(ii) এযোৰ অসদৃশ চিত্ৰৰ।

সমাধান:→   (i)  এযোৰ সদৃশ চিত্ৰৰ দুটা ভিন্ন উদাহৰণ:-

a) যিকোনো দুটা বৃত্ত।
b) যিকোনো দুটা  বৰ্গ।
ii)    এযোৰ অসদৃশ চিত্ৰৰ দুটা ভিন্ন উদাহৰণ
a)  এটা বিষমবাহু ত্ৰিভূজ আৰু এটা সমবাহু ত্ৰিভূজ।
b) এটা সমদ্বিবাহু ত্ৰিভূজ আৰু এটা সমকোণী ত্ৰিভূজ

3/  তলত দিয়া চতুৰ্ভূজ দুটা সদৃশ হয়নে উল্লেখ কৰা:-










সমাধান:   চতুভূজ দুটা সদৃশ নহয়। কাৰণ চতুভূজ দুটা  অৰ্থাৎ ৰম্বাছ আৰু বৰ্গ অনুৰূপ বাহু কেইটা একে অনুপাতত আছে । কিন্তু কোনকেইটা সমান নহয়।

-  Hiru Moni Bora