আৰম্ভণি (Start)

প্ৰথম অধ্য়ায়

অনুশীলনী Exercises 

1. এখন অৰ্থনীতিৰ মূল সমস্যাসমূহ আলোচনা কৰা।

উত্তৰঃ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগেই হ'ল জীৱনৰ মৌলিক অৰ্থনৈতিক কাৰ্যকলাপ। এই মৌলিক অৰ্থনৈতিক কাৰ্যবোৰ সম্পাদন কৰোঁতে প্ৰতিখন সমাজেই সম্পদৰ 'দুষ্প্ৰাপ্যতা'ৰ সন্মুখীন হয় আৰু এই দুষ্প্ৰাপ্যতাই 'পছন্দ'ৰ সমস্যা সৃষ্টি কৰে। এখন অৰ্থনীতিৰ দুষ্প্ৰাপ্য সম্পদবোৰৰ প্ৰতিযোগিতামূলক ব্যৱহাৰ আছে। অন্য ভাষাত, প্ৰতিখন সমাজে দুষ্প্ৰাপ্য সম্পদবোৰ কেনেদৰে ব্যৱহাৰ কৰিব তাৰ সিদ্ধান্ত ল'ব লাগিব। অৰ্থনীতি এটাৰ সমস্যাবোৰ সততে তলত দিয়া ধৰণে সংক্ষিপ্তকৰণ কৰা হয়।

(ক) কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণতঃ প্ৰতিখন সমাজে সম্ভাৱনীয় বহুতো দ্ৰব্য আৰু সেৱাৰ প্ৰতিটোৰ কিমান পৰিমাণে উৎপাদন কৰিব নে বিলাসী বেছিকৈ উৎপাদন কৰিব। কৃষিৰ দ্ৰব্য বেছিকৈ লাগিব নে ঔদ্যোগিক সামগ্ৰী আৰু সেৱা বেছিকৈ লাগিব। শিক্ষা আৰু স্বাস্থ্যত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগে নে সামৰিক সেৱা নিৰ্মাণত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰাথমিক শিক্ষা বেছিকৈ লাগে নে উচ্চ শিক্ষা বেছি লাগে। উপভোগৰ দ্ৰব্য বেছিকৈ লাগে নে বিনিয়োগৰ দ্ৰব্য যিবোৰে ভৱিষ্যতে উৎপাদন আৰু ভোগ বঢ়াব তেনেকুৱা দ্ৰব্য লাগে।

(খ) এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হয়ঃ বিভিন্ন দ্ৰব্য আৰু সেৱাৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰতিখন সমাজে কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব সেই সিদ্ধান্তটো ল'ব লাগিব। বেছিকৈ শ্ৰমিক নে বেছিকৈ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হ'ব। সামগ্ৰীবোৰৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰাপ্তব্য উৎপাদন কৌশলৰ কোনটো ব্যৱহাৰ কৰা হ'ব।

(গ) এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়ঃ অৰ্থনীতিত উৎপাদিত দ্ৰব্যবোৰৰ কোনে কিমান অংশ পায়? অৰ্থনীতিৰ উৎপাদনখিনি অৰ্থনীতিৰ ব্যক্তিসকলৰ মাজত কেনেদৰে বিতৰণ কৰা হ'ব? কোনে বেছিকৈ পাব আৰু কোনে কমকৈ পাব? অৰ্থনীতিত প্ৰতিজনৰ বাবে ভোগৰ নূন্যতম পৰিমাণ নিশ্চিত কৰিব লাগিব নে নালাগে। অৰ্থনীতিত প্ৰতিজনৰ বাবে প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী স্বাস্থ্য সেৱা বিনামূলীয়াকৈ বন্দৱন্ত কৰিব লাগিব নে নালাগে।

    গতিকে, প্ৰতিটো অৰ্থনীতিয়ে দুষ্প্ৰাপ্য সম্পদবোৰ বিভিন্ন সম্ভাৱনীয় দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আবন্টনৰ সমস্যা আৰু উৎপাদিত দ্ৰব্য আৰু সেৱাবোৰ অৰ্থনীতিটোৰ ব্যক্তিসকলৰ মাজত বিতৰণেই হ'ল যিকোনো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা।

2. এখন অৰ্থনীতিৰ উৎপাদন সম্ভাৱনীয়তা বুলিলে কি বুজা?

উত্তৰঃ ব্যক্তি এজনে যেনেকৈ সম্পদৰ দুষ্প্ৰাপ্যতাৰ সন্মুখীন হয়, তেনেকৈ অৰ্থনীতিৰ আটাইবোৰ ব্যক্তিয়ে সমূহীয়াভাবে যি পাব বিচাৰে তাৰ তুলনাত সামগ্ৰিকভাবে অৰ্থনীতিৰ সম্পদবোৰ সদায় সীমিত। দুষ্প্ৰাপ্য সম্পদবোৰ বিকল্প ব্যৱহাৰযোগ্য আৰু বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদনত কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব, সেই সিদ্ধান্ত প্ৰতিখন সমাজে ল'ব লাগিব। অন্য ভাষাত, বিভিন্ন দ্ৰব্য আৰু সেৱাত দুষ্প্ৰাপ্য সম্পদবোৰ কেনেকৈ আবন্টন কৰিব লাগিব, প্ৰতিখন সমাজে সেয়া নিৰ্ধাৰণ কৰিব লাগিব।

    অৰ্থনীতিৰ দুষ্প্ৰাপ্য সম্পদৰ এটা আবন্টনে বিভিন্ন দ্ৰব্য আৰু সেৱাৰ এটা নিৰ্দিষ্ট সংমিশ্ৰণ সৃষ্টি কৰে। সম্পদৰ মুঠ পৰিমাণৰ হিচাবত সম্পদবোৰৰ বিভিন্ন ধৰণেৰে আবন্টন সম্ভৱ হয় আৰু এইদৰে সম্ভৱপৰ সকলো দ্ৰব্য আৰু সেৱাৰ বিভিন্ন মিশ্ৰণ আহৰণ কৰিব পাৰি। নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু নিৰ্দিষ্ট কিছুমান প্ৰযুক্তি জ্ঞানৰ জৰিয়তে উৎপাদিত দ্ৰব্য আৰু সেৱাৰ সকলো সম্ভৱপৰ সংমিশ্ৰণৰ সংগ্ৰহকেই অৰ্থনীতিৰ উৎপাদন সম্ভাৱনা সংহতি বুলি কোৱা হয়।

3. উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা কি?

উত্তৰঃ ৰেখাডালত থকা বা ৰেখাডালৰ তলত থকা যিকোনো বিন্দু এটাই অৰ্থনীতিৰ সম্পদেৰে উৎপাদন কৰিব পৰা ধান আৰু কপাহৰ এটা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰে। ৰেখাডালে কপাহৰ এটা নিৰ্দিষ্ট পৰিমাণৰ লগত সৰ্বোচ্চ ধান কিমান পৰিমাণে উৎপাদন কৰিব পাৰি তাক দেখুৱায়। এই ৰেখাডালক উৎপাদন সম্ভাৱনীয় সীমাৰেখা বুলি কোৱা হয়। উৎপাদন সম্ভাৱনীয় সীমাৰেখাই অৰ্থনীতিৰ সম্পদবোৰ পূৰ্ণভাবে কামত খটালে উৎপাদন কৰিব পৰা ধান আৰু কপাহৰ আটাইবোৰ সংমিশ্ৰণ দেখুৱায়। উল্লেখ কৰা প্ৰয়োজন যে উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অৱস্থিত বিন্দু এটাই ধান আৰু কপাহৰ এনে এটা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰিছে যিটো উৎপাদন কৰোঁতে সকলোবোৰ বা কিছুমান সম্পদ হয়টো অপূৰ্ণভাবে নিয়োগ কৰা হৈছে অথবা সম্পদৰ অপচয় হৈছে।

4. অৰ্থনীতিৰ বিষয়বস্তু আলোচনা কৰা।

উত্তৰঃ  পৰম্পৰাগতভাবে অৰ্থনীতিৰ বিষয়বস্তু দুটা বহল শাখাত অধ্যয়ন কৰা হয় - ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীাতি। ব্যষ্টিবাদী অৰ্থনীতিত আমি বিভিন্ন দ্ৰব্য আৰু সেৱাৰ বজাৰত ব্যক্তিগত অৰ্থনৈতিক প্ৰতিনিধিবোৰৰ আচৰণ অধ্যয়ন কৰোঁ আৰু এই বজাৰবোৰত ব্যক্তিসকলৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দ্বাৰা দ্ৰব্য আৰু সেৱাৰ দাম আৰু পৰিমাণ কেনেদৰে নিৰ্ণয় হয় তাক চিত্ৰায়িত কৰিবলৈ চেষ্টা কৰোঁ। আনহাতে, সমষ্টিবাদী অৰ্থনীতিত আমাৰ মনোযোগ মুঠ উৎপাদন, মুঠ নিয়োগ আৰু সৰ্বমুঠ মূল্যস্তৰৰ নিচিনা সৰ্বমুঠ হিচাববোৰত নিবদ্ধ কৰি অৰ্থনীতিটো সামগ্ৰিকভাবে বুজিবলৈ চেষ্টা কৰোঁ। ইয়াত আমি এই সৰ্বমুঠ হিচাববোৰৰ স্তৰবোৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় আৰু সময়ৰ লগে লগে এই সৰ্বমুঠ হিচাবৰ স্তৰবোৰ কেনেদৰে পৰিৱৰ্তন হয় তাক উলিয়াই আনিবলৈ ইচ্ছা কৰোঁ। সমষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক প্ৰশ্ন তলত উল্লেখ কৰা হলঃ অৰ্থনীতিৰ মুঠ উৎপাদনৰ স্তৰ কিমান? মুঠ উৎপাদন কেনেকৈ নিৰ্ধাৰণ কৰা হয়? সময়ৰ লগে লগে মুঠ উৎপাদন কেনেকৈ বৃদ্ধি পায়? অৰ্থনীতিৰ সম্পদবোৰৰ পূৰ্ণ নিয়োগ হৈছেনে? সম্পদবোৰ পূৰ্ণ নিয়োগ নোহোৱাৰ আঁৰত কি কি কাৰণ আছে? দাম কিয় বাঢ়ে? গতিকে, ব্যষ্টিবাদী অৰ্থনীতিত বিভিন্ন বজাৰৰ অধ্যয়ন যেনেদৰে কৰা হয়, তাৰ পৰিৱৰ্তে সমষ্টিবাদী অৰ্থনীতিত আমি অৰ্থনীতিৰ পাৰদৰ্শিতাৰ বাবে সৰ্বমুঠ বা বহল হিচাববোৰৰ আচৰণ অধ্যয়ন কৰিবলৈ চেষ্টা কৰোঁ।

5. কেন্দ্ৰীয়ভাবে পৰিকল্পিত অর্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য -

(ক) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ বিপৰীতে, এটা বজাৰ অৰ্থনীতিত, সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাৰৰ জৰিয়তে সংগঠিত হয়। আনহাতে কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিকল্পনা কৰে।

(খ) কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৃৰ্তৃপক্ষই অৰ্থনীতিৰ আটাইবোৰ গুৰুত্বপূৰ্ণ কাম-কাজ পৰিচালনা কৰে। আনহাতে, বজাৰ অৰ্থনীতিত বজাৰৰ দ্বাৰা আটাইবোৰ অৰ্থনাতিক কামকাজ পৰিচালিত হয়।


6. যথার্থ অর্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিবলৈ নীতিগতভাবে এটাতকৈ বেছি প্ৰক্ৰিয়া আছে। সাধাৰণতে, এই বিভিন্ন প্ৰক্ৰিয়াবোৰে সমস্যাবোৰৰ বেলেগ বেলেগ সমাধান দিয়াৰ সম্ভাৱনা থাকে, যাৰ ফলত সম্পদবোৰ আবন্টনো বেলেগ বেলেগ আৰু অৰ্থনীতিত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ বিতৰণো বেলেগ বেলেগ হয়। যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণত আমি বিভিন্ন প্ৰক্ৰিয়াবোৰে কেনেকৈ কাৰ্য কৰে তাৰ অধ্যয়ন কৰোঁ।গতিকে, এই বিকল্প প্ৰক্ৰিয়াবোৰৰ কোনটো সামগ্ৰিকভাবে অৰ্থনীতিৰ বাবে বাঞ্ছনীয় সেইটো বুজি পোৱাটো জৰুৰী। বিশেষ প্ৰক্ৰিয়া এটাই কেনেদৰে কাম কৰে আমি তাক উলিয়াবলৈ চেষ্টা কৰিছোঁ নে আমি সেইটো মূলায়ন কৰিব বিচাৰিছো তাৰ ওপৰত ভিত্তি কৰি প্ৰায়ে যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ তাকে যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ বুলি কোৱা হয়।


7. আদর্শগত অর্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিবলৈ নীতিগতভাবে এটাতকৈ বেছি প্ৰক্ৰিয়া আছে। সাধাৰণতে, এই বিভিন্ন প্ৰক্ৰিয়াবোৰে সমস্যাবোৰৰ বেলেগ বেলেগ সমাধান দিয়াৰ সম্ভাৱনা থাকে, যাৰ ফলত সম্পদবোৰ আবন্টনো বেলেগ বেলেগ আৰু অৰ্থনীতিত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ চূড়ান্ত মিশ্ৰণৰ বিতৰণো বেলেগ বেলেগ হয়। আদৰ্শগত অৰ্থনীতিত আমি এই প্ৰক্ৰিয়াবোৰ বাঞ্ছনীয় হয় নে নহয় তাক বুজিবলৈ চেষ্টা কৰোঁ। গতিকে, এই বিকল্প প্ৰক্ৰিয়াবোৰৰ কোনটো সামগ্ৰিকভাবে অৰ্থনীতিৰ বাবে বাঞ্ছনীয় সেইটো বুজি পোৱাটো জৰুৰী। বিশেষ প্ৰক্ৰিয়া এটাই কেনেদৰে কাম কৰে আমি তাক উলিয়াবলৈ চেষ্টা কৰিছোঁ নে আমি সেইটো মূলায়ন কৰিব বিচাৰিছো তাৰ ওপৰত ভিত্তি কৰি প্ৰায়ে তাকে আদৰ্শগত অৰ্থনৈতিক বিশ্লষেণ বুলি কোৱা হয়।


৪. ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য-

(১) ব্যষ্টিবাদী অৰ্থনীতিত আমি বিভিন্ন দ্ৰব্য আৰু সেৱাৰ বজাৰত ব্যক্তিগত অৰ্থনৈতিক প্ৰতিনিধিবোৰৰ আচৰন অধ্যয়ন কৰোঁ। আনহাতে, সমষ্টিবাদী অৰ্থনীতিত আমাৰ মনোযোগ মুঠ উৎপাদন, মুঠ নিয়োগ আৰু সৰ্বমুঠ মূল্যস্তৰৰ নিচিনা সৰ্বমুঠ হিচাববোৰত নিবদ্ধ কৰি অৰ্থনীতিটো সামগ্ৰিকভাবে বুজিবলৈ চেষ্টা কৰোঁ।

(২) ব্যষ্টিবাদী অৰ্থনীতিয়ে বিশেষ উৎপাদন প্ৰতিষ্ঠান, ব্যক্তি, ব্যক্তিগত দান, মজুৰি, আয় আদিৰ বিষয়ে অধ্যয়ন কৰে । আনহাতে, সমষ্টিবাদী অৰ্থনীতিয়ে অৰ্থনীতিৰ সামগ্ৰিক দিশ অধ্যয়ন কৰে ।






Question Type By- Bikash Bora 

Answer Type By- Pompi Hazarika

Post ID: DABP001796