মোৰ মাতৃমুখ দৰ্শন

ক) অতি চমু প্ৰশ্নৱালীঃ

১। 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটিৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ ড॰নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ড) ৰ পৰা লোৱা হৈছে।

২। 'মাথা পোট' শব্দৰ অৰ্থ কি?

উত্তৰঃ মাথা পোট শব্দৰ অৰ্থ হৈছে কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃ চিন্তা।

৩। 'জোনাকী' আলোচনী পোন প্ৰথমে কেতিয়া প্ৰকাশ পাইছিল?

উত্তৰঃ জোনাকী আলোচনী পোন প্ৰথমে ১৮৮৯ চনত প্ৰকাশ পাইছিল।

৪। 'মোৰ জীৱন সোঁৱৰণ' আত্মজীৱনীখনৰ ৰচক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

৫। অসমীয়া চুটিগল্প জনক বুলিলে কাক বুজায়?

উত্তৰঃ অসমীয়া চুটিগল্প জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক বুজায়।

৬। কিমান বছৰ পিছত লেখকৰ 'মাতৃমুখ দৰ্শন' হৈছিল?

উত্তৰঃ ডেৰকুৰি কি দুকুৰি বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল।

৭। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লক্ষ্মীনাথ বেজবৰুৱা কোনখন গ্ৰন্থ অন্তৰ্ভুক্ত?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লক্ষ্মীনাথ বেজবৰুৱা ''বেজবৰুৱা ৰচনাৱলী'' পৰা লোৱা হৈছে।

৮। মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে লেখকৰ জনমভুমিক বুজোৱা হৈছে।

৯। সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

১০। বেজবৰুৱাই 'মাতৃমুখ' দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱা মাতৃমুখ দৰ্শনৰ বাবে ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত অসমলৈ যাত্ৰা কৰিছিল।

১১। লেখকে কৰ্মসূত্ৰে কোন ঠাইত আছিল গৈ?

উত্তৰঃ লেখকে কৰ্মসূত্ৰে সম্বলপুৰত আছিল গৈ।

১২। বেজবৰুৱাই 'মাতৃৃমুখ' দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল।

১৩। সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতেঁ বেজবৰুৱা সংগী কোন আছিল?

উত্তৰঃ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতেঁ বেজবৰুৱা সংগী তেওঁৰ সহধৰ্মিণী আৰু সৰুটি কন্যা আছিল।

১৪। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাট হল -লিতিকাই

১৫। কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিলহি?

উত্তৰঃ ২২ ছেপ্তেম্বৰত লেখক গুৱাহাটীত উপস্থিত হৈছিলহি।

১৬। Comedy of Errors গ্ৰন্থখন 'ভ্ৰমৰংগ' নামদি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল?

উত্তৰঃ Comedy of Errors  গ্ৰন্থখন ভ্ৰমৰংগ মানদি চাৰিগৰাকী অসমীয়া ছাত্ৰ-সাহিত্যিক ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে অসমীয়ালৈ অনুবাদ কৰে।

১৭। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম হৈছে- কদমকলি।

১৮। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম-পদুম কুঁৱৰী।

১৯। অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢল বোৱাই অনা আলোচনীৰ খনৰ নাম কি?

উত্তৰঃ অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢলবোৱাই অনা আলোচনীৰ খনৰ নাম জোনাকী।

২০। Comedy of Errors গ্ৰন্থ প্ৰণেতা কোন?

উত্তৰঃ Comedy of Errors গ্ৰন্থ প্ৰণেতা হৈছে- শ্বেক্সপীয়েৰ।


২১। কাক আধুনিক অসমীয়া সাহিত্য়ৰ কাণ্ডাৰী বুলি কোৱা হয় ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্য়ৰ কাণ্ডাৰী বুলি কোৱা হয়।

২২। সাহিত্য়ৰথী লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ সাহিত্য়ৰথী সক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত।

২৩। শিৱসাৰ চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায়?

উত্তৰঃ শিৱসাৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে তলকাতালৈ যায়।

২৪। লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহ সম্পন্ন হয়?

উত্তৰঃ বংগৰ বিখ্য়াত ঠাকুৰ পৰিয়ালৰ কন্য়া প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়।


২৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম হ'ল- নোমল আৰু চিকৰপতি-নিকৰপতি।

২৬। কিমান চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য় সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য় সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল।

২৭। বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম কেইটা থণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে?

উত্তৰঃ বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম তিনিটা থণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে।

২৮। পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী কোনটো খণ্ডৰ পৰা লোৱা হৈছে?

উত্তৰঃ পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা লোৱা হৈছে।


২৯। ইমান বছৰ তেওঁ জীৱনটো বাহিৰে বাহিৰে কটায়েই কি কৰিলে?

উত্তৰঃ ইমান বছৰ তেওঁ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলে।


৩০। সন্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ কিয়  নাপায়?

উত্তৰঃ সন্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ'বলৈ নাপায়, কাৰণ ওৰেৰাতি চিঞৰি কান্দি মৰে।

৩১। ভিজিট শব্দ অৰ্থ কি?

উত্তৰঃ ভিজিট শব্দ অৰ্থ হ'ল- ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰক দিবলগীয়া মাননি।

৩২। লেকেটিয়া নৰিয়া শব্দ অৰ্থ কি?

উত্তৰঃ দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ,শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ।


৩৩। কিমান চনত মাতৃভূমি অসমলৈ উভতি আহে?

উত্তৰঃ ১৯৩০ চনত মাতৃভূমি অসমলৈ উভতি আহে।


৩৪। জকা শব্দ অৰ্থ কি?

উত্তৰঃ জকা শব্দ অৰ্থ হ'ল- পিতল আদিৰ বৰ ডাঙৰ টৌ।

৩৫। দ্বিৰা-গমন শব্দ অৰ্থ কি?

উত্তৰঃ দ্বিৰা-গমন শব্দ অৰ্থ হ'ল- বিয়াৰ পিছত কন্য়াৰ দ্বিতীয়বাৰ স্বামীৰ ঘৰলৈ যোৱা সংস্কাৰ।

খ) চমু প্ৰশ্ন         মূল্যাংকন ( ২/৩)

১। মোৰ মাতৃমুখ দৰ্শন  শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষন কৰা?

উত্তৰঃ লেখকে  কৰ্ম সূত্ৰে বাহিৰত থাকিবলগীয়া হোৱাত বহু দিন ধৰি নিজৰ মাতৃভুমি লৈ আহিব পৰা নাছিল। যিহেতু তেওঁ মাতৃভুমি লৈ আহিছে আৰু মাতৃভূমি লৈ আহোতেঁ কি হৈছিল, কেনেকৈ আহিছিল আদি কথা এই পাঠটিত উল্লেখ কৰিছে। বহু দিনৰ মূৰত যে তেওঁ অসম ভ্ৰমণ কৰিছে সেই কাৰণে মনটো বহুত উৎফুল্লিত হৈছিল। সেয়েহে  উক্ত পাঠটি মোৰ মাতৃমুখৰ দৰ্শন বুলি নামকৰণ কৰিছে।

২। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰ সকলে সভা অনুষ্ঠিত কৰি অভিনন্দন জনাইছিল।  সভাত কোনোৱে  ইংৰাজী আৰু অসমীয়াত বক্তৃতা দিছিল,কোনোৱে সুললিত কণ্ঠৰে সংগীত গাইছিল আৰু কোনোৱে ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়াহ গাই লেখকৰ মনত আনন্দ দিছিল।

৩। মোৰ মাতৃমুখ দৰ্শন ৰ লেখকে উল্লেখ কৰা মাজিউ আৰু জ্ঞান কোন আছিল?

উত্তৰঃ মোৰ মাতৃমুখ দৰ্শনৰ লোখকে উল্লেখ কৰা মাজিউ হৈছে- কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হৈছে- আৰ্ল ল কলেজৰ অধ্যক্ষ জে. বৰুৱা।

৪। লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীক ভাল লগাৰ কাৰণ তিনিটাহৈছে- ক) প্ৰাকৃতিক সৌন্দৰ্য, খ) ঐতিহাসিক উৎকৰ্ষ, গ) প্ৰাচীম জ্ঞান-গৌৰৱ গৰিমা।

৫। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কোন কেইখন গ্ৰন্থক কৃপাবৰী ৰচনা নামে জনাজাত?

উত্তৰঃলক্ষ্মীনাথ বেজবৰুৱা দেৱে ৰচনা কৰা কৃপাবৰী নামেৰে জনাজাত গ্ৰন্থ কেইখন হৈছে- কৃপাবৰ বৰবৰুৱাকাকতৰ টোপোলা, কৃপাবৰ বৰুৱা ওভতনি, বৰবৰুৱা বুলনি,বৰবৰুৱা ভাবৱ বুৰবুৰণি।

৬। বেজবৰুৱা ৰচিত দুখন  বুৰঞ্জীমূলক নাটকৰ নাম লিখা?

উত্তৰঃ বেজবৰুৱা ৰচিত দুখন বুৰঞ্জীমূলক নাটকৰ নাম হৈছে-জয়মতী কুৱৰী, বেলিমাৰ।

৭। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কিয় কোৱা হয়?

উত্তৰঃলক্ষ্মীনাথ বেজবৰুৱা দেৱে আধুনিক অসমীয়া সাহিত্যত কবিতা,নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ আদি সকলো ক্ষেত্ৰতে তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সেয়েহে তেওঁক আধুনিক অসমীয়া সাহিত্য কাণ্ডাৰী বুলি কোৱা হয়।

৮। অসমীয়া ভাষা উন্নতি সাধিনী সভা কি? ই কাৰ প্ৰচেষ্টাত কেতিয়া আৰু কত প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ 

৯। পানীমে মীন পিয়াসী

    মোক শুনত শুনত লাগে হাসি।।- এই পদফাকিৰ ৰচক কোন? পদফাকিৰ তাত্ত্বিক অৰ্থ কি?

উত্তৰঃ এই পদ ফাকিৰ ৰচক হৈছে-লক্ষ্মীনাথ বেজবৰুৱা। 

পদফাকিৰ তাত্ত্বিক অৰ্থ হৈছে- মানুহৰ অন্তৰত ইশ্বৰ আছে, তথাপি ভক্তিহীন অজ্ঞানী মানুহে ইশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে।

১১। লক্ষ্মীনাথ বেজবৰুৱাই কিয় বহু বছৰ ধৰি ঘৰলৈ অৰ্থাৎ অসমলৈ আহিব পৰা নাছিল?

উত্তৰঃ লক্ষ্মীনায বেজবৰুৱা কৰ্মসূত্ৰে অসমৰ বাহিৰত, কলকাতা আৰু সম্বলপুৰত আছিল। কৰ্ম ব্যস্ততা কাৰণে তেওঁ ত্ৰিছ- চল্লিশ বছৰ ধৰি  ঘৰলৈ অৰ্থাৎ অসমলৈ আহিব পৰা নাছিল।

১২। যথা নিযুক্তোহস্মি তথা কৰোমি। -- এই পদফাকিৰ অৰ্থ কি?

উত্তৰঃ উক্ত পদফাকিৰ অৰ্থ হৈছে- যিদৰে নিযুক্ত হৈছো, তাকে কৰিছোঁ।

১৩। পথে নাৰী বিবজিৰ্তা। লেখকে এইষাৰী শ্লোক সমৰ্থন কৰিছিলনে? কাৰণ দৰ্শোৱা-

উত্তৰঃ  উক্ত শ্লোক শাৰী লেখকে সমৰ্থন কৰা নাছিল। কাৰণ-লেখকৰ মতে ভ্ৰমণৰ সময়ত বয়বস্তু দেখা-শুনা,লাগিলে ৰেলৰ টিকট পৰ্যন্ত কিনা, ঘন্টাই ঘন্টাই ফলটো, পিঠাখন, চাহ-পানী টোপা যতনাই খুৱাই বাটৰ ভোকক ৰেলৰ খোটালী ভিতৰ  পৰা গতিয়াই উলিয়াই দিয়া, শুবলৈ পাটী খন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, আৱশ্যক হলে বিচনীৰে মূৰৰ ওপৰত বিটি ঘামৰ কণকঠীয়া মৰা ইত্যাদি এশ এটা সৰু -বৰ কাম ৰেলৰ পথত সহায়ক হয়। সেই দেখি লেখকে কৈছে নাৰী পথত গলগ্ৰহ নহয়ই বৰং গলৰ মালাহে হৈ পৰে। 

১৪। 'Comedy of Errors' গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি 'ভ্ৰমৰংগ' নামেৰে কেতিয়া প্ৰকাশ কৰিছিল?

উত্তৰঃ ১৮৮৮ চনত।

গ) ৰচনা ধৰ্মী প্ৰশ্নাৱলীঃ

১।মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰা এটি বিৱৰণ আগবঢ়োৱা?

উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল ৷ যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২৯ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷


২। ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।-- ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই  লিখা।

উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷ সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল ৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷

৩। লক্ষ্মীনাথ বেজবৰুৱা মতে  বিদেশীৰ নাটকৰ অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।

উত্তৰঃনাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে ৷ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে ৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷

৪।''অৱশ্য যদি তাৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদহৈ অসমীয়া পেটত সি জীণ যোৱা হয়।''-উক্ত পদফাকি প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা।
উত্তৰঃ  উক্ত পদফাকিঁৰ আমাৰ পাঠ্য়পুথি 'সাহিত্য সৌৰভ' ৰ অন্তৰ্গত 'মোৰ মাতৃমুখ দৰ্শন' পাঠটিৰ পৰা তুলি লোৱা হৈছে।
    উক্ত পদফাকিত বিদেশী নাটক অসমীয়াত অনুবাদ কৰা কথাত লেখকে কৈছে।

লেখকে ডিব্ৰুগড়ত নাট চাবলৈ গৈ দেখিলে যে তাত ডেকাসকলে বিদেশী নাট অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৰংগশালত অভিনয় কৰা। তেতিয়া তেওঁ ডেকাসকলক কৈছিল বিদেশী নাট অসমীয়ালৈ অনুবাদ কৰি অভিনয়কৰাটো দায় ধৰি সন্তোষ পাওঁ এনে নহয়। কিন্তু বিদেশীৰ ভাষাৰ নাটক একেবাৰে আমাৰ ৰংগশালৰ বাহিৰ কৰি দিয়াটো মই বিৰোধী। ভাল বিদেশীৰ নাটকৰ উৎকৃষ্ট ভাবসম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা- যদি সেই ভাৱৰ বাৰে বঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায়। সেয়েহে কবিয়ে কৈছে যদি তাৰ অনুবাদ প্ৰকৃত অসমীয়া  অনুবাদহৈ অসমীয়া পেটত সি জীণ যোৱা হয়। 


Author- Geetanjali Bora


Post ID : DABP002900