অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি

অধ্য়ায় ৫

১/ কিমান শতিকাৰ পৰা অসমত আহোমসকলে ৰাজত্ব কৰিছিল?

উত্তৰঃ তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ প্ৰথমছোৱালৈকে অসমত আহোমসকলে ৰাজত্ব কৰিছিল।


২/ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল চ্য়ুকাফা।


৩/ ইঙ্গ-বাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮২৪-১৮২৬ চনত ইঙ্গ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল।


৪/ ইঙ্গ-বাৰ্মা যুদ্ধ কেইখন ৰণাংগনত সংঘটিত হৈছিল?

উত্তৰঃ প্ৰথম ইঙ্গ-বাৰ্মা যুদ্ধ চাৰিখন ৰণাংগনত হৈছিল - (১) ব্ৰক্ষপুত্ৰ উপত্য়কা তথা আহোম ৰাজ্য় (২) কাছাৰ, (৩) মণিপুৰ আৰু (৪) ব্ৰক্ষদেশ।


৫/ মহগড়ৰ যুদ্ধত কোন পৰাজিত হৈছিল?

উত্তৰঃ মহগড়ৰ যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহক পৰাজিত কৰি মানসকলে অসমৰ চুবুৰীয়া ইংৰাজ অধিকৃত উত্তৰবঙ্গ, গোৱালপাৰা, চিলেট আৰু চিটাগংগ অঞ্চলৰ প্ৰজাৰ ওপৰতো আক্ৰমণ চলাইছিল।


৬/ মণিপুৰৰ ৰজা কোন আছিল?

উত্তৰঃ মণিপুৰৰ ৰজা আছিল - জয়সিংহৰ।


৭/ কাছাৰৰ ৰজা কোন আছিল?

উত্তৰঃ কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ আছিল।


৮/ ইঙ্গ-বাৰ্মী যুদ্ধ সময়ত কোনে পেম্বাৰ্টনৰ সহযোগত মানসকলক বিতাড়িত কৰি মণিিপুৰ উদ্ধাৰ কৰিছিল?

উত্তৰঃ গম্ভীৰ সিঙে ইঙ্গ-বাৰ্মী যুদ্ধৰ সময়ত লেফটেনেণ্ট পেম্বাৰ্টনৰ সহযোগত মানসকলক বিতাড়িত কৰি মণিপুৰ উদ্ধাৰ কৰিছিল।


৯/ কিমান খ্ৰীষ্টাব্দত ডেভিদ স্কটক ব্ৰক্ষপুত্ৰ উপত্য়কা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল?

উত্তৰঃ ১৮২০ খ্ৰীষ্টাব্দত ডেভিদ স্কটক ব্ৰক্ষপুত্ৰ উপত্য়কা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল।


১০/ প্ৰশাসনিক সুবিধাৰ বাবে ব্ৰিটিছে অসমক কেইটা খণ্ডত ভাগ কৰিলে?

উত্তৰঃ প্ৰশাসনিক সুবিধাৰ বাবে ব্ৰিটিছে অসমক উজনি অসম আৰু নামনি অসম দুটা খণ্ডত ভাগ কৰিলে।


১১/ ৰাজহ সংগ্ৰহৰ বাবে কাক দায়িত্ব দিয়া হৈছিল?

উত্তৰঃ জনাৰ্দন বৰবৰুৱা নামৰ এজন আহোম বিষয়াক ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল।


১২/ নগাঁও আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব কাক দিয়া হৈছিল?

উত্তৰঃ নগাঁও আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব- আৰাধন ৰয় আৰু লতা পানীফুকনক দিয়া হৈছিল।


১৩/ বৰঙণি কাক বোলে?

উত্তৰঃ আহোম শাসনৰ সময়ত কৰ যুক্ত দেবোত্তৰ, ব্ৰক্ষোত্তৰ, আৰু ধৰ্মোত্তৰ মাটিৰ ওপৰতো স্কটে খাজনা নিৰূপণ কৰাছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল, ইয়াক বৰঙণি বোলা হৈছিল।


১৪/ নামনি অসমৰ মাটিৰ জৰীপ কাৰ সহায়ত সমাধান কৰা হৈছিল? 

উত্তৰঃ নামনি অসমৰ মাটিৰ জৰীপ কেপ্তেইন মেথিউজৰ সহায়ত সমাধান কৰা হৈছিল।


১৫/ মাটিসমূহ কৰ কৰ অঞ্চলত ভাগ কৰা হৈছিল?

উত্তৰঃ মাটিসমূহ বস্তী অঞ্চল, ৰুপিত তথা শালিখেতি অঞ্চল, ফৰিঙত তথা আহু ধান, সৰিয়হ খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল।


১৬/ গা-মাটি আৰু গা-ধন কাক বোলে?

উত্তৰঃ নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্ৰতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু খাজনাখিনিক গা-ধন বোলা হৈছিল।


১৭/ কিমান চনত ডেভিদ স্কটৰ মৃত্য়ু হৈছিল?

উত্তৰঃ ১৮৩১ চনত ডেভিদ স্কটৰ মৃত্য়ু হৈছিল।


১৮/ ৰবাৰ্টচনে সংস্কাৰসমূহক কেইটাভাগত ভাগ কৰিছে?

উত্তৰঃ ৰবাৰ্টচনে সংস্কাৰসমূহক তিনি ভাগত ভগাব পাৰি - ৰাজহ, প্ৰশাসনিক আৰু বিচাৰ বিভাগীয় সংস্কাৰ।


১৯/ খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ কি কি প্ৰথা প্ৰচলন কৰিছিল?

উত্তৰঃ খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম-ঠিকনা আদি তথ্য় লিপিবদ্ধ কৰাৰ প্ৰচলন কৰিছিল।


২০/ কত কত আদালত স্থাপন কৰি ৰবাৰ্টচনৰ দিনত ন্য়ায় বিচাৰৰ সুবিধা দিয়া হৈছিল?

উত্তৰঃ বিশ্বনাথ, চাৰিদুৱাৰ, দদুৱাৰ, নগাঁৱত আদালত স্থাপন কৰি ৰবাৰ্টচনৰ দিনত ন্য়ায় বিচাৰৰ সুবিধা দিয়া হৈছিল।


২১/ কিমান চনত ৰবাৰ্টচনৰ ঠাইত গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে মেজৰ জেনকিন্স নিযুক্ত হৈছিল?

উত্তৰঃ ১৮৩৪ চনত ৰবাৰ্টচনৰ ঠাইত গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে মেজৰ জেনকিন্স নিযুক্তি হৈছিল।


২২/ 'এছিয়াটিক ছ'চাইটি অৱ  বেঙ্গল' নামৰ আলোচনীখন কোনে লিখিছিল?

উত্তৰঃ মেজৰ জেনকিন্সে অসমত বংগদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰিছিল আৰু অসমৰ স্থানীয় লোকৰ তেওঁ উন্নতি বিচাৰিছিল। 'এছিয়াটিক ছ'চাইটি অৱ  বেঙ্গল' নামৰ আলোচনীত তেওঁ অসম সম্বন্ধে এলানি প্ৰবন্ধও লিখিছিল।


২৩/ কিমান খ্ৰীষ্টাব্দত টিকট কৰ, আয়কৰ বৃদ্ধি কৰিছিল?

উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দত টিকট কৰ, ১৮৬০ খ্ৰীষ্টাব্দত আয়কৰ, আমদানি কৰ আৰু অনুজ্ঞা-পত্ৰ কৰ আদি বহুৱাৰ উপৰি বিভিন্ন উপায়েৰে তেওঁ চৰকাৰৰ আয় বৃদ্ধি কৰিছিল।

২৪/ কিমান চনত বন্দী-বেটি বা দাস প্ৰথা নিষিদ্ধ কৰি ব্ৰিটিছ কৰি ব্ৰিটিছ চৰকাৰে দেখাত প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৪৩ চনত বন্দী-বেটি বা দাস প্ৰথা নিষিদ্ধ কৰি ব্ৰিটিছ চৰকাৰে দেখাত প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰিছিল।

২৫/ ব্ৰিটিছ অধিকৃত ব্ৰক্ষপুত্ৰ উপত্য়কাক কেইখন জিলাত বিভক্ত কৰা হৈছে?

উত্তৰঃ ব্ৰিটিছ অধিকৃত ব্ৰক্ষপুত্ৰ উপত্য়কাক চাৰিখন জিলাত বিভক্ত কৰা হৈছে। সেইকেইখন হল - গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও।

২৬/ খাগৰিজানৰ সদৰ ঠাইখনৰ নাম কি?

উত্তৰঃ খাগৰিজানৰ সদৰ ঠাইখনৰ নাম আছিল - নগাঁও।

২৭/ কামৰূপ জিলাৰ সদৰ ঠাইখনৰ নাম কি?

উত্তৰঃ কামৰূপ জিলাৰ সদৰ ঠাইখনৰ নাম আঠিল - গুৱাহাটী।

২৮/ কিমান চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হৈছিল?

উত্তৰঃ ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হৈছিল।

২৯/ ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কোনে কৰিছিল?

উত্তৰঃ ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ আছিল।

৩০/ গোমধৰ কোঁৱৰক কোনে সমৰ্থন কৰিছিল?

উত্তৰঃ গোমধৰ কোঁৱৰক সমৰ্থন কৰিছিল, ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ, জীউৰাম দুলীয়া বৰুৱা আদিয়ে।

৩১/ পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক কিমান চনত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ ১৮৩০ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰপৱাক ফাঁচী দিয়া হৈছিল।

৩২/ কিমান চনত ব্ৰিটিছে গাৰো পাহাৰক এখন সুকীয়া জিলালৈ পৰিৱৰ্তন কৰিছিল?

উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত ব্ৰিটিছে গাৰো পাহাৰক এখন সুকীয়া জিলালৈ পৰিৱৰ্তন কৰি তুলাত ইয়াৰ সদৰ স্তাপন কৰিছিল।

৩৩/ কিমান চনত লুচাই পাহাৰ অসমৰ লগত চামিল কৰি ইংৰাজ চৰকাৰৰ অধীনলৈ অনা হৈছিল?

উত্তৰঃ ১৮৯৮  চনত সমগ্ৰ লুচাই পাহাৰ অসমৰ লগত চামিল কৰি ইংৰাজ চৰকাৰৰ অধীনলৈ অনা হৈছিল।

 Type - Boby Bora