পৰিকল্পিত বিকাশৰ ৰাজনীতি 

তৃতীয় অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰ এখনৰ জাতীয় নেতৃত্বৰ সন্মুখত থকা এক গুৰুত্বপূৰ্ণ আৰু কঠিন প্ৰত্যাহ্বানটো কি ।

উত্তৰঃ  নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰ এখনৰ জাতীয় নেতৃত্বৰ সন্মুখত থকা এক গুৰুত্বপূৰ্ণ আৰু কঠিন প্ৰত্যাহ্বানটো হল ৰাষ্ট্ৰখনৰ বিকাশ ।


২. পৰিকল্পিত বিকাশ কি ।

উত্তৰঃ  পৰিকল্পিত বিকাশ হল বিকাশৰ এটা আৰ্হি বা পৰিকল্পনাৰ বিকাশ । কিধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হব ইয়াৰ এক পৰিকল্পনা বা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ বুলি কোৱা হয় ।


৩. পৰিকল্পনা মানে কি ।

উত্তৰঃ  সহজ অৰ্থত পৰিকল্পনা হল পূৰ্বে অনুমান উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে এটা সম্প্ৰদায়ৰ এক সচেতন প্ৰয়াস । ই লক্ষ্য আৰু লক্ষ্য সাধনৰ পথৰ সময়ছোৱাক বুজায় ।


৪. পৰিকল্পনাৰ গুৰুত্ব লিখা ।

উত্তৰঃ  পৰিকল্পনাৰ গুৰুত্ব হল 

ক) অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰ ।

খ) মৌলিক প্ৰয়োজনীয়তা পূৰণ ।

গ) নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট কাৰ্য সম্পাদন ।

ঘ) সামাজিক বিকাশৰ সহায়ক ।

ঙ) সন্তুলিত অৰ্থনৈতিক বিকাশ 


৫. সন্তুলিত অৰ্থনৈতিক বিকাশৰ বিষয়ে লিখা ।

উত্তৰঃ  পৰিকল্পনাৰ জৰিয়তে এখন সমাজৰ সন্তুলিত অৰ্থনৈতিক বিকাশ সাধন হয় । অৰ্থনৈতিক পৰিকল্পনাই পিছপৰি থকা লোক অথবা সম্প্ৰদায়ৰ বিশেষ গুৰুত্ব প্ৰদান কৰে । তাৰ ফলত এই লোকসকলে সমাজৰ অন্যান্য লোকৰ দৰে অগ্ৰসৰ হোৱাৰ সুযোগ পায় । এইদৰে পৰিকল্পনাৰ জৰিয়ে সমাজৰ সকলো শ্ৰেণীৰে জনসাধাৰণৰ বিকাশ হয় ।


৬. আধুনিক বিকাশৰ দুটা আৰ্হিৰ নাম লিখা ।

উত্তৰঃ  আধুনিক বিকাশৰ দুটা আৰ্হিৰ নাম হল 

ক) উদাৰবাদী-পুঁজিবাদী আৰ্হি ।

খ) সমাজবাদী আৰ্হি ।


৭. উদাৰবাদী পুঁজিবাদী আৰ্হিত চলা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ উদাৰবাদী-পুঁজিবাদী আৰ্হিত চলা দুখন ৰাষ্ট্ৰৰ নাম হল 

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ ।

খ) ইউৰোপ ।


৮. সমাজবাদী আৰ্হিত চলা এখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ  সমাজবাদী আৰ্হিত চলা এখন ৰাষ্ট্ৰৰ নাম হল 

ক) ছোভিয়েট ইউনিয়ন । 


৯. বিশ্বেচাৰায়াই লিখা গ্ৰন্থখনৰ নাম লিখা ।

উত্তৰঃ  বিশ্বেচাৰায়াই লিখা গ্ৰন্থখনৰ নাম হল প্লেনড ইক'ন'মি অৱ ইণ্ডিয়া ।


১০. কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতি গঠন কৰা হয় ।

উত্তৰঃ  ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতি গঠন কৰা হয় ।


১১. ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিৰ সভাপতিজনৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিৰ সভাপতিজনৰ নাম হল জৱাহৰলাল নেহৰু ।


১২. কিমান চনত উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতৰ পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰাৰ বাবে যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে ।

উত্তৰঃ  ১৯৪৪ চনত উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতৰ পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰাৰ বাবে যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে । 


১৩. মহাত্মা গান্ধীৰ এজন অনুৰাগীৰ নাম লিখা ।

উত্তৰঃ  মহাত্মা গান্ধীৰ এজন অনুগামীৰ নাম হল শ্ৰীমান নাৰায়ণ ।


১৪. কিমান চনত আৰু কোনে সংবিধান মহাসভাত ঔদ্যোগিক নীতিৰ প্ৰস্তাৱ  পাঠ কৰে ।

উত্তৰঃ  ১৯৪৮ চনৰ এপ্ৰিল মাহত জৱাহৰলাল নেহৰুৱে সংবিধান মহাসভাত ঔদ্যোগিক নীতিৰ প্ৰস্তাৱ পাঠ কৰে । 


 ১৫. ভাৰতৰ পৰিকল্পনা আয়োগে কাৰ দৰে পাঁচ বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰে ।

উত্তৰঃ  ভাৰতৰ পৰিকল্পনা আয়োগে ছোভিয়েট ইউনিয়নৰ দৰে পাঁচ বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰে ।


১৬. কিমান চনত প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় ।

উত্তৰঃ ১৯৫১ চনত প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় । 


১৭. দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা আৰম্ভ হৈছে ।

উত্তৰঃ  ২০১২ চনৰ এক এপ্ৰিলৰ পৰা দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছে ।


১৮. ভাৰতৰ পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ কি কি ।

উত্তৰঃ  ভাৰতৰ পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ হল 

ক) জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতি ।

খ) জাতীয় আয় বৃদ্ধি ।

গ) সম্পদৰ দক্ষ ব্যৱহাৰ ।

ঘ) অৰ্থনৈতিক অসমতা হ্ৰাস ।

ঙ) সামাজিক ন্যায় ।

চ) আঞ্চলিক বিকাশ 


১৯. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৫১ চনত আৰম্ভ হোৱা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলস্বৰূপে অৱনতি ঘটা ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতিৰ পুনৰুদ্ধাৰ কৰা আৰু খাদ্যশস্য, কপাহ আৰু মৰাপাট বৃদ্ধি কৰা । এই পৰিকল্পনাত কৃষিখণ্ডৰ বিকাশৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল । কৃষিখণ্ডৰ বিকাশৰ সৈতে জড়িত নদীবান্ধ আৰু জলসিন্ঞন ব্যৱস্থাৰ প্ৰতি প্ৰথম পৰিকল্পনাই গুৰুত্ব দিছিল  । এই পৰিকল্পনাতে ভাক্ৰা নাঙল বান্ধৰ দৰে প্ৰকল্পৰ বাবে পুঁজি ধাৰ্য প্ৰদান কৰা হৈছিল । এই পৰিকল্পনাত ভাৰতৰ সাৰ্বজনীন বিকাশৰ বাবে ভূমি সংস্কাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় । কৃষিকাৰ্যৰ বাবে অধিক পৰিমাণৰ ভূমি সামৰি লোৱাৰ বাবে খাদ্যশস্য কপাহ আৰু মৰাপাট আদি শস্য কৰা হয় । সেই লক্ষ্য সামগ্ৰিকভাৱে পূৰণ হৈছিল ।


২০.দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোনে প্ৰস্তুত কৰিছিল ।

উত্তৰঃ  দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিল এজন খ্যাতানামা অৰ্থনীতিবিদ পি.চি মহলান'বিচৰ এটা দলে ।


২১. তৃতীয় পঞ্চবাৰ্ষিক  পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ কি ।

উত্তৰঃ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ হল  জাতীয় আয় বৃদ্ধি কৰা, খাদ্যশস্যৰ আত্মনিৰ্ভৰশীলতা আৰু কৃষি কাৰ্য সম্পন্ন কৰা, তীখা, ৰায়ায়নিক ইন্ধন আৰু শক্তিৰ দৰে মূল উদ্যোগসমূহৰ বিস্তাৰ কৰা আদি ।


২২. চতুৰ্থ পঞ্চমবাৰ্ষিক পৰিকল্পনা কিমান চনত হৈছিল ।

উত্তৰঃ ১৯৬৯ চনত চতুৰ্থ পঞ্চমবাৰ্ষিক পৰিকল্পনা হৈছিল ।


২৩. পৰিকল্পনাকাৰীসকলৰ যুক্তিসমূহ কেনেধৰণৰ আছিল ।

উত্তৰঃ  পৰিকল্পনাকাৰীসকলৰ যুক্তিসমূহ আছিল এনেধৰণৰ

ক) প্ৰাকৃতিক আৰু মানৱ সম্পদৰ অধিকাৰী ভাৰত উদ্যোগৰ বাবে অতি উপযুক্ত ।

খ) ভাৰতৰ কৃষিভূমিৰ ওপৰত অত্যাধিক হেচা লাঘৱ কৰিবলৈ হলে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি আৱশ্যক ।

গ) দ্ৰুত উদ্যোগীকৰণ কেৱল কৃষিখণ্ডৰ বাবেই নহয়, ভাৰতৰ সকলো খণ্ডৰ বিকাশৰ এক অন্যতম অতি আৱশ্যকীয় পূৰ্বচৰ্ত ।

ঘ) জাতীয় আৰু জনমুৰি আয়ৰ দ্ৰুত  বৃদ্ধি কেৱল দ্ৰুত উদ্যোগীকৰণৰ জৰিয়তেহে সম্ভৱ ।


২৪. কিমান চনত বৃটিছৰ দুৰ্ভিক্ষ নীতি হৈছিল ।

উত্তৰঃ  ১৮৮০ চনত বৃটিছৰ দুৰ্ভিক্ষ নীতি হৈছিল ।


২৫. পৰিকল্পনাৰ বিৰতিৰ বিষয়ে লিখা ।

উত্তৰঃ  বিহাৰৰ দুৰ্ভিক্ষৰ ফযলত বিভিন্ন  সমস্যাৰ সৃষ্টি হৈছিল । আকৌ, তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত খাদ্যশস্যৰ যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাৰ প্ৰতি ভাৰতীয় জনসাধাৰণৰ বিশ্বাস নাইকিয়া হৈছিল । সেয়ে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হয় । ইয়াৰ পৰিৱৰ্তে ১৯৬৬ চনৰ পৰা ১৯৬৮ চনলৈ তিনিখন বাৰ্ষিক পৰিকল্পনা ৰূপায়ন কৰা হৈছিল ।এই বাৰ্ষিক পৰিকল্পনা তিনিখনৰ মূল উদ্দেশ্য আছিল খাদ্যদ্ৰব্যৰ যোগান বৃদ্ধি কৰা আৰু আমদানি ৰোধ কৰি অৰ্থনৈতিক স্থিৰতা লাভ কৰা । এই তিনিখন বাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাক পৰিকল্পনা বিৰতি আখ্যা দিয়া হয় । 


২৬. কেৰালা আৰ্হি কাক বোলে ।

উত্তৰঃ  কেন্দ্ৰীভূত পৰিকল্পনা ভাৰতত গ্ৰহণ কৰাৰ সময়ত কেৰালাই পৰিক্ষণীয়ভাৱে বিকেন্দ্ৰীভূত পৰিকল্পনাৰ আৰ্হি এটা উদ্ভাৱন কৰে । এই পৰিকল্পনা আৰু বিকাশৰ পথটোকে কেৰালা আৰ্হি নামেৰে জনা যায় ।


২৭. সেউজ বিপ্লৱ কাক বোলে ।

উত্তৰঃ  উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে । এই নতুন পদ্ধতিটোকে আধুনিক কৃষি প্ৰযুক্তিবিদ্যা বা সেউজ বিপ্লৱ বুলি কোৱা হয় ।


২৮. সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয় ।

উত্তৰঃ  সেউজ বিপ্লৱৰ পিতৃ বুলি নৰ্মান ব'ৰলাউগক কদোৱা হয় ।

২৯. সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল দুটা লিখা

উত্তৰঃ  সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল দুটা হল 

ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন  ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামৰ্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয় । ভাৰতে এই সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সমৰ্থ হয় ।

খ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে ।


৩০. সেউজ বিপ্লৱৰ অৰ্থনৈতিক কেইটামান লিখা ।

উত্তৰঃ  সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফলকেইটা হল 

ক) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেহু আৰু ধান, এই দুই প্ৰধান শস্যৰ  উভাৱনীয়ভাৱে বৃদ্ধি ।

খ) সেউজ বিপ্লৱৰ ফলত ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হয় ।

গ) সেউজ বিপ্লৱে ভাৰতত স্থানীয় খাদ্যশস্যৰ  বৃদ্ধিত বিশেষভাৱে সহায় কৰে । আৰু ই নতুন নিয়োগ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰখনৰ মুঠ ঘৰুৱা উ ৎপাদন বৃদ্ধিত বৰঙণি যোগায় ।

ঘ) ভাৰত খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠে আৰু সেউজ বিপ্লৱৰ বাবে বিশ্ব বেংকৰ পৰা লোৱা সমুদায় ঋণ পৰিশোধ কৰাৰ স্থিতিত উপনীত হয় ।

ঙ) সেউজ বিপ্লৱৰ ফলস্বৰূপে গ্ৰামাঞ্চলৰ শীৰ্ষ বা ধনী দহ শতাংশ লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে ।


৩১. নিতি আয়োগৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়াজনৰ নাম কি ।

উত্তৰঃ  নিতি আয়োগৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া হল সিন্ধুশ্ৰী খুল্লাৰক ।


৩২. নিতি আয়োগৰ প্ৰথমগৰাকী উপাধ্যক্ষগৰাকীৰ নাম কি ।

উত্তৰঃ  নিতি আয়োগৰ প্ৰথমগৰাকী উপাধ্যক্ষগৰাকীৰ নাম হল অৰবিন্দ পানাগাৰিয়৩৩


৩৩. পৰিকল্পনাৰ আয়োগৰ সফলতাকেইটা লিখা ।

উত্তৰঃ  পৰিকল্পনা আয়োগৰ সফলতাকেইটা হল 

ক)  কৃষিখণ্ডতো ভাৰতৰ যথেষ্ট বিকাশ হৈছে । খাদ্যসমস্যা সামগ্ৰিকভাৱে সমাধান হোৱা বুলিব পাৰি । খাদ্যশস্যৰ উৎপাদন যথেষ্ট হাৰত বৃদ্ধি পাই আহিছে ।

খ) ঔদ্যোগিক খণ্ডত ভাৰতৰ বিকাশ যথেষ্ট উল্লেখযোগ্য । ১৯৫০ চনত জাতীয় আয়লৈ উদ্যোগৰ অৱদান আছিল ২৪.৫ শতাংশ । ১৯৮৬ চনত ইয়াৰ পৰিমাণ ২৭.৫ শতাংশলৈ বদ্ধি পায় ।

গ) ভাৰতে যদিও পশ্চিমীয়া বিশ্বৰ ৰাষ্ট্ৰসমূহৰ তুলনাত সাংঘাতিক বিকাশ লাভ কৰা নাই, তথাপি অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰত যথেষ্ট অগ্ৰসৰ হৈছে । বৃটিছ শাসনৰ সময়ত ভাৰতৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছিল । কিন্তু ভাৰতৰ এই স্থিতি বৰ্তমান সলনি হৈছে । ১৯৫০ চনৰ পৰা ১৯৮৫ চনলৈ ভাৰতৰ জনমুৰি আয় ৩.৫ শতাংশ বৃদ্ধি পায় । সম্প্ৰতি ভাৰতত দহ শতাংশ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

ঘ) শৈক্ষিক খণ্ডত ভাৰতত পৰিকল্পিত অৰ্থনীতিৰ জৰিয়তে বিকাশ হৈছে স্বাধীনতাৰ সময়ত ভাৰতত সাক্ষৰতাৰ হাৰ আছিল ১৬.৬৭ শতাংশ । বৰ্তমান ভাৰতত সাক্ষৰতাৰ হাৰ ৬৫.৩৮ শতাংশলৈ বৃদ্ধি পাইছে । শৈক্ষিক বিকাশ কৰ্মসূচীৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ যথেষ্ট বৃদ্ধি পাইছে । 

ঙ) উৎপাদনৰ ক্ষেত্ৰতো ভাৰত বৰ্তমান যথেষ্ট পৰিমাণে আত্মনিৰ্ভৰশীল হৈ উঠিছে । ভাৰতত বৰ্তমান অধিকাংশ ঔদ্যোগিক যন্ত্ৰপাতি তৈয়াৰ কৰা হয় । আনকি ভাৰতত বিমান নিৰ্মাণ উদ্যোগো গঢ় লৈ উঠিছে ।


৩৪. পৰিকল্পনা আয়োগৰ বিফলতাসমূহ লিখা ।

উত্তৰঃ  পৰিকল্পনা আয়োগৰ বিফলতাসমূহ হল 

ক) ভাৰতৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত পৰিকল্পনীয় অৰ্থনীতিয়ে সফলতা লাভ কৰা নাই । ভাৰতবৰ্ষত দৰিদ্ৰতাই বৰ্তমানেও এক তীব্ৰ প্ৰত্যাহ্বানৰূপে থিয় দি আছে । দৰিদ্ৰতাৰ বাবে আত্মহত্যা কৰা লোকৰ সংখ্যা ভাৰতত তাকৰ নহয় । 

খ) বিভিন্ন শৈক্ষিক বিকাশ কৰ্মসূচীৰ জৰিয়তে ভাৰতৰ শিক্ষিতৰ হাৰ বৃদ্ধি কৰাৰ চেষ্টা কৰি অহা সত্ত্বেও বৰ্তমানেও প্ৰায় ৩৫ শতাংশ লোক নিৰক্ষৰ হৈ থকাটো অতি গুৰুত্বপূৰ্ণ । শিক্ষাৰ উন্নতিকল্পে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ এক  বুজন অংশই কাৰ্যক্ষেত্ৰত ব্যৰ্থতা প্ৰদৰ্শন কৰি আছে ।

গ) বিভিন্ন পৰিয়াল কল্যাণ আঁচনিৰ জৰিয়তে ভাৰতে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো ব্যৰ্থ হৈছে । ভাৰতৰ সন্মুখত জনসংখ্যা বিস্ফোৰণ এক অত্যন্ত কঠিন প্ৰত্যাহ্বান । ভাৰতে ২০২৫ চনত চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ভৱিষ্যতবাণী কৰা হৈছে ।

ঘ) নিবনুৱা সমস্যাই ভাৰতত ক্ৰমে অধিক জটিলতাৰ সৃষ্টি কৰি আছে । অৰ্থনীতিৰ উদাৰীকৰণৰ জৰিয়তে নিয়োগৰ সুযোগ পাইছে যদিও সেয়া পৰ্যাপ্ত নহয় । নিবনুৱা সমস্যাই ভাৰতত অন্যান্য কিছু জটিল সমস্যাৰ জন্ম দিছে । 


৩৫. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য হল 

ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ডৰ বিকাশৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছিল।

খ) কৃষিখণ্ডৰ বিকাশৰ সৈতে জড়িত নদীবান্ধ আৰু জলসিঞ্চন ব্যৱস্থাৰ প্ৰতি প্ৰথম পৰিকল্পনাই অধিক গুৰুত্ব দিছিল ।


৩৬. নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত হৈছিল ।

উত্তৰঃ ১৯৯৮ চনত নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিল । 


৩৭. সেউজ বিপ্লৱৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৬০ৰ দশকত ভাৰতত উদ্ভৱ হোৱা খাদ্য সংকটৰ ফলত ভাৰত খাদ্যদ্ৰব্যৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হবলগীয়াত পৰিছিল । ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ 

ত ৎপৰ হৈ উঠিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে । এনে এক পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল হবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । এই উদ্দেশ্য ভাৰতে খাদ্যশস্যৰ উ ৎপাদন বৃদ্ধি কৰিবলৈ কৃষিখণ্ডত নতুন কৌশল প্ৰৱৰ্তনৰ দিশত অগ্ৰসৰ হয় । ১৯৬০ৰ দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত আওঁপুৰণি কৃষি কৌশলৰ স্থান আধুনিক প্ৰযুক্তিগত বিদ্যাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে । নতুন, উন্নত জাতৰ বীজআৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে । 


৩৮. ৰাজহুৱা বনাম ব্যক্তিগত খণ্ডৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতে পুজিবাদী বা সমাজবাদী অৰ্থনীতি সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে মিশ্ৰ অৰ্থনীতি গ্ৰহণ কৰিছে । মিশ্ৰ অৰ্থনীতি পুজিবাদী আৰু সমাজবাদী অৰ্থনীতিৰ সহৱস্থানৰ ওপৰত আধাৰিত । মিশ্ৰ অৰ্থনীতিত উ ৎপাদনৰ আহিলাৰ ওপৰত চৰকাৰী আৰু ব্যক্তিগত উভয়ৰে মালিকানাস্বত্ব থাকে । ব্যক্তিগত খণ্ডত মুনাফা আৰু চৰকাৰী বা ৰাজহুৱা খণ্ডত জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্য উ ৎপাদন হয় । ভাৰতত কৃষি, বাণিজ্য, আৰু উদ্যোগৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ বিপৰীতে ৰাষ্ট্ৰই গধুৰ উদ্যোগসমূহৰ নিয়ন্ত্ৰণ কৰে । ১৯৮০ৰ দশকলৈ সামগ্ৰিকভাৱে এই ব্যৱস্থা কঠোৰভাৱে প্ৰৱৰ্তন কৰি অহা হৈছিল । ৰাজহুৱা অথবা চৰকাৰী খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰা হয় ।


৩৯. পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভাগ দুটা কি কি ।

উত্তৰঃ  পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভাগ দুটা হল 

ক) পৰিকল্পনা বৰ্হিভূত ।

খ) পৰিকল্পনা অন্তৰ্ভূক্ত বাজেট ।


৪০. কৃষি বনাম উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই গধুৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিছিল । দ্ৰুত অৰ্থনৈতিক বিকাশৰ মৌলিক পূৰ্বচৰ্ত হিচাপে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিছিল । এই উদ্যোগীকৰণৰ বাবে গধুৰ উদ্যোগত বিনিয়োগৰ কৌশল অৱলম্বন কৰিছিল । নেহৰুৰ মতে গধুৰ উদ্যোগ হল উদ্যোগীকৰণৰ সমৰ্থক । তেওঁৰ দৃষ্টিত উদ্যোগীকৰণ আছিল গধুৰ উদ্যোগৰ বিকাশ । উদ্যোগীকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰদান কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে উদ্যোগ নে কৃষিত অধিক গুৰুত্ব দিব লাগে ইয়াক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয় । পৰিকল্পনাকাৰীসকলে অৱশ্যে এই সকলোবোৰ সমালোচনাৰ প্ৰতুত্ত্যৰ হিচাপে দ্ৰুত উদ্যোগীকৰণৰ প্ৰয়োজন । 

Type By- Ali Rani Kakati