সাংবিধানিক শৃংখলাৰ সংকট 

ষ্ঠ অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. কিমান চনত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ পৰাজিত হৈছিল ।

উত্তৰঃ ১৯৭৭ চনত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ পৰাজিত হৈছিল ।


২. কাৰ নেতৃত্বত জনতা পাৰ্টিৰ চৰকাৰ কেন্দ্ৰত গঠন কৰা হয় ।

উত্তৰঃ  মোৰৰজী দেশাইৰ নেতৃত্বত জনতা পাৰ্টিৰ চৰকাৰ কেন্দ্ৰত গঠন কৰা হয় ।


৩. সংবিধানৰ কিমান নং অনুচ্ছেদৰ মতে জাতীয় জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰা হয় ।

উত্তৰঃ  সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ মতে জাতীয় জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰা হয় ।


৪. উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়া ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ  উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়া ব্যক্তিজনৰ নাম হল এ এন ৰায় ।


৫. এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি ।

উত্তৰঃ  এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম হল জগতমোহনলাল সিনহা ।


৬. কিমান চনত কত আৰু কাৰ বিৰুদ্ধে নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল ।

উত্তৰঃ ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটত খাদ্যৰ নাটনি, খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু উচ্চ পৰ্যায়ৰ প্ৰশাসনত দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰসকলে নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল ।


৭. নৱনিৰ্মাণ আন্দোলন কত আৰম্ভ হৈছিল ।

উত্তৰঃ  নৱনিৰ্মাণ আন্দোলন আৰম্ভ হৈছিল এল ডি কলেজ অৱ ইঞ্জিনীয়াৰিং নামৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ হোষ্টেলৰ মাচুল ২০ শতাংশ বৃদ্ধিৰ প্ৰতিবাদেৰে ।


৮. গুজৰাটৰ কংগ্ৰেছ চৰকাৰখন কাৰ নেতৃত্বাধীন আছিল ।

উত্তৰঃ  গুজৰাটৰ কংগ্ৰেছ চৰকাৰখন চিমনভাই পেটেলৰ নেতৃত্বাধীন আছিল ।


৯. বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰতি সমৰ্থন আগবঢ়োৱা কংগ্ৰেছ দলৰ নেতাগৰাকীৰ নাম কি ।

উত্তৰঃ বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰতি সমৰ্থন আগবঢ়োৱা কংগ্ৰেছ দলৰ নেতাগৰাকীৰ নাম হল মোৰাৰজী দেশাই । 


১০. কিমান চনত কংগ্ৰেছৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯৭৫ চনৰ জুন মাহত কংগ্ৰেছৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।


১১. কংগ্ৰেছ ছচিয়েলিষ্ট দল আৰু ছচিয়েলিষ্ট দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকজনৰ নাম কি ।

উত্তৰঃ  কংগ্ৰেছ ছচিয়েলিষ্ট দল আৰু ছচিয়েলিষ্ট  দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকজনৰ নাম হল জয়প্ৰকাশ নাৰায়ণ ।


১২. জয়প্ৰকাশ নাৰায়ণে কেতিয়া ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

উত্তৰঃ ১৯৫৫ চনত জয়প্ৰকাশ নাৰায়ণে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে ।


১৩. জয়প্ৰকাশ নাৰায়ণে বিহাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিবলৈ লোৱাৰ চৰ্ত দুটা কি কি ।

উত্তৰঃ  জয়প্ৰকাশ নাৰায়ণে বিহাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিবলৈ লোৱাৰ চৰ্ত দুটা হল 

ক) প্ৰথমতে, আন্দোলনটো সম্পূৰ্ণ অহিংস পদ্ধতিৰে চলিব লাগিব ।

খ) দ্বিতীয়তে, আন্দোলনটোৰ সীমা বিহাৰৰ চাৰিসীমাৰ মাজত আবদ্ধ থাকিব লাগিব ।


১৪. সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল ।

উত্তৰঃ  সৰ্বাত্মক বিপ্লৱ আৰম্ভ কৰিছিল জয়প্ৰকাশ নাৰায়ণে । 


১৫. কেইটামান বিৰোধী ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰঃ কেইটামান বিৰোধী ৰাজনৈতিক দলৰ নাম হল 

ক) ভাৰতীয় জনসংঘ ।

খ) কংগ্ৰেছ ।

গ) ভাৰতীয় লোক দল ।

ঘ) ছচিয়েলিষ্ট পাৰ্টি ।


১৬. ৰাজনৈতিক দলৰ বিকল্পে হিচাপে ইন্দিৰা গান্ধীয়ে কাক ৰাখিছিল ।

উত্তৰঃ  ৰাজনৈতিক বিকল্প হিচাপে ইন্দিৰা গান্ধীয়ে জয়প্ৰকাশ নাৰায়ণক ৰাখিছিল ।


১৭. ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰৰ অন্যতম গুৰুত্বপূৰ্ণ .শ্লগানটো কি আছিল ।

উত্তৰঃ  ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰৰ অন্যতম গুৰুত্বপূৰ্ণ শ্লগান আছিল গৰীবী হটাও ।


১৮. নক্সালবাদী কাক বোলে ।

উত্তৰঃ  সংসদীয় গণতন্ত্ৰৰ ওপৰত বিশ্বাস নৰখা মাক্সবাদী সংগঠনসমূহৰ সশস্ত্ৰ যথেষ্ট বৃদ্ধি পায় । এই সংগঠনসমূহক মাক্সবাদী-লেনিনবাদী বা নক্সালবাদী নামেৰে জনা যায় ।


১৯. নক্সালবাদী আন্দোলন কত আৰম্ভ হৈছিল ।

উত্তৰঃ  নক্সালবাদী আন্দোলন আৰম্ভ হৈছিল পশ্চিমবংগত ।


২০. নক্সাল আন্দোলন কাক বোলে ।

উত্তৰঃ  ১৯৬৭ চনত পশ্চিমবংগৰ দাৰ্জিলিং পাৰ্বত্য জিলাৰ নক্সালবাড়ী আৰক্ষী থানাৰ অধীনত অঞ্চলটোৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ স্থানীয় নেতৃবৰ্গৰ নেতৃত্বত এটা কৃষক বিদ্ৰোহ সংঘটিত হয় । নক্সালবাড়ী আৰক্ষী থানাৰ অধীনস্থ অঞ্চলৰ পৰা আৰম্ভ হৈ বিদ্ৰোহটো ভাৰতৰ বিভিন্ন স্থানলৈ বিয়পি পৰে । এই আন্দোলনটো নক্সাল আন্দোলন নামেৰে জনা যায় ।


২১. নক্সালবাদী আন্দোলনটো কোনে দমন কৰে ।

উত্তৰঃ নক্সালবাদী আন্দোলনটো পশ্চিমবংগৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰায়ে কঠোৰ হাতেৰে দমন কৰে ।


২২. নক্সাল আন্দোলনৰ প্ৰভাৱ  বৰ্তমান কত আছে ।

উত্তৰঃ  নক্সাল আন্দোলনৰ প্ৰভাৱ বৰ্তমান মাওবাদীৰ ৰূপত বিহাৰ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, আদিত আছে ।


২৩. জৰুৰীকালীন অৱস্থাৰ ঘোষণাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত ইন্দিৰা গান্ধীয়ে সাংসদ হিচাপে থকাৰ আইনগত বৈধ্যতা হেৰুৱাৰ লগতে প্ৰধানমন্তেৰীৰ যোগ্যতাও হেৰুৱালে । স্বাভাৱিকতে পুনৰ ছমাহৰ ভিতৰত তেওঁ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । ১৯৭৫ চনৰ ২৪ জুনত তেওঁৰ আবেদনৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদালতৰ ওপৰত আংশিকভাৱে স্থগিতকৰণ কৰে । এই সিদ্ধান্ত অনুসৰি তেওঁৰ আবেদনৰ ওপৰত সিদ্ধান্ত গ্ৰহণলৈ তেওঁ সাংসদ হিচাপে থাকিব পাৰিব যদিও লোকসভাৰ কাৰ্যক্ৰমণিকাত তেোঁ অংশগ্ৰহণ কৰিব নোৱাৰিব । 


২৪. ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি

উত্তৰঃ  ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম হল ফখৰুদ্দিন  আলী আহমেদ ।


২৫. ভাৰতীয় ৰাজনীতিৰ কলা অধ্যায় কেতিয়াৰ পৰা আৰম্ভ হয় ।

উত্তৰঃ ইন্দিৰা গান্ধীৰ বিশ্বস্ত তথা কংগ্ৰেছ দলৰ এগৰাকী শক্তিশালী নেতাৰূপে পৰিচিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰায়ে ইন্দিৰা গান্ধীক আভ্যন্তৰীণ অশান্তিৰ বাবে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দাঙি ধৰে । তেওঁ আনকি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিবলগীয়া জৰুৰীকালীন অৱস্থা সম্পৰ্কীয় পত্ৰখনৰ খচৰা প্ৰস্তুত কৰে । আকৌ শেষত ১৯৭৫ চনৰ ২৫ জুনত আভ্যন্তৰীণ অশান্তিৰ বাবে সংবিধানৰ ৩৫২ নম্বৰ অনুচ্ছেদৰ অধীনত জাতীয় জৰুৰীকালীন অৱস্থা ভাৰতত প্ৰৱৰ্তন কৰা হয় । চৰকাৰৰ মতে ভাৰতত আভ্যন্তৰীণ অশান্তিয়ে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু য়েয়ে জৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তন কৰাটো অত্যন্ত প্ৰয়োজন । জৰুৰীকালীন অৱস্থা ঘোষণাৰ লগে-লগে ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো একাত্মক চৰকাৰলৈ পৰিৱৰ্তন হয় । ৰাষ্ট্ৰৰ সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হয় । ১৯৭৫ চনৰ ২৫ জুনৰ নিশা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি ফখৰদ্দিন আলী আহমেদ ক জৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়ায় । ইয়াত উল্লেখ কৰিব পাৰি যে ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে যাৱতীয় সকলোধৰণৰ ব্যৱস্থা কৰাৰ পাছতহে অন্তিম সময়ত ৰাষ্ট্ৰপতিক অৱগত কৰে । ৰাষ্ট্ৰপতি আহমেদেও এই পৰামৰ্শৰ ভিত্তিত ভাৰতত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে । এইদৰে ভাৰতীয় ৰাজনীতিৰ কলা অধ্যায় আৰম্ভ হয় ।


২৬. জৰুৰীকালীন অৱস্থাৰ সংকট আৰু সহাৰিৰ বিষয়ে লিখা ।

উত্তৰঃ ন্যায়পালিকা -কাৰ্যপালিকা সংঘাত, ইন্দিৰা গান্ধীৰ অদমনীয় মনোভাৱ , বিভিন্ন আৰ্থ-সামাজিক, পৰিস্থিতি আদিৰ ফলতে ভাৰতে এক সংকটকালীন সময়ত প্ৰৱেশ কৰে । এই সময়ছোৱাত জয়প্ৰকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তোলে । তেওঁৰ নেতৃত্বত বিৰোধী দলসমূহে ইন্দিৰা গান্ধীৰ পদত্যাগো দাবী কৰে । জয়প্ৰকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীত ৰাষ্ট্ৰজোৰা সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰি সেনাবাহিনী, আৰক্ষী আৰু চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰৰ বেআইনী আৰু অনৈতিক নিৰ্দেশ পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । এই আহ্বানৰ ফলতে চৰকাৰী কাম-কাজ স্তব্ধ হৈ যোৱূাৰ উপক্ৰম  ঘটিল । 


২৭. কলা আইন কাক বোলে ।

উত্তৰঃ  মানুহে অপৰাধ কৰিলেহে আটক বা বন্দী কৰাৰ বিপৰীতে অপৰাধ কৰাৰ পূৰ্বানুমানৰ ভিত্তিতো আটক বা বন্দী কৰি ৰাখিব পাৰি । এই ব্যৱস্থাটোৰ অধীনত চৰকাৰে এটা বেছি হাৰত বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিছিল । আৰু এই নেতজা বা কৰ্মীসকলে বন্দী প্ৰত্যক্ষকৰণ কৰি বা প্ৰত্যক্ষকৰণৰ অধীনত গ্ৰেপ্তাৰৰ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা নাছিল । আনহাতে এই সময়ছোৱাত কেইবাখনো কঠোৰ আইন প্ৰৱৰ্তন কৰা হৈছিল, যিবোৰক কলা আইন নামেৰে জনা যায় । 


২৮. জৰুৰীকালীন ব্যৱস্থাৰ ফলসমূহ কেনেধৰণৰ আছিল লিখা ।

উত্তৰঃ  জৰুৰীকালীন ব্যৱস্থাৰ ফলসমূহ আছিল এনেধৰণৰ 

ক) মৌলিক অধিকাৰসমূহৰ বাতিলকৰণ ।

খ) সংসদ মাধ্যমৰ স্বাধীনতাত নিষেধাজ্ঞা জাৰি ।

গ) নিবাৰক নিষেধ   আইনসমূহৰ প্ৰণয়ন ।

ঘ) বিৰোধী ৰাজ়নূৈতিবক দলসমূহৰ নেতীা, কৰ্মী আৰু সমৰ্থকৰ গ্ৰেপ্তাৰ আৰু কাৰাবন্দী ।

ঙ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক চৰকাৰলৈ ৰূপান্তৰ ।

চ) ধৰ্মঘট, হৰতাল আদিৰ নিষিদ্ধকৰণ ।


২৯. জৰুৰীকালীন অৱস্থাক সমৰ্থন জনোৱা দুজন বিখ্যাত ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ জৰুৰীকালীন অৱস্থাক সমৰ্থন জনোৱা দুজন বিখ্যাত ব্যক্তিৰ নাম হল 

ক) মাদাৰ টেৰেছা ।

খ) খুচৱন্ত সিং ।


৩০. জৰুৰীকালীন অৱস্থাক কোনে অনুশাসন পৰ্ব আখ্যা দিছিল ।

উত্তৰঃ  জৰুৰীকালীন অৱস্থাক আচাৰ্য বিনোৱাভাৱে অনুশাসন পৰ্ব আখ্যা দিছিল ।


৩১. ইন্দিৰা গান্ধীয়ে কেইটা কাৰণত আৰু কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল ।

উত্তৰঃ ইন্দিৰা গান্ধীয়ে তিনিটা কাৰণত ব্যৱস্থা গ্ৰহণ কৰিছিল সেই কাৰণকেইটা আছিল ।

ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২ চনৰ খাদ্য-শস্য দ্ৰুত গতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি ।

খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্ৰ আন্দোলন, গুজৰাটৰ নৱ নিৰ্মাণ আন্দোলন আৰু কংগ্ৰেছ দলৰ ৰাজ্য বিধানসভা নিৰ্বাচনত পৰাজয় আৰু ১৯৭৪ চনৰ ৰেলকৰ্মীৰ ধৰ্মঘট ।

গ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ । 


৩২. কুৰিদফীয়া আচনিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ঘোষণা কৰি এই আচনি কাৰ্যকৰী কৰাত দৃঢ়তা প্ৰদৰ্শন কৰে । বহু আলোচিত এই আচনিৰ ব্যৱস্থাসমূহৰ ভিতৰত আছিল ভূমি সংস্কাৰ, ভূমি-বিতৰণ, কৃষি মজুৰিৰ পুনৰ বিবেচনা , পৰিচালনা কাৰ্যৰ সৈতে শ্ৰমিকৰ অংশগ্ৰহণ, বন্ধা শ্ৰমিক ব্যৱস্থা নিৰ্মূলকৰণ ইত্যাদি । বহুতৰ মতে এই কুৰিদফীয়া আচনিয়ে নিৰ্মাণমূলক কাৰ্য, ৰপ্তানি আদিৰ বিকাশ সাধন কৰে । ১৯৬০-৭০ৰ দশকত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ, অন্যান্য আন্দোলন, প্ৰতিবাদ, বিক্ষোভ আদি নাইকিয়া হোৱাৰ লগতে চৰকাৰী কৰ্মচাৰীসমূহৰ ওপৰত জাৰি কৰা কঠোৰ শৃংখলাবদ্ধতাৰ বাবে চহৰ অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীটো আনন্দিত হৈছিল । আনহাতে দৰিদ্ৰ, আৰু গাঁৱৰ জনসাধাৰণেও চৰকাৰৰ কল্যাণমূলক আচনিৰ জৰিয়তে তেওঁলোকৰ উন্নতি হব বুলি আশা কৰিছিল ।  এটা অস্থিৰতাপূৰ্ণ পৰিস্থিতিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে জৰুৰীকালীন অৱস্থাৰ পৰা ভিন্নধৰ্মী প্ৰত্যাশা কৰিছিল । 


৩৩. জৰুৰীকালীন অৱস্থাৰ পৰা  লাভ কৰা শিক্ষাৰ কাৰণকেইটা লিখা ।

উত্তৰঃ  জৰুৰীকালীন অৱস্থাৰ পৰা লাভ কৰা শিক্ষাৰ কাৰণকেইটা হল 

ক) প্ৰথমতে, জৰুৰাকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতা আৰু সবলতা প্ৰকাশ কৰিলে । যদিও এই সময়ছোৱাত গণতান্ত্ৰিক ব্যৱস্থাটোৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল, কিন্তু ইয়াৰ পিছত উদ্ভৱ হোৱা ঘটনাৱলীত গণতান্ত্ৰহিক প্ৰক্ৰিয়া অতি সোনকালে পুনৰ প্ৰৱৰ্তন হয় । জৰুৰীকালীন অৱস্থাৰ দৰে সংকটকালীন সময়তো যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটো নিৰ্মূল কৰিব নোৱাৰে সেয়া প্ৰমাণিত হল ।

খ) দ্বিতীয়তে, আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা যে স্বাধীন হব লাগে , ইয়াৰ শিক্ষা জৰুৰীকালীন সময়ে দিলে । আমোলাতন্ত্ৰ স্বাধীন আৰু নিৰপেক্ষ হোৱা প্ৰয়োজন । শাসনাধিষ্ঠিত দলৰ মতাদৰ্শ আৰু নীতিৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বিপৰীতে আমোলাতন্ত্ৰই সংবিধানৰ প্ৰতিহে দায়বদ্ধতা প্ৰদৰ্শন কৰা উচিত । একেদৰে ন্যায়পালিকা কাৰ্যপালিকাৰ অধীনস্থ হোৱাৰ পৰিৱৰ্তে স্বাধীন হোৱা উচিত আৰু অনুষ্ঠানটোৰ দায়িত্ব হল নাগৰিকৰ অধিকাৰ স্বতন্ত্ৰতা ৰক্ষা কৰা ।

গ)  তৃতীয়তে, চৰকাৰে সদায় সাংবিধানিক ব্যৱস্থা অনুসৰি প্ৰশাসন চলাব লাগে । সংবিধান সৰ্বোচ্চ আৰু ন্যায়পালিকাই এই সৰ্বোচ্চতাৰ ৰক্ষণাবেক্ষণ  দিব লাগে । ইয়াৰ অবিহনে সাংবিধানিক ব্যৱস্থা সংকটৰ সৃষ্টি হব পাৰে ।

ঘ) চতুৰ্থতে, এই জৰুৰীকালীন অৱস্থাৰ জৰিয়তে সংবিধানত জৰুৰীকালীন অৱস্থাৰ অস্পষ্টতা আতৰ কৰা হয় । বৰ্তমানে আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা কেৱল সশস্ত্ৰ বিদ্ৰোহৰ পৰিপ্ৰেক্ষিততহে ঘোষণা কৰিব পাৰি । মন্ত্ৰীসভাই জৰুৰীকালীন অৱস্থা ঘোষণাৰ বাবে ৰাষ্ট্ূৰপতিক লিখিত পৰামৰ্শ আগবঢ়াব লাগিব । 

ঙ) পঞ্চমতে, জৰুৰীকালীন অৱস্থাই নাগৰিক স্বতন্ত্ৰতাৰ মূল্যৰ বিষয়ে সকলোকে সজাগ কৰি তোলে । ন্যায়পালিকায়ো জৰুৰীকালীন অৱস্থাৰ পিছৰ পৰা জনসাধাৰণৰ নাগৰিক স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সক্ৰিয় ভূমিকা আগবঢ়াবলৈ আৰম্ভ কৰে । এই সময়ছোৱাত বহুতো নাগৰিক স্বতন্ত্ৰতা সম্পৰ্কীয় সংগঠনৰ সৃষ্টি হয় । 


৩৪. জৰুৰীকালীন ব্যৱস্থাৰ এটা সংগঠনৰ নাম লিখা

উত্তৰঃ  জৰুৰীকালীন ব্যৱস্থাৰ এটা সংগঠনৰ নাম হল 

ক) পিপলছ ইউনিয়ন ফযৰ ছিভিল লিবাৰ্টিজ ।


৩৫. জৰুৰীকালীন অৱস্থা কিমান চনৰ পৰা কিমান চনলৈ চলিছিল । 

উত্তৰঃ  জৰুৰীকালীন অৱস্থা ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২৩ মাৰ্চলৈ চলিছিল ।


৩৬. কিমান চনত ইন্দিৰা গান্ধীয়ে লোকসভাৰ নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা কৰে ।

উত্তৰঃ ১৯৭৭ চনৰ জানুৱাৰী মাহত ইন্দিৰা গান্ধীয়ে লোকসভাৰ নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা কৰে ।


৩৭. কিমান চনত আনুষ্ঠানিকভাৱে জনতা পাৰ্টি গঠন কৰা হয় ।

উত্তৰঃ  ১৯৭৭ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে জনতা পাৰ্টি গঠন কৰা হয় ।


৩৮. জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগ আৰু সিদ্ধান্তসমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ  জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগ আৰু সিদ্ধান্তসমূহৰ বিষয়ে তলত আলোচনা কৰা হল 

ক) জনতা চৰকাৰে ৪৪ নং সংবিধান সংশোধনী আইনৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন সময়ত কৰা ৪২ নং সংবিধান সংশোধনী আইনৰ প্ৰায় সকলোবোৰ নেতিবাচক ব্যৱস্থা আতৰ কৰে ।

খ) সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আতৰাই এই অধিকাৰক আইনগত অধিকাৰৰ মৰ্যাদা প্ৰদান কৰা হয় ।

গ) লোকসভা আৰু ৰাজ্য বিধানসভাৰ কাৰ্যকাল   ছয় বছৰৰ পৰা পুনৰ পাচ বছৰলৈ হ্ৰাস কৰা হয় । 

ঘ) মন্ত্ৰীসভাই প্ৰেৰণ কৰা পৰামৰ্শসমূহ পুনৰ বিবেচনাৰ বাবে উভতাই পঠিওৱাৰ অধিকাৰ প্ৰদানেৰে ৰাষ্ট্ৰপতিৰ পদমৰ্যাদা অধিক কৰা হয় ।

ঙ) উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়লয়সমূহৰ পৰা কাঢ়ি নিয়া ক্ষমতা আৰু পদমৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰা হয় । 


 ৩৯. তদন্ত আয়োগ কাৰ নেতৃত্বত গঠন কৰা হৈছিল ।

উত্তৰঃ উচ্চতম ন্যায়লয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়ধীশ জে চি শ্বাহৰ নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰা হৈছিল ।


৯৬০ চনৰ  নিবাচন আৰু  ইয়াৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৮০ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে পুনৰ কেন্দ্ৰত ক্ষমতা পুনৰ দখল কৰে । এই জয়লাভৰ জৰিয়তে দলটোৱে নিজকে ভাৰতৰ একমাত্ৰ সমাজবাদী আৰু দৰিদ্ৰ জনসাধাৰণৰ বাবে কাম কৰা দল হিচাপে দাবী কৰে । অৱশ্যে কংগ্ৰেছ দলটো পূৰ্বৰ কংগ্ৰেছ দল হিচাপে থাকিব নোৱাৰিলে । কংগ্ৰেছ দলৰ আদৰ্শগত আৰু কৌশলগত পৰিৱৰ্তন সাধন কৰা হয় । ইয়াৰ সমান্তৰালকৈ বিৰোধী দলসমূহৰো কৌশলগত পৰিৱৰ্তন হয় । ১৯৮০ চনৰ নিৰ্বাচনৰ পিছত অনুষ্ঠিত হোৱা বিৰ্বাচনসমূহতো বিৰোধী  দলসমূহে একত্ৰিতভাৱে কংগ্ৰেছৰ বিৰোধিতা কৰি মাজে-সময়ে সফলতা লাভ কৰি আহিছে । 

Author_ Ali rani Kakati ( Ba in History Major)