আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত 

সপ্তম অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. আঞ্চলিকতাবাদ কাক বোলে ।

উত্তৰঃ  এটা অঞ্চলৰ প্ৰতি প্ৰয়োজনতকৈ অধিক গুৰুত্ব প্ৰদান কৰা ধাৰণাটোকে সহজ অৰ্থত আঞ্চলিকতাবাদ বুলি কোৱা হয় ।


২. আঞ্চলিক ৰাজনৈতিক দলসমূহৰ উত্থানৰ দুটা কাৰণ লিখা ।

উত্তৰঃ  আঞ্চলিক ৰাজনৈতিক দলসমূহৰ উত্থানৰ দুটা কাৰণ হল 

ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা ।

খ) আঞ্চলিক অসমতা ।


৩. ভাষাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ভাৰতবৰ্ষত ভাষাৰ ভিত্তিত আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱা দেখা যায় । ভাৰতবৰ্ষ ভিন্ন ভাষা-ভাষী লোকৰ বাসস্থান । কেন্দ্ৰীয় চৰকাৰ নাইবা ব্যক্তিক চৰকাৰে কোনো এটা বিশেষ ভাষা আন কোনো বিশেষ ভাষীক লোকৰ ওপৰত জাপি দিব বিচাৰিলে, সেই অঞ্চলৰ লোকসকলে নিজৰ ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে লগলাগি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায় । উদাহৰণস্বৰূপে কেন্দ্ৰীয় চৰকাৰে হিন্দীভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাত, ইয়াৰ বিৰোধিতা কৰি তামিলনাডুত ডি.এম.কে দলৰ জন্ম হৈছিল । 


৪. অসমত জন্মলাভ কৰা এটা আঞ্চলিক দলৰ নাম লিখা ।

উত্তৰঃ  অসমত জন্মলাভ কৰা এটা আঞ্চলিক দলৰ নাম হল অসম গণ পৰিষদ ।


৫. ভাৰতীয় দৃষ্টিভংগীৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতীয় সংবিধানৰ নিৰ্মাণৰ সময়ত ভাৰতৰ বৈচিত্য বা বিভিন্নতাৰ বিষয়টো সংবিধান নিৰ্মাণ সমিতিয়ে মনত ৰাখিছিল । সংবিধান নিৰ্মাতাসকলৰ সন্মুখত ভাৰতৰ সকলো জনগোষ্ঠীৰ প্ৰত্যাশা পূৰণ কৰাকৈ সংবিধাননিৰ্মাণ কৰাটো এটা প্ৰত্যাহ্বান আছিল । স্বাধীনতাৰ পিছৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰনেতাসকল কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । সেয়ে সকলো অঞ্চল , ধৰ্ম, বৰ্ণ, ভাষাৰ লোকে যাতে নিজৰ নিজৰ সংস্কৃতি বজাই ৰাখিব পাৰে, ইয়াৰ বাবে ভাৰতে বৈচিত্ৰ্যৰ মাজৰ ঐক্য নীতি প্ৰৱৰ্তন কৰিছিল । ভাৰতীয় জাতীয়তাবাদে বৈচিত্ৰ্য আৰু একতা নীতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল । ৰাষ্ট্ৰ অথবা জাতি গঠন প্ৰক্ৰিয়াত ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সংহতিৰ ওপৰত গুৰুত্ব দিয়াৰ সময়তো কিন্তু ভাৰতে আছ্ডলিক প্ৰত্যাশাৰ আওকাণ কৰা নাই । 


৬. গুৰু নানকৰ জন্মস্থান কত অৱস্থিত ।

উত্তৰঃ গুৰু নানকৰ জন্মস্থান পশ্চিম পাকিস্তানৰ নানকানা চাহিবত অৱস্থিত ।


৭. আনন্দপুৰ চাহিব প্ৰস্তাৱৰ লক্ষ্য কেইটা আৰু কি কি ।

উত্তৰঃ  আনন্দপুৰ চাহিব প্ৰস্তাৱৰ লক্ষ্য সাতটা সেইকেইটা হল 

ক) চণ্ডীগড়ক যুক্তৰাষ্ট্ৰীয় প্ৰশাসনৰ অধীনত পঞ্জাৱলৈ হস্তান্তৰকৰণ ।

খ) পাঞ্জাৱী ভাষা কোৱা আৰু পাঞ্জাৱী লোকে কাম কৰা অঞ্চলসমূহ পঞ্জাৱক অৰ্পণ ।

গ) কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সীমিত কৰি বৰ্তমানৰ সংবিধানৰ অধীনত ৰাজ্যসমূহৰ বিকেন্দ্ৰীকৰণ ।

ঘ) পঞ্জাৱৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ সুৰক্ষা প্ৰদানৰ লগতে ৰাজ্যখনত ভূমি সংস্কৰণ আৰু উদ্যোগীকৰণ ।

ঙ) সৰ্বভাৰতীয় গুৰুদ্বাৰ আইনৰ প্ৰণয়ন ।

চ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত  , কিন্তু পঞ্জাৱৰ চাৰিসীমাৰ বাহিৰত বাস কৰা সংখ্যালঘুসকলৰ ৰক্ষণাবেক্ষণ ।

ছ) সেনাবাহিনীত শিখসকলৰ বাবে সংৰক্ষিত পদত চৰকাৰী প্ৰৱেশন নীতি পুনৰীক্ষণ ।


৮. কিমান চনত ইন্দিৰা গান্ধীৰ চৰকাৰে আকালি দলৰ চৰকাৰখন ভংগ কৰি দিছিল ।

উত্তৰঃ ১৯৮০ চনত ইন্দিৰা গান্ধীৰ চৰকাৰে আকালি দলৰ চৰকাৰখন ভংগ কৰি দিছিল ।


৯. কিমান চনত ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল ।

উত্তৰঃ ১৯৮৪ চনৰ ৩১ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল ।


১০. শিখ বিৰোধী সংঘ কিমান চনত হৈছিল ।

উত্তৰঃ  শিখ বিৰোধী সংঘৰ্ষ ১৯৮৪ চনত হৈছিল ।


১১. ইন্দিৰা গান্ধীক হত্যা কৰা দেহৰক্ষীদ্বয়ৰ নাম কি আছিল ।

উত্তৰঃ  ইন্দিৰা গান্ধীক হত্যা কৰা দেহৰক্ষীদ্বয়ৰ নাম হল 

ক) সতৱন্ত সিং ।

খ) বিন্ট সিং ।


১২. ২০০৫ চনত শিখ বিৰোধী সংঘৰ্ষৰ প্ৰতিবেদন কোনে দাখিল কৰিছিল ।

উত্তৰঃ  ২০০৫ চনত শিখ বিৰোধী সংঘৰ্ষৰ প্ৰতিবেদন দাখিল কৰিছিল ন্যায়াধীশ নানাৱতী আয়োগে ।


১৩. ২০০৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ।

উত্তৰঃ ২০০৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ° মনমোহন সিঙ ।


১৪. শান্তিমুখী পথৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত তেওঁৰ জেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । নতুন যুৱ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰি আকালি দলৰ নৰমপন্থী নেতাসকলৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে । ১৯৮৫ চনৰ ২৪ জুলাইত ৰাজীৱ গান্ধী আৰু সেই সময়ৰ আকালি দলৰ সভাপতি হৰছান্দ সিং লংগোৱালৰ মাজত এখন চুক্তি সম্পাদিত হয় । সেই চুক্তিখনকে ৰাজীৱ গান্ধী- লংগোৱাল চুক্তি বা পঞ্জাৱ চুক্তি নামেৰে জনাজাত । 


১৫. পঞ্জাৱ চুক্তি বা ৰাজীৱ গান্ধী-লংগোৱাল চুক্তি কাক বোলে ।

উত্তৰঃ  ৯৮৫ চনৰ ২৪ জুলাইত ৰাজীৱ গান্ধী আৰু সেই সময়ৰ আকালি দলৰ সভাপতি হৰছান্দ সিং লংগোৱালৰ মাজত এখন চুক্তি সম্পাদিত হয় । সেই চুক্তিখনকে পঞ্জাৱ চুক্তি বা ৰাজীৱ গান্ধী-লংগোৱাল চুক্তি নামেৰে জনা যায় ।


১৬. পঞ্জাৱ চুক্তিৰ উদ্দেশ্য কি ।

উত্তৰঃ  পঞ্জাৱ চুক্তিৰ উদ্দেশ্য আছিল পঞ্জাৱলৈ স্বাভাৱিক অৱস্থা উভতাই অনা ।


১৭. পঞ্জাৱ চুক্তিৰ ব্যৱস্থাসমূহ কি কি ।

উত্তৰঃ  পঞ্জাৱ চুক্তিৰ ব্যৱস্থাসমূহ আছিল 

ক) চণ্ডীগড় পঞ্জাৱলৈ হস্তান্তৰিত কৰা হব ।

খ) পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজত সীমা বিবাদৰ সমাধানৰ অৰ্থে এটা আয়োগ গঠন কৰা হব ।

গ)  পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত ৰবি-বিয়াছ নদীৰ পানীৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্তত সিদ্ধান্ত গ্ৰহণ কৰাৰ অৰ্থে এখন ট্ৰিবুনেল গঠন কৰা হব ।

ঘ) পঞ্জাৱত চলি থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰা হব ।
ঙ) পঞ্জাৱত সন্ত্ৰাসবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলক উন্নত সা-সুবিধা আগবঢোৱা হব । 


১৮. কিমান চনত আকালি দলটো দুটা ভাগত বিভক্ত হয় ।

উত্তৰঃ  ১৯৮৭ চনত আকালি দলটো দুটা ভাগত বিভক্ত হয় ।


১৯. আকালি দলৰ ফৈদ দুটাক নেতৃত্ব বহন কৰা ব্যক্তিদুজনৰ নাম কি ।

উত্তৰঃ আকালি দলৰ ফৈদ দুটাক নেতৃত্ব বহন কৰা ব্যক্তিদুজনৰ নাম হল 

ক) সুৰজিত সিং বাৰণালা ।

খ) প্ৰকাশ সিং বাদলে ।


২০. কাশ্মীৰ সমস্যাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  স্বাধীনতাৰ পূৰ্বৰ পৰাই কাশ্মীৰ সমস্যাটো এটা অতি বিতৰ্কিত বিষয়ৰূপে চৰ্চিত হৈ আহিছে । ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ ফলতে বহুতো লোকৰ মৃত্যু ঘটিছে, বহুত পৰিয়াল গৃহহাৰা হৈছে আৰু অন্যান্য লোক চিৰদিনলৈ ঘুণীয়া হৈছে । ভাৰত আৰু পাকিস্তানৰ মাজত উদ্বেগপূৰ্ণ কৃটনৈতিক সম্পৰ্কৰ মূল কেন্দ্ৰবিন্দু হল কাশ্মীৰ ।

জম্মু আৰু কাশ্মীৰ তিনিটা ভৌগোলিক খণ্ডত বিভক্ত । এই সামাজিক আৰু ৰাজনৈতিক খণ্ড তিনিটা হল জম্মু, কাশ্মীৰ আৰু লাডাখ । কাশ্মীৰ উপত্যকা হল কাশ্মীৰ অঞ্চলৰ কেন্দ্ৰবিন্দু আৰু এই অঞ্চলটোত ইছলাম ধৰ্মাৱলম্বী লোক সংখ্যাগৰিষ্ঠ । 


২১. হৰি সিঙে ৰাজত্ব কৰাৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল ।

উত্তৰঃ  হৰি সিঙে ৰাজত্ব কৰাৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউন্টবেটেন

 ।

২২.  বাহ্যিক আৰু আভ্যন্তৰীণ বিবাদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ বিষয়টো কেতিয়াৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ কেন্দ্ৰীয় বিষয় হিচাপে পৰিগণিত হৈ আহিছে । পাকিস্তানে আজিকোপতি জম্মু আৰু কাশ্মীৰ ভাৰতৰ সৈতে চামিল হোৱাটো গ্ৰহণ কৰিব পৰা নাই । সেয়ে আজিও অঞ্চলটোক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত উদ্বিগ্নতা চলি আছে । উল্লেখযোগ্য যে ১৯৪৭ চনৰ জনজাতীয় আক্ৰমণৰ ফলত ৰাজ্যখনৰ এটা অংশ পাকিস্তানৰ নিয়ন্ত্ৰণত থাকি যায় । ভাৰতৰ মতে পাকিস্তানৰ এই কাৰ্য সম্পূৰ্ণৰূপে বে-আইনী । পাকিস্তানে এই অঞ্চলটোক আজান কাশ্মীৰ নামেৰে নামাকৰণ কৰে । জম্মু আৰু কাশ্মীৰক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰ মাজত পূৰ্ণ পৰ্যায়ৰ যুদ্ধকে আদি কৰি সশস্ত্ৰ সংঘৰ্ষ চলি আহিছে । চামিলকৰণ চুক্তিৰ আধাৰত জম্মু আৰহু কাশ্মীৰ ভাৰতৰ অন্তৰ্ভূক্ত হোৱাৰ পিছত ১৯৪৯ চনৰ জুন মাহত যুৱৰাজ কৰণ সিঙে মন্ত্ৰী পৰিষদ পৰামৰ্শ অনুসৰি ভাৰতীয় সংবিধান মহাসভালৈ চাৰিিগৰাকী প্ৰতিনিধি মনোনীত কৰি প্ৰেৰণ কৰে । 


২৩. ভাৰতীয় সংবিধানত কাশ্মীৰৰ বাবে কিমান নম্বৰ অনুচ্ছেদ বিশেষভাৱে অন্তৰ্ভূক্ত কৰা হয় ।

উত্তৰঃ  ভাৰতীয় সংবিধানত কাশ্মীৰৰ বাবে ৩৭০ নম্বৰ অনুচ্ছেদ বিশেষভাৱে অন্তৰ্ভূক্ত কৰা হয় ।


২৪. কাশ্মীৰৰ জনসাধাৰণে কৰা অভিযোগ কেইটা আৰু কি কি ।

উত্তৰঃ  কাশ্মীৰৰ জনসাধাৰণে কৰা অভিযোগ তিনিটা সেইকেইটা হল 

ক) চামিলকৰণ চুক্তিৰ সময়ত ভাৰতে প্ৰতিশ্ৰতি প্ৰদান কৰাৰ দৰে একত্ৰিতকৰণৰ বিষয়টো জনসাধাৰণলৈ প্ৰেৰণ কৰা বৰ্তমানলৈ হোৱা নাই । সেয়ে বিষয়টোৰ ওপৰত গণভেটিক দাবী উত্থাপিত হৈছে ।

খ) অঞ্চলটোত এটা ধাৰণাৰ সৃষ্টি হৈছে যে ৩৭০ নম্বৰ অনুচ্ছেদে প্ৰতিশ্ৰতি প্ৰদান কৰাৰ দৰে বিশেষে যুক্তৰাষ্ট্ৰীয় মৰ্যাদা প্ৰায়োগিক ক্ষেত্ৰত যথোচিতভাৱে দিয়া হোৱা নাই । সেয়েহে স্বতন্ত্ৰতাৰ পুনৰ প্ৰতিষ্ঠা আৰু অধিক ৰাজ্যিক স্বতন্ত্ৰতাৰ দাবীৰ উদ্ভৱ হৈছে ।

গ) ভাৰতৰ আন ৰাজ্যসমূহৰ দৰে গণতন্ত্ৰ জম্মু আৰু কাশ্মীৰৰ কাৰ্যকৰী হোৱা নাই । ইয়াতে এটা প্ৰশ্নৰ উত্তৰ হব পাৰে জম্মু আৰু কাশ্মীৰৰ ভাৰতীয় সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদৰ অধীনত বিশেষ মৰ্যাদা প্ৰদান কিমানদূৰ গ্ৰহণযোগ্য অথবা কিমান পৰিমাণে যুক্তিসংগত । 


২৫. ১৯৪৮ চনৰ পিছৰ ৰাজনীতিৰ বিষয়ে অলপ চমুকৈ লিখা ।

উত্তৰঃ  চামিলকৰণ চুক্তিৰ আধাৰত জম্মু আৰু কাশ্মীৰ ভাৰতৰ অংগৰাজ্যত পৰিণত হয় । নেচনেল কনফাৰেন্স নেতা শ্বেখ আব্দুল্লাই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত ৰাজ্যখনৰ জনসাধাৰণৰ উন্নতি মৰ্মে বিভিন্ন কল্যাণকামী আঁচনি আৰু কৰ্মসূচী গ্ৰহণ কৰে । এইবোৰৰ ভিতৰত ভূমি সংস্কাৰ আছিল বিশেষভাৱে উল্লেখযোগ্য । কিন্তু অনতিপলমে আব্দুল্লা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত মতবিৰোধ আৰম্ভ হয় ।এই মতবিৰোধৰ মূল কাৰণ আছিল আব্দুল্লাৰ কাশ্মীৰ ৰ মৰ্যাদাৰ ক্ষেত্ৰত দৃষ্টিভংগী আৰু স্থিতি । অৱশেষত ১৯৫৩ চনত শ্বেখ আব্দুল্লাক অপসাৰণ কৰাৰ লগতে কাৰাবন্দী কৰা হয় । আব্দুল্লা ১৯৫৩-১৯৬৪ আৰু ১৯৬৫-১৯৬৮ চনৰ সময়ছোৱা কাৰাগাৰত থাকে । শ্বেখ আব্দুল্লাৰ পিছত নেচনেল কনফাৰেন্স দলে বিশেষ গণসমৰ্থন লাভ কৰিব নোৱাৰিলে । দলটোৱে কেন্দ্ৰৰ সমৰ্থনত কোনোমতে ৰাজ্য শাসন চলাই থাকিল । ১৯৫০ৰ দশকৰ পৰা ১৯৭০ৰ দশকৰ মাজভাগলৈ কংগ্ৰেছ দলে জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল বা প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হয় । শ্বেখ আব্দুল্লা কাৰাবন্দী হৈ থকা অৱস্থাত নেচনেল কনফাৰেন্স কংগ্ৰেছ দলৰ সৈতে চামিল হয় । 


২৬. জম্মু আৰু কাশ্মীৰৰ বাবে এটা ভয়াবহ দশক আছিল সেই দশকটো নাম কি ।

উত্তৰঃ  জম্মু আৰু কাশ্মীৰৰ বাবে এটা ভয়াবহ দশক আছিল সেই দশকটোৰ নাম হল ১৯৮০ৰ দশক ।


২৭. ২০০২ চনৰ বিধানসভা নিৰ্বাচনত কোনকেইটা দলে মৰ্চা চৰকাৰ গ্ৰহণ কৰিছিল ।

উত্তৰঃ ২০০২ চনৰ বিধানসভা নিৰ্বাচনত পিপলচ ডেমক্ৰেটিক পাৰ্টি আৰু কংগ্ৰেছ দলে মৰ্চা চৰকাৰ গ্ৰহণ কৰিছিল ।


২৮. কাশ্মীৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ  কাশ্মীৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হল 

মুফযটি মহম্মদ ছৈয়দ ।


২৯. সাতভনী ৰাজ্যকেইখন কি কি ।

উত্তৰঃ  সাতভনী ৰাজ্যকেইখন হল অসম, মণিপূৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড । 


৩০. উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অন্তৰ্ভূক্ত হোৱা বৰ্তমান ৰাজ্যখনৰ নাম কি ।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অন্তৰ্ভূক্ত হোৱা বৰ্তমান ৰাজ্যখনৰ নাম হল ছিকিম ।


৩১. কুকুৰাৰ ডিঙি কৰিডৰ হিচাপে কাক জনা যায় ।

উত্তৰঃ বৰ্তমান ছিকিমকো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছে । অঞ্চলটো ভাৰতৰ মূল খণ্ডৰ সৈতে ৫৬ কিলোমিটাৰ দীঘল ঠেক কৰিডৰ এটাৰে সংলগ্ন হৈ আছে । এই ঠেক কৰিডৰটোক শিলিগুৰি কৰিডৰ বা কুকুৰা ডিঙি কৰিডৰ হিচাপে জনা যায় । 


৩২. উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে কেইটা ভাষা আৰু দোৱান ব্যৱহাৰ কৰে ।

উত্তৰঃ  উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে ৪০০ টা ভাষা আৰু দোৱান ব্যৱহাৰ কৰে ।


৩৩. কিমান চনত সদৌ বড়ো ছাত্ৰ সন্থা গঠন কৰা হয় ।

উত্তৰঃ  ১৯৬৭ চনত সদৌ বড়ো ছাত্ৰ সন্থা গঠন কৰা হয় ।


৩৪. সদৌ বড়ো ছাত্ৰ সন্থাৰ এজন নেতাৰ নাম লিখা ।

উত্তৰঃ  সদৌ বড়ো ছাত্ৰ সন্থাৰ এজন নেতাৰ নাম হল উপেন্দ্ৰ নাথ ব্ৰহ্ম ।


৩৫. এন ডি এফ বিৰ লক্ষ্য কি ।

উত্তৰঃ এন ডি এফ বিৰ লক্ষ্য হল বড়ো জনসাধাৰণৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ড গঠন কৰা ।


৩৬. বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ।

উত্তৰঃ ১৯৯৩ চনৰ ২০ জানুৱাৰীত বড়ো চুক্তি স্বাক্ষৰিত হৈছিল ।


৩৭. কিমান চনত আৰু কত অসম গণ পৰিষদ নামৰ ৰাজনৈতিক দল গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৮৫ চনত অসমত অসম গণ পৰিষদ নামৰ ৰাজনৈতিক দল গঠন কৰা হৈছিল । 


৩৮. অসম গণ পৰিষদৰ মুখ্য উদ্দেশ্যসমূহ কি কি ।

উত্তৰঃ  অসম গণ পৰিষদৰ মুখ্য উদ্দেশ্যসমূহ হল 

ক) অসমত বিদেশী অনুপ্ৰৱেশকাৰীৰ সোঁত বন্ধ কৰা ।

খ) অসমত বসতি কৰি থকা বিদেশীসকলক চিনাক্ত আৰু বহিস্কাৰ কৰা ।

গ) অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰা ।

ঘ) অসমত দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু এখন সৰ্বভাৰতীয় কাৰিকৰী অনুষ্ঠান ।

ঙ) এখন কলাক্ষেত্ৰ স্থাপন কৰা ।

চ)বাংলাদেশ আৰু অসমৰ সীমাত কাটা তাৰৰ বেৰ দিয়াৰ ব্যৱস্থা কৰা আদি ।


৩৯. ভাৰতৰ ২৯তম ৰাজ্যখনৰ নাম কি ।

উত্তৰঃ  ভাৰতৰ ২৯তম ৰাজ্যখনৰ নাম হল তেলেংগনা ।


৪০. আঞ্চলিক দাবী আৰু বৈচিত্যৰ মাজত ঐক্য নীতিৰ নিদৰ্শনসমূহ কি কি ।ট

উত্তৰঃ  আঞ্চলিক দাবী আৰু বৈচিত্যৰ মাজত ঐক্য নীতিৰ নিদৰ্শনসমূহ হল 

ক) প্ৰথমতে, আমি কব পাৰো যে আঞ্চলিক প্ৰত্যাশা গণতান্ত্ৰিক ব্যৱস্থাৰ এটা অংশ । ভাৰত বিশ্বৰ এখন প্ৰধান গণতান্ত্ৰিক ৰাষ্ট্ৰ । গণতান্ত্ৰিক ব্যৱস্থাটো সফল হোৱাৰ বাবে ভাৰতে আঞ্চলিক প্ৰত্যাশাৰ দক্ষতাৰে সন্মুখীন হোৱা উচিত ।

খ) দ্বিতীয়তে, আঞ্চলিক প্ৰত্যাশাৰ প্ৰতি সহাৰি প্ৰদৰ্শনৰ সৰ্বশ্ৰেষ্ঠ কৌশল হল গণতান্ত্ৰিক আলোচনাৰ জৰিয়তে বুজাপৰা । আঞ্চলিক প্ৰত্যাশা বলপূৰ্বকভাৱে দমন কৰিবলৈ চেষ্টা কৰিলে জাতীয় সংহতিৰ বিনষ্ট হোৱাৰ আশংকা থাকে । 

গ) তৃতীয়তে, আঞ্চলিক প্ৰত্যাশা ক্ষমতাৰ ভাগ -বাটোৱাৰাৰ জৰিয়তে পূৰণ কৰিব পাৰি । প্ৰত্যেক অঞ্চলৰে ৰাষ্ট্ৰখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা থাকে । সেয়ে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰত আঞ্চলিক দলসমূহৰ প্ৰতিনিধিত্ব থকাটো প্ৰয়োজন ।

ঘ) চতুৰ্থতে, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আঞ্চলিক অসমতাই আঞ্চলিক বৈষম্যৰ মনোভাৱ সৃষ্টি কৰিব পাৰে । সেয়েহে কেন্দ্ৰই অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । 

Type By- Ali Rani Kakati