নতুন সামাজিক আন্দোলনৰ উত্থান 

অষ্টম অধ্যায়
অতি চমু প্ৰশ্নঃ 

১. কিমান বছৰ ভাৰতবৰ্ষ বৃটিছ শাসনৰ অধীনত আছিল ।

উত্তৰঃ  প্ৰায় ২০০ বছৰ কাল ভাৰতবৰ্ষ বৃটিছ শাসনৰ অধীনত আছিল ।


২. সামাজিক আন্দোলন কি ।

উত্তৰঃ  সামাজিক আন্দোলন হল কোনো পৰিৱৰ্তনৰ উদ্দেশ্য অথবা কোনো পৰিৱৰ্তনক বাধা দিবলৈ কৰা এটা সমূহীয়া প্ৰচেষ্টা । 


৩.  ভাৰতত সামাজিক আন্দোলনৰ উদ্ভৱ আৰু বৃদ্ধিৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতত সামাজিক আন্দোলনৰ ইতিহাস নতুন নহয় । বৃটিছৰ শাসনৰ সময়ৰ পৰা ভাৰতত বিভিন্ন ধৰণৰ সামাজিক আন্দোলনৰ উদ্ভৱ হৈ আহিছে । উদাহৰণস্বৰূপে বৃটিছৰ শাসনৰ সময়ত ১৯ শতিকাত বিভিন্ন ধৰণৰ সামাজিক ধৰ্মীয় আন্দোলন গঢ়ি উঠিছিল । এইবোৰৰ ভিতৰত ১৮২৮ চনত ৰাজা ৰামমোহন ৰায়ৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা ব্ৰহ্মসমাজ, ব্লেড'স্কি আৰু এনি বেচান্তৰ থিঅ'ছফিকেল ছ'চাইতি, স্বামী দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি ।
পাতনিত উল্লেখ কৰাৰ দৰে স্বাধীন ভাৰতত গণতান্ত্ৰিক ব্যৱস্থা এটা গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ পিছতো ভাৰতীয় জনসাধাৰণৰ মাজত অসন্তুষ্টি আৰু হতাশাৰ সৃষ্টি হৈছিল । বিকাশ আৰু ন্যায়ৰ সংকল্পৰে স্বাধীন ভাৰতত পশ্চিমীয়া উদাৰবাদী পৰম্পৰাৰ ওপৰত আধাৰিত এখন সংবিধান ৰচনা আৰু গ্ৰহণ কৰা হৈছিল যদিও এই গণতান্ত্ৰিক ব্যৱস্থা আৰু সংবিধানখনে ভাৰতীয় জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলে । তাৰ ফলতে স্বাধীনতাৰ পিছৰ পৰা ভাৰতত বিভিন্ন ধৰণৰ সামাজিক , ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈ আহিছে । 


৪. কৃষক আন্দোলনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতৰ জনসংখ্যাৰ অধিক অংশই গাওঁ অঞ্চলত বাস কৰে আৰু ভাৰতীয় অৰ্থনীতি কৃষিপ্ৰধান অৰ্থনীতি । স্বাধীনতাৰ সময়ত ভাৰত কেৱল এখন দৰিদ্ৰ ৰাষ্ট্ৰই নাছিল, ইয়াৰ কৃষিকাৰ্যত ব্যৱহৃত হোৱা পদ্ধতিও আওপুৰণি আছিল । ইয়াৰ লগতে কৃষিভূমিৰ মালিকানাস্বত্ব অসম আৰু ঘাইকৈ সামন্তবাদী আছিল । স্বাধীনতাৰ পিছত সেয়ে কৃষি খণ্ডত বিকাশ সাধন কৰিবলৈ প্ৰস্তুত কৰা কৃষি নীতিত দুটা গুৰুত্বপূৰ্ণ দিশৰ গুৰুত্ব প্ৰদান কৰিবলগীয়া হৈছিল --- এফযালে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু বিস্তৃতিৰ বাবে দ্ৰুত বৃদ্ধিৰ প্ৰয়োজনীয়তা আৰু আনহাতে মালিকানাস্বত্বৰ ধৰণৰ পৰিৱৰ্তন । কিন্তু স্বাধীন ভাৰতত আৰম্ভণিৰ পৰ্যায়ত ঔদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে কৃষি উন্নয়নে প্ৰাপ্য মনোযোগ লাভ কৰাত ব্যৰ্থ হয় । 

৫. কৃষক আন্দোলন কাক বোলে ।

উত্তৰঃ  ১৯৬০ ৰ দশকৰ মাজভাগত যেতিয়া ভাৰতত খাদ্য পৰিস্থিতিয়ে এক সংকটকালীন পৰ্যায়ত উপনীত হয় তেতিয়াহে সেউজ  বিপ্লৱ ৰ আচনিৰ  জৰিয়তে কৃষি খণ্ডৰ বিৰাশত মনোনিৱেশ কৰিবলৈ চৰকাৰে আৰম্ভ কৰে । এই সময়ছোৱাত আৰম্ভ কৰা জমিদাৰী প্ৰথা বিলুপ্তিকৰণ, সীমিত পৰিমাণে ভূমি সংস্কাৰ , সেউজ বিপ্লৱ ইত্যাদি প্ৰক্ৰিয়াই বিভিন্ন সংঘাত আৰু উদ্বিগ্নিতাৰো সৃষ্টি কৰে । ইয়াৰ জৰিয়তে ভাৰতৰ গাওঁ অঞ্চলত ন্যস্ত স্বাৰ্থ পূৰণৰ সুবিধা লাভ কৰি থকা শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ হয় । এই বিকাশৰ প্ৰতিক্ৰিয়াস্বৰূপে কৃষকসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু শোষণৰ বিৰুদ্ধে আৰু ন্যায়ৰ বাবে ভাৰতত আন্দোলন আৰম্ভ হয় । এই আন্দোলনটোকে কৃষক আন্দোলন বুলি কোৱা হয় । 

৬. কিমান চনত ভাৰতত কৃষক আন্দোলন আৰম্ভ হয় ।

উত্তৰঃ  ১৭৮৩ চনত বংগৰ স্থায়ী নিৰাপত্তাৰ জৰিয়তে ভাৰতত কৃষক আন্দোলন আৰম্ভ হয় ।

৭. কিমান চনত সৰ্বভাৰতীয় কৃষক সভা গঠন কৰা হয় ।

উত্তৰঃ  ১৯৩৬ চনত সৰ্বভাৰতীয় কৃষক সভা গঠন কৰা হয় ।

৮. ছচিয়েলিষ্টসকলৰ নিয়ন্ত্ৰণ থকা এটা কৃষক সংগঠনৰ নাম লিখা ।

উত্তৰঃ  ছচিয়েলিষ্টসকলৰ নিয়ন্ত্ৰণ থকা এটা কৃষক সংগঠনৰ নাম হল হিন্দ কিষাণ পঞ্চায়টত ।

৯. কিমান চনত ভাৰতীয় কিষাণ ইউনিয়নৰ জন্ম হয় ।

উত্তৰঃ  ১৯৮০ চনত ভাৰতীয় কিষাণ ইউনিয়নৰ জন্ম হয় ।

১০. ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতিজনৰ নাম কি ।

উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতিজনৰ নাম হল মহেন্দ্ৰ সিং টিকায়েট ।

১১. কিমান চনত মহেন্দ্ৰ সিং টিকায়েট ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি হৈছিল

উত্তৰঃ  ১৯৮৬ চনত মহেন্দ্ৰ সিং টিকায়েট ভাৰতীয় কিষাণ ইউনিয়নৰ সভাাপতি হৈছিল ।

১২. ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰত যদিও এখন প্ৰধানকৈ কৃষিনিৰ্ভৰ ৰাষ্ট্ৰ, তথাপি ভাৰতত কৃষক সংগঠনৰ জন্ম ট্ৰেড ইউনিয়ন বা শ্ৰমিক সংঘতকৈ পিছত হৈছে । অৱশ্যে বৰ্তমানে কৃষক সংগঠনসমূহ সাংঘাতিকভাৱে শক্তিশালী আৰু সক্ৰিয় বুলি কব পৰা নাযায় । ১৯৭৭ চনত প্ৰবীণ ৰাজনীতিবিদ চৌধাৰী চৰণ সিঙে ভাৰতৰ কৃষকসকলক সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল । ১৯৮০ চনত ভাৰতীয় কিষাণ ইউনিয়নৰ জন্ম হয় । এই সংগঠনটোৰ কাৰ্যকলাপ ঘাইকৈ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তত অধিক পৰিমাণে সক্ৰিয় হৈ আছে । এই সংগঠনটো ভাৰতৰ কৃষক আন্দোলনৰ এটা অন্যতম শক্তিশালী আৰু নেতৃত্ব বহনকাৰী সংগঠন হিচাপে পৰিগণিত হৈছে । ১৯৮৬ চনত মহেন্দ্ৰ সিং টিকায়েট ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি নিৰ্বাচিত হয় । ভাৰতীয় কিষাণ ইউনিয়নে লাভিয়া , কাম্পেচিনা, ভাৰতীয় কৃষক সমন্বয় সমিতি আদিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহে । 

১৩. কৃষক সংগঠনটোৱে চৰকাৰৰ ওচৰত দাবী কৰা কেইটামান অৰ্থনৈতিক কাৰকৰ নাম লিখা ।
উত্তৰঃ  কৃষক সংগঠনটোৱে চৰকাৰৰ ওচৰত দাবী কৰা কেইটামান অৰ্থনৈতিক কাৰকৰ নাম হল 
ক) খাদ্যশস্যৰ চলাচলৰ ক্ষেত্ৰত মাণ্ডলিক বাধা-নিষেধৰ সমাপ্তি ।
খ) কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি ।
গ) নলা-নদৰ্মাৰ বাবে পঞ্জাৱৰ কৃষকসকলে চৰকাৰক দিবলগীয়া কৰ বাতিল ।
ঘ) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পৰ্যাপ্ত চৰকাৰী সাহাৰ্য্য ।
ঙ) বিদ্যুত নিৰিখ বা মূল্য হ্ৰাস 

১৪. কিমান চনত মীৰাটৰ ধৰ্ণা কাৰ্যসূচী হৈছিল ।

উত্তৰঃ  ১৯৮৮ চনত মীৰাটৰ ধৰ্ণা কাৰ্যসূচী হৈছিল ।


১৫. ভাৰতীয় কিষাণ ইউনিয়ন কি ।

উত্তৰঃ  ভাৰতীয় কিষাণ ইউনিয়ন এটা অৰাজনৈতিক, ধৰ্মনিৰপেক্ষ, আৰু অহিংস সংগঠন ।


১৬. নাৰী আন্দোলনৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতীয় সমাজ ব্যৱস্থা পুৰুষতান্ত্ৰিক সমাজ  ব্যৱস্থা । এই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষসকলে আধিপত্য বিস্তাৰ কৰি অহাৰ বিপৰীতে মহিলাসকলে অতীজৰ পৰা শোষণ, বঞ্চনা , অত্যাচাৰ অৱহেলাৰ সন্মুখীন হৈ আহিছে । ভাৰতীয় মহিলাসকলৰ প্ৰতি হীন আচৰণ কৰি অহা হৈছে । এই শোষণ, বঞ্চনা অৱহেলাৰ বিৰুদ্ধে বিভিন্ন সময়ত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । উল্লেখযোগ্য যে মহিলাসকলৰ স্থান আৰু মৰ্যাদা ভাৰতীয় সমাজত প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমে আগবাঢ়ি আহিছিল কেইগৰাকীমান বৰোণ্য ভাৰতীয় পুৰুষ । উনৈশ শতিকাত মহিলাৰ উন্নয়নৰ বাবে  আগবাঢ়ি অহা এই মহান পুৰুষসকলৰ ভিতৰত ৰাজা ৰামমোহন ৰায়, ইশ্বৰচন্ত্ৰ বিদ্যাসাগৰ, কেশৱচন্দ্ৰ সেন, দয়ানন্দ সৰস্বতী, মহাদেৱ গোবিন্দ ৰানাডে, আদিৰ নাম অতি স্পষ্টভাৱে লব পাৰি । এই সমাজ সংস্কাৰকসকলে বটিছ শাসনৰ সহযোগত মহিলাসকলৰ স্থান আৰু মৰ্যাদা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল । ৰাজা ৰামমোহন ৰায়ৰ ব্ৰাহ্মসমাজ আৰু দয়ানন্দ সৰস্বতীৰ আৰ্যসমাজে মহিলা মণ্ডল গঠন কৰিছিল । আৰ্যসমাজ, ব্ৰাহ্মসমাজ, প্ৰাৰ্থনাসমাজ আদিয়ে মহিলাৰ সমতাৰ সমৰ্থন কৰিছিল । 
ভাৰতৰ ৰাজনৈতিক নেতৃত্বয়ো স্বাধীনতা আন্দোলনৰ সময়ত মহিলাসকলক গতিশীলতা প্ৰদান কৰি স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণৰ অনুপ্ৰেৰণা যোগাইছিল । সেই সময়ত অল ইণ্ডিয়া উইমেনছ কনফাৰেন্স আৰু নেচনেল ফেডাৰেচন অব ইণ্ডিয়ান উইমেন্স গঠন হয় । 


১৭. কিমান চনত আৰু কাৰ প্ৰচেষ্টাত স্বনিয়োজিত মহিলা সংগঠনৰ জন্ম হৈছিল ।

উত্তৰঃ ১৯৭২ চনত ইলা ভাটৰ প্ৰচেষ্টাত স্বনিয়োজিত মহিলা সংগঠনৰ জন্ম হৈছিল ।


১৮. এটা মহিলা সংগঠনৰ নাম লিখা ।

উত্তৰঃ  এটা মহিলা সংগঠনৰ নাম হল  
ক) মহিলা প্ৰগতিশীল সংগঠন ।


১৯. নেল্লোৰ জিলাৰ পুৰুষসকলৰ স্থানীয়ভাৱে তৈয়াৰ কৰা কোনবিধ সুৰাৰ আসক্তি আছিল । 

উত্তৰঃ  নেল্লোৰ জিলাৰ পুৰুষসকলৰ স্থানীয়ভাৱে তৈয়াৰ কৰা আৰাক নামৰ সুৰাবিধৰ প্ৰতি আসক্তি আছিল । 


২০. অন্ধ্ৰপ্ৰদেশৰ  ৰাজধানীৰ নাম কি ।

উত্তৰঃ  অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম হল হায়দৰাবাদ । 


২১. কিমান চনত হিন্দু বিবাহ আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ    ১৯৫৫ চনত হিন্দু বিবাহ আইন প্ৰণয়ন কৰা হৈছিল ।

২২. কিমান চনত উত্তৰাধিকাৰী আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ ১৯৫৬ চনত উত্তৰাধিকাৰী আইন প্ৰণয়ন কৰা হৈছিল ।


২৩. কিমান চনত বাল্যবিবাহ প্ৰতিৰোধ আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ  ১৯৭৮ চনত বাল্যবিবাহ প্ৰতিৰোধ আইন প্ৰণয়ন কৰা হৈছিল ।

২৪. কিমান চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল ।

২৫. ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যৰ বিষয়ে লিখা ।

উত্তৰঃ  ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য হল মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সু-নিশ্চিত কৰা ।


২৬. কিমান চনত ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি গ্ৰহণ কৰা হৈছিল ।

উত্তৰঃ  ২০০১ চনত ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি গ্ৰহণ কৰা হৈছিল ।


২৭.ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতিৰ কেইটামান উদ্দেশ্য লিখা ।

উত্তৰঃ  ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতিৰ কেইটামান উদ্দেশ্য হল 
ক) মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু পৌৰ অধিকাৰৰ আইনগত আৰু বাস্তৱিক প্ৰয়োগ ।
খ) মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ আৰু এক কাৰ্যদক্ষ ন্যায়িক ব্যৱস্থাৰ সৃষ্টি ।
গ) অৰ্থনৈতিক আৰু সামাজিক নীতিৰ দ্বাৰা এক ইতিবাচক  পৰিৱেশৰ সৃষ্টি কৰা যি পৰিৱেশত মহিলাসকলে তেওঁলোকৰ গুণগত মান নিৰ্ধাৰণ কৰি পুনৰ বিকাশ লাভ কৰিব পাৰে ।
ঘ) মহিলাসকলক সমপদবী, স্বাস্থ্য, নিয়োগ, সামাজিক নিৰাপত্তা আৰু সুবিধা প্ৰদান কৰা ।


২৮. চিপকো আন্দোলনৰ শব্দগত অৰ্থ কি ।

উত্তৰঃ  চিপকো আন্দোলনৰ শব্দগত অৰ্থ হল গছক সাবতি ধৰা আন্দোলন । 

২৯. চিপকো আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল ।

উত্তৰঃ  চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সুন্দৰলাল বহুগুণাই ।

৩০. চিপকো বা নাৰীবাদী আন্দোলন কাক বোলে ।

উত্তৰঃ  চৰকাৰে আদেশ দিয়ামতে  ঠিকাদাৰজনে গছ কাটিবলৈ লৈছিল । মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ আছিল চিপকো আন্দোলনত । সেয়েহে এই আন্দোলনটোৰ নাম হল চিপকো আন্দোলন । এই আন্দোলনটোট মহিলাসকলে অংশগ্ৰহণ কৰাকে ইয়াক চিপকো বা নাৰীবাদী আন্দোলন বোলে ।

৩১. চিপকো আন্দোলনৰ গুৰুত্বপূৰ্ণ অৱদান কি ।

উত্তৰঃ  চিপকো আন্দোলনৰ গুৰুত্বপূৰ্ণ অৱদান হল এই আন্দোলনে ভাৰতৰ বিভিন্ন স্থানত সামাজিক বিষয় আৰু সমস্যাৰ সমাধানৰ উদ্দেশ্য সামাজিক আন্দোলন আৰু গণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উদ্ধুদ্ধ কৰিছে ।


৩২. নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা ব্যক্তিজনৰ নাম লিখা ।

উত্তৰঃ  নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা ব্যক্তিজনৰ নাম হল মেধা পাটেকাৰ ।

৩৩. কিমান চনত সৰ্বভাৰতীয় মহিলা সন্মিলন অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ১৯২৭ চনত সৰ্বভাৰতীয় মহিলা সন্মিলন ইনুষ্ঠিত হৈছিল ।

৩৪. নৰ্মদা বাচাও আন্দোলনৰ সৈতে জড়িত হৈ পৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ নৰ্মদা বাচাও আন্দোলনৰ সৈতে জড়িত হৈ পৰা ব্যক্তিজনৰ নাম হল অৰুন্ধতি ৰয় ।


৩৫. নৰ্মদা বাচাও আন্দোলনত  নৰ্মদা নদীৰ ওপৰত কেইটা  সৰু নদীবান্ধ দিয়া হৈছিল ।

উত্তৰঃ  নৰ্মদা বাচাও আন্দোলনত নৰ্মদা নদীৰ ওপৰত ৩,০০০ হাজাৰ সৰু সৰু নদীবান্ধ দিয়া হৈছিল ।

 ৩৬. ৰাষ্ট্ৰীয় পুনৰসংস্থাপন নীতি কিমান চনত গ্ৰহণ কৰা হৈছিল ।

উত্তৰঃ  ২০০৩ চনত ৰাষ্ট্ৰীয় পুনৰসংস্থাপন নীতি গ্ৰহণ কৰা হৈছিল ।

৩৭. নামনি সোৱণশিৰি নদীবান্ধবিৰোধী আন্দোলনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  অসমৰ বিগত বছৰবোৰত অৰুণাচল প্ৰদেশৰ গেৰুকামুখত নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন আৰম্ভ কৰা হৈছে । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত কেবাটাও নদী আৰু উপনদীয়ে যথেষ্ট উচ্চতাৰ পৰা নামনি অঞ্চললৈ বৈ অহাৰ ফলত জলশক্তিৰ সম্ভাব্য ভাণ্ডাৰৰূপে পৰিচয় লাভ কৰিছে । সেয়েহে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জলশক্তি নিগম আৰু অন্যান্য ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে শতাধিক প্ৰকল্প নিৰ্মাণ কৰিছে । অৰুণাচল প্ৰদেশত ১৬৮ টা নদীবান্ধৰ জৰিয়তে বহুতো কাম হাতত লোৱা হৈছে । কিন্তু এই প্ৰকল্পসমূহে অসমত ব্যাপক ক্ষতিসাধন কৰাৰ আশংকা পৰিলক্ষিত হৈছে । সেয়েহে এই প্ৰকল্পসমূহৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ ৰঙানদী বান্ধৰ প্ৰকল্পৰ পৰা ২০০৮ চনপত হঠাতে পানী এৰি দিয়াৰ ফলত অসমৰ ৩৪৭ খন গাওঁ জলমগ্ন হৈছিল । একেদৰে ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা উলিয়াই দিয়া পানীয়ে বেঁকী-মানাহ নদীত ধলৰ সৃষ্টি কৰি উত্তৰ কামৰূপৰ বহু গাওঁ জলমগ্ন কৰে । 

৩৮. সুন্দৰলাল বহুগুণা কোনটো আন্দোলনৰ লগত জড়িত আছিল ।
উত্তৰঃ  সুন্দৰলাল বহুগুণা চিপকো আন্দোলনৰ লগত জড়িত আছিল ।

৩৯. দলীয় ভিত্তিত হোৱা দুটা আন্দোলনৰ নাম লিখা ।
উত্তৰঃ  দলীয় ভিত্তিত হোৱা দুটা আন্দোলনৰ নাম হল 
ক) চিপকো আন্দোলন ।
খ) নৰ্মদা বাচাও আন্দোলন ।

৪০. সামাজিক আন্দোলনৰ  তিনিটা গুৰুত্বপূৰ্ণ কাৰ্য কি কি ।
উত্তৰঃ  সামাজিক আন্দোলনৰ তিনিটা গুৰুত্বপূৰ্ণ কাৰ্য হল 

ক) সামাজিক আন্দোলনসমূহে সমাজ আৰু ব্যক্তিৰ মাজত সম্পৰ্ক স্থাপন কৰিছে । এই আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণ বিভিন্ন ধৰণৰ সামাজিক সমস্যা সম্পৰ্কে সজাগ হৈছে । সামাজিক পৰিৱৰ্তন প্ৰক্কিয়াত সমাজৰ লোকসকলৰ অংশগ্ৰহণ আৰু ভূমিকা পালনৰ সুযোগ প্ৰদান কৰিছে এই আন্দোলনসমূহগে ।

খ) সামাজিক আন্দোলনসমূহে জনসাধাৰণক শিক্ষাপ্ৰদান আৰু গতিশীল কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে । এই আন্দোলনসমূহে বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা, নীতি আৰু পৰিকল্পনাৰ অৰ্থ আৰু প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে । আন্দোলনসমূহে বিকাশৰ নতুন ধাৰণা আৰু বিকল্প আৰ্হিও উদ্ভাৱন কৰে । ইয়াৰ ফলত জনসাধাৰণ সচেতন হয় আৰু ৰাজনৈতিক দল আৰু চৰকাৰৰ কাম-কাজ মূল্যায়ন কৰিবলৈ সমৰ্থ হয় ।

গ) সামাজিক আন্দোলনসমূহে সাধাৰণ আৰু নিৰ্দিষ্টভাৱে জনসাধাৰণৰ চিন্তা, আশা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে । 

Type By- Ali Rani Kakati