বজাৰৰ ভাৰসাম্য়

1. এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাৰ দ্বাৰা গঠিত হয়?

(ক)ক্ৰেতাৰ দ্বাৰা

(খ)বিক্ৰেতাৰ দ্বাৰা

(গ)ক্ৰেতা আৰু বিক্ৰেতাৰ দ্বাৰা

উত্তৰঃ (গ)ক্ৰেতা আৰু বিক্ৰেতাৰ দ্বাৰা

2. উপভোক্তাৰ উদ্দেশ্য় কি?

(ক)সন্তুস্তি সৰ্বাধিক কৰা

(খ)বিক্ৰি কৰা

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)সন্তুস্তি সৰ্বাধিক কৰা

3. ভাৰসাম্য় অৱস্থাত ভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্য় কি হৈ পৰে?

(ক)অমিল হৈ পৰে

(খ)মিলিত হৈ পৰে

(গ)একো নহয়

উত্তৰঃ (খ)মিলিত হৈ পৰে

4. উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্য় মিলিত হৈ বজাৰ সম্পাদিত হোৱা অৱস্থাক কি বোলে?

(ক)ভৌগোলিক অৱস্থা

(খ)ভাৰসাম্য় অৱস্থা

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ভাৰসাম্য় অৱস্থা

5. ভাৰসাম্য় অৱস্থাত প্ৰতিষ্ঠানে বিক্ৰি কৰিব বিচৰা সামগ্ৰীৰ পৰিমাণৰ লগত উপভোক্তাই বিচৰা পৰিমাণৰ লগত কি হয়?

(ক)বেছি

(খ)কম

(গ)সমান

উত্তৰঃ (গ)সমান

6. ভাৰসাম্য় দাম কি?

(ক)ভাৰসাম্য় অৰ্জন হোৱা দাম

(খ)বজামম দাম

(গ)সামগ্ৰীৰ দাম

উত্তৰঃ (ক)ভাৰসাম্য় অৰ্জন হোৱা দাম

7. ভাৰসাম্য় দামত বিক্ৰি হোৱা  পৰিমাণক কি বোলে?

(ক)বজাৰৰ পৰিমান

(খ)সামমগ্ৰীৰ পৰিমাণ

(গ)ভাৰসাম্য় পৰিমান

উত্তৰঃ (গ)ভাৰসাম্য় পৰিমান

8. যদি কোনো দামত বজাৰ চাহিদা বজাৰ যোগানতকৈ অধিক হয় তেন্তে কি উদ্ভৱ হয়?

(ক)অতিৰিক্ত বিক্ৰেতাৰ

(খ)অতিৰিক্ত চাহিদাৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)অতিৰিক্ত চাহিদাৰ

9. কোনখন বজাৰৰ ভাৰসাম্য়তাক শূণ্য় অতিৰিক্ত চাহিদা শূণ্য় অতিৰিক্ত যোগান অৱস্থা বুলি অভিহিত কৰা হয়?

(ক)অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰক

(খ)পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰক

(গ)ভাৰ,সাম্য় বজাৰক

উত্তৰঃ (খ)পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰক

10. বজাৰৰ যোগান বজাৰৰ চাহিদাৰ সমান নহলে বজাৰখনৰ অৱস্থা কি হয়?

(ক)ভাৰসাম্য় অৱস্থাত থাকে

(খ)ভাৰসাম্য় অৱস্থাত নাথাকে

(গ)
বেয়া

উত্তৰঃ (খ)ভাৰসাম্য় অৱস্থাত নাথাকে

11. বজাৰখনৰ কেনে অৱস্থা হলে দামৰ পৰিবৰ্তন হোৱা প্ৰৱণতা থাকে?

(ক)ভাৰসাম্য় অৱস্থাত থাকিলে

(খ)ভাৰসাম্য় অৱস্থাত নাথাকিলে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ভাৰসাম্য় অৱস্থাত নাথাকিলে

12. "অদৃশ্য় হাত"এ কাম আৰম্ভ কৰি দামৰ পৰিৱৰ্তন কৰে বুলি কাৰ  দিনৰ পৰা আৰম্ভ হৈছে?

(ক)হিউৱেনচাংৰ

(খ)আদাম স্মিথৰ

(গ)এৰিষ্টটলৰ

উত্তৰঃ (খ)আদাম স্মিথৰ

13. অতিৰিক্ত চাহিদাৰ সময়ত দাম বৃদ্ধি আৰু অতিৰিক্ত যোগানৰ সময়ত দাম হ্ৰাস কৰা কামটো কোনে কৰে?

(ক)চৰকাৰে

(খ)সমাজে

(গ)অদৃশ্য় হাতে

উত্তৰঃ (গ)অদৃশ্য় হাতে

14. শ্ৰমৰ বজাৰত পৰিয়ালবোক কি?

(ক)সমাজ

(খ)আলহী

(গ)শ্ৰমৰ যোগান ধৰোতা

উত্তৰঃ (গ)শ্ৰমৰ যোগান ধৰোতা

15. শ্ৰমৰ চাহিদা কোনে সৃষ্টি কৰে?

(ক)সমাজে

(খ)পৰিয়ালে

(গ)উৎপাদন প্ৰতিষ্ঠানে

উত্তৰঃ (গ)উৎপাদন প্ৰতিষ্ঠানে

16. শ্ৰমৰ চাহিদা আৰু যোগান ৰেখা কটাকটিৰ ফলত কি নিৰ্ধাৰণ হয়?

(ক)চাহিদা

(খ)মজুৰিৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)মজুৰিৰ

17. মজুৰিৰ কি বৃদ্ধি হলে জিৰণিৰ সুযোগ ব্য়য় বৃদ্ধি হব?

(ক)মজুৰিৰ কৰ

(খ)মজুৰিৰ আয়

(গ)মজুৰিৰ সময়

উত্তৰঃ (খ)মজুৰিৰ আয়

18. কোনডাল ৰেখাই এটা নিৰ্দিষ্ট বিন্দুলৈ প্ৰতিবাৰ মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যোগান বৃদ্ধি হোৱাটো দেখুৱায়?

(ক)যোগান ৰেখাই

(খ)পৰিমাণ ৰেখাই

(গ)চাহিদা ৰেখাই

উত্তৰঃ (ক)যোগান ৰেখাই

19. যোগান আৰু চাহিদা ৰেখা উভয়ে সোফালে স্থানান্তৰিত হব পাৰেনে?

(ক)পাৰে

(খ)নোৱাৰে

(গ)লাগে

উত্তৰঃ (ক)পাৰে

20. যোগান ৰেখাডাল  কোনফালে স্থানান্তৰিত হব পাৰে?

(ক)সো-ফালে

(খ)বাওঁ-ফালে

(গ)উভয়ে


উত্তৰঃ 
(গ)উভয়ে