GU BA 2nd Sem

Assamese

Chapter 1 Question Answer

মাইলচব্ৰন্সনঃ 'আভাস' (অচমিয়া-ইংৰাজী অভিধান)


▶▶ অতি চমু প্রশ্নোত্তৰঃ

১। অসমীয়া ভাষালৈ আগবঢ়োৱা যুগান্তকাৰী অৱদান "অচমিয়া আৰু ইংৰাজী অভিধান" কোনে প্রণয়ন কৰিছিল?

উত্তৰঃ ড° মাইলছ ব্রন্সনে।

২। মাইল্ছ  ব্রন্সন কোন?

উত্তৰঃ মাইল্ছ ব্রন্সন অৰুণোদয় যুগৰ এগৰাকী স্বনামধন্য খ্ৰীষ্টান মিছনেৰী, অনুবাদক আৰু অভিধান প্রণেতা।


৩। অসমত প্রথম ছপাশাল কেতিয়া প্রতিষ্ঠা হয়?

উত্তৰঃ ১৮৪০ চনত (মিছনেৰীৰ দ্বাৰা শিৱসাগৰত)

৪। বঙলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনত প্রবল বাধা দিয়া ব্যক্তিজন কোন আছিল?

উত্তৰঃ ৰবিন্সন চাহাব।

৫। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন ৰচনা কৰাৰ সময়ত ৰবিন্সন চাহাব কি পদত অধিষ্ঠিত আছিল?

উত্তৰঃ গুৱাহাটী ছেমিনাৰীৰ হেড মাষ্টৰ পদত।


৬। 'যাবলৈ মোৰ সত যোৱা নাই, মোৰ হিয়া অসমতে থাকি যাব'- বুলি কোনজন খৃষ্টান মিচনাৰীয়ে কৈছিল?

উত্তৰঃ ড° মাইলছ ব্রন্সন চাহাবে।

৭। মাইলছ ব্ৰন্সনৰ অভিধানখনৰ শব্দাবলীৰ ভিত্তি কি? 

উত্তৰঃ যদুৰাম ডেকা বৰুৱাৰ বৰ্ণ-বিন্যাস ৰীতি।


▶▶ চমু প্রশ্নোত্তৰঃ


১। মাইল্‌ছ ব্ৰন্সনৰ ইংৰাজী আৰু অসমীয়া অভিধান প্রণয়নৰ উদ্দেশ্য কি আছিল?


উত্তৰঃ ভাষা এটা শিকাৰ ক্ষেত্ৰত পাৰিপার্শ্বিক জগতৰ লগত মিলামিচা কৰাটো যিমান গুৰুত্বপূৰ্ণ ঠিক সেইদৰে, অভিধানৰ প্রাসঙ্গিকতাও সিমনেই গুৰুত্বপূর্ণ। এইক্ষেত্রত বিভিন্ন প্রয়োজনত দ্বিতীয় ভাষা এটা যেতিয়া শিকাৰ প্ৰয়োজনীয়তা আহি পৰে তেতিয়া অভিধানৰ গুৰুত্বও শিকাৰুৱে দুগুণে উপলব্ধি কৰে তেতিয়া পাৰিপাৰ্শ্বিক জগতৰ লগতে সকলো কিতাপ- পুথিৰ ভিতৰত অভিধানক আগস্থান দিয়া হয়। অসমত ব্ৰিটিছ ৰাজত্বৰ সময়ত যিসকল ইংৰাজী লোকে অসমীয়া শিকিবলৈ ইচ্ছা কৰিছিল আৰু যিসকল অসমীয়াই ইংৰাজী শিকিবলৈ প্ৰচেষ্টা চলাইছিল, এই সকলোবোৰ মানুহৰ উপকাৰৰ নিমিত্তে অসমীয়া-ইংৰাজী অভিধানখন ৰচনা কৰিছিল।

            'ইংৰাজী আৰু অসমীয়া অভিধান'ৰ 'আভাস' হিচাপে লিখা কথাখিনিৰ যোগেদি বন্সনৰ অসমীয়া ভাষাৰ প্ৰতি থকা শ্রদ্ধা সন্মানৰ ভৱ প্ৰকাশ পোৱাৰ লগতে অসমীয়া ভাষাক ৰক্ষা কৰাৰ এজন দূৰদৰ্শী ব্যক্তি তথা অসমীয়া ভাষাৰ ভৱিষ্যৎ নির্মাতা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সুদূৰ আমেৰিকাৰ পৰা ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি সেই সময়ত অসমৰ ভাষাগত সমস্যাৰ কথা বুজি যি প্রচেষ্টা হাতত লৈছিলতাৰ বাবে অসমীয়া জাতি ব্ৰন্সনৰওচৰত ঋণী হৈ থাকিব।

২। মাইল্‌ছ ব্রন্সনৰ 'ইংৰাজী আৰু অসমীয়া অভিধান'খনৰ আভাস'ত বর্ণিত মূল কথাখিনি উল্লেখ কৰা।

উত্তৰঃ ত্রয়োদশ শতিকাৰ পৰা অসমত ৰাজত্ব কৰা ৰজাসকলে অসমীয়া ভাষাৰ বিকাশৰ বাবে যি পৃষ্ঠপোষকতা আগবঢ়াইছিল তাৰ ইংগিত 'আভাস'ত পোৱা যায়। চুকাফাই ১২২৮ খ্রীষ্টাব্দত আহোম ৰাজবংশ প্রতিষ্ঠা কৰি ছশ বছৰ ৰাজত্ব কৰিছিল। তেওঁলোকৰ মাতৃভাষা খাতি জাতিৰ সম্বন্ধীয় আছিল কিন্তু সেই ৰজাসকলৰ মাতৃভাষাই অসমীয়া ভাষাৰ ওপৰত কোনো বিৰূপ প্রভাৱ পেলোৱা নাছিল; বৰঞ্চ সময়ৰ সোঁতত আহোমসকলৰ নিজস্ব মাতৃভাষা লোপ পালে আৰু তাৰ ঠাইত অসমীয়া ভাষাই বিকাশ লাভ কৰি সকলোৰে আদৰৰ হৈ পৰিল। উল্লেখযোগ্য যে আহোম ৰাজত্বৰ সময়ত বা ইয়াৰ পৰৱৰ্তী কালছোবাত যুদ্ধ-বিগ্রহ ৰাজ্যৰ উত্থান-পতন ইতিহাসৰ এনে স্বাভাৱিক ঘটনা হৈছিল যদিও অসমৰ মাতৃভাষাক কোনেও ছিন্ন কৰিব পৰা নাছিল। এনে দৃষ্টিকোণৰ পৰা এটা কথা প্রতীয়মান হয় যে সেই সময়ৰ ৰাজবংশসমূহে অসমীয়া ভাষাৰ পৃষ্ঠপোষকতা কৰি ভাষাটোৰ বিকাশত সহায় কৰিছিল।

৩। মাতৃভাষা উন্নতিৰ বাবে ব্রন্সনে কেনেধৰণৰ পৰামৰ্শ আগবঢ়াইছিল?

উত্তৰঃ এটা জাতিৰ মানুহে নিজস্ব মাতৃভাষাক কেনেকৈ উন্নতি কৰিব পাৰিব তাৰ ইংগিত ব্রন্সনে 'আভাস'ত দিছে। তেওঁ প্রসঙ্গক্রমে উল্লেখ কৰিছে যে বঙালী ভাষা এটা সময়ত কম চর্চিত আৰু বিকাশশীল নাছিল। কিন্তু বঙালী শিক্ষিত লোকসকলে বঙলা ভাষাক চর্চাৰ যোগেদি সৃষ্টিশীল সাহিত্য সম্ভাৰবোৰে বঙলা সাহিত্যক টনকিয়াৰ কৰাৰ দৰে অসমীয়া অসমীয়া জাতিয়েও অসমীয়া ভাষাৰ ভেটি টনকিয়াল কৰে তাৰ বাবে ব্রন্সনে অসমীয়া মানুহক আহ্বান জনাইছে। এইক্ষেত্রত ব্রন্সনে বিশেষকৈ যিসকল অসমীয়াই ইংৰাজী ভাষাৰ সাহিত্য পঢ়ি ন ন জ্ঞান আহৰণ কৰিছে, তেওঁলোকে সেই জ্ঞানৰ দ্বাৰা অসমীয়া ভাষাৰ নানাবিধ স্কুলৰ কিতাপ পৃথি ছপাই প্রকাশ কৰিলে দেশৰ মানুহৰ জ্ঞান বাঢ়িব, ভাষাও উন্নতি হ'ব আৰু সকলোৰে মাজত সমাদৰ লাভ কৰি ভাষাটোও মান্যবন্ত হৈ উঠিব।

▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। মাইল্ছ ব্রন্সনৰ ইংৰাজী আৰু অসমীয়া অভিধানৰ 'আভাস'ৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা।

উত্তৰঃ মাইল্‌ছ ব্ৰন্সন অৰুণোদয় যুগৰ এগৰাকী স্বনামধন্য খ্রীষ্টান মিছনেৰী, অনুবাদক আৰু অভিধান প্রণেতা। অসমীয়া ভাষা সাহিত্য জগতলৈ তেওঁৰ যুগান্তকাৰী অৱদান হ'ল ১৮৬৭ চনত প্রকাশ হোৱা 'ইংৰাজী-অসমীয়া অভিধান'। তেওঁ যুগুত কৰা অভিধানখন যদুৰাম ডেকাবৰুৱাই কর্ণেল জেনকিন্স চাহাবক উপহাৰ দিয়া অভিধানখনৰ বানান পদ্ধতি অনুসৰণ কৰিছিল। ১৪,০০০ শব্দৰে সংকলিত এই অভিধানখনৰ আখৰ জোঁটনি আৰু বানানৰ প্রয়োগ উচ্চাৰণ ৰীতিৰ ফালে দৃষ্টি ৰাখি কৰিছিল। উল্লেখযোগ্য যে এই প্রথম প্রকাশিত অভিধানখনে ১৯০০ খ্রীষ্টাব্দ পর্যন্ত অসমীয়া অভিধানৰ অভাৱ পূৰণ কৰিছিল।

ব্ৰন্সনৰ ইংৰাজী আৰু অসমীয়া অভিধান প্রণয়নৰ উদ্দেশ্যঃ ভাষা এটা শিকাৰ ক্ষেত্ৰত পাৰিপার্শ্বিক জগতৰ লগত মিলামিচা কৰাটো যিমান গুৰুত্বপূর্ণ ঠিক সেইদৰে, অভিধানৰ প্রাসঙ্গিকতাও সিমনেই গুৰুত্বপূর্ণ। এইক্ষেত্ৰত বিভিন্ন প্রয়োজনত দ্বিতীয় ভাষা এটা যেতিয়া শিকাৰ প্ৰয়োজনীয়তা আহি পৰে তেতিয়া অভিধানৰ গুৰুত্বও শিকাৰুৱে দুগুণে উপলব্ধি কৰে তেতিয়া পাৰিপার্শ্বিক জগতৰ লগতে সকলো কিতাপ-পুথিৰ ভিতৰত অভিধানক আগস্থান দিয়া হয়। অসমত ব্রিটিছ ৰাজত্বৰ সময়ত যিসকল ইংৰাজী লোকে অসমীয়া শিকিবলৈ ইচ্ছা কৰিছিল আৰু যিসকল অসমীয়াই ইংৰাজী শিকিবলৈ প্রচেষ্টা চলাইছিল, এই সকলোবোৰ মানুহৰ উপকাৰৰ নিমিত্তে অসমীয়া-ইংৰাজী অভিধানখন ৰচনা কৰিছিল।

'ইংৰাজী আৰু অসমীয়া অভিধান'খনৰ আভাস'ত বর্ণিত মূল কথাঃ ত্রয়োদশ শতিকাৰ পৰা অসমত ৰাজত্ব কৰা ৰজাসকলে অসমীয়া ভাষাৰ বিকাশৰ বাবে যি পৃষ্ঠপোষকতা আগবঢ়াইছিল তাৰ ইংগিত 'আভাস'ত পোৱা যায়। চুকাফাই ১২২৮ খ্রীষ্টাব্দত আহোম ৰাজবংশ প্রতিষ্ঠা কৰি ছশ বছৰ ৰাজত্ব কৰিছিল। তেওঁলোকৰ মাতৃভাষা খামতি জাতিৰ সম্বন্ধীয় আছিল কিন্তু সেই ৰজাসকলৰ মাতৃভাষাই অসমীয়া ভাষাৰ ওপৰত কোনো বিৰূপ প্রভাৱ পেলোৱা নাছিল বৰঞ্চ সময়ৰ সোঁতত আহোমসকলৰ নিজস্ব মাতৃভাষা লোপ পালে আৰু তাৰ ঠাইত অসমীয়া ভাষাই বিকাশ লাভ কৰি সকলোৰে আদৰৰ হৈ পৰিল। উল্লেখযোগ্য যে আহোম ৰাজত্বৰ সময়ত বা ইয়াৰ পৰৱৰ্তী কালছোৱাত যুদ্ধ-বিগ্রহ ৰাজ্যৰ উত্থান-পতন ইতিহাসৰ এনে স্বাভাৱিক ঘটনা হৈছিল যদিও অসমৰ মাতৃভাষাক কোনেও ছিন্ন কৰিব পৰা নাছিল। এনে দৃষ্টিকোণৰ পৰা এটা কথা প্রতীয়মান হয় যে সেই সময়ৰ ৰাজবংশসমূহে অসমীয়া ভাষাৰ পৃষ্ঠপোষকতা কৰি ভাষাটোৰ বিকাশত সহায় কৰিছিল।

ব্রিটিছ ৰাজত্বকালত অসমীয়া ভাষাৰ ভাষিক স্থিতিঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ যোৱাৰ পিছত অসমীয়া ভাষাৰ স্থিতি এক দীঘলীয়া সময়ৰ বাবে স্থিমিত হৈ পৰিছিল। তেওঁলোকে পূৰ্বৰ শাসনকর্তাসকলৰ দৰে অসমীয়া ভাষাটোৰ পৃষ্ঠপোষতানকৰি, ভাষাটোৰ বিকাশৰ বাবে কাম নকৰি তেওলোকে অসমীয়া ভাষাটোৰ ওপৰতো প্রভূত্ব সৌহার্দপূর্ণ মনোভাৱ থকাৰ বিপৰীতে ব্ৰিটিছসকলে শোষণৰ স্বাৰ্থৰ কাৰণেই হওঁক বাশাসনৰ সুবিধাৰ কাৰণেই হওঁক তেওঁলোকে উচ্চপদস্থ বঙালী আমোলা বিষয়াসকলৰ কথা শুনি ৰাজ্যিক ভাষিক আইন উলঙঘা কৰি অসমত ১৮৩৬ চনত বঙালী ভাষাৰ প্ৰচলন কৰিলে। ইয়াৰ ফলত স্কুল-আদালত তথা চৰকাৰী কাম-কাজত বঙলা ভাষাৰে কাম কৰি অসমত বঙালী ভাষাক লাগি অসমীয়া ভাষাক এলাগি কৰিছিল।

ব্রিটিছ ৰাজত্বকালত অসমীয়া মানুহৰ আৰ্থিক তথা সামাজিক স্থিতিঃ অসমত ব্রিটিছ ৰাজত্বৰ আগতে মান-মুছলমান তথা আন কেইবাটাও ৰাজবংশৰ আক্রমণে অসমৰ আৰ্থ- সামাজিক অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল। যাৰফলত অসমখন জনশূন্য হৈ পৰিছিল। ত্রাণকর্তা ব্রিটিছসকলেঅসমীয়া মানুহক কুখ্যাত মানৰ পৰা ৰক্ষা কৰিছিল কিন্তু তেতিয়াও অসমক সুস্থিৰ বাতাবৰণলৈ আনিছিল কিন্তু তেতিয়াও অসমীয়া জাতিয়ে আর্থিক দিশত স্বাৱলম্বী হৈ উছিঠব পৰা নাছিল। ইফালে ভাষাৰ পৰিৱৰ্তনেও আর্থ-সামাজিক দিশত বিৰূপ প্রভাৱ পেলাইছিল। একাংশ শিক্ষিতচামে জীৱিকাৰ উপাই হিচাপে বঙলা ভাষা শিকি বঙালী- অসমীয়া মিলাই আর্জি লিখি দুই পইচা অৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও মাহাত্মা গান্ধীৰ 'হিন্দুস্থানী' ভাষাৰ লগতে বঙালী-অসমীয়া ভাষা মিহলাই কাম-কাজ কৰিছিল। কিন্তু এইসকল মানুহেও আকৌ নিজৰ ঘৰত শুদ্ধ অসমীয়া ভাষাৰে আলাপ-আলোচনা কৰিছিল। ইয়াৰ পৰা দেখা যায় যে সেই সময়ত অসমীয়া ভাষা যেন চাৰিবেৰৰ মাজত প্ৰচলিত আছিল।

মাতৃভাষাৰ উন্নতিয়েই সর্বাঙ্গীন উন্নতিঃ অভিধানৰ আভাস হিচাপে লিখা কথাখিনিত এই দিশটোও পৰিস্ফুট হৈছে। মাতৃভাষাৰ বিকাশ হ'লেহে দেশ এখন বা জাতি এটাই উন্নতিৰ জখলাত দোপতদোপে বগাব পাৰে। এটা জাতিৰ ভাষা যদি বিকাশ নহয় সেই জাতিৰ সর্বাঙ্গীন বিকাশো স্তব্ধ হৈ পৰে। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমত বঙলা ভাষা প্রচলন হোৱাৰ কাৰণে অসমীয়া ভাষা সংস্কৃতিৰ যি অপূৰণীয় ক্ষতি হৈছিল তাৰ ফলত অসমীয়া মানুহৰ ভাষা আৰু সংস্কৃতি আন আন ৰাজ্যৰ তুলনাত বহু পিছ পৰি থাকিল।

মাতৃভাষা উন্নতিৰ বাবে ব্রন্সনৰ পৰামৰ্শঃ এটা জাতিৰ মানুহে নিজস্ব মাতৃভাষাক কেনেকৈ উন্নতি কৰিব পাৰিব তাৰ ইংগিত ব্রন্সনে 'আভাস'ত দিছে। তেওঁ প্রসঙ্গক্রমে উল্লেখ কৰিছে যে বঙালী ভাষা এটা সময়ত কম চর্চিত আৰু বিকাশশীল নাছিল। কিন্তু বঙালী শিক্ষিত লোকসকলে বঙলা ভাষাক চৰ্চাৰ যোগেদি সৃষ্টিশীল সাহিত্য সম্ভাৰবোৰে বঙলা সাহিত্যক টনকিয়াৰ কৰাৰ দৰে অসমীয়া অসমীয়া জাতিয়েও অসমীয়া ভাষাৰ ভেটি টনকিয়াল কৰে তাৰ বাবে ব্ৰন্সনে অসমীয়া মানুহক আহ্বান জনাইছে। এইক্ষেত্রত ব্রন্সনে বিশেষকৈ যিসকল অসমীয়াই ইংৰাজী ভাষাৰ সাহিত্য পঢ়ি ন ন জ্ঞান আহৰণ কৰিছে, তেওঁলোকে সেই জ্ঞানৰ দ্বাৰা অসমীয়া ভাষাৰ নানাবিধ স্কুলৰ কিতাপ পুথি ছপাই প্রকাশ কৰিলে দেশৰ মানুহৰ জ্ঞান বাঢ়িব, ভাষাও উন্নতি হ'ব আৰু সকলোৰে মাজত সমাদৰ লাভ কৰি ভাষাটোও মান্যৱন্ত হৈ উঠিব।

              'ইংৰাজী আৰু অসমীয়া অভিধান'ৰ 'আভাস' হিচাপে লিখা কথাখিনিৰ যোগেদি বন্সনৰ অসমীয়া ভাষাৰ প্ৰতি থকা শ্রদ্ধা সন্মানৰ ভৱ প্ৰকাশ পোৱাৰ লগতে অসমীয়া ভাষাক ৰক্ষা কৰাৰ এজন দূৰদৰ্শী ব্যক্তি তথা অসমীয়া ভাষাৰ ভৱিষ্যৎ নির্মাতা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সুদূৰ আমেৰিকাৰ পৰা ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি সেই সময়ত অসমৰ ভাষাগত সমস্যাৰ কথা বুজি যি প্রচেষ্টা হাতত লৈছিল তাৰ বাবে অসমীয়া জাতি ব্ৰন্সনৰ ওচৰত ঋণী হৈ থাকিব।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)