Class 11 Anthropology
Chapter 4
মানৱ বিৱৰ্তন
অনুশীলনীঃ
👉Download Books PDF
👉Paid Answer (For Membership User)
১। চমু উত্তৰ দিয়াঃ
(ক) কোনটো ভূ-তাত্ত্বিক যুগত মানুহৰ আৱিৰ্ভাব হৈছিল?
Answer: কোৱাটাৰনাৰি যুগৰ প্লিষ্ট'ছিন পৰ্য্যায় ভূ-তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল।
(খ) জাভা মানুহৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰিছিল? জাভা মানুহ কোন ভূতাত্ত্বিক যুগত বাস কৰিছিল?
Answer: জাভা মানুহৰ জীৱাশ্ম ডুবিয়ে জাভায়ে আবিষ্কাৰ কৰিছিল। জাভা মানুহে মানৱ মধ্য প্লিষ্ট’ছিন ভূতাত্ত্বিক যুগত বাস কৰিছিল।
(গ) চাৰ্লচ ডাৰউইনৰ দুখন গ্ৰন্থৰ নাম লিখা।
Answer: চাৰ্লচ ডাৰউইনৰ গ্ৰন্থৰ নাম হল ―
(১) ‘Origin of Species’
(২) ‘Descent of Man’s
(ঘ) 'অষ্টেল 'পিথেকাচ আফ্রিকানাচ'ৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰিছিল?
Answer: ৰেমণ্ড ডাৰ্টৈ।
(ঙ) প্লিষ্ট'ছিন ভূ-তাত্ত্বিক যুগক কেইটা ভাগত বিভক্ত কৰা হৈছে? এই ভাগসমূহ কি কি?
Answer: প্লিষ্ট’ছিন ভূ- তাত্ত্বিক যুগক তিনিটা ভাগত বিভক্ত কৰা হৈছে ভাগ কেইটা হল―
১। আৰম্ভণি প্লিষ্ট’ছিন যুগ।
২। মধ্য প্লিষ্ট’ছিন যুগ।
৩। শেষ প্লিষ্ট’ছিন যুগ।
২। জৈৱিক বিৱৰ্তন সম্পর্কে এটা চমুটোকা লিখা।
Answer: সৰল জীৱজগতখনৰ ক্ৰমাৎ পৰিবৰ্তনৰ মাজেদি আদি বিচিত্ৰ জীৱজগতখনৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক জৈৱিক বিৱৰ্তন বোলা হয়.
উৎপত্তি পিছত জীৱই নানা বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ যোগেদি ৰূপ সলায়। সৃষ্টি আদিতে উৎপন্ন হোৱা অতি সৰল ধৰণৰ কিছুমান জীৱৰ পৰাই বিভিন্ন ভৌগোলিক সময়ত পৰিৱতিত অৱস্থাত খাপখুৱাকৈ বিভিন্ন ৰূপত বিভিন্ন জীৱৰ আৱিৰ্ভাৱ হৈছিল। ধীৰ অথচ নিশ্চিত প্ৰাকৃতিক নিয়মৰ মাজেদি সৃষ্টিৰ আদিৰ পৰা এনে বিৰ্ৱৰণ চলি আছে। লেমাৰ্ক, ডাৰউইন, ৱাইজমেন, ডি ভ্ৰিচ আদিয়ে এই সম্পৰ্ক আগবঢ়োৱা তন্ত্ৰ সমূহক একেলগে জৈৱিক বিৱৰ্তন তন্ত্ৰ বোলা হয়।
৩। মানৱ বিৱৰ্তন সম্বন্ধে চমুকৈ বৰ্ণনা কৰা।
Answer: মানৱৰ বিৱৰ্তনৰ ইতিহাস এক দীঘলীয়া ইতিহাস। পৃথিৱীৰ সৃষ্টিৰ পৰা বহু নিযুত বৰ্ষলৈ পৃথিৱীত মানুহ নামৰ প্ৰজাতিটোৰ কোনো অস্তিত্বই নাছিল। ভূ-তাত্ত্বিক দিশৰ পৰা মেচ'জইক যুগত স্তন্যপায়ী প্ৰাণীৰ আৱিৰ্ভাৱ হৈছিল। প্ৰায় ৩৬-৪২ নিযুত বৰ্ষ পূৰ্বে স্তন্যপায়ী শ্ৰেণীৰ (Mammals) প্ৰাইমেট নামৰ এটা উপশাখা বা বৰ্গ সৃষ্টি হয়। খৰান্জীয়া বান্দৰ যেনে- গৰিলা, চিম্পাঞ্জী, গিবন, দীঘলনেজীয়া বান্দৰ, মানুহ আদি এই প্ৰাইমেট বৰ্গৰ ভিতৰত পৰে। প্ৰায় ২৪ নিযুত বৰ্ষ পূৰ্বে এই প্ৰাইমেটৰ এটা উপবৰ্গ হমিনইডৰ বিকাশ হয়। খৰানেজীয়া বান্দৰ, মানুহ এই হ'মিনইড উপবৰ্গৰ অন্তৰ্গত। হ'মিনইডসমূহৰ পুনৰ বিৱৰ্তন হৈ হমিনিড নামৰ অন্য এক জীৱৰ বিকাশ হয়। হ'মিনিডসমূহ হ'মিনিডি গোত্ৰত পৰে। হ'মিনইড আৰু হ'মিনিডৰ মাজত থকা প্ৰধান পাৰ্থক্য আছিল মগজুৰ আকৃতি আৰু খোজকঢ়াৰ ভংগীমা। হ'মিনিডৰ মগজু তুলনামূৱকভাৱে ডাঙৰ হোৱাৰ লগতে তেওঁলোকে দুই ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িব পাৰিছিল। হ'মিনিডবিলাকৰ শৰীৰৰ আগভাগ থিয় হোৱাৰ লগতে দুই ভৰিত ভৰ দি খোজকঢ়াৰ ফলত তেওঁলোকে হাত দুখন কামত লগাব পাৰিছিল। হ'মিনিডবিলাকে হাতেৰে বিভিন্ন আহিলা ব্যৱহাৰ কৰিব পাৰিছিল। হ'মিনিডবিলাককপুনৰ কিছুমান গণত ভাগ কৰা হৈছে। ইয়াৰে দুটা উল্লেখযোগ্য হ'ল অষ্ট্ৰল'পিথিকাছ আৰু হ'ম'। প্ৰায় ৫.৬ নিযুত বৰ্ষ পূৰিবে পৃথিৱীত অষ্ট'পিথিকাছ গণৰ আৰ্ৱিভাৱ হৈছিল। অষ্টল'পিথিকাছক প্ৰাচীনতম ৰূপৰ মানৱ হিচাপে অভিহিত কৰিব পাৰি। অষ্টল'পিথিকাছ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। 'অষ্ট্ৰাল' শূ্দৰ অৰ্থ হ'ল 'দক্ষিণ ফাল' আৰু পিথেকাছৰ অৰ্থ হ'ল 'নেজবিহীন বান্দৰ' অৰ্থাৎ লেটিন শব্দ অষ্ট্ৰল'পিথিকাছৰ অৰ্থ হ'ল- 'দক্ষিণফালৰ নেজবিহীন বান্দৰ'। অষ্ট্ৰল'পিথিকাছ জীৱৰ বিকাশ চিন'জইক মহাযুগৰ অন্তৰ্গত টাৰচিয়াৰী যুগৰ উপভাগ মিঅ'চেন সমসীমাত পৰিছিল। এই জীৱসমূহৰ মগজু হ'ম'তকৈ তুলনামূলকভাৱে সৰু হোৱাৰ লগতে দাঁতৰ হনুৰ আকাৰ ডাঙৰ আছিল। অষ্ট্ৰল'পিথিকাছৰসমূহে বেছিভাগ সময় গছৰ ডালতে অতিবাহিত কৰাৰ ফলত ইহঁতে প্ৰায় চাৰিটা ঠেঙেই ব্যৱহাৰ কৰিব লাগিছিল। তথাপি ইহঁতৰ শৰীৰৰ সন্মুখভাগ দীঘলীয়া হোৱাৰ লগতে ভৰিৰ হাড় ধেনুভেৰীয়া আৰু গতিশীল গোৰোহাৰ সন্ধি থকাৰ বাবে ইহঁতে দণ্ডায়মান অৱস্থাতো খোজকাঢ়িব পাৰিছিল। আধুনিক যুগটোক বিভিন্ন পণ্ডিতে 'মানৱৰ যুগ' হিচাপে অভিহিত কৰিছে।
৪। নিয়েন্ডাৰথেল মানৱৰ বিষয়ে লিখা।
৫। লেমার্ক কোন? লেমাৰ্কৰ মতবাদটো বৰ্ণনা কৰা। নিউকি
৬। ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰটো আলোচনা কৰা।
৭। সংশ্লেষিক সূত্রটো ব্যাখ্যা কৰা।
৮। বিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ বর্ণনা কৰা।
0 Comments