বমি
(VOMITING)
👉 বাচবিচাৰ নকৰাকৈ খোৱাৰ কাৰণে, অধিক খাদ্য খালে, পেটত ক্রিমি হ'লে, কফ হ'লে, খোৱা বস্তুৰ প্ৰতি ঘৃণা ভার জন্মিলে, হজমি শক্তি কমি গ'লে, বিষাক্ত পদাৰ্থ পেটৰ ভিতৰলৈ গ'লে, পাকস্থলিত ঘা হ'লে, কৰ্কট ৰোগ, পিত্ত পাথৰী (পিত্তত) যকৃতৰ দোষত, পেটৰ বিষত, গৰ্ভধাৰণ কৰিলে, ক্ষয় ৰোগ, স্নায়বিক বিকাৰ, হাইজা হ'লে, হার্ণিয়া, মূর্ছাৰোগ আদিৰ কাৰণে বমি হয়। অধিক মাদকদ্রব্য খোৱাৰ বাবেও বমি হয়। টোপনি খতি কৰিলে আৰু পেটত চুলি সোমালেও বমি হ'ব পাৰে।
বমি (VOMITING) লক্ষণ কি ?
👉মুখেদি লেলাউটি ওলায়, উগাৰ আহে, কণ্ঠনলী পোৰে, হাইজা ৰোগত বমি হ'লে তীব্ৰ পিয়াহ লাগে, শৰীৰ দুৰ্বল হয়, নাড়ী ক্ষীণ হোৱাৰ দৰে লাগে।
বমি (VOMITING) পৰা মুক্তি পাবলৈ কি কৰা উচিত ?
👉যিকোনো কাৰণতে বমি হ'লে দূবৰি বনৰ ৰস ২৫ মিঃলিঃ অলপ চূণৰ পানীৰ লগত মিহলাই এচামুচকৈ ৩/৪ বাৰ খালে বমি বন্ধ হয়।
👉২ চামুচ আমলখিৰ ৰসৰ লগত আধা চামুচ চেনি মিহলি কৰি খালে বমি বন্ধ হয়।
👉 আঁহত গছৰ ছালৰ খাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে বমি বন্ধ হোৱা দেখা যায়।
👉বমি বন্ধ কৰিবৰ কাৰণে ১ চামুচ শিলিখা গুড়িৰ লগত ১ চামুচ মৌ মিহলি কৰি খাব লাগে।
👉 ভেকুৰী তিতাৰ ২৫ মিঃলিঃ ৰসৰ লগত আদা এডোখৰ খুন্দিবমি ভাব আহিলেই খাব লাগে।
👉 ২/৩ টা নিমৰ গুটিৰ ৰস মৌৰ সৈতে মিহলাই খালে বমি বন্ধ হয়।
👉 এচামুচকৈ মৰাণ আদা আৰু পিঁয়াজৰ ৰস মিহলি কৰি খালে বমি বন্ধ হয়।
👉 গাজৰৰ এক চামুচ ৰসত অলপ মৌজোল মিহলি কৰি দিনে তিনিবাৰকৈ খালে তেজ বমি বন্ধ হয়।
👉 ধনীয়া পিহি খালে ৰক্ত বমি আৰু ধনীয়া ৰস পানীৰ লগত মিহলিকৰি খালে গৰ্ভধাৰণৰ বাবে হোৱা বমি বন্ধ হয়।
👉 পদিনাৰ ৰসত নেমুৰ ৰস মিহলি কৰি খালে সোনকালে ভোক লাগে আৰু বমি বন্ধ হয়।
👉 লং পিহি বা তুলসীৰ ৰস মৌৰ লগত মিহলি কৰি খালে অতি লাভদায়ক ফল পোৱা যায়।
👉 দেৰশ মিঃলিঃ পানীত ৫০ গ্রাম মহানিমৰ পাত উতলাই সেই পানী খালে যিকোনো প্ৰকাৰৰ বমি বন্ধ হয়।
👉 গুলন্সৰ ৰস মৌৰ লগত মিহলাই খাব লাগে।
বমি (VOMITING) হলে কি খাব লাগে ?
👉 ডাব-নাৰিকলৰ পানী, আদা, ভেঁকুৰি শিপাৰ ৰস, টুবুকী লতাৰ ৰস, পদিনা, তেজপাত, জলকীয়া, লং, কাজিনেমু, অৰহৰ মাহ, জীৰা, চেনি, শিলিখা, আমলখি, ওলকবি, কুঁহিয়াৰ, গুৰ, সুমথিৰা টেঙা, ডাঙৰ ইলাচি উপকাৰী।
বমি (VOMITING) হলে কি খাব নালাগে ?