বাতাৰক্ত
বাতাৰক্ত কাৰণ কি ?
👉 তেজ দুষিত হোৱাৰ কাৰণেই সাধাৰণতে এই ৰোগ হয়।
বাতাৰক্ত লক্ষণ কি ?
👉 এই ৰোগ কুষ্ঠৰোগৰ দৰে। ছাল বগা বা ৰঙাপৰি যায়। বিষ হয়। ছালৰ পৰা অনেক সময়ত তেজ ওলায়। সাধাৰণতে ছালত নানা খহু হয় আৰু এইবিলাক পকি ফুটি তেজ, দূষিত ৰস বাহিৰ হৈ গোটেই শৰীৰত ঘা কৰে আৰু শৰীৰত বিষ হয়।
বাতাৰক্ত পৰা কিদৰে বাচিব পাৰি ?
👉 সিদ্ধিলতাৰ ২ চামুচ ৰস চেনিৰ লগত মিহলি কৰি খালে বাতৰক্ত ৰোগ ভাল হয়।
👉আহঁত গছৰ বাকলিৰ ৰস ৫ চামুচ দিনে ২ বাৰকৈ কিছুদিন খোৱাৰ উপৰিও আহঁত গছৰ ছালৰ ৰসেৰে ঘা ধুলেও ঘা সহজে শুকায়।
বাতাৰক্ত বাতাৰক্ত ৰোগ হলে কি খাব লাগে?
👉তিতাকেৰেলা, পুৰণা কোমোৰা, জিকা, পটল, পূৰাকল, মহানিম, চিৰতা, ভেদাইলতা, তিতাফুল, বেতৰ গাজ, বুত, মাগুৰ মাছ, শিলিখা, ছাগলীৰ এঁৱা গাখীৰ, বিলাহী, বন্ধাকবি, নাচপতি, আঙুৰ,মাটিকঠাল, সুমথিৰা টেঙা উপকাৰী। কলীয়া কচুৰ ঠাৰিও সুপথ্য।
বাতাৰক্ত বাতাৰক্ত ৰোগ হলে কি খাব নালাগে?
👉মাদকদ্রব্য, জ্বলা-পোৰা বস্তু, কুঁহিয়াৰ, মূলা, টেঙা জাতীয় বস্তু, তিল, দৈ ,কফ সৃষ্টি কৰা আৰু উত্তেজক বস্তু, মাছ, আচাৰ, মছলা পিঁয়াজ, কণী,খোৱা বেয়া।
***