Chapter 5 - 

জনজাতীয়  বিহুৰ পৰম্পৰা

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ

১। খ্ৰীং খ্ৰীং বাইথ’ পূজা কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ প্রতি বছৰৰ শিৱৰাত্ৰিৰ পিছৰ জোনটোৰ শুক্লপক্ষৰ দ্বিতীয় সোমবাৰে খ্ৰীং খ্ৰীং বাইথ’ পূজা অনুষ্ঠিত হয়।


২। সোনোৱাল কছাৰীসকলে উত্তৰ-পূবত দিয়া পূজাৰ নাম কি?

উত্তৰঃ বাঘপূজা বা বৰগাতিয়াল পূজা।


৩। দক্ষিণ-পূৰত সোনোৱাল কছাৰীসকলে কি পূজা দিয়ে?

উত্তৰঃ গাতিগিৰি পূজা।


৪। বৰপিঠা খালে কি অসুখ দূৰ হয়?

উত্তৰঃ পেটৰ অসুখ।


৫। বাঘদেউ পূজাৰ দিনাৰ পৰা কি শাক খোৱা নিষেধ?

উত্তৰঃ কচুশাক।


৬। চাটমাৰি কি?

উত্তৰঃ বাঁহ-খেৰৰ ঘৰ সাজোঁতে ৰুৱা কামিচটাৰ ধৰণে সিয়াকে চাটমাৰি বুলি কয়৷


৭। দুডলীয়া ডাল কিহৰ প্রতীক?

উত্তৰঃ দুডলীয়া ডাল প্রকৃতি পুৰুষৰ প্রতীক।


৮। জেটুলিপকা কাঁইট ক’ত ৰুইছিল?

উত্তৰঃ ঘৰৰ চাৰিওফালে ঢাপত।


৯। সোনোৱাল কছাৰীসকলে গৰু বিহুৰ দিনা বছৰটো নিৰোগী হৈ থাকিবলৈ কেইবিধ দ্ৰব্যৰে ৰন্ধা আঞ্জা খায়?

উত্তৰঃ এশ এবিধ দ্ৰবৰে।


১০। সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত কি?

উত্তৰঃ ভূমি কর্ষণেৰে উৎপাদন কৰি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু সামূহিকভাৱে সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যে নীতি-নিয়মৰ পৰামৰ্শৰে সৃষ্ট যোজনাবোৰেই সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত।


১১। পোহাৰি গীত কি?

উত্তৰঃ পোহাৰি গীত হৈছে সোনোৱাল কছাৰীসকলৰ আদি ৰজা দানবীৰ বলি ৰজাই আয়োজন কৰা পোহৰ বা মেলা বা হাটত গোৱা গীত।


১২। কি গীতৰ পিছত থিয়গীত গোৱা হয়?

উত্তৰঃ পোহাৰি গীতৰ পিছত।


১৩। বৰগীতৰ অন্তত কি গীত গোৱা হয়?

উত্তৰঃ সামৰণি গীত গোৱা হয়৷


১৪। পুৰাতনীয়া নীতি অনুসৰি হুঁচৰি উৰুৱাৰ দিনা কি কি নাচ অনুষ্ঠিত কৰে?

উত্তৰঃ হগ্রা নাচ, বহুৱা নাচ।


১৫। হাট বিহু মানে কি বিহু?

উত্তৰঃ মেলা বা বজাৰ বিহু।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। প্ৰশ্ন: সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ মূল অনুষ্ঠান ক’ত আৰু কেইদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়? উত্তৰ: সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ মূল অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ’ পূজা বাইথ’ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

২। প্ৰশ্ন: সোনোৱাল কছাৰীসকলৰ খ্ৰীংখ্ৰীং বাইথ’ পূজাৰ চাৰিদিনীয়া কাৰ্যসূচীত কি কি কৰা হয়?

উত্তৰ: প্ৰথম দিনা (দেওবাৰ নিশা): দেৱতা আহ্বান।

দ্বিতীয় দিনা (সোমবাৰ নিশা): খ্ৰীংখ্ৰীং বাইথ’ পূজা অনুষ্ঠিত হয়।

তৃতীয় দিনা (মংগলবাৰ): হায়দাং গীত গাই লগ বিহু হুঁচৰিৰ আহ্বান জনোৱা হয়।

চতুৰ্থ দিনা (বুধবাৰ): হাবিৰ কাষত ঠাই পৰিষ্কাৰ কৰি খোৱা-বোৱাৰ ব্যৱস্থা কৰা হয়।

৩। প্ৰশ্ন: বৰদৈচিলাৰ ন জনী সখীয়েকৰ নাম লিখা।

উত্তৰ: চতাই, কমলা, জয়মলা, ৰহিমলা, ৰামতী, ৰ’তী, বাঁহপাতী, বিচনদৈ আৰু সৰুমতী।


৪। প্ৰশ্ন: লগ বিহু কি?

উত্তৰ: সোনোৱাল কছাৰীসকলৰ খ্ৰীংখ্ৰীং বাইথ’ পূজাত বিহু মাৰিবলৈ হায়দাং গীত গোৱা দলে ভিতৰত প্ৰৱেশ কৰে। তাৰ পাছত বিহুদলে বাহিৰলৈ ওলাই, মটীয়া বা সেউজীয়া সাজ পিন্ধা নগৰাকীয়ে গাভৰু ন জনক লৈ ঢোলৰ ছেও-ছাপেৰে নাচি নাচি আদৰি একসাথে বিহু মাৰে। এই কাৰ্যসূচীক লগ বিহু বুলি কোৱা হয়।

৫। সোনোৱাল কছাৰীসকলে খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ চতুৰ্থ দিনা কোন দুঠাইত পূজা দিয়ে?

উত্তৰঃ হাবিৰ মাজত উত্তৰ-পূব আৰু দক্ষিণ-পূবত।

৬। বগাতিয়াল পূজা আৰু গাতিগিৰি পূজা কি?

উত্তৰঃ বৰগাতিয়াল পূজা হৈছে সকলোকে ৰক্ষা কৰা বাহিৰৰ চাৰিসীমাৰ গৰাকী পূজা আৰু গাতিগিৰি পূজা হৈছে প্ৰতিখন গাঁৱৰ চাৰিসীমাৰ গৰাকী পূজা।

৭। প্ৰশ্ন: খ্ৰীং খ্ৰীং বাইথ’ পূজাত অনুষ্ঠিত কৰা কণী যুঁজত কোন দল জিকিলে বিপদ আৰু কোন দল জিকিলে মংগল?

উত্তৰ: কণী যুঁজত বাঘ বা বৰগাতিয়াল দল জিকিলে বছৰটোৰ বাবে বিপদ হয় আৰু গাতিগিৰি দল জিকিলে মংগল হয়।


৮। সোনোৱাল কছাৰীসকলে বাঘদেউ পূজাৰ দিনাৰ পৰা কি কি খোৱা আৰম্ভ কৰে?
উত্তৰঃ ঢেঁকীয়া, কলপচলা, শাক।


৯। বাঘদেউ পূজাৰ পৰা আগন্তুক ব’হাগ বিহুলৈ সোনোৱাল কছাৰীসকলে কিহৰ আখৰা কৰে?
উত্তৰঃ হুঁচৰি, ঢোলৰ ছেও, বিহুনামৰ আখৰা কৰে।


১০। প্ৰশ্ন: চাটমাৰি কিহেৰে তৈয়াৰ কৰা হয়?

উত্তৰ: চাটমাৰি লাও, বেঙেনা, থেকেৰা, হালধি, টাংলতি, মাখিয়তী, বগা বাহেক আদি সংগ্ৰহ কৰি তৈয়াৰ কৰা হয়।

অনুশীলনী প্রশ্নোত্তৰ

১। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুক কি বিহু বুলি কয়?
উত্তৰঃ দোমাহী বিহু।

২। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুত পালন কৰা মূল অনুষ্ঠান কি?
উত্তৰঃ খ্ৰীং খ্ৰীং বাইথ’ পূজা।

৩। হায়দাং গীতত মহিলাৰ স্থান আছেনে?
 উত্তৰঃ নাই।

৪। সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত কেইটা ভাগত বিভক্ত?
উত্তৰঃ সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত চাৰিটা ভাগত বিভক্ত— 
(ক) বাৰেমন্ত্ৰ।
(খ) পোহাৰি গীত। 
(গ) থিয় গীত। আৰু 
(ঘ) বৰগীত।

৫। বাৰেমন্ত্ৰ কি?
উত্তৰঃ বাৰেমন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগল কামনাৰে দিয়া আশীর্বাদ।

৬। হুঁচৰি শব্দটো কেনেকৈ নিষ্পন্ন হৈছে?
উত্তৰঃ হা + চৌ + ৰি = হুঁচৰি। ‘হা’ মানে মাটি, ‘চৌ’ মানে মংগল, ‘ৰী/ৰি’ মানে পৰম্পৰা ৰক্ষা কৰা।

৭। প্ৰশ্ন: থিয়গীত আৰু বৰগীত কাক বোলে?

উত্তৰ: থিয়গীত হৈছে সুখ-দুখৰ কাহিনীৰ বিৱৰণ কৰা গীত।

বৰগীত হৈছে আশীৰ্বাদৰ গীত।

৮। প্ৰশ্ন: সোনোৱাল কছাৰীসকলে হুঁচৰি গাই শেষ হ’লে হুঁচৰি কেনেকৈ উৰুৱায়?

উত্তৰ: সোনোৱাল কছাৰীসকলে গাঁওখনত হুঁচৰি গাই শেষ হ’লে “হুঁচৰি উৰুৱা” অনুষ্ঠান পালন কৰে। সেইদিনা সকলোবোৰ গীত গাই সামৰণি গীতেৰে বিহু সম্পূৰ্ণ কৰি, দীঘল বাঁহৰ টকাডাল আলফুলকৈ গাঁৱৰ পশ্চিম দিশত সেৱা জনাই থৈ যায়। মূল খ্ৰীং খ্ৰীং বাইথ’ মন্দিৰৰ ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত থকা ন-যোৰ টকা মাৰিৰে ওঠৰজনে দীঘল টকাডালত কোবাই-কোবাই হুঁচৰি গায়। দীঘল টকাডাল বিসর্জন দিলে, ন-জনেও সেই টকা মাৰিৰে সামৰণি গীত গাই ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত টকামাৰিবোৰ থৈ সেৱা জনায়। শেষত, সকলো মিলি ভোজ-ভাত খাই ঘৰলৈ ঘূৰি যায়।

৯। প্ৰশ্ন: টঙালি চোৱা কাক বোলে?

উত্তৰ: সোনোৱাল কছাৰীসকলে বিহু মাৰি সংগ্ৰহ কৰা পুঁজিক “টঙালি” বোলে। বিহুৰ শেষত সংগৃহীত টকা-পইচা, চেলেং, গামোচা আদি সামগ্ৰী হিচাপে গণনা কৰি গাঁওখনৰ বিষয়ববীয়াসকলক সম্বর্ধনা জনোৱা হয়। সংগৃহীত ধনেৰে তাৰ পাছত বছৰটোৰ কাম-কাজৰ আঁচনি প্ৰস্তুত কৰা হয়।

১০। প্ৰশ্ন: হাটবিহুৰ তাৎপর্য কি?

উত্তৰ: হাট বিহু হৈছে মেলা বা বজাৰ বিহু। লোকবিশ্বাস অনুসৰি, এই মেলা বিহু ৰজাই আয়োজন কৰিছিল আৰু যাক যি লাগে তাকেই দিছিল। গৰখীয়া ল’ৰাহঁতে মেলাত নাচি-বাগি থকা সময়ত ভগৱানে গৰখীয়াহঁতৰ সৈতে বাওনা ৰূপ ধৰি দানবীৰ বলি ৰজাৰ ওচৰত তিনিখোজ মাটি বিচাৰিছিল। দানবীৰ বলি ৰজাই কোনো বাধা নিদিয়ে আৰু য’তে ইচ্ছা, তাতেই ল’বলৈ অনুমতি দিলে। তাৰপাছত ভগৱানে বাওনাৰ পৰা নিজৰ স্বৰূপ লৈ এখোজ স্বৰ্গত, এখোজ মর্ত্যত আৰু এখোজ পাতালত দি বলি ৰজাক সুতলপুৰীলৈ পঠাইছিল। এই বাবে, বিহুৰ আশীৰ্বাদত “তিনিশ, তিনি কুৰি, তিনিদিনৰ মূৰত বলি ৰজা দোমাহী আহে আৰু যায়” বুলি বলি ৰজাক স্মৰণ কৰা হয়।

হাট বিহু হৈছে মেলা বা বজাৰ বিহু। লোকবিশ্বাস অনুসৰি, এই মেলা বিহু ৰজাই আয়োজন কৰিছিল আৰু যাক যি লাগে তাকেই দিছিল। গৰখীয়া ল’ৰাহঁতে মেলাত নাচি-বাগি থকা সময়ত ভগৱানে গৰখীয়াহঁতৰ সৈতে বাওনা ৰূপ ধৰি দানবীৰ বলি ৰজাৰ ওচৰত তিনিখোজ মাটি বিচাৰিছিল। দানবীৰ বলি ৰজাই কোনো বাধা নিদিয়ে আৰু য’তে ইচ্ছা, তাতেই ল’বলৈ অনুমতি দিলে। তাৰপাছত ভগৱানে বাওনাৰ পৰা নিজৰ স্বৰূপ লৈ এখোজ স্বৰ্গত, এখোজ মর্ত্যত আৰু এখোজ পাতালত দি বলি ৰজাক সুতলপুৰীলৈ পঠাইছিল। এই বাবে, বিহুৰ আশীৰ্বাদত “তিনিশ, তিনি কুৰি, তিনিদিনৰ মূৰত বলি ৰজা দোমাহী আহে আৰু যায়” বুলি বলি ৰজাক স্মৰণ কৰা হয়।