অসমৰ লোকনাট্য

১। অংকীয়া নাট কি?

উত্তৰঃ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে অসমত নৱবৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে উদ্ভাৱন কৰা বিশেষ লক্ষণ আৰু কলা কৌশলযুক্ত ভক্তিমূলক নাটসমূহকেই অঙ্কীয়া নাট বোলা হয়।

২। পূর্বজ্যোতি থিয়েটাৰৰ প্ৰথম নাট্যকাৰ কোন আছিল?

উত্তৰ: মহেশ কলিতা।

৩। অসমৰ প্ৰথম ভ্রাম্যমাণ থিয়েটাৰ কোনখন আছিল?

উত্তৰঃ নটৰাজ থিয়েটাৰ।

৪। অসমৰ বাটৰ নাটৰ জনক কোন?

উত্তৰ : ৰত্ন ওজা।

৫। পথ নাটৰ মূখ্য উদ্দেশ্য কি?

উত্তৰ: জনসাধাৰণক অন্যায়-অনীতিৰ বিৰুদ্ধে সজাগ কৰা।

৬। ভাৰতত বাটৰ নাটৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ  ছফদৰ হাছমী।

৭। 'পাৰিজাত হৰণ' নাটখনত মুখ্য ৰাজনৈতিক ঘটনা কি?

উত্তৰঃ কৃষ্ণই ইন্দ্ৰক জিনি স্বৰ্গৰ পৰা পাৰিজাত ফুল লৈ অহা।

৮। এছার্দ নাটকত কাহিনীৰ বৈশিষ্ট্য কি?

উত্তৰঃ এছাদ নাটকত কাহিনী সাধাৰণতে বিচ্ছিন্ন, ঐক্যহীন, অবাস্তৱ আৰু অযৌক্তিক হয়।

৯। 'বেটিং ফৰ গডো' নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ চেমুৱেল বেকেট।

১০। এবছার্ড নাটকৰ ভাষাৰ অন্যতম বৈশিষ্ট্য কি?

উত্তৰঃ প্রতীকধর্মী আৰু অদ্ভূত।

১১। মহাপুৰুষ শংকৰদেৱে কিমানখন অংকীয়া নাট ৰচনা কৰিছিল?

উত্তৰ: মহাপুৰুষ শংকৰদেৱে ছখন অংকীয়া নাট ৰচনা কৰিছিল।

১২। 'অংকীয়া নাট' শব্দৰ প্ৰচলন কেতিয়া হ'ল?

উত্তৰঃ 'অংকীয়া নাট' শব্দৰ ব্যৱহাৰ শংকৰ-মাধৱ গুৰু দুজনাৰ পৰৱৰ্তী কালত চৰিত পুথিসমূহত দেখা যায়।

১৩। মাধৱদেৱৰ 'অর্জুন ভঞ্জন' নাটৰ অন্য নাম কি?

উত্তৰঃ দধিমথন ঝুমুৰা।

১৪। অংকীয়া নাটৰ সংগীত-নৃত্য অনুষ্ঠানক কি বোলে?

উত্তৰঃ ধেমালী।

১৫। ভ্রাম্যমাণ থিয়েটাৰৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬৩ চনত সদা লহকৰ আৰু অচ্যুত লহকৰে নটৰাজ থিয়েটাৰৰ জৰিয়তে আৰম্ভ কৰে।

চমু প্রশ্নোত্তৰ


১। অংকীয়া নাট কি? উত্তৰ: অংকীয়া নাট (অথবা অংকীয়া নাটক) হৈছে শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱে সৃষ্টি কৰা এক বিশেষ ধৰণৰ অসমীয়া বৈষ্ণৱ নাট্যধারা, যাৰ মুখ্য উদ্দেশ্য আছিল ধৰ্মৰ প্ৰচাৰ, বিশেষকৈ শ্ৰীকৃষ্ণৰ মহিমা জনসাধাৰণৰ মাজত বিস্তাৰ কৰা। "অংকীয়া" শব্দটোৰ অৰ্থ হৈছে দৃশ্য বা অধ্যায়ভিত্তিক নাট, য’ত প্ৰতিটো অংক (দৃশ্য) নিজৰ পৰিসৰৰ সৈতে সম্পূৰ্ণ হৈ থাকে।
    এই নাট্যধাৰাৰ মুখ্য বৈশিষ্ট্য হ'ল কাব্য, সংগীত, নৃত্য, চিত্র, সংলাপ আৰু ধৰ্মীয় বাণীৰ সংমিশ্ৰণ। নাট্যৰ           কেন্দ্ৰবিন্দু হিচাপে সূত্ৰধাৰ থাকে, যিয়ে দৰ্শকক ঘটনাসমূহ ব্যাখ্যা কৰি নাট্যৰ সৈতে সংযোগ স্থাপন কৰে। ভাষা হিচাপে সাধাৰণতে ব্ৰজাৱলী ব্যৱহৃত হয়। নাট্যপাত্রসকল গীত আৰু নৃত্যৰ সহায়ত মঞ্চত প্ৰৱেশ আৰু প্ৰস্থান কৰে।         শংকৰদেৱৰ ৰচিত ছটা প্ৰধান অংকীয়া নাট হৈছে- পত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, আৰু ৰামবিজয়। এই নাট্যবোৰে অসমীয়া সমাজত বৈষ্ণৱ ধৰ্মীয় সংস্কৃতিৰ মূল আধাৰ স্থাপন কৰি ধৰ্ম, সাহিত্য আৰু নাট্যকলাৰ এক অপূৰ্ব সংমিশ্ৰণ সৃষ্টি কৰিছিল।


২। অংকীয়া নাটৰ সূত্ৰধাৰৰ ভূমিকা আলোচনা কৰা।

উত্তৰ: অংকীয়া নাটত সূত্ৰধাৰজনৰ ভূমিকা অতি গুৰুত্বপূর্ণ। সূত্ৰধাৰে নাটৰ আৰম্ভণি পৰা শেষলৈকে মঞ্চত উপস্থিত থাকি সমগ্ৰ নাট পৰিচালনা কৰে। সংস্কৃত নাটৰ দৰে তেওঁ নান্দী পাঠ কৰি মঞ্চ এৰি নাযায়; বরঞ্চ, অংকীয়া নাটত সূত্ৰধাৰ কেন্দ্ৰীয় চৰিত্ৰ হিচাপে কার্য কৰে। তেওঁ নান্দী আৰু ভটিমা আবৃত্তি কৰে, গীত গায়, চিত্র বৰ্ণনা কৰে আৰু নাটৰ ঘটনা দৰ্শকৰ বাবে সহজ ভাষাত ব্যাখ্যা কৰে।

        সূত্ৰধাৰে নাট্যপাত্র-পাত্রীসকলক মঞ্চত প্ৰৱেশ কৰোৱাই, তেওঁলোকৰ পৰিচয় দিয়ে আৰু নাটৰ ঘটনাৰ    লগত দৰ্শকক সংযোগ স্থাপন কৰে। যি দৃশ্যত পাত্রসকল অভিনয় কৰিব নোৱাৰে, সেই দৃশ্যবোৰো সূত্ৰধাৰে বৰ্ণনা কৰি দৰ্শকক উপস্থাপন কৰে। সূত্ৰধাৰ এজন সংগীতজ্ঞ, গায়ক, নৃত্যকাৰ, পৰিচালক আৰু ব্যাখ্যকাৰ হিচাপে একেলগে কাৰ্য কৰে। তেওঁ ওজাপালি, পুতলা নাচৰ ‘বায়ন’, আৰু কুশান গীতৰ ‘দোৱাৰী’ৰ সৈতে মিল ৰাখে। সূত্ৰধাৰৰ প্ৰভাৱতেই অংকীয়া নাটৰ সম্পূৰ্ণ কাঠামো গঢ়ি উঠে।


৩। অংকীয়া নাটত ব্ৰজাবলী ভাষাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা কি?

উত্তৰ: অংকীয়া নাটত ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ শংকৰদেৱৰ এক সূক্ষ্ম আৰু সচেতন কৌশল আছিল। ব্ৰজাৱলী কোনো প্ৰাকৃতিক ভাষা নহয়; ই এক সাহিত্যিক কৃত্রিম ভাষা, য’ত মৈথিলী, অসমীয়া আৰু মধ্য ভাৰতীয় ভাষাৰ উপাদান মিলিত হৈ আছে। শংকৰদেৱে তীৰ্থভ্ৰমণকালত বিদ্যাপতি আৰু অন্যান্য বৈষ্ণৱ কবিৰ গীতৰ প্ৰভাৱত এই ভাষাৰ সৌন্দৰ্য উপলব্ধি কৰি নাটসমূহত ব্যৱহাৰ কৰিছিল।

        প্ৰথমতে, ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰে নাটকসমূহক ব্ৰজ অঞ্চল, বংগ, উৰিষ্যা আদি বৈষ্ণৱ সমাজৰ দৰ্শকৰ বাবে বোধগম্য আৰু গ্ৰহণযোগ্য কৰি তোলে। দ্বিতীয়তে, এই ভাষাই নাট্যক এক সাহিত্যিক গম্ভীৰতা প্ৰদান কৰে, কাৰণ দেৱদেৱীৰ মুখৰ পৰা সাধাৰণ ভাষা ব্যৱহাৰ কৰাটো অনুপযুক্ত হৈ থাকিব পাৰে। তৃতীয়তে, ব্ৰজাৱলী ভাষাৰ ছন্দ, সুৰ আৰু কোমলতাই দৰ্শকৰ অন্তৰস্পৰ্শ কৰে আৰু নাট্যত আধ্যাত্মিকতা বৃদ্ধি কৰে। সেয়ে, অংকীয়া নাটৰ গীত, সংলাপ আৰু সূত্ৰসমূহত ব্ৰজাৱলী ভাষাৰ সুন্দৰ আৰু উদ্দেশ্যমূলক ব্যৱহাৰ লক্ষ্য কৰা যায়।

৪। শ্বেইক্সপীয়েৰৰ নাট্যৰীতিৰ প্ৰভাৱ আধুনিক অসমীয়া নাট্য সাহিত্যত কেনেদৰে পৰিলক্ষিত হয়?

উত্তৰঃ শ্বেইক্সপীয়েৰৰ নাট্যকৌশলসমূহ ঊনবিংশ শতিকাৰ অসমীয়া নাট্যকাৰসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। সেই সময়ত ইংৰাজী শিক্ষাৰ প্ৰসাৰ আৰু কলকাতালৈ যোৱা অসমীয়া ডেকাসকলে শ্বেইক্সপীয়েৰৰ নাটক পঢ়ি আৰু বঙলা অনুকৰণ দেখি গভীৰ অনুপ্রাণিত হৈছিল।

        এই প্রভাৱত আধুনিক নাট্যৰ গঠনভাগত নাট্যকাৰসকলে সূত্ৰধাৰ বাদ দি পৰিচালনাত্মক উপাদান সংযোজন কৰে। নাট্য গঠন শক্তিশালী, বহু-অংকীয়, সংঘাতমূলক হয়। কিন্তু নাট্যকাৰসকলে এই কৌশলসমূহ যান্ত্রিকভাবে গ্রহণ কৰিছিল; নাট্য প্রয়োজন, দেশজ সংস্কৃতি বা সমাজৰ লগত যুক্তিকভাবে মিল নাখাইছিল।


৫। ইবছেনীয় নাট্যৰীতিৰ প্ৰভাৱ আধুনিক অসমীয়া নাট্য সাহিত্যত কেনেদৰে পৰিলক্ষিত হয়?

উত্তৰ: আধুনিক অসমীয়া নাট্যসাহিত্যে ইবছেনীয় ধাৰাৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। অসমীয়া নাট্যকাৰসকলে এই ধাৰাৰ চৰিত্ৰ গঠন, মনস্তাত্ত্বিক গভীৰতা আৰু সামাজিক সমালোচনাৰ কৌশল গ্ৰহণ কৰিছে। ফণী শৰ্মা, অৰুণ শৰ্মা, বাৰুণ চক্রৱৰ্তী আদি নাট্যকাৰসকলে বাস্তববাদী দৃষ্টিভংগীৰ সৈতে নিজৰ নাট্যশৈলী বিকাশ কৰিছে।

        ইবছেনীয় নাট্যধাৰাই নাট্যসাহিত্যত এক বৈপ্লবিক পৰিবৰ্তন অনা হৈছে। এই ধাৰাই বাস্তৱ জীৱনৰ সংকট, ব্যক্তিৰ আত্ম-অন্বেষণ আৰু সমাজৰ প্রতি প্ৰতিবাদৰ দ্বাৰা নাট্যক গভীৰ মানৱিক আৰু বৌদ্ধিক পৰিসৰত উন্নীত কৰিছে। ইয়াৰ ফলত আধুনিক অসমীয়া নাট্যত চৰিত্ৰসমূহ অধিক বাস্তৱসম্মত, সংলাপসমূহ মনস্তাত্ত্বিকভাবে সমৃদ্ধ আৰু সামাজিক প্ৰেক্ষাপটৰ ওপৰত দৃঢ় কেন্দ্ৰবিন্দু স্থাপন কৰিছে।







Type by- Pankaj Saikia