কাৰেঙৰ লিগিৰী

১। জ্যোতিপ্ৰসাদৰ প্ৰথম নাটকখনৰ নাম কি?

উত্তৰঃ 'শোণিত কুঁৱৰী।'

২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম কি?

উত্তৰঃ পৰমানন্দ আগৰৱালা।

৩। জ্যোতিপ্ৰসাদ আগৰৱালাই কোন দেশত বোলছবি নির্মাণৰ প্ৰশিক্ষণ লৈছিল? 

উত্তৰঃ জার্মানীত।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকসমূহক কেইটা ভাগত ভগাব পাৰি? 

উত্তৰঃ দুটা ভাগত- কাব্যধর্মী আৰু নাট্যধর্মী নাট।

৫। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ দেৱযানী ভূঞা।

৬। কিমান চনত জ্যোতিপ্ৰসাদৰ বিবাহ সম্পন্ন হয়? তেওঁৰ পত্নীৰ নাম কি?

উত্তৰঃ ১৯৩৬ চনত জ্যোতিপ্ৰসাদৰ বিবাহ সম্পন্ন হয়। তেওঁৰ পত্নীৰ নাম দেবযানী ভূত্রণ।

৭। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ক'ত আৰু কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯০৩ খৃঃত জুন মাহত ডিব্ৰুগড় কমলাবাৰী চাহবাগানত জ্যেতিপ্রসাদ আগৰৱালাৰ জন্ম হয়।

৮। জ্যোতিপ্ৰসাদৰ প্ৰথম নাটকখনৰ নাম কি?

উত্তৰঃ 'শোণিত কুঁৱৰী।'

৯। জ্যোতিপ্ৰসাদ আগৰৱালাই সম্পাদনা কৰা কাতকখনৰ নাম কি? 

উত্তৰঃ দৈনিক অসমীয়া।

১০। অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখক।

উত্তৰঃ কনকলতা, সুন্দৰ কোঁৱৰ।

১১। জ্যোতিপ্ৰসাদ আগৰৱালাক 'রূপকোঁৱৰ' উপাধি প্ৰদানৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সুন্দৰৰ পূজাৰী। ওৰেটো জীৱন সুন্দৰৰ আৰাধনাৰে দুষ্কৃতিৰ বিৰুদ্ধে যুঁজ কৰা হেতুকে জ্যোতিপ্ৰসাদ আগৰৱালাক 'ৰূপকোঁৱৰ' উপাধিৰে বিভূষিত কৰা হয়।

১২। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম কি?

উত্তৰঃ ইন্দ্ৰমালতী।

১৩। 'জোনাকী' চিনেমা হল কোন চনত সাজি উলিওৱা হৈছিল?


উত্তৰঃ ১৯৩৭ চনত।


১৪। নাটকীয় পৰিবেশ ৰচনাৰ ক্ষেত্ৰত কেইপ্ৰকাৰৰ গীত ব্যৱহৃত হয়? গীতসমূহ কি কি?


উত্তৰ : দুই প্ৰকাৰৰ গীত



চমু প্রশ্নোত্তৰ


১। জ্যোতিপ্ৰসাদৰ নাটসমূহক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছে? জ্যেতিপ্রসাদে লিখি সম্পূৰ্ণ কৰা নাটকেইখনৰ নাম উল্লেখ কৰা।

উত্তৰ: জ্যোতিপ্ৰসাদৰ নাটকসমূহক মূলত দুটা ভাগত বিভক্ত কৰা হৈছে— ১. কাব্যধর্মী নাটক 

২. নাট্যধর্মী নাটক

        তেওঁৰ সম্পূৰ্ণ ৰূপে লিখি সমাপ্ত নাটকসমূহ হ’ল— শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা বা ৰূপকোঁৱৰ আৰু সোণপখিলী।  


২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহ ট্রেজেডিমূলক। কথাষাৰৰ সত্যতা নিৰূপণ কৰা।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই মুঠ ৯ খন নাটক লিখিছিল। এই ৯ খনৰ ভিতৰত শোণিতকুঁৱৰী নাটকখনত নায়ক-নায়িকাৰ মিলন ঘটে। কিন্তু বাকী আটাইকেইখন নাটকত নায়ক-নায়িকাৰ মিলন নহয়; ইয়াত সাধাৰণতে বিচ্ছেদ, মৃত্যু বা দুঃখজনক পৰিস্থিতি দেখা যায়। উদাহৰণস্বৰূপ— ‘কাৰেঙৰ লিগিৰী’ ত শেৱালীৰ আত্মহত্যা, ‘লভিতা’ ত ব্ৰিটিছ সৈন্যৰ গুলীত লভিতাৰ মৃত্যু, আৰু ‘ৰূপালীম’ ত ৰূপালীমৰ মৃত্যুদণ্ড। সেইদৰে, শোণিতকুঁৱৰী বিৰতি হৈ বাকী আটাইকেইখন নাটক ট্রাজেডিমূলক বুলি কোৱা হয়।  

৩। কাৰেঙৰ লিগিৰী নাটকখনৰ নাটকীয় উৎকণ্ঠা সম্পর্কে চমু আলোচনা কৰা। 

উত্তৰ: নাটকীয় উৎকণ্ঠা সাহিত্যৰ এক গুৰুত্বপূৰ্ণ উপাদান। কাহিনীত “পাছত কি হ’ব?” ধৰণৰ উত্তেজনা সৃষ্টি নকৰিলে পাঠক বা দৰ্শক কাহিনীৰ সৈতে সম্পূর্ণভাৱে জড়িত হৈ থাকিব নোৱাৰে। নাটকৰ ক্ষেত্ৰত এই উৎকণ্ঠা আৰু বেছি প্ৰয়োজনীয় হয়, কাৰণ দৰ্শকক অৱধি আকৰ্ষণ কৰি ৰাখিবলৈ নাট্যকাৰক বিশেষ দক্ষ হ’বই লাগে।

        ‘কাৰেঙৰ লিগিৰী’ ত জ্যোতিপ্ৰসাদে উৎকণ্ঠা সৃষ্টিৰ জৰিয়তে নাটকখন আকর্ষণীয় কৰি তুলিছে। প্ৰথমে সুন্দৰ আৰু কোঁৱৰ বিবাহ সম্পৰ্কীয় মতাদর্শ বজায় থাকিব নে সলনি হ’ব, এই সন্দেহই প্ৰথম উৎকণ্ঠা সৃষ্টি কৰে। বিয়াৰ পাছত সুন্দৰৰ সংসাৰ কেনেকৈ চলিব, বন্ধু অনংগে কাঞ্চনমতীক কেনেকৈ ব্যৱহাৰ কৰিব—এই সকলো বিষয়ই দৰ্শকক কাহিনীৰ প্ৰতি আকৃষ্ট কৰি ৰাখে।

        পৰৱৰ্তীতে, কাঞ্চনমতীক সুন্দৰে ত্যাগ কৰে আৰু অনংগক নির্বাসন দিয়ে; নিৰ্বাসনৰ পাছত অনংগৰ পৰিস্থিতি আৰু সুন্দৰৰ জীৱন কেনেকৈ আগবঢ়িব, তাক লৈ দৰ্শক উৎকণ্ঠিত হৈ থাকে। একে সময়তে শেৱালিকো নগা পাহাৰত এৰি থৈ যোৱা হয়, আৰু সুন্দৰে তেওঁক বিচাৰি নগা পাহাৰলৈ যোৱা—এই ধৰণে নাটকখন ধাৰাবাহিক উৎকণ্ঠাৰ মাজেৰে আগবঢ়ে, য’ত দৰ্শক কেতিয়াও অমান্দায়ক পৰিস্থিতিৰ সন্মুখীন নহয়।




Type by- Pankaj Saikia