ৰামনৱমী
১। গুণাভিৰাম বৰুৱাৰ প্ৰথম সাহিত্যকর্ম কি আছিল?
উত্তৰ: গুণাভিৰাম বৰুৱাৰ প্ৰথম সাহিত্যকর্ম আছিল ‘ৰাম-নৱমী’ নাটক। এই নাটকখন প্ৰথমে অৰুণোদয় আলোচনীত ধাৰাবাহিক ৰূপে প্ৰকাশ পাইছিল। সমাজ-সংস্কাৰৰ প্ৰচাৰ আৰু সামাজিক কুৰীতি দূৰ কৰাৰ উদ্দেশ্যে এই নাটকখন ৰচনা কৰা হৈছিল।
২। গুণাভিৰাম বৰুৱাই বিধবা বিবাহ কেতিয়া কৰিছিল?
উত্তৰঃ ১৮৭০ চনত তেওঁ বিষ্ণুপ্রিয়া নামৰ এগৰাকী বিধৱাক বিবাহ কৰে। এই বিবাহ ১৮৭২ চনত পঞ্জীয়ন হয় আৰু সম্ভৱতঃ অসমৰ প্ৰথম পঞ্জীয়নভুক্ত বিবাহ আছিল।
৩। গুণাভিৰাম বৰুৱাৰ মৃত্যুৰ সময়, স্থান আৰু প্ৰতিক্রিয়া কি আছিল?
উত্তৰ: গুণাভিৰাম বৰুৱাৰ মৃত্যু ১৮৯৪ চনৰ ২৫ মার্চ, দেওবাৰে কলকাতাত হৈছিল। তেওঁৰ মৃত্যুত সমাজে এজন উপদেষ্টা, সংস্কাৰক আৰু একনিষ্ঠ সাহিত্যিকক হেৰুৱালে।
৭। 'বাম-নবমী' নাটকখন কোনে লিখিছিল?
উত্তৰঃ 'ৰাম-নৱমী' নাটকখন গুণাভিৰাম বৰুৱাই লিখিছিল। তেওঁ উনবিংশ শতিকাৰ অসমীয়া সমাজৰ বিধবা বিবাহৰ সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে নাটকখন ৰচনা কৰিছিল।
৮। নাটকখনৰ পটভূমিত কোন সময়ৰ সমাজ প্রতিফলিত হৈছে?
উত্তৰঃ নাটকখনত উনবিংশ শতিকাৰ অসমীয়া সমাজ, বিশেষকৈ উচ্চবর্ণব্রাহ্মণ সমাজৰ সামাজিক দিশবোৰ প্ৰতিফলিত হৈছে।
১। গুণাভিৰাম বৰুৱাৰ শৈশৱ আৰু শিক্ষাজীবনৰ আলোচনা কৰা।
উত্তৰ: গুণাভিৰাম বৰুৱাৰ জন্ম ১৮৩৭ চনত যোৰহাটত হৈছিল। তেওঁ অসমীয়া নাট্যসাহিত্যৰ আধুনিক যুগৰ অন্যতম পথপ্ৰদৰ্শক। পিতৃ ৰণৰাম বৰুৱাৰ সৰুতেই মৃত্যুৰ পাছত, গুণাভিৰাম আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্ত্বাৱধানত লালিত-পালিত হয়। আনন্দৰাম ঢেকিয়াল ফুকনে তেওঁৰ আত্মীয় আছিল আৰু তেওঁৰ চিন্তাধাৰাই গুণাভিৰামৰ মানসিক আৰু বৌদ্ধিক বিকাশত গভীৰ প্ৰভাৱ পেলাইছিল।
আনন্দৰামৰ সহায়ত গুণাভিৰাম বৰুৱা কলকাতাৰ প্ৰেছিডেঞ্চি কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। সেই সময়ত অসমৰ জাতীয় জাগৰণ আৰম্ভ হৈছিল আৰু শিক্ষাৰ জৰিয়তে সংস্কাৰ আৰু জাতীয় চেতনা বিকাশৰ প্ৰয়াস চলি আছিল। কলেজত দ্বিতীয় বছৰত আইনৰ অধ্যয়ন আৰম্ভ কৰিছিল, কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যুৰ পাছত পৰিয়ালৰ দায়িত্ব লোৱাৰ বাবে সেই পাঠ অসমাপ্ত ৰাখে।
কলকাতাত পঢ়ি থকা সময়তে তেওঁ ঈশ্বচন্দ্র বিদ্যাসাগৰ আৰু ৰাজা ৰামমোহন ৰায়ৰ সংস্কাৰপন্থী চিন্তাৰে অনুপ্ৰাণিত হৈছিল। এই অভিজ্ঞতাই তেওঁৰ ভিতৰত সমাজ-সংস্কাৰ আৰু সাহিত্যৰ প্ৰতি গভীৰ বোধ গঢ়ি তোলে। সঁচাকৈয়ে, গুণাভিৰাম বৰুৱাৰ শৈশৱকালৰ শিক্ষা, ঢেকিয়াল ফুকনৰ প্ৰভাৱ আৰু কলেজৰ অভিজ্ঞতাই তেওঁৰ ব্যক্তিত্ব আৰু সাহিত্যিক জীৱনৰ দিশ নিৰ্ধাৰণ কৰিছিল।
২। গুণাভিৰাম বৰুৱাৰ ব্যক্তিগত জীৱনৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ: গুণাভিৰাম বৰুৱাৰ ব্যক্তিগত জীৱন আছিল এক অনুপ্ৰেৰণামূলক আৰু সাহসিকতাৰ পৰিচায়ক। তেওঁৰ জীৱনত ব্যক্তিগত অভিজ্ঞতাই সমাজ সংস্কাৰৰ বীজ ৰোপণ কৰিছিল। তেওঁৰ জীৱনপথৰ আৰম্ভণিতে পিতৃবিয়োগৰ দুখ, আনন্দৰাম ঢেকিয়াল ফুকনৰ সান্নিধ্য আৰু সংস্কাৰপন্থী শিক্ষাৰ এক বৃহৎ ছাঁ পৰিছিল।
তেওঁ প্রথমে ব্রজসুন্দৰী নামৰ এগৰাকী কন্যাক বিবাহ কৰিছিল। তেওঁৰ মৃত্যু পাছত ১৮৭০ চনত তেওঁ পৰশুৰাম বৰুৱাৰ বিধৱা পত্নী বিষ্ণুপ্রিয়াক বিবাহ কৰে, যি সময়ত বিধৱা বিবাহ সমাজে গ্রহণ নকৰিছিল। ১৮৭২ চনত তেওঁলোকৰ বিবাহ অসমত প্রথম পঞ্জীয়নভুক্ত বিধৱা বিবাহ ৰূপে স্বীকৃত হয়। এই পদক্ষেপে তেওঁ সমাজৰ প্ৰচলিত কুৰীত আঘাত হানে।
তেওঁৰ ভিতৰত আছিল এক নির্মল ব্যক্তিত্ব, যিয়ে নিজ জীৱনত কোনো দ্বন্দ্বৰ সৃষ্টি নোহোৱাকৈ আধুনিক চিন্তাক গ্রহণ কৰিছিল। তিনি ব্যক্তিগত জীৱনৰ সাহসিকতাৰ ওপৰত নিৰ্ভৰ কৰি গৱেষণা, সাহিত্য আৰু সমাজিক সংস্কাৰৰ এক বিস্তৃত দিশ গঢ়ি তোলে। বিষ্ণুপ্রিয়াৰ স্মৃতিত তেওঁ নগাঁৱত পথচাৰীসকলৰ বাবে এটি কুঁৱা খনাইছিল, যিয়ে তেওঁৰ মনুষ্যত্ব আৰু জনসেৱাৰ স্পৃহা প্রকাশ কৰে।
তেওঁৰ ব্যষ্টিগত জীৱনত জড়িত আছিল আত্মত্যাগ, বিনম্রতা আৰু জীৱনৰ প্ৰতি দায়িত্ববোধ। আনকি আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যুৰ পিছত তেওঁ তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব ল'লে আৰু আইনৰ অধ্যয়ন অসমাপ্ত ৰাখে। সেই দায়িত্বশীল মনোভাৱই তেওঁক উন্নতিৰ শিখৰলৈ লৈ গৈছিল।
গুণাভিৰাম বৰুৱাৰ ব্যক্তিগত জীৱন আছিল সততা, আত্মত্যাগ, মানবতা আৰু সংস্কাৰপথৰ এক অনুপম দৃষ্টান্ত।
৩। গুণাভিৰাম বৰুৱাৰ অৱদানৰ মূল্যায়ন কৰা।
৪। 'ৰাম-নৱমী' নাটকৰ পটভূমি আৰু উদ্দেশ্য চমুকৈ আলোচনা কৰা।
উত্তৰ: ‘ৰাম-নৱমী’ নাটকখন উনবিংশ শতিকাৰ অসমীয়াৰ সামাজিক পৰিৱেশক ধ্যানত ৰাখি ৰচিত। তেতিয়াৰ সমাজত বিধৱা বিবাহ নিষিদ্ধ আৰু বাল্য বিবাহ প্ৰচলিত আছিল। গুণাভিৰাম বৰুৱাই এই নাটকৰ জৰিয়তে সমাজৰ কু-প্ৰথাৰ ওপৰত সমালোচনা আগবঢ়াইছিল। কলকাতাত শিক্ষা গ্ৰহণৰ সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু বঙালী সমাজৰ সংস্কাৰপন্থী চিন্তাধাৰাই তেওঁৰ মনোভাৱত গভীৰ প্ৰভাৱ পেলাইছিল।
নাটকৰ মূল উদ্দেশ্য আছিল—বিধৱা বিবাহৰ পক্ষে জনমত গঢ়ি তোলা, বাল্য বিবাহৰ অসুবিধা জনতাৰ মাজত প্ৰকাশ কৰা, আৰু সমাজক নৈতিকতা, শিক্ষা আৰু মানবিক মূল্যবোধৰ আধাৰত নতুন দিশ প্ৰদৰ্শন কৰা।
৫। 'ৰাম-নৱমী ' নাটকখনত সমাজ সংস্কাৰৰ দিশৰ পৰা কিমান সফলতা পোৱা গৈছে?
উত্তৰ: ‘ৰাম-নৱমী’ নাটকখন সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত। নাট্যকাৰ সমাজৰ বকৰ্তমান প্রথা, বিধবা প্ৰতিহিংসা আৰু বাল্য বিবাহৰ ভয়ংকৰ প্ৰভাৱসমূহ নাটকীয় ৰূপত প্ৰকাশ কৰিছে। নাটকৰ অন্তত তিনিগৰাকী যুৱক-যুৱতীৰ মৃত্যুৰ জৰিয়তে সমাজক আয়না দেখুৱাই আত্মসমালোচনাৰ সুযোগ প্ৰদান কৰা হৈছে। যদিও নাটকখনৰ কলামূল্য আৰু সাহিত্যিক গুণসমূহ তৎকালীন পৰিসৰত সীমিত আছিল, তথাপিও এই নাটকে সমাজৰ চেতনাত গভীৰ প্ৰভাৱ পেলাই এক ধৰণৰ জাগৰণমূলক ভূমিকা পালন কৰিছে।
Type by- Pankaj Saikia