শব্দার্থ আৰু টোকাঃ
অন্তৰীক্ষঃ আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
ঊষাঃ সূর্য
ঋত্বিকঃ ঋতুযাজক , পুৰােহিত ।
কালৰাত্রিঃ আন্ধাৰ ৰাতি ।
কিশলয়ঃ কুঁহিপাত , গজালি , কোঁহ ।
কীচক বেণুঃ কীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ ।
কুঙ্কুমঃ প্রসাধন সামগ্রী বিশেষ ।
কুসুমঃ ফুল ।
ক্লেদঃ গেলা মলযুক্ত পানী ।
চামৰঃ চোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা ।
চিত্তহাৰীঃ মন - প্রাণ হৰি নিয়া ।
তন্ত্ৰালসঃ শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা ।
তেজিঃ ত্যাগ কৰি ।
তানঃ সুৰ , ৰাগ ।
দীর্ণঃ ভাগি - ছিগি যােৱা , বিদাৰিত ।
পৰিমলঃ সুগন্ধ ।
পুঞ্জীভূতঃ সঞ্চিত ।
ফুল্লঃ ফুলি উঠা , পাহি মেলা ফুল ।
বসুধাঃ পৃথিৱী ; বসুমতী ।
বিহঙ্গঃ চৰাই ; পক্ষী ।
মহামহিমঃ অতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত ।
ৰঞ্জিলেঃ ৰঙীণ কৰিলে , পােহৰ কৰিলে ।
A. 1) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ বিহগী কবি ।
2) ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত।
3) ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৮৭৯ চনত।
4) ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল?
উত্তৰঃ 'জোনাকী' কাকতেৰে।
5) ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা।
উত্তৰঃ মনাই বৰাগী আৰু পচতীয়া।
6) ৰঘুনাথ চৌধাৰীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ ১৯৬৮ চনত।
7) প্ৰশস্তিৰ অৰ্থ কি?
উত্তৰঃ আৰাধনা বা গুণানুকীৰ্তন কৰা।
8) 'প্ৰশস্তি' কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে?
উত্তৰঃ মানুহক কৈছে।
9) আনন্দত কাৰ প্ৰাণ টলমল হৈছে?
উত্তৰঃ চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে।
10) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ নতুন কুঁহিপাতে।
11) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ ৰবাব ফুলে।
13) জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ অন্তৰীক্ষত।
14) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ কীচক বেণুৱে।
15) 'ঊষাৰ কঙ্কুম ৰাগে ৰঞ্জিলে বসুধা' - কবিতাটোত 'ঊষা' বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ সূৰ্যৰ কথা কোৱা হৈছে।
B. 1) ৰঘুনাথ চৌধাৰীক "বিহগী কবি" বুলি কিয় কোৱা হয়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা লিখিছিল বাবে তেওঁক "বিহগী কবি" বুলি কোৱা হয়।
2) ৰঘুনাথ চৌধাৰী কোনকেইখন কাকতৰ লগত জড়িত আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰী "জোনাকী" কাকতৰ লগত জড়িত আছিল।
3) ৰঘুনাথ চৌধাৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আদি।
4) 'প্ৰশস্তি' কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰঃ `প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত তেওঁ বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰশস্তিৰ মাজেৰে ভগৱানৰ প্ৰশস্তি কৰিছে।
5) কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰঃ প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ।এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বহুতো উপাদান টানি আনিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলবোৰ জকমকাই ফুলি উঠিছে। চৰাই-চিৰিকটিয়ে সুললিত গীত গাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে কবিতাটোত প্ৰকৃতিৰ উপাদানবোৰ টানি আনিছে।
C. 1) প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰায় আনন্দৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাঁহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্তানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
2) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অৰ্থাৎ ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চাৰিওফালে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন-প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে ভগৱানক বিচাৰি ফুৰা ভক্তসকলোকো কবিয়ে তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কাৰণ কবিয়ে বিশ্বাস কৰে যে প্ৰকৃতিৰ উপাদান বোৰক মৰম চেনেহ কৰি সেইবোৰ উপাদানক নষ্ট নকৰি সেই উপাদান বোৰক যন্ত্ৰ কৰিলে সেই উপাদান বোৰৰ মাজতেই ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।
3) “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।"
- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত নিমগ্ন হৈ থাকি শেষত মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰে। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু বহুতো তীৰ্থস্থান ভ্ৰমণ কৰে, যাতে তেওঁলোকে মুক্তি লাভ কৰিব পাৰে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ এটা প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। ভগৱানক পাবলৈ বেলেগে ধ্যান কৰাৰ প্ৰয়োজন নাই। একান্তচিন্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিক মৰম কৰি, প্ৰকৃতিৰ উপাদানবোৰক নষ্ট নকৰি, তাৰ যত্ন লব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথৰ যাত্ৰী সকলো মানৱকেই প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ নিৱাস।
4) ব্যাখ্যা কৰা।
(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল, স্থল ,অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
জল, স্থল, অন্তৰীক্ষ সকলোতে যে ভগৱানৰ অস্তিত্ব পাব পাৰি। সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। গছৰ শিৰে শিৰে বন বিহংগৰ সুমধুৰ সংগীতে যেন জল, স্থল আৰু অন্তৰীক্ষ সকলোতে যেন দেৱতাৰহে সন্ধান দিছে। সেয়েহে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে আৰু লগতে প্ৰকৃতিৰ উপাদানবোৰক উপভোগ কৰিবলৈ আহ্বান জনাইছে।
খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি, সেইকথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত মত্ত হৈ থাকি যে শেষত মুক্তি বিচাৰি হাবাথুৰি খায়। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু তেওঁলোকে বহুতো পৱিত্ৰ তীৰ্থস্থানলৈ যায়, ভগৱানক লাভ কৰি মুক্তি পাবৰ বাবে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ পথ প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধান হে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। ক্লেদযুজ পৰিৱেশ আতৰাই প্ৰকৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰিছে। মহা কালৰাত্ৰিৰ শেষ হৈ পৃথিৱীত নতুন ৰূপ উজ্বলি উঠিছে। কবিয়ে এই প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে প্ৰকৃতিপ্ৰেমী কবিয়ে ক'বলৈ বিচাৰিছে যে ভগৱানক পাবলৈ বেলেগে ধ্যান সাধনা কৰাৰ প্ৰয়োজন নাই। একান্ত চিত্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথ যাত্ৰী সকলো মানৱক প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে।
গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সকলোকে এলাহ ভাৱ ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যক উপভোগ কৰাৰ প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই হৈছে সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। পুঁৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে যেন আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধানহে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এইদৰেই কবিয়ে সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে কবিয়ে ভগৱানক বিচাৰি ফুৰা ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে।
Additional Questions and Q. Banks Answer
১। ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি?[HSLC '20]
উত্তৰঃ ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
২।ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' বুলি জনা যায় ।
৩। ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে?[HSLC '20]
উত্তৰঃ ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' বুলি জনা যায়, কাৰণ তেওঁ চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল।
৪।মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে।
ভাব - বিষয়কঃ
১ । অতি চমু উত্তৰ দিয়া ।
( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।
( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল -
সদৰী আৰু নৱমল্লিকা।
( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।
( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।
( ঙ ) জল , স্থল আৰু ক ' ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।
( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।
২ । কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল - উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ।
৩ । কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।
৪ । কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।
৫ । প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।
৬ । উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , |
উঠা যত মুক্তি পথযাত্রী ।
--কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
৭ । সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
৮ । ব্যাখ্যা কৰাঃ
( ক ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।
ছন্দভৰা সুমধুৰ তান ,
জল স্থল অন্তৰীক্ষ সকলােতে যেন |
দেৱতাৰ মহা অভিযান ।
উত্তৰঃ
( খ ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |
শেষ হ’ল মহা কালৰাত্রি ,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
উঠা যত মুক্তি পথযাত্রী ।
উত্তৰঃ
( গ ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান ,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান ।
উত্তৰঃ
ভাষা - বিষয়কঃ
১ । অর্থ লিখাঃ
কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
উত্তৰঃ কিলশয় - কোঁহ, কুঁহিপাত, তন্ত্ৰালস।
চিত্ৰহাৰী - মন-প্ৰাণ হৰি নিয়া।
অন্তৰীক্ষ - আকাশ।
তন্ত্ৰালস - ক্লান্ত, টোপনি যোৱা অৱস্থা।
২ । বাক্য ৰচনা কৰাঃ
দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
উত্তৰঃ দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।
উপেক্ষিত - আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
৩ । সমার্থক শব্দ লিখাঃ
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।
উত্তৰঃ তৰু - বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি - মোক্ষ, নিৰ্বাণ, মুকলি।
সুমধুৰ - মধুৰত্ব, ঘুমিষ্ট, মৌ - সনা।
অভিমান - পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী - মনস্বী, ধ্যাতা, কৃতধী।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১ । অতি চমু প্ৰশ্নোত্তৰ
( ক ) ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।
( খ ) ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।
( গ ) ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬৮ চনত মৃত্যু হৈছিল।
( ঘ ) কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।
( ঙ ) কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।
( চ ) ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী' পুথিত সন্নিৱিষ্ট কৰা হৈছিল।
( ছ ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
( জ ) কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।
২ । প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?
উত্তৰঃ প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুনানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।