অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি



শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

১) ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ / গোবিন্দ চন্দ্ৰ /তিৰৎ সিঙক চিলেটলৈ নিৰ্বাসন দিছিল।
উত্তৰঃ ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিছিল।

২) অসমৰ শেষ আহোম ৰজা আাছিল চন্দ্ৰকান্ত সিংহ / কমলেশ্বৰ সিংহ / পুৰন্দৰ সিংহ /যোগেশ্বৰ সিংহ।
উত্তৰঃ অসমৰ শেষ আহোম ৰজা আাছিল পুৰন্দৰ সিংহ।

৩) তিৰৎ সিং খাচী / মণিপুৰী / জয়ন্তীয়া দেশপ্ৰেমিক আছিল।
উত্তৰঃ তিৰৎ সিংখাচী দেশপ্ৰেমিক আছিল।

চমু উত্তৰৰ প্ৰশ্নঃ

১) গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল।
উত্তৰঃ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল।
বা
কাছাৰ ৰাজ্যৰ ৰজা আছিল।

২) ডেভিদ স্কট কোন আছিল ?
উত্তৰঃ ডেভিদ স্কট  এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল।
বা
এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল। 

৩) ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল ?
উত্তৰঃ ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টচন।
বা
ৰবাৰ্টচন।

৪) তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল ?
উত্তৰঃ তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল।
বা
খাচী ৰাজ্যৰ।

৫) মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল ?
উত্তৰঃ মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰসেনাপতি।
বা
পুৰন্দৰ সিংহই।

৬) জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰঃ জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল।
বা
পুৰন্দৰ সিংহাসন হেৰুৱাইছিল।

৭) জেনকিন্সে নামনি অসমক কি কি ভাগত ভাগ কৰিছিল?
উত্তৰঃ জেনকিন্সে নামনি অসমক- গোৱালপাৰা, দৰং, কামৰূপ জিলাত ভাগ কৰিছিল।
বা
গােৱালপাৰা, দৰং আৰু কামৰূপ।

৮) ব্ৰিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰঃ ব্ৰিটিছে পুৰন্দৰ সিংহক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল।
বা
গোৱিন্দ চন্দ্ৰক।

ৰচনা ধৰ্মী প্ৰশ্নঃ

 ১) ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল?
উত্তৰঃ ডেভিদ স্কটৰ প্ৰশাসনকালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগণা (ৰাজহ অঞ্চল) ৰখা হ'ল। চিৰস্তদাৰ, তহবিলদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি খাজানা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয় ।নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল ।মাটিৰ খাজানাৰ  উপৰি বেলেগ বেলেগ বৃত্তিৰ লোকৰ ওপৰতো স্কটে বিত্তীয় কৰ বহুৱাইছিল। তাঁতী, সোণাৰী, মাছমৰীয়া, কঁহাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল। আহোম শাসনৰ সময়ত কৰ মুক্ত দেবোত্তৰ, ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ মাটিৰ ওপৰতো স্কটে খাজানা নিৰূপণ কৰাইছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল, ইয়াক বৰঙণি বোলা হৈছিল।
       স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে সমাধা হৈছিল। কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত এই কাৰ্য সমাধা হৈছিল। মাটিসমূহ বস্তী অঞ্চল, ৰুপিত তথা শালিখেতি অঞ্চল, ফৰিঙতি তথা আহু ধান, সৰিয়হ  খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল। নতুন কৰৰ পদ্ধতি কাৰ্যত পৰিণত হওঁতে কোনো ঠাইত বেছি আৰু কোনো  ঠাইত কম সময় লাগিছিল। আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধাৰ্য্য কৰা হৈছিল। স্কটে কোম্পানিক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্ৰতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজানা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু খাজানাখিনিত গা - ধন বোলা হৈছিল। ইয়াৰ উপৰি প্ৰত্যেকজন মানুহে জনমূৰি কৰ দিব লগা হৈছিল। 

২) ডেভিদ স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ডেভিদ স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। স্কটৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিছনাৰক আপীল কৰিব পৰিছিল আৰু কমিছনাৰে আপীল শুনি ৰায়দান কৰিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল। নামনি অসমত দেৱানী গোচৰৰ বাবে দুখন আৰু ফৌজদাৰী গোচৰৰ বাবে এখন আদালত আছিল। পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। স্কটৰ প্ৰশাসন কালত মোৱামৰীয়া, চিংফৌ আৰু খামতিসকলৰ সৈতে সদভাব স্থাপন কৰা হৈছিল। সকলো কাম ডেভিদ স্কটে নিজে তদাৰক কৰিছিল। এজন অতি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিদ স্কটে সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল।

৩) ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল।
উত্তৰঃ ৰবাৰ্টচনে অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজানাৰ  নিৰিখ ধাৰ্য কৰিছিল। খাজানা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম - ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন হৈছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু শোধাব লগা খাজানাৰ পৰিমাণ তেওঁৰ নাম সন্নিবিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ বা জনমূৰি কৰ একেই ৰখা হৈছিল। এই সংস্কাৰ আৰু কৰ-কটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ  ৰবাৰ্টচনে ভূমি, ঘৰ-বাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল । তদুপৰি ৰায়তক পট্টা আৰু ৰাজহদানৰ ৰচিদ দিয়া হৈছিল । ৰাজহৰ কৰ্মচাৰীসকলে  সৰু-সুৰা গোচৰ সুধিলেও তেওঁলোকে কালেক্টৰক নজনোৱাকৈ  জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল ৰবার্টচনৰ এনেবোৰ সংস্কাৰে ৰায়তৰ উপকাৰ সাধিছিল । 

৪। মেজৰ জেনকিন্সে  অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল ?
উত্তৰঃ মেজৰ জেনকিন্সে অসমৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা এজন অন্যতম ইংৰাজ বিষয়া আছিল । স্কটৰ দৰে এইজন বিষয়ায়ো অসমৰ বাবে ভালেমান আঁচনি লৈছিল । এই ৰাজ্যৰ চাহপাত, কয়লা, তেল উদ্যোগৰ  বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্ৰোতভাবে  জড়িত আছিল । অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহে  প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি স্কটে কান্দাহাৰ চকী উঠাই দিছিল । পিছত জেনকিন্সে অন্যান্য চকীসমূহো উঠাই দিছিল । এইজন বিষয়াৰ প্ৰচেষ্টাত ব্রহ্মপুত্র নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল । বাট-পথৰ উন্নতিৰ প্ৰতিও তেওঁ যথেষ্ট মনোযোগ দিছিল । শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল ।

                                                            
৫। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল ?
উত্তৰঃ ব্ৰিটিছ অধিকৃত ব্রহ্মপুত্র উপত্যকা জেনকিন্সে চাৰিখন জিলাত বিভক্ত কৰিছিল । সেইকেইখন হ'ল- গোৱালপাৰা, কামৰূপ,দৰং(বিশ্বানাথ ধৰি) আৰু নগাঁও । পুৰণি নথিপত্ৰত নগাঁও জিলাক খাগৰিজান বুলিহে উল্লেখ আছে । সেই সময়ত এই জিলাখন পূবে ধনশিৰী নৈলৈকে বিস্তৃত আছিল । খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও । ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগড়ালৈ নিয়া হৈছিল, তাৰ পিছত পুৰণিগুদাম সদৰ হয় । কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয় । 
      পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্রহ্মপুত্রৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী ।
        আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল । ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল । কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল । ই প্ৰায়ে বানপানীত বুৰ গৈছিল । সেয়েহে ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হয় । 
      গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল ।  পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ'ল । আকৌ নিয়মীয়াকৈ ভাপ- জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যায়ল উঠাই দিয়া হৈছিল । 
       কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে । ইয়াৰ সদৰ ঠাই হ'ল শিলচৰ । ১৮৩২ খ্ৰীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনি অসমত পুৰন্দৰ সিংহক ৰজা পাতি বছৰি ৫০,০০০ টকাকৈ কৰ দিবলৈ কোৱা হৈছিল । তেওঁ কৰ দিব নোৱাৰাৰ  বাবে তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গ'ল । তেওঁৰ ৰাজ্যখন দুখন জিলাত পৰিণত হ'ল - শিৱসাগৰ আৰু লক্ষীমপুৰ । এই জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্ৰমে যোৰহাট আৰু লক্ষীমপুৰ । 
        ওপৰত উল্লেখ কৰা ধৰণে জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল ।

                                                            বা

 জেনকিন্সে জিলাসমূহক টাংগানি নামেৰে কিছুমান ৰাজহ জাতি ভাগ কৰিছিল। পিছত টাংগানিৰ সলনি মৌজাবোৰ গঠন কৰিছিল। জেনকিন্সে ব্ৰহ্মপুত্ৰ উপত্যকা চাৰিখন জিলাত বিভক্ত কৰিছিল । সেইকেইখন  হল গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাওঁ পশ্চিমে মানাহ আৰু পূৱে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই ৰাখিছিল গুৱাহাটীত আগেয়ে দৰং জিলাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। গাৰো পাহাৰ আৰু গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল। গোৱালপাৰাক ৰংপুৰৰ পৰা আতৰাই নতুন জিলা হিচাপে গঠন কৰা হৈছিল। আকৌ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আতৰাই নতুন জিলা হিচাপে গঠন কৰে। আকৌ নিয়মিয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই দিয়া হৈছিল। কাছাৰ দখল কৰাৰ পাছত বিট্ৰিছে ইয়াক এখন জিলা হিচাপে গঠন কৰে।

প্ৰশ্ন৬। তিৰৎসিং কোন আছিল । তেওঁ কিয় ব্ৰিটিছ বিৰোধী হৈছিল ? 
উত্তৰঃ তিৰৎসিং খাচীৰ চিয়েম আছিল ।
           ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল । ৰাণীৰ পৰা নংখৌৰ মাজেৰে এই পথ সাঁজিবলৈ খাচী চিয়েম তিৰৎসিঙে অনুমতি দিছিল । কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখীয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল । ইতিমধ্যে তিৰৎসিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল । ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তিৰৎসিঙক ব্ৰিটিছে সহায় নকৰিলে, বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলোক প্ৰস্তুত হ'ল । ১৮২৯ খ্ৰীষ্টাব্দত তিৰৎসিঙে খাচী সৈন্য-সামন্তলৈ কোম্পানিৰ লোকৰ ওপৰত আক্ৰমণ চলাই । এনেবোৰ কাৰণতে তিৰৎসিং ব্ৰিটিছৰ বিৰোধী হৈছিল ।

 চমু টোকা লিখাঃ

১। তুলাৰাম সেনাপতি
উত্তৰঃ কাছাৰৰ সেনাপতি আছিল তুলাৰাম । এওঁ সমগ্ৰ কাছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল । কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপেহে স্বীকৃতি দিছিল। তুলাৰাম সেনাপতিৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰ নকুল ৰাম বৰ্মন আৰু ব্রজনাথ বৰ্মনে পিতৃ ৰাজ্য শাসন কৰিছিল ।

২। পুৰন্দৰ সিংহ
উত্তৰঃ পুৰন্দৰ সিংহ আছিল আহোম ৰজা ব্রজনাথৰ পুতেক । ৰজা ব্রজনাথৰ অংগক্ষত হোৱা বাবে পুতেক পুৰন্দৰ সিংহক ৰজা পতা হয় । ১৮৩৩ চনত ইষ্ট-ইণ্ডিয়া কোম্পানিৰ হকে ৰবাৰ্টচনে পুৰন্দৰ সিংহৰ লগত গুৱাহাটীত এখন চুক্তি-পত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি মতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে উজনি অসমখন পুৰন্দৰ সিংহক শাসন কৰিবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত ইংৰাজ কোম্পানিৰ বছৰি ৫০ হেজাৰ টকা কৰ শোধাবলৈ পুৰন্দৰ সিংহ বাধ্য হয় । প্ৰশাসনৰ শিথিলতাৰ প্ৰমাণ পাই ১৮৩৮ খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰা হ'ল । পুৰন্দৰক অৱসৰ ভাট্টা দি তেওঁৰ ৰাজ্য বৃটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ অনা হৈছিল ।

৩। তিৰৎ সিং
উত্তৰঃ তিৰৎ সিং খাচীৰ চিয়েম আছিল । ৰাণীৰ পৰা নংখৌৰ মাজেৰে পথ সাঁজিবলৈ তেওঁ ব্ৰিটিছক অনুমতি দিছিল । কিন্তু পিছত পথ নিৰ্মান হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখীয়ালসকলে ইয়াৰ বিৰোধিতা কৰিছিল । ইতিমধ্যে  তিৰৎসিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তিৰৎসিঙক ব্ৰিটিছে সহায় নকৰিলে বৰঞ্চ, ৰাণীৰ ৰজাকহে  সহায় কৰিবলৈ তেওঁলোক প্ৰস্তুত হ'ল। ১৮২৯ খ্ৰীষ্টাব্দত তিৰৎসিঙে খাচী সৈন্য-সামন্ত লৈ কোম্পানিৰ লোকৰ ওপৰত আক্ৰমণ চলায় ।

৪। গোমধৰ কোঁৱৰ
উত্তৰঃ অসমত পোন প্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ আছিল । গোমধৰ- কোঁৱৰক সমৰ্থন কৰিছিল, ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ, জীউৰাম দুলীয়া বৰুৱা আদিয়ে । ইংৰাজে উজনি অসমৰ সামৰিক শাসনৰ ওৰ-পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰিছিল । সেই অৱস্থাৰ সুযোগ লৈ গোমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল । গোমধৰে  ভবাৰ দৰে ব্ৰিটিছসকল ইমান দুৰ্বল নাছিল, তেওঁলোকে তৎক্ষণাৎ বিদ্ৰোহ দমন কৰে । গোমধৰকে আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰীসকলক বন্দী কৰে । সেই সময়ত ব্ৰিটিছ কমিছনাৰ ডেভিদ স্কটে গোমধৰ কোঁৱৰ প্ৰমুখ্যে বিদ্ৰোহীক সাত বছৰলৈ বংগ দেশৰ ৰংপুৰ কৰাগাৰত কাৰাবাস দিয়ে । গোমধৰেও ফাটেকৰ পৰা নগা পাহাৰলৈ পলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত ৭ বছৰলৈ কাৰাবাস খাটিব লগীয়া হয় । পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা গোমধৰ কোঁৱৰ ক'লৈ গ'ল সেই বিষয়ে জনা নাযায় । 

৫। ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল
উত্তৰঃমটক ৰাজ্যৰ পূবত থকা ন-দিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল । চিংফৌৰ মুখীয়ালজনক  গাম বোলা হৈছিল । গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি -পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ'ল । পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকে ইংৰাজ চৰকাৰক জনাবলৈ মান্তি হৈছিল । ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডা-ডাঙৰীয়া কিছুমানৰ উচটনিত চিংফৌসকলে ষড়যন্ত্রমূলকভাৱে বিদ্ৰোহী কাৰ্যত লিপ্ত হৈছিল । এই বতৰা পাই নিউভিলে পুনৰ চিংফৌসকলক দমন কৰিবলগীয়া হৈছিল ।

৬। ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল
উত্তৰঃযদিও জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সু-সম্পৰ্ক স্থাপন কৰিছিল, মান আক্ৰমণৰ পৰৱৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল । জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগনা সীমাইদি ব্ৰিটিছ আধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ  অভিযোগত ব্ৰিটিছে তেওঁলোকক ভাবুকি দিবলগীয়া হৈছিল । 
১৮৩৫ চনত কেপ্তেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে । এজন পলিটিকেল এজেণ্টে ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল । জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিয়া হৈছিল।



Garima Sarma
Editor Apurba Kakati
Last Checked by Monikongkona Saikia (17.05.2022)

Post Id: DABP000845


-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 
👉Click Here Might Learn 
-------------------------------



Post ID : DABP003000