Chapter 2
জনসংখ্য়া বৃদ্ধি আৰু বিতৰণ
অনুশীলনী
শুদ্ধ উত্তৰটো লিখাঃ
ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ?
১) নিৰক্ষীয় অঞ্চল, ২) উত্তৰ মেৰু, ৩) পূব এছিয়া , ৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি
উত্তৰঃ ৩) পূব এছিয়া।
খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক ?
১) ইউৰোপ, ২) আফ্ৰিকা, ৩) এছিয়া, ৪) অষ্ট্ৰেলিয়া
উত্তৰঃ ৩) এছিয়া।
গ) ২০১১ চনত অসমৰ জনসংখ্যা কিমান আছিল ?
১) ২.২৪ কোটি, ২) ৩.১২ কোটি , ৩) ২.৩৫ কোটি, ৪) ২.৪৬ কোটি
উত্তৰঃ ২) ৩.১২ কোটি।
ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই?
১) এছিয়া, ২) দক্ষিণ আমেৰিকা, ৩) কুমেৰু বা এন্টাৰ্কটিকা, ৪) ইউৰোপ
উত্তৰঃ ৩) কুমেৰু বা এন্টাৰ্কটিকা।
ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল-
(১) ভাৰত, (২) পাকিস্তান , (৩) ৰাছিয়া, (৪) চীন
উত্তৰঃ ৪) চীন।
২) খালী ঠাই পূৰণ কৰাঃ
উত্তৰঃ
ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।
খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।
গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব।
ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।
৩। চমুটোকা লিখাঃ
ক) মানৱ সম্পদৰ উন্নয়নঃ
উত্তৰঃ দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী, কৌশল, বুদ্ধিমত্তা ইত্য়াদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি ইত্য়াদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য়। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি। গতিকে মানৱ সমপ্দৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য়, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সমপ্দ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হ'লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক'ব পাৰি।
খ) জনসংখ্যাৰ থুপীকৰণঃ
উত্তৰঃ জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্য়কাকেন্দ্ৰিক সভ্য়তাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্য়কা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্য়োগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়তৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যাৰ থূপীকৰণ ঘটা বুলি ক'ব পাৰি।
গ) জনসংখ্যাৰ বিস্ফোৰণঃ
উত্তৰঃ বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰবৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ–আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হবলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে ।
৪) বহলাই লিখা (৮০টা মান শব্দৰ ভিতৰত)
জন প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ?
উত্তৰঃ অতীতকালৰপৰাই মানুহে এঠাইৰপৰা অন্য় এঠাইলৈ গৈ বসতি স্থাপন কৰি আহিছে। কিছুসংখ্যক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত অন্য় এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জন-প্ৰবজন বোলে।
জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল–সাধাৰণতে যুদ্ধ – বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্যসংকট, ৰাজনৈতিক সংকট, আদি কাৰণত মানুহে এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষাগ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন–যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। মুম্বাই, গুজৰাট, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদিৰ ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ দেশখনৰ বিভিন্ন ৰাজ্যৰ পৰা কৰ্ম সংস্থাপন বিচাৰি মানুহে প্ৰব্ৰজন কৰিছে। এনেদৰে কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিছে।
জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।
Garima Sharma
SPELLING CHECK BY MUKESH BORAH
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
-------------------------------
Post Id: DABP000891
6 Comments