Chapter 1
বৰগীত



A. 1. তোমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত বৰগীতটোত কবিয়ে `বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?
উত্তৰ:- হৰিক সম্বোধন কৰিছে।

2. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ:- নামঘোষা।

B. 1. বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।
উত্তৰ:- বৰগীতৰ তিনিটা লক্ষণ হল-
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।

2. চমুটোকা লিখা : ব্ৰজাৱলী ভাষা
উত্তৰ:- ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ত গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী

3. “....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে"
- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ:- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।


4. মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।
উত্তৰ:- মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভগাব পাৰি।
১) আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
২) তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
৩) নাট - অৰ্জুন ভঞ্জন বা দধিমথন।
৪) ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।

5. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায় ॥"
  - ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?
উত্তৰ:- ওপৰত উল্লেখিত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ মহিমাৰ কথা কবলৈ বিচাৰিছে।
       হৰিৰ মহিমা অপাৰ। যুগসিদ্ধ পুৰুষে তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিৰ সাধাৰণ মানুহৰ বাবে লাভ কৰাটো তেনেই অসম্ভৱ। সনক, সনন্দ যোগী সকলেও তেওঁক ধ্যান কৰি লাভ কৰিব নোৱাৰে। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি কবিয়ে ভগৱান পাৰ্থনা কৰিছে যাতে হৰিয়ে তেওঁক জীৱনে মৰণে এৰা নিদিয়ে।

C. 1. মোহ- পাশ মানে কি?
উত্তৰ:- মায়াৰ বন্ধন।

2. মাধৱদেৱৰ জন্মস্থান কি?
উত্তৰ:- লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত।

3. মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
উত্তৰ:- ১৯১ টা।

4. `ছোড়' শব্দৰ অৰ্থ কি?
উত্তৰ:- ছিঙি দিয়া।

5. মাধৱদেৱৰ বিৰচিত কাব্য খনৰ নাম কি?
উত্তৰ:- ৰাজসূয় কাব্য।

6. মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল?
উত্তৰ:- শংকৰদেৱৰ।

7. `নামঘোষা' ক আৰু কি নামেৰে জনা যায়?
উত্তৰ:- হেজাৰী ঘোষা।

8. `অৰ্জুন ভঞ্জন' নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱে।

9. কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ:- বিষয় বাসনাত।

10. বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে?
উত্তৰ:- হৰিৰ চৰণত।

11. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।"
  - সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ:- হৰিক।


12. শব্দাৰ্থ লিখা।
উত্তৰ:- যাহাকু - যিজনক
ধিয়ায় - ধ্যান কৰে।
নিগম - নিগম শাস্ত্ৰ।
বিষয় বিকলে - সাংসাৰিক দুখ।
শৰণ - চৰণ।
ছোড় - ছিঙি দিয়া।
মোহ পাশ - মায়াৰ বন্ধন।


B. 1. মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল?
উত্তৰ:- মাধৱদেৱৰ পিতৃ হ'ল গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা।

2. মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰ:- মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰীদিয়া আৰু ভেলাডাংগাত ধৰ্ম প্ৰচাৰ কৰিছিল।

3. মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ:- অৰ্জুন ভঞ্জন বা দধিমথন।

4. মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি কি?
উত্তৰ:- মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হল জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা।

5. বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ:- বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হল -
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।


6. “আতুৰ ভৈলোহো হৰি বিষয় বিকলে।" - ইয়াত বিষয় বিকলে মানে কি বুজাইছে?
উত্তৰ:- ইয়াত বিষয় বিকল মানে সাংসাৰিক দুখ, কষ্ট বুজাইছে।

7. “তোমাৰ চৰণ দুই মোৰ মহাধন।"- ইয়াত উল্লেখ কৰা মহাধন মানে কি?
উত্তৰ- ইয়াত মহাধন বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে।

8. “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।"- ইয়াত কি মোহপাশৰ কথা কোৱা হৈছে?
উত্তৰ:- ইয়াত হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে।

C. 1. বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ:- নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীৰ ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰে। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল নামঘোষা। এহেজাৰটা ঘোষা থকাৰ বাবে এইখন হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হল -
আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
 তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
 নাট - অৰ্জুন ভঞ্জন বা দধিমথন।
 ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।

2. বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ:- হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণযুগল হল পৰমধন আৰু ভকতৰ বাবে হৰি হ'ল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদদি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ আগত অজস্ব ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিব বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে প্ৰাৰ্থনা কৰে। যাতে হৰিৰ চৰণযুগলত আশ্ৰয় লব পাৰে। আৰু জীৱনৰ শেষ সময়খিনি তেওঁৰ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁলোকে কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে যাতে হৰিয়ে জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে।


3. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকলে নিগমে যাক বিচাৰি নাপায়।" - তাৎপৰ্য বাখ্যা কৰা।
উত্তৰ:- হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। তেওঁৰ মহিমা সনক, সনন্দ আদি যোগী সকলোৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰ ভাৱে প্ৰাৰ্থনা কৰিছে, যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে।


6. প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা।

ক) সনক, সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
       হৰিৰ চৰণযুগল লাভ কৰাটো যে ইমাণ সহজ কাম নহয় সেই কথা কবলৈ গৈ কবিয়ে উপৰোক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
     হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি । এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি সনক, সনন্দ আদি যোগীসকলে হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে  যাতে তেওঁ জীৱনে মৰণে কেতিয়াও ভক্তৰ লগ নেৰে।

খ) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
     হৰিৰ মহিমাৰ কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।
       হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত, পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে, হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্দৰ সৃষ্টি কৰিছে, স্থিতি - স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।


গ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ॥
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
      মায়ামোহত আৱদ্ধ কবিয়ে মুক্ত বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত গীতফাঁকি উল্লেখ কৰিছে।
      পৰম ব্ৰহ্ম পৰমেশ্বৰ নিম্ভৰ্ণ, নিৰাকাৰ। নিগুৰ্ণ ব্ৰহ্মাই গুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্ত সকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ, বিষয় - বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়া মোহ, বিষয়- বাসনাত আৱদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়া- মোহ, বিষয়- বাসনাৰ পৰা উদ্ধাৰ কৰে।


ঘ) তোমাৰ চৰণ দুই মোৰ মহাধন।
ভকত জনেৰ নিজ তুমিসে জীৱন ॥
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
        ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।
       হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন- বিত, সা- সম্পতি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণকমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ব ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ, আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------





Post Id: DABP000989