দশম শ্ৰেণী/সমাজ বিজ্ঞান/ ইতিহাস/(তৃতীয় অধ্যায়)
অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ- টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল।
২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ- ১৮৫৩ চনত।
৩। কেঞাসকল কোন আছিল?
উত্তৰঃ- মাৰোৱাৰি সম্প্ৰদায়ৰ লোক।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- মণিৰাম দেৱান।
৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰঃ- কন্দৰ্পেশ্বৰ সিংহক।
৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰঃ- মধু মল্লিক।
৭। মণিৰাম দেৱানৰ লগত কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?
উত্তৰঃ- পিয়লি বৰুৱা।
৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰঃ- কেপ্টেইন হলৰইড।
৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ- (ক) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল।
(খ) বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল।
১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৰ্ৱতন কৰা হৈছিল?
উত্তৰঃ- ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ।
১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰঃ- (ক) কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কিৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
(খ) দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল।
১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ- নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।
১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৬১ চনত।
১৪। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৯৩ চনত।
১৫। লচিমা ক'ত অৱস্থিত?
উত্তৰঃ- অসমৰ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত।
১৬। লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল।
উত্তৰঃ- ১৮৯৪ চনত।
১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ- ১৮৯৪ চনত।
১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- ওকিয়াং নংবাহ।
১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ- সম্বোধন কছাৰী।
২০। টিকেন্দ্ৰজিৎক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
উত্তৰঃ- ব্ৰিটিছ চৰকাৰে।
২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰঃ- ১৮৯১ চনত।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ঠ আঘাত জন্মিছিল। সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায়। ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদসহ বিষয়া সকলে কন্দপেশ্বৰ সিংহক পুনৰ সিংহাসনত বহোৱাৰ যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতো বিদ্ৰোহৰ জুই জ্বলিছিল।
সাধাৰণ জনতাৰ ওপৰত ইংৰাজে জধে-মধে কৰ আৰোপ কৰিছিল। মাটিৰ খাজানা বৃদ্ধি কৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল।ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোঁহাই আৰু সত্ৰাধিকাৰসকলে বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল। ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয়।অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে ব্ৰিটিছ শাসনৰ লগত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে বিফল হ'বলগীয়া হৈছিল। ইংৰাজ শাসনত বংগদেশৰ পৰা শিক্ষিত ব্যক্তি আনি অসমৰ অফিচ কাছাৰীত নিয়োগ কৰা হৈছিল। ফলত অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে নিজৰ নিজৰ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছিল। কিছুসংখ্যকে মৌজাদাৰ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্ব পাইছিল যদিও বংগদেশ আৰু পশ্চিম ভাৰতৰ পৰা অহা বঙালি আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক বেছিভাগ দায়িত্ব অৰ্পণ কৰা হৈছিল। ইংৰাজ শাসনৰ তলত বিদ্ৰোহৰ নেতা মণিৰাম দেৱানেও নিজৰ চৰকাৰী পদবী হেৰুৱাবলগীয়া হৈছিল। আহোমৰ ৰাজবংশৰ পৰিয়ালৰ ব্যক্তি, উচ্চ পদস্থ বিষয়া, পুৰোহিত, ব্ৰাহ্মণ ইত্যাদি লোকসকলে নিজৰ লগত লগুৱা, চাকৰ, বান্দী, বেটী ৰাখিব পাৰিছিল। ইংৰাজে সেই পৰম্পৰা উঠাই দিয়ে। ইয়াৰ ফলতো সমাজৰ আঢ্যৱন্ত লোকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট আছিল।
২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ- মণিৰাম দেৱান অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তাদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম. টি. কোম্পানীত যোগদান কৰে। কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা-সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হ'ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ'ল। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল।
১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ মফট মিলচে অসমৰ প্ৰশাসন ব্যৱস্থা বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে তেওঁক দুখন আৰ্জি পেচ কৰিছিল। এখনত তেওঁ ব্ৰিটিছ চৰকাৰলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি তাৰ কিছু ফল তেঁখেতক দিবলৈ অনুৰোধ জনাইছিল আৰু আনখনত এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ দুৰ্দশাৰ বিষয়ে সবিস্তাৰে লিখিছিল।
মিলে প্ৰতিবেদনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছিল যদিও অৱশেষত মণিৰাম দেৱানক সঁহাৰি নজনালে। বৰঞ্চ তেওঁক এজন চক্ৰান্তকাৰী হিচাপে অভিহিত কৰে। মিলৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধূলিসাৎ কৰিছিল আৰু তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে। কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল।
সেই সময়ত মিৰাটত ব্ৰিটিছৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। পৰিকল্পনা মতে আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। বাহাদুৰ গাওঁবুঢ়া, ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সহাৰি জনায়। কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। ইয়াৰ পিছতে কন্দৰ্পেশ্বৰ সিংহক ব্ৰিটিছে আটক কৰে আৰু কলিকতাৰ আলিপুৰ জেইলত বন্দী কৰি থয়। ইফালে কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই। অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁকো ফাঁচী দিয়ে।
৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
উত্তৰঃ- (ক) এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল।
(খ) বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল। তেওঁলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকৰী কৰিব পৰা নাছিল।
(গ) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেওঁ ধৰা পৰে।
(ঘ) ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল আৰু সেই মতে বিদ্ৰোহ মষিমূৰ কৰিছিল।
(ঙ) বিদ্ৰোহীৰ সংখ্যা যথেষ্ঠ কম আছিল। বিদ্ৰোহৰ সমৰ্থকসকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাৱদ্ধ আছিল।
(চ) ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহস্থলীৰ পৰা বহু নিলগত ৰাখিছিল। মণিৰাম দেৱান কলিকতাত থাকি তাৰপৰা চিঠিপত্ৰ আৰু বাৰ্তা পঠিয়াই বিদ্ৰোহটো পৰিচালিত কৰিছিল।
(ছ) ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল। ইয়াৰ ফলতো বিদ্ৰোহৰ শক্তি কমি আহিছিল।
(জ) অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থা গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্থাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনা ব্যৰ্থ কৰিছিল।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ 一
(ক) যদিও ১৮৫৭ চনত অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল। তথাপি, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।
(খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি।
(গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
(ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ- (ক) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল।
(খ) অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধাচাৰণ।
(গ) ৰাইজৰ আক্ৰোশ বাঢ়িল 一 বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা।
(ঘ) নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোৱৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল।
(ঙ) সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে।
(চ) পিছদিনা একে ঠাইতে সমৱেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে গুলীচালনা কৰে।
(ছ) ৩৯ জন নিৰীহ কৃষকৰ মৃত্যু হয়। ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলীয়া পানীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰে।
৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ- ১৮৬১ চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজানাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। ১৮৯২ চনত অসমৰ চীফ কমিচনাৰ ৱৰ্ডে খাজানা হাৰ পূৰ্বতকৈ ১০০% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰে পৰিণামস্বৰূপে ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমাত কেইবাটাও অঞ্চলৰ লোকে খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলিও ঘোষণা কৰিছিল। ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল।
১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰত লুটপাতৰ বিদ্ৰোহৰ আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্চনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাত কৰে। সিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰিত হয়। কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্থাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুস্থিত কৰিছিল। তাৰ পৰা ১৫ জন কৃষকক পুলিচে আটক কৰে। ১০ জানুৱাৰীত পুনৰ অনুস্থিত এখন ৰাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় ৩,০০০ কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্তক জনায়। উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজানা দিয়া নহ'ব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰৱেশৰ চেষ্টা চলাই। উপায়ুক্ত মেক কেবে গুলী চালনাৰ নিৰ্দেশ দিয়াত কৃষকসকলে সেই স্থান ত্যাগ কৰে। তাৰ পিছত উপায়ুক্তই এখন জাননী দাবী কৰি তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও ক'তো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰী কৰে। উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজানা দিবলৈ ৰাজী কৰোৱাৰ লগতে ৰায়তত শান্তি স্থাপনৰ চেষ্টা চলাইছিল। অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইজমেলবোৰ বন্ধ হোৱা নাছিল। উত্তৰ-কামৰূপৰ অন্য প্ৰান্তত প্ৰতিবাদ অব্যাহত আছিল।
৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা।
উত্তৰঃ- উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচীৰ মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে।
ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে. ডি. এণ্ডৰাছন.ক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে. আৰ. ৱেৰিংটন.ৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীলৈ পথৰুঘাটত উপস্থিত হয়।
সমাৱেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০ মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰে পিছতে প্ৰায় ২,০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্থিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষক সকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠি, কামি, মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয় কিন্তু বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয়।
৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ- (ক) জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিংৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীনচিতিয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে।
(খ) ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল। কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই।
(গ) জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছধৰা, খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মুকলাই। তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয়কৰ, ঘৰকৰ বহুৱাইছিল। ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল।
(ঘ) প্ৰথমে ব্ৰিটিছে ঘৰকৰ প্ৰৰ্ৱতন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীপুৰ, মূলাগোল, জাফলং, চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয়।
(ঙ) ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে।
(চ) ১৮৬২ চনৰ ১৭ জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে।
(ছ) জয়ন্তীয়াসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্য বাহিনীয়ে প্ৰজাৰ ওপৰত অমানসিক অত্যাচাৰ চলাইছিল। বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল।
(জ) জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে। নেৰা-নেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহীসকলৰ শক্তি কমি আহিল।
(ঝ) অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলোমাই। পৰৱৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্ব-ইচ্ছাৰে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে। ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ অৱসান ঘটে।
৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰঃ- (ক) ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়াৰ অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে।
(খ) ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিয়ে।
(গ) সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।
(ঘ) কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল।
(ঙ) সেয়ে অসমৰ ছীফ কমিচনাৰ জে. ডব্লিউ. কুইন্টন. আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে।
(চ) এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়।
(ছ) এই ঘটনাৰ পিছত ইংৰাজে নাবালক কোঁৱৰ চূড়চন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰে আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনে ৰজা হৈ মণিপুৰৰ প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰিবলৈ লয়।
চমুটোকা লিখাঃ
১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।
উত্তৰঃ- ঊনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিছ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্থাৰে অৰ্থনীতি নজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱস্থাত চৰকাৰখনে কেৱল কৰ-কাটল সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল। দৰিদ্ৰ প্ৰজাৰ দুঃখ দুৰ্দশা মোছন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱস্থাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।
২। মণিৰাম দেৱান।
উত্তৰঃ- মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা অসম আক্ৰমণত অসমীয়া জনগণই সন্মুখীন হোৱা দুৰ্গতিৰ লগতে ১৮২৬ চনত কেনেকৈ অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল তাৰ সাক্ষী আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তি সময়ত ব্ৰিটিছ মালিকাধীন অসম টি. কোম্পানীত যোগদান কৰে কিন্তু চৰকাৰৰ পৰা বিভিন্ন দিশত পাবলগীয়া সা-সুবিধা কিছুমান নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। অৱশেষত তেওঁ সিদ্ধান্ত ল'লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হ'ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ'লেহে। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। অভিজাত অসমীয়া শ্ৰেণীৰ দুখ দুৰ্দশাৰ সম্পৰ্কে বহুবাৰ চৰকাৰৰ ওচৰত অৱগত কৰাৰ পিছত বিফল হৈ তেওঁ সম্পূৰ্ণ ইংৰাজ বিৰোধী হৈ পৰে। যিহেতু তেওঁ নিজৰ সীমাৱদ্ধতা জানিছিল, সেয়েহে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সমুখ সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিবলৈ চৰকাৰক এখন আৰ্জি পেচ কৰে। কিন্তু বংগদেশৰ লেফটেনেন্টে গৱৰ্ণৰৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম নহ'ল।
কলিকতাত থকাৰ সময়ত দেশজুৰি আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ কথা চিন্তা কৰিলে। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যবিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। পৰিকল্পনা মতে, আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ অধীনত থকা অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰসহ কলিকতাৰ পৰা আহি তেওঁলোকক সহায় কৰিব। কিন্তু দুৰ্ভাগ্যক্ৰমে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ আছিল। অতি কম সময়ৰ ভিতৰতে, কলিকতাত আত্মগোপন কৰি থকা মণিৰাম দেৱানক ইংৰাজে বিচাৰি উলিয়াই আৰু আলিপুৰ জেইলত কেইমাহমান ৰাখি যোৰহাটলৈ পঠিয়াই। অৱশেষত চৰকাৰে ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ সৈতে তেওঁক ফাঁচী দিয়ে।
৩। ফুলগুৰি ধাৱা।
উত্তৰঃ- ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। ৰাইজৰ আক্ৰোশ বাঢ়িল 一 বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজানা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল'বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত স-শস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। ৩৯ জন নিৰীহ কৃষকৰ মৃত্যু হয়। ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলীয়াপানীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নৃশংসভাৱে হত্যা কৰে।
৪। লচিমাৰ কৃষক বিদ্ৰোহ।
উত্তৰঃ- ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদস্বৰূপে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত হৈছিল। বজালীৰ বিভিন্ন অঞ্চলতো অনুষ্ঠিত এনে ৰাইজমেলে কৃষকসকলক সচেতন কৰি তুলিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাঁওতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা এটা দলে ঘটনাৰ লগত জড়িত থকা ৭৫ জন লোকক আটক কৰি অস্থায়ী শিৱিৰলৈ লৈ আনে। প্ৰায় ৩,০০০ লোকৰ এটা দলে শিৱিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলাই দিয়া হয়। পিছদিনা উপায়ুক্ত মেকে চাহাবে সৈন্য সামন্ত লৈ পুনৰ ৫৯ জন বিদ্ৰোহী কৃষকক আটক কৰি আনি জেলত ভৰাই থয়। ২৫ তাৰিখৰ দিনা বন্দীসকলক মুকলাই দিয়াৰ দাবীত ৬,০০০ ৰাইজৰ স্বাক্ষৰসম্বলিত এখন পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয়। উপায়ুক্ত সৈমান নহ'ল আৰু শক্তিৰে ৰাইজক খেদি পঠিয়াই। পুলিচে আটক কৰা মানুহখিনিৰ ওপৰত অমানসিক অত্যাচাৰ চলিল। ৰাইজক সতৰ্ক কৰিবলৈ আটক কৰা মানুহখিনিৰ ডিঙিত যুঁৱলি বান্ধি তেঁওলোকৰ হতুৱাই হাল টনোৱা হয়। ১৬ জনক সশ্ৰম কাৰাদণ্ড বিহা হয়। পিছলৈ কলিকতা হাইকৰ্টৰ নিৰ্দেশত অপৰাধীসকলৰ কিছু শাস্তি লাঘৱ হয়।
৫। পথৰুঘাটৰ ৰণ।
উত্তৰঃ- কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল। নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে। ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে. ডি. এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষক জে. আৰ. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্থিত হয়।
সমাৱেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমৱেত ২০০মান ৰাইজে আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সৱিশেষ জনায়। কেইঘণ্টামানৰে পিছতে প্ৰায় ২,০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্থিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰা আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতে উত্তেজিত ৰাইজে লাঠি, কামি, মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয়। কিন্তু বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয়।
৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব।
উত্তৰঃ- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ 一
(ক) যদিও ১৮৫৭ চনত অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপি, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।
(খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি।
(গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
(ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
৭। টিকেন্দ্ৰজিৎ।
উত্তৰঃ- ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। তেতিয়া অসমৰ চীফ কমিছনাৰে সেই কন্দলত অনাহকত হস্তক্ষেপ কৰে। ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে স্বীকৃতি দিয়ে। সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে ৰজা কুলচন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা টিকেন্দ্ৰজিৎক ইংৰাজৰ কথা মতে দেশান্তৰিত কৰা কুলচন্দৰ পক্ষে সম্ভৱ নহৈছিল। সেয়ে অসমৰ ছীফ কমিচনাৰ জে. ডব্লিউ. কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ টিকেন্দ্ৰজিৎক আটক কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনৰ বিৰোধিতা, বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়।
Spelling checked by 一 Sri Mampi Kakati
**********
-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇
-------------------------------
ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)
Post Id: DABP000941