Chapter 13
(হনুমন্তৰ লঙ্কাদৰ্শন)
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Short Question and Answer
👉Question Paper
👉Paid Answer (Buy Now)
👉MCQ Online Exam
👉MCQ Answer
👉Short Question and Answer
👉Question Paper
👉Paid Answer (Buy Now)
১) চমুকৈ উত্তৰ দিয়া ঃ
ক) মাধৱ কন্দলী কোন আছিল ?
উঃ মাধৱ কন্দলী প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল ।
খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ?
উঃ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন মহাকাব্য অনুবাদ কৰিছিল ।
গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা কাণ্ড পোৱা যায়।
ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল ?
উঃ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ।
ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল ।
চ) 'হনুমন্তৰ লঙ্কাদৰ্শন' - কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?
উঃ 'হনুমন্তৰ লঙ্কাদৰ্শন'- কাব্যাংশ সুন্দৰাকাণ্ডৰ ৰামায়ণৰ পৰা লোৱা হৈছে ।
২) মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ আছে ?
উঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ নাম一 হেমসৰস্ৱতী, হৰিদাস বিপ্ৰ, কবিৰত্ন সৰস্ৱতী আৰু ৰুদ্ৰ কন্দলী ।
৩) মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?
উঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূৰ্ব- মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ।
৪) তলত দিয়াবোৰৰ টোকা লিখা ঃ
উঃ
হনুমন্ত - হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল । হনুমন্ত বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল । তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল । ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল। ৰাম-ৰাৱণৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্য়কৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল ।
সুগ্ৰীৱ - সুগ্ৰীৱ বানসকলৰ ৰাজ্য কিষ্কিন্ধ্যাৰ ৰজা বালীৰ ভায়েক আছিল । এওঁ ৰামৰ পৰম মিত্ৰ আছিল । সীতাৰ সন্ধানত ঘূৰি ফুৰোঁতে ৰাম আৰু সুগ্ৰীৱৰ মিলত ঘটিছিল । ৰাজ্যলাভৰ আশাত সুগ্ৰীৱে ভায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰাইছিল । সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল ।
নীল -ঃ নীল এগৰাকী বানৰ বীৰ আছিল । কিষ্কিন্ধ্যাত তেওঁ ৰামচন্দ্ৰক লগ পায় । এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিৰ্মাণ কৰাব লগা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল । নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম- ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল ।
অম্ৰাৱতী - ঃ অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল । এই নগৰখন দেৱসকলৰ খনিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াত সৌন্দৰ্য অতি বিতোপন আৰু চালে চকুৰুৱা আছিল। অম্ৰাৱতীত থকা বাগিছাখনৰ নাম নন্দন কানন আছিল । যত দুষ্প্ৰাপ্য ফুল জকমকাই সদাই ফুলি আছিল ।
কাশ্যপ নন্দন -ঃ সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন । ৰামায়ণৰ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল । এওঁক ঐলোক্যৰ প্ৰদীপ বুলিও ক'ব পাৰি । অগ্নি , ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন ।
বিশ্বকৰ্মা -ঃ বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা । এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল । ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গৈ সাধিত হৈছিল । এওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় ।
৫) লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল - ফুলৰ গছ দেখিবলৈ পাইছিল ?
উঃ লংকা নগৰীৰ , যাওঁতে কাষৰ বন- বননিত হনুমন্তই অনেক ফল-ফুল দেখিবলৈ পাইছিল । সেইবোৰ হ'ল সৰল , পিয়াল, ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বগৰী, সোলেং টেঙা, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা, বুট, মনিছাৰ বা বিন, কল, গুনকল, সেৱতী, মালতী, নাৰিকল, শ্ৰীফল, মহৰি, পাৰিজাত, ছতিয়কা, হাৰিঠা, নগগেশ্ৱৰ, আদি বিভিন্ন ফল- ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী ।
৬) হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?
উঃ হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ লৈ লঙ্কা নগৰীত প্ৰৱেশ কৰিছিল । লঙ্কা নগৰীত সুৰক্ষা ব্য়ৱস্থা অতি শক্তিশালী আছিল । হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বান্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল। সেইবাবে তেওঁ মায়া বিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লঙ্কা নগৰীত প্ৰৱেশ কৰিছিল ।
৭) হনুমন্তই পদূলি সময়ত দেখা লঙ্কা নগৰীৰ এটি বৰ্ণনা দিয়া ।
উঃ সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লঙ্কা অভিমুখে গৈছিল । বিবিধ ফল - ফুলেৰে জাতিষ্কাৰ বন- বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হ'ল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লঙ্কাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল । তেতিয়া তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লঙ্কাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে । ত্ৰিকূট পৰ্বত স্থাপিত লঙ্কা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতীহে । সমগ্ৰ লঙ্কা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ, মণি-মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমন্দলৈ থাকি পোহৰ বিলাই আছিল । গোটেই লঙ্কা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেঢ়ি আছিলে ।
দেৱতা, অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ শাৰী-শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । গধূলি সময়ত দেখা লঙ্কা নগৰী খন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তইৰ ।
৮) সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?
উঃ ৰামভক্ত হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল । গধূলি সময়ত তেওঁ দেখিছিল গোটেই লঙ্কাখন সোণেৰে নিৰ্মিত গড়ে । লঙ্কানগৰীৰ বহল চাৰিসীমা আৱৰি আছে অসংখ্য়া মজবুত দুৰ্গই । নানা যন্ত্ৰৰে সজ্জিত সেই দুৰ্গ দেৱতাই অসুৰ আদিয়ে লঙ্ঘিব নোৱাৰাকৈ শাৰী - শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে । হনুমন্তই ধাৰণা হৈছিল যে লঙ্কা দুৰ্গম ঠাই তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ, সুগ্ৰীৱ, নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লঙ্কাত প্ৰৱেশ কৰিব পাৰিলে। ন'হলে অন্য় বানৰে শত যোজন পথ পাৰ হৈ সাগৰৰ সিপাৰে থকা লঙ্কালৈ কিদৰে আহিব পাৰিব । দেৱতায়ো লঙ্ঘিব নোৱাৰা লঙ্কালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব - সেই চিন্তাইহে হনুমন্তৰ মনলৈ আহিছিল ।
৯) সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
উঃ সীতাক বিচাৰি ত্ৰিকূট পৰ্বতৰ ওপৰত সুবেল - শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত । তেতিয়া শৃংগত বহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি । এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব । সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শঙ্কা অহা নাছিল । সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে । এই বিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বহি দ্ৱিতীয় অম্ৰাৱতী সদৃশ লঙ্কা নগৰীলৈ যাবলৈ ভাবিছিল ।
১০) 'হনুমন্তৰ' লঙ্কাদৰ্শন' কাব্য়াংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উঃ ৰাৱণে সীতাক ধৰি নিহে বুলি গম পাই হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে শৃংগত অৱতৰণ কৰে । সুবেলিগিৰি শৃংগত বহি লংকা নগৰীখন চাই থাকোঁতে সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল যাতে দিনৰ পোহৰত তেওঁ লঙ্কাৰ গড়টো চাব পাৰে । হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা সন্তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পুহৰত লঙ্কা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হ'ল । এই পথছোৱাত সৌন্দৰ্য অতি মনোমোহা আছিলে । চাৰিওফালে থকা বননিযোৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভোমোৰাবোৰে সেই ফল - ফুলবোৰৰ মধুপান কৰি আছে । এই বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল - ফুলৰ গছ দেখা পাইছে । সেইবোৰ হ'ল সৰল, পিয়াল, নিখৰ, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বীজপুৰ, বৰগছ, ঔটেঙা, বুট, কমলা, বগৰী, তেতেলী, আম, জাম, নাগেশ্বৰ, আমলখি, নাৰিকল, শ্ৰীফল, কৰ্দৈ, অমৰা, কল, গুলাল, পাৰিজাত, মালত , গুটিমালী আদি । এই গছবোৰৰ পৰা গোটেই বছৰ জুৰি, শীতল বতাহ বলি থাকে আৰু বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত গাই থাকে। লঙ্কাৰ চৌপাশে সাগৰে বাৰে বৰণীয়া মুকুতাৰে উপচাই পেলাইছে । গোটেই দিনটো লঙ্কাৰ কাষৰ বননিখনৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি বেলিকা হনুমানে লঙ্কাত প্ৰৱেশ কৰিবলৈ আহিছিল কিন্তু নিজৰ শাৰীৰিক কলেৱৰ মেকুৰীৰ সমান কৰি হে তেওঁ লঙ্কাৰ প্ৰাচীৰৰ ওপৰত উঠিল । গোটেই লঙ্কাখন সোণৰ গড় আৰু প্ৰাচীৰেৰে আৱৰি আছে আৰু শাৰী-শাৰীকৈ নানা যন্ত্ৰ সাজি থোৱা আছে যাতে দেৱতা বা কোনো অসুৰে তাক লঙ্ঘন কৰিব নোৱাৰে । সেই দুৰ্গম ছাই দেখি হনুমানে চিন্তাত পৰিল । কাৰণ অঙ্গত, সুগ্ৰীৱ, নীল আৰু হনুমানে লগ হৈ শতেক যোজন দূৰত থকা সাগৰ পাৰ হ'ব পাৰিলেও বান্দৰবোৰে লঙ্কালৈ কেনেদৰে আহিব । আহিলেও ৰামচন্দ্ৰইনো তাত কি কৰিব ? যিহেতু ৰাম লক্ষ্মণৰ অপাৰ মহিমা গতিকে মনত কিছু আশা লোৱা উচিত ।
ইয়াত লঙ্কা নগৰীৰ প্ৰকৃতি বৰ্ননাত অসুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুিিিমীয়া কবিয়ে যতেই সুৰুঙা পাইছে ততেই অসমৰ গছ, বন , ফুলৰ নামবোৰ উল্লেখ কৰিছে ।
ভাষা-বিষয়ক ঃ-
১১) তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা - ঃ
কণ্টকি, ছাতিয়াল, তহিতে, দেখিলন্ত ।
উঃ কণ্টকি - কাঁইটীয়া গছ ।
ছাতিমাল - ছতিয়না গছ ।
তহিতে - তাত ।
দেখিলন্ত - দেখিলে ।
১২) সমাৰ্থক শব্দ লিখা -ঃ
গগন, বিৰাল, গড়, সমুদ্ৰ,পৱন ।
উঃ গগন - আকাশ ।
বিৰাল - মেকুৰী
গড় - দুৰ্গ, কোঁঠ
সমুদ্ৰ - সাগৰজলধি ।
পৱন - বতাহ, বায়ু ।
অতি চমু প্ৰশ্নোত্তৰ ঃ-
১) মাধৱ কন্দলী কোন যুগৰ কবি আছিল ।
উঃ মাধৱ কন্দলী প্ৰাক্ শংকৰী যুগৰ কবি আছিল ।
২) মাধৱ কন্দলীৰ ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত আদি কাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা যায় ।
৩) কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য়খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উঃ বৰাহী ৰজা মহামাণিক্য়ৰ পৃষ্ঠপোষকতাত পৃষ্ঠপোষক সংস্কৃত ৰামায়ণ মহাকাব্য়খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ।
৪) মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা কোনে ৰচনা কৰিছিল ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা ক্ৰমে মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰামন্ত শংকৰদেৱ ৰচনা কৰিছিল ।
৫) মাধৱ কন্দলীৰ ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে নেযায় ?
উঃ মাধৱ কন্দলীৰ ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় ।
৬) পৱন নন্দন কোন ?
উঃ পৱন নন্দন হ'ল পৱন পুত্ৰ হনুমান ।
৭) লঙ্কাপুৰী ক'ত অৱস্থিত আছিল ?
উঃ লঙ্কাপুৰী ত্ৰিকূট পৰ্বতৰ ওপৰত অৱস্থিত আছিল ।
৮) অম্ৰাৱতী কোনে নিৰ্মাণ কৰিছিল ?
উঃ অম্ৰাৱতী দেৱতাৰ মিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল ।
৯) হনুমানে কিহৰ ওপৰত বহি লঙ্কা নগৰীখন চাইছিল ।
উঃ হনুমানে সুবেল শৃংগত বহি লঙ্কা নগৰীখন চাইছিল ।
১০) কাশ্যপ নন্দন কোন ?
উঃ কাশ্যপ নন্দন হ'ল সূৰ্যৰ আন এটা নাম ।
১১) পদ্মিনী দিঘী মানে কি ?
উঃ পদ্মিনী দিঘী মানে হ'ল- পদুম ফুলেৰে ভৰি থকা পুখুৰী ।
১২) দাশৰথী ৰাম - ৰে কি অৰ্থ কৰিছে ?
উঃ দাশৰথী ৰাম - দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে ।
১৩) কি দেখি হনুৃমন্ত চিন্তিত হৈছিল ?
উঃ লঙ্কাৰ সুৰক্ষা ব্য়ৱস্থা দেখি হনুৃমন্ত চিন্তিত হৈছিল ।
Check By: Himashree Bora.