অধ্যায়ঃ ১২

জোনবিল মেলা

১) উত্তৰ লিখাঃ

ক)পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি?

উত্তৰঃ জোনবিল মেলা হ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ।

খ) জোনবিল নামে ডাঙৰ বিলখন ক'ত অৱস্থিত?

উত্তৰঃ জাগীৰোড আৰু জাগীভকত গাৱঁৰ মধ্যত জোনবিল বিলখন অৱস্থিত।

গ) মনেপতা বিহু কি?

উত্তৰঃ গোভা ৰাইজে আনৰ দৰে সংক্ৰান্তিৰ তিথিত বিহু নাপাতে। তাৰ পাছৰ সপ্তাহৰ শনিবাৰটোতহে পাতে। সেয়ে ইয়াক মনপেতা বিহু বোলে।

ঘ) বৰ্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ বৰ্তমান সময়ত জোনবিল মেলা মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে অনুষ্ঠিত হয়।

ঙ) পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত কি কি বস্তু লৈ আহে?

উত্তৰঃ আলু ,কচু, আদা, হালধি, তিল, ফুলবাঢ়নী, লা, ধূনা, জলকীয়া, বাঁহৰ গাজ, কপাহ আৰু বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে।

২) চমু উত্তৰ দিয়া ঃ

ক) বিলখনৰ নাম জোনবিল কেনেদৰে হল?

উত্তৰঃ মানুহৰ মতে এজন তিৱাঁ ৰজাই বিহাৰ কৰি ঘূৰি আহোঁতে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মুগ্ধ হৈছিল। আৰু তেতিয়াৰে পৰা এই বিলখনৰ নাম জোনবিল হৈছিল।

খ) গোভা ৰজাৰ আদেশ মৰ্মে অতীতত জোনবিল মেলা কেনেকৈ অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ গোভা ৰজাৰ আদেশ মতে অতীতত মাঘ বিহু হোৱাৰ ১২ দিনৰ পাছত বিহু উদযাপন কৰা হৈছিল। মাঘ বিহুৰ আগতে মাছ মাৰি বিলৰ পাৰত শ'ল মাছেৰে ন-ভাত খোৱা হৈছিল। মাছুৱৈসকলে বিল মৰাৰ বাবদ ৰজাক নামনি স্বৰূপে প্ৰত্যেকেই একো একো অংশ মাছ দি যোৱাৰ প্ৰথা আছিল।

গ) জোনবিল মেলা চাবলৈ ক’ৰ ক’ৰ পৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে? তেওঁলোকে সেই কেইদিন কেনেদৰে কটায়?

উত্তৰঃ জোনবিল মেলা চাবলৈ অন্যান্য লোকৰ লগতে কাৰ্বিআংলং আৰু মেঘালয়ৰ পৰা আহি পাহাৰৰ লোকসকলেও বিলৰ পাৰত ভিৰ কৰেহি।

৩) এই মেলা পৰ্বত-ভৈয়াম বাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ- কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰাঁ।

উত্তৰঃ এই মেলা পৰ্বত-ভৈয়াম বাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ কাৰণ- এই মেলাত বহু দূৰ দূৰণিৰ পৰা মানুহ মেলা চাবলৈ ভিৰ কৰেহি। মেলা চাবলৈ সকলো জাতি-জনজাতিৰ লোক আহি বিলৰ পাৰত ভিৰ কৰেহি। সেইবাবে ইয়াক পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ হিচাপে ধৰা হয়।

৪) তলৰ উৎসৱসমূহৰ বিষয়ে চমুকৈ লিখাঁ ঃ

ক) আলি-আয়ে-লৃগাং-সমগ্ৰ ৰাজ্যতে আজি আলি আয়ে লৃগাং উদযাপন কৰা হৈছে৷ ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ। আলি আয়ে লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিছিঙসকলৰ পৰম্পৰাগত উৎসৱ। কৃষিৰ লগত জড়িত এই উৎসৱ তেওঁলোকৰ বাবে এক বসন্তকালীন উৎসৱ। ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত এই উৎসৱ পালন কৰা হৈছিল৷ য'ত তেওঁলোকে পৰম্পৰাগত ৰীতি-নীতি আৰু নৃত্য প্ৰদৰ্শন কৰে।

খ) ফাৰকান্তি-ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়। এই গীত পৰিৱেশনত বিলাপ কৰি কন্দা এজন বিশেষ ব্যক্তিয়ে সূত্ৰধাৰীৰ ভূমিকা পালন কৰে। এই সূত্ৰধাৰী কান্দোতাজনে কাণ টুকুৰী (সৰু তাল) নামৰ এবিধ তাল বজায় কান্দোনৰ লগে লগে। লগতে সুৰ-তাল মিলাই মৃতকৰ আত্মীয়-স্বজনেও কান্দে। সূত্ৰধাৰীয়ে ঈশ্বৰ আৰু মৃতকৰ আত্মাক প্ৰাৰ্থনা জনায়। মৃতকে পুনৰ জন্ম গ্ৰহণ কৰিলে যাতে কোনো ভক্ষণীয় প্ৰাণী হৈ জন্ম গ্ৰহণ নকৰে তাকে কামনা কৰে। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ প্ৰত্যেক ঘৰতে এযোৰ কাণ টুকুৰী আৰু এসাঁজ খাং বাহ (জামা-যুৰীয়া) ৰখাতো এক প্ৰকাৰৰ বাধ্যতামূলক সামাজিক দস্তুৰ। শ্ৰাদ্ধৰ দিনা ফাৰকান্তি গীত গাব জনা সূত্ৰধাৰজনে প্ৰথমতে তাল বজাই বিলাপ কৰি কান্দে আৰু তাৰ লগে লগে ধ্বনিত হৈ উঠে কাৰাবাঁহী, খাম, কাঁহ, শিঙা আদিৰ কৰুণ সুৰৰ মূৰ্চ্ছনা। এই সুৰৰ মূৰ্চ্ছনাত এসময়ত উপস্থিত সকলোটিয়ে পৰিমাৰ্জিত আৰু হৃদয়স্পৰ্শী লয়লাস ভঙ্গীমাৰে নৃত্য কৰিবলৈ ধৰে। জন্মান্তৰবাদত বিশ্বাস, বৈধৱ্যৰ দাৰুণ বেদনা অকালতে সাৱটি লোৱা ফুলবাৰী গাভৰুৰ প্ৰতি কটাক্ষ, মাছৰোকা, বাঢ়ৈটোকা, বাটিকটিকা চৰাইৰ প্ৰতি মৃতকৰ পৰৱৰ্তী জীৱন সমন্ধে প্ৰশ্ন নিক্ষেপ আদি বিভিন্ন বিষয়বস্তুৱে ঠাই পাই এই ফাৰকান্তি গীতসমূহত। গীতবোৰত কৰুণ ৰসৰ লগতে ঠাই ভেদে শৃংগাৰ, হাস্য আদি ৰসৰ প্ৰকাশো দেখা যায়।

গ) টুচু পূজা- টুচু পূজা পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। সেইদিনা টুচু দেৱীৰ প্ৰতিমা স্থাপন কৰি, পূজা কৰি, পিছদিনা প্ৰতিমা বিসর্জন দিয়া হয় । প্রতিমা বিসর্জনৰ দিনা স্নান কৰাটো পৱিত্ৰ কাম বুলি ভবা হয় আৰু এই স্নানক মৰ্কৰ স্নান বোলে।

ঘ) ওৱাংগালা-গাৰো জন-জাতিসকলৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু উল্লেখযোগ্য অনুষ্ঠান হ’ল ওৱাংগালা। ওৱাংগালা মূলত: কৃষি ভিত্তিক অনুষ্ঠান হ’লেও কৃষিৰ লগত ইয়াৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই। আহিন-কাতি মাহত খেতি চপোৱাৰ সময়ত গাৰো বিশ্বাসৰ শস্যৰ দেৱতা মিছিচালজং বা চালজং (সূৰ্যদেৱতা) দেৱতালৈ কৃতজ্ঞতাৰ চিন স্বৰূপে মদ-মাংসৰে উপাচাৰ আগবঢ়োৱা হয় আনুষ্ঠানিক ভাৱে খামাল বা পুৰোহিতৰদ্বাৰা চালজং দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয়। 

৫) উদাহৰণ চাই বাকীকেইটা কৰা ঃ

চহকী- ধনী।

পাহাৰ- পৰ্বত।

ভৈয়াম- সমতল।

বিল- নৈ।

পানী- জল।

ৰজা- সম্ৰাট।

পথাৰ- সমতল।

প্ৰথা- নিয়ম।

সন্ধ্যা- গধূলি।

পূঁজা- কুটীৰ।

৬) বাক্য ৰচনা কৰাঁ ঃ

সম্প্ৰীতিঃ

বিনিময়ঃ জোনবিল মেলাত বস্তু বিনিময় কৰা হয়।

সাজ-পাৰঃ অসমৰ মানুহৰ সাজ-পাৰ  ঠাই অনুসৰি ভিন ভিন।

বয়-বস্তুঃ পাহাৰৰ জনজাতীয়ে বিনিময় কৰিবলৈ বিভিন্ন বয়-বস্তু আনে।

দান-বৰঙণিঃ জোনবিল জেলাৰ ৰাইজে ৰজাক দান-বৰঙণি দিয়ে।


DIKHA BORA

Check By Mukesh Borah


Post ID : DABP005881


বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক