অধ্যায়ঃ১৩
অৰ্জুন ভঞ্জন
👉Text Book PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQ Answer
১) প্ৰথমে কোৱা তাৰ পাছত লিখাঁ ঃ
ক) যশোদাক কিয় নন্দৰাণী বোলা হয়?
উত্তৰঃ নন্দ আছিল গকুলৰ ৰজা। আৰু নন্দৰ পত্নী হোৱা কাৰণে যশোদাক নন্দৰাণী বোলা হয়।
খ) মথনি দণ্ড মানে কি?
উত্তৰঃ দধি মথা মাৰি ডালক মথনি দণ্ড বোলে।
গ) কৃষ্ণই কি কাৰণে দণ্ডডাল ভাঙি পেলাইছিল?
উত্তৰঃ কৃষ্ণই যেতিয়া যশোদাক স্তনপান কৰাই আছিল, তেতিয়া যশোদাক কোনোৱা গোৱালীয়ে গাখীৰ পৰিল বুলি কোৱাত কৃষ্ণক এৰি যশোদা গাখীৰ নমাবলৈ গ'ল, তেতিয়া কৃষ্ণৰ খং উঠিল যে সন্তানতকৈ কাম হে ডাঙৰ বুলি খঙত কৃষ্ণই মথনি দণ্ডডাল ভাঙি পেলালে।
ঘ) কৃষ্ণই লৱণুবোৰ কাক খাবলৈ দিছিল?
উত্তৰঃ কৃষ্ণই লৱণুবোৰ বান্দৰক খাবলৈ দিছিল।
ঙ) কৃষ্ণক ধৰিবলৈ খেদি ফুৰোঁতে যশোদাৰ অৱস্থা কেনে হৈছিল?
উত্তৰঃ কৃষ্ণক ধৰিবলৈ খেদি ফুৰোঁতে যশোদা ভাগৰি পৰিল। তেওঁৰ খোপাৰ মালতী ফুল সৰি পৰিল, খোপা খুলি গৈ চুলি আউলী-বাউলী হ'ল।
চ) যশোদাই কৃষ্ণক কেনেদৰে বান্ধি থৈছিল?
উত্তৰঃ যশোদাই কৃষ্ণক ঘৰৰ সকলোবোৰ ৰছীৰে উৰলত বান্ধি থ'লে।
ছ) অৰ্জুন দুজোপাৰ মাজৰ পৰা অহা দিব্যপুৰুষ দুজন কোন?
উত্তৰঃ অৰ্জুন দুজোপাৰ মাজৰ পৰা অহা দিব্যপুৰুষ দুজন আছিল কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিকুবেৰ।
জ) নন্দই যশোদক কিয় ককৰ্থনা কৰিছিল নিজৰ ভাষাৰে লিখাঁ।
উত্তৰঃ যেতিয়া যশোদাই কৃষ্ণক উৰলত বান্ধি থৈছিল তেতিয়া কৃষ্ণই উৰলটো চোচৰাই উচৰতে থকা অৰ্জুন গছ দুজোপাৰ মাজেৰে পাৰ হৈ যাব বিচাৰোতে গছ দুজোপা ভাগি পৰিল। কৃষ্ণৰ কিবা হ'ল বুলি ভাবি নন্দই যশোদাক ককৰ্থনা কৰিছিল।
২) বুজা আৰু লিখাঁ।
কঠিন - সহজ।
চঞ্চল - ভীৰু।
বন্দী - মুক্ত।
অভিশাপ - আশীৰ্বাদ।
আবিৰ্ভাৱ - অন্তধ্যান।
পুৰস্কাৰ - তিৰস্কাৰ।
৩) বুজা আৰু লিখা।
যমল + অৰ্জুন = যমলাৰ্জুন।
নন্দ + ঈশ্বৰ = নন্দেশ্বৰ।
অতি + উৎসাহ = অতিউৎসাহ।
জন্ম + অন্ধ = জন্মান্ধ।
উমা + আনন্দ = উমানন্দ।
উত্তৰ + উত্তৰ = উত্তৰোত্তৰ।
৪) কাক কি বোলা হয়।
ক) যিয়ে গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে = গোৱাল।
খ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা লোক = মাছমৰীয়া।
গ) যিয়ে ডাঢ়ি চুলি কাটি জীৱিকা নিৰ্বাহ কৰে = নাপিত।
ঘ) বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰা যিয়ে = বাঢ়ৈ।
৫) উদাহৰণ চাই বাকীকেইটা কৰাঁ।
গোৱাল + ঈ = গোৱালী
সম্ + তান = সন্তান
ধান + আনি = ধাননি
মথ্ + অনি = মথনি
গৰুৰখ্ + ঈয়া = গৰুৰখীয়া
৬) চমু টোকা লিখাঁ।
ক) ঝুমুৰ
উত্তৰঃ ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হ'লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে। এই নৃত্যত নাচনীসকলে একেলগে হাতত ধৰাধৰি কৰি এটা দীঘলীয়া শাৰীৰ সৃষ্টি কৰে; প্ৰথমজনী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়জনী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নাচে। সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল, মাদল, তাল, বাঁহী আদি বাদ্য বজায় আৰু ঝুমুৰ গীত গায়। ডেকাৰ এটি গীত শেষ হোৱাৰ লগে লগে নাচনীয়ে গীতৰ শেষৰ দুফাঁকি পুনৰাবৃত্তি কৰি নাচিবলৈ লয়। কৰম পূজাৰ (কৰম পৰৱ) দিনা সন্ধিয়াৰে পৰা ঝুমুৰ নৃত্য আৰম্ভ হয় আৰু বিভিন্ন সুৰ, তাল, লয়েৰে ওৰে নিশা চলি থাকে। বিহু নাচৰ দৰে ঝুমুৰ নৃত্যটো যৌন আবেদন পৰিলক্ষিত হয়।
খ) অংকীয়া নাটক
উত্তৰঃ অংকীয়া নাট হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক 'অংকীয়া নাট' বুলি নামকৰণ কৰে। ইয়াক 'অংকীয়া ভাওনা' বুলিও কোৱা হয়। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ 'ভাও দি দেখুওৱা কাৰ্য'। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মনোৰঞ্জনৰ মাধ্যম অংকীয়া নাট ভাওনাই হ’ল অসমীয়া নাট্য ইতিহাসৰ প্ৰথম নিদৰ্শন। তাৰ আগতে প্ৰাচীন কামৰূপৰ কোনো কোনো বিদ্যোৎসাহী আৰু কলাপ্ৰেমী ৰজাৰ ৰাজসভাত নৃত্য, গীত, অভিনয়ৰ অনুশীলন হৈছিল বুলি জনা যায় যদিও সেইসমূহৰ কোনো নিদৰ্শন পোৱা নাযায়।
DIKHA BORA
Check by- Mukesh Borah
Post ID : DABP005882
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
\