অধ্যায়ঃ১৬

অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল

    👉MCQ Online Exam 
    👉Short Question
    👉MCQ

১) সম্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ ঃ

ক) প্ৰায়োগিক দিশৰ পৰা ঢোলবাদ্যক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ প্ৰায়োগিক দিশৰ পৰা ঢোলবাদ্যক তিনিটা ভাগত ভগাব পাৰি সেইকেইটা হ'ল- নৃত্যনুগ, গীতানুগ, আৰু সুস্ক।

খ) ঢোল নামৰ বাদ্যবিশেষৰ সৃষ্টি কিহৰ অনুকৰণত হৈছে?

উত্তৰঃ ঢোল নামৰ বাদ্যবিশেষৰ সৃষ্টি মেঘৰ মাতৰ অনুকৰণত হৈছিল।

গ) ঢোলবাদ্যৰ খোলাটো কি কি কাঠেৰে সাধাৰণতে সজা হয়?

উত্তৰঃ ঢোলবাদ্যৰ খোলাটো আম, কঠাঁল, আৰু চাম কাঠেৰে সাধাৰণতে সজা হয়।

ঘ) ঢোলৰ যিটো ফালে মাৰিৰে বজোৱা হয় সেই ফালটোক কি বোলা হয়?

উত্তৰঃ ঢোলৰ যিটো ফালে মাৰিৰে বজোৱা হয় সেই ফালটোক কোবনি বোলা হয়।

ঙ) মেখেলা কি?

উত্তৰঃ মেখেলা হ'ল- ঢোলৰ আঙুলিৰে বজোৱা তালিৰ ফালে মলুৱাক চামৰাৰ ৰছীৰে গোঠা হয়। ইয়াৰ মেখেলা বোলা হয়।

চ) ফৰিঙা কাক বোলে?

উত্তৰঃ ঢোলৰ কোবাৰ কাষত থকা খোপৰ খালী অংশবোৰত বাঁহৰ টুকুৰা লগাই কুৰলক ঠেকা দিয়া হয়। এইবোৰক ফিৰিঙা বোলে।

২) চমু উত্তৰ লিখা ঃ

ক) ঢোলৰ ইতিহাসৰ বিষয়ে লিখা?

উত্তৰঃ ঢোল এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ। বিভিন্ন লোক উৎসৱত এই বাদ্য বজোৱা হৈছিল। বছৰটোৰ আৰম্ভণিতে ঢোল বাদ্য বজায় ফুৰ্তি কৰা হয়। মেঘৰ মাতৰ অনুকৰণেই মূলত ঢোলবাদ্যৰ সৃষ্টি হৈছিল।

খ) ঢোলৰ ব্যৱহাৰ কি কি অনুষ্ঠানত হয়?

উত্তৰঃ ঢোলৰ ব্যৱহাৰ বিহু, কৃষি পথাৰত বৰষুণ নমাবৰ কাৰণে, বিয়া পানী তুলিব যাওতে ঢোলৰ ব্যৱহাৰ কৰা হয়।

গ) কোবনি আৰু তালি বুলিলে কি বুজা?

উত্তৰ ঃ ঢোলৰ যিটো মূৰত মাৰিৰে বজোৱা হয় তাক কোবনি বোলে। আৰু যিটো মূৰত হাতেৰে বজোৱা হয় তাক তালি বোলে।

 ঘ) কনাই কি?

উত্তৰঃ ঢোলৰ দুয়োটা মূৰৰ দুয়োটা মলুৱাৰ লগত চামৰাৰ ৰছীৰে গুঁঠি দুটা আঙুঠিৰ দৰে কৰা হয় ইয়াক কনাই বোলা হয়।

ঙ) বিবাহ অনুষ্ঠানৰ পানীতোলা প্ৰথাৰ লগত ঢোল কিয় বজোৱা হয়?

উত্তৰঃ বিবাহ অনুষ্ঠানৰ সময়ত দৰা-কইনাক গা-ধোৱাৰ পানী তোলাৰ সময়ত ঢোল বজোৱা হয় কাৰণ আগৰ মানুহে বিশ্বাস কৰে যে তাত অপদেৱতা থাকে। ঢোল বজালে অপদেৱতা নাহে।

৩) চমু টোকা লিখাঁ ঃ

ক) সংস্কৃতি- সংস্কৃতি শব্দটিৰ আভিধানিক অর্থ চিৎপ্রকর্ষ বা মানবীয় বৈশিষ্ট্যেৰ উৎকর্ষ সাধন। ইংৰাজী Culture-আৰু প্রতিশব্দ হিচাপে সংস্কৃতি শব্দটি ১৯২২ সালে বাংলাৰ প্রথম ব্যবহাৰ কৰা  হয়।

সংস্কৃতি (বা কৃষ্টি) হলো সেই জটিল সামগ্রিকতা য'ত অন্তর্গত আছে জ্ঞান, বিশ্বাস, নৈতিকতা, শিল্প আইন, ৰাজনীতি, আচাৰ আৰু সমাজৰ এজন সদস্য হিচাবে মানুহৰ দ্বাৰা অৰ্জিত অন্য যিকোনো সম্ভাব্য সামর্থ্য বা অভ্যাস। ভাষাত অধ্যাপিকা হেলেন স্পেনসাৰ-ওটেইয়েৰ মতে, সংস্কৃতি হল কিছু বুনিয়াদি অনুমান, মূল্যবোধ ও জীবনৰ প্রতি দৃষ্টিভঙ্গিৰ, বিশ্বাস, নীতিমালা, প্রক্রিয়া আৰু আচৰণিক প্রথাৰ অস্পষ্ট সমষ্টি–যত এদল মানুহ ভাগ কৰে আৰু সেই সমষ্টি দলৰ প্রত্যেকে সদস্যই আচৰণকে আৰু তাৰ নিকট অন্য সদস্যৰ আচৰণৰ 'অর্থ' বা সংজ্ঞায়নকে প্রভাবিত কৰে (কিন্তু নির্ধাৰিত নকৰে)।

খ) ঢোলবাদ্য- ঢোল আমাৰ এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ । বিভিন্ন লোক উৎসৱক এই বাদ্য বুজোৱা হৈছিল। বছৰটোৰ আৰম্ভণিতে ঢোল বাদ্য বজায় ফুৰ্তি কৰা হয়। মেঘৰ মাতৰ অনুকৰণেই মূলত ঢোলবাদ্যৰ সৃষ্টি হৈছিল।

গ) বিহুগীত- বিহুগীত বিহুত গোৱা হয়। এই গীত শুনি বৰ ভাল লাগে। বিহুগীত শুনাত বৰ আমোদদায়ক।         

৪) কেইবিধমান ঢোলৰ ছেওৰ নাম লিখাঁ।

উত্তৰঃ কেইবিধমান ঢোলৰ ছেওৰ নাম হ'ল- ওজা হাত বা ওজা ছেও, বুলনি ছেও, খৰা ছেও, পানীতোলা ছেও, হুৰালী ছেও, কুকুৰাপহীয়া ছেও, নাছনী ছেও, বুঢ়া ছেও, বলিকটা ছেও ইত্যাদি।

৫) বিহুগীতৰ লগত সংগতি কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখাঁ।

উত্তৰঃ বিহুগীতৰ লগত সংগতি কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম হ'ল- ঢোল, পেঁপা, গগনা, সুতুলী আদি।

৬) লোকবাদ্য হিচাপে অসমীয়া সংস্কৃতিত ঢোলৰ ভূমিকা সম্পৰ্কে লিখাঁ।

উত্তৰঃ লোকবাদ্য হিচাপে অসমীয়া সংস্কৃতিত ঢোলৰ ভূমিকা অপৰিসীম। ঢোলৰ অবিহনে একো  উৎসৱ সম্পূৰ্ণ নহয়। বিয়াত পানী তুলিব যোৱাৰ সময়ত ঢোল বজোৱা হয়। বছৰটোৰ আৰম্ভণিত ঢোল বজাই আনন্দ কৰা হয়। কৃষি আৰম্ভ কৰিবলৈ ঢোল বজোৱা হয়।



DIKHA BORA

Check ByMukesh borah



Post ID : DABP005885


বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক