অধ্যায়ঃ সোতৰ 

চৰাই জগত

১) একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) পৃথিৱীত কিমানবিধ প্ৰজাতিৰ চৰাই আছে?

উত্তৰঃ পৃথিৱীত  প্ৰায় ৮৭০০ প্ৰজাতিৰ চৰাই আছে।

খ) গছৰ গুটি খোৱা চৰাইৰ ঠো্ঁট কেনে হয়?

উত্তৰঃ গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান হয়।

গ) মৌপিয়া চৰাইয়ে কেনেকৈ ফুলৰ মৌ চুহি খাব পাৰে?

উত্তৰঃ মোপিয়া চৰাইৰ ঠোঁট জোঙ আৰু বেঁকা। সেইবাবে সিহঁতে ফুলত ঠোঁট সুমুৱাই মৌ চুহি খাব পাৰে।

ঘ) কাঠৰোকা চৰাইয়ে কোনেকৈ কাঠ ৰুকে?

উত্তৰঃ কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা হয় বাবে কাঠ ৰোকিব পাৰে।

ঙ) চৰাইৰ উৰাৰ লক্ষণটো কিহৰ ওপৰত নিৰ্ভয় কৰে?

উত্তৰঃ চৰাইৰ উৰাৰ লক্ষণটো ডেউকাৰ গঠনৰ ওপৰত নিৰ্ভয় কৰে।

চ) চৰাইৰ তৈলগ্ৰন্থি ক’ত থাকে? 

উত্তৰঃ চৰাইৰ ফানৰ ঠিক গুৰিতে তৈলগ্ৰন্থি থাকে।

২) চৰাইৰ আহাৰ অনুসৰি ঠোঁটটো কেনেধৰণে বেলেগ বেলেগ হয়?

উত্তৰঃ চৰাইৰ আহাৰ অনুসৰি ঠোঁটবোৰো বেলেগ বেলেগ হয়। গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান। ঠোটঁৰ আগটো সামান্য বেঁকা। মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেঁকা। চিলনী, শেন আদি চৰাইৰ ঠোঁট চুটি আৰু টানবাবে সিহতে সোণকালে বস্তু ধৰি খাব পাৰে। কাঠৰোকা চৰাইৰ ঠোট টান আৰু জোঙা বাবে কাঠ ৰুকিব পাৰে। মাছৰোকা, বগলী, হাড়গিলা আদি চৰাইৰ ঠোঁট জোঙা আৰু দীঘল বাবে পানীত মাছ উলিয়াই খাব পাৰে।

৩) চৰাইৰ ভিন ভিন আকৃতিৰ ডেউকাৰ বিষয়ে লিখাঁ।

উত্তৰঃ চৰাইৰ ভিন ভিন আকৃতিৰ ডেউকাৰ সহায়ত উৰিব পাৰে। দীঘল আৰু জোঙা ডেউকাৰ চৰায়ে খুব জোৰেৰে উৰিব পাৰে। মাটিত ফুৰা চৰায়ে ডেউকা গোটা আৰু চুটি । বহল আৰু দীঘল ডেউকাৰ চৰায়ে বহু দূৰ উৰিব পাৰে।  

৪) চৰাইৰ ঠেঙৰ গঠনৰ বিষয়ে লিখাঁ।

উত্তৰঃ  বেলেগ বেলেগ চৰাইৰ ঠেঙৰ গঠনো বেলেগ বেলেগ হয়। গছৰ ডালত ফুৰা চৰাইবিলাকৰ ঠেঙৰ আঙুলি গছত ভালকৈ লাগি থাকে। দলনিত থকা চৰাইবিলাকৰ ঠেং দীঘল আৰু আঙুলিবিলাকো দীঘল দীঘল হয়।  

৫) চৰায়ে কেনেধৰণে নিজক পৰিস্কাৰ কৰি ৰাখে বুজাই লিখাঁ।

উত্তৰঃ চৰায়ে বিভিন্ন ধৰণে নিজক পৰিস্কাৰ কৰি ৰাখে। ৰাতিপুৱা ৰ'দ ওলাওঁতেই চৰায়ে পানীত জোবোৰা মাৰি গা ধোৱে। পানীডুবি,হাঁহ আদিয়ে সাঁতুৰি থাকোতে গা-ধোৱে। কিছুমানে আকৈ বৈ থকা পানীত নামি গা-ধোৱে। কিছুমানে বৰষুণৰ পানীলৈ অপেক্ষা কৰে। 

৬) চৰায়ে কেনেধৰণে গাত তেল সানে?

উত্তৰঃ চৰায়ে ঘঁহাই ঘঁহাই গাৰ বিভিন্ন অংশত তেল লগাই লয়।

৭) চৰায়ে গাত পোকবোৰ গুচাবলৈ কি কৰে?এই পোকবোৰ মৰিবলৈ সিহ্ঁতে কি কি কৰে বুজাই লিখাঁ।

উত্তৰঃ চৰায়ে গাত পোকবোৰ গুচাবলৈ বালিত বাগৰে। এই পোকবোৰ মৰিবলৈ সিহতে পোকবোৰ মাৰিবলৈ দিনটোৰ ভিতৰত এবাৰ বালিৰ ওপৰত খেলে।

৮)চৰায়ে কি কি ধৰণেৰে আহাৰ খায় বুজাই লিখাঁ।

উত্তৰঃ কিছুমান চৰায়ে মাটিত আহাৰ খায়। কিছুমানে গছে-গছে আহাৰ খাই, কিছুমানে মৌ খায়, কিছুমানে ফলমূল বা গছৰ গুটি খায়, কিছুমানে গছত থকা পোক-পৰুৱা খায়। 

৯) বিভিন্ন চৰায়ে ক’ত ক’ত আৰু কেনেধৰণে বাহ সাজে বুজাই লিখাঁ।

উত্তৰঃ ঘৰচিৰিকা চৰায়ে ঘৰৰ চালত বাহ লয়। ইহঁতে খেৰ, বন,ঘাঁহ,আদিৰে বাহ সাজে। কাঠৰোকা, হেতুলুকা, ফেচা আদি চৰায়ে গছৰ গাত ফুটা কৰি নাইবা গছৰ ধোন্দত বাহ সাজে।

১০) এটা শব্দত প্ৰকাশ কৰাঁঃ

ক) লুপ্ত হৈছে যি= বিলুপ্ত

খ) যিটো পাবলৈ টান= কঠিন

গ) পানী আৰু মাটি উভয়তে চৰে যি= উভচৰ  

ঘ) পানীত থাকে যি = জলচৰ

ঙ) বনত থাকে যি= বনৰীয়া

১৩) পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা চৰাই বিষয়ে জানিবলৈ যত্ন কৰাঁ ।

উত্তৰঃ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা চৰাই হৈছে- উৎপখি, ঘৰচিৰিকা, জোনোকা চৰাই, আদি।

১৪) ভাব বহলাই লিখাঁ

কিনা হাঁহৰ ঠোঁটোলৈকে মঙহ।

উত্তৰঃ 


DIKHA BORA


Post ID : DABP005886


বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক