Lesson 7 

ষোড়শ মহাজনপদ

১। একোটিকৈ বাক্যত উত্তৰ লিখা । 

(ক) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি ?

উত্তৰঃ  মহাভাৰতত উল্লেখ থকা  বংশ দুটা হ'ল যদু বংশ আৰু কুৰু বংশ।

(খ) ভাৰতৰ কোনখিনি ঠাই কৃষিৰ বাবে উপযােগী আছিল ?

উত্তৰঃ ভাৰতৰ গংগা-যমুনা উপত্য়কাৰ সাৰুৱা অঞ্চলটো কৃষিৰ কাৰণে উপযোগী ঠাই আছিল।

(গ) ৰাষ্ট্রৰ ধাৰণা কেনেকৈ হৈছিল ? 

উত্তৰঃ ৰজাৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ ধাৰণা হৈছিল।    

(ঘ) প্রসেনজিতৰ ভনীয়েকক কোনে বিয়া কৰাইছিল ? 

উত্তৰঃ প্ৰসেনজিতৰ ভনীয়েকক মগধৰ ৰজা বিম্বিসাৰে বিয়া কৰাইছিল।

(ঙ) ১৬ খন মহাজনপদৰ  ভিতৰত স্থায়ীভাৱে থাকি যােৱা         শক্তিশালী মহাজনপদখনৰ নাম কি আছিল ? 

উত্তৰঃ  ১৬ খন মহাজনপদৰ  ভিতৰত স্থায়ীভাৱে থাকি যােৱা  শক্তিশালী মহাজনপদখনৰ নাম মগধ।

(চ) বাসবদত্তা কোন আছিল ? 

উত্তৰঃ বাসবদত্তা অৱন্তী ৰাজ্য়ৰ ৰজা চণ্ডপ্ৰদ্য়ুৎ মহাসেনৰ কন্য়া আৰু বৎসৰ ৰজা উদয়নৰ পত্নী আছিল।

২। খালী ঠাই পূৰ কৰা । 

(ক) গণৰাজ্যবিলাকৰ ভিতৰত  'বৃজি' আছিল মুক্ত গণৰাজ্য ।            

(খ)  কোশল ৰাজ্যত  'মল্ল'    ফৈদৰ লােকসকলে বাস                         কৰিছিল । 

(গ) কাশী ৰাজ্যৰ ৰাজধানী আছিল   বাৰাণসী 

(ঘ) বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল উদয়ন

 (ঙ) মহাপদ্মনন্দ  ৰ শাসন কালতেই গ্রীক ৰজা আলেকজেণ্ডাৰে        ভাৰতবর্ষ আক্রমণ কৰিছিল । 


৩। চমু উত্তৰ লিখা । 

(ক) জনপদ কাক বােলে ? 

উত্তৰঃ আৰ্যসকলে নিগাজীকৈ বাস কৰা একোটা অঞ্চলক জনপদ বোলা হৈছিল।

(খ) ষােড়শ মহাজনপদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিৱৰ্তন অনা প্রধান কাৰকসমূহ কি কি আছিল ? 

উত্তৰঃ ষােড়শ মহাজনপদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিৱৰ্তন অনা প্রধান কাৰকসমূহ হ'লঃ 

শেষৰফালে হিন্দু ধৰ্মত দেখা দিয়া (জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম আবিৰ্ভাৱৰ সময়ত) জাতিভেদৰ কঠোৰতা আৰু ব্ৰাহ্মণ শ্ৰেণীৰ প্ৰধান্য়ই এই সময়ছোৱাত গুৰুত্ব পোৱা নাছিল। বিশেষকৈ জাতিভেদ প্ৰথা একেবাৰে শিথিল হৈছিল। ব্ৰাহ্মণ শ্ৰেণীৰ লোকসকলে সকলোৰে লগত মিলা-মিছা কৰিব পাৰিছিল। বৈদিক যুগত থকা ব্ৰাহ্মণসকলৰ সৰ্বোচ্চ ক্ষমতা কমি সকলো শ্ৰেণীৰ মানুহৰ লগত প্ৰায় একে হৈছিল।বৈশ্যসকলে আৰু শূদ্ৰসকলেও ৰাজপাট অধিকাৰ আৰু শাসনকাৰ্যত ভাগ ল'ব পাৰিছিল। সেই সময়ত সমাজত নাৰীৰ স্থান কিছু নিম্নগামী আছিল। সমাজত নাৰীৰ ক্ষেত্ৰত যৌতুক প্ৰথাৰ ব্য়ৱস্থা, বাল্য়বিবাহ, সতী যোৱা প্ৰথা আদিৰো প্ৰচলন আছিল। উদাহৰণস্বৰূপে মগধৰ ৰজা বিম্বিসাৰ আৰু অজাতশত্ৰুৱে বৈবাহক সূত্ৰে অৰ্থাৎ যৌতুকত কৌশল ৰাজ্য়ৰ ৰজা প্ৰসেনজিতৰ পৰা কাশী ৰাজ্য়খন লাভ কৰিছিল।

    আনহাতে ক্ৰমাগতভাৱে বাঢ়ি অহা প্ৰজাসকলক সুপৰিকল্পিতভাৱে পৰিচালনা কৰিবৰ বাবে সমাজত কিছুমান নীতি-নিয়মৰ প্ৰয়োজন হৈছিল। তাৰ বাবে উপযুক্ত বিষয়া নিয়োগ কৰা হৈছিল। বিদেশৰ লগত বাণিজ্য়িক সম্পৰ্ক হোৱা বাবে তেওঁলোকে নানা ঠাইৰ কলা-সংস্কৃতি, সাজ-পোছাক, খাদ্য় আদিটো পৰিৱৰ্তন ঘটাই এক আড়ম্বপূৰ্ণ জীৱন-যাপন কৰিছিল। তাৰবাবে প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰী উৎপাদনৰ বাবে সমাজত কিছুমান বিশেষ কৰ্মদক্ষতা থকা মানুহৰ সৃষ্টি হ'ল; যেনে- কমাৰ, কুমাৰ, সোণাৰি, চিত্ৰকৰ বাঢ়ৈ আদি।

    তদুপৰি শিক্ষাৰ ক্ষেত্ৰতো সেই সময়ত কিছুমান শিক্ষানুষ্ঠান গঢ় লৈ উঠাত এখ আণূল পৰিৱৰ্তন ঘটিছিল। এই শিক্ষানুষ্ঠানবোৰত ধৰ্মীয় শিক্ষাৰ লগতে কলা-সংস্কৃতি, স্থাপত্য় ভাস্কৰ্য আদিৰ বিষয়েও আলোচনা কৰা হৈছিল। তেনে এখন উল্লেখযোগ্য় বিশ্ববিদ্য়ালয় আছিল তক্ষশীলা।


 (গ) প্রসেনজিতে কি কি উপায়েৰে ৰাজ্যৰ সীমা বহলাইছিল ? 

উত্তৰঃ প্ৰসেনজিতে নানা উপায়েৰে- কাাৰোবাৰ লগত মিত্ৰতাৰে (যেনে- লিচ্ছবি আৰু মগধৰ ৰজা) আৰু আন কাৰোবাৰ লগত যুদ্ধ-বিগ্ৰহৰ দ্বাৰা (শাক্য়ৰাজ্য়, কপিলাবস্তু আৰু কাশী) ৰাজ্য়ৰ সীমা বহলাইছিল।

 (ঘ) 'বালি  আৰু 'ভাগ’ কি আছিল ? 

উত্তৰঃ কৃষি কাৰ্যৰ ওপৰত দিবলগীয়া কৰ- বালি আৰু আনটো আছিল উৎপন্ন শস্য়ৰ ওপৰত লগোৱা কৰ- ভাগ


৪। উত্তৰ লিখা । 

(ক) ১৬ খন মহাজনপদ কি কি আছিল ? 

উত্তৰঃ অঙ্গ, মগধ, বৃজি বা বজি, কাশী, কোশল, মল্ল, চেদী, বৎস, কুৰু, পাঞ্চাল, মৎস্য়, শূৰাসন, অস্মক, অৱন্তী, আৰু কম্বোজ।

(খ) মগধ ৰাজ্যৰ উত্থান সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ বা ভৌগোলিক পৰিৱেশ (মগধ ৰাজ্য়ৰ) আছিল অতীব সুন্দৰ। উজনি আৰু নামনি গঙ্গাৰ মাজভাগ চাৰিওপালে পাহাৰ-পৰ্বতে আগুৰি থকা ৰাজগীৰ অথবা পাটলিপুত্ৰ আছিল অতি সুৰক্ষিত। সেই সময়ত মগধ ৰাজ্য়ৰ অন্তৰ্ভুক্ত অঞ্চলটোত বহুতো লোৰ খনি আৱিষ্কৃত হৈছিল। এইবিলাকৰ পৰা উন্নত অস্ত্ৰ-শস্ত্ৰৰপৰা আৰম্ভ কৰি অন্য়ান্য় প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি লৈছিল। যিবিলাকে যুদ্ধত জয়লাভ কৰাৰ লগতে কৃষিকাৰ্যৰ উন্নতিলৈ অৰিহণা আগ বঢ়াইচিল। ইয়াৰ কাৰণে মগধ ৰাজ্য়ৰ উত্থান হৈছিল।

(গ) ষােড়শ মহাজনপদসমূহৰ অর্থনৈতিক অবস্থা কেনে আছিল  বর্ণনা কৰাঁ। 

উত্তৰঃ যোড়ষ মহাজনপদসমূহৰ মূলতে আছিল কৃষি কাৰ্যৰ সম্প্ৰসাৰণ। াহাতে কাষৰীয়া জনপদ বা মহাজনপদসমূহ দখল কৰাৰ লগে লগে সেই অঞ্চল বা ৰাজ্য়সমূহ কৰতলীয়া ৰাজ্য় হৈ পৰিছিল। তদুপৰি সেই সময়ত যোগাযোগ ব্য়ৱস্থাৰ উন্নতি হোৱাৰ বাবে বাহিৰৰ দেশবিলাকৰ লগতো বেহা-বেপাৰ হৈছিল। বেপাৰ-বাণিজ্য় কৰোতে তেওঁলোকে মুদ্ৰাৰ ব্য়ৱহাৰো কৰিছিল। এই মুদ্ৰা ধাতুৰপৰা ব্য়ৱহাৰ কৰিছিল। ধাতুৰ মুদ্ৰাৰ ব্য়ৱহাৰ আছিল এই যুগৰ এখ উল্লেখনীয় বৈশিষ্ট্য়। সেই সময়ত বিভিন্ন ধাতু যেনে- সোণ, হীৰা, মুকুতা আদিৰ প্ৰচলন আছিল।

(ঘ) যােড়শ মহাজনপদৰ সময়ত সমাজলৈ পৰিৱৰ্তন অহাৰ  কাৰণসমূহ লিখা ।

উত্তৰঃ যোড়শ মহাজনপদৰ সময়ত সমাজলৈ পৰিৱৰ্তন অনা প্ৰধান কাৰণসমূহ আছিল- 

শেষৰফালে হিন্দু ধৰ্মত দেখা দিয়া (জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম আবিৰ্ভাৱৰ সময়ত) জাতিভেদৰ কঠোৰতা আৰু ব্ৰাহ্মণ শ্ৰেণীৰ প্ৰধান্য়ই এই সময়ছোৱাত গুৰুত্ব পোৱা নাছিল। বিশেষকৈ জাতিভেদ প্ৰথা একেবাৰে শিথিল হৈছিল। ব্ৰাহ্মণ শ্ৰেণীৰ লোকসকলে সকলোৰে লগত মিলা-মিছা কৰিব পাৰিছিল। বৈদিক যুগত থকা ব্ৰাহ্মণসকলৰ সৰ্বোচ্চ ক্ষমতা কমি সকলো শ্ৰেণীৰ মানুহৰ লগত প্ৰায় একে হৈছিল।বৈশ্যসকলে আৰু শূদ্ৰসকলেও ৰাজপাট অধিকাৰ আৰু শাসনকাৰ্যত ভাগ ল'ব পাৰিছিল। সেই সময়ত সমাজত নাৰীৰ স্থান কিছু নিম্নগামী আছিল। সমাজত নাৰীৰ ক্ষেত্ৰত যৌতুক প্ৰথাৰ ব্য়ৱস্থা, বাল্য়বিবাহ, সতী যোৱা প্ৰথা আদিৰো প্ৰচলন আছিল। উদাহৰণস্বৰূপে মগধৰ ৰজা বিম্বিসাৰ আৰু অজাতশত্ৰুৱে বৈবাহক সূত্ৰে অৰ্থাৎ যৌতুকত কৌশল ৰাজ্য়ৰ ৰজা প্ৰসেনজিতৰ পৰা কাশী ৰাজ্য়খন লাভ কৰিছিল।

    আনহাতে ক্ৰমাগতভাৱে বাঢ়ি অহা প্ৰজাসকলক সুপৰিকল্পিতভাৱে পৰিচালনা কৰিবৰ বাবে সমাজত কিছুমান নীতি-নিয়মৰ প্ৰয়োজন হৈছিল। তাৰ বাবে উপযুক্ত বিষয়া নিয়োগ কৰা হৈছিল। বিদেশৰ লগত বাণিজ্য়িক সম্পৰ্ক হোৱা বাবে তেওঁলোকে নানা ঠাইৰ কলা-সংস্কৃতি, সাজ-পোছাক, খাদ্য় আদিটো পৰিৱৰ্তন ঘটাই এক আড়ম্বপূৰ্ণ জীৱন-যাপন কৰিছিল। তাৰবাবে প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰী উৎপাদনৰ বাবে সমাজত কিছুমান বিশেষ কৰ্মদক্ষতা থকা মানুহৰ সৃষ্টি হ'ল; যেনে- কমাৰ, কুমাৰ, সোণাৰি, চিত্ৰকৰ বাঢ়ৈ আদি।

    তদুপৰি শিক্ষাৰ ক্ষেত্ৰতো সেই সময়ত কিছুমান শিক্ষানুষ্ঠান গঢ় লৈ উঠাত এখ আণূল পৰিৱৰ্তন ঘটিছিল। এই শিক্ষানুষ্ঠানবোৰত ধৰ্মীয় শিক্ষাৰ লগতে কলা-সংস্কৃতি, স্থাপত্য় ভাস্কৰ্য আদিৰ বিষয়েও আলোচনা কৰা হৈছিল। তেনে এখন উল্লেখযোগ্য় বিশ্ববিদ্য়ালয় আছিল তক্ষশীলা।

Type: Chinmay kakati



Post ID : DABP006224