স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Chapter 5


প্রশ্নঃ উত্তৰ দিয়াঃ

১। স্মৃতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ i) মনোবিজ্ঞানী জেমচ. এছ. ৰ'চৰ (Ross) মতে “স্মৃতি হৈছে এক নতুন অভিজ্ঞতা যি পূর্ব অভিজ্ঞতাৰ প্ৰবণতাৰ দ্বাৰা নিৰ্ধাৰিত হয়, দুয়োটাৰে সম্বন্ধ স্পষ্টভাৱে অনুমান কৰিব পাৰি। (A memory is a new experience determined by the dispositions laid down by a previous experience, the relation between the two being clearly apprehended).

ii)  বিখ্যাত মনোবিদ উইলিয়াম মেকডুগেলে (William Mc. Dougall) স্মৃতি সম্বন্ধে সংজ্ঞা দাঙি ধৰি কয় যে “সীমিত বা সংকীর্ণ অৰ্থত স্মৃতি বা স্মৰণ কাৰ্য হৈছে অতীতৰ অভিজ্ঞতা

২। স্মৃতি কাক বোলে? স্মৃতি নিৰ্ভৰ কৰা উপাদানবোৰ আলোচনা কৰা।

উত্তৰঃস্মৃতি হ’ল মানুহৰ মগজুৰ এটা জটিল প্রক্রিয়া। ই এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্রহ, তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুৰ্দ্ধাৰকৰণত সহায় কৰে। শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে নিকা কৰা মনত সংৰক্ষিত কৰি তাক প্ৰয়োজন মতে পুনৰুদ্ৰেক কৰাৰ ওপৰত৷

i) শিক্ষণ [Learning ] :স্মৃতিৰ প্ৰথম চৰ্ত হৈছে অভিজ্ঞতা আহৰণ। বাস্তৱ অভিজ্ঞতা লাভ নকৰাকৈ কোনো বিষয়ৰে প্ৰতিচ্ছবি লাভ কৰাটো সম্ভৱ নহয়। ইন্দ্রিয়যোগে লাভ কৰা অভিজ্ঞতাই ব্যক্তিমনত এক স্মৃতি চাপৰ সৃষ্টি কৰে। উদ্দীপকৰ স্পষ্টতা আৰু সজীৱতাৰ ওপৰত স্মৃতি নির্ভৰ কৰে। উল্লেখযোগ্য যে শিক্ষার্থীর দেহ-মানসিক সুস্থতা, আবেগ, সুস্থ পৰিবেশ আদিয়ে শিক্ষা আহৰণ প্ৰক্ৰিয়াত প্ৰভাৱান্বিত কৰে। আমি কোনো দিনে নেদেখা বা নুশুনা বিষয়ৰ স্মৃতি পাব নোৱাৰোঁ। উদাহৰণস্বৰূপে হিমালয় পর্বতমালাৰ চাক্ষুষ অভিজ্ঞতা নোহোৱাকৈ তাৰ নান্দনিক সৌন্দর্য আমি অনুভৱ কৰিব নোৱাৰোঁ।

ii) সংৰক্ষণ [Retention]:স্মৃতিৰ দ্বিতীয় পর্যায় বা উপাদান হৈছে সংৰক্ষণ। সংৰক্ষণ হৈছে ব্যক্তিয়ে জন্মগতভাৱে লাভ কৰা এক মানসিক ক্ষমতা। ব্যক্তিমনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰতেই স্মৃতি নির্ভৰ কৰে। অৱশ্যে এই সংৰক্ষণ প্ৰক্ৰিয়া ব্যক্তিৰ দেহ-মানসিক সক্রিয়তা, পৰিবেশ আদি কথাবোৰে প্ৰভাৱিত কৰে। ব্যক্তি বিশেষে সংৰক্ষণ ক্ষমতাও বেলেগ বেলেগ হয়। আমাৰ শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ আমি সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। মনৰ এই সংৰক্ষণ ক্ষমতাই ব্যক্তিৰ মানসিক বিকাশত সহায়ক হয়। সেয়েহে সংৰক্ষণক এক নীৰৱ মানসিক প্রচেষ্টা বুলি কোৱা হয়।

iii) পুনঃস্মৰণ [Recall ] :স্মৃতি ক্ৰিয়াৰ তৃতীয়টো পৰ্যায় হৈছে পুনঃস্মৰণ। পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ অবচেতন মনৰ পৰা চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যই হৈছে পুনঃস্মৰণ। ই এক সক্ৰিয় মানসিক প্রচেষ্টা। পুনঃস্মৰণৰ যোগে আমি পূৰ্বতে লাভ কৰা অভিজ্ঞতা উদ্দিপকৰ অবর্তমানতো সচেতন অৱস্থালৈ আনিব পাৰোঁ। মনোবিদ উদৱৰ্থে পুনঃস্মৰণৰ সংজ্ঞা দি কয় যে ‘পুনৰুদ্ৰেক হ'ল বৰ্তমানত নথকা কোনো বিষয়ৰ স্মৰণ।' (Recall is remembering something that is not present) সকলো ধৰণৰ শিক্ষণ অভিজ্ঞতাৰ হুবহু প্ৰতিৰূপ সংৰক্ষণ কৰিব পৰা নাযায়। তাৰ কিছু অংশ পাহৰণিৰ গৰ্ভত লীন যায়। শিক্ষাৰ্থীৰ পূৰ্ব অভিজ্ঞতাৰ চাপ যিমানে স্পষ্ট আৰু গভীৰ হয় সিমানে পুনঃস্মৰণ সহজ হয়। পূর্ব অভিজ্ঞতাক অপৰিৱৰ্তিত অৱস্থাত চেতন মনত উত্থাপিত কৰা কাৰ্যই হৈছে পুনঃস্মৰণ।

iv) প্রত্যভিজ্ঞা [Recognition]:যেতিয়া স্মৰণ কৰিবলগীয়া বস্তু বা বিষয় ব্যক্তিৰ বাবে ইন্দ্ৰিয়গ্রাহ্য হৈ থাকে তেনে অৱস্থাত বৰ্তমান অভিজ্ঞতা সহজ হৈ পৰে। অৰ্থাৎ তেনে ক্ষেত্ৰত পূর্ব অভিজ্ঞতাক বর্তমান অভিজ্ঞতাৰ লগত তুলনা কৰি চিন

৩। স্মৃতি প্ৰখৰতাৰ বৈশিষ্ট্যবোৰ কি কি? স্মৃতি শক্তিৰ উন্নতি কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা৷

উত্তৰঃi) সহজ আৰু দ্ৰুত শিক্ষা গ্রহণ [Ease]:and Rapid  ity of Learning]: উচ্চ স্মৃতিসম্পন্ন লোকে শিক্ষণীয় বিষয় সহজে আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে। দুর্বল স্মৃতিৰ লোকৰ শিক্ষাগ্রহণ কাৰ্যত অধিক সময়ৰ প্ৰয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়।
ii) সংৰক্ষণৰ দীর্ঘস্থায়িত্ব [Permanence Retention]: আমি সহজতে শিকা কথা সহজতে পাহৰিও যাওঁ (Easy learning is easy forgetting)। অভিজ্ঞতাৰ দৃঢ় সংৰক্ষণ উচ্চ স্মৃতিসম্পন্ন লোকৰ এটা লক্ষণ। উচ্চ বা প্ৰখৰ স্মৃতিসম্পন্ন লোকে বিষয়বস্তু সহজে আয়ত্ত কৰাৰ লগতে দীর্ঘকাল সংৰক্ষণ কৰি ৰাখিব পাৰে। দুর্বল স্মৃতিৰ লোকৰ বাবে এই কার্য সম্ভৱ নহয়।
iii) দ্ৰুত আৰু যথার্থ পুনৰাভিব্যক্তি [Prompt and Accurate Reproduction]: সংৰক্ষণ কৰি ৰখা অভিজ্ঞতাৰ প্ৰতিৰূপ প্ৰয়োজন সাপেক্ষে দ্ৰুতভাৱে মনলৈ ঘূৰাই আনিব পৰাটো স্মৃতি প্ৰখৰতাৰ লক্ষণ। এনে লোকে পূর্ব অভিজ্ঞতাক সম্পূর্ণ অক্ষতভাৱে যথাৰ্থ ৰূপত পুনৰুত্থাপন কৰিব পাৰে।
iv) ক্রিয়া উপযোগিতা [Serviceability]: কোনো কোনো সময়ত দেখা যায় যে সংৰক্ষিত অভিজ্ঞতা প্রয়োজনৰ মুহূৰ্তত চেতন মনলৈ পুনৰ উদ্ধাৰ কৰি অনাত আমি ব্যর্থ হওঁ। কিন্তু প্ৰখৰ স্মৃতিসম্পন্ন লোকে অচেতন মনত সংৰক্ষণ হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্ৰয়োজনীয় অংশ দ্ৰুতভাৱে চিনাক্ত কৰি সঠিক সময়ত সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে।

৪। ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা।

উত্তৰঃ  i) অলপ আয়াসতে কোনো কথা শিকা আৰু মনত ৰখাৰ ক্ষমতা ঃ যিবোৰ ল'ৰা-ছোৱালীৰ স্মৃতিশক্তি প্ৰখৰ সিহঁতে যিকোনো কথা শিকিব আৰু মনত ৰাখিব পাৰে। শিকিবলৈ আৰু মনত ৰাখিবলৈ সিহঁত কম সময়ৰ প্ৰয়োজন হয় আৰু সৰ্বসাধাৰণতকৈ সহজতে মনত ৰাখিব পৰা গুণৰ অধিকাৰী হয়।

ii) দীর্ঘকালীন অভিজ্ঞতা সংৰক্ষণ ক্ষমতা : স্মৃতি প্ৰখৰতাৰ আন এটা লক্ষণ হ’ল দীর্ঘকালীন সংৰক্ষণ ক্ষমতা। অর্থাৎ উত্তম স্মৃতিশক্তিসম্পন্ন মানুহে এবাৰ শিকা বা মনত ৰখা কাৰ্য বহুদিনলৈ হুবহু মনত সংৰক্ষণ কৰি ৰাখিব পাৰে।

iii) দ্রুত উদ্রেক ঃ দ্রুতভাৱে উদ্রেক কৰিব পৰাৰ ক্ষমতাইও স্মৃতিৰ প্ৰখৰতাৰ কথা সূচায়। পূৰ্বে শিকা কোনো কথা প্রয়োজন হ’লেই আউল নলগাকৈ অতি সোনকালে স্মৰণ কৰিব পৰাটোও উত্তম স্মৃতিৰ এটা লক্ষণ।

iv) সঠিক পুনঃস্মৰণ ঃ অতীতৰ অভিজ্ঞতাক দ্রুত পুনঃস্মৰণ কৰিব পৰাটো স্মৃতি প্ৰখৰতাৰ লক্ষণ যদিও এই পুনঃস্মৰণ সঠিক হয় নে নহয় সেই কথা বিবেচনা কৰাটো যুগুত। যিবোৰ ল’ৰা-ছোৱালীৰ স্মৃতি প্ৰখৰ, সিহঁতে অতি সোনকালে সঠিকভাৱে পূৰ্বস্মৃতি সুঁৱৰিব পাৰে। কিন্তু ক্ষীণ স্মৃতিসম্পন্নসকলেইয়াৰ ক্ষেত্ৰত ব্যর্থ হয়।

v) স্মৃতিৰ কাৰ্যকৰিতা ঃ স্মৃতিৰ কাৰ্যকৰিতাৰ পৰাই উত্তম আৰু ক্ষীণ স্মৃতিৰ প্ৰমাণ পোৱা যায়। যাৰ স্মৃতিশক্তি উত্তম তেওঁলোকে যেতিয়াই যি অভিজ্ঞতাৰ প্ৰয়োজন তেতিয়াই সেইবোৰ স্মৰণ কৰিব পাৰে। আনহাতে, ক্ষীণ স্মৃতিৰ লোকে প্রয়োজন মতে শিকা কথা মনত পেলাব নোৱাৰি কাৰ্যক্ষেত্ৰত বিফল হোৱা দেখা যায়।

৫। স্মৃতি পৰিসৰ বুলিলে কি বুজা?
উত্তৰঃব্যক্তিয়ে একে সময়তে প্ৰদান কৰা স্মৰণীয় উপাদানসমূহৰ ভিতৰত কিমান সংখ্যক বস্তু মনত ৰাখিব ৰে, এই সম্বন্ধে মনোবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰে। ইয়াৰপৰা প্ৰমাণিত হয় যে মানুহে বাৰকৈ দেখা বা শুনা বস্তু মনত ৰখাৰ এক নির্দিষ্ট ক্ষমতা আছে। ব্যক্তি বিশেষে থকা স্মৃতিৰ এনে মাবদ্ধ ক্ষমতাকেই স্মৃতি পৰিসৰ বোলে।


৬। স্মৃতিৰ বিভিন্ন প্ৰকাৰৰ বৰ্ণনা কৰা।

উত্তৰঃ i) অভ্যাস স্মৃতি [Habit Memory]:দৈহিক ক্রিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰোঁ তাকেই অভ্যাস স্মৃতি বোলে। দৈহিকভাৱে কৰা ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলস্বৰূপে মনত এক স্মৃতি চাপৰ সৃষ্টি হয়। ইয়াত ব্যক্তিৰ বুদ্ধি, চিন্তা, যুক্তি আদি মানসিক ক্ষমতাসমূহৰ প্ৰয়োজন নহয়। ব্যক্তিয়ে সম্পূর্ণ যান্ত্ৰিকভাৱে শিক্ষা আহৰণ কৰি কোনো বিষয়ৰ স্মৃতি লাভ কৰিব পাৰে। যেনেঃ— টাইপ মৰা, চাইকেল চলোৱা আদি কাৰ্যৰ স্মৃতি যান্ত্ৰিকভাৱে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ যোগেদি সম্ভৱ হয়।

সময়ৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি অভ্যাস স্মৃতিক আকৌ দুভাগত ভাগ কৰা হৈছে।

(ক) তৎকালীন স্মৃতি [Immediate Memory]: অভিজ্ঞতা আহৰণ, সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান নাথাকিলে তেনে অভিজ্ঞতাক তৎকালীন স্মৃতি বোলে। ই সম্পূর্ণ উদ্দেশ্য প্রণোদিত। উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে শ্রুতলিপি লিখিবৰ বেলিকা এই স্মৃতি প্রয়োগ কৰে। প্ৰাপ্ত অভিজ্ঞতা প্রয়োগ কৰাৰ বাবে প্ৰয়োজন হোৱা সময়খিনিৰ বাবেহে মনত ৰখা হয়। প্রয়োজন শেষ হোৱাৰ লগে লগে ই মনৰ পৰা আঁতৰি যায়।

(খ) দীর্ঘকালীন স্মৃতি [Prolonged Memory]: শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণ আৰু পুনঃস্মৰণৰ ক্ষেত্ৰত অধিক সময়ৰ ব্যৱধান থাকিলে তাক দীর্ঘকালীন স্মৃতি বোলে। সময়ৰ অধিক ব্যৱধানে প্ৰতিৰূপৰ চাপ দুৰ্বল কৰি তোলে যদিও মনোবিদসকলে মতপোষণ কৰে যে এনে ক্ষেত্ৰত অৰ্থাৎ সময়ৰ ব্যৱধানে অভিজ্ঞতা পুনগঠনত সহায়হে কৰে। নতুন নতুন অভিজ্ঞতাই ব্যক্তিৰ পুৰণি অভিজ্ঞতা অধিক সমৃদ্ধ আৰু অৰ্থপূৰ্ণ কৰি তোলে।

i) প্ৰতিৰূপ স্মৃতি [Image Memory ] :পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিৱৰ্তে ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা, স্মৰণ শক্তি আদিৰ প্ৰতিৰূপ স্মৃতিৰ বাবে প্ৰয়োজন হয়। এইবোৰৰ সময়তেই শিক্ষণ অভিজ্ঞতাৰ প্রতিৰূপ যথার্থ ৰূপত সংৰক্ষণ কৰি ৰাখি প্রয়োজন সাপেক্ষে পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠে। এনেবোৰ বৈশিষ্ট্যৰ বাবে মনোবিদ বাগচনে ইয়াক প্রকৃত স্মৃতি (True memory) বুলি অভিহিত কৰিছে।

ii) মুখস্থ স্মৃতি [Rote Memory ] :দৈহিক আৰু যান্ত্রিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত যি স্মৃতি লাভ হয় তাকে মুখস্থ স্মৃতি বা যান্ত্রিক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ কোনো অর্থ নুবুজাকৈয়ে সম্পূর্ণ যান্ত্রিকভাৱে এই কার্য সম্পাদন কৰা হয়। মানসিক ক্ষমতাসমূহৰ প্ৰয়োগ নকৰাকৈ বাৰে বাৰে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ যোগেদি এই স্মৃতি লাভ কৰা হয়। পুনৰাবৃত্তিৰ অভাৱত এনে স্মৃতিৰ বিলোপ ঘটে। ব্যক্তিৰ নাম-ঠিকনা, গৃহ, গাড়ী, টেলিফোন আদিৰ নম্বৰ মনত ৰখা যান্ত্ৰিক স্মৃতিৰ উদাহৰণ। ই ক্ষণস্থায়ী হয়।

iii) যুক্তিসংগত স্মৃতি [Logical Memory] :চিন্তা, যুক্তি, বিচাৰ-বুদ্ধি আদি মানসিক শক্তিসমূহৰ প্ৰয়োগৰদ্বাৰা যি স্মৃতি লাভ কৰা হয় তাক যুক্তিসংগত স্মৃতি বা বিচাৰমূলক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ অভিজ্ঞতা যুক্তিযুক্তভাৱে বিচাৰ কৰি আয়ত্ত কৰা হয়। ব্যক্তিৰ মানসিক ক্ষমতাৰ ওপৰত এই স্মৃতি নিৰ্ভৰ কৰে। মানসিক শক্তিৰ প্রয়োগে অভিজ্ঞতাৰ প্ৰতিৰূপ স্পষ্টকৈ সংৰক্ষণ কৰাত সহায় কৰে। এই স্মৃতি দীর্ঘস্থায়ী হয়।

iv) অনুসংগমূলক স্মৃতি [Associative Memory]:কোনো বিষয় বা অভিজ্ঞতাৰ কথা মনলৈ অনাৰ লগে লগে তাৰ লগত জড়িত হৈ থকা আন কোনো অভিজ্ঞতাৰ কথা মনলৈ আহে। অর্থাৎ এটা বিষয়ৰ অনুসংগত সমসাময়িকভাৱে ঘটা আন এটা বিষয়ৰ স্মৃতি আমাৰ মনলৈ আহে। শিক্ষণ অভিজ্ঞতাৰ স্মৃতি লাভৰ ক্ষেত্ৰত আমি এই অনুসংগৰ নীতি প্রয়োগ কৰোঁ।

v) সংবেদনাত্মক স্মৃতি [Sensory Memory ] :আমাৰ গ্রহণেন্দ্ৰিয়সমূহৰ প্রত্যক্ষ সংবেদন অনুভূতিৰদ্বাৰা লাভ কৰা স্মৃতিক সংবেদনাত্মক স্মৃতি বালে। দৃষ্টি, স্পর্শ, ঘ্রাণ, শব্দ আৰু স্বাদ-সংবেদন অভিজ্ঞতাৰ পৰাই স্মৃতি প্ৰতিৰূপ লাভ কৰিব পৰা যায়। একেজন লোকৰ প্ৰতিটো সংবেদন অনুভূতিৰ স্মৃতি প্ৰতিৰূপ ধৰি ৰাখিব পৰা ক্ষমতা একে নহয়।ব্যক্তিভেদে সংবেদনাত্মক স্মৃতিৰ পাৰ্থক্য পৰিলক্ষিত হয়। দর্শনগত স্মৃতি প্ৰখৰ লোকজনৰ শ্ৰৱণগত স্মৃতি প্ৰখৰ নহ'বও পাৰে। নিজ নিজ অস্তিত্ব আৰু বৈশিষ্ট্যৰ প্ৰতি দৃষ্টি ৰাখি সংবেদনাত্মক স্মৃতিক পৃথক পৃথকভাৱে বিবেচনা কৰা হয়।

vi) সক্রিয় বা সচেষ্ট আৰু নিষ্ক্রিয় বা নিচেষ্ট স্মৃতি [Active and passive Memory] : অতীত অভিজ্ঞতাৰ স্মৃতি লাভৰ বাবে ব্যক্তিৰ সচেষ্ট আৰু নিচেষ্ট প্ৰচেষ্টাৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি স্মৃতি ক্রিয়াক সক্ৰিয় স্মৃতি আৰু নিষ্ক্রিয় স্মৃতি হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।


৭। বিস্মৃতি কি? বিস্মৃতিৰ কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ বিস্মৃতি হৈছে স্মৃতিৰ বিপৰিত অৰ্থ । আমি যিমানবোৰ কথা শিকো, যিমানবোৰ অভিজ্ঞতা আহৰণ কৰোঁ সিমানবোৰ মনত পেলাব নোৱাৰোঁ। মনত পেলাব নোৱাৰিলেই আমি পাহৰি গৈছোঁ বুলি কওঁ। এই পাহৰি যোৱাটোকেই বিস্মৃতি বুলি কোৱা হয়। গতিকে শিকা কথাখিনি স্মৰণ কৰিব নোৱৰাটোকে বিস্মৃতি বোলা হয়। বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধৰ্মী ক্রিয়া বুলি গণ্য কৰা হয়।

বিস্মৃতিৰ কাৰণসমূহ হ'ল -

i) মস্তিষ্কৰ আঘাত [Brain Injury]: মস্তিষ্কৰ যি অংশই স্মৃতি সম্পৰ্কীয় কার্য সম্পাদিত 
কৰে সেই অংশ কোনো কাৰণত আঘাতপ্রাপ্ত হ’লে স্মৃতি স্থায়ী বা অস্থায়ীভাৱে বিলোপ হ’ব পাৰে।

ii) অৱসাদ বা ক্লান্তি [Fatigue]: অত্যধিক দৈহিক আৰু মানসিক শ্রমে দেহ-মনতএক 
অবসাদ আনে। এনে অৱস্থাত দেহৰ পেশী আৰু স্নায়ুসমূহৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰে 
আৰু প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা হ্রাস পায়। ফলত বিস্মৃতি বাঢ়ে।

iii) মাদক দ্রব্য সেৱন [Drug addiction]: মাদক দ্রব্য সেৱনৰ ফলত ব্যক্তিৰ স্নায়ুতন্ত্র 
দুর্বল হৈ পৰে। ফলত প্ৰতিৰূপ সংৰক্ষণৰ ক্ষমতা দুৰ্বল হৈ পৰে আৰু স্মৃতি বিলোপ হয়।

৪। বার্ধক্য [Old age]: দৈহিক আৰু স্নায়ৱিক দুৰ্বলতাৰ বাবে বৃদ্ধাৱস্থাত ব্যক্তিৰ প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা দুৰ্বল হৈ পৰে যাৰ ফলত স্মৃতি ৰক্ষাত অসমর্থ হয়।
৫। চৰ্চাৰ অভাৱ [Lack of Exercise]: শিক্ষণীয় বিষয়বস্তুৰ প্ৰতিৰূপ স্পষ্টভাৱে 
সংৰক্ষণ কৰিবলৈ হ’লে পুনৰাবৃত্তিৰ বা চৰ্চাৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱ হ’লে শিক্ষণ 
অভিজ্ঞতা বিস্মৃত হয়


৮। চমুকৈ লিখা (Write shortly) :

(ক) পুনঃস্মৰণ (Retention)

উত্তৰঃস্মৃতি ক্ৰিয়াৰ তৃতীয়টো পৰ্যায় হৈছে পুনঃস্মৰণ। পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ অবচেতন মনৰ পৰা চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যই হৈছে পুনঃস্মৰণ। ই এক সক্রিয় মানসিক প্রচেষ্টা। পুনঃস্মৰণৰ যোগে আমি পূৰ্বতে লাভ কৰা অভিজ্ঞতা উদ্দিপকৰ অবর্তমানতো সচেতন অৱস্থালৈ আনিব পাৰোঁ। মনোবিদ উদৱৰ্থে পুনঃস্মৰণৰ সংজ্ঞা দি কয় যে ‘পুনৰুদ্ৰেক হ’ল বৰ্তমানত নথকা কোনো বিষয়ৰ স্মৰণ।' (Recall is remembering something that is not present) সকলো ধৰণৰ শিক্ষণ অভিজ্ঞতাৰ হুবহু প্ৰতিৰূপ সংৰক্ষণ কৰিব পৰা নাযায়। তাৰ কিছু অংশ পাহৰণিৰ গৰ্ভত লীন যায়। শিক্ষাৰ্থীৰ পূর্ব অভিজ্ঞতাৰ চাপ যিমানে স্পষ্ট আৰু গভীৰ হয় সিমানে পুনঃস্মৰণ সহজ হয়। পূর্ব অভিজ্ঞতাক অপৰিৱৰ্তিত অৱস্থাত চেতন মনত উত্থাপিত কৰা কাৰ্যই হৈছে পুনঃস্মৰণ


(খ) প্রত্যভিজ্ঞা (Recognition)

উত্তৰঃযেতিয়া স্মৰণ কৰিবলগীয়া বস্তু বা বিষয় ব্যক্তিৰ বাবে ইন্দ্রিয়গ্রাহ্য হৈ থাকে তেনে অৱস্থাত বর্তমান অভিজ্ঞতা সহজ হৈ পৰে। অৰ্থাৎ তেনে ক্ষেত্ৰত পূর্ব অভিজ্ঞতাক বৰ্তমান অভিজ্ঞতাৰ লগত তুলনা কৰি চিনাক্তকৰণ কৰিব পাৰি। প্ৰত্যভিজ্ঞাৰ বাবে ব্যক্তিয়ে কেৱল পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বা সাঁচৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। উদাহৰণস্বৰূপে আগত জনা কোনো ব্যক্তিৰ নাম স্মৰণ কৰিবলৈ যিমান কঠিন, কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্তকৰণ কৰাটো তুলনামূলকভাৱে সহজ হয়। ৰচনাধৰ্ম্মী প্ৰশ্নৰ উত্তৰ কৰোঁত ছাত্ৰই পুনঃস্মৰণ কৰিবলগীয়া হয়। আনহাতে বস্তুনিষ্ঠ পৰীক্ষাত কিছুমান প্রশ্নত বহু বিকল্প বাছনি (Multiple choice) প্রশ্ন দিয়া থাকিলে ছাত্র-ছাত্রীয়ে উত্তৰ দিবলৈ সহজ পায়।


(গ) প্রতিৰূপ (Image)

উত্তৰঃপূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিৱৰ্তে ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা, স্মৰণ শক্তি আদিৰ প্ৰতিৰূপ স্মৃতিৰ বাবে প্ৰয়োজন হয়। এইবোৰৰ সময়তেই শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ যথাৰ্থ ৰূপত সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন সাপেক্ষে পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠে। এনেবোৰ বৈশিষ্ট্যৰ বাবে মনোবিদ বার্গচনে ইয়াক প্রকৃত স্মৃতি (True memory) বুলি অভিহিত কৰিছে।


(ঘ) অৱদমন (Repression)

উত্তৰঃ দুখদায়ক বা বিৰক্তিকৰ অভিজ্ঞতাবোৰ আমি মনত ধৰি ৰাখিব নিবিচাৰোঁ। এনেবোৰ অভিজ্ঞতা ইচ্ছাকৃতভাৱে চেতন মনৰ পৰা পঠিয়াওঁ৷ ইয়াকে অবদমন বোলা হয়। আমাৰ সচেতন মনক অসুস্থ অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে ই এক মানসিক প্ৰতিৰক্ষা ব্যৱস্থা। মনোবিদ ফ্রয়েছে বিস্মৃতিক এক ইচ্ছাকৃত আৰু সক্রিয় কাৰ্য বুলি অভিহিত কৰিছে। অর্থাৎ যিবোৰ কথা আমি মনত পেলাব নোখোজোঁ তাক পাহৰি যাওঁ। এই কথাবোৰ আমি অবচেতন মনত আমাৰ অজ্ঞাতে ৰাখোঁ আৰু ফ্ৰয়েদে এই অৱস্থাক অৱচেতন বুলি অভিহিত কৰিছে। গতিকে সচেতন মনৰ পৰা অবচেতন মনলৈ ঠেলি পঠিওৱা কাৰ্য্যক অবদমন বোলে।

(ঙ) পশ্চাদমুখী প্ৰতিৰোধ (Retro-active Inhibition)

উত্তৰঃ যেতিয়া আমি কোনো এটা বিষয় শিকাৰ ঠিক পিছতেই আন এটা বিষয় শিকিবলৈ যাওঁ দ্বিতীয় বিষয়টোৱে প্ৰথমে শিকা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়ে। ইয়াকেই পশ্চাদমুখী অৱৰোধ বোলে।

৯। বিস্মৃতিৰ প্ৰভাৱ কিদৰে গুচাব পাৰি?

উত্তৰঃ


১০। মনোযোগ বুলিলে কি বুজা? মনোযোগৰ প্ৰধান বৈশিষ্ট্যসমূহআলোচনা কৰা।

উত্তৰঃ মনোযোগ হৈছে এক মানসিক প্রক্রিয়া। যেতিয়া আমি আমাৰ চাৰিওফালে থকা বিভিন্ন বস্তুৰ প্ৰতি সচেতন হওঁ, মনটো স্থিৰ কৰোঁ আৰু তাৰ বিষয়ে একান্তভাৱে চিন্তা কৰোঁ তাকেই মনোযোগ বোলে। অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত সচেতনভাৱে মনৰ নিবদ্ধকৰণেই হ’ল মনোযোগ।

মনোযোগৰ বৈশিষ্ট্যসমূহ -
  
  ১। মনোযোগ এক নির্বাচনাত্মক কার্য। পৰিবেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা বিশেষ বিষয় বাছি লৈ তাৰ ওপৰতহে মনোযোগ প্রদান কৰা হয়।


২। মনোযোগ গতিশীল। আমি আমাৰ মনটো এটা বিষয়ৰ ওপৰত অধিক সময় নিবদ্ধ কৰি ৰাখিব নোৱাৰোঁ।

৩। মনোযোগৰ এক সীমাবদ্ধতা আছে। একে সময়তে এক সীমিত পৰিমাণৰ বিষয়ৰ প্ৰতিহে মনোযোগ দিব পৰা যায়।

৪। মনোযোগ হৈছে মনৰ এক অনুসন্ধানকাৰী কাৰ্য। প্ৰতিটো নতুন বিষয়ৰ বৈচিত্র বা নতুনত্বৰ প্রতি মন আকৃষ্ট হয়।

৫। মনোযোগ সচেষ্ট আৰু নিচেষ্ট দুই ধৰণৰ হ’ব পাৰে। কোনো এটা বিষয়ত মনোযোগ দিয়া মানে পূৰ্বৰ বিষয়ৰ পৰা মনোযোগ আঁতৰাই অনাকে বুজায়।

৬। মনোযোগ এক বিশ্লেষণাত্মক প্রক্রিয়া। মনোযোগ দিয়া বিষয়বস্তুক পুঙ্খানুপুঙ্খভাৱে বিশ্লেষণ কৰি মনত তাৰ এক স্পষ্ট ধাৰণা লোৱা হয়।

 ১১। মনোযোগৰ কাৰণবোৰ বৰ্ণনা কৰা।

উত্তৰঃ 
❋আভ্য়ন্তৰীন বা ব্য়ক্তিনিষ্ঠ কাৰণ [ Subjective condition ] :
  
  ১। প্রবৃত্তি [Instinct]: ব্যক্তিৰ জৈৱিক প্রবৃত্তিয়ে আভ্যন্তৰীণভাৱে মনোযোগৰ বিষয় নিৰ্ধাৰণ কৰে। কৌতূহল প্রবৃত্তিৰ বাবেই ব্যক্তিৰ মন নতুন বিষয়ৰ প্রতি মনোযোগী হয়।

২। আবেগ (Emotion]: বহু সময়ত আবেগৰ তাড়নাত ব্যক্তিয়ে মনোযোগৰ বিষয়বস্তু নির্বাচন কৰি লয়। আবেগহীনভাৱে দিয়া মনোযোগ সাধাৰণতে স্থায়ী নহয়।

৩। আগ্রহ [Interest]: মনোবিদ মেকডুগেলে আগ্রহক মনোযোগৰ এক সুপ্ত অৱস্থা বুলি অভিহিত কৰিছে। ব্যক্তিমনত অন্তর্নিহিত হৈ থকা আগ্রহে বিষয়বস্তুৰ প্রতি মনোযোগ আকর্ষিত কৰে।

৪। ভাববৃত্তি [Sentiment]: আবেগৰ সুসংগঠিত আৰু স্থায়ী অৱস্থাই হৈছে ভাববৃত্তি। ইয়াৰ ফলত স্থায়ী ৰূপত ব্যক্তিমনত আগ্ৰহ আৰু মনোযোগৰ সৃষ্টি হয়। ইয়াক জৈৱ মানসিক প্ৰৱণতা বুলিও কোৱা হয়। সন্তানৰ প্ৰতি মাতৃৰ আকৰ্ষণ এনে ভাববৃত্তিৰ ফলতেই হয়।

৫। বাসনা [Desire]: জৈৱিক প্ৰয়োজনৰ বাবে ব্যক্তিমনত সৃষ্টি হোৱা কামনা-বাসনাই ব্যক্তিৰ মনোযোগ প্রভাৱিত কৰে। ব্যক্তিত অন্তর্নিহিত থকা যৌন কামনাই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত কৰে। কর্মক্ষেত্ৰত শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ বাসনাই ক্রিয়া সম্পাদনৰ প্ৰতি ব্যক্তিক আগ্রহী আৰু মনোযোগী কৰি তোলে।

৬। পূর্ব অভিজ্ঞতা [Past experience]: পূর্ব অভিজ্ঞতাৰ স্মৃতি চাপে সেই বিষয়ৰ প্ৰতি ব্যক্তিমনক স্বাভাৱিকতেই আকর্ষণ কৰে।

৭। অভ্যাস [Habit]: অভ্যাসৰ যান্ত্ৰিক অনুশীলনেও ব্যক্তিমনৰ মনোযোগ নিৰ্ধাৰণ কৰিব পাৰে। অভ্যাসৰ ফলতেই ব্যক্তিয়ে একাধিক বিষয়ত একেলগে মনোযোগ দিব পৰা হয়।

৮। মানসিক স্বাস্থ্য [Mental Health] : সুস্থ মানসিক স্বাস্থ্য মনোযোগৰ আন এক চৰ্ত। বিভিন্ন মানসিক সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকিলে কোনো বিষয়ৰ প্রতি মনোযোগ দিব পৰা নাযায়।

 বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ [Objective condition]:

১। আকাৰ [Size]: সাধাৰণতে দেখা যায় যে ক্ষুদ্ৰ আকাৰৰ বস্তুতকৈ বৃহৎ আকাৰৰ বস্তুৱে ব্যক্তিৰ মন সহজতে আকর্ষণ কৰে। সেয়েহে পাঠকৰ দৃষ্টি আকর্ষণ কৰিব পৰাকৈ বাতৰি কাকত আদিত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন পৰিবেশন কৰা হয়।

২। গতিশীলতা [Mobility]: স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ প্ৰতি আমি বেছি মনোযোগী হওঁ। স্থিৰ চিত্ৰতকৈ চলচিত্ৰৰ প্ৰতিহে ব্যক্তি অধিক আগ্রহী হয়। আকাশেৰে উৰি যোৱা চৰাই এটিয়ে শিশু মনক অধিক আকৰ্ষিত কৰা দেখা যায়। বৈদ্যুতিক মাধ্যমৰ সহায়ত প্ৰদৰ্শন কৰা গতিশীল বিজ্ঞাপনবোৰে ব্যক্তিৰ মন সহজতে আকৰ্ষিত কৰে।

৩। বৈসাদৃশ্য [Contrast]: বিপৰীতধর্মী বস্তু বা বিষয়েও ব্যক্তিৰ মনোযোগ আকর্ষণ কৰিব পাৰে। এজাক ছোৱালীৰ মাজত এজন ল'ৰা থাকিলে, এজন চাপৰ মানুহৰ লগত এজন ওখ মানুহ থাকিলে আমি তেওঁলোকৰ প্রতি মনোযোগ দিওঁ।

৪। গোপনীয়তা [Secrecy]: গোপন কৰি ৰখা ঘটনা বা কাৰ্যই আমাৰ মনত কৌতূহলৰ সৃষ্টি কৰে আৰু ইয়ে মনোযোগ আকর্ষণ কৰে। কৰিবলৈ বাধা দিয়া কামৰ প্ৰতি, নিষিদ্ধ কৰা বস্তু খোৱাৰ প্ৰতি শিশুমন অধিক আগ্রহী হৈ উঠে।

৫। অৱস্থিতি [Position]: বিষয়বস্তুৰ উপস্থাপন বা অৱস্থিতি ব্যক্তিৰ মনোযোগ আকৰ্ষণৰ কাৰণ হ’ব পাৰে। সেয়েহে ব্যক্তিৰ মন আকৰ্ষিত কৰিব পৰাকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ কাকতৰ প্ৰথম পৃষ্ঠাত বা ওপৰ অংশত উপস্থাপন কৰা হয়।

৬। পৰিবৰ্ত্তন [Change]: পৰিবেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনে অনেক সময়ত আমাৰ মনোযোগ আকর্ষণ কৰে।

৭। পুনৰাবৃত্তি [Repetition]: কোনো ঘটনা বা বিষয়ৰ পুনৰাবৃত্তিয়েও আমাৰ মন আকর্ষণ কৰিব পাৰে।

৮। শৃংখলাবদ্ধতা [Discipline]: শৃংখলাবদ্ধ পৰিবেশ আৰু পৰিপাটি অৱস্থাই সকলোকে আকর্ষণ কৰে। গৃহিণীয়ে পৰিপাটিকৈ সজাই থোৱা ঘৰখনে, সুশৃংখলাবদ্ধভাৱে পৰিচালিত আৰু পৰিকল্পিতভাৱে উপস্থাপন কৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰটোৱে আমাক অধিক আগ্রহী আৰু আকৰ্ষিত কৰে।

১২। মনোযোগৰ সংজ্ঞা দিয়া। মনোযোগৰ প্ৰধান প্ৰকাৰসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা।

উত্তৰঃবিভিন্ন মনোবিদে মনোযোগৰ ব্যাখ্যা বিভিন্ন ধৰণে অগবঢ়াইছে। ইয়াৰে কেইটামান তলত দাঙি ধৰা হলঃ
১। মনোযোগৰ সংজ্ঞা দাঙি ধৰি মনোবিদ মেকডুগেলে (Mc Dougall) কয় যে— “মনোযোগ হৈছে মনৰ এক ক্ৰিয়া বৃত্তি বা ক্রিয়া প্রচেষ্টা যাক সংজ্ঞানাত্মক প্ৰক্ৰিয়াৰ পৰিণতিস্বৰূপে বিবেচনা কৰিব পাৰি”। (Attention is merely contain or striving considered from the point of view of its effect on cognition process).

২। মনোবিদ জেমছ ৰ'ছৰ (James Ross) মতে মনোযোগ হৈছে এক প্রক্রিয়া যাৰ যোগেদি চিন্তাৰ কোনো এক বিষয় মনত স্পষ্টভাৱে দাঙি ধৰা হয়। (Attention is a process of getting an object of thought clearly before the mind).

৩৷ মনোযোগৰ স্বৰূপ বর্ণনা কৰি মনোবিদ ৰাইবাৰ্ণে কয় (Ryburn) যে মনোযোগ হৈছে ব্যক্তিত্বৰ এক কার্যবিশেষ য’ত অনুভূতি, ক্রিয়াবৃত্তি আৰু মৌলিক সংজ্ঞানাত্মক ক্রিয়া অন্তর্ভুক্ত হয়। (Attention is activity of the personality and into it enter feeling and will as well as the fundamental activity we call cognition.)

৪। মনোবিদ উদ্ভৱৰ্থ (Wood Worth)-ৰ মতে “চমুকৈ ক’বলৈ হ’লে মনোযোগ হৈছে কোনো বস্তুৰ নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো কাম কৰিবৰ বাবে সাজু হোৱা কাৰ্য্য।” (“To attend is in short to get set and ready to perceive a certain object or to perform a certain act.?")

মনোযোগৰ প্ৰধান প্ৰকাৰসমূহ তলত উল্লেখ কৰি ব্যাখ্যা কৰা হ 'ল -

 ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ [ Volitional and Non-volitional attention]: মনোযোগ প্রদানৰ ক্ষেত্ৰত ব্যক্তিমনৰ ইচ্ছা আৰু প্ৰস্তুতি থকা নথকাৰ ওপৰত ভিত্তি কৰি মনোবিদজেমচ্ ৰাছে মনোযোগক দুটা ভাগত ভাগ কৰিছে– 

(ক) ঐচ্ছিক মনোযোগ (Volitional attention)

(খ) অনৈচ্ছিক মনোযোগ (Non-volitional attention)

ক। ঐচ্ছিক মনোযোগ (Volitional attention):
এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি হৈ থাকে। ব্যক্তিমনৰ আগ্ৰহ, উদ্দেশ্য, কর্তব্যনিষ্ঠা তথা মানসিক সচেতনতা আদিৰদ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কার্য সম্পাদনৰ ইচ্ছা থাকিলে প্রতিকূল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে। এই মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছেঃ— স্পষ্ট মনোযোগ (Explicit attention) আৰু অনুমিত মনোযোগ (Implicit attention)।

১। স্পষ্ট মনোযোগ (Explicit attention): এই মনোযোগ পৰিস্থিতিৰ তৎকালিন প্রয়োজনীয়তাৰ দ্বাৰা প্ৰভাৱিত। ইয়াত ব্যক্তিমনৰ ইচ্ছাশক্তিক বাৰে বাৰে প্ৰয়োগ কৰা হয়। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ সময়ত পঢ়া-শুনাৰ ক্ষেত্ৰত স্পষ্ট মনোযোগ প্রদান করে।

২। অনুমিত মনোযোগ (Implicit attention): যেতিয়া কোনো কাৰ্যৰ প্ৰতি দীৰ্ঘকাল ধৰি মনোযোগ প্ৰদান কৰা হয়, তেতিয়া তাক অনুমিত মনোযোগ বোলা হয়। ইয়াত ব্যক্তিৰ ইচ্ছা, আগ্রহ, জ্ঞানৰ গভীৰতা আৰু ঐকান্তিকতা নিহিত হৈ থাকে আৰু আভ্যন্তৰীণভাৱে বিষয়বস্তুৰ লগত জড়িত হৈ থাকে। ফলত বাহ্যিক পৰিস্থিতিৰ প্ৰভাৱে মনোযোগ প্রদানত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। কলাকাৰ, দার্শনিক, বিজ্ঞানী আদিয়ে এনে মনোযোগ প্রদান কৰে।

খ। অনৈচ্ছিক মনোযোগ (Non-volitional attention) :

অনৈচ্ছিক মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্রতা বা আকর্ষণীয়তাই প্রাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্বাৰা নিয়ন্ত্ৰিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃস্ফূর্তভাৱে আৰু প্রবৃত্তিমূলকভাৱেহে মনোযোগ দিয়ে। এই মনোযোগ ব্যক্তিৰ জ্ঞান বা মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে। অনৈচ্ছিক মনোযোগক পুনৰ দুটা ভাগত ভগোৱা হৈছে- আৰোপিত আৰু স্বতঃস্ফূর্ত মনোযোগ।

১।আৰোপিত মনোযোগ (Enforced attention): পৰিবেশৰ উদ্দীপকৰ প্ৰতি প্রবৃত্তিগতভাৱে মনোযোগ আৰোপ কৰাকে আৰোপিত মনোযোগ বোলে। তীব্র শব্দ বা উজ্জ্বল পোহৰে ইন্দ্ৰিয়ক আকর্ষণ কৰি মনোযোগৰ সৃষ্টি কৰে। শিশুৰ মনোযোগ সাধাৰণতে এনে বিধৰ হয়।

২।স্বতঃস্ফূর্ত মনোযোগ (Spontaneous attention): পূৰ্বতে লাভ কৰা অভিজ্ঞতাৰ ফলত কিছুমান উদ্দীপকৰ প্রতি আমাৰ মনোযোগ স্বতঃস্ফূর্তভাৱে আকৰ্ষিত হয়। ইয়াকে স্বতঃস্ফূর্ত মনোযোগ বোলা হয়। ইয়াত প্রবৃত্তিমূলকভাৱে দিয়া যান্ত্রিক মনোযোগৰ প্ৰভাৱ নাথাকে। ইন্দ্ৰিয়ানুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ীভাৱে গঢ় লৈ উঠা ভাববৃত্তিৰদ্বাৰা মনোযোগ প্ৰভাৱিত হয়। আমি ভালপোৱা গীত এটি বাজি থকা শুনিলে আমাৰ মনোযোগ স্বতঃস্ফূর্তভাৱে আকৰ্ষিত হয়।

২। সংবেদনাত্মক মনোযোগ অৰুি ভাবাত্নক মনোযোগ [Sensory attention and Idealistic attention]:ইন্দ্ৰিয়যোগে লাভ কৰা প্রত্যক্ষ সংবেদন অনুভূতিৰ ফলত যি মনোযোগৰ সৃষ্টি হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। ইয়াত মনোযোগ বাহ্যিক পৰিবেশৰ দ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্রিত হয়। ব্যক্তিমনৰ আভ্যন্তৰীণ দিশসমূহ ইয়াত জড়িত নহয়।আনহাতে ভাবাত্মক মনোযোগ ব্যক্তিৰ মনৰ ভাব-চিন্তা, আবেগ-অনুভূতি আদিৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। ইয়াত বাস্তৱ পৰিস্থিতিৰ বিষয়বস্তুৰ পৰিৱৰ্তে পূর্ব অভিজ্ঞতাৰ স্মৃতিয়ে মনোযোগ আকর্ষণ কৰে। শ্ৰেণীকোঠাত উপস্থিত থাকিও ছাত্র-ছাত্ৰীয়ে কেতিয়াবা শিক্ষকৰ প্রতি মনোযোগ নিদি আন কথাত মনোনিবেশ কৰাটো ভাবাত্মক মনোযোগ।

৩। প্রত্যক্ষ আৰু পৰোক্ষ মনোযোগ [Immediate and Derived attention]:বাস্তৱ পৰিস্থিতিৰ উদ্দীপকৰ উদ্দীপনাই ব্যক্তিৰ মনোযোগ প্রত্যক্ষভাৱে আকৰ্ষিত কৰে। ইয়াত ব্যক্তিৰ নিজস্ব প্রচেষ্টা বা ব্যক্তিমনক নিয়ন্ত্ৰণ কৰাৰ কোনো প্রয়োজন নহয়। ই ব্যক্তিৰ জৈৱিক প্রবৃত্তিগত ক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্রিত হয়।পৰোক্ষ মনোযোগৰ ক্ষেত্ৰত বিষয়বস্তুৰ কোনো নিজস্ব আকর্ষণীয় গুণ নাথাকে। কোনো গুরুত্বপূর্ণ বিষয়ৰ সৈতে জড়িত হোৱাৰ বাবেহে নির্দিষ্ট বিষয়টোরে মনোযোগ আকর্ষণ কৰে। উদাহৰণস্বৰূপে সংগ্ৰহালয়ত ৰখা আহোম যুগৰ ৰজাই ব্যৱহাৰ কৰা কাপোৰ সাজ, মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা ‘খৰমযোৰ-ৰ প্ৰতি আমি প্ৰদান কৰা মনোযোগ হৈছে পৰোক্ষ মনোযোগ। ইয়াত ‘কাপোৰ সাজ’ বা ‘খৰমযোৰ’ আকৰ্ষণৰ বিষয়বস্তু নহয়, বিষয়বস্তু ব্যৱহাৰ কৰা ব্যক্তি দুজনহে আকৰ্ষণৰ বিষয়।

৪। বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্নক মনোযোগ [Analytic attention and Synthetic attention]:বিষয়বস্তুৰ প্ৰতি মনোযোগ প্ৰদানৰ ধৰণৰ ওপৰত ভিত্তি কৰি মনোবিদ এঞ্জেলে মনোযোগক বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মকস্বৰূপে দুভাগত ভাগ কৰিছে। অধ্যয়নৰ বিষয়বস্তুৰ প্ৰতিটো অংশৰ বিষয়ে যেতিয়া পুংখানুপুঙ্খভাৱে আৰু বিস্তৃতভাৱে মনোযোগ দিয়া হয় তাকে বিশ্লেষণাত্মক মনোযোগ বোলে। বিজ্ঞানীয়ে পৰীক্ষাগাৰত অধ্যয়ন কৰোঁতে এনে মনোযোগ প্রদান কৰে।আনহাতে, বিষয়বস্তুৰ ওপৰত সামগ্রিকভাৱে মনোনিবেশ কৰা কার্যকেই সংশ্লেষণাত্মক মনোযোগ বোলা হয়। এই মনোযোগ ব্যক্তিৰ জ্ঞান, দক্ষতা, মানসিক পৰিপক্কতা আৰু অন্তঃদৰ্শন ক্ষমতাৰ ওপৰত নির্ভৰশীল হয়। চিন্তাবিদসকলে কোনো সমস্যাৰ সমাধান কৰিবলৈ যাওঁতে সমস্যাটোৰ লগত জড়িত সকলো দিশ সামৰি লৈ সংশ্লেষণাত্মক মনোযোগ প্রদান কৰে।


৫। মনোযোগৰ প্ৰসাৰ [Span of Attention]:কোনো কোনো মনোবিজ্ঞানীৰ মতে এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ প্ৰতি মনোযোগ দিবপাৰে। একে সময়তে তেওঁ যিমান বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে সেই সংখ্যাই তেওঁৰ মনোযোগৰ প্ৰসাৰ বুলিব পাৰি। মনোবিজ্ঞানীসকলে মানুহৰ দৃষ্টি আৰু শব্দ-সংবেদনৰ প্ৰতি থকা মনোযোগ সম্বন্ধে বহুতো পৰীক্ষা-নিৰীক্ষা চলায়। এনে ধৰণৰ পৰীক্ষাত এবিধ বিশেষধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হয়। এই সঁজুলিক ‘টেচিষ্টস্কপ' (Tachistoscope) বোলা হয়। ইয়াৰ দ্বাৰা মাত্ৰ মুহূৰ্তৰ বাবে (ছেকেণ্ডৰ ভগ্নাংশ) কিছুমান বিশৃঙ্খলকৈ ৰখা বিন্দু বা আখৰৰ প্রতি মনোযোগ দিবলৈ কোৱা হয়। এনে পৰীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি সাধাৰণতে এনে বিন্দুৰ প্ৰতি প্রাপ্তবয়স্ক লোকৰ মনোযোগৰ প্ৰসাৰ ছটা বিন্দু। সেয়েহে মনোযোগৰ প্ৰসাৰ ছয় হয় বুলি ধৰা হয়। অৱশ্যে সুশৃঙ্খলভাৱে থোৱা বিন্দুৰ ক্ষেত্ৰত এনে প্ৰসাৰ বেছি হ’ব পাৰে।

১৩। আগ্রহ কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা।
উত্তৰঃযেতিয়া পৰিবেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপিত হয়, তেনে অৱস্থাকেই আগ্রহ ওপজা বুলি কোৱা হয়৷
    
i) সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্রহ [Innate and Acquired interest ] :

সুপ্ত আগ্রহ : ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰ দ্বাৰা সৃষ্ট আগ্রহক সুপ্ত আগ্রহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্রহ, কিশোৰ-কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্রহ এনে সুপ্ত আগ্রহ। এই সুপ্ত আগ্ৰহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্রহ অনৈচ্ছিক বিধৰ হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

আর্জিত আগ্রহ : ব্যক্তিৰ শিক্ষা, অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে। ইয়াকে আর্জিত আগ্রহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্রিয়তাই আগ্রহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আগ্রহো ভিন্ন ভিন্ন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্রহ হৈছে আর্জিত আগ্রহ।

ii) স্থায়ী আৰু অস্থায়ী আগ্রহ [Durable and Transitory interest ] :স্থায়ী আগ্রহ : ব্যক্তিমনত দীৰ্ঘসময়ৰ বাবে বর্তী থকা আগ্রহক স্থায়ী আগ্রহ বোলে। সন্তানৰ বাবে পিতৃ-মাতৃৰ আগ্ৰহ দীর্ঘস্থায়ী আগ্রহ। জীৱন নিৰ্বাহৰ বাবে কোনো বিষয় বা ব্যৱসায়ৰ প্ৰতি ব্যক্তিৰ আগ্রহ এনে আগ্রহৰে নিদৰ্শন।

অস্থায়ী আগ্রহ : ব্যক্তিমনত সাময়িকভাৱে সৃষ্টি হোৱা আগ্ৰহক অস্থায়ী আগ্রহ বোলে। প্ৰয়োজন আৰু পৰিস্থিতি সাপেক্ষেহে এই আগ্রহে দেখা দিয়ে। উদ্দেশ্য পূৰণৰ অন্তত এই আগ্ৰহৰো অন্ত পৰে। বাতৰি কাকতখনৰ প্ৰতি আগ্রহ দিনটোৰ বাবেহে থাকে, পাৰ হৈ যোৱা দিনটোৰ কাকতখনৰ প্ৰতি সাধাৰণতে আগ্রহ অনুভূত নহয়।


 ১৪। আগ্ৰহ আৰু মনোযোগৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃআগ্রহ আৰু মনোযোগৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ আছে। এটাক বাদ দি আনটোৰ কথা চিন্তা কৰিব নোৱাৰি। ইহঁত দুয়ো এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। মনোযোগ হৈছে এক সক্ৰিয় মানসিক অৱস্থা যি নির্বাচনমূলক হয়। আনহাতে আগ্রহ হৈছে আৱেগ অনুভূতি আদিৰ দ্বাৰা পৰিচালিত এক সুপ্ত মানসিক অৱস্থা। এই আগ্রহেই চেতন মনৰ পৰা কোনো এটা বস্তু বা বিষয় বাছি লৈ তাৰ প্ৰতি মনোযোগ দিবলৈ আমাক শক্তি যোগায়। যিবোৰ বস্তু বা বিষয়ত আমাৰ আগ্রহ থাকে তেনেবোৰ বিষয়ৰ প্ৰতিহে আমি মনোযোগ দিওঁ। অর্থাৎ আগ্রহেই মনোযোগৰ আভ্যন্তৰীণ কাৰণ। আগ্ৰহ সুপ্ত হোৱা হেতুকে ই আমাৰ চকুত নপৰে। কিন্তু সেই আগ্ৰহৰ বাবেই যেতিয়া ব্যক্তিয়ে কোনো বিষয়ত মনোযোগ দিয়ে সি সহজে চকুত পৰে। সেয়ে আগ্রহৰ সক্রিয় অৱস্থাকে মনোযোগ বুলিব পাৰি।


১৫। ‘আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অৱস্থা'— উক্তিটো ব্যাখ্যা কৰা।
উত্তৰঃ


১৬। পার্থক্য নির্ণয় কৰা:

(ক) ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ (খ) সুপ্ত আৰু আৰ্জিত আগ্রহ

উত্তৰঃ (ক) ঐচ্ছিক মনোযোগ ৰু ঐনৈচ্ছিক মনোযোগ : মনোযোগকাৰীৰ ইচ্ছা-অনিচ্ছাৰ ভিত্তিত মনোযোগক এনেধৰণৰ ভাগত ভাগ কৰা হয়। যেতিয়া উদ্দীপনাৰ প্ৰতি ইচ্ছা কৰি মনোযোগ দিয়া হয়, তেতিয়া তাক ঐচ্ছিক মনোযোগ বোলা হয়। যেনে— পৰীক্ষাৰ সময়ত ছাত্ৰই কিতাপত দিয়া মনোযোগ। ইয়াত দৃঢ়তা, ইচ্ছাশক্তিৰ প্ৰয়োজন হয়।


আনহাতে, যেতিয়া উদ্দীপনাৰ তীক্ষ্ণতাৰ বাবে অনিচ্ছা সত্ত্বেও কোনো কামত মনোযোগ দিবলৈ বাধ্য হোৱা যায়, তেতিয়া তাক অনৈচ্ছিক মনোযোগ বোলা হয়। ইয়াত কোনো চেষ্টা, ইচ্ছাশক্তিৰ প্ৰয়োজন নাই। যেনে— উজ্জ্বল পোহৰ অথবা বিকট চিঞৰ আদিৰ প্ৰতি ইচ্ছাকৃতভাৱে মনোযোগ দিয়া নাযায়। 


(খ) সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্রহ [Innate and Acquired interest ] :

সুপ্ত আগ্রহ : ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰ দ্বাৰা সৃষ্ট আগ্রহক সুপ্ত আগ্রহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্রহ, কিশোৰ-কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্রহ এনে সুপ্ত আগ্রহ। এই সুপ্ত আগ্ৰহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্রহ অনৈচ্ছিক বিধৰ হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

আর্জিত আগ্রহ : ব্যক্তিৰ শিক্ষা, অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে। ইয়াকে আর্জিত আগ্রহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্রিয়তাই আগ্রহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আগ্রহো ভিন্ন ভিন্ন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্রহ হৈছে আর্জিত আগ্রহ।



১৭। চমুটোকা লিখা (Write short note)

(ক) মনোযোগৰ বাহ্যিক কাৰণ

উত্তৰঃব্যক্তিমনৰ আভ্যন্তৰীণ অৱস্থাতকৈ বাহ্যিক পৰিবেশৰ বিভিন্ন পৰিস্থিতি বা কাৰকেহে ইয়াত গুৰুত্ব লাভ কৰে। এনে কাৰকসমূহকে বস্তুনিষ্ঠ নিৰ্ধাৰক বোলা হয়। তলত এই বিষয়ে চমু আলোচনা কৰা হ'ল—


i) আকাৰ [Size]: সাধাৰণতে দেখা যায় যে ক্ষুদ্ৰ আকাৰৰ বস্তুতকৈ বৃহৎ আকাৰৰ বস্তুৱে ব্যক্তিৰ মন সহজতে আকর্ষণ কৰে। সেয়েহে পাঠকৰ দৃষ্টি আকর্ষণ কৰিব পৰাকৈ বাতৰি কাকত আদিত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন পৰিবেশন কৰা হয়।

ii) উদ্দীপকৰ তীব্রতা [Intensity of stimulus]: উদ্দীপকৰ তীব্রতাই সকলো লোকৰে দৃষ্টি আকর্ষণ কৰে। তীব্র শব্দ, উজ্জ্বল পোহৰ, উজ্জ্বল ৰং আদিৰ প্ৰতি সহজতে আৰু স্বাভাৱিকতেই মনোযোগ প্রদান কৰা হয়।

iii) নতুনত্ব [Novelty]: নতুন বিষয়, নতুন পৰিবেশৰ প্ৰতি সাধাৰণতেই আমি মনোনিবেশ কৰোঁ। শিশু এটি নতুন খেলা বস্তুৰ প্ৰতি, ছাত্ৰ এজন নতুন কিতাপৰ প্ৰতি বেছি আগ্রহী তথা মনোযোগী হয়।



(খ) সংবেদনাত্মক মনোযোগ

উত্তৰঃইন্দ্ৰিয়যোগে লাভ কৰা প্ৰত্যক্ষ সংবেদন অনুভূতিৰ ফলত যি মনোযোগৰ সৃষ্টি হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। ইয়াত মনোযোগ বাহ্যিক পৰিবেশৰ দ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্রিত হয়। ব্যক্তিমনৰ আভ্যন্তৰীণ দিশসমূহ ইয়াত জড়িত নহয়।


(গ) ঐচ্ছিক মনোযোগ

উত্তৰঃমনোযোগকাৰীৰ ইচ্ছা-অনিচ্ছাৰ ভিত্তিত মনোযোগক এনেধৰণৰ ভাগত ভাগ কৰা হয়। যেতিয়া উদ্দীপনাৰ প্ৰতি ইচ্ছা কৰি মনোযোগ দিয়া হয়, তেতিয়া তাক ঐচ্ছিক মনোযোগ বোলা হয়। যেনে— পৰীক্ষাৰ সময়ত ছাত্ৰই কিতাপত দিয়া মনোযোগ। ইয়াত দৃঢ়তা, ইচ্ছাশক্তিৰ প্ৰয়োজন হয়।


(ঘ) অনৈচ্ছিক মনোযোগ 

উত্তৰঃযেতিয়া উদ্দীপনাৰ তীক্ষ্ণতাৰ বাবে অনিচ্ছা সত্ত্বেও কোনো কামত মনোযোগ দিবলৈ বাধ্য হোৱা যায়, তেতিয়া তাক অনৈচ্ছিক মনোযোগ বোলা হয়। ইয়াত কোনো চেষ্টা, ইচ্ছাশক্তিৰ প্ৰয়োজন নাই। যেনে— উজ্জ্বল পোহৰ অথবা বিকট চিঞৰ আদিৰ প্ৰতি ইচ্ছাকৃতভাৱে মনোযোগ দিয়া নাযায়। 

 (ঙ)  সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্রহ ।

উত্তৰঃ সুপ্ত আগ্রহ : ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰ দ্বাৰা সৃষ্ট আগ্রহক সুপ্ত আগ্রহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্রহ, কিশোৰ-কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্রহ এনে সুপ্ত আগ্রহ। এই সুপ্ত আগ্ৰহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্রহ অনৈচ্ছিক বিধৰ হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

আর্জিত আগ্রহ : ব্যক্তিৰ শিক্ষা, অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে। ইয়াকে আর্জিত আগ্রহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্রিয়তাই আগ্রহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আগ্রহো ভিন্ন ভিন্ন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্রহ হৈছে আর্জিত আগ্রহ।



» প্রশ্নঃ চমু প্রশ্ন (Short Questions ) :

(a) স্মৃতিৰ প্ৰথম চৰ্ত কি?

উত্তৰঃ   শিকনৰ যােগেদি অভিজ্ঞতাক আহৰণ কৰা ।   


(b) প্রত্যভিজ্ঞা কি?

উত্তৰঃঅতীত অভিজ্ঞতাৰ সহায়ত উদ্দিপকৰ বৰ্তমানত বিষয়বস্তুৰ চিনাক্তকৰণ কাৰ্যকেই প্রত্যভিজ্ঞা বোলা হয়।


(d) “বিস্মৃতি --  সচেতন মনৰ এক প্ৰতিৰক্ষা প্ৰক্ৰিয়া” কোনে কৈছিল।

উত্তৰঃ চিগমাণ্ড ফ্ৰয়েডে ।


(c) উত্তম স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ (ক) বিষয়বস্তুৰ সহজ আৰু দ্ৰুত আয়ত্তকৰণ (Easy and rapidity of learning) : প্ৰখৰ স্মৃতি থকা লোকে যিকোনো বস্তু সহজে শিকিব আৰু তাক আয়ত্ত কৰিব পাৰে। এইক্ষেত্ৰত তেওঁৰ কোনো কষ্ট নহয় ৷ আনহাতে, স্মৃতি দুর্বল হোৱা লোকে শিক্ষণীয় বিষয়বস্তু আয়ত্ত কৰোঁতে অধিক চেষ্টা আৰু সময়ৰ প্ৰয়োজন হয়।


(খ) বিষয়বস্তু সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব ঃ ভাল স্মৃতিৰ লোকে সহজে বিষয়বস্তু আয়ত্ত কৰাই নহয়, তাক অধিক সময়ৰ বাবে ধৰি ৰাখিবও পাৰে। বহুতো লোকৰ ক্ষেত্ৰত দেখা যায় যে সহজে শিকা কথা সহজে পাহৰিও যায়।



(e) মনোযোগৰ চৰ্ত দুটা কি কি?

উত্তৰঃনোযোগৰ চৰ্ত দুটা - ব্য়ক্তিনিষ্ঠ চৰ্ত আৰু


(f) ঐচ্ছিক মনোযোগৰ প্ৰকাৰ দুটা কি কি?

উত্তৰঃস্পষ্ট মনোযোগ আৰু অনুমিত মনোযোগ ।


(g) আগ্রহ শব্দটো মূলতে কি ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ(Interest) লেতিন শব্দৰ পৰা উৎপতি হৈছে ।


(h) সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহৰ পাৰ্থক্য লিখা।

উত্তৰঃ সুপ্ত আগ্রহ : ব্যক্তিৰ সহজাত জৈৱিক প্ৰৱণতাবোৰে পৰিবেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰ দ্বাৰা সৃষ্ট আগ্রহক সুপ্ত আগ্রহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্রহ, কিশোৰ-কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্রহ এনে সুপ্ত আগ্রহ। এই সুপ্ত আগ্ৰহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্রহ অনৈচ্ছিক বিধৰ হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

আর্জিত আগ্রহ : ব্যক্তিৰ শিক্ষা, অভিজ্ঞতা, প্রয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহৰ সৃষ্টি কৰে। ইয়াকে আর্জিত আগ্রহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্রিয়তাই আগ্রহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্রিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আগ্রহো ভিন্ন ভিন্ন হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্রহ হৈছে আর্জিত আগ্রহ।



(i) আগ্ৰহৰ তিনিটা উপাদান লিখা।

উত্তৰঃ ১। দৈহিক সুস্থত ।
            ২। বৌদ্ধিক ক্ষমতা ।
           ৩। পৰিৱেশৰ প্ৰভাব ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




PRABAL KONWAR